Assam Jatiya Bidyalay Class 5 History Chapter 8 স্বৰ্গদেউ চুহুংমুং

Assam Jatiya Bidyalay Class 5 History Chapter 8 স্বৰ্গদেউ চুহুংমুং, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 8 স্বৰ্গদেউ চুহুংমুং Class 5 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Apun Dekhor Kotha Chapter 8 স্বৰ্গদেউ চুহুংমুং Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 History Chapter 8 স্বৰ্গদেউ চুহুংমুং provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

স্বৰ্গদেউ চুহুংমুং

Chapter – 8

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। একোটিকৈ বাক্যত উত্তৰ লিখা : 

(ক) কোনগৰাকী আহোম ৰজাৰ দিনৰপৰা আহোম ৰজা সকলক ‘স্বৰ্গদেউ’ বুলি কোৱা হৈছিল ?

উত্তৰ :- চুহুংমুঙৰ দিনৰপৰা আহোম ৰজাসকলক ‘স্বৰ্গদেউ’ বোলা হৈছিল।

(খ) ‘স্বৰ্গদেউ’ শব্দৰ অৰ্থ কি ? 

উত্তৰ :- ‘স্বৰ্গদেউ’ মানে স্বৰ্গৰ দেৱতা।

(গ) আহোমসকলে নিজকে কাৰ বংশধৰ বুলি পৰিচয় দিছিল ?

উত্তৰ :- আহোমসকলে নিজকে লেংদম অৰ্থাৎ স্বৰ্গৰ ৰজা ইন্দ্ৰৰ বংশধৰ বুলি পৰিচয় দিছিল।

(ঘ) ‘স্বৰ্গনাৰায়ণ’ কোনগৰাকী আহোম স্বৰ্গদেউৰ হিন্দু নাম ?

উত্তৰ :- স্বৰ্গদেউ চুহুংমুঙৰ হিন্দু নাম স্বৰ্গনাৰায়ণ। 

(ঙ) ‘বৰপাত্ৰ গোহাঁই’ পদবীধাৰী প্ৰথম গৰাকী ব্যক্তিৰ নাম কি ?

উত্তৰ :- কনচেং বৰপাত্ৰ গোহাঁই।

(চ) প্রথম শদীয়াখোৱা গোহাঁইগৰাকীৰ নাম কি ?

উত্তৰ :- ফ্ৰাচেংমুং বৰগোহাঁই।

(ছ) কোনগৰাকী আহোম স্বৰ্গদেউৰ দিনৰপৰা হিন্দুৰ শকাব্দমতে বছৰ গণনা কৰাৰ নিয়ম আৰম্ভ হয় ?

উত্তৰ :- স্বৰ্গদেউৰ চুহুংমুঙৰ দিনৰপৰা।

(জ) লাক্লি কি ?

উত্তৰ :- লাক্লি হৈছে আহোমৰ বছৰ গণনা কৰা পদ্ধতি।

(ঝ) থাপিত সঞ্চিত মানে কি ? 

উত্তৰ :- থাপিত সঞ্চিত মানে হ’ ল তলতীয়া শাসনকৰ্তা।

(ঞ) কাৰ লগত যুদ্ধত জয়ী হৈ চুহুংমুঙে ৰিকখবান উৎসৱ পাতিছিল ?

উত্তৰ :- চুতীয়া ৰজা নীতিপাল বা চন্দ্ৰনাৰায়ণৰ লগত জয়ী হৈ।

২। চুহুংমুঙক কিয় দিহিঙীয়া ৰজা বুলি কোৱা হয় ?

উত্তৰ :- চুহুংমুঙে ৰজা হৈয়ে আহোম ৰাজ্যৰ ৰাজধানী চৰগুৱাৰপৰা দিহিং নৈৰ পাৰৰ বকতালৈ তুলি নিছিল বাবে তেওঁক ‘দিহিঙীয়া ৰজা’ বুলি কোৱা হৈছিল । আন কোনো কোনোৰমতে আকৌ দিহিঙীয়া ফৈদৰ কোঁৱৰসকলৰ ভিতৰত তেওঁ আটাইতকৈ প্ৰসিদ্ধ আছিল কাৰণে তেওঁক দিহিঙীয়া ৰজা বুলি কোৱা হৈছিল।

৩। মৰিয়াসকল কোন ?

উত্তৰ :- ১৫৩২ খ্ৰীঃত বংগৰ মুছলমান সেনাপতি তুৰ্বকে আহোম ৰাজ্য আক্ৰমণ কৰি পৰাস্ত হয়। তুৰ্বকৰ লগত অহা ভালেমান মুছলমান সেনা আহোমৰ হাতত বন্দী হয় আৰু এওঁলোকক স্বৰ্গদেউ চুহুংমুঙে অসমতে মাটি বাৰী দি সংস্থাপিত কৰে। প্ৰথমতে এওঁলোকক স্বৰ্গদেৱে হাতীৰ ঘাঁহ যোগান ধৰা, খেতি – বাতি কৰা আদি কামৰ দায়িত্ব দিছিল যদিও তেওঁলোকে তাত সফল হ’ব নোৱাৰিলে। পিছলৈ তেওঁলোকে পিতলৰ লোটা, কলহ, চৰিয়া আদি গঢ়ি জীৱিকা নিৰ্বাহ কৰিছিল। এওঁলোকৰ সতি – সন্ততিকে মৰিয়া বুলি কোৱা হয় ।

৪। বৰপাত্ৰ গোহাঁই পদবীৰ কেনেকৈ সৃষ্টি হ’ ল ?

উত্তৰ :- চুহুংমুঙৰ দেউতাক চুপিমফাই তেওঁৰ চমুৱা কুঁৱৰীগৰাকীক কিবা কথাত খং কৰি নগাখুনবাও (মুখিয়াল) কাৰচেঙ্গক দি আহিছিল ৰজাক কৰৰ শোধাবলৈ। কিছুদিন পাছত সন্তানসম্ভৱা কুঁৱৰীয়ে নগা খুনবাওৰ ঘৰতে এটি ল’ৰা সন্তান জন্ম দিয়ে। ল’ৰাটিৰ নাম ৰখা হয় কনচেং। নগাৰ ঘৰত প্ৰতিপালিত হোৱা বাবে তেওঁক ‘নগা কোঁৱৰ’ বুলিও কোৱা হৈছিল। এই নগা কুঁৱৰেই এদিন চুহুংমুঙৰ ৰাজসভালৈ কৰ শোধাবলৈ অহাত সুলক্ষণযুক্ত ল’ৰাটিক দেখি ৰজা মুগ্ধ হয়। আঁতিগুৰি লৈ সকলো কথা গম পোৱাত চুহুংমুঙে বুঢ়াগোহাঁই, বৰগোহাঁইৰ সমকক্ষকৈ ‘বৰপাত্ৰ গোহাঁই’ পদবীৰ সৃষ্টি কৰি কনচেং বা নগা কুঁৱৰক সেই পদবীত অধিষ্ঠিত কৰে।

৫। চমুটোকা লিখা।

(ক) ৰিকখবান উৎসৱ।      

(খ) মূলা গাভৰু।

উত্তৰ :- (ক) ৰিকখবান উৎসৱ : ৰিকখবান উৎসৱ হ’ল কোনো ৰজা যুদ্ধত জয়লাভ কৰাৰ পাছত পতা এটি উৎসৱ। ৰিক মানে আকৌ আগৰ অৱস্থালৈ অনা আৰু খৱান মানে জীৱন। অৰ্থাৎ ৰিকখনৱান মানে অমংগলৰপৰা হাত সাৰি পুনৰ আগৰ মংগলজনক অৱস্থালৈ ঘূৰি অহা।

স্বৰ্গদেউ চুহুংমুঙে এবাৰ বৰ ধুমধামেৰে ৰাজধানীত এই ৰিকখৱান উৎসৱ পাতিছিল। আহোমে যেতিয়া দিচাং আৰু দিখৌ নৈৰ মাজৰ ঠাইখিনিত ৰাজ্য পাতিছিল সেই সময়ত চুতীয়াই উত্তৰে সোৱণশিৰি আৰু দিচাং নৈৰ পূবখণ্ড শাসন কৰিছিল। চুহুংমুঙৰ সময়ত চুতীয়াৰ ৰজা আছিল নীতিপাল বা চন্দ্ৰনাৰায়ণ‌। যুদ্ধ কৰি আহোমে নীতিপালক পৰাস্ত কৰে আৰু চুতীয়া ৰাজ্য নিজৰ দখললৈ আনে। এই চুতীয়া ৰাজ্য দখল কৰাৰ পাছত চুহুংমুঙে ৰিকখৱান উৎসৱ পাতিছিল।

(খ) মূলা গাভৰু : বীৰাঙ্গনা মূলা গাভৰুৰ নাম নুশুনা অসমীয়া সম্ভৱ এজনো নাই। এই মূলা গাভৰু আছিল প্ৰথম শদিয়াখোৱা গোহাঁই ফ্ৰাচেংমুং বৰগোহাঁইৰ ঘৈণীয়েক। চুহুংমুঙৰ ৰাজত্বকালত ১৫৩২ খ্ৰীঃত বংগৰ মুছলমানসকলে সেনাপতি তুৰ্বকৰ নেতৃত্বত আহোম ৰাজ্য আক্ৰমণ কৰে। ফ্ৰাচেংমুং বৰগোহাঁয়ে এই যুদ্ধত পৰম বিক্ৰমেৰে যুঁজি মৃত্যু বৰণ কৰে। স্বামীৰ মৃত্যুৱে স্বাধীনচিতীয়া, দুঃসাহসী ঘৈণীয়েক মূলা গাভৰুৰ অন্তৰত উমি উমি জ্বলি থকা স্বদেশ প্ৰেমৰ জুইকুৰা যেন দাউ দাউকৈ জ্বলাই তুলিলে। ৰণচণ্ডী মূৰ্তি ধৰি মূলা গাভৰুৱে যুদ্ধক্ষেত্ৰলৈ গৈ মুছলমান সেনাৰ লগত যুদ্ধত অৱতীৰ্ণ হ’ল। যুদ্ধৰ কোনো প্ৰশিক্ষণ নোলোৱাকৈ যুদ্ধত অৱতীৰ্ণ হোৱা মূলা গাভৰুৱে তুৰ্বকৰ হাতত মৃত্যুবৰণ কৰে যদিও অৱশেষত, এই যুদ্ধত আহোমৰেই জয় হয়। সাধাৰণ এজনী  গৃহিণী হৈও যুদ্ধক্ষেত্ৰত সাহস, ত্যাগ আৰু স্বদেশ প্ৰেমৰ যি চানেকী মূলা গাভৰুৱে দেখুৱাই থৈ গ’ল তাৰ বাবেই তেওঁৰ নাম অসমৰ ইতিহাসত আজিও জিলিকি আছে আৰু চিৰদিন থাকিব।

৬। চুহুংমুঙৰ ৰাজত্বকালত সংঘটিত হোৱা মুছলমান আক্ৰমণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ :- চুহুংমুঙৰ ৰাজত্বকালত বংগৰ মুছলমাননসকলে ১৫২৭ খ্ৰীঃত পোনপ্ৰথমবাৰৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰে। এই আক্ৰমণত মুছলমান সেনাপতি জনৰ নাম সঠিককৈ নাজানিলেও বুৰঞ্জীত তেওঁক ‘বৰ উজীৰ’ বুলি জনা যায়। যুদ্ধত আহোম সেনাই মুছলমানসকলক পৰাভূত কৰি খেদি পঠায়। কিন্তু বিত মালিক নামৰ  সেনাপতি এজনৰ নেতৃত্বত মুছলমানসকলে পুনৰ আহোমৰ লগত ৰণ কৰে যদিও বিত মালিকো পৰাস্ত হয়। তথাপি আহোম ৰাজ্য জয় কৰাব সপোনে বলীয়া কৰা মুছলমানসকলে আশা এৰি নিদিলে। এইবাৰৰ সেনাপতি হৈ আহে তুৰ্বক। তুৰ্বকৰ লগত হোৱা তয়া-ময়া ৰণত আহোমৰ প্ৰথম শদিয়াখোৱা গোহাঁই ফ্লাচেংমুং বৰগোহাঁই মৃত্যু হয়। ফ্ৰাচেংমুঙৰ মৃত্যুৰ পাছত তেওঁৰ ঘৈণীয়েক মূলা গাভৰুৱে তুৰ্বকৰ লগত ৰণত  নামি মৃত্যুক আঁকোৱালি লয়। অৱশেষত কনচেং বৰপাত্ৰ গোহাঁইৰ হাতত তুৰ্বকৰ মৃত্যু হয় আৰু মুছলমানসকলৰ আহোম ৰাজ্য জয়ৰ সপোন ভাঙি চুড়মাৰ হয়। এইদৰে মুছলমানসকলৰ লগত হোৱা প্ৰথম ৰণত স্বৰ্গদেউ চুহুংমুং জয়ী হয়।

৭। চুহুংমুং বা দিহিঙীয়া ৰজাৰ দিনৰ ঘটনাবিলাকৰ এটা বিৱৰণ দিয়া।

উত্তৰ :- বহুতো ঐতিহাসিকে আহোম স্বৰ্গদেউসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ স্থান দিব খোজা চুহুংমুঙৰ ৰাজত্বকাল অসমৰ ইতিহাসৰ সোণালী যুগ। তেওঁৰ ৰাজত্বকাল ঘটনাৱলীৰ চমু বিৱৰণ এটি তলত দাঙি ধৰা হ’ল।

চুহুংমুঙে ৰজা হৈ হিন্দুমতে নাম লয় ‘স্বৰ্গনাৰায়ণ’। হিন্দুমতে নামলোৱা তেৱেই হৈছে প্ৰথম আহোম ৰজা। তেওঁৰ দিনতেই দিহিঙীয়া, চাৰিঙীয়া, তিপমীয়া আৰু তুংখুঙীয়া এই চাৰিটা কোঁৱৰ ফৈদৰ উৎপত্তি হয়। বুঢ়াগোহাঁই, বৰগোহাঁইৰ পিছত ববপাত্ৰ গোহাঁই নামৰ নতুন মন্ত্ৰী পদবী এটাৰ সৃষ্টি স্বৰ্গদেউ চুহুংমুঙৰ দিনতেই হয়। তদুপৰি শদিয়াখোৱা গোহাঁই আৰু মৰঙ্গীখোৱা গোহাঁই বুলি দুটা নতুন পদবীয়ো তেওঁ সৃষ্টি কৰিছিল।

চুহুংমুঙৰ ৰাজত্বকালৰ সময়ত অসমৰ আদিম অধিবাসী চুতীয়াসকলৰ ৰজা আছিল নীতিপাল বা চন্দ্ৰনাৰায়ণ। যুদ্ধ কবি তেওঁ নীতিপালক পৰাস্ত কৰে আৰু চুতীয়া ৰাজ্য নিজৰ দখললৈ আনে। সেইদৰে কছাৰীসকলোকো পৰাস্ত কৰি কছাৰী ৰজাক আহোমৰ কৰতলীয়া ৰজা পাতে। 

বংগৰ মুছলমানসকলে চুহুংমুঙৰ দিনতেই প্ৰথম আহোম ৰাজ্য আক্ৰমণ কৰে আৰু চুহুংমুঙে তেওঁলোকে পৰাস্ত কৰি আহোম ৰাজ্যৰ গৌৰৱ অক্ষুণ্ণ ৰাখে। এই আক্ৰমণৰ ফলতেই মুছলমানসকলৰপৰা আহোমে পোনপ্ৰথমবাৰৰ বাবে খাৰ-বাৰুদৰ ব্যৱহাৰ শিকে।

ঐক্য সংহতি গড়ি তোলাৰ ক্ষেত্ৰতো চুহুংমুঙৰ উল্লেখযোগ্য অৱদান আছে। উদাহৰণস্বৰূপে তেওঁ মণিপুৰৰ ৰজা, কোচ ৰজা বিশ্বসিংহৰ লগত মিত্ৰতা তথা সদভাৱ স্থাপন কৰাৰ লগতে ভূঞাসকলৰ গাত লোৱা বচোৱাল, টঙালি আৰু হাঁচতিৰ ব্যৱহাৰ শিকি ঐক্য সংহতি ভাবগঢ়ি তুলিছিল।

এইবোৰৰ উপৰিও চুহুংমুঙৰ দিনৰ দুটা অতি গুৰুত্বপূৰ্ণ ঘটনা হৈছে- মানুহ পিয়ল কৰা প্ৰথা প্ৰচলন আৰু চুকাফাৰ দিনৰপৰা প্ৰচলিত ‘লাক্লি’ৰ সলনি হিন্দুৰ শকাব্দমতে বছৰ গণনা কৰা নিয়মৰ প্ৰৱৰ্তন।

ওপৰঞ্চি প্ৰশ্নোত্তৰ

১। টাই ভাষাত ৰজাক কি বুলি কোৱা হৈছিল ?

উত্তৰ :- ‘চাও-ফা’ বুলি কোৱা হৈছিল।

২। প্ৰঃ ‘চাও-ফা’ৰ অর্থ কি ?

উত্তৰ :- ‘চাও’ মানে ৰজা বা সন্মানীয় ব্যক্তি আৰু ‘ফা’ মানে স্বৰ্গ।

৩। ‘চুহুংমুঙ’ৰ অৰ্থ কি ?

উত্তৰ :- ‘ছু’ মানে বাঘ, ‘হু’ মানে বিখ্যাত, ‘মুং’ মানে দেশ। অৰ্থাৎ বিখ্যাত দেশৰ বাঘ।

৪। ৰজা হৈ চুহুংমুঙে আহোম ৰাজ্যৰ ৰাজধানী কৰ পৰা কলৈ তুলি নিছিল ?

উত্তৰ :- চৰগুৱাৰপৰা দিহিং নৈৰ পাৰৰ বকতালৈ তুলি নিছিল।

৫। চুহুংমুঙৰ দিনৰ উৎপত্তি হোৱা কোঁৱৰ ফৈদ কেইটাৰ নাম লিখা।

উত্তৰ :- দিহিঙীয়া, চাৰিঙীয়া, তিপমীয়া আৰু তুংখুঙীয়া।

৬। চুহুংমুঙে সৃষ্টি কৰা নতুন বিষয়া পদবী দুটাৰ নাম লিখা।

উত্তৰ :- শদিয়াখোৱা গোহাঁই আৰু মৰঙ্গীখোৱা গোহাঁই।

৭। মূলা গাভৰুৱে কোন মুছলমান সেনাপতিৰ লগত যুদ্ধ কৰিছিল ?

উত্তৰ :- তুৰ্বকৰ লগত।

৮। তুৰ্বকৰ কাৰ হাতত মৃত্যু হৈছিল ?

উত্তৰ :- কনচেং বৰপাত্ৰ গোহাঁইৰ হাতত।

৯। অসমত মানুহ পিয়ল কৰা প্ৰথা কেতিয়াৰ পৰা আৰম্ভ হয় ?

উত্তৰ :- স্বৰ্গদেউ চুহুংমুঙৰ দিনৰ পৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top