Assam Jatiya Bidyalay Class 5 History Chapter 5 কমতা ৰাজ্য বা কামৰূপ কমতাৰ দুজন বিখ্যাত ৰজা

Assam Jatiya Bidyalay Class 5 History Chapter 5 কমতা ৰাজ্য বা কামৰূপ কমতাৰ দুজন বিখ্যাত ৰজা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 5 কমতা ৰাজ্য বা কামৰূপ কমতাৰ দুজন বিখ্যাত ৰজা Class 5 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Apun Dekhor Kotha Chapter 5 কমতা ৰাজ্য বা কামৰূপ কমতাৰ দুজন বিখ্যাত ৰজা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 History Chapter 5 কমতা ৰাজ্য বা কামৰূপ কমতাৰ দুজন বিখ্যাত ৰজা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

কমতা ৰাজ্য বা কামৰূপ কমতাৰ দুজন বিখ্যাত ৰজা

Chapter – 5

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। (ক) কোন শতিকাৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পশ্চিম অঞ্চলটো কমতা ৰাজ্য নামেৰে জনাজাত আছিল ?

উত্তৰ :- খ্ৰীষ্টীয় তেৰ শতিকাৰ মাজ ভাগৰপৰা প্ৰায় পোন্ধৰ শতিকাৰ আৰম্ভণিলৈকে।

(খ) সন্ধ্যা ৰজাৰ ৰাজত্বকালত কামৰূপ ৰাজ্য আক্ৰমণ কৰা বংগৰ শাসনকৰ্তাজনৰ নাম কি লিখা।

উত্তৰ :- ইখতিয়াৰ উদ্দিন মালিক তুম্ৰিল খাঁ।

(গ) সন্ধ্যা ৰজাই কি উপাধি গ্ৰহণ কৰিছিল ?

উত্তৰ :- ‘গৌড়েশ্বৰ’ উপাধি গ্ৰহণ কৰিছিল।

(ঘ) কমতা ৰাজ্যৰ আটাইতকৈ বিখ্যাত ৰজাজনৰ নাম কি আছিল ?

উত্তৰ :- কমতা ৰাজ্যৰ আটাইতকৈ বিখ্যাত ৰজাজন আছিল দুৰ্লভনাৰায়ণ।

(ঙ) চণ্ডীবৰ ভূঞাৰ বংশত জন্মলাভ কৰা মহান ব্যক্তিজন কোন আছিল ?

উত্তৰ :- মহাপুৰুষ শংকৰদেৱ।

২। দুৰ্লভনাৰায়ণৰ ৰাজত্বকালৰ দুজন বিখ্যাত সাহিত্যিকৰ নাম লিখা।

উত্তৰ :- হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰ।

৩। হেম সৰস্বতীয়ে অসমীয়া ভাষালৈ অনুবাদ কৰা দুখন পুথিৰ নাম লিখা।

উত্তৰ :- ‘প্ৰহ্লাদ চৰিত্ৰ’ আৰু ‘হৰগৌৰী সংবাদ’।

৪। দুৰ্লভনাৰায়ণৰ ৰাজত্বকালত হোৱা অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ বিষয়ে লিখা।

উত্তৰ :- দুৰ্লভনাৰায়ণ এগৰাকী বিদ্যানুৰাগী ৰজা আছিল। তেওঁৰ সময়ৰপৰাই অসমীয়া কথিত ভাষা, সাহিত্যৰ ভাষা হিচাবে প্ৰতিষ্ঠিত হ’বলৈ আৰম্ভ কৰে। দুৰ্লভনাৰায়ণৰ দিনৰ তিনিজন বিখ্যাত সাহিত্যিক হ’ল হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰিহৰ বিপ্ৰ। দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতাত তেওঁলোকে মহাভাৰত, পুৰাণ আদিৰ আখ্যান কিছুমান সংস্কৃত ভাষাৰ পৰা পুৰণি অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। হেম সৰস্বতীয়ে ‘প্ৰহ্লাদ চৰিত্ৰ’ আৰু ‘হৰগৌৰী সংবাদ’ নামৰ পুথি অসমীয়ালৈ ভাঙিছিল।

সাহিত্য চৰ্চাৰ বাবে এটা উৎসাহ উদ্দীপনাময় পৰিৱেশৰ সৃষ্টি কৰি, দুৰ্লভনাৰায়ণে সমসাময়িক কবি সাহিত্যিকসকলৰপৰা উচ্চ সন্মান লাভ কৰিছিল। অসমৰ কথিত ভাষাক সাহিত্যৰ ভাষা হিচাবে প্ৰতিষ্ঠা কৰাত আগভাগ লোৱা, সংস্কৃত ভাষাৰপৰা অসমীয়া ভাষালৈ বিভিন্ন পুথি অনুবাদ কৰাত পৃষ্ঠপোষকতা কৰা দুৰ্লভনাৰায়ণে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ বাবে যিখিনি কৰি গৈছে, তাৰ বাবে অসমৰ জনসাধাৰণ চিৰদিন কৃতজ্ঞ হৈ থাকিব।

৫। সন্ধ্যা ৰজাৰ ৰাজত্বকালত বংগৰ মুছলমানসকলে কামৰূপ ৰাজ্য আক্ৰমণ কৰা ঘটনাটো বুজাই লিখা।

উত্তৰ :- সন্ধ্যা ৰজাৰ ৰাজত্বকালত ১২৫৭ খ্ৰীষ্টাব্দত বংগৰ শাসনকৰ্তা ইখতিয়াৰ উদ্দিন মালিক তুঘ্ৰিল খাঁই কামৰূপ ৰাজ্য আক্ৰমণ কৰি ইয়াৰ ৰাজধানী ‘কামৰূপ নগৰ’ দখল কৰিছিল। যুদ্ধত পৰাজিত হৈ সন্ধ্যা ৰজাই পলাই গৈ কাষৰীয়া পাহাৰত আশ্ৰয় ললেগৈ। পিছে অলপ দিনৰ ভিতৰতে অসমৰ জলবায়ুৱে তেওঁক নিজ ৰাজ্য উদ্ধাৰ কৰাত সহায় কৰিলে। ৰাজধানী কামৰূপ নগৰত বাৰিষাৰ পানী সোমাব নোৱাৰাকৈ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ বান্ধি থোৱা আছিল। এই পানীকে অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰি ভৰ বাৰিষা আৰম্ভ হোৱাৰ লগে লগে সন্ধ্যা ৰজাই সেনাবাহিনীৰ সৈতে পাহাৰৰ পৰা নামি আহিল। তেওঁলোকে ছেগ বুজি ফেনে ফোটোকাৰে উপচি থকা ব্ৰহ্মপুত্ৰৰ বান্ধ কাটি দিলে। বান্ধৰ কটা যোৱা অংশইদি নদীৰ বাঢ়নী পানী হো-হোৱাই সোমাই আহিল আৰু নিমিষতে কামৰূপ নগৰ বুৰাই পেলালে।

এনে আকস্মিক বিপদত মুছলমানসকলে অসহায় অৱস্থাত পৰিল আৰু সেই ছেগতে কামৰূপী সৈন্যই তেওঁলোকক চাৰিওফালৰপৰা ঘেৰি ধৰি আক্ৰমণ কৰিলে। যুদ্ধত মুছলমানসকল বেয়াকৈ হাৰিল আৰু সন্ধ্যা ৰজাই নিজ ৰাজ্য পুনৰ উদ্ধাৰ কৰিলে। যুদ্ধত বেয়াকৈ আঘাত পোৱা মুছলমান শাসনকৰ্তাজনৰ যুদ্ধৰ কিছুদিন পিছতেই মৃত্যু হয়।

ওপৰঞ্চি প্ৰশ্নোত্তৰ

১। কিমান খ্ৰীষ্টাব্দত বংগৰ শাসনকৰ্তা ইখতিয়াৰ উদ্দিন মালিক তুঘ্ৰিল খাঁই কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল ?

উত্তৰ :- ১২৫৭ খ্ৰীষ্টাব্দত।

২। কেতিয়াৰপৰা কামৰূপ ৰাজ্যৰ নাম ‘কমতা ৰাজ্য’ বা ‘কামৰূপ কমতা’ হিচাবে পৰিচিত হৈছিল ?

উত্তৰ :- ১২৬০ খ্ৰীষ্টাব্দত সন্ধ্যা ৰজাই কামৰূপ ৰাজ্যৰ ৰাজধানী ‘কামৰূপ নগৰ’ৰ পৰা পশ্চিমৰ কমতাপুৰলৈ তুলি নিয়া সময়ৰ পৰা।

৩। কমতা ৰাজ্যৰ ৰজাসকলে কি উপাধি লৈছিল ?

উত্তৰ :- কমতা ৰাজ্যৰ ৰজাসকলে ‘কমতেশ্বৰ’, ‘গৌড়েশ্বৰ’ আদি উপাধি লৈছিল।

৪। ধৰ্মনাৰায়ণে কমতা ৰাজ্যলৈ পঠিওৱা সাতঘৰ কায়স্থ আৰু সাতঘৰ ব্ৰাহ্মণৰ আচল ঘৰ ক’ত আছিল ?

উত্তৰ :- প্ৰাচীন মগধ ৰাজ্যৰ ৰাজধানী কনৌজত।

৫। দুৰ্লভনাৰায়ণে কনৌজৰ পৰা অহা পৰিয়াল কেইটাৰ কাক ‘শিৰোমণি ভূঞা’ পাতিছিল ?

উত্তৰ :- চণ্ডীবৰক।

1 thought on “Assam Jatiya Bidyalay Class 5 History Chapter 5 কমতা ৰাজ্য বা কামৰূপ কমতাৰ দুজন বিখ্যাত ৰজা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top