Assam Jatiya Bidyalay Class 5 History Chapter 3 প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰখ্যাত ৰজাসকল

Assam Jatiya Bidyalay Class 5 History Chapter 3 প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰখ্যাত ৰজাসকল, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 3 প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰখ্যাত ৰজাসকল Class 5 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Apun Dekhor Kotha Chapter 3 প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰখ্যাত ৰজাসকল Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 History Chapter 3 প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰখ্যাত ৰজাসকল provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰখ্যাত ৰজাসকল

Chapter – 3

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। মহীৰংগ দানৱৰ সময়ত অসমৰ নাম কি আছিল ?

উত্তৰ :- মহীৰংগ দানৱৰ সময়ত অসমৰ নাম প্ৰাগজ্যোতিষ ৰাজ্য আছিল।

২। কিৰাত সকল কি জাতিৰ লোক আছিল ?

উত্তৰ :- কিৰাত সকল অনাৰ্য জাতিৰ লোক আছিল।

৩। কিৰাতসকলক কি নামেৰে জনা গৈছিল ?

উত্তৰ :- কিৰাতসকলক ম্লেচ্ছ নামেৰে জনা গৈছিল। অহিন্দু সকলক ম্লেচ্ছ বোলা হৈছিল।

৪। পৌৰাণিক আখ্যানমতে নৰকৰ পিতৃ কোন আছিল ?

উত্তৰ :- পৌৰাণিক আখ্যানমতে বৰাহৰূপী বিষ্ণু নৰকৰ পিতৃ আছিল।

৫। ভগদত্তৰ জীয়েক ভানুমতীক কোনে বিয়া কৰাইছিল ?

উত্তৰ :- ভগদত্তৰ জীয়েক ভানুমতীক কৌৰৱৰজা দুৰ্যোধনে বিয়া কৰাইছিল।

৬। বৰ্তমান অসমৰ কোন বিলাক কেন্দ্ৰ কৰি বাণৰজাৰ ৰাজ্য আছিল ?

উত্তৰ :- দৰং জিলাকে কেন্দ্ৰ কৰি।

৭। বাণৰজাৰ জীয়েক উষাৰ বান্ধৱীগৰাকীৰ নাম কি আছিল ?

উত্তৰ :- উষাৰ বান্ধৱীগৰাকীৰ নাম আছিল চিত্ৰলেখা।

৮। অনিৰুদ্ধ কোঁৱৰ কাৰ নাতিয়েক আছিল ?

উত্তৰ :- অনিৰুদ্ধ কোঁৱৰ শ্ৰীকৃষ্ণৰ নাতিয়েক আছিল।

৯। ঘটোৎকচ কোন ৰাজ্যৰ ৰজা আছিল ?

উত্তৰ :- ঘটোৎকচ প্ৰাচীন হিড়িম্বাপুৰৰ ৰাজ্যৰ ৰজা আছিল। হিড়িম্বাপুৰৰ বৰ্তমান নাম ডিমাপুৰ।

১০। বব্ৰুবাহন কাৰ পুত্ৰ আছিল ?

উত্তৰ :- বব্ৰুবাহন তৃতীয় পাণ্ডৱ অৰ্জুন আৰু চিত্ৰাংগদাৰ পুত্ৰ আছিল।

১১। ৰজা ভগদত্তই কি কাৰণত দীঘলীপুখুৰী খন্দাইছিল ?

উত্তৰ :- ভগদত্তৰ জীয়েকৰ নাম আছিল ভানুমতী। ভানুমতীক তেওঁ কৌৰৱৰাজ দুৰ্যোধনলৈ বিয়া দিয়ে। প্ৰবাদ আছে যে জীয়েক ভানুমতীৰ সয়ম্বৰ উপলক্ষে পানী তুলিবলৈ ৰজা ভগদত্তই দীঘলী পুখুৰীটো খন্দাইছিল।

১২। পৃথিৱীৰ চাৰিটা প্ৰাচীন সভ্যতাৰ নাম লিখা।

উত্তৰ :- অধ্যায় ১ৰ ২নং প্ৰশ্নৰ উত্তৰ চালে হ’ব।

১৩। নৰকাসুৰ আৰু ভগদত্তৰ ৰাজত্বকালত অসমৰ সীমা কি আছিল লিখা।

উত্তৰ :- নৰকাসুৰ আৰু ভগদত্তৰ ৰাজত্বকালত অসমৰ আয়তন বৰ বহল আছিল। কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ আদি পুথিত সেই সময়ৰ অসমৰ সীমা দক্ষিণে সাগৰ, পশ্চিমে কৰতোৱা নদী, উত্তৰে হিমালয় পৰ্বত আৰু পূৱে দিকৰাই নৈ বুলি উল্লেখ আছে। চীনৰ কিছু অংশ, নেপাল, ভূটান আদি সেই সময়ৰ অসম ৰাজ্যৰ ভিতৰুৱা আছিল বুলি জনা যায়।

১৪। ৰজা ভগদত্তৰ বিষয়ে বহলাই লিখা।

উত্তৰ :- নৰক ৰজাৰ পুত্ৰ ভগদত্ত ভাৰতৰ ভিতৰত এজন বিখ্যাত ৰজা আছিল। তেওঁ তেওঁৰ জীয়েক ভানুমতীক কৌৰৱৰজা দুৰ্যোধনলৈ বিয়া দিয়ে। কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই জোঁৱায়েক দুৰ্যোধনৰ ফলীয়া হৈ ৰণ কৰে। তেওঁ চীন আৰু কিৰাত সৈন্য সহ লগত বহু হাতী লৈ এই যুদ্ধত যোগ দিয়ে। সেই সময়ত ৰজা ভগদত্ত বুঢ়া। তেওঁৰ চকুৰ ভ্ৰূ ওলমি পৰাত পাটৰ কাপোৰৰ সৰু পটিৰে সেই ভ্ৰূ বান্ধিলৈ তেওঁ হাতীৰ ওপৰৰ পৰা ৰণ কৰিছিল। ভগদত্তৰ ৰণ নৈপুণ্যত পাণ্ডৱ সেনা বৰ বিমোৰত পৰে। অৱশেষত শ্ৰীকৃষ্ণৰ ইংগিত মতে অৰ্জুনে কাঁড় মাৰি তেওঁৰ ভ্ৰূৰ পটি কাটি দিয়ে আৰু ভ্ৰূ ওলমি পৰি চকু ঢাকি ধৰাত তেওঁ দৃষ্টিহীন হয়। তেতিয়া অৰ্জুনে তেওঁক বধ কৰে।

১৫। উষা আৰু অনিৰুদ্ধৰ বিবাহৰ কাহিনীটো নিজৰ ভাষাৰে লিখা।

উত্তৰ :- উষা আছিল বাণ ৰজাৰ একমাত্ৰ জীয়েক। উষাৰ সখীয়েকৰ নাম আছিল চিত্ৰলেখা। অগ্নিগড়ৰ ভিতৰত আৱদ্ধ উষাই এদিন সপোনত এজন ধুনীয়া কোঁৱৰ দেখি মুগ্ধ হ’ল আৰু সপোনতে তেওঁক স্বামী কৰিলে। সাৰ পাই উঠি উষাই সপোন-কোঁৱৰক পাবলৈ ব্যাকুল হ’ল। এই সপোন কোঁৱৰজন হৈছে শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধ কোঁৱৰ। উষাৰ সখীয়েক চিত্ৰলেখাই হৰণ লুকি নামৰ মায়াৰ বলত দ্বাৰকালৈ গৈ অনিৰুদ্ধ কোঁৱৰক আনিলে আৰু তেওঁৰ লগত উষাক বিয়া দিলে। পাছত বাণে সকলো কথা জানিব পাৰি অনিৰুদ্ধ কোঁৱৰক বন্দী কৰি থলে। এই খবৰ পাই শ্ৰীকৃষ্ণই সৈন্য সামন্ত লৈ বাণৰ ৰাজ্য আক্ৰমণ কৰে আৰু এই যুদ্ধত বাণৰ পৰাজয় হয়। অৱশেষত বাণে অনিৰুদ্ধক মুকলি কৰি দি উষাক তেওঁৰ হাতত সমপৰ্ণ  কৰে।

১৬। চমুটোকা লিখা –

(ক) ঘটোৎকচ।

(খ) বব্ৰুবাহন।

উত্তৰ :- (ক) ঘটোৎকচ :- ঘটোৎকচ প্ৰাচীন হিড়িম্বাপুৰৰ ৰজা আছিল। দ্বিতীয় পাণ্ডৱ ভীমে প্ৰাচীন অসমৰ এগৰাকী কন্যা হিড়িম্বাকে বিয়া কৰাইছিল। ঘটোৎকচ এই হিড়িম্বা আৰু ভীমৰ পুত্ৰ। ঘটোৎকচ এজন বীৰ আছিল আৰু কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱৰ ফলীয়া হৈ যুদ্ধ কৰিছিল। যুদ্ধত কৌৰৱপক্ষই তেওঁক কোনোমতে বলে নোৱাৰাত অসহায় অৱস্থাত পৰে আৰু অৱশেষত বীৰ শ্ৰেষ্ঠ কৰ্ণই একাগ্নি‌ বাণ মাৰি ঘটোৎকচক বধ কৰে। অসমৰ বড়ো জাতিৰ লোক সকলে নিজকে ঘটোৎকচৰ বংশধৰ বুলি কয়।

(খ) বব্ৰুবাহন :- তৃতীয় পাণ্ডৱ অৰ্জুনে নিৰ্বাসন কালত মণিপুৰৰ ৰাজকুমাৰী চিত্ৰাংগদাক বিয়া কৰায়। বব্ৰুবাহন আছিল অৰ্জন আৰু চিত্ৰাংগদাৰ পুত্ৰ। বব্ৰুবাহনে যুদ্ধ বিদ্যাত পাৰ্গত আছিল। এবাৰ পাণ্ডৱ অশ্বমেধ যজ্ঞ কৰি মেলি দিয়া ঘোঁৰাটো বব্ৰুবাহনে ধৰি ৰাখিছিল। ঘোঁৰাটোৰ ৰক্ষক হৈ লগে লগে অহা উৰ্জুনে ঘোঁৰা মোকলাবলৈ বব্ৰুবাহনৰ সৈতে যুজঁ দিয়ে। পিতা-পুত্ৰৰ এই ৰণত বব্ৰুবাহনে পিতাক অৰ্জনক পৰাজিত কৰিছিল। শৰবিদ্ধ হৈ অৰ্জুনৰ মৃত্যু হোৱাত বব্ৰুবাহনে দেউতাকৰ বুকুত মৃত সঞ্জীৱনী মণি থৈ জীয়াই তুলিছিল।

১৭। ৰজা নৰকৰ ৰাজত্বকালৰ বিষয়ে বুজাই লিখা।

উত্তৰ :- কামৰূপ ৰাজ্যৰ ৰজা নৰক বৰ প্ৰখ্যাত আৰু পৰাক্ৰমী ৰজা আছিল। তেওঁ পোনতে বিষ্ণুৰ পৰম ভক্ত আছিল আৰু বৰ ভালকৈ ৰাজ্য শাসন কৰিছিল। প্ৰাগজ্যোতিষপুৰ নগৰখন এওঁ সুৰক্ষিত কৰি সজাই তুলিছিল। নীলাচল পাহাৰৰ ওপৰত অৱস্থিত ভাৰতবৰ্ষৰ এখন বিখ্যাত তীৰ্থস্থান কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে এৱেই সজায়। কিংবদন্তী অনুসৰি কামাখ্যা মন্দিৰলৈ উঠি যোৱা বাট, খটখটি আৰু পুখুৰী ৰজা নৰকৰ ৰাজত্বকালতে হোৱা বুলি জনা যায়।

ৰাজত্বকালৰ শেষ ফালৰ সময়চোৱাত ৰজা নৰক আগৰদৰে হৈ নাথাকিলে। কামাখ্যা দেৱীৰ আশীৰ্বাদৰপৰা বঞ্চিত হৈ নৰকে লাহে লাহে কাকো কেৰেপ নকৰা আৰু ব্যভিচাৰী হৈ উঠিছিল। আনকি তেওঁ দেৱৰাজ ইন্দ্ৰৰ মাকে অদিতিৰ কাণৰ অলংকাৰ চুৰ কৰা বুলিও জনা যায়।

এনেদৰে ভাল আৰু বেয়া কাৰ্যৰ মাজেৰে ৰজা নৰকৰ ৰাজত্বকাল পাৰ হৈছিল। কামাখ্যা পাহাৰলৈ উঠি যোৱা ‘নৰকাসুৰৰ আলি’ আৰু গুৱাহাটীত থকা নৰকাসুৰ পাহাৰে আজিও আমাক ৰজা নৰকৰ ৰাজত্বকালৰ কথা সোঁৱৰাই দিয়ে।

১৮। ভীষ্মক ৰজাৰ ৰাজত্বকালত হোৱা শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী দেৱীৰ বিবাহৰ কাহিনীটোৰ বহলাই লিখা।

উত্তৰ :- ৰুক্মিণী দেৱী আছিল কুণ্ডিল ৰাজ্যৰ ৰজা ভীষ্মকৰ কন্যা। দ্বাৰকাৰ পতি শ্ৰীকৃষ্ণৰ ৰূপ লাৱণ্য আৰু মহিমাৰ কথা শুনি ৰুক্মিণীয়ে তেওঁক স্বামী হিচাবে পাবলৈ ইচ্ছা কৰিছিল। কিন্তু ককায়েক ৰুক্মিবীৰে তেওঁক ৰজা শিশুপালতহে বিয়া দিবলৈ স্থিৰ কৰিছিল। ৰুক্মিণীয়ে সকলো কথা জনাই বেদনিধি নামৰ ব্ৰাহ্মণ এজনক শ্ৰীকৃষ্ণৰ ওচৰলৈ পঠিয়াই দিলে। শ্ৰীকৃষ্ণই ৰথ লৈ ততালিকে কুণ্ডিল নগৰ পালে আৰু ছেগ চাই ৰুক্মিণীক ৰথত তুলি লৈ দ্বাৰকাৰ ফালে যাত্ৰা কৰিলে। ৰুক্মিণীৰ ককায়েক ৰুক্মবীৰ আছিল মহা মদগৰ্বী। তেওঁ শ্ৰীকৃষ্ণৰ কাৰ্য দেখি খঙত জ্বলি-পকি উঠিল আৰু শিশুপালৰ সৈতে গৈ শ্ৰীকৃষ্ণক আগচি ধৰি যুদ্ধত লিপ্ত হ’ল। কিন্তু যুদ্ধত ৰুক্মিবীৰ পৰাস্ত হ’ল। শ্ৰীকৃষ্ণই ৰুক্মিণী দেৱীক লৈ দ্বাৰকা পালেগৈ আৰু তাতে তেওঁলোকৰ বিবাহ কাৰ্য সম্পন্ন হ’ল।

[su_highlight background=”#1108e3″ color=”#ffffff”]ওপৰঞ্চি প্ৰশ্নোত্তৰ[/su_highlight]

১। ৰজাজনকে যজ্ঞভূমিত পোৱা কেঁচুৱা ল’ৰাটিৰ নাম কিয় নৰক ৰাখিছিল ?

উত্তৰ :- জনক ৰজাই যজ্ঞভূমিত ল’ৰাটি পোৱা সময়ত ল’ৰাটিয়ে এটা মানুহৰ লাওখোলাত মূৰ দি পৰি আছিল বাবে তাৰ নাম ‘নৰক’ ৰাখিছিল।

২। নৰকে প্ৰতিষ্ঠা কৰা ৰাজবংশটোক কি বুলি জনা যায় ?

উত্তৰ :- নৰকে প্ৰতিষ্ঠা কৰা ৰাজবংশটোক ভৌম বংশ বুলি জনা যায়।

৩। ৰুক্মিণী হৰণ কাব্য আৰু ৰুক্মিণী হৰণ নাট কোনে ৰচনা কৰিছিল ?

উত্তৰ :- মহাপুৰুষ শংকৰদেৱে।

৪। উষা হৰণৰ কাহিনীৰ অৱলম্বনত ৰচনা কৰা কাব্য পুথি দুখনৰ নাম কি ?

উত্তৰ :- উষা হৰণৰ কাহিনীৰ অৱলম্বনত ৰচনা কৰা কাব্যপুথি দুখন হৈছে চন্দ্ৰভাৰতীৰ কুমৰ হৰণ আৰু পীতাম্বৰৰ উষা পৰিণয়।

৫। চমুটোকা লিখা- 

(ক) হৰিহৰৰ যুদ্ধ। 

(খ) অশ্বক্লান্ত।

উত্তৰ :- (ক) হৰিহৰৰ যুদ্ধ :- বান ৰজাই তেওঁৰ জীয়ৰী উষা আৰু শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধ কোঁৱৰৰ মাজত অগ্নিগড়ৰ ভিতৰতে গোপনে বিবাহকাৰ্য সম্পন্ন হোৱা জানিব পাৰি খঙতে অনিৰুদ্ধ কোঁৱৰক বন্দী কৰি থৈছিল। নাতিয়েকক বন্দী কৰি থোৱা খবৰ পাই শ্ৰীকৃষ্ণ সৈন্য-সামন্ত লৈ বানৰ ৰাজ্য আক্ৰমণ কৰিলে। শ্ৰীকৃষ্ণ আৰু বাণৰ মাজত তয়া-ময়া ৰণ লাগিল। বান ৰজা মহাদেৱৰ পৰম ভক্ত আছিল। সেয়েহে ভক্ত বানৰ পক্ষ লৈ স্বয়ং মহাদেৱে শ্ৰীকৃষ্ণৰ বিৰুদ্ধে ৰণত নামি পৰিল। কিন্তু তথাপি যুদ্ধত বানৰেই পৰাজয় ঘটিল আৰু তেওঁ উষাক অনিৰুদ্ধৰ হাতত সমৰ্পন কৰিলে। শ্ৰীকৃষ্ণৰ আন এটা নাম ‘হৰি’ আৰু মহাদেৱৰ আন এটা নাম ‘হৰ’। যিহেতু শ্ৰীকৃষ্ণ আৰু বানৰ মাজত লগা যুজঁখনত মহাদেৱে শ্ৰীকৃষ্ণৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, সেইবাবে এই যুদ্ধখনক ‘হৰিহৰৰ যুদ্ধ’ বুলিও কোৱা হয়।

(খ) অশ্বক্লান্ত :- ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে উত্তৰ গুৱাহাটীত অশ্বক্লান্ত নামৰ তীৰ্থস্থানখন অৱস্থিত। ই হিন্দুসকলৰ অতি পৱিত্ৰ আৰু প্রাচীন তীৰ্থস্থান। প্ৰতিদিনে এই তীৰ্থক্ষেত্ৰলৈ ভক্তৰ আগমন ঘটে যদিও অশোকাষ্টমী, শিৱৰাত্রি আদিৰ দৰে বিশেষ পুণ্য তিথিত ইয়াত ভক্তৰ যথেষ্ট ভীৰ হয়। কুণ্ডিলৰ ৰজা ভীষ্মকৰ কন্যা ৰুক্মিণী দেৱীক হৰণ কৰি দ্বাৰকালৈ যাওঁতে শ্ৰীকৃষ্ণই এই অশ্বক্লান্তত জিৰাইছিল বুলি মানুহে কয়। বহুতে আকৌ এই জিৰোৱা ঘটনাটো শ্ৰীকৃষ্ণই নৰকক বধ কৰিবলৈ আহোঁতেহে হোৱা বুলি কয়। অশ্বক্লান্ত মন্দিৰৰ নামনিত পানী-জুঁৱলিত থকা শিলবোৰত ঘোঁৰাৰ খোজৰ নিচিনা অসংখ্য সৰু সৰু গাঁত দেখা যায়, সেইবোৰক শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰাৰ খোজৰ চিন বুলি মানুহে বিশ্বাস কৰে। ইতিহাসত এইবোৰ কথাৰ নিশ্চিত প্ৰমাণ পোৱা নাযায়।

৬। ‘নৰকাসুৰৰ আলি’-নিৰ্মাণৰ লগত জৰিত কিংবদন্তীটো নিজৰ ভাষাত লিখা।

উত্তৰ :- ‘নৰকাসুৰৰ আলি’-নিৰ্মাণৰ লগত জৰিত কিংবদন্তীটো হৈছে এদিনাখন ৰজা নৰকে কামাখ্যা দেৱীক বিয়াৰ প্ৰস্তাৱ দিলে। তেতিয়া দেৱীয়ে কলে যে নৰকে যদি দেৱীৰ মন্দিৰলৈকে উঠা বাট, খটখটি নিৰ্মাণ আৰু পুখুৰী খন্দা কাম একে ৰাতিৰ ভিতৰতে কৰিব পাৰে তেনেহলে তেওঁ নৰকৰ প্ৰস্তাৱ মানি ল’ব পাৰে। মহা পৰাক্ৰমী নৰকে এটা ৰাতিৰ ভিতৰতে তিনিওটা কাম প্ৰায় শেষ কৰিলে। এই কাৰ্য দেখি দেৱীয়ে ছল কৰি ৰাতি নৌ পুৱাওতেই এটা কুকুৰাৰ হতুৱাই ডাক দিয়াই ৰাতি পুৱাৰ জাননী দিলে। কুকুৰাৰ ডাক শুনি নৰকৰ বৰ খং উঠিল আৰু কুকুৰাটোক মাৰিবলৈ পিছে পিছে খেদি গ’ল। তেনেকৈ খেদি নি নি ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ এডোখৰ ঠাইত কুকুৰাটোক তেওঁ কাটিলে। কিন্তু সেই সময়তে ৰাতিও পুৱাল, গতিকে নৰক ৰজাৰ কাম সমাপ্ত নহ’ল। নৰক ৰজাই কুকুৰাটোক কটা ঠাই ডোখৰকে হেনো আজিকালি কুকুৰাকটা চকী বোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top