Assam Jatiya Bidyalay Class 5 History Chapter 10 মোমাই তামুলী বৰবৰুৱা

Assam Jatiya Bidyalay Class 5 History Chapter 10 মোমাই তামুলী বৰবৰুৱা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 10 মোমাই তামুলী বৰবৰুৱা Class 5 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Apun Dekhor Kotha Chapter 10 মোমাই তামুলী বৰবৰুৱা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 History Chapter 10 মোমাই তামুলী বৰবৰুৱা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মোমাই তামুলী বৰবৰুৱা

Chapter – 10

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। চমু উত্তৰ লিখা।

(ক) আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা কোন আছিল ?

উত্তৰ :- মোমাই তামুলী বৰবৰুৱা।

(খ) কোনজন আহোম ৰজাই বৰবৰুৱা পদবীটো সৃষ্টি কৰিছিল ?

উত্তৰ :- স্বৰ্গদেউ প্ৰতাপসিংহই।

(গ) মোমাই তামুলী আহোমৰ কোনটো ফৈদৰ লোক আছিল ?

উত্তৰ :- লুখুৰাসনীয়া ফৈদৰ লোক আছিল।

(ঘ) ল’ৰালি কালত মোমাই তামুলীক কি নামেৰে জনা গৈছিল ?

উত্তৰ :- শুকুতি নামেৰে।

(ঙ) মোমাই তামুলীক প্ৰতাপসিংহই প্ৰথমে কি পদবী দিছিল ?

উত্তৰ :- তিপমীয়া ৰাজখোৱা পদবী দিছিল।

২। খেল প্ৰথা মানে কি ?

উত্তৰ :- একো একোটা গোষ্ঠীৰ মানুহক একো একোটা খেলৰ অন্তৰ্ভূক্ত কৰা প্ৰথাটোৱে হৈছে খেল প্ৰথা। মোমাই তামুলীয়ে অসমৰ গাওঁবিলাক পুনৰ গঠন কৰি সকলো প্ৰজাকে একো একোটা খেলত ভাগ কৰি দিছিল। যেনে – সোণাৰি খেল কমাৰ খেল, কুমাৰ খেল ইত্যাদি।

৩। পঁচা প্ৰথা মানে কি ?

উত্তৰ :- পৰ্বতীয়া জনজাতিসকলৰ লগত ভৈয়ামবাসীৰ সম্বন্ধ ভাল কৰাৰ বাবে মোমাই তামুলীয়ে যি প্ৰথাৰ প্ৰচলন কৰিছিল, সেইটোকে পঁচা প্ৰথা বুলি কোৱা হয়। অতি বিচক্ষণ ৰাজনীতিজ্ঞ মোমাই তামুলীয়ে চুবুৰীয়া বা সীমামূৰীয়া জনজাতীয় ৰাজ্যৰ প্ৰজাসকলে যাতে আহি আহোম ৰাজ্যত উৎপাত বা উপদ্ৰৱ কৰিব নোৱাৰে তাৰ বাবে এই প্ৰথাৰ জৰিয়তে তেওঁ সেইবিলাকৰ লগত ভাল সম্বন্ধ গঢ়ি তুলিছিল।

৪। মোমাই তামুলী বৰবৰুৱাই মুনিহ আৰু তিৰোতাৰ বাবে কেনেদৰে দৈনিক কামৰ ভাগ কৰিছিল ?

উত্তৰ :- মোমাই তামুলীয়ে মুনিহ আৰু তিৰোতাৰ বাবে কামৰ ভাগ কৰি দিছিল। তেওঁ দৈনিক কামৰ ভাগ এনেদৰে কৰিছিল। প্ৰতিদিনে সন্ধিয়া ভাত হোৱাৰ পৰলৈকে প্ৰতিজন মুনিহে এখনকৈ ডলা, কুলা বা চালনী সাজিব লাগিব আৰু প্ৰতিজনী তিৰোতাই কমেও চাৰিটাকৈ সূতালাহি কাটিব লাগিব।

৫। মোমাই তামুলী বৰবৰুৱাই কেনেদৰে পাইক প্ৰথাৰ সংস্কাৰ সাধন কৰিছিল লিখা ।

উত্তৰ :- পাইক প্ৰথাক আহোম প্ৰশাসনৰ ৰাজহাড়স্বৰূপ বুলি কোৱা হয় । পূৰ্বতে চাৰিজন পাইকেৰে একোটা গোট গঠন হৈছিল । কিন্তু মোমাই তামুলী বৰবৰুৱাই পূৰ্বৰ প্ৰথাৰ সংস্কাৰ কৰি নিয়ম কৰিছিল যে চাৰিজনৰ সলনি তিনিজন পাইকেৰেহে একোটা গোট গঠন হ’ব। তিনিজন পাইকক ক্ৰমে মূল, দেৱাল আৰু তেৱাল এইদৰে চিন ৰখা হ’ব। একোটা গোটৰ এজন সদস্যই ৰজাৰ বাবে চাৰিমাহকৈ গা-খাটি  দিব লাগিছিল। গোটটোৰ এজন পাইকে ৰজাৰ ঘৰলৈ কাম কৰিবলৈ গ’লে বাকী দুজনে তেওঁৰ ঘৰখন চোৱা-চিতা কৰিছিল। পাইকবোৰক গাইপতি দুপুৰাকৈ খেতি মাটি দিয়া হৈছিল। তেনে মাটিক গা-মাটি বোলা হৈছিল। পাইকবোৰক চোৱা-চিতা কৰিবলৈ বিভিন্ন বিষয়া আছিল। অধিনস্থ পাইকৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি বিষয়াৰ ক্ৰম সজোৱা হৈছিল। বিছজন পাইকৰ ওপৰত বৰা, শ-ৰ ওপৰত শইকীয়া, হাজাৰত হাজৰিকা, ছয় হাজাৰৰ ওপৰত ৰাজখোৱা আৰু দহ হাজাৰ পাইকৰ ওপৰত ফুকন নামৰ বিষয়া আছিল।  মোমাই তামুলী বৰবৰুৱাই এনেকৈয়ে পাইক প্ৰথাৰ সংস্কাৰ সাধন কৰিছিল।

৬। মোমাই তামুলী বৰবৰুৱাৰ প্ৰশাসনিক কাম-কাজৰ বিষয়ে এটা টোকা লিখা।

উত্তৰ :- মোমাই তামুলী বৰবৰুৱা আছিল আহোম ৰাজ্যৰ প্রথমজন বৰবৰুৱা। অতি দক্ষ আৰু বিচক্ষণ মোমাই তামুলীৰ কাম-কাজে স্বৰ্গদেউ প্ৰতাপসিংহৰ ৰাজত্বকালত আহোম ৰাজ্যক জয়-জয়, ময়-ময় কৰি তুলিছিল, যাৰ বাবে অসমৰ ইতিহাসত তেওঁৰ নাম সোণৰ আখৰেৰে লিখা হৈছে। তেওঁৰ প্ৰশাসনিক কাম- কাজৰ চমু আভাস এটি তলত দাঙি ধৰা হ’ল।

মোমাই তামুলী বৰবৰুৱাক অসমৰ আধুনিক গাঁও নিৰ্মাণৰ বাটকটীয়া বুলিব পাৰি। বিভিন্ন মানুহ একেলগে একেখন গাওঁতে বাস কৰাৰ ধাৰণা তেওঁৱেই দিয়া। প্ৰতিখন গাওঁতে আত্মনিৰ্ভৰশীল জীৱন নিৰ্বাহৰ বাবে সকলো বৃত্তিৰ লোককে বসবাস কৰাৰ দিহা কৰি দিছিল। প্ৰত্যেক গাওঁতে সাধাৰণ মানুহৰ সহায়ৰ বাবে চাৰিঘৰ তেলী, চাৰিঘৰ কমাৰ, চাৰিঘৰ সোণাৰি ইত্যাদিক বহুৱাইছিল। আনহাতে খেল প্ৰথা প্ৰচলন কৰি অসমৰ গাওঁবিলাক পুনৰ গঠন কৰি একোটা গোষ্ঠীৰ মানুহ এটা খেলৰ অন্তৰ্ভুক্ত কৰিছিল। 

মানুহবিলাকে যাতে অবাবত সময় নষ্ট নকৰে আৰু কৰ্মপটু হয় তাৰ বাবে মুনিহ, তিৰোতা-উভয়ৰে বাবে তেওঁ দৈনিক কামৰ নিয়ম বান্ধি দিছিল।

তেওঁৰ এটা অতি গুৰুত্বপূৰ্ণ প্ৰশাসনিক কার্য হৈছে আহোম প্ৰশাসনৰ ৰাজহাড়স্বৰূপ পাইক প্ৰথাৰ সংস্কাৰ সাধন। এই সংস্কাৰৰ জৰিয়তে তেওঁ পূৰ্বৰ চাৰিজনৰ ঠাইত তিনিজন পাইকেৰে একোটা গোট গঠনৰ ব্যৱস্থা কৰিছিল। আনহাতে পঁচা প্ৰথাৰ সৃষ্টি কৰি পৰ্বতীয়া জনজাতিসকলৰ লগত ভৈয়ামবাসীৰ ভাল সম্বন্ধ গঢ়ি তুলিছিল। 

ইয়াৰ উপৰিও যাতায়ত ব্যৱস্থাৰ উন্নতীকৰণ, বাণিজ্যৰ উন্নতি সাধনৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট অৱদান দি গৈছে। মুঠতে বৰবৰুৱা হিচাবে মোমাই তামুলীয়ে প্ৰায় সকলো দিশতে তেওঁৰ প্ৰশাসনীয় কাম-কাজৰ চিৰযুগমীয়া  চানেকি ৰাখিছে।

৭। মোমাই তামুলী কেনেদৰে বৰবৰুৱা হ’ল বর্ণনা কৰা। 

উত্তৰ :- মোমাই তামুলীৰ পিতৃ প্ৰদত্ত নাম মোমাই ন্যেচাংগ আছিল যদিও ল’ৰালি কালত তেওঁ শুকুতি নামেৰে জনাজাত আছিল। অতি দৰিদ্ৰ শুকুতিয়ে নাজিৰাৰ এঘৰ ব্ৰাহ্মণৰ ভাত ৰন্ধা হিচাপে আছিল। তেওঁৰ কৰ্ম-নিপুণ হাতৰ পৰশত ব্ৰাহ্মণ ঘৰৰ আগফাল-পিছফাল চালে চকুৰোৱা হৈ পৰিছিল। তেনে সময়তে বাৰ্ষিক শেনমেলা চাবলৈ যোৱা স্বৰ্গদেউ প্ৰতাপসিংহই অতি চিকুণ তামোলৰ বাৰীখন দেখি মুগ্ধ হ’ল। তেনে কৰ্মপটু মানুহজনক প্ৰতাপসিংহই আনি নিজৰ লগত ৰাখিলে আৰু নাম দিলে মোমাই।

গুণীহে গুণীৰ মোল বুজি পায়। প্ৰতাপসিংহই মোমাই ন্যেচাংগৰ কৰ্মদক্ষতা সম্পৰ্কে ভালদৰে বুজি পাইছিল। সেয়েহে তেওঁ মোমাই ন্যেচাংগক প্ৰথমে তিপমীয়া ৰাজখোৱা, তাৰ পিছত ক্ৰমে তামুলী লিগিৰা, বাৰীচোৱা বৰতামুলী, বৰবৰা পদ দি পুৰস্কত কৰিছিল। নিজৰ প্ৰত্যুৎপন্নমতিতা, দক্ষতা, পৰিশ্ৰম, দূৰদৰ্শিতা গুণৰ সহায়ত মোমাই অতি সোনকালে স্বৰ্গদেউৰ প্রিয় হৈ পৰিল। সেয়েহে স্বৰ্গদেউ আদেশ-নিৰ্দেশ কাৰ্যকাৰীকৰণৰ দিশ চোৱাচিতা কৰিবলৈ ১৬১৮ খ্ৰীষ্টাব্দত বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁইৰ শাসন পৰিসীমাৰ বাহিৰৰ উজনি অংশটিৰ শাসনভাৰ দি বৰবৰুৱা পদত  অতিষ্ঠিত কৰালে।

এনেকৈয়ে এদিন বামুণৰ ঘৰত বন্ধা হিচাবে কাম কৰা মোমাই ন্যেচাংগে নিজৰ গুণ আৰু পৰিশ্ৰমৰ ফলত মোমাই তামুলী বৰবৰুৱা হ’ল।

ওপৰঞ্চি প্ৰশ্নোত্তৰ

১। গা-মাটি বুলিলে কি বুজা ?

উত্তৰ :- স্বৰ্গদেউ প্ৰতাপসিংহৰ ৰাজত্বকালত পাইকবোৰকে গাইপতি দুপুৰাকৈ খেতি মাটি দিয়া হৈছিল। তেনে মাটিক গা-মাটি বোলা হৈছিল।

২। দহ হাজাৰ পাইকৰ ওপৰত থকা বিষয়া জনক কি বোলা হৈছিল ?

উত্তৰ :- ফুকন বোলা হৈছিল।

৩। বাণিজ্যৰ উন্নতিৰ বাবে মোমাই তামুলী বৰবৰুৱাই কি ব্যৱস্থা লৈছিল ?

উত্তৰ :- ঠায়ে ঠায়ে হাট-বজাৰ পাতি দি প্ৰজাসকলক বেহা-বেপাৰৰ সুবিধা কৰি দিছিল।

৪। মোমাই তামুলী বৰবৰুৱাক ‘নামছলা ৰজা’ নামেৰেও জনা গৈছিল। ইয়াৰ কাৰণ কি ?

উত্তৰ :- স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনৰ সকলো কাম মোমাই তামুলী বৰবৰুৱাই কৰিছিল। এইটো কাৰণতে তেওঁক ‘বৰছলা ৰজা’ নামেৰেও জনা গৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top