Assam Jatiya Bidyalay Class 5 Assamese Chapter 20 উৰুকাৰ ৰাতি

Assam Jatiya Bidyalay Class 5 Assamese Chapter 20 উৰুকাৰ ৰাতি, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 20 উৰুকাৰ ৰাতি Class 5 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Assamese Chapter 20 উৰুকাৰ ৰাতি Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Assamese Chapter 20 উৰুকাৰ ৰাতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

উৰুকাৰ ৰাতি

Chapter – 20

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

* তলৰ শব্দবোৰৰ অৰ্থ লিখা :

আমেজ, ঢাপলি মেলা, প্ৰকাণ্ড, বাঁহনি, কাঠনি, নৰা, সম্ভাষণ, মেজি, কাচি।

উত্তৰ :- 

শব্দ        অৰ্থ
আমেজআনন্দ।
ঢাপলি মেলাবেগেৰে যোৱা কাৰ্য।
প্ৰকাণ্ডবৰ ডাঙৰ; বিয়াগোম।
বাঁহনিবাঁহগছৰ বাৰী।
কাঠনিডাঙৰ ডাঙৰ গছ থকা হাবি।
নৰাদাই নিয়া ধানৰ পথাৰত ৰৈ যোৱা গা-গছ অংশ।
সম্ভাষণআদৰণি; আগ্ৰহেৰে কৰা মাত বোল।
মেজিখেৰ বা খৰিৰ দ’ম; পুজি।
কাচিশস্য বা ঘাঁহ আদি কটা মুখত দাঁৰ থকা এবিধ কটাৰী।

পাঠভিত্তিক ক্ৰিয়া-কলাপৰ প্ৰশ্নোত্তৰ

১। প্ৰথমে কোৱা, তাৰ পিছত লিখা :

(ক) সৌৰভৰ বৰদেউতাক আৰু পেহীয়েক ক’ত থাকে ?

উত্তৰ :- সৌৰভৰ বৰদেউতাক গোলাঘাটৰ গণকপুখুৰী আৰু পেহীয়েক ফৰকাটিঙত থাকে।

(খ) সৌৰভ পেহীয়েকৰ ঘৰলৈ কিয় আহিছে ?

উত্তৰ :- মাঘৰ বিহুৰ উৰুকা কেনেদৰে পাতে তাকে চাবলৈ সৌৰভ পেহীয়েকৰ ঘৰলৈ আহিছে।

(গ) কণদাদাকহঁতে ক’ৰপৰা আৰু কিয় কাঠ কাটিছিল ?

উত্তৰ :- কণদাদাকহঁতে গাঁৱৰ প্ৰতিঘৰ লোকৰ কাঠনি-বাঁহনিৰ পৰা কাঠ কাটিছিল। এই কাঠেৰে তেওঁলোকে মেজি সাজিব।

(ঘ) কণদাদাকহঁতে নৰা কিয় কাটিছিল ?

উত্তৰ :- ভেলাঘৰ সজাৰ বাবে কণদাদাকহঁতে নৰা কাটিছিল।

(ঙ) কণদাদাকহঁতে কিদৰে মেজি সাজিছিল ?

উত্তৰ :- কণদাদাকহঁতে মেজি সজাৰ বাবে এঠাইত বাঁহৰ চাৰিটা খুঁটি পুতি তাৰ ভিতৰত চাৰিকোণীয়াকৈ কাঠবোৰ জাপি গৈছিল। তলত ডাঙৰ ডাঙৰ কাঠৰ টুকুৰা দি ওপৰত খৰি জাপি গৈছিল। মেজিটো যিমান পাৰে সিমান ওখ কৰাৰ চেষ্টা কৰিছিল।

(চ) খেৰৰ মেজি কিদৰে সাজে ?

উত্তৰ :- খেৰৰ মেজি সজাৰ বাবে মাটিত এডাল দীঘল বাঁহ আৰু কাষে কাষে সৰু বাঁহকেইডালমান পুতি লোৱা হয়। তাৰ পাছত তাত অতি ঘনকৈ খেৰ জাপি যোৱা হয়। মেজিটো দেখাত দ’লৰ দৰে হয়। খেৰবোৰ বাঁহৰ লগত বান্ধিবৰ কাৰণে খেৰেৰেই ৰছী তৈয়াৰ কৰি লোৱা হয়। এই ৰছীডালেৰে খেৰবোৰ পকাই পকাই শেষত এটা গাঁঠি দিয়া হয়।

(ছ) মেজি জ্বলোৱা প্ৰথাটো তোমাৰ পাঠৰ আলমত লিখা।

উত্তৰ :- মেজি জ্বলাবৰ বাবে পুৱা পোহৰ নৌহওঁতেই চুবুৰীৰ বয়োজ্যেষ্ঠজনে নৈ বা পুখুৰীত তিনিবাৰ বুৰ মাৰি গা ধোৱে। তাৰ পাছত তেওঁ তিতা কাপোৰ পিন্ধিয়েই মেজিটো জ্বলায়। তাত উপস্থিত সকলোৱে তেতিয়া হৰিধ্বনি দিয়ে। তাৰ পাছত প্ৰতিজনেই গা ধুই আহি অগ্নিসেৱা কৰে। ভোগালী বিহুৰ দিনা অসমৰ প্ৰায়বোৰ ঠাইতে এনে প্ৰথাৰ মেজি জ্বলোৱা হয়।

২। কোনে, কাক, কিয় কৈছিল ?

(ক) “কাটিম অ’। আমাৰ চুবুৰীটোৰ আটায়ে মিলিহে উৰুকাটো পাতিম।”

উত্তৰ :- উক্ত কথাষাৰ কণদাদাকে সৌৰভক কৈছিল। মেজি সজাৰ বাবে কণদাদাকহঁতৰ বাৰীৰ পৰা এডাল মাত্ৰ গছ কটাৰ পাছত হাবিৰ পৰা ওলাই অহাত সৌৰভে কণদাদাকক ‘আৰু গছ নাকাটা নেকি ? বুলি সোধাত কণদাদাকে তেনেদৰে কৈছিল।

(খ) “বুজিলোঁ ! বুজিলোঁ ! বাঃ বাঃ কেনে মজা লাগিব।” 

উত্তৰ :- উক্ত কথাষাৰ সৌৰভে কণদাদাকহঁতক কৈছিল। কণদাদাকে নৰাৰে সজা ভেলাঘৰত ৰাতি থাকি ভোজভাত খোৱাৰ কথা কোৱাত সৌৰভে আনন্দতে জঁপিয়াই জঁপিয়াই তেনেদৰে কৈছিল।

(গ) “অ’, আমি খেৰৰ মেজি নাসাজোঁ।”

উত্তৰ :- উক্ত কথাফাঁকি কণদাদাকে সৌৰভক কৈছিল। হাবিৰপৰা কাঠ-বাঁহ গোটাই লৈ কণদাদাকহঁতে যেতিয়া মেজি সাজি আছিল তেতিয়া সৌৰভে কণদাদাকক খেৰৰ মেজি কেতিয়া সাজিব সুধিছিল। উত্তৰত কণদাদাকে তেনেদৰে কৈছিল।

৩। সৌৰভহঁতৰ উৰুকাৰ ৰাতিৰ আয়োজন কিদৰে চলিছিল তোমাৰ নিজৰ কথাৰে লিখা।

উত্তৰ :- উৰুকাৰ ৰাতিৰ বাবে প্রথমতে পথাৰত ভেলাঘৰটো সজা কাম আৰম্ভ হ’ল। ইয়াৰ বাবে কোনোৱে খৰি কাটিলে, কোনোৱে বাঁহৰ পৰা কামি কাটি নৰাৰ বেৰ সাজিলে। ৰাতি এই ভেলাঘৰত গাঁৱৰ ডেকাবোৰ থাকিব। এই ডেকাবোৰৰ ভিতৰত কণদাদাকহঁত ভেলাঘৰ সজাৰ কামত ব্যস্ত থকাৰ সময়তে তুতুলদাদাকহঁতে গাঁৱৰ ৰাজহুৱা পুখুৰীটোত মাছ ধৰিবলৈ গ’ল। তেওঁলোকে পুখুৰীটোৰ পৰা বহুতো ডাঙৰ ডাঙৰ মাছ ধৰিলে। এইদৰে সৌৰভহঁতৰ উৰুকাৰ ৰাতিৰ আয়োজন চলিছিল।

৪। বাক্য সাজা :

সহজ-সৰল, ঢাপলি মেল, নঙলামুখ, ভোজ-ভাত, বয়োজ্যেষ্ঠ।

উত্তৰ :- (i) সহজ-সৰল :- গাঁৱৰ লোকবিলাক সহজ-সৰল।

(ii) ঢাপলি মেল :- সুবিধা পালেই কুঁয়ে বৰদেউতাকৰ ঘৰলৈ ঢাপলি মেলা।

(iii) নঙলামুখ :- লগৰীয়াবোৰে নঙলামুখৰ পৰাই ৰাজুক চিঞৰি মাতিছে।

(iv) ভোজ-ভাত :- উৰুকাৰ ৰাতি গাঁৱৰ সকলোৱে ভেলাঘৰত ভোজ-ভাত খায়।

(v) বয়োজ্যেষ্ঠ :- বয়োজ্যেষ্ঠজনক আমি সকলোৱে সন্মান জনোৱা উচিত।

৫। তোমালোকে নিজ নিজ ঠাইত উৰুকা কিদৰে পালন কৰা সেই বিষয়ে বৰ্ণনা কৰি লিখা।

উত্তৰ :- আমাৰ অঞ্চলটিত বহুতো লোক বসবাস কৰে। জাতি-ধৰ্ম-নিৰ্বিশেষে সকলোৱে উৰুকাৰ কাম-কাজত অংশ গ্ৰহণ কৰে। প্ৰায় তিনিদিনমান আগৰ পৰাই উৰুকাৰ বাবে আয়োজন চলে। এই আয়োজনৰ ভিতৰত পথাৰত নৰা কটা, খেৰ গোটোৱা, ঘৰে ঘৰে দান-বৰঙণি তোলা আদি কামবোৰ কৰা হয়। উৰুকাৰ দিনা পুৱাৰে পৰা আটায়ে ব্যস্ত হৈ পৰে। সিদিনা ঘৰে ঘৰে বাঁহ-কাঠ আদি গোটোৱা হয়। দিনৰ ভাগতে ভেলাঘৰ আৰু মেজি সজা কাম শেষ কৰা হয়। সন্ধিয়া হোৱাৰ লগে লগে ভেলাঘৰত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। গাঁৱৰ জ্যেষ্ঠসকলৰ দিহা-পৰামৰ্শ মতে ৰাতিৰ ভোজ-ভাতৰ আয়োজন চলে। অৱশ্যে ইয়াৰ বাবে দিনতে ৰাজহুৱা পুখুৰীটোত মাছ মৰা হয়। সন্ধিয়া মাংসৰ বাবে ডাঙৰ পঠা ছাগলী এটা কটা হয়। গাঁৱৰ জীয়ৰী-বোৱাৰী সকলে ভোজ-ভাতৰ কাৰণে লাগতিয়াল যা-যোগাৰখিনি কৰি দিয়ে। সকলো আয়োজন সম্পূৰ্ণ হোৱাৰ পিছত ভেলাঘৰৰ কাষত এটা ডাঙৰ গাঁত খান্দি একুৰা ডাঙৰ জুই ধৰা হয়। লাউদস্পীকাৰ এটি ভাড়ালৈ আনি সিদিনা ভেলাঘৰত ডেকাসকলে নাচ-গান আদি কৰে। ভোজ-ভাত ৰন্ধা হোৱাৰ পিছত লাউদস্পীকাৰত গাঁৱৰ সকলোকে খাবলৈ মতা হয় আৰু আটাইয়ে মিলি ৰং-ৰহইচ কৰি ৰাতিৰ সাঁজটো আনন্দেৰে খায়। খোৱা-বোৱা শেষ হোৱাৰ পিছত গাঁৱৰ ডেকাসকলে জুই পুঁৱাই গোটেই নিশাটো ভেলাঘৰতে থাকে।

পাঠভিত্তিক ব্যাকৰণৰ আলোচনা

১। লিংগবাচক শব্দ কাক বোলে ? অসমীয়াত লিংগ কেই প্রকাৰৰ আৰু কি কি ?

উত্তৰ :- যিবোৰ শব্দই মতা নে মাইকী, নে মতা-মাইকী উভয়েই, নে মতা মাইকী এটাও নহয় বুজায় তেনে শব্দকে লিংগবাচক শব্দ বোলা হয়।

অসমীয়া লিংগ দুই প্ৰকাৰৰ – 

(১) পুংলিংগ।আৰু 

(২) স্ত্ৰীলিংগ।

(২) লিংগ মানে কি ? পুংলিংগবাচক শব্দ আৰু স্ত্ৰীলিংগবাচক শব্দ কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰ :- সাধাৰণতে লিংগ মানে চিন বা চিহ্ন।

যিবোৰ শব্দই পুৰুষ বা মতাক বুজায় তেনে শব্দক পুংলিংগবাচক শব্দ বোলে। যেনে – দেউতা, পেহা, কোঁৱৰ ইত্যাদি। আনহাতে যিবোৰ শব্দই মাইকী বা স্ত্ৰীক বুজায় তেনেবোৰ শব্দক স্ত্ৰীলিংগবাচক শব্দ বোলা হয়। যেনে – মা, পেহী, বাইদেউ, কুঁৱৰী ইত্যাদি।

৩। লিংগ নিৰ্ণয়ৰ ক্ষেত্ৰত অসমীয়া আৰু হিন্দী ভাষাৰ মাজত পাৰ্থক্য কি ?

উত্তৰ :- অসমীয়া ভাষাত কেৱল প্ৰাণীবোৰৰহে লিংগ নিৰ্ণয় কৰা হয়। কিন্তু হিন্দী ভাষাত নদী, চকী, মেজ আদি জড় পদাৰ্থৰো লিংগ নিৰ্ণয় কৰা হয়।

৪। পঢ়ো, বুজা আৰু লিখা :

পুৰুষ বুজোৱা শব্দ স্ত্ৰী বুজোৱা শব্দ
দেউতামা
পেহা__________
কলা__________
চোৰ__________
ভকত__________
ৰান্ধনি__________
কোঁৱৰ __________

উত্তৰ :- 

পুৰুষ বুজোৱা শব্দ স্ত্ৰী বুজোৱা শব্দ
দেউতামা
পেহাপেহী
কলাকালৰী
চোৰচুৰুণী
ভকতভকতনী
ৰান্ধনিৰান্ধনী
কোঁৱৰ কুঁৱৰী

অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ

(১) সৌৰভৰ জন্ম ক’ত হৈছিল ? তেওঁলোকৰ আচল ঘৰ ক’ত ?

উত্তৰ :- সৌৰভৰ জন্ম গুৱাহাটীত হৈছিল। তেওঁলোকৰ আচল ঘৰ গোলাঘাটত।

(খ) সৌৰভে সুবিধা পালেই কিয় গোলাঘাটলৈ ঢাপলি মেলে ?

উত্তৰ :- গুৱাহাটী চহৰত জন্ম হৈ ডাঙৰ-দীঘল হোৱা সৌৰভে সদায় গাঁৱৰ পৰিবেশটোহে ভাল পায়। গাঁৱৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিৱেশ, ইয়াৰ মানুহবোৰৰ সহজ-সৰল আচৰণ, তেওঁলোকৰ অকৃতিম মৰম চেনেহ-এইবোৰৰ মাজত থাকি সৌৰভে যি আমেজ পায় সেই আমেজ সি গুৱাহাটীৰ ক’তোৱেই নাপায়। সেয়ে সি সুবিধা পালেই গোলাঘাট গণকপুখুৰী গাঁৱত থকা বৰদেউতাকৰ ঘৰ নাইবা ফৰকাটিঙত থকা তাৰ পেহীয়েকৰ ঘৰলৈ ঢাপলি মেলে।

৩। ভেলাঘৰ কাক বোলে ? ভেলাঘৰ কিদৰে সজা হয় ?

উত্তৰ :- উৰুকাৰ দিনা ৰাতি সকলোৱে মিলিজুলি ভোজ-ভাত খাই যিটো ঘৰত থাকে সেইটো ঘৰকে ভেলাঘৰ বোলে।

দুডাল দীঘল বাঁহৰ কামীৰ মাজত নৰাবোৰ সুমুৱাই ভালদৰে বান্ধি ভেলাঘৰৰ বেৰ তৈয়াৰ কৰা হয়। ঘৰৰ ওপৰতো ছাল হিচাপে নৰাকেই ব্যৱহাৰ কৰা হয়।

৪। নামনি অসমত মেজিক কি বুলি কোৱা হয় ?

উত্তৰ :- নামনি অসমত মেজিক ভেলাপূজি বুলি কোৱা হয়।

৫। ভেলাপুজিৰ মাজত দীঘল বাঁহডালক কি বুলি কোৱা হয় ?

উত্তৰ :- ভেলাপুজিৰ মাজত দীঘল বাঁহডালক ‘ছাট’ বুলি কোৱা হয়।

৬। ধুৰি আৰু সাৱটা গাঁঠি কি ?

উত্তৰ :- ভেলাপুজিৰ খেৰবোৰ বাঁহৰ লগত বান্ধিবৰ বাবে খেৰেৰেই ৰছী তৈয়াৰ কৰি লোৱা হয়। এই ৰছীডালক কোৱা হয় ধুৰি। ধুৰিৰে খেৰবোৰ পকাই শেষত যিটো গাঁঠি দিয়া হয় সেইটোক ‘সাৱটা গাঁঠি’ বুলি কোৱা হয়।

৭। মেজি কেতিয়া জ্বলোৱা হয় ?

উত্তৰ :- উৰুকাৰ পিছদিনা নিচেই ৰাতিপুৱাতে মেজি জ্বলোৱা হয়।

৮। “উৰুকাৰ ৰাতি” পাঠটোত উল্লেখ থকা ব্যক্তিসকলৰ নাম লিখা।

উত্তৰ :- “উৰুকাৰ ৰাতি” পাঠটোত নাম উল্লেখ থকা ব্যক্তিসকল হ’ল – সৌৰভ, কণ, চন্দন, তুতুল, আৰু বকুল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top