Assam Jatiya Bidyalay Class 4 Social Science Chapter 9 কুটিৰ শিল্প

Assam Jatiya Bidyalay Class 4 Social Science Chapter 9 কুটিৰ শিল্প, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 9 কুটিৰ শিল্প Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class IV Social Science Chapter 9 কুটিৰ শিল্প Notes cover all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Social Science Chapter 9 কুটিৰ শিল্প provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

কুটিৰ শিল্প

Chapter – 9

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

1. উত্তৰ লিখা―

(ক) কুটিৰ শিল্প মানে কি ?

উত্তৰঃ কুটিৰ শিল্প মানে হ’ল ঘৰতে কোনো বস্তু নতুন ৰূপত সৃষ্টি কৰা শিল্প কৰ্ম। যেনে :- বাঁহ বেতৰ শিল্প মৃৎ শিল্প, বয়ন শিল্প আদি।

(খ) কেঁচামাল কাক বোলে ?

উত্তৰঃ কোনো এটা বস্তু নতুন ৰূপত সৃষ্টি কৰিবলৈ হ’লে তাৰবাবে আমাক কিছুমান বস্তু লাগিব। এইবোৰক কেঁচামাল বোলে।

(গ) মৃৎ শিল্পৰ কেঁচামাল কি ?

উত্তৰঃ মৃৎ শিল্পৰ কেঁচামাল হ’ল―মাটি।

(ঘ) উৎপাদিত বস্তু কাক বোলে ?

উত্তৰঃ কোনো এটা কুটিৰ শিল্পত তাৰ বাবে প্ৰয়োজনীয় কেঁচামাল ব্যৱহাৰ কৰি যিবোৰ বস্তু নতুনকৈ সৃষ্টি কৰা হয়, তাকে উৎপাদিত বস্তু বোলে।

(ঙ) অসমৰ কোনটো অঞ্চল বাঁহ শিল্পৰ বাবে বিখ্যাত ?

উত্তৰঃ অসমৰ নলবাৰী অঞ্চল বাঁহ শিল্পৰ বাবে বিখ্যাত।

(চ) অসমত কাঁহ আৰু পিতল শিল্পৰ বাবে বিখ্যাত ঠাই দুখনৰ নাম লিখা।

উত্তৰঃ অসমত কাঁহ আৰু পিতল শিল্পৰ বাবে বিখ্যাত ঠাই দুখন হ’ল―

কাঁহ শিল্প―সৰ্থেবাৰী।

পিতল শিল্প―সাজোঁ।

2. খালী ঠাই পূৰণ কৰা।

(ক) অসমৰ ______ পাট-মুগাৰ কাপোৰৰ বাবে সমগ্র ভাৰতত বিখ্যাত।

(খ) ধুবুৰী জিলাৰ আশাৰীকান্দি ________ শিল্পৰ বাবে বিখ্যাত।

(গ) অসমৰ ________ মুখা শিল্পৰ বাবে বিখ্যাত।

(ঘ) ডলা, কুলা, চালনী আদি _________ শিল্পৰ উৎপাদিত বস্তু।

(ঙ) কুটিৰ শিল্পই প্ৰাকৃতিক পৰিৱেশ নষ্ট __________।

উত্তৰঃ (ক) অসমৰ শুৱালকুছি পাট-মুগাৰ কাপোৰৰ বাবে সমগ্র ভাৰতত বিখ্যাত।

(খ) ধুবুৰী জিলাৰ আশাৰীকান্দি মৃৎ শিল্পৰ বাবে বিখ্যাত।

(গ) অসমৰ মাজুলী মুখা শিল্পৰ বাবে বিখ্যাত।

(ঘ) ডলা, কুলা, চালনী আদি বাঁহ শিল্পৰ উৎপাদিত বস্তু।

(ঙ) কুটিৰ শিল্পই প্ৰাকৃতিক পৰিৱেশ নষ্ট নকৰে

3. চাৰিবিধ অসমীয়া গহনাৰ নাম লিখা।

উত্তৰঃ চাৰিবিধ অসমীয়া গহনাৰ নাম হ’ল― জোনবিৰি, ঢোলবিৰি, মাদুলী, কেৰু।

8. অসমৰ যিকোনো দুবিধ কুটিৰ শিল্পৰ বিষয়ে লিখা।

উত্তৰঃ বয়ন শিল্প : অসমৰ প্ৰধান কুটিৰ শিল্প হৈছে বয়ন শিল্প। অসমৰ গাওঁত বাস কৰা বেছিৰভাগ মহিলাই বোৱা- কটা কাম কৰে। অসমৰ সকলো ঠাইতে বয়ন শিল্প কম বেছি পৰিমানে আছে যদিও শুৱালকুছি আৰু ঢকুৱাখনা এই শিল্পৰ বাবে বিখ্যাত।শুৱালকুছি পাট-মুগাৰ কাপোৰৰ বাবে সমগ্ৰ ভাৰততে সমাদৰ আছে।

বাঁহ বেতৰ শিল্প : বাঁহ বেতৰ শিল্পৰ ক্ষেত্ৰতো অসম চহকী । এই শিল্পত প্ৰয়োজন হোৱা বাঁহ বেত অসমত প্ৰচুৰ পৰিমাণে পোৱা যায়। বাঁহ বেতৰে বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী যেনে―ডলা, কুলা, চালনী, বিচনী, ঢাৰি আদি প্ৰস্তুত কৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ আচবাব তৈয়াৰ কৰা হয়। অসমৰ নলবাৰী অঞ্চল বাঁহ শিল্পৰ বাবে বিখ্যাত। বেতৰ শিল্পৰ ক্ষেত্ৰত অসমৰ কাছাৰ জিলা বিশেষভাৱে আগবঢ়া।

5. কুটিৰ শিল্পৰ পাঁচটা সুবিধা লিখা।

উত্তৰঃ কুটিৰ শিল্পৰ পাঁচটা সুবিধা হ’ল―

(ক) কুটিৰ শিল্প নিজৰ ঘৰতে গঢ়ি তুলিব পাৰি।

(খ) এই শিল্পৰ বাবে প্ৰয়োজন হোৱা কেঁচামাল ওচৰে-পাজৰে সহজতে পাব পাৰি।

(গ) কম সংখ্যক শ্ৰমিকৰ প্ৰয়োজন হয়।

(ঘ) অতি কম মূলধনেৰে এনে শিল্প গঢ়ি তুলিব পাৰি।

(ঙ) কুটিৰ শিল্পই প্ৰাকৃতিক পৰিৱেশ নষ্ট নকৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top