Assam Jatiya Bidyalay Class 4 Social Science Chapter 8 ভাৰতৰ স্বাধীনতা আন্দোলন

Assam Jatiya Bidyalay Class 4 Social Science Chapter 8 ভাৰতৰ স্বাধীনতা আন্দোলন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 8 ভাৰতৰ স্বাধীনতা আন্দোলন Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class IV Social Science Chapter 8 ভাৰতৰ স্বাধীনতা আন্দোলন Notes cover all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Social Science Chapter 8 ভাৰতৰ স্বাধীনতা আন্দোলন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভাৰতৰ স্বাধীনতা আন্দোলন

Chapter – 8

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

1. পৰাধীন মানে কি ?

উত্তৰঃ পৰাধীন মানে আনৰ তলতীয়া হৈ থকা।

2. স্বাধীনতা মানে কি ?

উত্তৰঃ যিখন দেশ আনৰ অধীনৰ পৰা মুক্ত হৈ নিজ দেশৰ নাগৰিকৰ দ্বাৰা দেশৰ শাসন ব্যৱস্থা পৰিচালিত কৰে, তাকে স্বাধীনতা বোলে।

3. বৰ্ণ-বিদ্বেষ বিৰোধী আন্দোলন মানে কি ?

উত্তৰঃ বৰ্ণ-বিদ্বেষ বিৰোধী আন্দোলনৰ মানে মানুহৰ জাত-পাত, উচ্চ-নীচ নীতি-নিয়মৰ বিৰুদ্ধে হোৱা এক আন্দোলন।

4. প্ৰথম বিশ্বযুদ্ধ কোন চনত হৈছিল ?

উত্তৰঃ প্ৰথম বিশ্বযুদ্ধ ১৯১৪ চনত হৈছিল।

5. ভাৰতীয় জাতীয় কংগ্ৰেছ নামৰ সংগঠনটো কোন চনত স্থাপিত হৈছিল ?

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছ নামৰ সংগঠনটো ১৮৮৫ চনত স্থাপিত হৈছিল।

6. মহাত্মা গান্ধীয়ে কোন চনত জাতীয় কংগ্ৰেছৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল ?

উত্তৰঃ মহাত্মা গান্ধীয়ে ১৯১৯ চনত জাতীয় কংগ্ৰেছৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

7. আন্দোলন কাক বোলে ?

উত্তৰঃ দেশৰ জনসাধাৰণে একতাৰে লগ হৈ কোনো অন্যায়-অনীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সেই অন্যায়-অনীতি নোহোৱা কৰিবৰ কাৰণে কৰা চেষ্টাকেই আন্দোলন বোলে।

8. গান্ধীজীৰ আন্দোলনৰ মূলমন্ত্ৰ কি ?

উত্তৰঃ গান্ধীজীৰ আন্দোলনৰ মূলমন্ত্ৰ আছিল অহিংসা।

9. আইন অমান্য আন্দোলনৰ কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰঃ আইন অমান্য আন্দোলন ১৯৩০ চনত মাৰ্চ মাহত আৰম্ভ হৈছিল।

10. ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হৈছিল ?

উত্তৰঃ ভাৰত ত্যাগ আন্দোলন ১৯৪২ চনত আৰম্ভ হৈছিল।

11. জানিৱানৱালাবাগৰ হত্যাকাণ্ডৰ মূল ইংৰাজ বিষয়াগৰাকীৰ নাম কি ?

উত্তৰঃ জানিৱানৱালাবাগৰ হত্যাকাণ্ডৰ মূল ইংৰাজ বিষয়াগৰাকীৰ নাম হ’ল― মাইকেল ডায়াৰ।

12. অসহযোগ আন্দোলনৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ মহাত্মা গান্ধীৰ নেতৃত্বত ১৯২০ চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিল। ইংৰাজ শাসনকালে কৰা বহুতো আমানৱীয় কাৰ্য্যত মহাত্মা গান্ধী ক্ষুণ্ণ হৈ পৰিছিল আৰু এনেবোৰ অন্যায় কাৰ্য্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ তেওঁ সমগ্ৰ ভাৰততে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। দেশৰ সকলো শ্ৰেণীৰ জনসাধাৰণে এই আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু সমগ্ৰ দেশ কঁপাই দিছিল। ভাৰতীয় লোকসকলৰ এনে আন্দোলন ইংৰাজ সকলে ক্ৰোধিত হৈ কঠোৰ হাতেৰে এই আন্দোলন দমন কৰিবলৈ চেষ্টা কৰিছিল। ফলত উত্তৰ -প্ৰদেশৰ চৌৰীচৌৰা নামৰ ঠাইত আন্দোলনকাৰী কৃষকসকলে এটা পুলিচ চকী জ্বলাই দিছিল। এইবোৰ কাৰ্য্যত গান্ধীজীৰ ব্যথিত হৈছিল আৰু  তেওঁ অসহযোগ আন্দোলন বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল।

13. মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ কাৰণ কি আছিল ?

উত্তৰঃ মহাত্মা গান্ধীয়ে অহিংসাৰ পথেৰে আন্দোলন চলাব বিচাৰিছিল। অসহযোগ আন্দোলনৰ সময়ছোৱাত ইংৰাজৰ দমনকাৰী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আন্দোলনকাৰী কৃষকসকলে এবাৰ উত্তৰ প্ৰদেশৰ চৌৰাচৌৰী নামৰ ঠাইত ইংৰাজ পুলিচৰ আৰক্ষী চকী জ্বলাই দিছিল। এনে ঘটনাত দুঃখিত হৈ মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল।

14. গান্ধীজীয়ে আইন অমান্য আন্দোলন আৰম্ভ কৰিবলৈ কি কাৰ্য্যসুচী গ্ৰহণ কৰিছিল ? সেই আন্দোলনত মহাত্মা গান্ধীক সংগ দিয়া অসমীয়া স্বাধীনতা সংগ্ৰামীজনৰ নাম কি আছিল ?

উত্তৰঃ গান্ধীজীয়ে আইন অমান্য আন্দোলন আৰম্ভ কৰিবলৈ ১৯৩০ চনৰ মাৰ্চ মাহৰ ১২ তাৰিখে গুজৰাটৰ সবৰমতী আশ্ৰমৰ পৰা ২৪১ মাইল দূৰৈৰ সাগৰৰ পৰা দাণ্ডী নামৰ ঠাইলৈ ৭৮ জন স্বাধীনতা সংগ্ৰামীৰ সৈতে ‘দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল।

সেই আন্দোলনত মহাত্মা গান্ধীক সংগ দিয়া অসমীয়া স্বাধীনতা সংগ্ৰামীজনৰ নাম হ’ল― লীলাধৰ বৰুৱা।

15.  ভাৰত ত্যাগ আন্দোলনৰ কাহিনী চমুৱাই লিখা। (শিক্ষক-শিক্ষয়িত্ৰীয়ে সহায় কৰি দিব)

উত্তৰঃ ইংৰাজ শাসকসকলৰ দমনকাৰী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৪২ চনত পুনৰ এটা আন্দোলনে গা কৰি উঠিছিল যিটো “ভাৰত-ত্যাগ আন্দোলন” হিচাপে জনা যায়। গান্ধীজীকে ধৰি কংগ্ৰেছৰ সকলো আগশাৰীৰ নেতাক ইংৰাজে বন্দী কৰি ৰাখিছিল। ফলত ভাৰতবাসীয়ে পুনৰ ইংৰাজৰ বিৰুদ্ধে আন্দোলনত জঁপিয়াই পৰিছিল। ইংৰাজ পুলিচ সেনাৰ অত্যাচাৰত হেজাৰ হেজাৰ লোক ঘুণীয়া হৈছিল, অলেখ লোকে প্ৰাণ বিসৰ্জন দিছিল। এনেদৰে বিভিন্ন ঘটনাৰ মাজেৰে গৈ ১৯৪৪ চনত ভাৰত ত্যাগ আন্দোলনৰ সামৰণি পৰিছিল।

অতিৰিক্ত প্ৰশ্নাৱলী

1. ইংৰাজসকলে ভাৰতত কিমান বছৰ শাসন কৰিছিল ?

উত্তৰঃ প্ৰায় ২০০ বছৰ।

2. মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম কি ?

উত্তৰঃ মোহন দাস কৰমচাঁদ গান্ধী।

3. চুক্তি মানে কি ?

উত্তৰঃ চুক্তি মানে ― দুটা পক্ষৰ মাজত হোৱা আলোচনা মতে লোৱা কিছুমান সিদ্ধান্ত।

4. মহাত্মা গান্ধীৰ নেতৃত্বত কেইটা আন্দোলন চলিছিল আৰু কি কি ?

উত্তৰঃ তিনিটা-

(ক) অসহযোগ আন্দোলন।

(খ) আইন অমান্য আন্দোলন।

(গ) ভাৰত-ত্যাগ আন্দোলন।

5. ভাৰতবৰ্ষ কেতিয়া স্বাধীন হয় ?

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে।

6. কেইজনমান ভাৰতীয় স্বাধীনতা সংগ্ৰামীৰ নাম লিখা ?

উত্তৰঃ সুভাষ-চন্দ্ৰ বসু, চৰ্দাৰ বল্লভ ভাই পেটেল, খান আব্দুল গফৰ খান, ৰাজেন্দ্র প্ৰসাদ, জৱাহৰলাল নেহৰু আদি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top