Assam Jatiya Bidyalay Class 4 Social Science Chapter 7 আমাৰ দেশ ভাৰত

Assam Jatiya Bidyalay Class 4 Social Science Chapter 7 আমাৰ দেশ ভাৰত, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 7 আমাৰ দেশ ভাৰত Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class IV Social Science Chapter 7 আমাৰ দেশ ভাৰত Notes cover all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Social Science Chapter 7 আমাৰ দেশ ভাৰত provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আমাৰ দেশ ভাৰত

Chapter – 7

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

1. একোটাকৈ বাক্যত উত্তৰ লিখা।

(ক) পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখনৰ নাম কি ?

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখনৰ নাম হ’ল― মেঘালয় ৰাজ্যৰ মৌচিনৰাম।

(খ) পৃথিৱীৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি ?

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ ওখ শৃংগটোৰ নাম হ’ল― এভাৰেষ্ট শৃংগ।

(গ) ব্ৰহ্মপুত্ৰ উপত্যকা ভাৰতৰ কোনটো প্ৰাকৃতিক বিভাগৰ অন্তৰ্গত ?

উত্তৰঃ ব্ৰহ্মপুত্ৰ উপত্যকা ভাৰতৰ মাজৰ সমভূমি অঞ্চল নামৰ  প্ৰাকৃতিক বিভাগৰ অন্তৰ্গত।

(ঘ) উপকূল অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা কি ?

উত্তৰঃ উপকূল অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা হ’ল― মাছ ধৰা।

(ঙ) ভাৰতীয় সংবিধানে বর্তমানলৈ কেইটা ভাষাক স্বীকৃতি দিছে ?

উত্তৰঃ ভাৰতীয় সংবিধানে বর্তমানলৈ ২২ টা ভাষাক স্বীকৃতি দিছে।

2. খালী ঠাই পূৰ কৰা।

(ক) থৰ মৰুভূমি ______ ৰাজ্যত অৱস্থিত ?

(খ) সাগৰৰ পাৰে পাৰ _______ অঞ্চলটো অৱস্থিত ?

(গ) দক্ষিণ ভাৰতৰ নৰ্মদা আৰু তাপ্তী _______ সাগৰত পৰিছে।

(ঘ) ভাৰতত সকলো ধৰ্ম সমান বাবেই ভাৰতক _______ ৰাষ্ট্ৰ বুলি কোৱা হয়।

উত্তৰঃ (ক) থৰ মৰুভূমি ৰাজস্থান ৰাজ্যত অৱস্থিত ?

(খ) সাগৰৰ পাৰে পাৰ উপকূল অঞ্চলটো অৱস্থিত ?

(গ) দক্ষিণ ভাৰতৰ নৰ্মদা আৰু তাপ্তী নদী আৰৱ সাগৰত পৰিছে।

(ঘ) ভাৰতত সকলো ধৰ্ম সমান বাবেই ভাৰতক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয়।

3. উত্তৰ লিখা।

(ক) ভাৰতৰ নামটো কেনেকৈ হ’ল লিখা।

উত্তৰঃ আমাৰ দেশত ভৰত নামৰ এজন বিখ্যাত ৰজা আছিল। তেওঁৰ সাহস, পৰাক্ৰম, কৰ্মদক্ষতা আদি সকলো দিশতে দেখুওৱা পাৰদৰ্শিতাৰ বাবেই তেওঁৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰত হয়।

(খ) ভাৰতৰ অন্তৰ্গত সাগৰৰ মাজত অৱস্থিত দ্বীপপুঞ্জসমূহৰ নাম কি কি ?

উত্তৰঃ ভাৰতৰ অন্তৰ্গত সাগৰৰ মাজত অৱস্থিত দ্বীপপুঞ্জসমূহৰ নাম হ’ল― আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু গোৱা দমন ডিউ।

(গ) ভাৰতক কিয় ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয় ?

উত্তৰঃ ভাৰতত বিভিন্ন ধৰ্মালম্বী লোকে বাস কৰে। কোনো এটা ধৰ্মকে ইয়াত শ্ৰেষ্ঠ ধৰ্ম হিচাপে গুৰুত্ব দিয়া হোৱা নাই। সকলো ধৰ্মকে ইয়াত সমান গুৰুত্ব দিয়া হোৱা বাবে ভাৰতক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয়।

4. কি, ক’ত আৰু কিয় বিখ্যাত লিখা।

তাজমহল, নালন্দা, অজন্তা আৰু ইলোৰা।

উত্তৰঃ তাজমহল : বিশ্বৰ সাতটা আচৰিত বস্তুৰ ভিতৰত অন্যতম তাজমহল ভাৰতত অৱস্থিত। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ স্মৃতি সৌধ হিচাপে পৰিচিত এইটো মোগল সম্ৰাট ছাহজাহানে নিজৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মাণ কৰিছিল।

নালন্দা : নালন্দা প্ৰাচীন ভাৰতৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম। এইখন ভাৰতৰ বিহাৰ ৰাজ্যেত অৱস্থিত। ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচেপে এইখন বিখ্যাত।

অজন্তা আৰু ইলোৰা : প্ৰাচীন ভাৰতৰ চিত্ৰ ভাস্কৰ্য্যৰ অন্যতম নিদৰ্শন। এইবোৰ মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদত অৱস্থিত। ইয়াৰ গুহাত অংকিত চিত্ৰসমূহে সেই সময়ৰ ভাৰতৰ চিত্ৰ ভাস্কৰ্য্যক প্ৰকাশিত কৰি তুলিছে।

5. চমুটোকা লিখা।

(ক) ভাৰতৰ উত্তৰ পাৰ্ব্যত অঞ্চল।

উত্তৰঃ ভাৰতৰ উত্তৰ পাৰ্ব্যত অঞ্চল বুলি ক’লে হিমালয় পৰ্বত আৰু তাৰ ঠাল-ঠেঙুলিবোৰকে বুজা যায়। হিমালয় পৰ্বতমালাই ভাৰতৰ উত্তৰ সীমা সম্পূৰ্ণৰূপে আগুৰি ৰাখিছে। হিমালয়ৰ পাদদেশত নানা তৰহৰ গছ-গছনি, লতা, ঘাঁহ-বন আদিৰে ভৰা অৰণ্য দেখিবলৈ পোৱা যায়। বৰফৰে আবৃত হৈ থাকে বাবে এই অঞ্চলৰ জলবায়ু শীতল।

(খ) পশ্চিমৰ শুকান মৰুভূমি অঞ্চল।

উত্তৰঃ সমতল হলেও ভাৰতৰ পশ্চিম অংশত বৰষুণ কমকৈ হয়। বৰষুণ কম হোৱা বাবে ইয়াৰ জলবায়ু শুকান। জলবায়ু শুকান বাবে ইয়াত গৰম বেছি। ইয়াত গছ-গছনি প্ৰায় নাই বুলিব পাৰি। ইয়াত কাঁইটীয়া কেকটাছ জাতীয় গেছহে পোৱা যায়। উট এই অঞ্চলৰ বাসিন্দাসকলৰ প্রধান বাহন।

(গ) ভাৰতৰ উল্লেখযোগ্য কীৰ্তিচিহ্ন।

উত্তৰঃ ভাৰতত বহুতো উল্লেখযোগ্য কীৰ্তিচিহ্ন আছে। ইয়াৰ ভিতৰত আগ্রাত থকা তাজমহল অন্যতম। ইয়াৰ উপৰি কুতুবমিনাৰ, লালকিল্লা, জুমা মছজিদ, পঞ্চমহল, সাঁচীৰ স্তূপ, অজন্তা-ইলোৰা গুহাৰ বেৰত অংকন কৰা চিত্ৰ আদি ভাৰতৰ উল্লেখযোগ্য কীৰ্তিচিহ্ন।

6. ভাৰতৰ চাৰিসীমা লিখা।

উত্তৰঃ ভাৰতৰ চাৰিসীমা হ’ল― 

উত্তৰে ― সুউচ্চ হিমালয় পৰ্বত লগতে চীন, তিব্বত, নেপাল আৰু ভূটান দেশ।

দক্ষীণে― বিশাল ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা।

পূৱে― ম্যানমাৰ, বাংলাদেশ আৰু বঙ্গোপসাগৰ।

পশ্চিমে― আফগানিস্তান, পাকিস্থান আৰু আৰৱ সাগৰ।

7. ভাৰতত প্ৰচলিত ধৰ্মসমূহৰ নাম লিখা।

উত্তৰঃ ভাৰতত প্ৰচলিত ধৰ্মসমূহ হ’ল― হিন্দু, ইছলাম, খ্ৰীষ্টান, বৌদ্ধ, শিখ আৰু জৈন।

8. ভাৰতৰ প্ৰাকৃতিক ভাগ কেইটা আৰু কি কি ? যিকোনো এটাৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ ভাৰতৰ প্ৰাকৃতিক ভাগ পাঁচটা। সেইবোৰ হ’ল―

(ক) উত্তৰ পাৰ্বত্য অঞ্চল।

(খ) মাজৰ সমভূমি অঞ্চল।

(গ) পশ্চিম শুকান মৰুভূমি অঞ্চল।

(ঘ) দক্ষিণৰ মালভূমি অঞ্চল।

(ঙ) উপকূল অঞ্চল।

অতিৰিক্ত প্ৰশ্নাৱলী

1. দক্ষিণৰ মালভূমি অঞ্চলত কি খেতি ভাল হয় ?

উত্তৰঃ কপাহ, ৰবৰ, কুঁহিয়াৰ, কফি, চাহ।

2. ভাৰতৰ কেইটামান উপকূলৰ নাম লিখা ?

উত্তৰঃ কংকন উপকূল, মালাবাৰ উপকূল, কৰমণ্ডল উপকূল।

3. ভাৰতীয় ৰেলপথৰ পৰিচালনাৰ সুবিধাৰ বাবে দেশখনক কেইটা মণ্ডলত ভগোৱা হৈছে ?

উত্তৰঃ ৯টা মণ্ডলত।

4. ভাৰতৰ ক’ত ক’ত আন্তৰ্জাতিক বিমান বন্দৰ আছে ?

উত্তৰঃ গুৱাহাটী, কলকাতা, দিল্লী, মুম্বাই, চেন্নাই।

5. ভাৰতবৰ্ষৰ উল্লেখযোগ্য তিনিখন সমাধিস্থলৰ নাম লিখা।

উত্তৰঃ মহাত্মা গান্ধীৰ সমাধি―ৰাজঘাট।

লালবাহাদুৰ শাস্ত্ৰীৰ সমাধি― বিজয়ঘাট।

ইন্দিৰা গান্ধীৰ সমাধি―শক্তিস্থল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top