Assam Jatiya Bidyalay Class 4 Social Science Chapter 4 অসমৰ প্ৰাকৃতিক সম্পদ

Assam Jatiya Bidyalay Class 4 Social Science Chapter 4 অসমৰ প্ৰাকৃতিক সম্পদ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 4 অসমৰ প্ৰাকৃতিক সম্পদ Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class IV Social Science Chapter 4 অসমৰ প্ৰাকৃতিক সম্পদ Notes cover all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Social Science Chapter 4 অসমৰ প্ৰাকৃতিক সম্পদ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমৰ প্ৰাকৃতিক সম্পদ

Chapter – 4

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

1. উত্তৰ লিখা।

(ক) সম্পদ কাক বোলে ?

উত্তৰঃ মানুহৰ অভাৱ পূৰণ কৰিব পৰা সকলোবোৰ বস্তুকে সম্পদ বোলে।

(খ) প্ৰাকৃতিক সম্পদ কাক বোলে ? ইয়াৰ প্ৰধান ভাগ কেইটা আৰু কি কি ?

উত্তৰঃ যিবোৰ সম্পদ প্ৰকৃতিৰ পৰা পাওঁ সেই আটাইবোৰ সম্পদকে প্ৰাকৃতিক সম্পদ বোলে।ইয়াৰ ভাগ তিনিটা। সেইবোৰ হ’ল―

(ক) বনজ সম্পদ।

(খ) খনিজ সম্পদ।

(গ) জলজ সম্পদ।

(গ) ঔষধি উদ্ভিদ কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ উদ্ভিদ ৰোগ নিৰাময় কৰাৰ গুণ থাকে সেইবোৰ উদ্ভিদকে ঔষধি উদ্ভিদ বোলে। যেনে―তুলসী, বাহক, মহানিম, আমলখি, শিলিখা আদি।

(ঘ) বনাঞ্চল ধ্বংস হোৱাৰ তিনিটা কাৰণ লিখা।

উত্তৰঃ বনাঞ্চল ধ্বংস হোৱাৰ তিনিটা কাৰণ হ’ল―

(ক) জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহে বসবাস কৰাৰ কাৰণে ঘৰ-দুৱাৰ সাজিবলগীয়া হয়। ফলত বনাঞ্চল ধ্বংস কৰিবলগীয়া হয়।

(খ) চোৰাং চিকাৰীসকলে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে বনাঞ্চল ধ্বংস কৰে।

(গ) প্ৰাকৃতিক পৰিৱেশ পৰিৱৰ্তনৰ লগে লগেও অসমৰ হাবিৰ পৰা নানা ধৰণৰ মূল্যবান গছ-গছনি বিলুপ্ত হবলৈ ধৰিছে।

(ঙ) অসমত পোৱা খনিজ সম্পদবোৰ কি কি ?

উত্তৰঃ অসমত পোৱা খনিজ সম্পদবোৰ হ’ল― খাৰুৱা তেল, কয়লা, প্ৰাকৃতিক গেছ আৰু চুনশীল।

(চ) এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ ক’ত, কেতিয়া স্থাপন হৈছিল ?

উত্তৰঃ এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত ১৯০১ চনত স্থাপন হৈছিল।

(ছ) অসমক কিয় ‘পনীয়া সোণৰ ৰাজ্য’ বোলা হয় ?

উত্তৰঃ খাৰুৱা তেলক সোণৰ সৈতে তুলনা কৰা হয়। আমাৰ ৰাজ্য অসমে প্ৰচুৰ পৰিমাণে খাৰুৱা তেল উৎপাদন কৰে। সেয়েহে অসমক পনীয়া সোণৰ ৰাজ্য বোলে ।

(জ) কোনবিধ সম্পদক ‘কলা হীৰা’ বুলি জনা যায় ?

উত্তৰঃ কয়লাক ‘কলা হীৰা’ বুলি জনা যায়।

(ঝ) কৃষিজ সম্পদ কাক বোলে ? উদাহৰণ লিখা।

উত্তৰঃ কৃষিৰ যোগেদি উৎপাদন কৰি পোৱা সম্পদবোৰক কৃষিজ সম্পদ বোলে।যেনে―ধান, চাহ আদি।

(ঞ) অসমৰ কৃষিৰ ক্ষেত্ৰত পিছপৰি থকাৰ চাৰিটা কাৰণ উল্লেখ কৰা ।

উত্তৰঃ অসমৰ কৃষিৰ ক্ষেত্ৰত পিছপৰি থকাৰ চাৰিটা কাৰণ হ’ল―

(১) পুৰণিকলীয়া কৃষি ব্যবস্থা।

(২)আসোঁৱাহপূৰ্ণ ভূমিৰ ব্যবস্থা।

(৩) চৰকাৰী ঋণৰ অভাৱ।

(৪) বৈজ্ঞানিক চিন্তা-চৰ্চাৰ অভাৱ।

2. চমু টোকা লিখা।

(ক) বনজ সম্পদ।

(খ) খনিজ সম্পদ।

(গ) জলজ সম্পদ।

উত্তৰঃ (ক) বনজ সম্পদ : যিবোৰ সম্পদ বনৰ পৰা পোৱা যায়, তাকে বনজ সম্পদ বোলে। অসম বনজ সম্পদ চহকী ৰাজ্য। অসমৰ মুঠ মাটিকালি প্ৰায় শতকৰা পয়ত্ৰিশ ভাগ অঞ্চল বনাঞ্চল। অসমৰ বানাঞ্চলত শাল,চেগুন, তিতাচপা, গমাৰি, চিচু, আহত, বট, আম কঁঠাল আদি মূল্যৱান গছ-গছনি পোৱা যায়। ইয়াৰ উপৰিও বাঘ, ভালুক, হাতী, এশিঙীয়া গঁড়, বনৰীয়া গাহৰি আৰু নানবিধ চৰাই অসমৰ হাবিত পোৱা যায়।

(খ) খনিজ সম্পদ : খনিজ সম্পদৰ ক্ষেত্ৰতো অসম এখন চহকী ৰাজ্য। যিবোৰ সম্পদ খনিৰ পৰা আহৰণ কৰা হয়, তাকে খনিজ সম্পদ বোলে। যেনে―খাৰুৱা তেল,কয়লা,প্ৰাকৃতিক গেছ আৰু চুনশীল। অসমৰ ডিগবৈত, মৰাণ, নাহৰকটীয়া, দুলীয়াজন, গেলেকী আদি অঞ্চলত প্ৰচুৰ পৰিমাণে খনিজ সম্পদ পোৱা যায়। খনিজ সম্পদ ব্যৱহাৰ ক্ষেত্ৰত আমি সকলোৱে সাৱধান হোৱাৰ সময় আহিছে। ভূ-গৰ্ভত এনে সম্পদৰ ভাণ্ডাৰ লাহে লাহে কমি আহিছে। খনিজ সম্পদৰ অনুচিত ব্যৱহাৰে  প্ৰাকৃতিক পৰিৱেশ প্ৰদূষিত কৰিছে।

(গ) জলজ সম্পদ : পানীৰ পৰা যিবোৰ সম্পদ পোৱা যায়, তাকে জলজ সম্পদ বোলে। জলজ সম্পদৰ ভিতৰত বিভিন্ন ধৰনৰ মাছ, কাছ নানা ধৰণৰ উদ্ভিদ আদি প্ৰধান। জলজ সম্পদক কেন্দ্ৰ কৰি এচাম মানুহে জীৱন নিৰ্বাহ কৰি আহিছে। ব্যৱহায় বাণিজ্য সুচল কৰাৰ ক্ষেত্ৰত অসমৰ নদীসমূহে বিশেষ ভূমিকা গ্ৰহণ কৰিছে।অসমৰ জলাশয়বোৰ সংৰক্ষণৰ যোগেদি অসমৰ জলজ সম্পদবোৰ সংৰক্ষণ কৰিব পাৰি।

অতিৰিক্ত প্ৰশ্নোত্তৰ

1. তিনিবিধ পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ নাম লিখা।

উত্তৰঃ ৰন্ধন গেছ,নেপথা, পেট্ৰল।

2. অসমৰ কিমান শতাংশ লোক কৃষিজীৱী ?

উত্তৰঃ ৯০ %

3. অসমৰ প্ৰধান খাদ্য শস্যবিধৰ নাম কি ?

উত্তৰঃ ধান।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top