Assam Jatiya Bidyalay Class 4 Social Science Chapter 3 অসমৰ জিলাসমূহ

Assam Jatiya Bidyalay Class 4 Social Science Chapter 3 অসমৰ জিলাসমূহ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 3 অসমৰ জিলাসমূহ Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class IV Social Science Chapter 3 অসমৰ জিলাসমূহ Notes cover all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Social Science Chapter 3 অসমৰ জিলাসমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমৰ জিলাসমূহ

Chapter – 3

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

1. জিলা বুলিলে কি বুজা ?

উত্তৰঃ আমাৰ অসম নামৰ ৰাজ্যখনক সুবিধাৰ কাৰণে ৩৪ তা ভাগত ভাগ কৰা হৈছে। ইয়াৰে একো-একোটা ভাগক জিলা বুলি কোৱা হয়।

2. অসমৰ বর্তমান জিলাৰ সংখ্যা কিমান ?

উত্তৰঃ অসমৰ বর্তমান জিলাৰ সংখ্যা হ’ল ৩৪ খন।

3. বড়োলেণ্ড শ্বায়িত্বশাসিত পৰিষদৰ জিলাকেইখনৰ নাম লিখা।

উত্তৰঃ বড়োলেণ্ড শ্বায়িত্বশাসিত পৰিষদৰ জিলাকেইখনৰ নাম হ’ল― বাকচা, ওদালগুৰি, চিৰাং আৰু কোকৰাঝাৰ।

4. নামৰূপ অসমৰ কোনখন জিলাত অৱস্থিত? এই ঠাইখন কিয় বিখ্যাত ?

উত্তৰঃ নামৰূপ অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত। ই ৰাসায়নিক সাৰৰ কাৰখানা, পেট্ৰ’কেমিকেলছ উদ্যোগ আৰু তাপবিদ্যুৎ কেন্দ্র আছে বাবে এই ঠাইখন বিখ্যাত।

5. অসমৰ ৰাজধানী চহৰখন কোনখন জিলাত অৱস্থিত ?

উত্তৰঃ অসমৰ ৰাজধানী চহৰখন কামৰূপ (মেট্ৰ) জিলাত অৱস্থিত।

6. অসমৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰটোৰ নাম কি ?

উত্তৰঃ অসমৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰটোৰ নাম হ’ল― লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ।

7. পিতল শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম কি ?

উত্তৰঃ পিতল শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম হ’ল―হাজো।

8. কাঁহ শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম কি ?

উত্তৰঃ কাঁহ শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম হ’ল―সৰ্থেবাৰী।

9. অসমৰ কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত হয় ?

উত্তৰঃ অসমৰ মৰিগাঁও জিলাত জোনবিল মেলা অনুষ্ঠিত হয়।

10. মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানখনৰ নাম কি ? এই ঠাইখন অসমৰ কোনখন জিলাত অৱস্থিত ?

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানখনৰ নাম বৰদোৱাৰ আলিপুখুৰী নামৰ এখন গাওঁ। এই ঠাইখন অসমৰ নগাওঁ জিলাত অৱস্থিত।

11. লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেতেকুপুখুৰী কিয় বিখ্যাত ?

উত্তৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেতেকুপুখুৰীত অসমৰ অন্যতম মহাপুৰুষ, শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল। সেয়েহে এই ঠাইখন অতিকৈ বিখ্যাত।

12. অৰুণাচল প্ৰদেশলৈ যাব পৰা এটা প্ৰধান প্ৰৱেশপথৰ নাম লিখা।

উত্তৰঃ অৰুণাচল প্ৰদেশলৈ যাব পৰা এটা প্ৰধান প্ৰৱেশপথৰ নাম হ’ল―বান্দৰদেৱা।

13. ‘ডম্বুবাছ’ নামৰ ওখ শৃংগটো অসমৰ কোনখন জিলাত অৱস্থিত ?

উত্তৰঃ ডম্বুবাছ’ নামৰ ওখ শৃংগটো অসমৰ কাৰ্বিআংলং জিলাত অৱস্থিত।

14. হাফলং কোন জিলাৰ সদৰ ঠাই ?

উত্তৰঃ হাফলং ডিমা হাছাও জিলাৰ সদৰ ঠাই।

15. বড়ো শ্বায়িত্বশাসিত পৰিষদৰ প্ৰধান কাৰ্য্যালয় অসমৰ কোনখন ঠাইত আছে ?

উত্তৰঃ বড়ো শ্বায়িত্বশাসিত পৰিষদৰ প্ৰধান কাৰ্য্যালয় অসমৰ কোকৰাঝাৰ জিলাত আছে।

16. পাটবাউসী সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ পাটবাউসী সত্ৰখন শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল।

17. তলত দিয়া ঠাইবোৰ কোন জিলাত অৱস্থিত আৰু কিয় বিখ্যাত লিখা।

জাতিংগা, শ্ৰী সূৰ্যপাহাৰ, দ’–পৰ্বতীয়া, পাথৰিঘাট, তিতাবৰ, দুলীয়াজান, শুৱালকুছি।

উত্তৰঃ জাতিংগা : ডিমা হাছাও জিলাত অৱস্থিত।জাতিংগা পৰিভ্ৰমী চিৰাইৰ অতিকৈ উত্তম স্থান।

শ্ৰী সূৰ্যপাহাৰ : গোৱালপাৰা জিলাত অৱস্থিত।শ্ৰী সূৰ্যপাহাৰ পুৰণি ভাস্কৰ্য্যৰ বাবে বিখ্যাত।

দ’–পৰ্বতীয়া : শোণিতপুৰ জিলাত অৱস্থিত।দ’–পৰ্বতীয়া শিলৰ তোৰণ অসমৰ এক ঐতিহাসিক কীৰ্তিচিহ্ন ।

পাথৰিঘাট : দৰং জিলাত অৱস্থিত।পাথৰিঘাটতেই ব্ৰিটিছৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ হৈছিল।

তিতাবৰ : যোৰহাট জিলাত অৱস্থিত।তিতাবৰ ধান আৰু ৰেছম গৱেষণা কেন্দ্ৰ আছে।

দুলীয়াজান : ডিব্ৰুগড় জিলাত অৱস্থিত। দুলীয়াজানত খাৰুৱা তেলৰ উদ্যোগ আছে।

শুৱালকুছি : কামৰূপ (গ্ৰাম্য) জিলাত অৱস্থিত।শুৱালকুছিত তৈয়াৰী পাট-মুগা কাপোৰ অসম তথা ভাৰত বিখ্যাত।

18. তলত দিয়া ঠাইবোৰৰ ওপৰত এটি টোকা লিখা।

গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, ধুবুৰী।

উত্তৰঃ গুৱাহাটী : গুৱাহাটী কামৰূপ মহানগৰ জিলাত অৱস্থিত। এ কামৰূপ মহানগৰ জিলাৰ সদৰ ঠাই। অসমৰ ৰাজধানী দিছপুৰ গুৱাহাটীত অৱস্থিত। গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, ৰাজ্যিক চিৰিয়াখানা, পুথিভঁৰাল আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আৰু দৰ্শন কৰিবলগীয়া স্থান ইয়াত আছে। আসমৰ একমাত্ৰ আন্তৰ্জাতিক বিমানবন্দৰ তথা উত্তৰ-পূৱ সীমান্ত ৰেলপথৰ প্ৰধান কাৰ্য্যালয় গুৱাহাটীত অৱস্থিত।

যোৰহাট : যোৰহাট অসমৰ এখন উন্নত জিলাৰ লগতে আগবঢ়া স্থান। যোৰহাট জিলাৰ শিক্ষিতৰ হাৰ অসমৰ ভিতৰত সৰ্বাধিক। ইয়াত অসম কৃষি-বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, আঞ্চলিক গৱেষণাৰৰ লগতে, টোকলাই চাহ-গৱেষণা কেন্দ্র আছে। ইয়াত এখন নতুনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে।

শিলচৰ : বৰাক উপত্যকাৰ অন্যতম জিলা কাছাৰ সদৰ ঠাই শিলচৰ। শিলচৰ শিক্ষা-সাংস্কৃতিৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া। ইয়তেই শিলচৰ চিকিৎসা মহাবিদ্যালয়, অসম বিশ্ববিদ্যালয়, আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয় আছে।

অতিৰিক্ত প্ৰশ্নাৱলী

1. জিলা প্ৰশাসনৰ মুৰব্বী গৰাকীক কি বোলে ?

উত্তৰঃ উপায়ুক্ত।

2. মহকুমা প্ৰশাসনৰ মুৰব্বী গৰাকীক কি বোলে ?

উত্তৰঃ মহকুমাধিপতি।

3. মানচিত্ৰ কেইপ্রকাৰৰ আৰু কি কি ?

উত্তৰঃ মানচিত্ৰ তিনিপ্ৰকাৰৰ―

(ক) ৰাজনৈতিক মানচিত্ৰ।

(খ) প্ৰাকৃতিক মানচিত্ৰ।

(গ) বিষয়ভিত্তিক মানচিত্ৰ।

4. এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ ক’ত আৰু কেতিয়া স্থাপিত হৈছিল ?

উত্তৰঃ অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত ১৯০১ চনত স্থাপিত হৈছিল।

5. ডিব্ৰু চৈখোৱা অভয়াৰণ্য কোন জিলাত অৱস্থিত ? এইখন কিহৰ বাবে বিখ্যাত ?

উত্তৰঃ তিনিচুকীয়া জিলাত অৱস্থিত। এইখন দেওহাঁহ আৰু বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত।

6. উত্তৰ-পূৰ্বাঞ্চলৰ তেলৰ আৰু প্ৰাকৃতিক গেছ নিগমৰ প্ৰধান কাৰ্যালয় ক’ত অৱস্থিত ?

উত্তৰঃ শিৱসাগৰ জিলাৰ নাজিৰাত অৱস্থিত।

7. গিবন অভয়াৰণ্য কিহৰ বাবে বিখ্যাত ?

উত্তৰঃ গিবন অভয়াৰণ্য বান্দৰৰ বাবে বিখ্যাত।

8. অসমৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক’ত আছে ?

উত্তৰঃ গোলাঘাট জিলাৰ দেৰগাওঁত অৱস্থিত।

9. উত্তৰ-পূৱ ভাৰতৰ একমাত্ৰ এলুমিনিয়াম কাৰখানাটো ক’ত অৱস্থিত ?

উত্তৰঃ বঙাইগাঁও জিলাত।

10. অসমৰ একমাত্ৰ সৈনিক স্কুলখন ক’ত অৱস্থিত ?

উত্তৰঃ গোৱালপাৰা জিলাৰ মৰনৈত।

11. পাভৈ অভয়াৰণ্য কিহৰ বাবে বিখ্যাত ?

উত্তৰঃ বনৰীয়া ম’হৰ বাবে বিখ্যাত।

12. উত্তৰ-পূৱ সীমান্ত ৰেলপথৰ শেষ ষ্টেচনটোৰ নাম কি ?

উত্তৰঃ মূর্কংচেলেক (ধেমাজি জিলা)।

13. অসমৰ ভিতৰত দীৰ্ঘতম ৰেলৰ সুৰংগ ক’ত আছে ?

উত্তৰঃ ডিমা-হাছাও জিলাৰ মাহুৰত।

14. বঙাইগাঁও তেল শোধনাগাৰ ক’ত অৱস্থিত ?

উত্তৰঃ চিৰাং জিলাৰ ঢালিগাঁওত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top