Assam Jatiya Bidyalay Class 4 Social Science Chapter 11 যন্ত্ৰ শিল্প বা উদ্যোগ

Assam Jatiya Bidyalay Class 4 Social Science Chapter 11 যন্ত্ৰ শিল্প বা উদ্যোগ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 11 যন্ত্ৰ শিল্প বা উদ্যোগ Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class IV Social Science Chapter 11 যন্ত্ৰ শিল্প বা উদ্যোগ Notes cover all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Social Science Chapter 11 যন্ত্ৰ শিল্প বা উদ্যোগ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

যন্ত্ৰ শিল্প বা উদ্যোগ

Chapter – 11

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

1. উত্তৰ লিখা-

(ক) যন্ত্ৰ শিল্প কাক বোলে ?

উত্তৰঃ যন্ত্ৰ বা মেচিনৰ সহায়ত যিদৰে বস্তু উৎপাদন কৰা হয়, তাকে যন্ত্ৰ শিল্প বোলে।

(খ) তেল শোধনাগাৰৰ কেঁচামাল কি ?

উত্তৰঃ তেল শোধনাগাৰৰ কেঁচামাল হ’ল― খাৰুৱা তেল।

(গ) সাৰ কাৰখানাৰ প্ৰধান কেঁচামাল কি ?

উত্তৰঃ সাৰ কাৰখানাৰ প্ৰধান কেঁচামাল হ’ল― প্ৰাকৃতিক গেছ।

(ঘ) মৰাপাট উদ্যোগত উৎপাদিত দুবিধ বস্তুৰ নাম লিখা।

উত্তৰঃ মৰাপাট উদ্যোগত উৎপাদিত দুবিধ বস্তুৰ নাম হ’ল― থৈলা, কাৰ্পেট।

(ঙ) অসমৰ প্ৰধান খনিজ সম্পদ কি ?

উত্তৰঃ অসমৰ প্ৰধান খনিজ সম্পদ হ’ল―খাৰুৱা তেল।

(চ) অসমক কিয় পনীয়া সোনৰ দেশ বোলা হয় ?

উত্তৰঃ অসমত খাৰুৱা তেল অধিক পৰিমাণে পোৱা যায় বাবে অসমক পনীয়া সোণৰ দেশ বোলা হয়।

(ছ) ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ ক’ত স্থাপন কৰা হৈছিল ?

উত্তৰঃ ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ অসমৰ ডিগবৈত ১৯০১চনত স্থাপন কৰা হৈছিল।

(জ) কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল কি ?

উত্তৰঃ কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ’ল–বাঁহ।

(ঝ) অসমৰ ক’ত মৰাপাট উদ্যোগ আছে ?

উত্তৰঃ অসমৰ নগাঁও জিলাৰ শিলঘাটত এটা মৰাপাট উদ্যোগ আছে।

(ঞ) চিমেণ্ট উদ্যোগৰ কেঁচামাল কি ?

উত্তৰঃ চিমেণ্ট উদ্যোগৰ কেঁচামাল ― চুনশিল।

2. খালী ঠাই পূৰ কৰা।

(ক) উদ্যোগত বস্তু উৎপাদনৰ বাবে _______ প্ৰয়োজন।

(খ) অসমত ________ টা তেলৰ শোধনাগাৰ আছে।

(গ) কাৰ্বি আংলং জিলাৰ ________ ত চিমেণ্ট উদ্যোগ আছে।

(ঘ) ডিব্ৰুগড় জিলাৰ ________ ত সাৰ কাৰখানা আছে।

(ঙ) হাইলাকান্দি জিলাৰ ________ ত কাগজ উদ্যোগ আছে।

(চ) অসমত সৰু ডাঙৰ প্ৰায় ________ খন চাহ বাগিচা আছে।

উত্তৰঃ (ক) উদ্যোগত বস্তু উৎপাদনৰ বাবে কেঁচামালৰ প্ৰয়োজন।

(খ) অসমত টা তেলৰ শোধনাগাৰ আছে।

(গ) কাৰ্বি আংলং জিলাৰ বোকাজন ত চিমেণ্ট উদ্যোগ আছে।

(ঘ) ডিব্ৰুগড় জিলাৰ নামৰূপ ত সাৰ কাৰখানা আছে।

(ঙ) হাইলাকান্দি জিলাৰ পঞ্চগ্রাম ত কাগজ উদ্যোগ আছে।

(চ) অসমত সৰু ডাঙৰ প্ৰায় আঠশ খন চাহ বাগিচা আছে।

3. বনজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা।

উত্তৰঃ বনজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম হ’ল― কাগজ উদ্যোগ আৰু প্লাইউদ উদ্যোগ।

4. খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা।

উত্তৰঃ খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম হ’ল ― চিমেণ্ট উদ্যোগ, সাৰ উদ্যোগ।

5. কৃষিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা।

উত্তৰঃ কৃষিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম হ’ল― মৰাপাট উদ্যোগ আৰু চাহ উদ্যোগ।

6. উদ্যোগ স্থাপনৰ বাবে কি কি বস্তুৰ প্ৰয়োজন হয় ?

উত্তৰঃ উদ্যোগ স্থাপনৰ বাবে প্ৰয়োজন বস্তুবোৰ হ’ল― উন্নত ৰাস্তা-ঘাট, টকা-পইচাৰ যোগান, বিজুলীৰ যোগান, উপযুক্ত শ্ৰমিক আৰু উপযুক্ত বজাৰৰ ব্যৱস্থা।

7. অসমৰ তেল শোধনাগাৰ থকা ঠাইসমূহৰ নাম লিখা।

উত্তৰঃ অসমৰ তেল শোধনাগাৰ থকা ঠাইসমূহ হ’ল― ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়।

8. চমু টোকা লিখা।

(ক) অসমৰ চাহ উদ্যোগ।

(খ) অসমৰ তেল শোধনাগাৰ।

(গ) অসমৰ মৰাপাট উদ্যোগ।

(ঘ) অসমৰ কাগজ উদ্যোগ।

উত্তৰঃ (ক) অসমৰ চাহ উদ্যোগ : অসম চাহ উদ্যোগৰ বাবে বিখ্যাত। ভাৰতবৰ্ষৰ উৎপাদিত মুঠ চাহৰ আধা ভাগ অসমত উৎপাদন হয়। অসমত প্ৰায় ৮০০ খন সৰু-ডাঙৰ চাহ-বাগিচা আছে। এই বাগিচাসমূহৰ পৰা কোমল পাত সংগ্ৰহ কৰি কাৰখানাত গুৰি কৰি চাহ উৎপাদন কৰা হয়। এই চাহ বাগিচাসমূহত বহুতো শ্ৰমিকে নিজকে সংস্থাপিত কৰিব পাৰিছে।

(খ) অসমৰ তেল শোধনাগাৰ : অসমত প্ৰচুৰ পৰিমাণে খাৰুৱাতেল পোৱা যায়। খাৰুৱা তেল অসমৰ প্ৰধান খনিজ সম্পদ। খাৰুৱা তেল অধিক পৰিমানে পুৱা যায় বাবে অসমক পনীয়া সোণৰ সোণৰ দেশ বোলে। খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰ কৰি অসমত চাৰিটা তেল শোধনাগাৰ গঢ় লৈ উঠিছে। তেল শোধনাগাৰ থকা ঠাইসমূহ হৈছে― ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলিগড়। ইয়াৰ ডিগবৈত স্থাপিত তেল শোধনাগাৰটো ভাৰত তথা এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ।

(গ) অসমৰ মৰাপাট উদ্যোগ : অসমৰ মৰাপাট খেতি প্ৰচুৰ পৰিমাণে কৰা হয়। কৃষিৰ পৰা পোৱা মৰাপাটৰ পৰা মৰাপাট উদ্যোগত বিভিন্ন প্ৰস্তুত কৰা হয়। অসমৰ নগাঁও জিলাৰ শিলাঘাটত এটা মৰাপাট উদ্যোগ স্থাপন কৰা হৈছে। এই উদ্যোগত ৰচী, থৈলা, কাৰ্পেট আদি বিভিন্ন সামগ্ৰী উৎপাদন কৰা হয়।

(ঘ) অসমৰ কাগজ উদ্যোগ : অসমৰ জলবায়ু বাঁহ গছৰ বাবে উপযোগী। সেয়ে ইয়াত যথেষ্ট পৰিমাণে বাঁহ গছ হয়। বাঁহ গছৰ ওপৰত ভিত্তি কৰি অসমত প্রথমটো কাগজ উদ্যোগ বঙাইগাঁও জিলাৰ যোগীঘোপাত প্ৰতিষ্ঠা কৰা হৈছিল। মৰিগাঁও জিলাৰ জাগীৰোড আৰু হাইলাকান্দি জিলাৰ পঞ্চগ্ৰামত অসমৰ দুটা কাগজ উদ্যোগ আছে।

অতিৰিক্ত প্ৰশ্নাৱলী

1. খাৰুৱা তেল শোধন কৰি প্ৰস্তুত কৰা চাৰিবিধ সামগ্ৰীৰ নাম লিখা।

উত্তৰঃ পেট্ৰল, ডিজেল, কেৰাচিন, ৰন্ধন গেছ।

2. অসমৰ নামৰূপত থকা সাৰ কাৰখানাটোৰ নাম কি ?

উত্তৰঃ ভাৰতীয় সাৰ নিগম।

3. কামৰূপ জিলাৰ ক’ত সাৰ কাৰখানা আছে ? ইয়াৰ নাম কি ?

উত্তৰঃ কামৰূপ জিলাৰ চন্দ্ৰপুৰত এটা সাৰ কাৰখানা আছে। ইয়াৰ নাম হ’ল― ‘ফাৰ্তীকেম’।

4. প্লাইউড উদ্যোগে গা-কৰি উঠা অসমৰ তিনিখন প্ৰধান ঠাইৰ নাম লিখা।

উত্তৰঃ তিনিচুকীয়া, মাৰ্ঘেৰিটা, মৰিয়ণি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top