Assam Jatiya Bidyalay Class 4 Social Science Chapter 1 আমাৰ ৰাজ্য অসম

Assam Jatiya Bidyalay Class 4 Social Science Chapter 1 আমাৰ ৰাজ্য অসম, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 1 আমাৰ ৰাজ্য অসম Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 4 Social Science Chapter 1 আমাৰ ৰাজ্য অসম Notes cover all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Social Science Chapter 1 আমাৰ ৰাজ্য অসম provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আমাৰ ৰাজ্য অসম

Chapter – 1

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

1. একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) অসমৰ প্ৰধান নদী দুখনৰ নাম কি ?

উত্তৰঃ অসমৰ প্ৰধান নদী দুখনৰ নাম হ’ল ― ব্ৰহ্মপুত্ৰ আৰু বৰাক।

(খ) প্ৰাগজ্যোতিষ ৰাজ্যেৰ ৰাজধানীৰ নাম কি আছিল ?

উত্তৰঃ প্ৰাগজ্যোতিষ ৰাজ্যেৰ ৰাজধানীৰ নাম হ’ল ― প্ৰাগজ্যোতিষপুৰ।

(গ) উত্তৰ-পূৱ সীমান্ত ৰেল সংমণ্ডলৰ প্ৰধান কাৰ্য্যালয় ক’ত অৱস্থিত ?

উত্তৰঃ উত্তৰ-পূৱ সীমান্ত ৰেল সংমণ্ডলৰ প্ৰধান কাৰ্য্যালয় গুৱাহাটীৰ মালিগাঁওত অৱস্থিত।

(ঘ) বৰ্তমান অসমত কেইখন জিলা আছে ?

উত্তৰঃ বৰ্তমান অসমত ৩৩ খন জিলা আছে।

(ঙ) বৰ্তমান অসমৰ ৰাজধানী ক’ত অৱস্থিত ?

উত্তৰঃ বৰ্তমান অসমৰ ৰাজধানী গুৱাহাটীৰ দিছপুৰত অৱস্থিত।

2. চমু উত্তৰ দিয়া।

(ক) ৰাজ্য এখন কেনেকৈ গঠন কৰা হয় ?

উত্তৰঃ শাসনৰ সুবিধাৰ কাৰণে কেইবাখনো জিলা লগ-লগাই একো একোখন ৰাজ্য গঠন কৰা হয়।

(খ) অসমৰ সীমাত থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা। 

উত্তৰঃ অসমৰ সীমাত থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম হ’ল ― বাংলাদেশ আৰু ভূটান।

(গ) আহোমসকলে কিমানদিন অসমত ৰাজত্ব বা শাসন কৰিছিল ? পিছত ইংৰাজে কোন চনৰ পৰা কোন চনৰ পৰা কোন চনলৈকে শাসন কৰিছিল ?

উত্তৰঃ আহোমসকলে অসমত প্ৰায় ৬০০ বছৰ কাল ৰাজত্ব বা শাসন কৰিছিল।

পিছত ইংৰাজে ১৮২৬ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৭ খ্ৰীষ্টাব্দলৈ শাসন কৰিছিল।

(ঘ) ৩৭ নং ৰাষ্ট্রীয় ঘাই পথটো ক’ৰ পৰা কলৈ গৈছে।

উত্তৰঃ ৩৭ নং ৰাষ্ট্রীয় ঘাই পথটো গোৱালপাৰা জিলাৰ পঞ্চৰত্ন পৰা তিনিচুকীয়া জিলাৰ ছৈখোৱা ঘাটলৈকে বিস্তৃত হৈ আছে।

(ঙ) অসমৰ কেইটামান পুৰণি কীৰ্তিচিহ্নৰ নাম লিখা।

উত্তৰঃ অসমৰ কেইটামান পুৰণি কীৰ্তিচিহ্নৰ নাম ― কামাখ্যা মন্দিৰ, মদন কামদেৱৰ মন্দিৰ, তেজপুৰৰ অগ্নিগড়, দ-পৰ্বতীয়াৰ শিলৰ তোৰণ, উত্তৰ গুৱাহাটীৰ কানাই বৰশীবোৱা শিলালিপি, গুৱাহাটীৰ উমানন্দ মন্দিৰ, শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, জয়দৌল, শিৱসাগৰ পুখুৰী জয়সাগৰ পুখুৰী, নামডাঙ নদীৰ ওপৰৰ শিলৰ সাঁকো ইত্যাদি।

3. চমু টোকা লিখা।

(ক) অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা।

(খ) অসমৰ পাহাৰীয়া অঞ্চল।

(গ) অসমৰ নামৰ উৎপত্তি।

উত্তৰঃ (ক) অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা : আসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চলটো মাটি অতি সাৰুৱা। এনে সাৰুৱা মাটিত মানুহে সহজে খেতি-বাতি কৰিব পাৰে। সমান আৰু আহল-বহল হোৱা বাবে যাতায়ত, যোগাযোগ, বেহা-বেপাৰ, শিক্ষা, চিকিৎসা আদিৰ ক্ষেত্ৰত এই অঞ্চল অতি সুবিধাজনক। এই অঞ্চলৰ মানুহে খেতি বাতিৰ বাহিৰেও আন আন উপায়ে সহজে জীৱন নিৰ্বাহ কৰিব পাৰে।

(খ) অসমৰ পাহাৰীয়া অঞ্চল : অসমৰ পাহাৰীয়া আঁচলবোৰ গছ-গছনি আৰু শিলেৰে ভৰা থিয় আৰু এঢলীয়া। সেয়ে মানুহে সহজে ঘৰ-দুৱাৰ সাজিব নোৱাৰে। খেতি-বাতিৰ বাবেও এনে অঞ্চল সুবিধাজনক নহয়। বৰষুণ হলেও বা নদ-নদী বা জান-জুৰি থাকিলেও পানীভাগ তললৈ বৈ আহে। ফলত উপযুক্ত পৰিমাণে পানী এই অঞ্চলত পোৱা নাযায়। যাতায়ত-যোগাযোগ আৰু বেহা-বেপাৰৰ বাবেও এনে অঞ্চল সুবিধাজনক নহয়।

(গ) অসম নামৰ উৎপত্তি : ১২২৮ খ্ৰীষ্টাব্দত চাওলুং চুকাফাই কামৰূপ ৰাজ্যত পাতিছিল। তেওঁৰ সাহসিকতা, বল বিক্ৰমত মুগ্ধ হৈ স্থানীয় লোকে তেওঁলোকৰ সমান কোনো নাই বুলি কৈছিল। কালক্ৰমত মানুহৰ মুখত পৰি তেওঁলোকে অসম আহোম বুলি জনাজাত হৈছিল আৰু তেওঁলোকে বাস কৰা ঠাইখন অসম হিচাপে জনাজাত হৈছিল।

4. অসমৰ চাৰিসীমা লিখা।

উত্তৰঃ অসমৰ উত্তৰে ভূটান আৰু অৰুণাচল প্ৰদেশ, পূৱে অৰুণাচলৰ এটা অংশ নাগালেণ্ড আৰু মণিপুৰ ৰাজ্য, দক্ষিণে নাগালেণ্ড আৰু ত্ৰিপুৰা ৰাজ্য পশ্চিমে বাংলাদেশ,মেঘালয় আৰু পশ্চিমবঙ্গ ৰাজ্য।

5. অসমৰ প্ৰাকৃতিক বিভাগ কেইটা কি কি ?

উত্তৰঃ অসমৰ প্ৰাকৃতিক বিভাগ তিনিটা। সেইকেইটা হ’ল ―

(ক) ব্রহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চল।

(খ) বৰাক নদীৰ উপত্যকা অঞ্চল।

(গ) পাহাৰীয়া অঞ্চল।

অতিৰিক্ত প্ৰশ্নাৱলী

1. অসমৰ প্ৰাচীন নাম কি ?

উত্তৰঃ প্ৰাগজ্যোতিষ্।

2. অসমত বাস কৰা তিনিটা প্ৰাচীন জনগোষ্ঠীৰ নাম লিখা ?

উত্তৰঃ ৰাভা, বড়ো, মিচিং।

3. অসমত কেইপ্রকাৰৰ যাতায়ত ব্যৱস্থা আছে আৰু কি কি ?

উত্তৰঃ চাৰিপ্ৰকাৰ। সেইবোৰ হ’ল স্থলপথ, ৰেলপথ, জলপথ আৰু বিমানপথ। 

4. অসমত থকা আন্তৰ্জাতিক বিমান বন্দৰটোৰ নাম কি ?

উত্তৰঃ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ।(বৰঝাৰ)

5. উত্তৰ-কাছাৰ পাৰ্বত্য জিলাৰ নতুন নাম কি ?

উত্তৰঃ ডিমা-হাচাও জিলা।

6. ব্ৰহ্মপুত্ৰ উত্তৰ – বাহিনী আৰু দক্ষিণ বাহিনী উপনৈ তিনিখনৰ নাম লিখা ?

উত্তৰঃ উত্তৰ বাহিনী উপনৈ ― সোৱণশিৰীৰ, ভৰলু, গাভৰু

দক্ষিণ বাহিনী উপনৈ ― ডিব্ৰু, দিখৌ, কপিলী।

7. বৰাক নদীৰ তিনিখন উপনৈৰ নাম লিখা ?

উত্তৰঃ জিৰি, জাতিংগা, সোনাই।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top