Assam Jatiya Bidyalay Class 4 Science Chapter 9 প্ৰাণী আৰু প্ৰাণীৰ আহাৰ

Assam Jatiya Bidyalay Class 4 Science Chapter 9 প্ৰাণী আৰু প্ৰাণীৰ আহাৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 9 প্ৰাণী আৰু প্ৰাণীৰ আহাৰ Class 4 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class IV Science Chapter 9 প্ৰাণী আৰু প্ৰাণীৰ আহাৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Science Chapter 9 প্ৰাণী আৰু প্ৰাণীৰ আহাৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

প্ৰাণী আৰু প্ৰাণীৰ আহাৰ

Chapter – 9

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১।  প্ৰাণীক আহাৰ কিয় লাগে ?

উত্তৰঃ প্ৰাণীক জীয়াই থাকিবলৈ আহাৰ লাগে। প্ৰাণীয়ে জীয়াই থাকিবলৈ কাম কৰিব লাগে। প্ৰাণীয়ে আহাৰ খালেহে কাম কৰিবলৈ শক্তি পায়।

২। তৃণভোজী প্ৰাণী কাক বোলে ? পাঁচবিধ তৃণভোজী প্ৰাণীৰ নাম লিখা।

উত্তৰঃ যিবোৰ প্ৰাণীয়ে জীয়াই থাকিবলৈ কেৱল গছ,বন খায় সেইবোৰ প্ৰাণীক তৃণভোজী প্ৰাণী বোলে।

পাঁচবিধ তৃণভোজী প্ৰাণীৰ নাম হ’ল― গৰু, ছাগলী, হৰিণা, হাতী আৰু ম’হ।

৩। পাঁচবিধ মাংসভোজী প্ৰাণীৰ নাম লিখা।

উত্তৰঃ বাঘ, সিংহ, ভালুক, চিলনী, সাপ।

৪। উদ্ভিদ আৰু মাংস দুয়োটা খোৱা পাঁচবিধ প্ৰাণীৰ নাম লিখা।

উত্তৰঃ মানুহ, শিয়াল, কুকুৰ, এন্দুৰ আৰু নিগনি।

৫। পৰজীৱী কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰঃ যিবিলাক প্ৰাণীয়ে আন প্ৰাণীৰ পৰা আহাৰ শুহি খায় তাকে পৰজীৱী বোলে।যেনে― পেলু, কৃমি।

৬। পেলনীয়া বস্তুবোৰ কিয় গেলি-পঁচি যায় ?

উত্তৰঃ কিছুমান ভেঁকুৰ আৰু বেক্টেৰীয়া পেলনীয়া খোৱাবস্তু আৰু জাৱৰ-জোথৰত গজে। ইহঁতে এইবোৰৰ পৰাই আহাৰ খায়। বেক্টেৰীয়া, ভেঁকুৰ য’ত গজে, সেইবোৰ গেলি-পঁচি যায়। এইবোৰ কিন্তু প্ৰাণী নহয়।

৭। পাগুলি খোৱা মানে কি ? পাগুলি খালে কি হয় ?

উত্তৰঃ গৰু, ম’হৰ দৰে আন কিছুমান প্ৰাণীয়ে যথেষ্ট পৰিমাণে ঘাঁহ বন খায়। ঘাঁহ বন প্ৰথমে পেটলৈ যায়। পাছত আকৌ পেটৰ পৰা মুখলৈ উলিয়াই আনি চোবাই খায়। এনেদৰে খুৱাকে পাগুলি খোৱা বোলে। পাগুলি খালেহে ঘন বনবোৰ হজম হয়।

৮। উদ্ভিদ নাথাকিলে মাংসভোজী প্ৰাণীবোৰ জীয়াই থাকিবনে? যদি নাথাকে কিয় ?

উত্তৰঃ উদ্ভিদ নাথাকিলে মাংসভোজী প্ৰাণীবোৰ জীয়াই নাথাকে। তৃণভোজী প্ৰাণীয়ে গছ-বন খায়। তেতিয়া গছ-বনত থকা শক্তি তৃণভোজী প্ৰাণীৰ দেহলৈ যায়। আকৌ মাংসভোজী প্ৰাণীয়ে তৃণভোজী প্ৰাণীৰ মাংস খায়। তেতিয়া তৃণভোজীৰ মাংসত থকা প্ৰ’টিন আদি মাংসভোজীৰ দেহলৈ যায়। মাংসভোজী প্ৰাণীবোৰে জীয়াই থাকিবলৈ এনেদৰে শক্তি পায়।

৯। উদ্ভিদে দেহত কি কি পদাৰ্থ উৎপন্ন কৰে ?

উত্তৰঃ উদ্ভিদে মূলত : প্ৰ’টিন, তেল, চৰ্বি আৰু ভিটামিন। এই আটাইবোৰ পদাৰ্থই শক্তি যোগায়।

১০। জৈৱ ৰাসায়নিক শক্তি কাক বোলে ?

উত্তৰঃ উদ্ভিদে কাৰ্ব’হাইড্ৰেট ওপৰিও প্ৰ’টিন, তেল, চৰ্বি আৰু ভিটামিন প্ৰস্তুত কৰে। এই আটাইবোৰ পদাৰ্থই শক্তি যোগায়। এই শক্তিৰ নামেই হ’ল জৈৱ ৰাসায়নিক শক্তি।

১১। শস্য খোৱা চৰাইৰ ঠোঁটৰ গঠন কেনে হয় ? দুবিধ শস্য খোৱা চৰাইৰ নাম লিখা।

উত্তৰঃ সাধাৰণতে শস্য খোৱা চৰাইৰ ঠোঁট চুটি আৰু টান। সেইবাবে ধান,মাহ, সৰিয়হ আদি শস্য অনায়াসে খাব পাৰে। যেনে― পাৰ, ঘৰচিৰিকা।

১২। শুদ্ধ বাক্যটো লিখা।

(ক) পখিলা আৰু জোকৰ আহাৰ গোটা/জুলীয়া।

(খ) ভেকুলীয়ে জিভাৰ সহায়ত পোক-পৰুৱা চোবাই খায়/ গোটে গোটে গিলি থয়।

(গ) ভাটৌৰ দুয়োটা ঠোঁট সমান/সমান নহয়।

(ঘ) প্ৰ’টিনত এবিধ জৈৱ-ৰাসায়নিক শক্তি থাকে/নাথাকে।

(ঙ) উকনি পৰজীৱী প্ৰাণী হয়/নহয়।

উত্তৰঃ (ক) পখিলা আৰু জোকৰ আহাৰ জুলীয়া।

(খ) ভেকুলীয়ে জিভাৰ সহায়ত পোক-পৰুৱা গোটে গোটে গিলি থয়।

(গ) ভাটৌৰ দুয়োটা ঠোঁট সমান নহয়।

(ঘ) প্ৰ’টিনত এবিধ জৈৱ-ৰাসায়নিক শক্তি থাকে।

(ঙ) উকনি পৰজীৱী প্ৰাণী নহয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top