Assam Jatiya Bidyalay Class 4 Science Chapter 7 গুটিৰ বিস্তাৰণ

Assam Jatiya Bidyalay Class 4 Science Chapter 7 গুটিৰ বিস্তাৰণ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 7 গুটিৰ বিস্তাৰণ Class 4 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class IV Science Chapter 7 গুটিৰ বিস্তাৰণ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Science Chapter 7 গুটিৰ বিস্তাৰণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

গুটিৰ বিস্তাৰণ

Chapter – 7

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। গুটিৰ বিস্তাৰণ কাক বোলে ?

উত্তৰঃ এডাল গছত বহুত ফুল ফুলে। এই ফুলৰ পৰা আকৌ বহুত গুটি হয়। গছৰ গুটি এঠাইৰ পৰা আনঠাইলৈ সিঁচৰতি হৈ যোৱাকে গুটিৰ বিস্তাৰণ বোলে।

২। গুটিৰ বিস্তাৰণ চাৰিটা উপায় লিখা। প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ গুটিৰ বিস্তাৰণ চাৰিটা উপায় হ’ল―

(ক) বতাহে গুটি উৰুৱাই নিয়ে― কিছুমান গছৰ গুটি সৰু, পাতল, বতাহে এনে গুটি সহজে উৰুৱাই নি দূৰৈত পেলায়। কিছুমান গুটিত সৰু পাখি লাগি থাকে। আন কিছুমানৰ আকৌ সৰু আঁহ থাকে। পাখি আৰু আঁহৰ ফলত গুটিবোৰ বতাহত ভাঁহি দূৰলৈ যাব পাৰে। যেনে― শিমলু, মদাৰ।

(খ) পানীৰ সোঁতত গুটি উঠি যায়― নৈ আৰু সাগৰৰ কাষত গছ থাকে। তেনেবোৰ গছৰ গুটি পানীত উঠি দূৰলৈ যায়। উদাহৰণস্বৰূপে, সাগৰৰ পাৰত নাৰিকল গছ হয়। নাৰিকলৰ বাকলি শুকান। বাকলিটো আঁহেৰে তৈয়াৰী। নাৰিকল পানীত ওপঙি থাকে। পানীত উঠি ভাঁহি নাৰিকলৰ বহু দূৰলৈ যায়গৈ। য’ত থিতাপি লয় তাতে গজালি মেলে।

(গ) প্ৰাণীয়েও গুটি দূৰলৈ লৈ যায়― প্ৰাণীয়ে গছৰ ফল খায়। চৰাই, কেৰ্কেটুৱা, বান্দৰৰ আদিয়ে ফলবোৰ লৈ গৈ আন ঠাইত বা আন গছৰ ওপৰত খায়। তেতিয়া গুটিবোৰ গছজোপাৰ পৰা আঁতৰত পৰেগৈ। মানুহেও ফলৰ গুটিবোৰ গছজোপাৰ পৰা আঁতৰত পেলায়। আকৌ কিছুমান ফল খাওঁতে গুটিবোৰ প্ৰাণীৰ পেটলৈ যায়। পাছত গুটিবোৰ মলৰ লগত বাহিৰ ওলায় যায়। এনেদৰেও প্ৰাণীয়ে গুটিবোৰ বিস্তাৰিত কৰে। উদাহৰণস্বৰূপে অমিতা, মাধুৰীআম ইত্যাদি।

(ঘ) ফল জোৰেৰে ফাটিলেও ছিটিকি পৰে― কিছুমান গছৰ গুটি পুৰঠ হ’লে হঠাতে ফাটি যায়। কিছু জোৰেৰে ফাটি যায়। যেনে মাটি মাহ, টেঙেচি, তিল ইত্যাদি। জোৰেৰে ফাটি যাওঁতে, ফলৰ গুটিবোৰ ছিটিকি পৰে। উদাহৰণ হ’ল― কড়িয়া বনৰ গুটি।

৩। গছৰ আটাইবোৰ গুটি গছজোপাৰ তলতে গজি বাঢ়িব নোৱাৰে। কাৰণটো লিখা।

উত্তৰঃ গছৰ বহু গুটি গছজোপাৰ তলতে সৰি পৰে। গুটিবোৰৰ পৰা গজালি ওলায়। কিন্তু সকলো গজালি সমানে বাঢ়িব নোৱাৰে। সকলো গজালিয়ে সমান পানী, সাৰ আৰু বাঢ়িবলৈ ঠাই নাপায়।

৪। বতাহ আৰু পানীয়ে গুটি কেনেদৰে বিস্তাৰিত কৰে লিখা।

উত্তৰঃ কিছুমান গছৰ গুটি সৰু, পাতল, বতাহে এনে গুটি সহজে উৰুৱাই নি দূৰৈত পেলায়। কিছুমান গুটিত সৰু পাখি লাগি থাকে। আন কিছুমানৰ আকৌ সৰু আঁহ থাকে। পাখি আৰু আঁহৰ ফলত গুটিবোৰ বতাহত ভাঁহি দূৰলৈ যাব পাৰে। যেনে― শিমলু, মদাৰ।

পানীৰ সোঁতত গুটি উঠি যায়। নৈ আৰু সাগৰৰ কাষত গছ থাকে। তেনেবোৰ গছৰ গুটি পানীত উঠি দূৰলৈ যায়। উদাহৰণস্বৰূপে, সাগৰৰ পাৰত নাৰিকল গছ হয়। নাৰিকলৰ বাকলি শুকান। বাকলিটো আঁহেৰে তৈয়াৰী। নাৰিকল পানীত ওপঙি থাকে। পানীত উঠি ভাঁহি নাৰিকলৰ বহু দূৰলৈ যায়গৈ। য’ত থিতাপি লয় তাতে গজালি মেলে।

৫। প্ৰাণীয়ে গুটি কেনেকৈ বিয়পায় লিখা।

উত্তৰঃ প্ৰাণীয়ে গছৰ ফল খায়। চৰাই, কেৰ্কেটুৱা, বান্দৰৰ আদিয়ে ফলবোৰ লৈ গৈ আন ঠাইত বা আন গছৰ ওপৰত খায়। তেতিয়া গুটিবোৰ গছজোপাৰ পৰা আঁতৰত পৰেগৈ। মানুহেও ফলৰ গুটিবোৰ গছজোপাৰ পৰা আঁতৰত পেলায়। আকৌ কিছুমান ফল খাওঁতে গুটিবোৰ প্ৰাণীৰ পেটলৈ যায়। পাছত গুটিবোৰ মলৰ লগত বাহিৰ ওলায় যায়। এনেদৰেও প্ৰাণীয়ে গুটিবোৰ বিস্তাৰিত কৰে।

ইয়াৰ বাহিৰেও কিছুমান গছৰ গুটিত শুং থাকে। শুংৰ সহায়ত গুটিবোৰ আন প্ৰাণী বা মানুহৰ গাত লাগি ধৰে। এনেদৰেও গুটি এঠাইৰ পৰা আন ঠাইলৈ বিয়পি পৰে।

৫। পকিলে জোৰেৰে ফাটি যোৱা দুবিধ ফলৰ নাম লিখা।

উত্তৰঃ তিল, ভোটএৰা।

৬। খাওঁতে গুটি পেটলৈ যোৱা পাঁচবিধ ফলৰ নাম লিখা।

উত্তৰঃ সুমথিৰা, অমিতা, আপেল, মধুৰীআম, ৰবাব টেঙা।

৭। খালি ঠাই পূৰ কৰা।

(ক) কপাহৰ গুটি _______ দ্বাৰা বিস্তাৰিত হয়।

(খ) তিলৰ গুটি ________ পৰে।

(গ) মধুৰীআমৰ গুটি প্ৰাণীৰ _______ লগত বিয়পে।

(ঘ) শুঙৰ সহায়ত আনৰ গাত লাগি ধৰি বিয়পা এবিধ গুটি হ’ল _______।

উত্তৰঃ (ক) কপাহৰ গুটি বতাহৰ দ্বাৰা বিস্তাৰিত হয়।

(খ) তিলৰ গুটি ফাটি পৰে।

(গ) মধুৰীআমৰ গুটি প্ৰাণীৰ ময়লাৰ লগত বিয়পে।

(ঘ)শুঙৰ সহায়ত আনৰ গাত লাগি ধৰি বিয়পা এবিধ গুটি হ’ল বিয়নিসাৱটা

৮। প্ৰশ্ন: ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা।

‘ক’‘খ’
নাৰিকলবতাহে উৰুৱাই নিয়ে
বনগুটিপানীৰ সোঁতত উঠি যায়
মদাৰৰ গুটিফাটি ছিটিকি পৰে
ভোটএৰাৰ গুটিশুঙৰ সহায়ত আন প্ৰাণীৰ গাত লাগি ধৰে

উত্তৰঃ                   

‘ক’‘খ’
নাৰিকলপানীৰ সোঁতত উঠি যায়
বনগুটিশুঙৰ সহায়ত আন প্ৰাণীৰ গাত লাগি ধৰে
মদাৰৰ গুটিবতাহে উৰুৱাই নিয়ে
ভোটএৰাৰ গুটিফাটি ছিটিকি পৰে

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top