Assam Jatiya Bidyalay Class 4 Science Chapter 5 উদ্ভিদৰ আহাৰ

Assam Jatiya Bidyalay Class 4 Science Chapter 5 উদ্ভিদৰ আহাৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 5 উদ্ভিদৰ আহাৰ Class 4 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 4 Science Chapter 5 উদ্ভিদৰ আহাৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Science Chapter 5 উদ্ভিদৰ আহাৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

উদ্ভিদৰ আহাৰ

Chapter – 5

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। গছৰ শিপাৰ কাম কি ?

উত্তৰঃ শিপাৰ সহায়ত গছে মাটিৰ পৰা পানী আৰু সাৰ শুহি লয়।

২। শিপাবোৰ কেনেকুৱা বৰ্ণনা কৰা।

উত্তৰঃ সকলো গছৰে শিপা একে নহয়। কিছুমান গছৰ গুৰিৰ পৰা এজোপা সৰু মিহি চুলিৰ দৰে শিপা ওলাই। পিয়াজ, ধান আদিত এনেকুৱা শিপা দেখা যায়। কিছুমান গছৰ গুৰিৰ পৰা এডাল ডাঙৰ শিপা ওলায় এইডাল ঘাই শিপা। সেই শিপাৰ পৰা কিছুমান ডাঙৰ শাখা শিপা ওলাই। ঘাই শিপা আৰু শাখা শিপাৰ মূৰৰ পিনে কিছুমান সৰু,তেনেই মিহি শিপা ওলায়। এইবোৰক চুলি শিপা বোলে। যেনে― ভেণ্ডি, জিকা,মটৰমাহ, আম আদিৰ শিপা।

৩। গছৰ পাতত কি কি থাকে ?

উত্তৰঃ গছৰ পাতত ক্লৰ’ফিল বা পতহৰিৎ থাকে। ক্লৰ’ফিলৰ ৰঙ সেউজীয়া। সেইবাবে পাতৰ ৰঙো সেউজীয়া। পাত সাধাৰণতে বহল, চেপেটা আৰু মেলখোৱা। এনেহোৱা বাবে গছৰ পাতত সূৰ্যৰ পোহৰ ভালকৈ পৰে। পাতটোৰ তল পিঠিত কিছুমান নিচেই সৰু সৰু বিন্ধা থাকে। বিন্ধাবোৰক পত্ৰবন্ধ্ৰ বোলে। কিছুমান গছৰ দুয়োপিঠিতে পত্ৰবন্ধ্ৰ থাকে। যেনে― ধান,ঘাঁহ আদি।

শিপাই পানী বেছিকৈ শুহি ললে অতিৰিক্ত পানী পত্ৰবন্ধ্ৰৰে ভাপ হৈ ওলাই যায়। অৰ্থাৎ পত্ৰবন্ধ্ৰৰ মাজেৰে বায়ু চলাচল কৰে।

৪।  গছে পাততহে খাদ্য তৈয়াৰ কৰিব পাৰে কিয় ?

উত্তৰঃ পত্ৰবন্ধ্ৰৰ মাজেৰে গছৰ পাতত বায়ু সোমায়। বায়ুত অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড আদি গেছ থাকে। পাতত থকা ক্লৰ’ফিল বা পত্ৰহৰিতে সূৰ্যৰ পোহৰ শক্তি শুহি ৰাখে। ইপিনে শিপাই শুহি লোৱা পানী পাতলৈ আহে। তাৰ পিছত পোহৰ শক্তিৰ সহায়ত পানী আৰু কাৰ্বন ডাই অক্সাইড লগ লাগে। এই কামটো অকল গছৰ পাততহে হয়। তাৰ ফলত কাৰ্ব’হাইড্ৰেট নামৰ পদাৰ্থ এবিধ তৈয়াৰ হয়। ই গছৰ খাদ্য। কাৰ্ব’হাইড্ৰেটৰ আন এটা নাম শৰ্কৰা।

৫। গছৰ কাম কি কি ?

উত্তৰঃ গছে বহুতো কাম কৰে।

(ক) গছৰ শিপাই মাটিৰপৰা পানী আৰু সাৰ শুহে।

(খ) এই পানী আৰু সাৰ গছৰ ডাল, পাত ফুল ফল সকলো অংগলৈ যায়।

(গ) গছত ফুল ফুলে আৰু ফুলৰ পৰা ফল হয়। ঢেঁকীয়াৰ দৰে কিছুমান গছত ফুল নুফুলে আৰু ফলো নহয়।

(ঘ) গছে পাতত আহাৰ তৈয়াৰ কৰে।এইবোৰেই গছৰ প্ৰধান কাম।

৬। ক্লৰ’ফিলৰ কাম কি ?

উত্তৰঃ গছে ক্লৰ’ফিলৰ সহায়ত পাতত খাদ্য তৈয়াৰ কৰে। খাদ্যবিধৰ বৈজ্ঞানিক নাম হ’ল কাৰ্বহাইড্ৰেট।

৭। পাতত খাদ্য তৈয়াৰ হ’বলৈ কি কি বস্তুৰ প্ৰয়োজন ?

উত্তৰঃ পাতত খাদ্য তৈয়াৰ কৰিবলৈ ক্লৰ’ফিলৰ বা পত্ৰহৰিতে সূৰ্যৰ পোহৰ শক্তি শুহি ৰাখে। আনহাতে শিপাই শুহি লোৱা পানী পাতলৈ আহে। তাৰপিছত পোহৰ শক্তিৰ সহায়ত  পানী আৰু কাৰ্বন ডাই অক্সাইড লগ লাগে। আৰু কাৰ্বহাইড্ৰেট নামৰ এবিধ পদাৰ্থ উৎপন্ন হয়। ই গছৰ খাদ্য। দেখা গ’ল যে পাতত খাদ্য প্ৰস্তুত কৰিবলৈ হ’লে― সূৰ্যৰ পোহৰ শক্তি, পানী আৰু কাৰ্বন ডাই অক্সাইড প্ৰয়োজন হয়।

৮।  উদ্ভিদক শক্তি কিয় লাগে ? এই শক্তিৰ ক’ৰ পৰা পায় ?

উত্তৰঃ উদ্ভিদক শ্ৰীবৃদ্ধিৰ বাবে শক্তি লাগে। এই শক্তি উদ্ভিদে খাদ্যৰ পৰা পায়। কাৰ্বহাইড্ৰেট বা শৰ্কৰা হ’ল উদ্ভিদৰ প্ৰধান আহাৰ।

৮। অৰ্কিডৰ শিপাই ক’ৰ পৰা পানী আহৰণ কৰে ?

উত্তৰঃ সাধাৰণতে শিপাৰ সহায়ত গছে মাটিৰ পৰা পানী আৰু সাৰ শুহি লয়। কিন্তু কপৌ ফুল জাতীয় উদ্ভিদবোৰে বায়ুৰ পৰা জলীয় বাষ্প শুহি লয়। এনে উদ্ভিদবোৰকে অৰ্কিড বোলে।

৯। এবিধ ফুল নুফুলা উদ্ভিদৰ নাম লিখা।

উত্তৰঃ সাগৰফেনা।

১০। পত্ৰৰন্ধ্ৰৰ কাম কি ?

উত্তৰঃ পাতত থকা বিন্ধাবোৰক পত্ৰৰন্ধ্ৰ বোলে। 

পত্ৰৰন্ধ্ৰৰ মাজেৰে বায়ু চলাচল কৰে। পত্ৰৰন্ধ্ৰবোৰক খালী চকুৰে নেদেখি।

১১। খালী ঠাই পুৰোৱা।

(ক) _______থকা বাবে পাতৰ ৰঙ সেউজীয়া।

(খ) গছৰ পাতত থকা বিন্ধাবোৰক ________ বোলে।

(গ) ক্লৰ’ফিলে _______ শক্তি ধৰি ৰাখে।

(ঘ) পাতত তৈয়াৰ হোৱা খাদ্যবিধৰ নাম _________।

(ঙ) পোহৰ নাপালে গছপুলি বাঢ়িব _________।

(চ) গছে খাদ্য প্ৰস্তুত কৰিবলৈ _________ গেছৰ প্ৰয়োজন।

উত্তৰঃ (ক) ক্লৰ’ফিল থকা বাবে পাতৰ ৰঙ সেউজীয়া।

(খ) গছৰ পাতত থকা বিন্ধাবোৰক পত্ৰৰন্ধ্ৰ বোলে।

(গ) ক্লৰ’ফিলে পোহৰ শক্তি ধৰি ৰাখে।

(ঘ) পাতত তৈয়াৰ হোৱা খাদ্যবিধৰ নাম কাৰ্বহাইড্ৰেট

(ঙ) পোহৰ নাপালে গছপুলি বাঢ়িব নোৱাৰে

(চ) গছে খাদ্য প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইয়ড গেছৰ প্ৰয়োজন।

১২। তলত উল্লেখ কৰা গছবোৰৰ কোন অংশত খাদ্য জমা হৈ থাকে ?

উত্তৰঃ 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top