Assam Jatiya Bidyalay Class 4 Science Chapter 2 শিল, মাটি আৰু খনিজ পদাৰ্থ

Assam Jatiya Bidyalay Class 4 Science Chapter 2 শিল, মাটি আৰু খনিজ পদাৰ্থ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 2 শিল, মাটি আৰু খনিজ পদাৰ্থ Class 4 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 4 Science Chapter 2 শিল, মাটি আৰু খনিজ পদাৰ্থ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Science Chapter 2 শিল, মাটি আৰু খনিজ পদাৰ্থ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

শিল, মাটি আৰু খনিজ পদাৰ্থ

Chapter – 2

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। শিল কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ শিল সাধাৰণতে তিনি প্ৰকাৰৰ―

(ক) আগ্নেয় শিল।

(খ) গেদীয় শিল।আৰু

(গ)  ৰূপান্তৰিত শিল।

২। আগ্নেয় শিলৰ বিষয়টো চমুকৈ লিখা।

উত্তৰঃ পৃথিৱীৰ ভিতৰভাগত পদাৰ্থবোৰ গলিত অৱস্থাত থাকে। ইয়াক মেগমা বোলে। ভূমিকম্প বা আগ্নেয়গিৰী উদ্গীৰণৰ ফলত মেগমাবোৰ পৃথিৱীৰ বাহিৰলৈ ওলাই আহে। ইয়াক সাধাৰণতে লাভা বুলি কুৱা হয়। লাভাবোৰ চাৰিওপিনে বৈ গৈ চেঁচা হয় আৰু টান শিলত পৰিণত হয়। এইবোৰেই আগ্নেয় শিল। উদাহৰণ হিচেপে গ্ৰেনাইট শিল।

৩। মাটি কেনেকৈ সৃষ্টি হয় লিখা।

উত্তৰঃ মাটি সৃষ্টি পক্ৰিয়াটো অলপ দীঘলীয়া, ধূলি-বালিৰ লগত মৰা পঁচা জীৱবোৰ মিহলি হৈ মাটিৰ সৃষ্টি হয়। বিভিন্ন কাৰণ ডাঙৰ শিল ফাটি সৰু হয়, সময় বাগৰাৰ লগে লগে সৰু সৰু শিলৰ টুকুৰাবোৰ ক্ষয় গৈ ধূলি বালিত পৰিণত হয় আৰু এই ধূলি বালিয়ে মাটি গঠনত সহায় কৰে।

৪। মাটি স্থানান্তৰিত হোৱাৰ তিনিটা কাৰণ লিখা।

উত্তৰঃ নানা কাৰণত মাটি স্থানান্তৰিত হয়। মাটি স্থানান্তৰিত হোৱাৰ তিনিটা প্ৰধান কাৰণ হ’ল―

(ক) বৰষুণ বা জান জুৰিৰ পানীয়ে পাহাৰৰ মাটি খহাই নিয়ে। সেইবোৰ পাহাৰৰ তলত বা সমান অঞ্চলত জমা হয়।

(খ) বেগী নদীয়ে পাহাৰৰ মাটি খহাই নিয়ে, জাৱৰ জোঁঠৰ, গেদ আদি আন ঠাইত জমা কৰে। সেইবোৰ পিচল পলস হয়।

(গ) মানুহেও ঘৰ-বাৰী, ৰাস্তা-ঘাট আদি সাজিবলৈ মাটি স্থানান্তৰ কৰে।

৫। শিলৰ মাজে মাজে পানী জমা হ’লে তেনে শিল ফাটিব পাৰে কিয় ?

উত্তৰঃ শিলবোৰ ফাটৰ মাজত পানী সোমায়। পানী বেছি চেঁচা হ’লে বৰফ হয়। বৰফ হ’লে পানীৰ আয়তন বাঢ়ে। তেতিয়া শিলৰ ওপৰত হেঁচা পৰে। ফলত শিল ফাটে।

৬। শিল গৰম-চেচাঁ হৈ থাকিলে ভাঙে। তাকে দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰা।

উত্তৰঃ শিল গৰম-চেচাঁ হৈ থাকিলে ভাঙে। পৰীক্ষা এটা কৰিলেই কথাটো সুন্দৰভাৱে অনুমান কৰিব পাৰি।

সৰু শিলৰ টুকুৰা এটা চেপেনাৰে লোৱা হ’ল। এতিয়া এডাল জুইৰ শিকাত চেপেনাৰে লোৱা হ’ল। এতিয়া এডাল জুইৰ শিখাত চেপেনাৰে ধৰি ভালকৈ গৰম কৰা হ’ল। তাৰ পিছত শিল টুকুৰা চেঁচা পানীত ডুবাই দিয়া হ’ল। পানীত ডুবাই দিয়াৰ লগে লগে শিল টুকুৰা শব্দ এটা কৰি ফাটি যাব। এনেদৰে কেবাবাৰো কৰিলে শিল দোখোৰ ফাটি যাব। অৰ্থাৎ পৰীক্ষাটোৰ পৰা এইটোৱে বুজিব পাৰি যে শিল গৰম আৰু ঠাণ্ডা হৈ থাকিলে ভাঙে।

৬। শিল গৰম-চেচাঁ হৈ থাকিলে ভাঙে। তাকে দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰা।

৭। মাটিৰ প্ৰধান উপাদান দুটাৰ বিষয়ে লিখা।

উত্তৰঃ মাটিৰ প্ৰধান উপাদান দুটা হ’ল― কঠিন খনিজ পদাৰ্থ আৰু হিউমাছ বা জৈৱিক পদাৰ্থ।

৮। সাৰুৱা মাটি কাক বোলে ?

উত্তৰঃ যিবোৰ মাটিত বালি,বোকা আৰু হিউমাছ সমপৰিমানে থাকে তাকে সাৰুৱা মাটি বোলে।

৯। সাৰ কাক বোলে আৰু কেই প্ৰকাৰৰ ? প্ৰতিবিধৰ তিনিটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ পদাৰ্থই মাটি সাৰুৱা কৰে, সেইবোৰক ছাৰ বোলে। সাৰত উদ্ভিদৰ বাবে পুষ্টিকৰ পদাৰ্থ থাকে।সাৰ সাধাৰণতে দুই প্ৰকাৰৰ―

(ক) জৈৱিক সাৰ।

(খ) ৰাসায়নিক সাৰ।

জৈৱিক সাৰৰ উদাহৰণ হ’ল―

(ক) পচন সাৰ।

(খ) জীৱজন্তুৰ মূল-মূত্ৰ।

(গ) গৰু ম’হৰ গোৱৰ।

ৰাসায়নিক সাৰৰ উদাহৰণ হ’ল―

(ক) ইউৰীয়া।

(খ) এম’নিয়াম ছালফেট।

(গ) চুপাৰ কছফেট।

১০।পচন সাৰ কেনেকৈ তৈয়াৰ কৰিব পাৰি ?

উত্তৰঃ পচন সাৰ অতি সহজে তৈয়াৰ কৰিব পাৰি। চিত্ৰত দেখুৱা ধৰনে এটা পাত্ৰ লোৱা হ’ল। পাত্ৰটোৰ একেবাৰে তলত চাৰিভাগৰ এক অংশৰ জাৱৰ- জোঠৰ লোৱা হ’ল। এতিয়া তাৰ ওপৰত ১/৪ অংশ

কেঁচা পাতেৰে ভৰোৱা হ’ল। ইয়াৰ পিছত ১/৪ অংশ কেঁচা গোবৰেৰে ভৰোৱা হ’য়। একেবাৰে ওপৰত মাটি চেঁচা ঠাইত থৈ দিয়া হ’ল। মাজে সময়ে পাত্ৰটোত পানী দিব লাগিব। তিনি মাহ মানৰ মূৰত পাত্ৰটোৰ বস্তুখিনি মিহলি কৰি দিয়া হ’ল।পাঁচ ছয় মাহৰ মূৰত আটাইবোৰ পচি সাৰ হয়। ইয়াকে পচন সাৰ বোল। এনেকৈয়ে পচন সাৰ তৈয়াৰ কৰা হয়।

পচন সাৰ কেনেকৈ তৈয়াৰ কৰিব পাৰি

১১। মাটিৰ সংৰক্ষণ কাক বোলে ? মাটি সংৰক্ষণৰ দুটা উপায় বৰ্ণনা কৰা।

উত্তৰঃ মাটিৰ গুণ আৰু পৰিমাণ ৰক্ষা কৰাকে মাটিৰ সংৰক্ষণ বোলা হয়। মাটি সংৰক্ষণৰ বহুতো উপায় আছে। তাৰে ভিতৰত প্রধান দুটা হ’ল―

(ক) বাৰিষা নদ-নদীত পানী বেছি হয়। তেতিয়া পানী বেগাই বয়। নদীৰ সোঁতে পাৰৰ মাটি খহায়। এনে খহনীয়া ৰোধ কৰিবলৈ পাৰত শিলৰ বান্ধ দিয়া হয়। নদীৰ পাৰত গছ-গছনি ৰুলেও খহনীয়া বন্ধ হয়।

(খ) সৰু-বৰ উদ্ভিদে মাটি বেছি ভালদৰে সংৰক্ষণ কৰে। গছ-বনৰ শিপাই মাটিত খামুচি ধৰি থাকে। গছ-গছনি থকা মাটি বৰষুণৰ পানীত উঠি নাযায়। বতাহেও মাটি উৰুৱাই নিব নোৱাৰে।

১২। মেগমা কি ?

উত্তৰঃ পৃথিৱীৰ ভিতৰভাগত পদাৰ্থবোৰ গলিত অৱস্থাত থাকে। এই গলিত পদাৰ্থবোৰক মেগমা বুলি কোৱা হয়। ভূমিকম্প বা আগ্নেয়গিৰী উদ্গীৰণৰ ফলত এই মেগমাবোৰ লাভা হিচাপে পৃথিৱীৰ বাহিৰলৈ ওলাই আহে।

১৩।শুদ্ধ উত্তৰটোত (✔) চিন দিয়া।

(ক) গ্ৰেনাইট এবিধ আগ্নেয় শিল হয়/নহয়।

(খ) মাৰ্বল এবিধ গেদীয় শিল হয়/ নহয়।

(গ) ছিলিকাত মাথোঁ ছিলিকন থাকে/নাথাকে।

(ঘ) আলতীয়া মাটিয়ে পানী আৰু বায়ু ধৰি ৰাখে/নাৰাখে।

(ঙ) সাৰে মাটি কোমল কৰে/নকৰে।

(চ) ইউৰিয়া এবিধ জৈৱিক সাৰ হয়/নহয়।

উত্তৰঃ (ক) গ্ৰেনাইট এবিধ আগ্নেয় শিল হয়।

(খ) মাৰ্বল এবিধ গেদীয় শিল হয়/ নহয়।

(গ) ছিলিকাত মাথোঁ ছিলিকন থাকে/নাথাকে। X

(ঘ) আলতীয়া মাটিয়ে পানী আৰু বায়ু ধৰি ৰাখে।

(ঙ) সাৰে মাটি কোমল কৰে।

(চ) ইউৰিয়া এবিধ জৈৱিক সাৰ নহয়। X

১৪। খালী ঠাই পূৰণ কৰা।

(ক) লাভা গোট মাৰি জমা হৈ হৈ সৃষ্টি হোৱা পাহাৰকে ______ বোলে।

(খ) স্লেট এবিধ _______ শিল।

(গ) ছিলিকাৰ আন এটা নাম________।

(ঘ) মাৰ্বলত _________ নামৰ পদাৰ্থবিধ পোৱা যায়।

(ঙ) পানী বৰফ হ’লে আয়তন _________।

(চ) বোকা-কণিকা হ’ল চকুৰে নেদেখা ________ সৰু সৰু কণিকা।

(ছ) এম’নিয়াম ছালফেট এবিধ _________ সাৰ।

(জ) ধান ________ মাটিত হয়।

উত্তৰঃ (ক) লাভা গোট মাৰি জমা হৈ হৈ সৃষ্টি হোৱা পাহাৰকে আগ্নেয় শিল বোলে।

(খ) স্লেট এবিধ ৰূপান্তৰিত শিল।

(গ) ছিলিকাৰ আন এটা নাম কোৱাটৰ্জ

(ঘ) মাৰ্বলত কাৰ্বনেট নামৰ পদাৰ্থবিধ পোৱা যায়।

(ঙ) পানী বৰফ হ’লে আয়তন বাঢ়ে

(চ) বোকা-কণিকা হ’ল চকুৰে নেদেখা বালিৰ সৰু সৰু কণিকা।

(ছ) এম’নিয়াম ছালফেট এবিধ ৰাসায়নিক সাৰ।

(জ) ধান বোকা বা আলতীয়া মাটিত হয়।

১৫। তলৰ বাক্যটো লিখি বাক্যটোত নাথাকিবলগীয়া পাচলি কেইবিধৰ নাম X চিনেৰে কাটি দিয়া।

শীতকাল জিকা ,আলু, কবি, ভেণ্ডি,পালেং, নিলাজী আদি পাচলি হয়।

উত্তৰঃ  

১৬। দুটা আগ্নেয়গিৰিৰ নাম লিখা।

উত্তৰঃ (ক) ভিছুভিয়াছ (খ) ফুজিয়ামা।

১৭। পচন সাৰ কাক বোলে ?

উত্তৰঃ পচন সাৰ হ’ল ঘৰৰ আৱৰ্জনা, গৰু-ছাগলীৰ মল-মূত্ৰ অইন অলাগতীয়াল বস্তু গাত খান্দি জমা কৰি তৈয়াৰ কৰা জৈৱিক সাৰ।

এই সাৰ তৈয়াৰ কৰিবলৈ প্ৰায় পাঁচ বা ছয় মাহ সময় লাগে।

১৮। ৰাসায়নিক সাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে।

উত্তৰঃ মাটিৰ গুণাগুণ পৰীক্ষা কৰিহে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব লাগে। দৰকাৰতকৈ বেছি ব্যৱহাৰ কৰিলে মাটিৰ গুণ নষ্ট হয়।

১৯। কেনেকুৱা মাটিয়ে পানী বেচিকৈ ধৰি ৰাখিব পাৰে ?

উত্তৰঃ আলতীয়া মাটিয়ে পানী বেচিকৈ ধৰি ৰাখিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top