Assam Jatiya Bidyalay Class 4 Science Chapter 12 আমাৰ শৰীৰ

Assam Jatiya Bidyalay Class 4 Science Chapter 12 আমাৰ শৰীৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 12 আমাৰ শৰীৰ Class 4 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class IV Science Chapter 12 আমাৰ শৰীৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Science Chapter 12 আমাৰ শৰীৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আমাৰ শৰীৰ

Chapter – 12

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১।  আমাৰ শৰীৰৰ ভিতৰত থকা কেইটামান অংগৰ নাম লিখা।

উত্তৰঃ মগজু বা মস্তিষ্ক, হৃদপিণ্ড বা কলিজা, হাওঁফাওঁ, যকৃত, পাকস্তলী,অন্ত্ৰ ইত্যাদি।

২। আমাৰ শৰীৰৰ সকলো অংগকে অক্সিজেন লাগে। শৰীৰৰ বিভিন্ন অংগই অক্সিজেন কেনেকৈ পায় ?

উত্তৰঃ হৃদপিণ্ডই সকলো অংশলৈ তেজ চলাচল কৰোৱায়। আমি নাকৰে উশাহ লওঁতে শৰীৰত বায়ু সোমায়। বায়ুত অক্সিজেন থাকে। উশাহত যোৱা অক্সিজেন হাওঁফাওঁত সোমায় তেজে হাওঁফাওঁৰ পৰা শৰীৰৰ সকলো অংগলৈ অক্সিজেন লৈ যায়। অক্সিজেন নাপালে শৰীৰৰ কোনো অংগই কাম কৰিব নোৱাৰে। সেয়েহে উশাহ বন্ধ হৈ গলেই মানুহৰ মৃত্যু হয়। আমাৰ শৰীৰৰত কাৰ্বন ডাই অক্সাইড নামৰ এবিধ গেছ উৎপন্ন হয়। কাৰ্বন ডাই অক্সাইড গেছ আমাৰ দেহৰ বাবে ক্ষতিকাৰক। তেজে দেহত প্ৰস্তুত হোৱা কাৰ্বন ডাই অক্সাইড গেছ হাওঁফাওঁলৈ কঢ়িয়াই আনে। নিশাহত এই কাৰ্বন ডাই অক্সাইড গেছ বাহিৰ ওলাই যায়।

৩। উশাহ বন্ধ হ’লেই মানুহৰ মৃত্যু হয়।কিয় ?

উত্তৰঃ মানুহক জীয়াই থকাৰ বাবে অক্সিজেন গেছৰ প্ৰয়োজন। উশাহত হাওঁফাওঁত অক্সিজেন সোমায়।অক্সিজেন নাপালে শৰীৰৰ কোনো অংগই কাম কৰিব নোৱাৰে। সেয়েহে উশাহ বন্ধ হৈ গলেই মানুহৰ মৃত্যু হয়।আমাৰ শৰীৰৰত কাৰ্বন ডাই অক্সাইড নামৰ এবিধ গেছ উৎপন্ন হয়। কাৰ্বন ডাই অক্সাইড গেছ আমাৰ শৰীৰৰ অনিষ্ট কৰে। শৰীৰত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছ তেজে কঢ়িয়াই আনি হাওঁফাওঁৰ পোৱাইহি। নিশাহত এই কাৰ্বন ডাই অক্সাইড গেছ বাহিৰ ওলাই যায়।

৪। নিশাহত আমি এবিধ গেছ এৰি দিওঁ। গেছবিধ কি ?

উত্তৰঃ নিশাহত আমি এবিধ গেছ এৰি দিওঁ। গেছবিধৰ নাম হ’ল কাৰ্বন ডাই অক্সাইড।

৫। আমাৰ স্থায়ী দাঁত কেইটা ? স্থায়ী দাঁত কেইবিধ ? প্ৰতিবিধৰে নাম লিখা।

উত্তৰঃ আমাৰ সাধাৰণতে ৩২ তা স্থায়ী দাঁত থাকে। আমাৰ আটাইবোৰ দাঁত একে নহয়। আমাৰ দুপৰি দাঁতত মুঠতে চাৰিবিধ দাঁত থাকে। প্ৰতিবিধ দাঁতৰে গঠন বেলেগ। এইবোৰৰ কাম বেলেগ বেলেগ। আমাৰ মুখৰ সমুখৰ পিনে আঠটা দাঁত থাকে। ওপৰৰ পাৰিত চাৰিটা আৰু তলৰ পাৰিত চাৰিটা। এইকেইটা দাঁতেৰে আমি খোৱাবস্তু কামুৰি ছিঙি পেলাওঁ। এইকেইটা দাঁতক আগ দাঁত বা কৃন্তক দাঁত বোলে। প্ৰতিটো পাৰিতে আগ দাঁত কেইটাৰ কাষত কুকুৰ দাঁত থাকে। খোৱাবস্তু কামুৰি টুকুৰা টুকুৰ কৰোতে কুকুৰ দাঁতকেইটা ব্যৱহাৰ কৰো। কুকুৰ দাঁতৰ পাছতে চাৰিটাকৈ তলে উপৰে মুঠতে আঠটা আগজামি দাঁত থাকে। এইকেইটা দাঁতৰে খোৱাবস্তু চোবাই ফালি চেপেটা কৰিব পাৰো। আমাৰ মুঠতে ১২ টা গুৰি বা জমিদাত থাকে। গুৰি দাঁতৰে খোৱা বস্তু গুৰি কৰো।

৬। আমি কিয় খোৱা আহাৰ ভালদৰে চোবাব লাগে ?

উত্তৰঃ খুৱাবস্তু ভালদৰে চোবাই খালেহে সহজে হজম হয়। সেয়েহে আহাৰ খাওঁতে সদায় ভালদৰে চোবাই খাব লাগে।

৭। আমাৰ ইন্দ্ৰিয় কেইটা আৰু কি কি ?

উত্তৰঃ আমাৰ ইন্দ্ৰিয় পাঁচ বিধ― চকু, কান, নাক, জিভা আৰু ছাল।

৮। আমি খোৱাবস্তুৰ সোৱাদ কেনেকৈ পাওঁ ?

উত্তৰঃ দাঁতেৰে চোবাই গুৰি কৰি লোৱা খোৱা বস্তুবোৰ লেলাউটিৰ লগত মিহলি হয়। তেতিয়া খোৱাবস্তুৰ সোৱাদ পাওঁ। জিভাৰ সহায়ত আমি মিঠান তিতা, টেঙানে, নিমখীয়া গম পাওঁ।

৯। মগজুৱে কাৰ সহায়ত শৰীৰৰ সকলো অংগৰ লগত যোগাযোগ ৰাখে ?

উত্তৰঃ মগজুৱে স্নায়ুৰ সহায়ত শৰীৰৰ সকলো অংশৰ লগত যোগাযোগ ৰাখে।

মস্তিষ্কৰ পৰা কিছুমান অতি পাতল, মিহি সূতাৰ দৰে অংশ ওলায়। এইবোৰক স্নায়ু বোলে। স্নায়ুবোৰে শৰীৰৰ সকলো অংশ ছাটি থাকে। শৰীৰত গৰম বা ঠাণ্ডা বস্তু এটা লাগিলে ছালত থকা স্নায়ুবোৰ নিমিষতে মগজুক এই বিষয়ে জনায়। মগজুৱে লগে লগে শৰীৰৰ অংশটো তাৰ পৰা আঁতৰাই আনিবলৈ নিৰ্দেশ পঠিয়াই। এই নিৰ্দেশ স্নায়ুৰ মাজেৰেই আহে।

চকুৰে বস্তু এটা চালে চকুত থকা স্নায়ুবোৰে লগে লগে বস্তুটোৰ ছবিখনৰ খবৰ মগজুলৈ পঠিয়াই। তেতিয়াহে আমি বস্তুটো দেখোঁ। স্নায়ুবোৰৰ সহায়ত মগজুৱে অনবৰতে শৰীৰৰ সকলো অংগ কি অৱস্থাত আছে গম পায়। স্নায়ুবোৰৰ সহায়েৰে মগজুৱে শৰীৰৰ কোনটো অংগই কেতিয়া কি কাম কৰিব নিৰ্দেশ দিয়ে। শৰীৰৰ প্ৰত্যেকটো তন্ত্ৰ মগজুৰ নিৰ্দেশত চলি থাকে। স্নায়ু আৰু মগজুৱে এইদৰে শৰীৰৰ সকলো কাম নিয়ন্ত্ৰণ কৰি থাকে স্নায়ুতন্ত্ৰৰ সহায়ত।

তন্ত্ৰ

১০।  তন্ত্ৰ কাক বোলে ? পাচন তন্ত্ৰ আৰু ৰেচন তন্ত্ৰ কাক বোলে ?

উত্তৰঃ মুখ, জিভা, দাঁত, পেট, তন্ত্ৰ, যকৃত আদি কেইবাটাও অঙ্গই  খোৱা আহাৰ হজম কৰাত সহায় কৰে। অৰ্থাৎ কোনো এটা কাম কৰোতে কেইবাটাও অঙ্গই ভাগ লয়। এই অঙ্গবোৰক একেলগে তন্ত্ৰ বোলে। শৰীৰৰ প্ৰতিটো কাম বিশেষ বিশেষ অংগৰে গঠিত তন্ত্ৰই সমাধা কৰে। খোৱা আহাৰ হজম কৰা তন্ত্ৰক পাচন তন্ত্ৰ বোলে।

আকৌ শৰীৰত কিছুমান অদৰকাৰী বস্তু উৎপন্ন হয়। এইবোৰ বস্তু শৰীৰৰ পৰা বাহিৰ ওলাই নগ’লে শৰীৰত ৰোগে দেখা দিয়ে। শৌচ, প্ৰেস্ৰাৱ, ঘাম আদিত অদৰকাৰী বস্তুবোৰ থাকে। যিবোৰ অংগই শৰীৰত উৎপন্ন হোৱা অদৰকাৰী বস্তুবোৰ বাহিৰ হৈ যোৱাত সহায় কৰে। এইবোৰক একেলগে ৰেচন তন্ত্ৰ বোলে।

১১। আমাৰ শৰীৰৰ সকলো কাম-কাজ কোনটো অংগই নিয়ন্ত্ৰণ কৰে ?

উত্তৰঃ আমাৰ শৰীৰৰ সকলো কাম-কাজ মগজুৱে নিয়ন্ত্ৰণ কৰে। আমাৰ শৰীৰত যিকোনো অসুবিধাৰ সৃষ্টি হলে লগে লগে স্নায়ুৰ জৰিয়তে মগজুৱে গম পায়। লগে লগে মগজুৱে স্নায়ুৰ জৰিয়তে সেই অসুবিধাটো(অস্থায়ী হ’লে) আঁতৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

১২। স্নায়ু কোনবোৰ ? স্নায়ুৰ কাম কি ? এটা উদাহৰণ দিয়া।

উত্তৰঃ মস্তিষ্কৰ পৰা অতি পাতল মিহি সূতাৰ দৰে কিছুমান অংশ ওলায়। এইবোৰক স্নায়ু বোলে। এই স্নায়ুবোৰে শৰীৰৰ সকলো অংশকে মস্তিষ্কৰ লগত যোগাযোগ ৰক্ষাত সহায় কৰে। স্নায়ুৰ কাম হ’ল শৰীৰৰ বিভিন্ন অংশৰ পৰা মগজুলৈ খবৰ পঠিওৱা। উদাহৰণ হিচাপে যদি শৰীৰৰ কোনো অংশত হঠাৎ খুব গৰম লাগে, লগে লগে স্নায়ুৱে গৰম লগা কথাটো মগজুক জনাব আৰু স্নায়ুৰ জৰিয়তে মগজুৱে গৰম লগা অংশটো আঁতৰাই আনিবলৈ নিৰ্দেশ কৰিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top