Assam Jatiya Bidyalay Class 4 Assamese Chapter 9 তৰা

Assam Jatiya Bidyalay Class 4 Assamese Chapter 9 তৰা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 9 তৰা Class 4 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 4 Assamese Chapter 9 তৰা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Assamese Chapter 9 তৰা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

তৰা

Chapter – 9

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

কবি পৰিচয় 

বদন চন্দ্র শর্মা :- ১৯১০ চনত জন্ম গ্ৰহণ কৰা বদন চন্দ্ৰ শৰ্মাদের একেধাৰে কবি, নাট্যকাৰ আৰু মঞ্চশিল্পী। শৰ্মাদেৱৰ প্ৰকাশিত কবিতা পুথি-পূৰৱী, নাটকঃ কুমাৰ সম্ভৱ, কবিতাৰ জন্ম আৰু স্বয়ম্বৰ ১৯৪৫ চনত এইজনা মঞ্চশিল্পীৰ মৃত্যু হয়।

ক্রিয়াকলাপ

অৰ্থৰ সৈতে চিনাকি :- তিৰবিৰ ― জলমল। অমানিশা ― আঁউসী, অম্যাৱস্যা। ধৰা ― পৃথিৱী, মর্ত্য্য। নই — নদী। গৰা— নৈ, পুখুৰী আদিৰ ওখ আৰু থিয় পাৰ। পিটনি — পানীৰ ওপৰত ডাঠ হৈ গজা দল বাঁহ আদি থকা ঠাই। ঢা — ঢাবি। হৰা — বলেৰে বা ছল কৰি নিয়া, আকর্ষণ কৰা। পথিক — বাটৰুৱা বতৰা খবৰ, বাতৰি চিলমিল ― চকুৰ আগত অলপ অলপকৈ জিলিকা। থমকি কৰি বা গৈ থাকোঁতে হঠাৎ বৈ দিয়া। টিপতে ― ক্ষন্তেকতে, চকুৰ পচাৰতে। চিত ―  মন। নিতে নিতৌ, সদায়।

১। কবিতাটি মনত ৰাখাঁ।

পাঠভিত্তিক প্রশ্নোত্তৰ

২। প্রথমে কোঁৱা, তাৰ পাছত লিখাঁ : 

(ক) তৰাৰ চকুযুৰি আৰু মুখখন কেনেকুৱা ?

উত্তৰঃ তৰাৰ চকুযুৰি তিৰবিৰ আৰু মুখখন হাঁহিভৰা মুখ।। 

(খ) তৰাই কি পোহৰায় ?

উত্তৰঃ তৰাই অমানিশাত, পোহৰেৰে পৃথিৱী পোহৰায়। 

(গ) তৰাৰ হাঁহিটি ক’ত ক’ত পৰে ?

উত্তৰঃ তৰাৰ হাঁহিটি জুৰি, নই, গৰা, পিটনি, ফুলনিৰ উপৰিও গধূলি বেলিকা চোতলতে পাতি লোৱা চাৰিত পৰে। 

(ঘ) তৰাৰ হাঁহিটি পৰিলে কোনে নাচে ?

উত্তৰঃ তৰাৰ হাঁহিটি পৰিলে নৈ, জুৰি, গৰা, পিটনি, ফুলনিয়ে

(ঙ) গধূলি বেলিকা কবিয়ে লগৰীয়াৰ স’তে কি কৰে ? 

উত্তৰঃ গধূলি বেলিকা লগৰীয়াৰ স’তে কবিয়ে চোতালতে ঢাৰি পাৰি মিলিজুলি তৰাৰ পোহৰ চায়। 

(চ) তাই কাক পথৰ বতৰা দিয়ে ?

উত্তৰঃ তৰাই পথিক (বাটৰুৱা)ক পথৰ বতৰা দিয়ে।

(ছ) কবি কিয় আচৰিত হয় ? 

উত্তৰঃ তৰা কিয় মায়াৰে আৱৰা এই কথা ভাবি কবি আচৰিত হয়।

৩। পঢ়া বুজা আৰু লিখা :

ফুল ― ফুলনি।

মাহ ―  মাহনি।

বাঁহ ― বাঁহনি।

কল ― কলনি।

শাক ― শাকনি। 

ধান ― ধাননি।

বন ― বননি।

৩। বাক্য ৰচনা কৰা :

তিৰবিৰাই, মিলিজুলি, কাণ পাতি, আপোন-পাহৰা, চিলমিল, বিয়া-কুল।

উত্তৰঃ তিৰবিৰ :- নিশাৰ আকাশত তিৰবিৰ কৰি থকা তৰাবোৰে চৌদিশ পোহৰাই তোলে।

মিলি-জুলি :- মিলি-জুলি কৰা কাম সোনকালে শেষ কৰিব পাৰি। 

কাণ-পাতি :- শিক্ষকৰ কথা কাণ-পাতি শুনিব লাগে।

আপোন-পাহৰা :- আকাশৰ তৰাবোৰে আমাক আপোন-পাহৰা কৰি তোলে।

চিলমিল :- চিলমিল টোপনিত দেখা সপোনটি তেওঁ সঁচা বুলি ভাবিছে। 

বিয়া কুল :- পুৰণি বন্ধুজনক লগ পাবলৈ তেওঁৰ মনটো বিয়া কুল হৈ পৰিছে।

৫। তলৰ খালী ঠাইবোৰত ‘খা’ – এই শব্দটো উপযুক্ত ৰূপত ব্যৱহাৰ কৰি বাক্যকেইটি পুনৰ লিখা :

(ক) মই ভাত খাও।

(খ) সীমাই এতিয়া ভাত খালে। 

(গ) তুমি ভাত খালা নে

(ঘ) কালি আমি বনভোজ খালোঁ।

(ঙ) যোৱা ৰবিবাৰে সি মাছৰ আঞ্জাৰে ভাত খাইছিল। 

(চ) কাইলৈ দুপৰীয়া তোমালোকে কি খাবা ?

(ছ) অহা দেওবাৰে আমি পচলা খাম। 

৬। পঢ়া বুজা আৰু লিখা :

আকাশ ― পাতাল।

আকাশ ― গগন।

পোহৰ ― আন্ধাৰ।

জেউতি ― জ্যোতি, পোহৰ।

আউসী – পূর্ণিমা।

গধুলি ― সন্ধিয়া, সন্ধ্যা।

হাঁহি ― কান্দোন।

পথ ― বাট, ৰাস্তা।

ৰাতিপুৱা ― গধূলি।

চকু ― অক্ষি, নেত্র।

দিন ―  ৰাতি।

নিজৰা―  জুৰি।

৭। তোমাৰ চাৰিওফালে সদায় দেখি থকা গছ, নৈ, আকাশ, বেলি, পথাৰ, চৰাই আদিক লৈ কল্পনা কৰি কবিতা লিখিবলৈ চেষ্টা কৰাঁ। এনে বিষয়ৰ কবিতাবোৰো সংগ্ৰহ কৰা।

উত্তৰঃ  বেলিৰ পোহৰ ― 

আকাশত বেলিৰ পোহৰ,

দেখিলেই ভাল লাগে বৰ।

চৌদিশে ৰ’দৰ খবৰ,

উছাহেৰে ভৰি পৰে মন।।

গছ-গছনি-

গছ-গছনিৰে ভৰা সেউজ পৰিৱেশ, 

প্ৰকৃতিয়ে আদৰে নৱ-নৱ বেশ। 

সেউজীয়া ধৰণীৰ মোহনীয়া বেশ 

কিযে মায়াময় এনে পৰিবেশ।। 

৮। পঢ়া, বুজা আৰু লিখাঁ (অভিধানৰ সহায় ল’ৰা) :

য’ত ― কলমতো য’ত আছিল তাতেই থোৱাঁ ।

যত ― ঘৰত যত কিতাপ আছিল সকলো পঢ়িলোঁ। 

ক’ত ― তেওঁৰ ঘৰ ক’ত ?

কত ― তেওঁক বিচাৰি মই যে কত ঠাই ঘূৰিলোঁ। 

অ’ত ― তেওঁ।

অ’ত ― ত’ত বস্তুবোৰ থৈ বিচাৰি পোৱা নাই।

অত ― অতবোৰ কাম যে মই কেতিয়া শেষ কৰিম ভাবিয়েই পোৱা নাই।

তত ― অ’ত-ত’ত বস্তুবোৰ থোৱা উচিত নহয়। 

তত ― যিমান কাম কৰা হ’ল, তত পৰিমাণে মূল্য দিবনে ? 

৯। পঢ়া, বুজা আৰু লিখাঁ :

জিলমিল ― চিলমিল। 

থমকি ― চমকি।

হৰা – জিকা।

ধৰা – গৰা।

১০। উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা : 

চিলমিল, জিলমিল, উমি উমি

(ক) আকাশত তৰাবোৰে জিলমিল কৰিছে।

(খ) চিলমিল টোপনিত মই এটা সপোন দেখিছিলোঁ। 

(গ) জুইকুৰা উমি উমি জ্বলিছে।

অতিৰিক্ত প্রশ্নোত্তৰ

১। উত্তৰ দিয়া।

(ক) জোনাক নিশা আকাশত জোনৰ পোহৰ, তেনেধৰণৰ কবিতা এটি সংগ্ৰহ কৰিবলৈ যত্ন কৰা (প্রথম পদ্যাংশ)

উত্তৰঃ এনেনো জোনাক ৰাতি চোৱা আজি ভাই       

          দেখিলেই দেহা-মন জুৰ পৰি যায়। 

          জোনটিয়ে আকাশত জক্‌মক্‌ কৰি।

          চোৱাচোন জ্বলি আছে, কেনে শোভা ধৰি। 

(খ) বনভোজ কি ? আমি কিয় বনভোজ খাবলৈ যাওঁ ?

উত্তৰঃ বনভোজ হৈছে শীতকালত পৰিয়াল অথবা বন্ধু-বান্ধৱৰ সৈতে মুকলি ঠাইলৈ গৈ ভোজভাত খোৱা। আনন্দ লাভ কৰিবলৈ, মুকলি (যি ঠাইত পানী অথবা খোৱাবোৱাৰ উপৰিও প্রাকৃতিক সৌন্দর্য উপভোগ কৰাৰ ব্যৱস্থা আছে। ঠাইত একেলগে বহি ভোজ-ভাত খবলৈ আমি বনভোজলৈ যাওঁ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top