Assam Jatiya Bidyalay Class 4 Assamese Chapter 6 বাদলৰ বিদ্যালয়

Assam Jatiya Bidyalay Class 4 Assamese Chapter 6 বাদলৰ বিদ্যালয়, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 6 বাদলৰ বিদ্যালয় Class 4 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 4 Assamese Chapter 6 বাদলৰ বিদ্যালয় Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Assamese Chapter 6 বাদলৰ বিদ্যালয় provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বাদলৰ বিদ্যালয়

Chapter – 6

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

অৰ্থৰ সৈতে চিনাকি :- নির্মিত— যিহক সজা হৈছে, নির্মাণ বা বনোৱা কাৰ্য। পিৰিক পাৰাক – চকু এবাৰ মেলি এবাৰ মুদি কৰা কাৰ্য।

● পঢ়া আৰু বুজা :

ৰয় + মম = ৰ্ম।

নয় + টয় = ন্ট।

ৰয় + ভয় = ৰ্ভ।

বয় + ৰয় = ব্র।

পাঠভিত্তিক প্রশ্নোত্তৰ

১। প্রথমে কোঁৱা, তাৰ পাছত লিখাঁ :

(ক) বাদলৰ কেনেকৈ ভৰি ভাগিল ? 

উত্তৰঃ  তললৈ নোচোৱাকৈ দৌৰি যাওঁতে উজুতি খাই বাদলৰ ভৰি ভাগিল।

(খ) বাদলহঁতৰ বিদ্যালয়খনৰ নাম কি আৰু শিক্ষকগৰাকী কোন ? 

উত্তৰঃ বাদলহঁতৰ বিদ্যালয়খনৰ নাম – সোণতলি অৰণ্য প্রাথমিক বিদ্যালয় আৰু শিক্ষকগৰাকী হ’ল –মহিষ ডাঙৰীয়া।

(গ) বাদলহঁতৰ বিদ্যালয়খন ক’ত অবস্থিত আৰু ইয়াৰ চাৰিওফালে কি কি আছে ? 

উত্তৰঃ  বাদলহঁতৰ বিদ্যালয়খন সোণতলি অৰণ্যৰ মাজঅংশতে অৱস্থিত। ইয়াৰ সমুখত আছে মুকলি পথাৰ— য’ত বাদল আৰু অন্যান্য শিক্ষার্থীয়ে খেলা-ধূলা কৰে। সোঁহাতে আছে পদুম, ভেঁট ফুল আদিৰে জকমকাই থকা এটি পুখুৰী। তাৰ মাজে মাজে ৰাজহাঁহ, শৰালি, সারেং আদি চৰাইবোৰ চৰি ফুৰে। বিদ্যালয়খনৰ চাৰিওফালে মনোমোহা পৰিৱেশ বিৰাজ কৰিছে।

(ঘ) বাদলহঁতৰ বিদ্যালয়ৰ শিক্ষকগৰাকীৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ বাদলহঁতৰ বিদ্যালয়ৰ শিক্ষকগৰাকী হ’ল মহিষ ডাঙৰীয়া, যাক দেখিলেই শ্রদ্ধাত মূৰ দোঁ খাই যায়। ছাত্র-ছাত্রীসকলক অতি মৰম কৰা মহিষ ডাঙৰীয়াৰ সহজতে খঙ নুঠে। তেওঁ যেতিয়া নেগুৰডাল আৰু শিং যোৰ জোকাৰি জোকাৰি কথা কয়, তেতিয়া সকলোৱেই বুজে যে তেওঁৰ মনত বৰ স্ফূর্তি। আনহাতে তেওঁৰ যেতিয়া খং উঠে চকুযোৰ ৰঙা পৰি উঠে, নাকেৰেও ফোঁচ-ফেঁাঁচ শব্দ কৰি ভয় লগা হৈ উঠে। সেয়েহে শিক্ষার্থীসকলে তেওঁক ভাল পোৱাৰ লগতে ভয়ো কৰে।

(ঙ) গজানন কেনে প্ৰকৃতিৰ ?

উত্তৰঃ গজানন নামৰ হাতীটো শান্ত প্ৰকৃতিৰ। লগৰবোৰকো সি সহায় কৰি ভাল পায়। দীঘল শুৰডালেৰে সি লগৰীয়াবোৰক ওখ গছৰপৰা ফলমূল আনি দিয়াৰ উপৰিও, গৰমৰ দিনত শুৰডালেৰে পুখুৰীৰ পৰা পানী আনি লগৰীয়াসকলৰ গালৈ ছটিয়াই, গা শীতল কৰাত সহায় কৰে। চোৰাং চিকাৰী সোমালে সকলোকে সি সজাগ কৰিও দিয়ে।

(চ) বন্দুৱাই শ্রেণীত কোনে আচৰণ কৰে ? 

উত্তৰঃ বন্দুৱা নামৰ বান্দৰটোৱে শ্ৰেণীত নিজেও মনোযোগ নিদিয়ে আৰু আনকো অশান্তি দিয়ে। ইখন বেঞ্চৰপৰা সিখন বেঞ্চলৈ, ইখন বেৰৰ পৰা সিখন বেৰলৈ জঁপিয়াই থকাৰ উপৰিও, সকলো কথাতে মিছা মাতে। 

(ছ) শ্রেণীত বেছিকৈ কথা পতা শিক্ষার্থীগৰাকী কোন ?

উত্তৰঃ শ্ৰেণীত বেছিকৈ কথা পতা শিক্ষার্থীগৰাকী হ’ল—লপলপী নামৰ ছাগলীজনী।

(জ) বাদলে কাক কাক আৰু কিয় বেছিকৈ ভাল পায় ?

উত্তৰঃ ফুটকী নামৰ হৰিণীজনী আৰু চঞ্চলমতি নামৰ শহাটোক বাদলে বৰ ভাল পায়, কাৰণ সিহঁত দুয়ো বেছ মৰমলগা। ধুনীয়া চকুহালেৰে দুয়োটাই পিৰিক পাৰাককৈ ইফালে-সিফালে চাই থাকে।

(ঝ) শ্ৰেণীটোৰ আটাইতকৈ শান্ত কোন কোন ?

উত্তৰঃ শ্ৰেণীটোৰ আটাইতকৈ শান্ত প্রাণী হৈছে –পখৰা নামৰ জেব্রাটো আৰু নেলীয়া নামৰ জিৰাফটো।

(ঞ) বাদলৰ বিদ্যালয়ৰ জন্তুবোৰৰ নাম লিখা। 

উত্তৰঃ বাদলৰ বিদ্যালয়ৰ জন্তুবোৰ হ’ল–মহিষ, হাতী, ছাগলী, হৰিণা, শহা, জেব্রা, জিরাফ, গড়, গাধ, ঘোঁৰা, কেঁটেলাপহু, চিপাঞ্জী।

(ট) ছাত্র-ছাত্রীসকলে বাদলক কেনেদৰে সহায় কৰিছিল ?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলে বাদলৰ বাবে হাতে-হাতে ঘাঁহ-বন, ফল মূল আদি লৈ আহিছিল। দুদিন ধৰি বাদলৰ মাকে বাদলৰ ভৰি ভঙা বাবে কাষতে থাকিব লগা হোৱাত দুয়োটাই অনাহাৰে থাকিব লগা হৈছিল। তাৰোপৰি মহিষ শিক্ষকৰ লগত অহা শিক্ষাৰ্থীসকলৰ গজানন নামৰ হাতীটোৱে বাদলে খোৰা ভৰিৰে খোজ কাঢ়িব পৰা হ’বলৈ পেং লৈ আহিছিল। এনেদৰে ছাত্ৰ-ছাত্ৰীসকলে বাদলক সহায়ৰ হাত আগবঢ়াইছিল। 

(ঠ) গজাননে বাদলৰ কাৰণে কি আনিলে ?

উত্তৰঃ গজাননে বাদলৰ কাৰণে খোজ কঢ়াত সহায় হ’বলৈ পেং লৈ আনিলে।

(ড) বাদলৰ কিয় চকুপানী ওলাল ?

উত্তৰঃ শিক্ষাৰ্থীসকলে বাদললৈ মৰম কৰি লৈ অনা ফলমূল আদিৰ বাবে লগৰবোৰে তাৰ প্ৰতি থকা আন্তৰিক মৰমৰ কথা বুজি পাই আনন্দতে চকুপানী ওলাল।

২। কোনে কৈছিল, কাক কৈছিল, কেতিয়া কৈছিল :

(ক) “বাদল, এতিয়া কেনে পাইছা?”

উত্তৰঃ “বাদল, এতিয়া কেনে পাইছা ?” কথাষাৰ শিক্ষক মহিষ ডাঙৰীয়াই, গড়পোৱালী বাদলক কৈছিল, যেতিয়া ভৰি ভাঙি ঘৰত পৰি থাকিবলগীয়া হোৱা বাদলৰ খবৰ লবলৈ আহিছিল।

(খ) “পাছলৈ বিষ কমি গ’ল।” 

উত্তৰঃ  “পাছলৈ বিষ কমি গ’ল— কথাষাৰৰ শিক্ষকৰ প্ৰশ্নৰ উত্তৰত বাদলে কৈছিল।

৩। বাক্য ৰচনা কৰা :

খেলা-ধূলা :- খেলা-ধূলা কৰাটো এটা ভাল ব্যায়াম।

পিৰিক-পাৰাক :- কেঁচুৱাটোৱে পিৰিক-পাৰাককৈ ইফালে-সিফালে চাই আছে। 

চুচুক-চামাক :- শিক্ষকৰ গালি খাব বুলি সি চুচুক-চামাককৈ শ্ৰেণীত সোমালে।

৪। বাদলৰ বিদ্যালয়ৰ নামৰ পাঠটোত পোৱা চৰাই আৰু জন্তুৰ বাহিৰে তুমি জনা আন আন চৰাই আৰু জন্তুৰ এখন তালিকা কৰাঁ। 

উত্তৰঃ বাদলৰ বিদ্যালয়’ নামৰ পাঠটোত পোৱা চৰাই আৰু জন্তুৰ বাহিৰে আন আন চৰাই আৰু জন্তুৰ নামৰ তালিকা :

কুলি, কেতেকী, ফেঁচু, দহিকতৰা, শালিকী, ঘনচিৰিকা, পাৰ, কপৌ, ভাটৌ, ময়ূৰ, টুনী, বুলবুলি, হেটুলুকা, কুকুৰা, পাতিহাঁহ ইত্যাদি।        

কুকুৰ, শিয়াল, মেকুৰী, জহামাল, কেৰ্কেটুৱা, নেউল, বাঘ, সিংহ, বান্দৰ ইত্যাদি।

৫। বুজা আৰু লিখাঁ :

স্কুল = বিদ্যালয়।

শিক্ষার্থী = বিদ্যার্থী, ছাত্র-ছাত্রী। 

পদুম = পদ্ম।

ভেট = কুমুদ। 

শীতল = ঠাণ্ডা, জুৰ।

চকুপানী = চকুলো, লোতক।

৬। পঢ়া আৰু লিখাঁ : 

দুদিন + ঈয়া = দুদিনীয়া। 

ভকত + ঈয়া = ভকতীয়া।

লঘোণ +  ঈয়া = লঘোণীয়া।

৭। পঢ়া, বুজা আৰু নতুনকৈ শব্দ গঠন কৰা : 

তন্ময় ― তন্ময়তা।

সৰল ― সৰলতা।

সাধু ― সাধুতা।

অসৎ ― অসততা। 

কৰুণ ― কাৰুণ্য, কৰুণতা।

৮। উপযুক্ত শব্দ বহুৱাই খালী ঠাই পূৰ কৰা :

পিৰিক পাৰাক, চুচুক-চামাক, থুলুক-থাপাক, থুনুক-থানাক, জুনুক-জুনুক ।

উত্তৰঃ (ক) শ্রেণী কোঠাত বহি ল’ৰাটোৱে পিৰিক-পাৰাক কৈ ইফালে সিফাল চাই আছে।

(খ) ছোৱালীজনীয়ে খোজ কাঢ়োতে ভৰিত পিন্ধা, জুনুকাযোৰ জুনুক জুনুক কৈ বাজি আছে।

(গ) কণমানিটোৱে থুপুক-থাপাককৈ খোজ কাঢ়ি আছে। 

(ঘ) কেঁচুৱাটোৰ থুনুক-থানাক কৈ মাত ওলাইছে।

(ঙ) মানুহজনে মতাত ছোৱালীজনী চুচুক-চামাক কৈ আগবাঢ়ি আহিল। 

৯। পঢ়া আৰু বুজা :

(ক) তজবজীয়া ল’ৰাটোৱে বল খেলি আছে।

(খ) বৃহৎ গছজোপাৰ শিপাই বহু ঠাই আগুৰি আছে।

(গ) ডাঙৰ পুখুৰীটোত বহুত মাছ আছে।

(ঘ) হালধীয়া সৰিয়হডৰা চালে চকুৰোৱা হৈছে।

১০। ভাষা আৰু উত্তৰ উলিওৱাঁ : 

চাৰিওফালে চাৰি খুঁটা মাজত মেদেলা পেটা, 

দুই বিচনীয়ে বিচি থাকে লেবেলা সাপে নাচি থাকে।

উত্তৰঃ হাতী।

১১। বিদ্যালয়ত হোৱা তোমাৰ কোনো এটি অভিজ্ঞতাৰ কথা বর্ণনা কৰি তোমাৰ বন্ধু এজনলৈ এখনি চিঠি লিখাঁ। 

উত্তৰঃ শ্রী হৰি

                                                       গুৱাহাটী                                     

                                                        তাৰিখ………

প্রিয় বন্ধু নয়ন,

প্ৰথমে মোৰ হিয়াভৰা মৰম লবা। তোমাৰ মা-দেউতা লৈ সেৱা আৰু ভাইটি-ভন্টিলেও চেহেন জনালোঁ। আজি তোমাক আমাৰ বিদ্যালয়ত পালন কৰা ‘স্বাধীনতা দিৱসৰ বিষয়ে জনাবলৈ বিচাৰিছোঁ।

১৫ আগষ্টৰ পুৱা ৭-৩০ বজাত আমাৰ বিদ্যালয়ৰ অৱসৰ প্রাপ্ত অধ্যক্ষ শ্রী …….. দেৱে পতাকা উত্তোলন কৰে। তেখেতে স্বাধীনতা দিৱসৰ বিষয়ে সুন্দৰকৈ কম কথাৰে বুজাই কয়। তাৰ পাছত বিদালয়ৰ প্রেক্ষাগৃহত আকস্মিক বক্তৃতা আৰু কুইজ প্রতিযোগিতা পতা হয়। তাত মোৰ ভাগত বিষয় পৰিছিল— মহাত্মাগান্ধী। তোমাক জনাবলৈ পাই সুখী হৈছোঁ যে মই আকস্মিক বক্তৃতাত প্ৰথম পুৰস্কাৰ লাভ কৰি আমাৰ বিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ শ্ৰীযুত …… দেৱৰ পৰা প্ৰমাণ পত্ৰ আৰু কিতাপৰ টোপোলা এটি গ্রহণ কৰোঁ। আবেলি ৪ বজাৰ মুকলি সভাত আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰ দুগৰাকীমানৰ উপৰিও নিমন্ত্রিত অতিথিয়েও দুআষাৰ কয়।

তোমালোকৰ বিদ্যালয়ত উদযাপিত স্বাধীনতা দিৱসৰ বিষয়ে জনাবা দেই। লগতে তোমাৰ পঢ়া-শুনা আৰু ঘৰুৱা খবৰো জনাবা।

পুনৰ তোমালৈ মৰম জনাই সামৰিছোঁ।

                                                       ইতি

                                                  তোমাৰ মৰম বন্ধু 

                                                      বিনীত চৌধুৰী

প্ৰতি,

শ্রীনয়ন বৰুৱা, 

………….….. গাওঁ

পো.অ. – ধেমাজি 

জিলা – ধেমাজি

অতিৰিক্ত প্রশ্নোত্তৰ

১। বিশেষণ পদ কাক বোলে?ই কেইবিধ আৰু কি কি ? উদাহৰণ দিয়া।

উত্তৰঃ  আন পদৰ গুণ, দোষ, অৱস্থা, পৰিমাণ আদি বুজোৱা পদক বিশেষণ পদ বোলে। যেনে: ভাল, বেয়া, কেঁচা, পকা ইত্যাদি। বিশেষণ পদ ৩ বিধ। লক্ষণ অনুযায়ী বিশেষণ পদৰ ভাগ তিনিটা হৈছে।

২। তলত দিয়া বাক্যকেইটিৰ থকা বিশেষণ পদ কোনকেইটা, আচঁ টনা।

(ক) তজবজীয়া ল’ৰাটোৱে বল খেলি আছে।

(খ) বৃহৎ গছজোপাৰ শিপাই বহু ঠাই আগুৰি আছে।

গ) হালধীয়া সৰিয়হ ডৰা চালে চকুৰোৱা হৈছে।

উক্ত বাক্যকেইটিত আঁচ টনা শব্দকেইটা বিশেষ্য বিশেষণ। 

৩। (ক) বিশেষ্য পদ লে ? উদাহৰণ দিয়া।

উত্তৰঃ  মানুহ, ঠাই, জীব-জন্তুকে ধৰি সমগ্ৰ বস্তুৰ নাম বুজোৱা পদক বিশেষ্য পদ বোলে। অর্থাৎ নাম মাত্রেই বিশেষ্য পদ। যেনে: দেৱজিত, গুৱাহাটী, হাতী, ধান ইত্যাদি।

(খ) তলত দিয়া বিশেষ্য পদসমূহ বিশেষণলৈ নিয়া 

তন্ময়, সৰল, সাধু

উত্তৰঃ  

বিশেষ্যবিশেষণ
তন্ময়তন্ময়তা
সৰলসৰলতা
সাধুসাধুতা

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top