Assam Jatiya Bidyalay Class 4 Assamese Chapter 14 মাধৱদেৱৰ গুৰুসেৱা

Assam Jatiya Bidyalay Class 4 Assamese Chapter 14 মাধৱদেৱৰ গুৰুসেৱা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 14 মাধৱদেৱৰ গুৰুসেৱা Class 4 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 4 Assamese Chapter 14 মাধৱদেৱৰ গুৰুসেৱা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Assamese Chapter 14 মাধৱদেৱৰ গুৰুসেৱা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মাধৱদেৱৰ গুৰুসেৱা

Chapter – 14

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

ক্রিয়াকলাপ

অৰ্থৰ সৈতে চিনাকি :- মহাপ্রয়াণ — মৃত্যু, দেহাৱসান। দায়িত্ব ― পালন কৰিবলগীয়া কর্তব্য। নামঘোষা — মাধৱদেৱে ৰচনা কৰা এখন ভাল পুথি। দোণ – কাঠীৰে সজা খৰাহিৰ নিচিনা এবিধ পাত্ৰ। ইকৰা ― ঘৰৰ বেৰ দিয়া খাগৰিৰ নিচিনা কিন্তু তাতোকৈ সৰু এবিধ বন। নল — এবিধ ফোঁপোলা খাগৰি জাতিৰ তৃণ। পোহা ― এখন মেলা হাতৰ তলুৱাৰ ঠোলা। পজালি— শুকাবৰ নিমিত্তে তলীতে তুলি থোৱা, মাহ, সৰিয়হ আদিৰ বেলেগ বেলেগ মুঠা বা সোপা। খোলা — কোনো কার্যত ব্যৱহাৰ কৰিবলৈ চুৰুকি চিকনোৱা ঠাই। জাৰণি — ডাঠ হাবি, কাঠনি। তাঁৰ— সৰু জৰী বা শলি। উত্থোৱা চাউল — সিজাই ৰ’দত শুকুওৱা ধানৰ পৰা কৰা চাউল। বাকৰণি ―  চন পৰি থকা মাটি।

● পঢ়া আৰু বুজা :

তয় + বয় = ত্ব। 

শয় + ৰয় + ঊৱে = শ্ৰু। 

জয় + ঞয় = জ্ঞ।

কয় + তয় = ক্ত।

১। পঢ়াঁ আৰু লিখাঁ :

মহাপ্রয়াণদায়িত্বশুশ্রূষাযজ্ঞধাৰি
নিশ্চয়মাহ-প্ৰসাদশ্রদ্ধা-ভক্তিপ্রমাণ

পাঠভিত্তিক প্রশ্নোত্তৰ

২। প্রথমে কোঁৱা, তাৰ পাছত লিখাঁ : 

(ক) মাধৱদেৱৰ ৰচিত কেইখনমান গ্ৰন্থৰ নাম লিখাঁ।

উত্তৰঃ মাধৱদেৱ ৰচিত কেইখনমান গ্ৰন্থৰ নাম হ’ল— নামঘোষা, চোৰ ধৰা, পিম্পৰা-গুচোৱা, ভোজন বিহাৰ, ভূমি লেটোৱা, অর্জুন ভঞ্জন, ৰামায়ণৰ আদি কাণ্ড, ৰাজসূয় ইত্যাদি।

(খ) গুৰুজনাই ক’ত সৰিয়হৰ খেতি কৰিছিল ? 

উত্তৰঃ গুৰুজনাই যজ্ঞধাৰি নামৰ বিল এখনৰ কাষত সৰিয়হৰ খেতি কৰিছিল।

(গ) গুৰুজনাৰ সৰিয়হৰ খেতিডৰা মাধৱদেৱে কি বুদ্ধিৰে উদং কৰিলে ? 

উত্তৰঃ গুৰুজনাই সময়মতে সৰিয়হ তুলিব নোৱাৰাত মনোকষ্ট পোৱা দেখি মাধৱদেৱে বুদ্ধিৰে সৰিয়হৰ খেতিডৰা উদং কৰালে। মাধৱদেৱে জাৰৰ দিনত বেলি ডুব যোৱাৰ লগে লগে গছৰ মূঢ়া, ইকৰা আদিৰে জুই একুৰাৰ ব্যৱস্থা কৰাত গমগমীয়া জুই পুৱাবলৈ মাছুৱৈ বিলাক ওচৰলৈ আহিল। সেই ছেগতে মাধৱদেৱে সকলোকে মাহ প্ৰসাদ কল দি যোৱাত মাছুৱৈসকলে মাধৱদেৱক মাহ যাবলৈ যাবনে বুলি সোধাৰ উত্তৰত মাধৱদেৱে তেওঁলোকক প্রথমে শংকৰদেৱৰ সৰিয়হ ডৰা বকৰাণিত পেলাই দিবলৈ অনুৰোধ কৰিছে। মাছুৱৈসকলে মাস্তি হৈ, উৎসাহেৰে চকুৰ পচাৰতে হাতে-হাতে সৰিয়হ তুলি বকৰাণিত জাপি দিলে, এনেদৰেই সৰিয়হৰ খেতিডৰা মাধৱদেৱে উদং কৰালে।

(ঘ) মাধৱদেৱে আই গোসানীক চাৰিদোণ ধান কিয় বিচাৰিছিল ? 

উত্তৰঃ মাধৱদেৱে আই গোসানীক চাৰিদোণ ধান বিচৰাৰ কাৰণ হৈছে গুৰুজনাই সেইদিনা ঘৰত উখোৱা চাউল নাই বাবে উপবাস থাকিব লাগিব বুলি কৈছিল। গুৰুজনাৰ কষ্ট হোৱা মাধৱদেৱে সহিব নোৱাৰি, আই গোসানীক খুজি চাৰিদোণ ধান লৈ আনি, জুই ধৰি ধান সিজাই, ৰ’দত শুকুৱাই, ঘৰৰ ভিতৰত চাঙ সাজি সিজোৱা শুকোৱা ধান ভালদৰে তুলি থলে আৰু আই গোসানীক ক’লে যাতে আগৰদৰে এইখিনি খৰচ নকৰি ডাৱৰীয়া বতৰহে উলিয়াম। মুঠতে গুৰুজনাই যাতে উপবাসে থাকিব লগা নহয়, সেইকথা সোঁৱৰাই দিছিল।

(ঙ) গুৰুজনাৰ গা-ধোৱাৰ বাবে মাধৱদেৱে কি ব্যৱস্থা লৈছিল ? তেওঁ এই ব্যৱস্থা কিয় ল’ব লগা হ’ল ? 

উত্তৰঃ গুৰুজনাৰ গা-ধোৱাৰ বাবে মাধৱদেৱে দা-কোৰ লৈ বাৰীলৈ গৈ বাঁহ কাটি, গুৰুজনাই গা-ধোৱা ঠাইত গাঁত খান্দি পানী বৈ যোৱা ঠাইৰ ওপৰতে দলং সাজি বাঁহেৰে ঘৰ সজাৰ লগতে কাপোৰ থোৱাকৈ ডাং দিলে।

গুৰুজনাই গা ধুই থাকোতে, ভৰিত বালি-মাটি ছিটিকি পৰি, গা ধোৱা পানী দূৰলৈ চিটিকাত, তাৰ ওপৰৰে সকলোৱে পাৰ হৈ যোৱা দেখি, মাধৱদেৱে গুৰুজনাৰ পদজলৰ এনে দুর্গতি দেখি মনত বেজাৰ পাই এনে ব্যৱস্থা লব লগা হ’ল। 

৩। পঢ়া আৰু লিখা :

ধানখেতি কৰা ঠাই ― ধানতলি।

মাহখেতি কৰা ঠাই ― মাহতলি।

সৰিয়হখেতি কৰা ঠাই ― সৰিয়হতলি।

কঠীয়া সিঁচা ঠাই ― কঠীয়াতলি।

৪। বুজা আৰু লিখাঁ :

নাহৰ + অনি = নাহৰণি।

হাবি + অনি = হাবিয়নি।

জাৰ + অনি = জাৰণি।

পদুম + অনি = পদুমনি।

মাহ + অনি = মাহনি।

কাঠ + অনি = কাঠনি।

৫। বাক্য ৰচনা কৰাঁ :

শিষ্য, সেৱা-শুশ্রূষা, মন- কাণ, মাহ -প্রসাদ, উপবাস। 

উত্তৰঃ শিষ্য :- মাধৱদেৱ শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। 

সেৱা-শুশ্রূষা :- মাধৱদেৱে শংকৰদেৱক, সেৱা-শুশ্রূষা কৰিছিল। 

মন-কাণ :- শিক্ষাগুৰুৰ কথাত মন-কাণ কৰিলেহে শিক্ষা লাভ হয়। 

মাহ-প্ৰসাদ :- নামঘৰত মাহ-প্ৰসাদ বিতৰণ কৰি আছে। 

উপবাস :- পূর্ণিমা-অমৱস্যাত উপবাস খাটিব লাগে। 

৬। তলৰ বিষয়বোৰৰ বিষয়ে আলোচনা কৰাঁ :

ঝুমুৰা, গীত, ভটিমা, বৰগীত, চৰিত পুথি 

উত্তৰঃ ঝুমুৰা :- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ― শ্ৰীমন্ত মাধৱদেৱে ৰচনা কৰা ঝুমুৰা হৈছে চুটি ছন্দৰ পদ্য বিশেষ। ঝুমুৰা ছন্দত আখৰৰ সংখ্যা ৩৪ টা, চাৰি চৰণত শেষ হোৱা ঝুমুৰা প্ৰতি চৰণত ৮ টাকৈ অক্ষৰ থাকে। শংকৰদেৱ বিৰচিত স্যামন্তক হৰণ, মাধৱদেৱ বিৰচিত অর্জুন ভঞ্জন আদি এনে ধৰণৰ ঝুমুৰা।

গীত-ভটিমা :- মহাপুৰুষ দুজনাই গীত ভটিমা ৰচনা কৰি গৈছে। গুৰু ভটিমাত গুৰু বন্দনা আৰু দেৱ-ভটিমাত ক্রমান্বয়ে গুৰু আৰু দেৱতাৰ প্ৰশস্তি গীত গোৱা হয়।

বৰগীত :- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱ বিৰচিত আধ্যাত্মিক ভাৱ বিশিষ্ট, শাস্ত্ৰীয়ৰাগ যুক্ত, শ্ৰীকৃষ্ণৰ লীলা-মহাত্মা প্রকাশক, উচ্চশ্রেণীৰ গীতসমূহেই বৰগীত। বৰগীতসমূহ ‘ব্ৰজাৱলী’ নামৰ এটি কৃত্রিম ভাষাত ৰচিত। বর্তমান শ্ৰীশ্ৰীশংকৰদেৱ বিৰচিত ‘একুৰী চৈধ্যটা (৩৪টা) আৰু শ্ৰীমাধৱদেৱ বিৰচিত নকুৰি এঘাৰটা (১৯১টা) বৰগীত পোৱা যায়।

চৰিত পুথি :- চৰিত পুথি হৈছে মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ ন জনা আত্মা জীৱন-চৰিত বিশেষ। চৰিত পুথিত জতুৱা ঠাঁচ আৰু ফঁকৰা –  যোজনাৰ সুন্দৰ প্ৰয়োগ দেখা যায়। যেনে: আমাৰেসে কর্মতৰে, পণ্ডিতৰো বাক্য লৰে’। ‘সহিলে সম্পদ, নসহিলে বিপদ’ ইত্যাদি। চৰিত পুথি অসমীয়া সমাজ জীৱনৰ চিত্ৰৰ লগতে মহাপুৰুষসকলৰ জীৱন কাহিনী সন্নিৱিষ্ট থাকে।

৭। ভাৰা আৰু উত্তৰ উলিওৱা :

(ক) মাকে বৰশী বায়

পুতেকে সৰগ চায়

উত্তৰঃ বাহগছ।

(খ) চিত পখিলা

তিনিমূৰ, দহঠেং, ক’ত দেখিলা ?

উত্তৰঃ হালোৱা। 

(গ) জগতক পালক চা 

মাজৰটো নকওঁ যা,

শেষৰটো ল

কোনে পাৰ ক। 

উত্তৰঃ চাউল।

অতিৰিক্ত প্রশ্নোত্তৰ

১। (ক) বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আৰু পৰলোক প্রাপ্তি কেতিয়া হৈছিল ? তেখেতৰ সৰ্বশ্ৰেষ্ঠ ৰচনাপুথি কোনখন ? 

উত্তৰঃ মহাপুৰুষ শংকৰদেৱৰ জন্ম ১৪৪৯ খ্রীষ্টাব্দ আৰু পৰলোকপ্ৰাপ্তি ১৫৬৮খ্রীঃ। ‘কীৰ্ত্তন ঘোষা’ তেখেতৰ সৰ্বশ্ৰেষ্ঠ ৰচনা পুথি।

(খ) মাধৱদেৱৰ জন্ম-মৃত্যুৰ চন আৰু সৰ্বশ্ৰেষ্ঠ ৰচনা কি ? 

উত্তৰঃ মাধৱদেৱৰ জন্ম-মৃত্যুৰ চন ১৪৮৯-১৫৯৬ চন। সর্বশ্রেষ্ঠ ৰচনা— নামঘোষা’।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top