Assam Jatiya Bidhyalay Class 7 Assamese Chapter 17 চৰাইৰ জগত

Assam Jatiya Bidhyalay Class 7 Assamese Chapter 17 চৰাইৰ জগত, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidhyalay Class 7 Assamese Chapter 17 চৰাইৰ জগত Class 7 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidhyalay Class 7 Assamese Chapter 17 চৰাইৰ জগত Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidhyalay Class 7 Assamese Chapter 17 চৰাইৰ জগত provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

চৰাইৰ জগত

Chapter – 17

অসম জাতীয় বিদ্যালয়

১। একোটিকৈ বাক্যত উত্তৰ লিখা :

ক) পৃথিৱীত কিমান বিধ প্ৰজাতিৰ চৰাই আছে?

উত্তৰঃ পৃথিৱীত ৮৭০০ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই আছে।

খ) গছৰ গুটি খোৱা চৰাইৰ ঠোঁট কেনে হয়? 

উত্তৰঃ গছৰ গুটি খোৱা চৰাইৰ ঠোঁট চুটি আৰু টান হয়।

গ) মৌপিয়া চৰাইয়ে কেনেকৈ ফুলৰ মৌ চুহি খাব পাৰে? 

উত্তৰঃ মৌপিয়া চৰাইৰ ঠোঁট জোঙা আৰু বেঁকা। সেইবাবে ফুলত ঠোঁত সুমুৱাই মৌ চুহি খাব পাৰে।

ঘ) কাঠৰোকা চৰাইয়ে কেনেকৈ কাঠ ৰুকে?

উত্তৰঃ কাঠৰোকা চৰাইৰ ঠোঁট টান আৰু জোঙা বাবে সিহঁতে ঠোটেৰে কাঠ ৰুকিব পাৰে।

ঙ) চৰাইৰ উৰাৰ লক্ষণটো কিহৰ ওপৰত নিৰ্ভৰ কৰে? 

উত্তৰঃ চৰাইৰ উৰাৰ লক্ষণটো ডেউকাৰ গঠনৰ ওপৰত নিৰ্ভৰ কৰে।

চ) চৰাইৰ তৈলগ্রন্থি ক’ত থাকে?

উত্তৰঃ চৰাইৰ কাণৰ ঠিক গুৰিতে এটা তৈলগ্রন্থি থাকে। 

২। চৰাইৰ আহাৰ অনুসৰি ঠোঁটবোৰ কেনেধৰণে বেলেগ বেলেগ হয়?

উত্তৰঃ চৰাইৰ আহাৰ অনুসৰি ঠোঁটবোৰো বেলেগ বেলেগ হয়। গছৰ গুটি খোৱা চৰাইৰ ঠোঁট চুটি আৰু টান। ঠোঁটৰ আগটো সামান্য বেঁকা। মৌপিয়া চৰাইৰ ঠোট জোঙা আৰু বেঁকা। সেইবাবে সিহঁতে ফুলত ঠোঁট সুমুৱাই মৌ চুহি খাব পাৰে। চিলনী, শেন আদি চৰাইৰ ঠোঁট চুটি আৰু টান। সেইবাবে সিহঁতে তৎক্ষণাত বস্তু ধৰি খাব পাৰে। কাঠৰোকা চৰাইৰ ঠোঁট টান আৰু জোঙা হোৱা বাবে সিহঁতে কাঠ ৰুকিব পাৰে। মাছৰোকা, বগলী, হাড়গিলা আদিৰ ঠোঁট জোঙা আৰু দীঘল। সেইবাবে, সিহঁতে পানীৰ পৰা মাছ উলিয়াই খাব পাৰে। হাঁহৰ চেপেটা আৰু বহল ঠোঁটে সিহঁতক কেঁচু কুমতি আদি খোৱাত সহায় কৰে।

৩। চৰাইৰ ভিন্‌ ভিন্‌ আকৃতিৰ ডেউকাৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ সকলো চৰাইৰে ডেউকা একে নহয়। সেইবাবে চৰাইৰ উৰাৰ লক্ষণটো বিভিন্ন ধৰণৰ হয়। দীঘল আৰু জোঙা ডেউকাৰ চৰায়ে খুব জোৰেৰে উৰিব পাৰে। মাটিত ফুৰা চৰাইবিলাকৰ ডেউকা গোটা আৰু চুটি। বহল আৰু দীঘল ডেউকাৰ চৰাইয়ে বহুদূৰ উৰি থাকিব পাৰে। ডেউকা দীঘল কিন্তু নেজ চুটি চৰাইয়ে বৰ জোৰেৰে উৰিব পাৰে। নেজ দীঘল আৰু ডেউকা চুটি হ’লে চৰাইয়ে বেছি উৰিব নোৱাৰে। 

৪। চৰাইৰ ঠেঙৰ গঠনৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বেলেগ বেলেগ চৰাইৰ ঠেঙৰ গঠনো বেলেগ বেলেগ হয়। গছৰ ডালে ডালে ফুৰা চৰাইবিলাকৰ ঠেঙৰ আঙুলি গছত ভালকৈ লাগি যায়। দলনিত থকা চৰাইবিলাকৰ ঠেং দীঘল আৰু আঙুলি বিলাকো দীঘল দীঘল হয়। গছত বগোৱা চৰাইবিলাকৰ আঙুলিৰ নখবোৰ টান আৰু জোঙা। পানীত সাঁতোৰা চৰাইৰ ভৰিৰ পতা বহল। মঙহ খোৱা চৰাইবিলাকৰ ঠেং জোৰ থকা, নখবোৰ জোঙা আৰু বেঁকা।

৫। চৰায়ে কেনেধৰণে নিজক পৰিস্কাৰ কৰি ৰাখে বুজাই লিখা। 

উত্তৰঃ চৰাইয়ে বিভিন্ন ধৰণে নিজক পৰিস্কাৰ কৰি ৰাখে। ৰাতিপুৱা ৰ’দ ওলালেই বহুতো চৰাইয়ে পানীত জোবোৰা মাৰি গাটো ধোৱে। পানীডুবি, হাঁহ আদিয়ে সাঁতুৰি থাকোতেই গা ধোৱে। কিছুমান চৰাইয়ে বৈ থকা পানীত নামি গা ধোৱে। কিছুমান চৰায়ে বৰষুণৰ পানীলৈ অপেক্ষা কৰি থাকে। তেনে চৰাইয়ে বৰষুণ আহিলে ডেউকা দুখন মেলি গাতো তিতিবলৈ বৰষুণত পাতি দিয়ে। কিছুমান চৰায়ে লাহে-ধীৰে গা নোধোৱে। এফালৰ পৰা জোৰেৰে আহি গাৰে পানীখিনি চুই আনফালে গুচি যায়। চৰায়ে এনেধৰণে নিজক পৰিস্কাৰ কৰি ৰাখে।

৬ ৷ চৰায়ে কেনেধৰণে গাত তেল সানে?

উত্তৰঃ মানুহৰ দৰে চৰায়েও তেল সানে। চৰাইৰ কাণৰ ঠিক গুৰিত এটা তৈলগ্রন্থি থাকে। কিন্তু পাখিবিলাকে এই গ্ৰন্থিটো ঢাকি ৰাখে। প্রথমে চৰায়ে গা ধোৱে তাৰ পাছত ডেউকাদুখন জোকাৰি গাৰ পানীবোৰ গুচাই লয়। তাৰ পাছতে ঠোটেৰে তৈলগ্রন্থিৰ পৰা তেল লৈ পাখি বিলাকত মাৰে। মুৰেৰে ঘঁহাই ঘঁহাই গাৰ বিভিন্ন অংশত তেল লগায় লয় আৰু পাখিবিলাক তেলেতীয়া কৰি লয়। চৰাইবিলাকে তৈলগ্রন্থিটোৰ ওপৰত মাজে মাজে ৰ’দ পৰিবলৈ দিয়ে। তৈলগ্রন্থিৰ ওপৰত ৰ’দ পৰিলে শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন ডি তৈয়াৰ হয়। 

৭। চৰায়ে গাত হোৱা পোকবোৰ গুচাবলৈ কি কৰে? এই পোকবোৰ মাৰিবলৈ সিঁহতে কি কি কৰে বুজাই লিখা।

উত্তৰঃ চৰাইৰ গাত কেতিয়াবা কিছুমান পোক হয়। সেই পোকবোৰ গুচাবৰ বাবে সিহঁতে লগৰটোৰ ওচৰত গাটো পাতি দিয়ে। ঘনচিৰিকা কুকুৰা আদি চৰাইবিলাকৰ গাতো চেৰেপা আৰু তেনে কিছুমান সৰু সৰু পোক হয়। এই পোকবোৰেই ইহঁতৰ বেমাৰ মাতি আনে। পাখিৰ তলত সোমাই থকা সৰু সৰু পোকবোৰে গাৰ পৰা তেজ শুহি খায়। ইহঁতে বালিৰ সহায়ত পোকবোৰ মাৰে।

পৰুৱাৰ বাহ থকা গছত চৰাই পৰিলে গাত পৰুৱা লাগি আহে। এনে কথাত কিছুমান চৰায়ে ভাল পায়। ইহঁতে ডেউকা দুখন মেলি পৰুৱাবোৰ গাত ভালকৈ বগাবলৈ দিয়ে আৰু পৰুৱাবোৰে চৰাইটোৰ গাৰ পোকবোৰ কম সময়ৰ ভিতৰতে খাই শেষ কৰে। কিছুমান চৰায়ে আকৌ গাত পৰুৱা বগাবলৈ দিয়াৰ পাছত ডেউকাৰ পাখিৰে হেঁচি পৰুৱা মাৰি পেলায়। পৰুৱাবোৰ মৰিলে এটা গোন্ধ ওলায়। এই গোন্ধ ফৰমিক এচিদৰ গোন্ধ। ফৰমিক এচিদ গোন্ধে গাত হোৱা পোকবোৰ মাৰি পেলায়। এইদৰে চৰায়ে গাত হোৱা পোকবোৰ ওচাবলৈ চেষ্টা কৰে আৰু পোকবোৰ মাৰিবলৈও চেষ্টা কৰে।

৮। চৰাইয়ে কি কি ধৰণেৰে আহাৰ খায় বুজাই লিখা।

উত্তৰঃ ভিন ভিন চৰায়ে ভিন ভিন ধৰণেৰে আহাৰ খায়। কিছুমান চৰায়ে মাটিত আহাৰ খায়। কপৌ চৰায়ে মাটিত পৰি ঘাঁহৰ গুটি আৰু মাটিত থকা পোক খায়। দহিকতৰা চৰায়ে গছৰ ডালত বহি সুহুৰিয়াই থাকে যদিও বাৰে বাৰে মাটিত নামি বিছা, কেৰেলুৱা, জোক, কেচু আদি খায়। কুকুৰা, ডাউক, লৰিয়লি উৰিক, দেও উৰি, বালিমাহী আদি চৰায়ে মাটিত আহাৰ খায়। বৰটোকোলা, শামুকভঙা, হাড়গিলা, তেলিয়াসাবেং আদি পথাৰত থকা চৰাইবোৰে মাছ, ভেকুলী কেঁকোৰা, কেচু, শামুক আদি আহাৰ খায়। ভীমৰাজ, তেলটুপি আদি চৰায়ে বতাহত উৰি উৰি পোক, ফৰিং, চগা আদি ধৰি খায় ।

কিছুমান চৰায়ে গছে গছে আহাৰ খাই ফুৰে। কিছুমান চৰায়ে মৌ খায়। কিছুমানে ফলমূল বা গছৰ গুটি খাই আৰু কিছুমানে গছত থকা পোক-পৰুৱা খায়। মৌপিয়া চৰায়ে ফুলে-ফুলে পৰি মৌ খাই ফুৰে। বাঢ়ৈটোকা চৰায়ে গছৰ গাত ফুটা কৰি পোক উলিয়াই খায়। পাতসিয়া, কৃষ্ণ ম‍ইনা, ভদৰকলী আদি চৰায়ে পোক বিচাৰি খৰধৰকৈ গছে গছে ঘূৰি ফুৰে। ভাটৌ, হাইঠা আদি চৰায়ে জাক পাতি বহু দূৰ উৰি আহি গুটি থকা গছত পৰে আৰু গছৰ গুটি বা ফলমূল খায়। পাকৈঢোৰা, ধনেশ আদি চৰায়ে গছৰ গুটিও খায়, পোকো খায়। বিভিন্ন চৰায়ে এনেকৈ বিভিন্ন ধৰণে আহাৰ খায়।

৯। বিভিন্ন চৰায়ে ক’ত ক’ত আৰু কেনেধৰণে বাহ সাজে বুজাই লিখা।

উত্তৰঃ চৰাই যেনেকৈ বিভিন্ন ধৰণৰ আছে তেনেকৈ সিহঁতৰ বাহবোৰো বিভিন্ন ধৰণৰ। ঘনচিৰিকা চৰায়ে ঘৰৰ চালত বাহ লয় আৰু থাকে। ইহঁতে ঘাঁহ, খেৰ, বন আদিৰে বাহ সাজে। কপৌ, খোপাবন্ধা আদি চৰায়ে খেৰ, বন, কুটা আদি গোটাই বাহ সাজে। কাঠৰোকা, হেতুলুকা, আদি চৰায়ে গছৰ গাত ফুটা কৰি নাইবা গছৰ ধোন্দত বাহ সাজে। টোকোৰা চৰায়ে নাৰিকল, খেজুৰ তামোল আদি গছৰ পাতত ঘাঁহ, বাঁহ, ধান বা কুঁহিয়াৰৰ আঁহেৰে বৰ ধুনীয়াকৈ বাহবোৰ সাজে। এইদৰে চৰায়ে বিভিন্ন ঠাইত বিভিন্ন ধৰণে বাহ সাজে আৰু বসবাস কৰে।

১০। এটা শব্দত প্ৰকাশ কৰা :

ক) লুপ্ত হৈছে যি ― বিলুপ্ত।

খ) যিটো পাবলৈ টান— দুর্লভ। 

গ) পানী আৰু মাটি উভয়তে চৰে যি ― উভচৰ।

ঘ) পানীত থাকে যি — জলচৰ।

ঙ) বনত থাকে যি ― বনৰীয়া।

১১। ভাৱ বহলাই লিখা :

কিনা হাঁহৰ ঠোঁটলৈকে মঙহ।

উত্তৰঃ ধন ভাঙি কিনি অনা হাঁহৰ অলপো মানুহে পেলাই দি নষ্ট কৰিবলৈ ইচ্ছা নকৰে। তাৰ ঠোঁটৰ মাজতো যেন মঙহ থাকে, এনেভাবে মানুহে হাঁহ এটা কাটি কুটি উলিয়ায়। আনকি খাবপৰা হ’লে কিজানি ঠোঁটটোকো পেলাই নিদিলেহেঁতেন। ঠিক সেইদৰে ধন দি কিনি অনা যি কোনো বস্তুক মানুহে এনেয়ে পোৱা বস্তুতকৈ বেছি মূল্য দিয়ে। ইয়াৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে মূল্য দি অনা বস্তুৰ এটা সামান্য অংশত এনেয়ে যাবলৈ দিয়া উচিত নহয়। সামান্য এনেয়ে যোৱা মানে ধনৰ অপচয় হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top