Assam Jatiya Bidhyalay Class 7 Assamese Chapter 12 জোন বিল মেলা

Assam Jatiya Bidhyalay Class 7 Assamese Chapter 12 জোন বিল মেলা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidhyalay Class 7 Assamese Chapter 12 জোন বিল মেলা Class 7 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidhyalay Class 7 Assamese Chapter 12 জোন বিল মেলা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidhyalay Class 7 Assamese Chapter 12 জোন বিল মেলা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জোন বিল মেলা

Chapter – 12

অসম জাতীয় বিদ্যালয়

১। একোটিকৈ বাক্যত উত্তৰ লিখা :

ক) পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ উৎসৱ কি?

উত্তৰঃ পাহাৰ, ভৈয়ামৰ সম্প্ৰীতিৰ উৎস হ’ল জোনবিল মেলা।

খ) ‘জোনবিল’ নামে ডাঙৰ বিলখন কত অৱস্থিত? 

উত্তৰঃ ‘জোনবিল’ নামৰ ডাঙৰ বিলখন জাগীৰোড আৰু জাগীভকত গাঁৱৰ মধ্যত অৱস্থিত।

গ) ‘মনে পতা’ বিহু কি?

উত্তৰঃ গোভা ৰাইজে মাঘৰ সংক্ৰান্তিত বিহু নাপাতি তাৰ পিছৰ সপ্তাহটোৰ শনিবাৰতহে পাতে। সেইকাৰণে ইয়াক মনেপতা বিহুও বোলে এয়ে মনেপতা বিহু।

ঘ) বর্তমান সময়ত জোনবিল মেলা কেতিয়া অনুষ্ঠিত হয়? 

উত্তৰঃ বৰ্তমান সময়ত মাঘবিহুৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ শনিবাৰ বা দেওবাৰে জোনবিল মেলা অনুষ্ঠিত হয়।

ঙ) পাহাৰৰ পৰা অহা লোকসকলে মেলালৈ আহোঁতে বিনিময়ৰ বাবে লগত কি কি বস্তু লৈ আহে?

উত্তৰঃ পাহাৰৰ পৰা অহা লোকসকলে মেলালৈ আহোঁতে বিনিময়ৰ বাবে আলু, কচু, আদা, হালধি, তিল, ফুলবাঢ়নী, লা, ধুনা, জলকীয়া, বাঁহৰ গাজ, কপাহ আৰু বাঁহ-বেতেৰে তৈয়াৰী শিল্পজাত বস্তু আনে। 

২। চমু উত্তৰ লিখা :

ক) বিলখনৰ নাম জোনবিল কেনেদৰে হ’ল?

উত্তৰঃ বিলখনৰ নাম জোনবিল হোৱাৰ কাৰণ এনেকুৱা— জনশ্রুতি মতে এজন তিৱা ৰজাই বিহাৰ কৰি ঘুৰি আহোতে এই বিলৰ পানীত জোনৰ পোহৰ পৰি তিৰবিৰাই থকা দেখি মুগ্ধ হ’ল। তেতিয়াই তেওঁ বিলখনৰ নাম থলে জোনবিল।

খ) গোভা ৰজাৰ আদেশ মর্মে অতীতৰ জোন বিল মেলা কেনেদৰে অনুষ্ঠিত কৰা হৈছিল?

উত্তৰঃ গোভা ৰজাৰ আদেশ মর্মে অতীতত মাঘ বিহুৰ আগতে এই বিলত মাছ মাৰি বিলৰ পাৰত শ’ল মাছেৰে ন ভাত খোৱাৰ নিয়ম আছিল। মাচুৱৈসকলে মাছ মৰাৰ বাবদ ৰজাক মাননিস্বৰূপে প্রত্যেকেই একো অংশ মাছ দি যোৱাৰ প্ৰথা আছিল। আজিও এনে প্ৰথাৰ প্ৰচলন আছে।

গ) জোনবিল মেলা চাবলৈ ক’ৰ ক’ৰ পৰা মানুহ আহি বিলৰ পাৰত ভিৰ কৰে? তেওঁলোকে সেইকেইদিন কেনেদৰে কটায়? 

উত্তৰঃ জোনবিল মেলা চাবলৈ অন্যান্য মানুহৰ লগতে কাৰ্বি আংলং, মেঘালয় আদিৰ মানুহ আহি বিলৰ পাৰত ভিৰ কৰেহি। তেওঁলোকে সেইকেইদিন বিলৰ পাৰত নৰাৰে সৰু সৰু ঘৰ সাজি তাতেই আনন্দেৰে থাকে। নিজৰ ৰংচঙীয়া সাজ-পাৰেৰে বিলৰ পাৰবোৰ বহুৰঙী কৰি তোলে। 

৩। “এই মেলা পর্বত ভৈয়াম বাসীৰ মহামিলনৰ তীৰ্থক্ষেত্র―কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰঃ জোনবিল মেলা চাবলৈ গোভা ৰজাৰ প্ৰজাসকল অহাৰ উপৰিও কাৰ্বি, মেঘালয় আদিৰ মানুহো আহে। তেওঁলোকে নিজস্ব ৰঙচঙীয়া সাজ-পাৰেৰে বিলৰ পাৰ বহুৰঙী কৰাৰ উপৰিও সেইকেইদিন তাত মন বিনিময় কৰে। লগতে লগত অন্য বস্তুৰো বিনিময় কৰে। পাহাৰীয়া জনজাতিসকলে ৰজালৈ সকলো বস্তুৰে একোটিকৈ টোপোলা কৰ-ভাৰ আৰু মাননি স্বৰূপে দিয়া প্ৰথা এতিয়াও প্রচলিত আছে। এই প্রথাই পাহাৰীয়া জনজাতি আৰু ভৈয়ামৰ জনজাতিকৰণৰ বিহু সংস্কৃতিৰ সাক্ষৰ বহন কৰিছে। ই হৈ পৰিছে পৰ্বত ভৈয়ামবাসীৰ মহামিলনৰ তীৰ্থক্ষেত্র।

৪। তলৰ উৎসৱ সমূহৰ বিষয়ে চমুকৈ লিখা :

(ক) আলি আই লৃগাং। 

(খ) টুচু পূজা।

(গ) ওৱাংগালা।

উত্তৰঃ (ক) আলি আই লৃগাং : মিচিংসকলৰ উৎসৱ আলি আই লৃগাং অসমৰ এটি প্রাচীন কৃষি উৎসৱ। এই উৎসৱক শষ্য বা কঠীয়া সিঁচাৰ উৎসৱ বুলিও কোৱা হয়। মিচিং ভাষাত ‘আলি’ মানে শষ্যৰ বীজ, ‘আয়ে’ মানে ফল আৰু ‘লৃগাং’ মানে আৰম্ভণি হোৱা বুজায়। প্রতি বছৰৰ ফাগুণ মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱ পালন কৰা হয়। ৰঙালী বিহুৰ দৰে মিচিংসকলে এই উৎসৱত নানা ধৰণৰ ৰং-ৰহইচ কৰে। এই উৎসৱৰ দিনা আবেলি শষ্য সিঁচাৰ কাম আৰম্ভ কৰে আৰু সমূহীয়া ভোজন কৰাৰ উপৰি গুমৰাগ নৃত্য কৰে। সকলোৱে এই নৃত্যত অংশ গ্ৰহণ কৰে।

(খ) টুচু পূজা : টুচু পূজা পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। সেইদিনা টুচু দেৱীৰ প্ৰতিমা স্থাপন কৰি, পূজা কৰি, পিছদিনা প্ৰতিমা বিসর্জন দিয়া হয় । প্রতিমা বিসর্জনৰ দিনা স্নান কৰাটো পৱিত্ৰ কাম বুলি ভবা হয় আৰু এই স্নানক মৰ্কৰ স্নান বোলে।

৫। উদাহৰণটো চাই বাকীকেইটা কৰা :

উদাহৰণ :

চহকী ― ধনী।

পাহাৰ ― টিলা।

ভৈয়াম ― সমভূমি।

বিল ― ঝীল।

পানী ― জল। 

ৰজা ― ভূপতি।

প্রথা ― নিয়ম, ৰীতি।

সন্ধ্যা ― গধূলি।

পঁজা ― ঘৰ, কুটিৰ।

৬। বাক্য ৰচনা কৰা :

সম্প্রীতি, বিনিময়, সাজ-পাৰ, বয় বস্তু, দান-বৰঙণি

উত্তৰঃ সম্প্রীতি : আমি সদায় পাহাৰ-ভৈয়ামৰ সম্প্ৰীতি ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগে।

বিনিময় : জোনবিল মেলাত পাহাৰে-ভৈয়ামৰ মানুহৰ মত বিনিময় হয়।

সাজ-পাৰ : আনে দেখি ভালপোৱা সাজ-সাৰ পৰিধান কৰিব লাগে। 

বয়-বস্তু : বয়-বস্তু যিবোৰ সদায় লাগে তাক সংৰক্ষণ কৰিব লাগে। 

দান-বৰঙণি : ৰাইজৰ দান-বৰঙণিৰে বহুতো অনুষ্ঠান পৰিচালিত হয়।

2 thoughts on “Assam Jatiya Bidhyalay Class 7 Assamese Chapter 12 জোন বিল মেলা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top