Assam Jatiya Bidhyalay Class 7 Assamese Chapter 11 সুখ

Assam Jatiya Bidhyalay Class 7 Assamese Chapter 11 সুখ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidhyalay Class 7 Assamese Chapter 11 সুখ Class 7 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidhyalay Class 7 Assamese Chapter 11 সুখ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidhyalay Class 7 Assamese Chapter 11 সুখ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

সুখ

Chapter – 11

অসম জাতীয় বিদ্যালয়

১। উত্তৰ লিখা :

ক) সুখ বিচাৰোঁতে মানুহে সংসাৰত কি পায়?

উত্তৰঃ  সুখ বিচাৰোঁতে মানুহে সংসাৰত দুখ পায়।

খ) কাৰ পাছে পাছে সুখ ফুৰে?

উত্তৰঃ যিজনে নিজৰ স্বার্থ ত্যাগ কৰিব পাৰে সেইজনৰ পাছে পাছে সুখ ফুৰে।

গ) সংসাৰখন কেনেকৈ সুখৰ ঠাই হৈ পৰে? 

উত্তৰঃ পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই হৈ পৰে।

ঘ) সংসাৰত কেতিয়া দুখ নোহোৱা হয়? 

উত্তৰঃ পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নোহোৱা হয়।

ঙ) কবিয়ে মানুহৰ সেৱা মানুহৰ পূজা কিয় কৰিবলৈ কৈছে? 

উত্তৰঃ কবিয়ে মানুহৰ সেৱা, মানুহৰ পূজা এই কাৰণেই কৰিবলৈ কৈছে যে এইবোৰ কৰিলে মানুহৰ উপকাৰ হোৱাৰ লগতে নিজৰ মনতো সুখ পোৱা যায়।

চ) কবিৰ মতে কিহত পৰম সন্তোষ লভিব পাৰি? 

উত্তৰঃ কবিৰ মতে ত্যাগত পৰম সন্তোষ লভিব পাৰি।

ছ) স্বাৰ্থৰ বাট আৰু নিঃস্বাৰ্থৰ বাট কবিয়ে কেনেকুৱা বুলি কৈছে? 

উত্তৰঃ স্বাৰ্থৰ বাট দুখৰ কাইটেৰে ভৰা আৰু নিঃস্বাৰ্থৰ বাট সেন্দুৰিয়া আলি বুলি কবিয়ে কৈছে।

২। কবিতাটিৰ মূল কথাখিনি তোমাৰ নিজৰ ভাষাৰে লিখা। 

উত্তৰঃ মানুহে এই সংসাৰলৈ আহি সুখ বিচাৰি ফুৰে। কিন্তু সুখ বিচাৰোতে বিচাৰোতে সুখ নাপায়, পায় দুখৰো উপৰি দুখ। মানুহে সুখ যে স্বার্থ ত্যাগ কৰিব পৰা মানুহৰ হাতত আছে সেই কথা দেখা নাপায় । মানুহৰ জীৱনটো অকল নিজৰ কৰণে নহয়। নিজৰ স্বাৰ্থ ত্যাগ কৰি পৰৰ কাৰণে খাটিব পাৰিলেহে সংসাৰত সুখ পোৱা যায়। পৰৰ দুখ, পৰৰ অভাৱত তেওঁলোকক আপোন কৰি লৈ সহায় কৰিব পাৰিলেহে সংসাৰত দুখ নাইকিয়া হ’ব। পৰৰ দুখত কান্দিলে, মানুহৰ সেৱা কৰিলে, মানুহৰ পূজা কৰিলে মানুহে সংসাৰত সুখ পায়। অকল ‘মই’ ‘মোৰ’ বুলি মোহৰ জালত বন্দী নহৈ আনৰ ভালৰ কাৰণে চিন্তা কৰিব লাগে। স্বাৰ্থৰ বাটৰ দুখৰ কাইট আছে সেই কাইটে খোজে প্রতি বিন্ধে কিন্তু নিঃস্বাৰ্থৰ বাটটো সেন্দুৰীয়া তাত সুগন্ধি ফুল ফুলে অর্থাৎ‍ নিঃস্বার্থ মানুহৰ গুণ ৰৈ বৈ যায়। পৃথিৱীত যিমান মানুহ আছে সকলো সকলোৰে আপোন। সকলো পৰম পিতা ঈশ্বৰৰ সন্তান। গতিকে পৃথিৱীকে আমাৰ ঘৰ বুলি ধৰি লৈ মন স্থিৰ কৰি পৰৰ কাৰণে ত্যাগ কৰিব পাৰিলে সংসাৰত সুখ পোৱা যায়।

৩। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। 

ক) পৰৰ অভাৱ          পৰৰ দুখত

               হিয়া যদি পমি যায় 

পৰক আপোন            কৰিব পাৰিলে

               সংসাৰত দুখ নাই।

উত্তৰঃ প্রসংগ : উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি ‘আপোন পাঠ’ৰ ‘ভাঙনি কোঁৱৰ’ আনন্দ চন্দ্ৰ আগৰৱালাদেৱে ৰচনা কৰা ‘সুখ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতি : ইয়াত কবিয়ে সংসাৰত কেনেকৈ দুখ নোহোৱা কৰিব পাৰি সেই কথা উল্লেখ কৰিছে।

ব্যাখ্যা : মানুহে সংসাৰত সুখ বিচাৰি ফুৰে। কিন্তু সুখ বিচাৰোতে বিচাৰোতে বেচিকৈ দুখহে পায়। সুখ ক’ত পোৱা যায় সেই কথা কবিয়ে উল্লেখ কৰিছে। যদি পৰৰ অভাৱত সেই অভাৱ দূৰ কৰি অভাৱ হোৱা মানুহক সহায় কৰিব পাৰি তেতিয়া সুখ পোৱা যায়। অন্য কোনোবা মানুহ

কিবা কাৰণত দুখত পৰিলে সেই দুখৰ পৰা যদি সহায় কৰি উদ্ধাৰ কৰিব পৰা যায়, পৰৰ দুখত দুখী হৈ অন্তৰ যেতিয়া পমি যায় আৰু সহায়ৰ হাত আগবঢ়াই দিব পৰা যায় তেতিয়া সুখ অনুভৱ কৰিব পাৰি। নিজৰ স্বাৰ্থ এৰি দি অন্য মানুহক আপোন কৰি লৈ তেওঁলোকৰ সুখৰ প্ৰতি লক্ষ্য ৰাখিলে এই সংসাৰত কেতিয়াও দুখ পোৱা নাযায়। 

খ)  যথার্থ নিঃস্বার্থ           ধৰ্মী জীৱন

                  বিশ্বপ্রেমে ভৰপূৰ 

বিশ্বৰ সকলো               ভাই-ভনী তাৰ

                  সুখৰ নপেৰ ওৰ।

উত্তৰঃ প্ৰসংগ : উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি ‘আপোন পাঠ’ৰ ‘ভাঙনি কোঁৱৰ’ আনন্দ চন্দ্ৰ আগৰৱালাদেৱে ৰচনা কৰা কবিতা ‘সুখ’ৰ পৰা উদ্ধৃত কৰা হৈছে।

সংগতি : এই কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে মানুহে কেনেকৈ সুখ অনুভৱ কৰিব পাৰে সেই কথা প্ৰকাশ কৰিছে।

ব্যাখ্যা : সংসাৰত মানুহে সুখ বিচাৰি হাবাথুৰি খাই ফুৰে। কিন্তু সুখ বিচাৰোতে বিচাৰোতে দুখৰো উপৰি দুখহে পায়। সুখ ক’ত বিচাৰি পোৱা যায় সেই কথা কবিয়ে কৈ গৈছে। যিজন মানুহে নিজৰ স্বাৰ্থ ত্যাগ কৰিব পাৰে, এটা সুন্দৰ ধৰ্মীয় জীৱন যাপন কৰিব পাৰে, যাৰ অন্তৰত বিশ্বৰ সকলোৰে প্ৰতি প্ৰেম ভৰপুৰ হৈ থাকে তেনে মানুহে অন্তৰত সুখ অনুভৱ কৰিব পাৰে। এই বিশ্বৰ সকলো প্ৰাণীয়ে এক ভগৱানৰ সন্তান। সেইফালৰ পৰা চাবলৈ গ’লে বিশ্বৰ সকলো মানুহ এটা পৰিয়ালৰ। এটা পৰিয়ালৰ মাজত যেনেকৈ আত্মীয়তাৰ এনাজৰীৰে বান্ধ খাই ইজনে সিজনক সহায় কৰে ঠিক তেনেকৈ এক ঈশ্বৰৰ সকলো সন্তান। গতিকে আমি সকলো এক পৰিয়ালৰ এই বুলি ভাবি যদি কাম কৰা যায় তেনেহ’লে মানুহৰ মনৰ পৰা সকলো দুখ নাইকিয়া হৈ সুখৰ শেষ নোহোৱা হয়।

৪। ‘গাই-গোটা-পেটে-ভঁৰাল— এই জতুৱা ঠাঁচটোৱে কবিতাটোত কি অৰ্থ প্ৰকাশ কৰিছে? ‘পেট’ শব্দ ব্যৱহাৰ কৰি আন আন জতুৱা ঠাঁচেৰে বাক্য সাজা।

উত্তৰঃ  ‘গাই-গোটা-পেটে-ভঁৰাল— এই জতুৱা ঠাঁচটোৱে মানুহে অকল নিজৰ কথা চিন্তা কৰি নিজৰ কাৰণে কাম কৰা কথা বুজাইছে। তলত ‘পেট’ শব্দ ব্যৱহাৰ কৰি অন্য জতুৱা ঠাচেৰে বাক্য সাজা হ’ল। 

পেট কুলি : (পেট কপটীয়া) পেট কুলি মানুহৰ আগত কেতিয়াও বিশ্বাসৰ কথা ক’ব নালাগে।

পেটত হাত-ভৰি লুকা : (বৰ ভয় খোৱা) ভুতৰ দৃশ্য দেখি সৰু ল’ৰাটোৰ পেটত হাত-ভৰি লুকাইছে।

পেটে-ভাতে খা : (কোনোৰকমে চলি থকা) বস্তুৰ ইমান জুই-চাই দাম যে সাধাৰণ মানুহৰ বাবে পেটে-ভাতে খাই থকাটো টান হৈ পৰিছে। 

পেট মচা : (শেষ সন্তান) মাক-দেউতাকৰ পেট মচা সন্তানটোৰ প্ৰতি মৰম অলপ বেছি হয়।

৫। বুজা আৰু লিখা :

সেন্দুৰ + ঈয়া = সেন্দুৰীয়া। 

ধেমালি + ঈয়া = ধেমেলীয়া।

তৰ + ঈ = তৰী।

মানৱ + ঈ = মানৱী।

ধৰম + ঈ = ধৰমী।

সুগন্ধ + ঈ = সুগন্ধী।

৬। উদাহৰণটো চাই বাকী কেইটা কৰা :

দিনত কণা ― দিনকণা। 

পৰম যি পিতা ― পৰমপিতা। 

ভাই আৰু ভণী ― ভাইভণী।

বিশ্বলৈ প্ৰেম ― বিশ্বপ্ৰেম।

যথাথি অর্থ ― যথার্থ।

নৰ আৰু নাৰী ― নৰনাৰী।

৭। ভাৱ বহলাই লিখা :

ক) লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি। 

উত্তৰঃ হুলে মানুহক কেতিয়াবা বিন্ধে। হুলৰ কাম হ’ল বিন্ধা। ই আপোন পৰ বিচাৰ নকৰে। কিছুমান স্বাৰ্থপৰ মানুহে ইয়াৰ বশবর্তী হৈ আনক বিন্ধিবলৈ অহাযোৱা বাটত হুল পুতি থয়। কিন্তু কেতিয়াবা ক’ব নোৱাৰাকৈয়ে সেই হুলত পৰি নিজে আঘাত পাব লগা হয়। অর্থাৎ‍ পৰক আঘাত দিয়াৰ কথা চিন্তা কৰোতে নিজে আঘাতপ্রাপ্ত হ’ব লগা হয়। সেই কাৰণে আনৰ অহিত কেতিয়াও চিন্তা কৰিব নালাগে।

খ) আপোন ভালেই জগত ভাল। 

উত্তৰঃ এগৰাকী ব্যক্তিয়ে নিজৰ গুণ-গৰিমাৰে সকলোৰে লগত ভালে থকাৰ উপৰিও চাৰিওকাষৰ পৰিৱেশ ভাল কৰিব পাৰে। সৎ ব্যক্তি এগৰাকীয়ে কেতিয়াও কাৰো অহিত চিন্তা নকৰে। সকলোৰে লগত তেওঁ সৎ ভাৱেই চলে। আনৰ অহিত চিন্তা নকৰা ব্যক্তিজনৰ আনেও অহিত চিন্তা নকৰে। গতিকে ভাল ব্যক্তি এজনৰ বাবে গোটেই জগতখনেই ভাল হৈ পৰে। নিজে ভাল হৈ থাকি আনক সন্মান দিলে নিজেও সন্মান পায়। সেইবাবেই কোৱা হয় আপোন ভালেই জগত ভাল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top