অসম বুৰঞ্জী [Part 7]
1. অসমৰ ৰাজধানী কেতিয়া শ্বিলংৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হয় ?
উত্তৰঃ ১৯৭৪ চনত।
2. কোন চনত অসম আন্দোলন আৰম্ভ হৈছিল ?
উত্তৰঃ ১৯৭৯ চনত।
3. অসমত কেতিয়া ভাষা আন্দোলন আৰম্ভ হৈছিল ?
উত্তৰঃ ১৯৬০ চনত।
4. কেতিয়া মোগলসকলে কোচ ৰাজ্য আক্ৰমণ কৰিছিল ?
উত্তৰঃ ১৬১৫ চনত।
5. কেতিয়া শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ?
উত্তৰঃ ১৪৪৯ চনত।
6. কেতিয়া চিলাৰায়ৰ মৃত্যু হৈছিল ?
উত্তৰঃ ১৫৭৫ চনত।
7. অসমত কেতিয়া পঞ্চায়তীৰাজ আৰম্ভ হয় ?
উত্তৰঃ ১৮৯৬ চনত।
8. অসম মন্ত্ৰী পৰিষদৰ সদস্যপদ লাভ কৰা প্রথম গৰাকী মহিলা কোন আছিল ?
উত্তৰঃ শ্ৰীমতী পদ্ম কুমাৰী গোঁহাই।
9. স্বাধীন অসমৰ বিধান সভাৰ প্রথম অধ্যক্ষ কোন আছিল ?
উত্তৰঃ হৰেশ্বৰ গোস্বামী।
10. অসমৰ প্রথম বৃটিচ চীফ কমিচনাৰজন কোন আছিল ?
উত্তৰঃ ক’লনেল কিটিং।
11. কোন চনত বৃটিছ চৰকাৰে অসমত অসামৰিক আৰু অপৰাধী আদালত মঞ্জুৰ কৰিছিল ?
উত্তৰঃ ১৮২৮ চনত।
12. ‘আভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হৈছিল ?
উত্তৰঃ ১৮৭৩ চনত।
12. ‘তোমালোকে মোক হত্যা কৰিব পাৰা কিন্তু মোৰ স্বাধীনতাৰ স্পৃহাক হত্যা কৰিব নোৱাৰিবা।’ – কথাষাৰ কোনে কৈছিল ?
উত্তৰঃ কনকলতাই।
13. প্রাচীন কামৰূপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল ?
উত্তৰঃ অমৃতপ্ৰভাক।
14. অসম আৰু তিৰ্বতৰ মাজৰ বাণিজ্যিক পথ কোনে মুকলি কৰিছিল ?
উত্তৰঃ ৰুদ্ৰসিংহই, ১৭০৩ চনত।
15. ব্রহ্মপুত্ৰ নদীক কোন তিনিটা নদীৰ সংগম স্থল বুলি কোৱা হয় ?
উত্তৰঃ দিহিং, দিবং আৰু লুইত নৈৰ।
16. মোগলসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল ?
উত্তৰঃ ১৮ বাৰ।
17. অসম ‘ছাত্ৰ সন্মিলনী’ কেতিয়া গঠন কৰা হৈছিল ?
উত্তৰঃ ১৯১৬ চনত।
18. শ্ৰীশংকৰদেৱ আৰু মাধৱদেৱৰ ক’ত ‘মণিকাঞ্চণ’ সংযোগ হৈছিল বুলি কোৱা হয় ?
উত্তৰঃ মাজুলী নদী-দ্বীপৰ বেলগুৰিত।
19. ১৯০৫ চনত গোলাঘাটৰ সৰু পথাৰত জন্ম গ্ৰহণ কৰা আৰু ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হোৱা অসমৰ বিপ্লৱীজন কোন ?
উত্তৰঃ কুশল কোঁৱৰ।
20. আহোম সাম্ৰাজ্যৰ শেষ স্বৰ্গদেউ কোন ?
উত্তৰঃ চন্দ্ৰকান্ত সিংহ।

Hi, I’m Dev Kirtonia, Part-Time Blogger, Web Designer & Digital Marketer. Founder of Dev Library. A website that provides all SCERT, NCERT, and BA, B.com, B.Sc with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Study Materials, and more.
MAY I GET PDF FORMAT OF THESE AVOBE QUESYIONS ANSWERS?
No, Not available