ASOS Class 12 Psychology Chapter 5 মনোযোগ আৰু সংবোধন

ASOS Class 12 Psychology Chapter 5 মনোযোগ আৰু সংবোধন, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 5 মনোযোগ আৰু সংবোধন and select needs one.

ASOS Class 12 Psychology Chapter 5 মনোযোগ আৰু সংবোধন

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 5 মনোযোগ আৰু সংবোধন These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

মনোযোগ আৰু সংবোধন

Chapter : 5

5.1. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

তলত উল্লেখ কৰা উক্তিসমূহ সঁচা নে মিছা:

১। মনোযোগ হৈছে এক কেন্দ্ৰীয় প্ৰক্ৰিয়া। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

২। মনোযোগ অবিহনেও সংবোধন সম্ভৱ। (সঁচা/মিছা)

উত্তৰঃ মিছা।

৩। আমি কৰা নিৰ্বাচিত সংবোধনৰ সকলোবোৰ প্ৰক্ৰিয়াক মনোযোগ বোলে। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

৪। মনোযোগ চাৰিটা ক্ৰিয়া হৈছে–

১.____________।

উত্তৰঃ সতৰ্ককৰণ ক্ৰিয়া।

২.____________।

উত্তৰঃ নিৰ্বাচনমূলক।

৩.____________।

উত্তৰঃ সীমাবদ্ধ ক্ষমতাৰ সংযোগ মাধ্যম।

৪.____________।

উত্তৰঃ সজাগতা।

5.2. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

১। সংবোধন সূত্ৰায়িত কৰা।

উত্তৰঃ পুৰণি অভিজ্ঞতা, জ্ঞান, স্মৃতি, অভিৰোচন, সাংস্কৃতিক পৃষ্ঠভূমি, বিশ্বাস আৰু মনোভাৱ ইত্যাদিৰ সহায়ত আভ্যন্তৰীণ পদ্ধতিৰ দ্বাৰা মস্তিস্কই আমাৰ বিভিন্ন ইন্দ্ৰিয়ৰ দ্বাৰা লাভ কৰা সংকেতৰ অৰ্থ নিৰূপণ কৰে। এইভাৱেই আমি বাহ্যিক পৃথিৱীৰ পৰা বাতৰি গ্ৰহণ কৰো আৰু আভ্যন্তৰীণ পদ্ধতিৰ সহায়ত আমি এখন সঁচা পৃথিৱীৰ সৃষ্টি কৰো। এয়াই সংবোধন।

২। আকৃতি আৰু গঠনক সৃষ্টিৰ পথাৰত এলেকা বুলি কোৱা হয় যিবোৰ ক্ষেত্ৰখনৰ অন্যান্য সকলোবোৰ______ দ্বাৰা অপসাৰণ কৰা হয়।

উত্তৰঃ আকৃতি আৰু গঠনক সৃষ্টিৰ পথাৰত এলেকা বুলি কোৱা হয় যিবোৰ ক্ষেত্ৰখনৰ অন্যান্য সকলোবোৰ দৃশ্যমান পাৰ্শ্বৰেখাৰ দ্বাৰা অপসাৰণ কৰা হয়।

৩। সংবোধনমূলক সংগঠন_______ পৃথকীকৰণ অবিহনে সম্ভৱ নহয়।

উত্তৰঃ সংবোধনমূলক সংগঠন আকৃতি-পৃষ্ঠভূমি পৃথকীকৰণ অবিহনে সম্ভৱ নহয়।

৪। গেষ্টাল্ট মনোবিজ্ঞানীসকলে চিনাক্ত কৰিছে______ যিয়ে আমাৰ সংবোধনমূলক সংগঠন নিৰ্ধাৰণ কৰে।

উত্তৰঃ গেষ্টাল্ট মনোবিজ্ঞানীসকলে চিনাক্ত কৰিছে সংগঠনৰ নীতিসমূহ যিয়ে আমাৰ সংবোধনমূলক সংগঠন নিৰ্ধাৰণ কৰে।

৫। অমূল প্ৰত্যক্ষসমূহে______ যিবোৰ সংবেদী সংবাদৰ ভুল ব্যাখ্যাৰ ফল।

উত্তৰঃ অমূল প্ৰত্যক্ষসমূহে ভুল সংবোধন যিবোৰ সংবেদী সংবাদৰ ভুল ব্যাখ্যাৰ ফল।

৬। দিগন্তত থকা জোনক বৃহৎ ৰূপত সংবোধন কৰা হয় শীৰ্ষবিন্দুত থকা জোনতকৈ, ইয়াক কোৱা হয়______।

উত্তৰঃ দিগন্তত থকা জোনক বৃহৎ ৰূপত সংবোধন কৰা হয় শীৰ্ষবিন্দুত থকা জোনতকৈ, ইয়াক কোৱা হয় জোনৰ অমূল প্ৰত্যক্ষ।

৭। দূৰত্ব আৰু গভীৰতা_______ ৰ সহায়ত সংবোধন কৰা হয়।

উত্তৰঃ দূৰত্ব আৰু গভীৰতা সংকেতসমূহৰ ৰ সহায়ত সংবোধন কৰা হয়।

৮। তিনি প্ৰকাৰৰ সংকেত হৈছে:

উত্তৰঃ (১) অ-দৃশ্য সংকেতসমূহ।

(২) দ্বিনেত্ৰি সংকেতসমূহ।

(৩) একনেত্ৰী সংকেতসমূহ।

পাঠ্য সমাপ্তিৰ অনুশীলনৰ উত্তৰঃ‍‍

১। মনোযোগৰ প্ৰধান কৰ্যবোৰ কি কি?

উত্তৰঃ মনোযোগ হৈছে এক কেন্দ্ৰীয় প্ৰক্ৰিয়া আৰু মনোযোগৰ প্ৰক্ৰিয়া অবিহনে সংবোধন সম্ভৱ নহয়। ইয়াৰ অৰ্থ হৈছে মনোযোগ সংবোধনৰ পূৰ্বৱৰ্তী প্ৰক্ৰিয়া সম্পাদন কৰে। মনোযোগৰ প্ৰক্ৰিয়াই আমাৰ সংবোধন সংগঠনৰ বিভিন্ন প্ৰক্ৰিয়া আৰু অইন বৌদ্ধিক ক্ৰিয়া সম্পাদন কৰে।

মনোযোগ বিভিন্ন ক্ৰিয়াবোৰ হৈছে:

(১)‌ সতৰ্ককৰণ ক্ৰিয়া

(২) নিৰ্বাচিত ক্ৰিয়া

(৩) সীমাবদ্ধ ক্ষমতাৰ প্ৰণালী

(৪) সজাগতা

২। সংবোধনমূলক বা প্ৰাত্যক্ষিক নীতিসমূহ আলোচনা কৰা।

উত্তৰঃ জাৰ্মানীৰ গেষ্টাল্ট মনোবিজ্ঞানী, বিশেষকৈ ক’হলাৰ, কফকা আৰু ৱাৰথিমাৰে, মস্তিস্কৰ জন্মগতভাৱে সংবোধন সংবোধন সংগঠনৰ ক্ষমতাৰ সিদ্ধান্ত উপস্থাপন কৰিছিল। তেওঁলোকে সংগঠনৰ নীতিসমূহ যিয়ে বস্তুৰ সংবোধন পথ দেখুৱাই সেয় চিনাক্ত কৰিছে। সেইবোৰ মস্তিস্কৰ বৈদ্যুতিক পথাৰ, যিখনে সংবোধন সংগঠন বুলি বুলি তেওঁলোকে মই লৈছিল। আকৃতি পৃষ্ঠভূমিৰ পাৰ্থক্যৰ উদ্ভাৱনৰ প্ৰতি যিয়ে এটা আকৃতিক পৃষ্ঠভূমিৰ ওপৰত থিয়া কৰায় তেওঁলোকে আগ্ৰহী আছিল।

প্রাত্যক্ষিক সংগঠনৰ নীতিসমূহ:

(ক) সুন্দৰ আকৃতি (প্ৰেগনানজ): এই নীতিয়ে উল্লেখ কৰিছে যে সংবোধনৰ সংগঠন প্ৰচলিত অৱস্থাৰ অনুমতি সাপেক্ষে ভাল হয়। অতি সাধাৰণ সংগঠনেও অলপ বৌদ্ধিক প্ৰচেষ্টাৰ প্ৰয়োজনবোধ কৰে। প্ৰেগনানজে এইটোকে বুজায় যে আমি আটাইতকৈ সৰল সংগঠনবোৰো যিবোৰ আৰ্হিৰ লগত মিলি যায় উপলব্ধি কৰো।

(খ) সান্নিধ্য: সকলোবোৰ উদ্দীপক (যিবোৰ) শূন্যস্থান অথবা সময়ত একেলগে সংগঠিত হয়।

চিত্ৰত দুটা লম্ন ৰেখাত তিনিটা দল দেখিবলৈ পোৱা যাব। আমি ছয়ডাল একক ৰেখা চাবলৈ অসুবিধা পাম।

(গ) সাদৃশ্য: সকলোবোৰ বস্তু সদৃশ হ’লে, যিবোৰ উপাদান গঠনৰ দিশত সদৃশ হয় অথবা যিবোৰ উপাদানৰ সাধাৰণ বৈশিষ্ট্যবোৰ আছে সেইবোৰ একেলগে বৰ্গীকৰণ কৰা হ’ব।

চিত্ৰত পাঁচটা বৰ্গক্ষেত্ৰ, পাঁচটা ত্ৰিভুজ আৰু পাঁচটা বৃত্ত স্তম্ভিত বৰ্গীকৰণ কৰা হৈছে।

(ঘ) সমাপ্তি: এটা অসম্পূৰ্ণ ছবিও সম্পূৰ্ণ ছবি হিচাপে চোৱা হ’ব। তলৰ চিত্ৰৰ ছবিটো অসম্পূৰ্ণ ৰেখা, তাৰ মাজত খালী ঠাই আছে। ইয়াক ত্ৰিভুজ যেন দেখি যদিও ইয়াৰ কামবোৰ অসম্পূৰ্ণ। এটা সমাপ্তিৰ নিচিনা পৰিঘটনাই ৰূপৰৈখিসমূহৰ উৎপন্ন কৰে।

চিত্ৰত আমি দেখিবলৈ পাও ত্ৰিভুজ নাই, (যিবোৰ ৰেখাই এটা ত্ৰিভূজ সৃষ্টি কৰে সেয়া নাই)। তথাপিও ই এটা ত্ৰিভুজৰ আকৃতি দেখুৱাইছে চিত্ৰত।

৩। শূন্যস্থানৰ সংবোধনৰ অদৃশ্য সংকেতসমূহ আলোচনা কৰা।

উত্তৰঃ সঙ্গতকৰণ আৰু সমিকেন্দ্ৰিকতা হ’ল দুটা অ-দৃশ্য সংকেত। এই সংকেতবোৰক অ-দৃশ্য বুলি কোৱা হয় কাৰণ এইবোৰ অন্যান্য সংকেতসমূহৰ ক্ষেত্ৰত হোৱাৰ দৰে অক্ষিপতৰ প্ৰতিৰূপৰ পৰা সৃষ্টি নহয়।

(ক) সঙ্গতকৰণ: কেমেৰাত যিটো আমি কেন্দ্ৰীভূত বুলি কওঁ, চকুৰ ক্ষেত্ৰত সেইটোক আমি সংগতকৰণ বুলি কওঁ। বাহিৰৰ বস্তুৰ প্ৰতিৰূপ অক্ষিপটত চকুৰ পৰকলাৰ সহায়ত কেন্দ্ৰীভূত হয়। এই পৰকলা ৰোমক পেশীৰ সহায়ত দূৰৰ আৰু ওচৰৰ বস্তু অক্ষিপটত কেন্দ্ৰীভূত হ’বলৈ সমাযোজিত হয়। ৰোমক পেশীয়ে পৰকলাৰ উত্তলতা সলনি কৰে যাতে বস্তুৰ প্ৰতিৰূপ পৰিষ্কাৰকৈ কেন্দ্ৰীভূত হয় আৰু এই প্ৰক্ৰিয়াক কোৱা হয় সঙ্গতকৰণ বুলি।

যদিহে বস্তু এটা অপেক্ষাকৃত এক দূৰত্ব থাকে (২ মিটাৰতকৈ অধিক বা তেনে ধৰণৰ) ৰোমক পেশী শিথিল হৈ পৰে। যদিহে বস্তুটো পেশীৰ ক্ৰমান্বয়ে ওচৰৰ পৰা ওচৰলৈ আহে পেশীৰ সংকোচন অধিক হয়। যাৰ ফলত পৰকলা উত্তল হৈ পৰে। ৰোমক পেশীৰ সংকোচন ডিগ্ৰী মস্তিস্কলৈ সংকেত কৰা হয় স্পৰ্শানুভূতিমূলক প্ৰৱণতাৰ দ্বাৰা এক সম্ভাৱনীয় দূৰত্বত। সেয়ে, যদিহে বস্তু এটা দৰ্শকতকৈ দূৰৈত হয়, ৰোমক পেশী শিথিল হয় আৰু যেতিয়া বস্তু এটা এছৰ হয় ৰোমক পেশী উত্তেজিত হয়। ৰোমক পেশীৰ সংকোচনৰ ব্যাপ্তি, যিটো মস্তিস্কৰ প্ৰতি পূৰ্বানুবৃত্তি, সেয়াই হৈছে সঙ্গতকৰণ, যদিও গৱেষণাই এইটো সূচায় যে সঙ্গতকৰণ গভীৰতা আৰু দূৰত্বৰ সংবোধনৰ দুৰ্বল সংকেতহে মাথোন।

(খ) সমকেন্দ্ৰিক: যেতিয়া আমি ছপা শাৰীৰ আখৰবোৰ পঢ়ো, তেতিয়া আমাৰ চকুবোৰ (প্ৰতিটো চকুৰ বাহিৰত অৱস্থিত হৈ থকা ছয়টা আন্তঃনৈত্ৰিক পেশীসমূহৰ পৰা) সংমিলন আৰু স্পষ্ট দৃষ্টিৰ বাবে অক্ষিপটৰত পৰাৰ বাবে আমি দুয়োটা চকুলৈ প্ৰতিৰূপবোৰ অনাৰ বাবে সমকেন্দ্ৰিক কৰিব লাগে। সমকেন্দ্ৰিক ব্যাপ্তি লাভ কৰাৰ পাছত মস্তিস্কলৈ সংকেত পঠিওৱা হয় আৰু এইটোৱে দূৰত্বৰ সংকেত সম্ভৱ কৰে। উদাৰণস্বৰূপে, যদিহে বস্তুটো ওচৰত আছে সমকেন্দ্ৰিক কোণ ডাঙৰ হ’ব আৰু বস্তুটো যদি আঁতৰত গৈছে সমকেন্দ্ৰিক কোণ কমিব। অধিক দূৰত্বত থকা বস্তসমূহৰ প্ৰতি কম-বেছি পৰিমাণে চকুবোৰ সমান্তৰাল। সমকেন্দ্ৰিকতাৰ যি ব্যাপ্তি আহৰণ কৰা হয় সেয়া মগজুলৈ উভতাই পোষিত কৰা হয় আৰু এয়া হৈছে দূৰত্বলৈ এটা সংকেত। আকৌ উনুকিয়াই যে সঙ্গতকৰণৰ দৰে এয়া হৈছে সংবোধন আৰু দূৰত্বৰ বাবে  এটা দুৰ্বল প্ৰকৃতিৰ সংকেত।

৪। সংবোধনক প্ৰভাৱিত কৰা উপাদানসমূহ বৰ্ণনা কৰা।

উত্তৰঃ যিকোনো এটা নিৰ্দিষ্ট সময়তে বাহিৰত বহুতো প্ৰতিযোগী উদ্দীপক উপস্থিত থাকে যিয়ে আমাৰ মনোযোগ আকৰ্ষণ কৰে আৰু সেইবোৰ সংবোধনৰ সংগঠনত দেখা দিয়ে। আমাৰ আভ্যন্তৰীণ প্ৰয়োজন, অভিৰুচি, আৰু আমাৰ বিশেষ সামাজিক-সাংস্কৃতিক পৃষ্ঠভূমি য’ত আইন বিকশিত, এইবোৰৰ দৰে উদ্দীপকৰ বৈশিষ্ট্যসমূহ আনৰ বাবে গুৰুত্বপূৰ্ণ। সকলোবোৰ উদ্দীপকৰ চল বা পৰৱৰ্তী আৰু আভ্যন্তৰীণ উপাদান যিবোৰ ব্যক্তিৰ বাবে অচিনাকী। সংবোধনক প্ৰভাৱিত কৰা প্ৰভাৱসমূহ হ’ল–

(ক) প্ৰসঙ্গ আৰু সমুচ্চয় প্ৰভাৱসমূহ।

(খ) প্ৰয়োজন আৰু অভিপ্ৰায়সমূহ।

(গ) সামাজিক আৰু সাংস্কৃতিক উপাদান।

(ঘ) প্ৰসঙ্গ আৰু আত্ম-প্ৰভাৱ।

(ক) প্ৰসঙ্গ আৰু সমুচ্চয় প্ৰভাৱসমূহ: তাৎক্ষণিক প্ৰসঙ্গৰ কাৰণে এটা উদ্দীপকৈ বিভিন্ন সংবোধন সম্ভৱ কৰি তুলিব পাৰে। প্ৰসঙ্গই আমাৰ মস্তিস্কত এছৰ সৃষ্টি কৰে (ওপৰ-তল পৰিঘটনা) যিয়ে কিছুমান মুহূৰ্তত আনৰ সংবোধনক প্ৰভাৱিত কৰে। উদাহণস্বৰূপে, হুলস্থূলীয়া পৰিস্থিতিত তুমি মৌখিকভাৱে এটা বাকী শুনিলা (ইলে গতি কৰি আছে) তুমি ‘ইল’ শব্দটো হুইলৰূপে সংবোধন কৰিব কাৰণ বাক্যৰ শেষৰ অংশৰ প্ৰসঙ্গ অনুসৰি এটা সম্ভৱ হ’ল। সেইদৰে, মৌখিক উদ্দীপক ইল দ্য অৰেনজ তুমি এই ‘ইল’ শব্দটো ‘পিল’ ৰূপে সংবোধন কৰিবা। এইটো সম্ভৱ হ’ল কাৰণ শেষৰ শব্দ অৰেনজে এনে সংবোধন আশা কৰিলে।

সংবোধনৰ সমুচ্চয়েও আমাৰ সংবোধন প্ৰভাৱিত কৰে। সংবোধনৰ সমুচ্চয়ে আমাৰ মানসিক অভিজ্ঞতা আৰু পূৰ্ববিন্যাস এটা অথবা ততোধিক সংবোধন লাভ কৰিবলৈ উৎসাহিত কৰে। সংবোধনৰ সমুচ্চয়ে আমি যি দেখো অথবা শুনো সেয়াও প্ৰভাৱিত কৰে। বহল অৰ্থত ক’বলৈ হ’লে আমাৰ শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক অভিজ্ঞতা আমি যি সংবোধন লাভ কৰি তাৰ দ্বাৰা গঠিত হয়। আন কথাত ক’বলৈ হ’লে, আমাৰ শিক্ষণৰ ধাৰণা আৰু বিশ্বাসে আমাৰ সংবোধনৰ সংগঠনত সহায় কৰে।

(খ) প্ৰয়োজন আৰু অভিপ্ৰায়সমূহ: আমি ওপৰত তাৎক্ষণিক প্ৰসঙ্গ আৰু সংবোধনৰ সমষ্টি যিয়ে আমাৰ সংবোধন প্ৰভাৱিত কৰে সেয়া দেখিবলৈ পালো। সেইদৰে, ব্যক্তিগত চল বা পৰিৱৰ্তীসমূহ যেনে– প্ৰয়োজন, আৱেগ, মূল্য, ব্যক্তিত্ব ইত্যাদিয়ে আমাৰ সংবোধন প্ৰভাৱান্বিত কৰে। এটা উদাহৰণে ব্যক্তিৰ সংবোধন প্ৰভাৱান্বিত কৰা প্ৰয়োজন নিৰ্দেশ কৰে। দুজন মানুহ, এজন ভোকাৰ্ত আৰু আনজন তৃষ্ণাতুৰ, এখন ৰেষ্টোৰলৈ যোৱাৰ পাছত আৰু ৱেইটৰ দুয়োজনৰ হাতত খাদ্যৰ তালিকা দিব নিৰ্দেশৰ বাবে। 

এইটো দেখা গৈছে যে, এটা তাৎক্ষণিক দৃষ্টিৰে, ভোকত থকা ব্যক্তিজনে খাব পৰা খাদ্যৰ তালিকা আৰু তৃষ্ণাতুৰজনে পানিয়াৰ তালিকা দেখা পাব। এই উদাহৰণে এনে এটা প্ৰকল্প কৰি লোৱাৰ দিশলৈ আগুৱাই নিয়ে যে ব্যক্তিৰ প্ৰয়োজনেও সংবোধন নিৰ্ণয় কৰে। এইটো পোৱা গৈছে যে আৱেগ, অভিৰুচি আৰু ব্যক্তিত্বৰ উপাদানে আমাৰ সংবোধন প্ৰভাৱিত কৰে। উদাহৰণ হিচাপে, পুৰস্কাৰ আৰু শাস্তিৰ প্ৰভাৱ সম্পৰ্ক অধ্যয়ন কৰি থকা সময়ত, এয়া পোৱা গৈছে যে ছবি-পৃষ্টভূমিৰ সংবেদনসমূহে পুৰস্কৃত দিশসমূহৰ ক্ষেত্ৰত শাস্তিৰ দিশসমূহতকৈ ল’ৰা-ছোৱালিসকলৰ উপলব্ধি তাৎপৰ্যপূৰ্ণ।

(গ) সামাজিক আৰু সাংস্কৃতিক উপাদান: সংবোধনৰ শিক্ষণ আৰু বিকাশ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশত বাস্তৱায়িত হয়। আমাৰ সংবোধনে আমাৰ অতীতৰ শিক্ষণক প্ৰতিফলিত কৰে আৰু, সেয়ে যদিও বিশেষ সামাজিক- সাংস্কৃতিক পৃষ্ঠভূমিত শিক্ষণ আৰু সমাজীকৰণ বাস্তৱায়িত হয় সেয়া আমাৰ সংবোধনৰ প্ৰতিফলিত হয়। এক বৃহৎ সংখ্যক অধ্যয়নে এই প্ৰকল্পসমূহ যিয়ে সাংস্কৃতিক সংবোধনক প্ৰভাৱিত কৰে সেয়া সমৰ্থন কৰে। এইটো পোৱা গৈছে যে গভীৰ অৰণ্যত বাস কৰা আফ্ৰিকান ব্যক্তিয়ে থিয় আৰু পথালি আকৃতিৰ অমূল প্ৰত্যক্ষ অধিক লাভ কৰে আৰু পশ্চিমীয়া-নগৰীয়াসকলে লাভ কৰে মূলাৰ-লাইয়াৰ আকৃতি। এই পাৰ্থক্য তেওঁলোকৰ সংস্কৃতিৰ পাৰ্থক্য। সেয়ে, সাংস্কৃতিক পৃষ্ঠভূমিয়ে পৃথিৱীখনক ভিন্নভাৱে ল’বলৈ প্ৰভাৱিত কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top