ASOS Class 12 Psychology Chapter 4 আমাৰ চৌপাশৰ পৃথিৱীৰ প্ৰতি সজাগতা

ASOS Class 12 Psychology Chapter 4 আমাৰ চৌপাশৰ পৃথিৱীৰ প্ৰতি সজাগতা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 4 আমাৰ চৌপাশৰ পৃথিৱীৰ প্ৰতি সজাগতা and select needs one.

ASOS Class 12 Psychology Chapter 4 আমাৰ চৌপাশৰ পৃথিৱীৰ প্ৰতি সজাগতা

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 4 আমাৰ চৌপাশৰ পৃথিৱীৰ প্ৰতি সজাগতা These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

আমাৰ চৌপাশৰ পৃথিৱীৰ প্ৰতি সজাগতা

Chapter : 4

4.1. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

শুদ্ধ বিকল্প পছন্দ কৰা:

১। শৰীৰৰ অভ্যন্তৰীণ অংশৰ পৰা বাতৰি সংগ্ৰহত কোনটো জ্ঞানেন্দ্ৰিয় জড়িত নহয়?

(ক) অনুভৰমূলক।

(খ) সংকীৰ্ণ প্ৰেৱেশক।

(গ) সোৱাদ বা স্বাদ।

(ঘ) প্ৰ’পাইয় ‘চেপচন।

উত্তৰঃ (গ) সোৱাদ বা স্বাদ।

২। মানুহৰ……… বিধ ইন্দ্ৰিয় আছে।

(ক) 10

(খ) 5

(গ) 7

(ঘ) 8

উত্তৰঃ (ক) 10

৩। যিটো প্ৰক্ৰিয়াৰে শাৰীৰিক উদ্দীপক স্নায়বিদ সংকেতলৈ ৰূপান্তৰিত হয় সেই প্ৰক্ৰিয়াটোক কোৱা হয়–

(ক) প্ৰেৰণ।

(খ) ৰূপান্তৰ।

(গ) পৰিচালন।

(ঘ) সংকেত প্ৰদান।

উত্তৰঃ (গ) পৰিচালন।

4.2. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

শুদ্ধ বিকল্প পছন্দ কৰি লোৱাঃ

১। বিভিন্ন ইন্দ্ৰিয়ৰ মাজত……… এ অতি গুৰুত্বপূৰ্ণ আৰু নিয়ন্ত্ৰণী গুণৰ অৱস্থা অধিকাৰ কৰি আছে।

(ক) কাণ।

(খ) চকু।

(গ) অৰ্ধগোলাকাৰ নলাবোৰে।

(ঘ) জিভা।

উত্তৰঃ (খ) চকু।

২। চাৰিটা ইন্দ্ৰিয়ৰ উপযুক্ত উদ্দীপক তলত দিয়া হ’ল। সেই উদ্দীপকটো বাছি উলিওৱা যিটো ইন্দ্ৰিয়ৰ বাবে উপযুক্ত নহয়।

(ক) দৃষ্টি-পোহৰ।

(খ) শ্ৰৱণ-শব্দ।

(গ) স্পৰ্শ-ৰাসায়নিক দ্ৰব্য।

(ঘ) উত্তাপ-গৰম আৰু ঠাণ্ডা।

উত্তৰঃ (গ) স্পৰ্শ-ৰাসায়নিক দ্ৰব্য।

৩। পোহৰৰ ৰশ্মি পৰ হয়……… মাজেৰে শেষত অক্ষিপটত উপনীত হোৱাৰ বাবে।

(ক) অক্ষিপট।

(খ) চকুৰ মণি।

(গ) চকুৰ পৰকলা।

(ঘ) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (ঘ) ওপৰৰ আটাইকেইটা।

৪। চকুৰ পৰকলাৰ পৰিৱৰ্তন যিয়ে অক্ষিপটত পোহৰৰ ৰশ্মি সম্ভৱ কৰে তাক কোৱা হয়……… হিচাপে।

(ক) অভিসৰণ।

(খ) ব্যৱস্থাপন।

(গ) কেন্দ্ৰীভূতকৰণ।

(ঘ) কেন্দ্ৰীয়কৰণ।

উত্তৰঃ (খ) ব্যৱস্থাপন।

৫। সঙ্কুকোষে মধ্যস্থতা কৰে:

(ক) দিনৰ পোহৰৰ দৃষ্টি বা অৱলোকন।

(খ) বৰ্ণসম্বন্ধীয় অৱলোকন।

(গ) পুংখানুপুংখ অৱলোকন বা বিশদ দৃষ্টি।

(ঘ) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (ঘ) ওপৰৰ আটাইকেইটা।

৬। দণ্ডকোষে মধ্যস্থতা কৰে–

(ক) স্কোট’পিক অৱলোকোন বা দৃষ্টি।

(খ) ৰংহীন অস্তুলোকন বা দৃষ্টি।

(গ) উজ্জ্বলতাৰ সাংকেতিক বাতৰি।

(ঘ) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (ঘ) ওপৰৰ আটাইকেইটা।

4.3. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

১। তলত দিয়াবোৰ মিলোৱা:

(ক) মাত্ৰা(চ) ডেচিবলচ্
(খ) প্ৰাৱল্য(ছ) পৌনঃপৌণিকতা
(গ) শ্ৰৱণৰ পৰিসৰ(জ) সম্প্ৰসাৰণ
(ঘ) সংকোচন(ঞ) 20-20,000 Hz

উত্তৰঃ 

(ক) মাত্ৰা(ছ) পৌনঃপৌণিকতা
(খ) প্ৰাৱল্য(চ) ডেচিবলচ্
(গ) শ্ৰৱণৰ পৰিসৰ(ঞ) 20-20,000 Hz
(ঘ) সংকোচন(জ) সম্প্ৰসাৰণ

(খ) শুদ্ধ বিকল্প পছন্দ কৰা:

১। শ্ৰৱণ পদ্ধতিৰ কোনটো অংশ নহয়?

(ক) কৰ্ণপটহে।

(খ) ডেচিবলচ্।

(গ) অৰ্দ্ধগোলাছাতিৰ।

(ঘ) কৰ্ণশংকুলী। 

উত্তৰঃ (খ) ডেচিবলচ্।

২। শ্ৰৱণৰ শ্ৰৱণ গ্ৰহনেন্দ্ৰিয়বোৰ হৈছে–

(ক) চুলিকোষ।

(খ) কৰ্ণশংকুলী।

(গ) কৰ্ণপটহে।

(ঘ) মুদগৰাস্থি।

উত্তৰঃ (ক) চুলিকোষ।

4.4. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

শুদ্ধ বিকল্প পছন্দ কৰা:

১। কোনটো ত্বচীয় অনুভূতিৰ অংশ নহয়?

(ক) স্পৰ্শ আৰু চাপ।

(খ) উত্তাপ।

(গ) বেদনা।

(ঘ) অনুভৱ।

উত্তৰঃ (ঘ) অনুভৱ।

২। তলৰ কোনটো চাপ আৰু স্পৰ্শক সংবেদন নহয়?

(ক) কণিকা বা সূক্ষ্ম কণা।

(খ) বাচকেট স্নায়ুতন্ত্ৰ।

(গ) মুকলি স্নায়ুপ্ৰাপ্ত।

(ঘ) চুলিৰ কোষ।

উত্তৰঃ (খ) বাচকেট স্নায়ুতন্ত্ৰ।

৩। উত্তাপৰ সংবেদনৰ সাংকেতিক পৰিবহন হয়–

(ক) মুকলি স্নায়ুপ্ৰাপ্ত।

(খ) চুলিৰ কোষ।

(গ) স্নায়ুকোষ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) মুকলি স্নায়ুপ্ৰাপ্ত।

4.5. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

শুদ্ধ বিকল্প পছন্দ কৰাঃ

১। জিভাৰ ভিতৰভাগ………. উদ্দীপকৰ প্ৰতি সংবেদনশীল

(ক) টেঙা।

(খ) তিতা।

(গ) নিমখিয়া।

(ঘ) মিঠা।

উত্তৰঃ (খ) তিতা।

২। স্বাদ গ্ৰহণেন্দ্ৰিয়বোৰ হ’ল–

(ক) স্বাদ মুকুল।

(খ) চুলি কোষবোৰ।

(গ) পিপিলে।

(ঘ) মুকলি স্নায়ুপ্ৰাপ্ত।

উত্তৰঃ (খ) চুলি কোষবোৰ।

৩। ঘ্ৰাণ গ্ৰহণেন্দ্ৰিয়বোৰ অৱস্থিত:

(ক) নামৰ ভিতৰত।

(খ) নাসিকা পথৰ উপৰভাগত।

(গ) ডিঙিত।

(ঘ) নাকৰ আগভাগত।

উত্তৰঃ (খ) নাসিকা পথৰ উপৰভাগত।

৪। গভীৰ ইন্দ্ৰিয়ই অন্তৰ্ভুক্ত কৰি লয়ঃ

(ক) অনুভৱ পদ্ধতি।

(খ) সংকিৰ্ণ প্ৰৱেশক সামগ্ৰী।

(গ) অৰ্ধগোলাকৃতিৰ নলা।

(ঘ) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (ঘ) ওপৰৰ আটাইকেইটা।

৬। সংকীর্ণ প্ৰৱেচক পদ্ধতি হৈছে এক পূৰ্বানুবৃত্তি পদ্ধতি যিয়ে মস্তিস্কৰ বাতৰিৰ যোগান ধৰে–

(ক) বেদনা।

(খ) সিৰাসমূহ।

(গ) আমাৰ শৰীৰৰ গতিশীলতা।

(ঘ) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (গ) আমাৰ শৰীৰৰ গতিশীলতা।

১। বিভিন্ন ইন্দ্ৰিয়বোৰ কি কি? মস্তিস্কই কিদৰে উদ্দীপকবোৰ উপলব্ধি কৰে?

উত্তৰঃ ইন্দ্ৰিয়সমূহে সৰ্বমুঠ ১০টা, সংবাদ গ্ৰহণৰ পদ্ধতি গ্ৰহণ কৰে। এইবোৰৰ ৮ বিধে বাহ্যিক পৃথিৱীৰঃ  দৃষ্ট, শ্ৰৱণ, সোৱাদ, ঘ্ৰাণ, গৰম, ঠাণ্ডা আৰু দুখৰসংবাদ গ্ৰহণ কৰে। ঐনক দুটা গভীৰ ইন্দ্ৰিয়ৰূপেঃ‌ আগচ’ৰা আৰু অনুভৱ হিচাপে নামকৰণ কৰা হয়। এইবোৰে আমাৰ শৰীৰৰ ভাৰসাম্য ৰখাত সহায় কৰে আৰু শৰীৰৰ বিভিন্ন স্থানৰ গুৰত্বপূৰ্ণ সংবাদৰ যোগান ধৰে আৰু শৰীৰৰ অংশৰ বিভিন্ন গতিশীলতা সম্পৰ্কে বাতৰি দিয়ে।

বাহ্যিক উদ্দীপক (যেনে, পোহৰ) বিশেষ ইন্দ্ৰিয়ৰ দ্বাৰা গ্ৰহণ কৰা হয় (যেনে, চকু)। ইন্দ্ৰিয়সমূহৰ ভিতৰত বিশেষ গ্ৰহণেন্দ্ৰিয় আছে যিবোৰ শাৰীৰিক শক্তিক স্নায়বিক সংকেতলৈ (প্ৰক্ৰিয়াটোক পৰিচালনা কৰা বুলি জনা যায়) পৰিৱৰ্তিত কৰে যিবোৰ তাৰপাছত মস্তিস্কৰ বিশেষ এলেকালৈ পৰিবাহিত হয়, স্নায়বিক ক্ৰিয়াৰ ধৰণ মস্তিস্ক চিনাক্তকৰণ হয়। অইন কথাত ক’বলৈ হ’লে, শাৰীৰিক শক্তি (বাতৰি) বিশেষ ইন্দ্ৰিয়ৰ দ্বাৰা গ্ৰহণ হয়। ইন্দ্ৰিয়ৰ প্রাক-প্ৰক্ৰিয়াসমূহেৰে সাংকেতিক লিপিলৈ পৰিৱৰ্তিত কৰি লৈ খবৰ সংগ্ৰহ কৰে আৰু সাংকেতিক কৰি লোৱা নিৰ্দেশ অথবা ইঙ্গিত মস্তিস্কৰ বিশেষ স্থানলৈ পৰিবাহিত হয়, য’ত সাংকেতিক কৰি লোৱা নিৰ্দেশ বিংসকেতন কৰি লোৱা হয় আৰু ভৱিষ্যতলৈ প্ৰবৰ্ধন কৰি তোলা হয়, যিটো সংবোধনলৈ পৰিৱৰ্তিত হয়।

২। বিশদভাৱে আলোচনা কৰাঃ

(ক) অক্ষিপট

(খ) দণ্ডকোষ

(গ) শঙ্কুকোষ

উত্তৰঃ (ক) অক্ষিপট: পোহৰে অক্ষিপট স্পৰ্শ কৰে সন্মুখৰ আৰু পাছৰ কক্ষ অতিক্ৰম কৰি য’ত আছে পনীয়া অংশ (যাক কোৱা হয় জলীয়া আৰু কাঁচীয় ৰস আৰু বিভিন্ন অক্ষিপটৰ স্তৰ। শেষত ইয়ে দৃশ্য গ্ৰহণেন্দ্ৰিয় শঙ্কুকোষ আৰু দণ্ডকোষত উপনীত হয়। প্ৰতিটো অক্ষিপটত প্ৰায় ১২০ কোটি দণ্ডকোষ আৰু ৬ কোটি শঙ্কুকোষ থাকে, যিবোৰ অক্ষিপটৰ পাছফালে, কাষত থাকে। এই বিশেষ কোষবোৰ (গ্ৰহণেন্দ্ৰিয়বোৰ) পোহৰ শক্তিক বৈদ্যুতিক সম্ভাৱনালৈ (বৈদ্যুতিক সংকেতলৈ) পৰিৱৰ্তিত কৰে।

উত্তৰঃ (খ) দণ্ডকোষ: অক্ষিপটৰ পাছফালে, কাষত প্ৰায় ১২০ কোটি দণ্ডকোষ থাকে। এই বিশেষ কোষবোৰে (গ্ৰহণেন্দ্ৰিয়বোৰ) পোহৰ শক্তিক বৈদ্যুতিক সম্ভাৱনালৈ (বৈদ্যুতিক সংকেতলৈ) পৰিৱৰ্তিত কৰে।

উত্তৰঃ (গ) শঙ্কুকোষ: অক্ষিপটৰ পাছফালে, কাষত প্ৰায় ৬ কোটি শঙ্কুকোষ থাকে। এই বিশেষ কোষবোৰে (গ্ৰহণেন্দ্ৰিয়বোৰ) পোহৰ শক্তিক বৈদ্যুতিক সম্ভাৱনালৈ (বৈদ্যুতিক সংকেতলৈ) পৰিৱৰ্তিত কৰে।

৩। মানুহৰ কাণৰ প্ৰধান ভাগ তিনিটা কি কি?

উত্তৰঃ কাণৰ তিনিটা ভাগ হৈছে–

(১) বাহ্যিক কাণ, য’ত বৰ্হিঅংশ আৰু শ্ৰৱণ নলী আছে,

(২) মধ্য কাণ, য’ত কৰ্ণপটহ আছে আৰু

(৩) আভ্যন্তৰীণ কাণ, তিনিডাল সৰু হাড় আছে যাক কোৱা মুগদৰ অস্থি। হাড় কেইডালৰ নাম মদগৰাস্থি, নিয়াৰি অস্থি, কৰ্ণসংজ্ঞ্খাস্থি আৰু খাৰুৱা ষ্টিৰাপ।

৪। ত্বচীয় ইন্দ্ৰিয়বোৰ কি কি? নাম উল্লেখ কৰা আৰু সেইবোৰৰ ক্ৰিয়া ব্যাখ্যা কৰা।

উত্তৰঃ আমাৰ শৰীৰৰ বাহ্যিক আৱৰণ সম্পৰ্কে ছাল বা স্পৰ্শৰ ইন্দ্ৰিয়ই সকলো বাতৰি দিয়ে। সালোক ‘অতিকয় ইন্দ্ৰিয় অংগ’ ৰূপে অভিহিত কৰিব পাৰি, যিটোৱে মানুহৰ সমগ্ৰ শৰীৰ আৱৰি থাকে। ছালৰ ইন্দ্ৰিয়ক, চ’মেচথেটিক পদ্ধতি বুলি কোৱা হয়, য’ত আছে–

(ক) সাপ আৰু স্পৰ্শ।

(খ) উত্তাপৰ সংবেদনঃ‌ ঠাণ্ডা আৰু দৰম।

(গ) বেদনা।

এইটো দেখিবলৈ পোৱা গৈছে যে ছালখন সমানভাৱে সমগ্ৰ শৰীৰ জুৰি সংবেদনশীল আৰু এইবোৰ শৰীৰৰ বিভিন্ন ঠাইত আছে, কিছুমান ঠাই স্পৰ্শৰ বাবে, কিছুমান ঠাই বেদনাৰ বাবে সংবেদনশীল ইত্যাদি।

(ক) চাপ আৰু স্পৰ্শঃ চাপৰ অভিজ্ঞতাৰ বাবে প্ৰয়োজন হোৱা চাপৰ পৰিমাণ শৰীৰৰ বিভিন্ন ঠাইত ভিন্ন হয়। জিভাৰ আগ, আঙুলিৰ আগ, আৰু হাতৰ হ’ল শৰীৰৰ আটাইতকৈ বেছি সংবেদনশীল ঠাই। যদিহে আনৰ শৰীৰত অলপ হেঁচা দিয়া হয় তেতিয়াই স্পৰ্শৰ অভিজ্ঞতা, যদি আমি সামান্যভাৱে লৰচৰ কৰোঁ বা শৰীৰৰ নলী স্পৰ্শ কৰোঁ অনুভৱ কৰোঁ। 

এইটো বিশ্বাস কৰা হয় যে এটা জটিল গঠন যাক কোৱা হয় সূক্ষ্মকণা হিচাপে যিটোৱে শৰীৰৰ চুলিবিহীন অংশত চাপৰ সংবেদন গ্ৰহণ কৰে। স্নায়ুপ্ৰান্তই চুলিৰ গুৰিত একেধৰণৰ কামেই কৰে। এইটো বিশ্বাস কৰা হয় যে মুকলি স্নায়ুপ্ৰান্তই স্পৰ্শ উদ্দীপকৰ যোগান ধৰে।

(খ) উত্তাপৰ সংবেদনঃ ঠাণ্ডা আৰু গৰমঃ ছালৰ উত্তাপ পৰা স্বাভাৱিক নিম্ন প্ৰৱণতাৰ পৰিৱৰ্তনৰ বাবে ঠাণ্ডা আৰু গৰমৰ অভিজ্ঞতাৰ দ্বাৰা অনুভৱ হয়। সেয়ে, চালৰ উত্তাপ আৰু তেজৰ উত্তাপৰ মাজত পাৰ্থক্য অনুভৱ হয়। এইটো বিশ্বাস কৰা হয় যে মুকলি স্নায়ুপ্ৰান্তই উত্তাপৰ সাংকেতিক বাতৰিৰ বাবে দায়বদ্ধ।

(গ) বেদনাঃ মানুহৰ জীৱনত বেদনাৰ বহুত গুৰুত্ব আছে, যদিও আমি এই অভিজ্ঞতা নাপাবলৈ বিচাৰো। ইয়াৰ এক জৈৱিক গুৰুত্ব আছে কাৰণ ই শৰীৰত কিবা ভুল থাকিলে সেই বিষয়ে সংকেত দিয়ে। যদি। বেদনাৰ সংবেদন নাথাকিলেহেঁতেন, আমি আঘাদৰ বিষয়ে কোনো সম্ভেদ নোপোৱাকৈ মৃত্যুমুখত পৰিলোহেঁতেন। সেয়ে বেদনা আমাৰ বন্ধু, শক্ৰ নহয়।

কোষৰ ক্ষতিৰ দ্বাৰা মুকলি স্নায়ুপ্ৰান্তৰ গ্ৰহনেন্দ্ৰিয়বোৰ সংবেদনশীল হয় বুলি প্ৰমাণিত হয়। এইটো বিশ্বাস কৰা হয় যে মুকলি স্নায়ুপ্ৰান্তবোৰ বেদনাৰ ঠাইত হয়তো বেদনামূলক উদ্দীপকৰ প্ৰতিক্ৰিয়া কৰিবলৈ বিশেষভাৱে তৈয়াৰী। সেয়ে, মুকলি স্নায়ুপ্ৰান্ত শৰীৰৰ বিভিন্ন পৰিস্থিতিৰ সৈতে খাপ খাবলৈ প্ৰস্তুত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top