ASOS Class 12 Psychology Chapter 34 কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনা

ASOS Class 12 Psychology Chapter 34 কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 34 কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনা and select needs one.

ASOS Class 12 Psychology Chapter 34 কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনা

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 34 কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনা These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

কাৰ্যসূচীসমূহৰ পৰিকল্পনা আৰু পৰিচালনা

Chapter : 34

34.1 পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

১। কাৰ্যসূচীৰ পৰিকল্পনাৰ সংজ্ঞা দিয়া।

উত্তৰঃ ক্রীড়া কেন্দ্ৰৰ আকাংক্ষিত লক্ষ্যত উপনীত হ’বলে হ’লে ইয়াৰ কাৰ্যসূচীসমূহৰ ভালদৰে পৰিকল্পনা কৰি লোৱাটে খুবেই প্রয়োজ। এই কার্যই এটা ক্ৰীড়া কেন্দ্ৰৰ বাবে কাৰ্যসূচীসমূহ অংকন কৰি উলিওৱা, প্ৰয়োজনীয় বস্তুসমূহ সংগ্ৰহ কৰি লোৱা আৰু পৰিকল্পিত কাৰ্যসূচীসমূহ কাৰ্য ৰূপায়িত কৰা কাৰ্য অন্তর্ভুক্ত কৰি লয়।

২। কাৰ্যসূচীৰ পৰিকল্পনাৰ নীতিসমূহ উল্লেখ কৰা।

উত্তৰঃ কাৰ্যসূচীৰ পৰিকল্পনাৰ নীতিসমূহ:

(১) বয়সৰ উপযোগী কাৰ্যৰ পৰিকল্পনা: এটা শিশু কিছুমান বিশেষ কাম কৰিবলৈ একোটা নিৰ্দিষ্ট বয়সতহে প্রস্তুত হয়। নিৰ্ধাৰিত বয়সৰ আগতে যদি ল’ৰাটো বা ছোৱালীজনীক সেই কামবোৰ কৰিবলৈ দিয়া হয়, তেন্তে শিশুটোৰ বাবে সেইবোৰ সম্পাদন কৰাটো কঠিন হৈ পৰে 

(২) উপযুক্তসময়তহে কাৰ্যৰ আৰম্ভ কৰিব লাগে: শিশুৱে যিটো সময়ত কোনো এটা কাম কৰিবলৈ প্ৰস্তুত হয়, হে সময়তহে আৰম্ভ কৰিব লগে, অন্যথাই সিহঁতে মুঠেই মনোযোগী হ’ব নোৱাৰিব। উদাহৰণস্বৰূপে নতুনকৈ ভৰ্তি হোৱা শিশুসকলৰ বাবে সংগঠিত ৰূপত খেলৰ আয়োজন কৰাৰ আগতে বল খেলিব দিব লাগে।

(৩) শিশুসকলৰ প্ৰয়োজন পূৰণৰ অৰ্থে কাৰ্যসূচী শিথিল হ’ব লাগে: ক্রীড়া কেন্দ্ৰত শিশুৰ বাবে ধাৰ্য কৰা কাৰ্যসূচীসমূহৰ দীৰ্ঘতা আৰু প্ৰকৃতি সিহঁতৰ আগ্ৰহৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰিব লাগে। কেতিয়াবা শিশুসকল কোনো এবিধ কার্যতে বহু সময় ধৰি নিমগ্ন হৈ থাকিব পাৰে। এনেকুৱা ক্ষেত্ৰত শিক্ষকগৰাকীয়ে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰ কিছু সাল-সলনি কৰি শিশুসকলক কামটো দেৰিলৈকে চলাই থাকিলে সুযোগ (সুবিধা) দিব লাগে। কেতিয়াবা আকৌ কোনো জীৱ- জত (মেকুৰী, কুকুৰ, কেৰ্কেটুৱা, ঘনচিৰিকা, শহাপহু, কপৌ, বান্দৰ আদি) চাবলৈ পালে নাইবা বৰষুণ দিলেও কাৰ্যসূচীৰ ইফাল-সিফাল হ’ব পাৰে। সেইবাবে শিক্ষকে এইবিলাক দিশৰ প্ৰতি লক্ষ্য কৰি শিশুৰ কাৰ্যসূচীৰ কিছু সমাযোজন কৰি ল’ব লাগে।

(৪) কাৰ্যসূচীসমূহ শিশুৰ অভ্যাস, ধাৰণা আৰু মূল্যবোধ গঢ়িব পৰাকৈ অৰ্থপূৰ্ণ আৰু সহায়ক হ’ব লাগে: শিশুৰ বাবে প্ৰস্তুত কৰা প্ৰতিটো কাৰ্যসূচী অৰ্থপূৰ্ণ আৰু সামুহিক জীৱনৰ লগত সম্পর্কিত হ’ব লাগে। উদাহৰণস্বৰূপে, সংগীত আৰু সাধুকথাই শিশুৰ ভাষাৰ বিকাশত সহায় কৰে, অনানুষ্ঠানিকভাৱে জীৱ-জন্তুৰ বিষয়ে কোৱা কথাই শিশুক জীৱ-জন্তু, চৰাই-চিৰিকতিৰ প্ৰতি আগ্ৰহী কৰি তোলে।

(৫) কাৰ্যসূচীসমূহে প্ৰাথমিক আৰু বাস্তব অভিজ্ঞতা প্ৰদান কৰিব লাগে: শিশুৰ কাৰ্যসূচীসমূহ শিশুৰ বাস্তৱ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ পৰা পোনপটীয়া বা প্রাথমিক অভিজ্ঞতা দিব পৰা বিধৰ হ’ব লাগে। উদাহৰণস্বৰূপে, বাগিচা বনো সম্বন্ধে শিশুক প্রত্যক্ষ অভিজ্ঞতা দিবলৈ হ’লে সিহঁতক মাটি খন্দা, চহোৱা, গুটি ৰোৱা, পানী দিয়া আদি কামবোৰ কৰি দেখুৱাব লাগে। সেইদৰে অন্য কিছুমান অভিজ্ঞতা যেনে— দঙা (বস্তু), ঢালি দিয়া, পৰিপূৰ্ণ কৰা, কঢ়িয়াই নিয়া, ভাগ ভাগ কৰা ইত্যাহি পৰাও শিশুসকলে প্ৰত্যক্ষ আৰু প্ৰাথমিক জ্ঞান লাভ কৰিব পাৰে।

(৬) পুৰণি আৰু নতুন অভিজ্ঞতাৰ সংমিশ্রণ: উদাহৰণস্বৰূপে, বিভিন্ন আকাৰৰ (খেলৰ টুকুৰা শিশুবিলাকৰ হাতত দি সিহঁতক চেৰে-পাজৰে থকা তেনেকুৱা ধৰণৰ টুকুৰাবোৰক বিচাৰি উলিয়াবলৈ দিব লাগে ।

(৭) জিৰণি আৰু টোপনিৰ বাবে সময় দিব লাগে: শিশুসকলক ক্রীড়া কেন্দ্র থকা সময়ছোৱাত জিৰণি আৰু শুবৰ বাবে প্রায় এক-ডেৰ ঘণ্টা সময় দিব লাগে।

৩। দীর্ঘকালীন পৰিকল্পনা আৰু হ্ৰস্বকালীন পৰিকল্পনাৰ মাজত থকা এটা পাৰ্থক্য আৰু এটা সাদৃশ্য লিখা। 

উত্তৰঃ পার্থক্য: দীর্ঘকালীন পৰিকল্পনা সমগ্ৰ বছৰটোৰ বাবে আগতীয়াকৈ কৰি লোৱা হয়, আনহাতে হ্রস্বকালীন পরিকল্পনা কম সময়ৰ ব্যৱধানত কৰা হয় আৰু ইয়াত ভিন্নতা প্ৰদান কৰিব পাৰি।

৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(ক) ক্রীড়া কেন্দ্ৰৰ কাৰ্যসূচী হ’ব লাগে—

১। শিথিল বা নমনীয়।

২। স্থিৰ বা নমনীয়।

৩। ক্ষন্তেকীয়া।

৪। স্থায়ী।

উত্তৰঃ ১। শিথিল বা নমনীয়।

(খ) ক্রীড়া কেন্দ্ৰৰ কাৰ্যসূচীয়ে দিব লাগে—

১। উন্নত অভিজ্ঞতা।

২। মনোগ্রাহী অভিজ্ঞতা।

৩। প্রাথমিক ও স্পষ্ট অভিজ্ঞতা।

৪। উপযুক্ত দক্ষতা।

উত্তৰঃ ৩। প্রাথমিক ও স্পষ্ট অভিজ্ঞতা। 

(গ) কাৰ্যসূচীসমূহ এইধৰণে সলনা সলনি কৰিব লাগে—

১। সামাজিক আৰু সমান্তৰাল খেলৰ মাজত।

২। ব্যক্তিগত আৰু সমান্তৰাল খেলৰ মাজত।

৩। সক্ৰিয় আৰু নীৰৱ খেলৰ মাজত।

৪। সহযোগী আৰু দলীয় খেলৰ মাজত।

উত্তৰঃ ৩। সক্ৰিয় আৰু নীৰৱ খেলৰ মাজত।

(ঘ) জানুৱাৰী মাহৰ শেষৰ সপ্তাহটোৰ বাবে এটা উপযুক্ত বিষয় (Theme) হ’ব।

১। জীব জন্তু।

২। ৰাষ্ট্ৰীয় নেতা।

৩। পানী।

৪। ফুল।

উত্তৰঃ ২। ৰাষ্ট্ৰীয় নেতা।

৫। কাৰ্যসূচী পৰিকল্পনাৰ বাবে যিকোনো দহটা ‘বিষয়’ৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ 

৬। এটা ক্রীড়া কেন্দ্ৰৰ বাবে এখন সাপ্তাহিক কার্যক্রমণিকা প্রস্তুত কৰা।

উত্তৰঃ

ক্রীড়া কেন্দ্ৰ এটাৰ সাপ্তাহিক কাৰ্য্যসূচীৰ তালিকা

34.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

১। (শিশুক) খুওৱা কাৰ্যসূচীৰ সংজ্ঞা দিয়া।

উত্তৰঃ সুস্থ বিকাশৰ বাবে ভাল পুষ্টি হৈছে ভেটি স্বৰূপ। ক্রীড়া কেন্দ্ৰৰ কাৰ্যসূচী তালিকাৰ মাজত শিশুক খাদ্যৰ যোগান ধৰি খোৱা লোৱাৰ কাৰ্যসূচীও থাকিব লাগে। এই ধৰণৰ খুওৱা কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্য হৈছে শিশু এটাক দৈনিক প্রয়োজন হোৱা পৰিপুষ্টিৰ তিনিভাগৰ এক ভাগ উপযুক্ত খাদ্যৰে পূৰণ কৰা। শিশুৱে ঘৰৰ পৰা কি লৈ আহে বা নাহে সেয়াই যথেষ্ট নহয়। শিশুবিলাক লগ হৈ একেলগে খালে আচৰণ শিকাত সহায় হয়, পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পর্কে জ্ঞান হয় আৰু নিজে খাবলৈ পৰা হয়। তাৰোপৰি কোনো ধৰণৰ হুৰাহুৰি নকৰি যি দিয়ে তাকে ভালদৰে খাবলৈ অভ্যাস কৰিবলৈ শিকে।

২। খুওৱা কাৰ্যসূচীৰ এটা কাৰ্য উল্লেখ কৰা।

উত্তৰঃ খুওৱা কাৰ্যসূচীৰ এটা কাৰ্য হৈছে শিশুক (বিকাশ প্রাপ্ত) যথোপযুক্ত আহাৰৰ যোগান ধৰা যি আহাৰে দৈনিক প্রয়োজন হোৱা সকলো পুষ্টিকাৰীতাৰ তিনিভাগৰ এভাগ পূৰণ কৰিব পাৰে।

৩। খুওৱা কাৰ্যসূচীৰ ব্যৱস্থা কৰোতে মনত ৰাখিব লগা চাৰিটা দিশ উল্লেখ কৰা।

উত্তৰঃ (১) প্রয়োজনীয় খাদ্যৰ হিচাপ বা গণনা: ICMR‌ এ ছয় বছৰৰ তলৰ শিশুৰ বাবে ধাৰ্য কৰা খাদ্য আৰু তাৰ পৰিমাণ তলৰ তালিকাত দেখুওৱা হৈছে। প্ৰতিটো শিশুৰ দৈনিক প্রয়োজনীয়তাৰ এক তৃতীয়াংশ গণনা কৰি তাক মুঠ শিশুৰ সংখ্যাৰে পুৰণ কৰা হয় আৰু এই পূণফলৰ ওপৰত ভিত্তি কৰি ক্রীড়া কেন্দ্ৰ এটাৰ শিশুসকলৰ বাবে মুখ্য খাদ্য প্ৰস্তুত কৰা হয় বা ৰন্ধা হয়।

তালিকাঃ এদিনৰ বাবে প্ৰয়োজন হোৱা খাদ্যৰ পৰিমাণ

(২) পুষ্টিকৰ খাদ্যৰ নিৰ্বাচন: মুঠ খাদ্যৰ পৰিমাণ গণনা কৰাৰ পিছৰ পৰ্যায়টো হৈছে শিশুক পুষ্টিদায়ক খাদ্যৰ যোগান। এইক্ষেত্ৰত স্থানীয়, কম ব্যয়বহুল আৰু বতৰৰ খাদ্য নিৰ্বাচনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হ’ব।

(৩) খাদ্য তালিকাৰ পৰিকল্পনা: শিশুৰ কচি অনুযায়ী তথা সহজ প্রস্তুত প্ৰণালীৰ ওপৰত বিশেষ গুরুত্ব আৰোপ কৰি শিশুৰ বাবে খাদ্য তালিকাখন প্রস্তুত কৰিব লাগে। এইক্ষেত্ৰত সকলো শিশুরে যাতে খাদ্যবস্তু গ্ৰহণ কৰে তাক লক্ষ্য কৰিব লাগে।

(৪) ৰান্ধিবলগীয়া খাদ্যৰ পৰিমাণ নিৰ্ধাৰণ: খাদ্য তালিকাখন প্ৰস্তুত কৰাৰ পিছত শিশুৰ সংখ্যা অনুযায়ী খাদ্যবস্তু ৰান্ধিব লাগে।

৪। উপযুক্ত বিকল্প উত্তৰটো বাচি উলিওৱা:

(ক) খুওৱা কাৰ্যসূচীত থাকিব লাগে এজন প্রশিক্ষণপ্রাপ্ত–

১। শিক্ষক।

২। ৰান্ধনী।

৩। সহায়কাৰী।

৪। কৰ্মচাৰী।

উত্তৰঃ ২। ৰান্ধনী।

(খ) খাদ্য বস্তুৰ পৰিমাণৰ হিচাপ কৰিব লাগে–

১। ৰন্ধাৰ আগতে।

২। ক্ৰয় কৰাৰ আগতে।

৪। জমা কৰা আগতে।

৩। বিতৰণ কৰাৰ আগতে।

উত্তৰঃ ২। ক্ৰয় কৰাৰ আগতে।

(গ) খুওৱা কাৰ্য অধিক কলবর্তী হয় যেতিয়া ই জড়িত হয়–

১। স্বাস্থ্য পৰীক্ষাৰ লগত।

২। পুষ্টিদায়ক খাদ্য শিক্ষা বা পুষ্টিকাৰী শিক্ষাৰ লগত।

৩। ক্ৰয় আৰু কাৰ্যৰ লগত।

৪। অনাময় কাৰ্যৰ লগত।

উত্তৰঃ ২। পুষ্টিদায়ক খাদ্য শিক্ষা বা পুষ্টিকাৰী শিক্ষাৰ লগত।

৫। তলৰ ‘ক’অংশৰ কথাখিনি ‘খ’ অংশৰ লগত মিলাই লিখা–

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰঃ

১। ক্রীড়া কেন্দ্র এটাত থকা বিভিন্ন বয়সৰ শিশুৰ বাবে বিভিন্ন বিষয়বস্তু আৰু শিৰোনামাসমূহৰ তালিকা এখন প্ৰস্তুত কৰা।

উত্তৰঃ

২। ওচৰৰ ক্ৰীড়া কেন্দ্ৰ এটাৰ খুওৱা কাৰ্যসূচীক নিৰক্ষীণ কৰি এসপ্তাহৰ খাদ্য বস্তু তালিকাৰ বিষয়ে লিখা। এই সমূহ কিহৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে আৰু কি কি কাৰক ইয়াত নিহিত হৈ আছে ব্যাখ্যা কৰা।

উত্তৰঃ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top