ASOS Class 12 Psychology Chapter 32 ক্রীড়া কেন্দ্রঃ উদ্দেশ্যসমূহ

ASOS Class 12 Psychology Chapter 32 ক্রীড়া কেন্দ্রঃ উদ্দেশ্যসমূহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 32 ক্রীড়া কেন্দ্রঃ উদ্দেশ্যসমূহ and select needs one.

ASOS Class 12 Psychology Chapter 32 ক্রীড়া কেন্দ্রঃ উদ্দেশ্যসমূহ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 32 ক্রীড়া কেন্দ্রঃ উদ্দেশ্যসমূহ These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

ক্রীড়া কেন্দ্রঃ উদ্দেশ্যসমূহ

Chapter : 32

32.1 পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ কোৱাঃ 

(ক) ক্রীড়া কেন্দ্ৰ হৈছে বিনোদন সংঘ (Sports Club) শুদ্ধ /অশুদ্ধ

উত্তৰঃ অশুদ্ধ।

(খ) ক্রীড়া কেন্দ্ৰসমূহ হৈছে কঠোৰ ধৰা বন্ধা নিয়মৰ সংগঠন আৰু ইয়াত কঢ়া অনুশাসন থাকে। শুদ্ধ /অশুদ্ধ

উত্তৰঃ অশুদ্ধ।

(গ) শিশুসকলে তেতিয়াহে শিকে যেতিয়া ডাঙৰসকলে শিকায়। শুদ্ধ /অশুদ্ধ

উত্তৰঃ অশুদ্ধ।

(ঘ) ক্রীড়া কেন্দ্ৰ হৈছে শিশু-কেন্দ্রীক, শিক্ষক-কেন্দ্রীক নহয়। শুদ্ধ /অশুদ্ধ

উত্তৰঃ শুদ্ধ।

(ঙ) ক্রীড়া কেন্দ্ৰ এটাত শিশুসকলক সিহঁতৰ নিজস্ব গতি অনুসৰি শিকিব দিয়া হয়। শুদ্ধ /অশুদ্ধ

উত্তৰঃ শুদ্ধ।

32.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

১। শুদ্ধ নে অশুদ্ধ কোৱা:

(ক) ক্রীড়া কেন্দ্ৰ এটাৰ উদ্দেশ্যসমূহ হৈছে ইয়াৰ সুপৰিচালনাৰ বাবে পূর্বাশ্যকীয় (Prerequisites) শুদ্ধ /অশুদ্ধ

উত্তৰঃ শুদ্ধ।

(খ) এটা ক্রীড়া কেন্দ্ৰত সকলো শিশুৱে দলীয় খেলহে খেলে। শুদ্ধ /অশুদ্ধ

উত্তৰঃ অশুদ্ধ।

(গ) শিশুৰ সঞ্চালন ক্ষমতাৰ বিকাশৰ বাবে এটা নিৰাপদ আৰু সুবিধাজনক পৰিবেশৰ অতি প্ৰয়োজন। শুদ্ধ /অশুদ্ধ

উত্তৰঃ শুদ্ধ।

(ঘ) ক্রীড়া কেন্দ্ৰত শিশুসকলক পঢ়া লিখা আৰু গণনা কৰাৰ লগত পৰিচিত কৰোৱা হয়। শুদ্ধ /অশুদ্ধ

উত্তৰঃ অশুদ্ধ।

(ঙ) ক্রীড়া কেন্দ্র এটাই শিশুৰ সৰ্বাত্মক বিকাশৰ ওপৰত প্ৰাধান্য দিয়ে। শুদ্ধ /অশুদ্ধ

উত্তৰঃ শুদ্ধ।

২। শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(ক) কর্তৃত্বমূলক অনুশাসন হৈছে—

(১) সম্পূর্ণ বাধ্যবাধকতা দাবী কৰে

(২) সম্পূর্ণ স্বাধীনতা প্রদা

(৩) কম বাধ্যবাধকতা আদায় আৰু কম স্বাধীনতা প্রদান

(৪) অধিক বাধ্যবাধকতা আদায় আৰু কম স্বাধীনতা প্রদান

উত্তৰঃ সম্পূর্ণ বাধ্যবাধকতা দাবী কৰে।

(খ) অনুমতিসূচক অনুশাসন হৈছে—

(১) সম্পূর্ণ বাধ্যবাধকতা দাবী

(২) সম্পূর্ণ স্বাধীনতা প্রদান

(৩) কম বাধ্যবাধকতা আৰু অধিক স্বাধীনতা প্রদান

(৪) অধিক বাধ্যবাধকতা আৰু কম স্বাধীনতা প্ৰদান

উত্তৰঃ (২) সম্পূর্ণ স্বাধীনতা প্রদান। 

(গ) গণতান্ত্রিক অনুশাসন হৈছে—

(১) সম্পূর্ণ বাধ্যবাধকতা দাবী

(২) সম্পূর্ণ স্বাধীনতা প্রদান

(৩) কম বাধ্যবাধকতা আৰু কম স্বাধীনতা প্রদান

(৪) বেছি বাধ্যবাধকতা আৰু কম স্বাধীনতা প্রদান

উত্তৰঃ (৩) কম বাধ্যবাধকতা আৰু কম স্বাধীনতা প্রদান।

(ঘ) এটা ভাল ক্রীড়া কেন্দ্রই এনেকুৱা অনুশাসন মানি চলিব লাগে যিটো

(১) কর্তৃত্বমূলক

(২) অনুমতিসূচক

(৩) গণতান্ত্রিক

(৪) আটাইকেইটাৰ অলপ অলপ

উত্তৰঃ (৩) গণতান্ত্রিক।

(ঙ) শিশুবিলাকৰ মিছা কথা কোৱাৰ অভ্যাস গঢ় লৈ উঠে—

(১) কর্তৃত্বশীল অনুশাসনত

(২) অনুমতিসূচক অনুশাসনত

(৩) গণতান্ত্রিক অনুশাসনত

(৪) ওপৰৰ এটাও নহয়

উত্তৰঃ (১) কৰ্তৃত্বশীল অনুশাসনত।

(চ) শিশুসকলে নিজ কামত আগভাগ ল’বলৈ শিকে—

(১) কৰ্তৃত্বশীল অনুশাসনত

(২) অনুমতিসূচক অনুশাসনত

(৩) গণতান্ত্রিক অনুশাসনত

(৪) ওপৰৰ এটাও নহয়

উত্তৰঃ (২) অনুমতিসূচক অনুশাসনত।

(ছ) শিশুৰ মনত আত্মবিশ্বাস গঢ়ি উঠে যেতিয়া সিহঁত ডাঙৰ-দীঘল হয়—

(১) কৰ্তৃত্বশীল অনুশাসনত

(২) অনুমতিসূচক অনুশাসনত

(৩) গণতান্ত্রিক অনুশাসনত

(৪) ওপৰৰ এটাও নহয়

উত্তৰঃ (২) অনুমতিসূচক অনুশাসনত।

32.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ 

১। খালী ঠাই পূৰণ কৰা: 

(ক) _____ অনুশাসনত শিশুক কোনো ধৰণৰ নিৰ্দেশনা দিয়া নহয়।

উত্তৰঃ অনুমতিসূচক

(খ) _____ অনুশাসন শিশুৰ বাবে বিশেষ উপযোগী, কিয়নো ইয়ে শিশুৰ মুক্ত প্ৰকাশৰ সুবিধা দিয়ে।

উত্তৰঃ গণতান্ত্রিক।

(গ) ______ অনুশাসনত পিতৃ-মাতৃয়ে যুক্তিতকৈ কৰ্তৃত্বৰেহে শাসন কৰে।

উত্তৰঃ কৰ্তৃত্বশীল।

(ঘ) চুৰ কৰা আচৰণ দেখা দিয়া শিশুক _____ বা _____ কৰা উচিত নহয়।

উত্তৰঃ শাস্তি, অপদষ্ট।

(ঙ) অশান্তিদায়ক ঘৰুৱা পৰিৱেশ_____ ৰ কাৰণ হ’ব পাৰে।

উত্তৰঃ আচৰণৰ সমস্যাসমূহ।

২। শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(ক) শিশুৰ ক্ষেত্ৰত অগ্রহণযোগ্য আচৰণ গঢ় লৈ উঠে যদিহে পৰিবেশ হয়–

(১) বাধাদায়ক।

(২) মুক্ত।

(৩) বাধাদায়ক আৰু মুক্ত।

(৪) ওপৰৰ এটাও নহয়।

উত্তৰঃ (১) বাধাদায়ক।

(খ) শিশুৰ ক্ষেত্ৰত শাস্তি আৰু ঠাট্টা ব্যৱহাৰ কৰা হয়—

(১) কর্তৃত্বশীল অনুশাসনত।

(২) গণতান্ত্রিক অনুশাসনত।

(৩) অনুমতিসুচক অনুশাসনত।

(৪) ওপৰোক্ত আটাইকেইটা।

উত্তৰঃ (১) কৰ্তৃত্বশীল অনুশাসনত।

(গ) শিশু এটাই নিজৰ বুঢ়া আঙুলি চুপাৰ কাৰণ—

(১) আমনি পালে (বিৰক্তি)। 

(২) নিৰাপত্তাহীনতা অনুভৱ কৰিলে।

(৩) ভয় খালে।

(৪) মনোযোগ আদায়ৰ বাবে।

উত্তৰঃ (১) আমনি পালে (বিৰক্তি)।

(ঘ) শিশুৱে বিছনাত প্ৰস্ৰাৱ কৰাৰ কাৰণ— 

(১) আমনি লগা (বিৰক্তি)।

(২) নিৰাপত্তাহীনতা।

(৩) ভয়।

(৪) মনোযোগ আদায়ৰ বাবে।

উত্তৰঃ (২) নিৰাপত্তাহীনতা।

(ঙ) শিশুৱে মিছা কথা কোৱাৰ কাৰণ—

(১) বিৰক্তি।

(২) নিৰাপত্তাহীনতা।

(৩) ভয়।

(৪) মনোযোগ আদায়।

উত্তৰঃ (৪) মনোযোগ আদায়।

(চ) শিশু এটাই বস্তু ধ্বংস (ভঙা-চিঙা) কৰাৰ কাৰণ—

(১) বিৰক্তি।

(২) নিৰাপত্তাহীনতা।

(৩) ভয়।

(৪) মনোযোগ আদায়।

উত্তৰঃ (৩) ভয়।

(ছ) শিশু এটাৰ চুৰি কাৰ্যৰ অন্তৰালত থাকে—

(১) বিৰক্তি।

(২) নিৰাপত্তাহীনতা।

(৩) ভয়।

(৪) ঈর্ষা।

উত্তৰঃ (৪) ঈৰ্ষা।

(জ) শিশু এটাই প্ৰায়ে খাবলৈ অনিচ্ছা প্ৰকাশ কৰে, কাৰণ—

(১) বিৰক্তি। 

(২) নিৰাপত্তাহীনতা।

(৩) ঈর্ষা।

(৪) অসুস্থতা।

উত্তৰঃ (৪) অসুস্থতা।

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰঃ 

১। ক্রীড়া কেন্দ্ৰৰ উদ্দেশ্যই কিদৰে ইয়াৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলীক নিৰ্ধাৰণ কৰে?

উত্তৰঃ ২ ৰ পৰা ৫ বছৰৰ শিশুৰ শিক্ষণ প্ৰক্ৰিয়াৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে যাৰ বাবে ক্রীড়া কেন্দ্ৰ এটাৰ বিশেষ গুৰুত্ব পৰিলক্ষিত হয়। এই বৈশিষ্ট্যসমূহ হৈছে—

(ক) শিশুসকলে খেলৰ জড়িয়তে স্বাভাৱিকভাৱে শিকে

(খ) শিশুসকলৰ মনোযোগৰ সৰ্বোত্তম লাভ হয়

(গ) শিশুসকলৰ মনোযোগৰ পৰিসৰ সীমিত (৭ ৰ পৰা ১৫ মিনিট) 

(ঘ) শিশুৰ তিনি বছৰ বয়সত মগজুৰ ভৰ প্ৰাপ্ত বয়স্কৰ ৮০ শতাংশ হয়, যিয়ে সর্বোচ্চ শিকণত সহায় কৰে। সেইবাবে সিহঁতৰ বাবে এক আনন্দ উদ্দীপনাময় পৰিৱেশৰ প্ৰয়োজন হয়।

(ঙ) শিশুসকলে অসমনীয়া ইজন-সিজনৰ পৰা, বয়স্কসকলৰ পৰা আৰু পাৰিবাৰিক অৱস্থাৰ পৰা বহু কথা অনায়াসে শিকিব পাৰে।

২। এটা ক্ৰীড়া কেন্দ্ৰত তুমি কিদৰে গণতান্ত্রিক অনুশাসন প্রণালী প্রয়োগ কৰিবা সেই বিষয়ে এটা দফা লিখা।

উত্তৰঃ দুই প্ৰকাৰৰ অনুশাসন মধ্যৱৰ্তী হৈছে গণতান্ত্রিক অনুশাসন। তলত গণতান্ত্রিক অনুশাসনৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা হ’ল:

(ক) নিয়মসমূহ বলবৎ কৰাৰ আগতে বুজাই দিয়া হয়

(খ) শিশুসকলে নিয়ম সম্বন্ধে প্রশ্ন উত্থাপন কৰিব পাৰে আপু প্ৰয়োজন হ’লৈ যুটীয়া অনুমতি সাপেক্ষ সংশোধন কৰিব পাৰি, 

(গ) শিশুসকলক নিজৰ ইচ্ছানুসাৰে কাম কৰিবলৈ স্বাধীনতা দিয়া হয় কিন্তু কাৰ্যৰ দ্বাৰা যাতে নিজব বা আনৰ কোনো ক্ষতিনহয় তাক সিহঁতে নিশ্চয়তা দিব লাগিব।

৩। শিশুৰ সমস্যা জড়িত আচৰণৰ কাৰণসমূহ কি কি?

উত্তৰঃ শিশুৱে সমস্যা জড়িত আচৰণ প্ৰদৰ্শন কৰাৰ অন্তৰালত বিভিন্ন কাৰণ থাকিব পাৰে। ইয়াৰে কিছুমান তলত উল্লেখ কৰা হ’ল: 

(ক) শিশুৱে বাস কৰা পৰিৱেশ যদি সিহঁতৰ আত্ম-প্ৰকাশত বাধা দিয়া হয়, তেন্তে সিহঁতে অগ্রহণযোগ্য আচৰণসমূহ আয়ত্ত কৰে।

(খ) অভিভাৱক আৰু শিক্ষকে যেতিয়া শিশুৰ পৰা অধিক ফলাফল লাভ আশা কৰে আৰু শিশুৱে যেতিয়া সেই ধৰণৰ ফলাফল দেখুৱাব নোৱাৰে তেনে ক্ষেত্ৰত সিহঁতে সমস্যা জড়িত আচৰণ কিছুমান প্ৰদৰ্শন কৰে।

(গ) বহুতো শিশুৱে ভাবি চায় যে সিঁতে বিজৰা দাবীসমূহ পূৰণৰ এটা উপায় হৈছে— অনুপযোগী বা অগ্রহণযোগ্য আচৰণ। উদাহৰণস্বৰূপে, শিশুটোৱে জানে যে মাক-দেউতাকৰ তাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰাৰ বাবে তাৰ সৰু ভায়েক বা ভনীয়েকক মাৰিলে হ’ল নতুবা কোনো খেলা বস্তু পাবলৈ হ’লে কান্বি লাগে আৰু মজিয়াত বাগৰি পৰিব লাগে।

(ঘ) গৃহ পৰিবেশ অশান্তিদায়ক হ’লে যেনে— পিতৃ-মাতৃৰ মাজত যদি কাজিয়া-পেচাল, মাৰ-পিট হৈ থাকে নতুবা মাক আৰু আইতাকৰ মাজত যদি মিলা-প্ৰীতিৰ অভাৱ হয় তেন্তে শিশুৱে সমস্যা জড়িত আচৰণ প্ৰদৰ্শন কৰে।

৪। তোমাৰ মতে কেনেকুৱা ধৰণৰ সমস্যা জড়িত আচৰণ পিতৃ-মাতৃৰ বাবে আটাইতকৈ কঠিন? কাৰণ দৰ্শোৱা।

উত্তৰঃ (ক) শিশুৱে বাস কৰা পৰিৱেশ যদি সিহঁতৰ আত্ম-প্ৰকাশত বাধা দিয়া হয়, তেন্তে সিহঁতে অগ্রহণযোগ্য আচৰণসমূহ আয়ত্ত কৰে।

(খ) অভিভাৱক আৰু শিক্ষকে যেতিয়া শিশুৰ পৰা অধিক ফলাফল লাভ আশা কৰে আৰু শিশুৱে যেতিয়া সেই ধৰণৰ ফলাফল দেখুৱাব নোৱাৰে তেনে ক্ষেত্ৰত সিহঁতে সমস্যা জড়িত আচৰণ কিছুমান প্ৰদৰ্শন কৰে।

(গ) বহুতো শিশুৱে ভাবি চায় যে সিঁতে বিজবা দাবীসমূহ পূৰ্ণৰ এটা উপায় হৈছে— অনুপযোগী বা অগ্রহণযোগ্য আচৰণ। উদাহৰণস্বৰূপে, শিশুটোৱে জানে যে মাক-দেউতাকৰ তাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰাৰ বাবে তাৰ সৰু ভায়েক বা ভনীয়েকক মাৰিলে হ’ল নতুবা কোনো খেলা বস্তু পাবলৈ হ’লে কান্বি লাগে আৰু মজিয়াত বাগৰি পৰিব লাগে।

(ঘ) গৃহ পৰিবেশ অশান্তিদায়ক হ’লে যেনে— পিতৃ-মাতৃৰ মাজত যদি কাজিয়া-পেচাল, মাৰ-পিট হৈ থাকে নতুবা মাক আৰু আইতাকৰ মাজত যদি মিলা-প্ৰীতিৰ অভাৱ হয় তেন্তে শিশুৱে সমস্যা জড়িত আচৰণ প্ৰদৰ্শন কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top