ASOS Class 12 Psychology Chapter 30 চাপ পৰিচালনা আৰু কল্যাণ

ASOS Class 12 Psychology Chapter 30 চাপ পৰিচালনা আৰু কল্যাণ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 30 চাপ পৰিচালনা আৰু কল্যাণ and select needs one.

ASOS Class 12 Psychology Chapter 30 চাপ পৰিচালনা আৰু কল্যাণ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 30 চাপ পৰিচালনা আৰু কল্যাণ These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

চাপ পৰিচালনা আৰু কল্যাণ

Chapter : 30

30.1 পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

তলত দিয়াবোৰৰ চমু উত্তৰ দিয়া।

১। বায়’ফিডবেক (Biofeedback) বা জৈৱ পূর্বানুবৃত্তিৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ আমাৰ শৰীৰৰ অভ্যন্তৰত এক পৰিৱৰ্তনে প্ৰতিক্ৰিয়া কৰাৰ ফলত এজন মানুহ বা এগৰাকী মানুহে শৰীৰত আৰাম বা শিথিলতা অনুভৱ কৰে। 

২। প্ৰজ্ঞানাত্মক পদ্ধতিৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ চিন্তাৰ উদ্ৰেক বন্ধ কৰা, পদ্ধতিগতভাৱে সংবেদনহীন কবি তোলা আৰু যুক্তিপূর্ণভাৱে আৱেগক হ্ৰাস কৰিবলৈ প্ৰজ্ঞানাত্মক পৰিৱেশ সলনি কৰিব লাগিব।

30.2 পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰঃ 

তলত দিয়াবোৰ সঁচা নে মিছা লিখা।

1. ভালে থকাটো মানে হ’ল এজন ব্যক্তিৰ সুস্থ শৰীৰ, মানসিকতা আৰু সামাজিক কার্যকাৰিতা।

উত্তৰঃ সঁচা।

২। সময় অপব্যয় কৰিলে পুনৰ ঘূৰি নাহে।

উত্তৰঃ সঁচা।

৩। কোনো অগ্ৰাধিকাৰ নিদিয়াকৈ যদি আমি সকলো কাম একেলগে কৰোঁ সময় আমাৰ বাবে কোনো কাৰক হ’ব নোৱাৰে।

উত্তৰঃ মিছা।

৪। সময়ৰ সৎ ব্যৱহাৰ হ’বলৈ প্ৰধানকৈ কৰ্ম দক্ষতা /পৰিকল্পনা আৰু অগ্ৰাধিকাৰৰ ওপৰত নজৰ দিব লাগে।

উত্তৰঃ সঁচা।

৫। সমৰ হিচাপ-নিকাচ আৰু টকা-পহাৰ হিচাপ-নিকাচৰ মাজত পাৰ্থক্য আছে।

উত্তৰঃ মিছা।

30.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

তলত দিয়াবোৰ ইটোৰ লগত সিটো মিলোৱা

১। যম (Yama)(ক) যোগাভ্যাসৰ শাৰীৰিক দিশ (শাৰীৰিক ব্যায়াম)।
২। নিয়ম (Niyama)(খ) মনোযোগ আকৰ্ষণ কৰা।
৩। প্রাণায়াম (Pranayam)(গ) নিজকে সংযম কৰাৰ অভ্যাস।
৪। আসন (Asana)(ঘ) আচৰণসমূহ সঠিকভাৱে নিৰীক্ষণ কৰা।
৫। ধ্যান (Dhyan)(ঙ) উশাহ-নিশাহ সঠিকভাৱে পৰিচালনা কৰা।

উত্তৰঃ

১। যম (Yama)(গ) নিজকে সংযম কৰাৰ অভ্যাস।
২। নিয়ম (Niyama)(ঘ) আচৰণসমূহ সঠিকভাৱে নিৰীক্ষণ কৰা।
৩। প্রাণায়াম (Pranayam)(ঙ) উশাহ-নিশাহ সঠিকভাৱে পৰিচালনা কৰা।
৪। আসন (Asana)(ক) যোগাভ্যাসৰ শাৰীৰিক দিশ (শাৰীৰিক ব্যায়াম)।
৫। ধ্যান (Dhyan)(খ) মনোযোগ আকৰ্ষণ কৰা।

30.4 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ 

১। ধ্যান কি? ধ্যানৰ দুটা সুফলৰ বিষয়ে লিখা। 

উত্তৰঃ মনোযোগ দিয়া, আভ্যন্তৰীণ শান্তি, মানসিক চাপ কমোৱা। 

২। তিনিটা সূক্ষ্ম পুষ্টিকৰ দ্ৰব্যৰ নাম লিখা। 

উত্তৰঃ কাৰ্বহাইড্রেট, প্ৰ’টিন, চর্বি বা স্নেহময় পদার্থ।

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰঃ

১। মানসিকভাৱে চাপৰ লগত মোকাবিলা কৰিবৰ বাবে দুটা প্ৰজ্ঞানাত্মক কৌশলৰ বিষয়ে লিখা। 

উত্তৰঃ চিন্তাৰ লগত অনুভৱ বা অনুভূতিৰ এক নিবিড় সম্পর্ক আছে। প্রত্যেক কাৰ্যৰ বিপৰীতে চিন্তা বা অনুভূতি বিদ্যমান। সেয়েহে আমি কেতিয়াবা ইয়াৰ দ্বাৰা আমাৰ ব্যৱহাৰিক দিশটোক সলনি কৰিব পাৰোঁ। শুদ্ধ চিন্তা-চৰ্চাই আমাক সঠিক আচৰণ শিকায় আৰু অশুদ্ধ চিন্তা-চৰ্চাই আমাক বিপথে পৰিচালিত কৰে। বেছি মানসিক হেঁচাই আমাক কেতিয়াবা বিপথে পৰিচালিত কৰিব পাৰে। অশুদ্ধ চিন্তা-চৰ্চাই আমাৰ মানসিকতাকো বিপথে পৰিচালিত কৰিব পাৰে। সেয়েহে বেয়া চিন্তা-চৰ্চাক আমি সঠিক ৰূপত সঠিক দিশলৈ আনি মানসিক সমস্যা বা চিন্তা-চৰ্চাক এক যোগাত্মক দিশলৈ গতি কৰাব পাৰোঁ।

(১) প্রণালীবদ্ধ অনুভূতিহীনকৰণ: চাপৰ শক্তিশালী প্ৰকাশৰ আকাৰ হিচাপে অপসমাযোজিত আচৰণ আৱেগিকভাৱে অতি সংবেদনশীলতাৰ দ্বাৰা বৈশিষ্ট্য প্ৰদান কৰি তোলা হয়। সেয়েহে ব্যক্তিজনে নিজৰ সংবেদনবোৰ পৰিস্থিতিৰ লগত খাপ খুৱাই লাহে লাহে কমাই আনিব লাগিব, যাতে কোনো ধৰণৰ মানসিক চাপ বা উদ্বিগ্নতা প্রকাশ নাপায় অন্যথা পৰিস্থিতিয়ে ব্যক্তিজনৰ মানসিক স্থিৰতা সলনি কৰি দিব পাৰে। সেয়েহে ব্যক্তিজনে কল্পনা শক্তিৰ সহায়েৰেই মানসিক চাপৰ পৰা মুক্ত হ’ব লাগিব।

(২) চিন্তা বন্ধকৰণ: অন্য এক প্রজ্ঞানাত্মক কৌশল বা পদ্ধতি হ’ল চিন্তা-চৰ্চা বন্ধ কৰা। কিছুমান চিন্তাই মানুহক সমস্যাত পেলায়। এজন ব্যক্তিয়ে যদি অলাগতিয়াল আৰু অপ্ৰাসংগিক তথা ঋণাত্মক চিন্তা বাদ দিয়ে, তেতিয়া নিশ্চয় তেওঁৰ মানসিক হেঁচা কমিব। তেওঁ দৃঢ়ভাৱে এনে চিন্তা-চৰ্চাক ‘বন্ধ’বা নকৰিবলৈ মগজুক সাজু কৰি তুলিব লাগিব। এয়া একেদিনাই সম্পাদন কৰা সম্ভৱ নহয়। ইয়াৰ বাবে লাগিব এক দৃঢ় মানসিকতা। লাহে লাহে এই বেয়া চিন্তা মগজুৰ আঁতৰ কৰাত এজন ব্যক্তি সফল হ’ব আৰু অপ্রাসংগিক বা অপ্রয়োজনীয় চিন্তা- চৰ্চাৰ পৰা নিজৰ মানসিকতাক এৰাই চলাত সক্ষম হ’ব।

(৩) যুক্তি নিৰ্ভৰ আৱেগিক আচৰণৰ চিকিৎসা: প্ৰজ্ঞানাত্মক কৌশলৰ আন এক পৰীক্ষা হৈছে— যুক্তিপূর্ণ আৱেগ-উদ্দীপকৰ আচৰণৰ চিকিৎসা, যিয়ে এজন ব্যক্তিৰ কোনো কথাক যুক্তিপূৰ্ণ আৰু সঁচা অৰ্থত যোগাত্মক দিশেৰে আগুৱাই নিব পাৰে। এইক্ষেত্ৰত ব্যক্তিজনে বুজিব পাৰে যে প্ৰতিটো কামৰ সফলতাৰ আঁৰত কিছুমান যুক্তি আৰু আইনগত নিয়ম থাকে, য’ত এজন ব্যক্তিয়ে বহু কষ্ট আৰু সাধনাৰ অন্তত সফলতা পায়। নিজৰ লগত আমি যদি কিবা সমস্যাৰ বিষয়ে কথা পাতো তেতিয়াও আমি বহু পৰিমাণে যিকোনো মানসিক চাপ নিজৰ আয়ত্বলৈ আনিব পাৰোঁ।

২। মানসিক চাপ কমোৱাৰ ক্ষেত্ৰত অভিৰুচি, জিৰণি আৰু অৱসাদৰ কি ভূমিকা?

উত্তৰঃ আমাৰ শৰীৰটোক চাপমুক্ত কৰিবৰ বাবে যোগাসন, ব্যায়াম, খেলা-ধূলাৰ উপৰিও কিছুমান বৈজ্ঞানিক পদ্ধতি আমি ব্যৱহাৰ কৰিব পাৰোঁ। যাক আমি “ডিপ মাছল বিলেক্‌চেছন” বা মাংসপেশীৰ ভিতৰলৈ শিথিলতা অনা বুলি ক’ব পাৰোঁ।

ধৰা, এজন মানুহৰ মানসিক চাপ বা স্নায়ুবিক উত্তেজনা আৰু শাৰীৰিক শিথিলতা— এই দুয়োটাৰে অনুভৱৰ অভিজ্ঞতা শৰীৰৰ বিভিন্ন মাংসপেশীৰ দ্বাৰা ল’বলৈ কোৱা হ’ল যদি মানুহজনে দুয়োটা কথাই বুজিব বা অনুভৱ কৰিব তেতিয়া ইয়াক “প্রগতিশীল মাংসপেশীৰ শিথিলতা” বুলিও ক’ব পাৰি কাৰণ তেওঁ যিমানে এই অভ্যাস কৰিব সিমানেই শৰীৰটোক এক নতুনত্ব প্ৰদান কৰিব পাৰিব।

আমাৰ শৰীৰটোক অকণমান সকাহ দিবৰ বাবে বা শিথিল কৰিবৰ বাবে এক বিশেষ ইলেক্‌ট্রনিক পদ্ধতি প্ৰয়োগ কৰা হয়, যাক কোৱা হয়— বায়’ফিডবেক অথবা জৈৱ পূৰ্বানুবৃত্তি বুলি এই প্ৰক্ৰিয়াত ছালৰ প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল হৈ মনলৈ অহা চমৎকাৰী ধাৰণা অথবা মনোবৈজ্ঞানিক বিভিন্ন পৰীক্ষাৰ সহায়ত এজন মানুহৰ মানসিক চাপ বা শাৰীৰিক শিথিলতাৰ আভ্যন্তৰীণ প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে জানিব পাৰি এইক্ষেত্ৰত মানুহজনৰ মানসিক হেঁচাৰ সমস্যা বা শৰীৰক আৰাম বা শিথিলতা প্ৰদান কৰা বিষয়টো তেওঁ নিজৰ আয়ত্বলৈ আনিব পাৰিব। ইয়াত চাক্ষুষ আৰু শ্ৰৱণকেন্দ্ৰিক পূৰ্বানুবৃত্তি প্ৰদান কৰা হয়। 

কাৰণ যেতিয়া মানুহজনে মানসিক চাপ অনুভৱ কৰিব, তেতিয়া নিৰ্দিষ্ট ৰঙা লাইট জ্বলি উঠিব। সেয়া চাক্ষুষ প্রতিক্রিয়া। অন্যহাতে যেতিয়া মানুহজনে শৰীৰত এক প্ৰশান্তিবা শিথিলতা অনুভৱ কৰিব ততিয়া সেউজীয়া লাইট জ্বলি উঠিব সেয়েহে বা জৈৱ পুর্বানুবৃত্তিৰ যোগেদি যেতিয়া এজন মানুহে মানসিক চাপ কমোৱাৰ চিকিৎসা গ্ৰহণ কৰিব, সদায় যাতে সেউজীয়া লাইটটো জ্বলি উঠে, তাৰ প্ৰতি নজৰ দিয়া উচিত। লাহে লাহে যেতিয়া মানুহজন এই কাৰ্যত সিদ্ধহস্ত হ’ব, তেতিয়া তেওঁ অন্যান্য সমস্যাৰা মোকাবিলা কৰিবলৈ শিকিব।

৩। সময়ৰ সঠিক পৰিচালনা কেনেকৈ কৰিবা?

উত্তৰঃ সময় মানুহৰ জীৱনৰ এক অমূল্য সম্পদ। সেয়েহে কোৱা হয়– “সময় হৈছে সোণ”, “সময় মূল্যবান”, “অতিবাহিত কৰা সময় পুনৰ ঘূৰাই পোৱা নাযায়”। আমি সময়মতেই কাম কৰিব লাগে। সেয়েহে সময়ৰ সঠিক ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰত বেছি কাম কৰি জীৱনৰ উন্নতি কৰিবলৈ চেষ্টা কৰিব যেতিয়া আমি প্ৰণালীবদ্ধভাৱে কাম নকৰি একেলগে সকলো সমাধা কৰিব বিচাৰোঁ তেতিয়া এক মানসিক হেঁচাৰ সৃষ্টি হয়।

সময়ৰ সঠিক ব্যৱহাৰ কৰিবলৈ হ’লে— 

১। কাম কৰাৰ সঠিক ক্ষমতা থাকিব লাগিব।

২। পৰিকল্পনা।

৩। অগ্ৰাধিকাৰ ভিত্তিক কর্ম সম্পাদন।

সঠিক সময়ৰ ব্যৱহাৰ এটা কৌশল, য’ত আমি যথেষ্ট সচেতন হোৱা অতি জৰুৰী। এইক্ষেত্ৰত আমি কোনটো কাম কেনেকৈ কৰিম সেয়া আচল কথা। ব্যক্তিগত, পাৰিবাৰিক আৰু বৃত্তিগত ক্ষেত্র বা সমস্যাৰ প্ৰতি নজৰ ৰাখি সময়ৰ হিচাপ-নিকা কৰা হয় অগ্ৰাধিকাৰ ভিত্তিত হ্রস্বম্যাদী আৰু দীর্ঘম্যাদী কামৰ বাবে সময়ক গুৰুত্ব দি কাম সম্পাদন কৰা হয়

৪। শাৰীৰিক ব্যায়াম আৰু পুষ্টিয়ে আমাক কি দৰে সুৰক্ষিত কৰি ৰাখে?

উত্তৰঃ ইংৰাজীত এষাৰ বাক্য আছে– “All work and no play makes Jack a dull boy” যদি এজন মানুহে শাৰীৰিক ব্যায়াম নকৰে তেতিয়া তেওঁ সকলো কামতে সঠিকভাৱ সফল হ’ব নোৱাৰে। শাৰীৰিক ব্যায়ামে আমাৰ শৰীৰটোক সঠিকভাবে কাম কৰিবৰ বাবে শক্তি যোগায় আৰু মনটো পৰিষ্কাৰ কবি ৰাখে। যদি কোনো ব্যক্তিয়ে কঠোৰ ব্যায়াম নকৰে তথাপি তেও সাধাৰণ কিছুমান ব্যায়াম যেনে– খোজ কঢ়া, ধীৰ গতিৰে দৌৰা, ৰছীৰে জপিওৱা, আদি কবি পাৰে। শাৰীৰিক ব্যায়ামে আমাৰ শৰীৰৰ প্রভূত উন্নতি সাধন কৰিব পাৰে। ইয়াৰ দ্বাৰা মাংসপেশীৰ সঞ্চালন লগতে আমাৰ তেজৰ চলাচল নিয়মিত হয়। তাৰোপৰি, আমাৰ মন আৰু শৰীৰে এক অনাবিল আনন্দ অনুভৱ কৰে।

স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সমান্তৰালভাৱে সম পৰিমাণৰ পুষ্টিকৰ আৰু সুষম আহাৰৰ অতি প্রয়োজন। মানসিক চাপ বা সমস্যাক বাধা দিব লাগিলে আমাক এটা সুস্থ সৱল শৰীৰৰ বৰ প্ৰয়োজন। ইংৰাজীত এষাৰ বাক্য আছে— “Sound mind exists in a sound body” এটা সুস্থ শৰীৰৰত এটা সুস্থ মন থাকে।” পুষ্টিকৰ খাদ্য আৰু শাৰীৰিক ব্যায়ামে এজন ব্যক্তিক সু-স্বাস্থ্যৰ অধিকাৰী কৰি ৰখাত সহায় কৰে। ইয়াত উল্লেখ কৰিব পাৰি যে আমাৰ শৰীৰৰ পুষ্টিসাধন আৰু গঠন প্ৰক্ৰিয়াত তিনিটা বিশেষ কাৰ্যই ঘাইকৈ সহায় কৰে। যেনে— প্ৰ’টিন, কাৰ্বহাইড্রেট বা শ্বেতসাৰ। আমি সদায় খাদ্যৰ লগত চালাড, সেউজীয়া শাক- পাচলি আৰু সতেজ ফল-মূল খাব লাগে খাদ্যৰ মাজত আমি কেতিয়াও কিছুমান বস্তু যেনে— চকলেট, চিপচ্, পানীয়, মিঠাই বা বিস্কুট আদি খাব নালাগে। কাৰণ এইবোৰে আমাৰ শৰীৰত মেদবহুলতাৰ সৃষ্টি কৰে।

আমিষ আহাৰতকৈ আমি সদায় পৰাপক্ষত নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। কাৰণ আমিষ আহাৰত প্ৰচুৰ পৰিমাণে আহজাতীয় খাদ্যপ্ৰাণ আৰু চৰ্বি থাকে। দিনে ৮ৰ পৰা ১০ গিলাচ বিশুদ্ধ পানী খালে আমাৰ শৰীৰৰ কোষবোৰৰ সতেজতা বাঢ়ে আৰু মূত্রাশয়ৰ যোগেদি শৰীৰৰ পৰা বেয়া তথা অলাগতিয়াল পদাৰ্থবোৰ বাহিৰ হৈ যায় গতিকে স্বাস্থ্য সযতনে ৰাখিবলৈ হ’লে আমি প্রত্যেকেই সুষম আহাৰ খোৱাটো অতি প্রয়োজনীয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top