ASOS Class 12 Psychology Chapter 3 মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণ

ASOS Class 12 Psychology Chapter 3 মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 3 মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণ and select needs one.

ASOS Class 12 Psychology Chapter 3 মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 3 মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণ These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

মন আৰু আচৰণৰ জৈৱিক আৰু সাংস্কৃতিক আকৃতিকৰণ 

Chapter : 3

3.1. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

১। কি বৈশিষ্ট্যই মানুহক আন প্ৰজাতিৰ সৈতে পৃথক কৰিছে?

উত্তৰঃ দ্বিপদীবাদ, ইনচিফালাইজেচন আৰু ভাষা।

২। স্নায়ুকোষৰ গঠনৰ প্ৰধান ভাগবোৰ বৰ্ণনা কৰা।

উত্তৰঃ কেষ শৰীৰ, পাৰ্শ্বতন্তু, স্নায়ুকোষ।

৩। তলত দিয়া উক্তিসূহ সঁচা নে মিছা উল্লেখ কৰা।

(১) কেৱল স্নায়ুকোষে এটা স্থানৰ পৰা আন এটা স্থানলৈ বাতৰি পৰিবহন কৰে। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(২) গ্ৰহণেন্দ্ৰিয়ৰ সহায়ত স্নায়ুকোষে পৰিৱেশৰ বাতৰি সংগ্ৰহ কৰে। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(৩) স্নায়ুকোষে বাতৰি সঞ্চয় নকৰে। (সঁচা/মিছা)

উত্তৰঃ মিছা।

৪। উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰাঃ

(১) স্নায়ুকোষে মগজুৰ_____পৰিমাণ গঠন কৰে।

উত্তৰঃ স্নায়ুকোষে মগজুৰ আধা পৰিমাণ গঠন কৰে।

(২) এটা কোষৰ তিনিটা ভাগ আছে। সেইকেইটা হ’ল__,__,___,।

উত্তৰঃ এটা কোষৰ তিনিটা ভাগ আছে। সেইকেইটা হ’ল চাইট’প্লাচম বা কোষদ্ৰব্য, কোষকেন্দ্ৰ, কোষ ত্বক

3.2. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

(ক) তলত উল্লেখ কৰা উক্তিসমূহ সত্য নে অসত্য:

১। মস্তিস্ক আৰু মেৰুমজ্জাৰ দ্বাৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠিত। (সত্য/অসত্য)

উত্তৰঃ সত্য।

২। মেৰুমজ্জাৰ তিনিটা উপাদান আছে। (সত্য/অসত্য)

উত্তৰঃ অসত্য।

৩। সুৰক্ষাৰ বাবে লাওঁখোলাৰ দ্বাৰা মস্তিস্ক আবৃত হৈ আছে। (সত্য/অসত্য)

উত্তৰঃ সত্য।

৪। মস্তিস্কৰ আটাইতকৈ তলৰ অংশটোক প্ৰমস্তিস্ক আৱৰণ বুলি কোৱা হয়। (সত্য/অসত্য)

উত্তৰঃ অসত্য।

(খ) উপযুক্ত শব্দৰে খালি ঠাই পূৰ কৰা:

১। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ প্ৰধান ভাগ দুটা হৈছে____আৰু_____ ।

উত্তৰঃ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ প্ৰধান ভাগ দুটা হৈছে কেন্দ্ৰীয় আৰু প্ৰান্তীয়।

২। মস্তিস্কৰ দুয়োটা গোলাৰ্ধই শৰীৰৰ_____ দিশৰ বাতৰি পৰিচালনা কৰে।

উত্তৰঃ মস্তিস্কৰ দুয়োটা গোলাৰ্ধই শৰীৰৰ বিপৰীত দিশৰ বাতৰি পৰিচালনা কৰে।

৩। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ_____আৰু_____ গঠিত।

উত্তৰঃ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ মস্তিস্ক আৰু মেৰুমজ্জাৰে গঠিত।

৪। প্ৰান্তীয় স্নায়ুতন্ত্ৰই_____ পৰা শৰীৰলৈ নিয়ে।

উত্তৰঃ প্ৰান্তীয় স্নায়ুতন্ত্ৰই সংবাদৰ পৰা শৰীৰলৈ নিয়ে।

৫। কোষ শৰীৰৰ পদ্ধতিয়ে____ নিয়ন্ত্ৰণ কৰে আৰু শৰীৰৰ_____ ক সহায় কৰে।

উত্তৰঃ কোষ শৰীৰৰ পদ্ধতিয়ে নিৰ্বাচিত নিয়ন্ত্ৰণ কৰে আৰু শৰীৰৰ পেশী চলনক সহায় কৰে।

3.3. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

১। হৰম’নবোৰ কি?

উত্তৰঃ আমাৰ তেজৰ ধাৰাত নিঃসৰিত হোৱা ৰাসায়নিক দ্ৰব্যসমূহ।

২। শোষক গ্ৰন্থিক কিয় নিয়ন্ত্ৰণকৰ্তা গ্ৰন্থি বোলা হয়?

উত্তৰঃ ই অইন অন্তঃস্ৰাব গ্ৰন্থিৰ হৰম’নৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰে।

৩। উত্তৰাধিকাৰ প্ৰাপ্তি সূত্ৰৰ প্ৰক্ৰিয়া কি?

উত্তৰঃ ই এনে প্ৰক্ৰিয়াৰ ওপৰত প্ৰতিষ্ঠিত য’ত প্ৰতিটো সন্তানে কোষ পিতৃ-মাতৃৰ পৰা লাভ কৰে।

3.4. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

১। মানুহৰ আচৰণ সংস্কৃতিয়ে কিদৰে গঠন কৰে?

উত্তৰঃ লক্ষ্য নিৰ্বাচনত পথ প্ৰদৰ্শন কৰা, আচৰণ ব্যাখ্যাৰ বিধিৰ সুফলতা, কিছুসংখ্যক নিৰ্বাচিত আচৰণ প্ৰভাৱিত কৰা।

২। সমাজীকৰণৰ প্ৰধান দুটা কাৰক কি কি?

উত্তৰঃ পিতৃ-মাতৃ, শিক্ষক, সমনীয়া, মাধ্যম।

পাঠ্য সমাপ্তিৰ অনুশীলনৰ উত্তৰ:

১। স্নায়ুকোষৰ গঠন কৰা ক্ৰিয়া ব্যাখ্যা কৰা।

উত্তৰঃ আমাৰ শৰীৰটো বিভিন্ন কোষৰ দ্বাৰা নিৰ্মিত। ইটা যিদৰে গৃহৰ আটাইতকৈ সৰু একক সেইদৰে কোষসমূহো মানুহৰ শৰীৰৰ আটাইতকৈ সৰু একক। যিকোনো জীৱিত জীৱ সেয়া গছ, জন্তু বা মানুহ, সকলো এই ক্ষুদ্ৰ এককৰ দ্বাৰা গঠিত, যাক কোৱা হয় কোষ বুলি। অৱশ্যে বিভিন্ন জীৱিত জীৱৰ মাজৰ কোষত বিভিন্নতা আছে, যিদৰে জীৱিত জীৱৰ বিভিন্ন অংশৰ কোষৰ বিভিন্নতা আছে। সকলোবোৰ কোষৰে কোষশ্লেষ্মা নামৰ এক জুলীয়া অংশ, আৰু এটা কোষ কেন্দ্ৰ আছে আৰু এইবোৰ এটা কোষৰ পাতল আৱৰণৰ সৈতে পৰিবেষ্টিত হৈ আছে। কোষৰ মাজৰ সঞ্চালন আৰু বিভিন্ন কোষৰ সমন্বয়ে জীৱন সম্ভৱ কৰি তোলে। গতিকে সকলো জীৱৰ জীৱনে, কোষৰ কাৰ্যক্ৰমণিকাৰ ওপৰত নিৰ্ভৰ কৰে। 

কোষে, যিটো স্নায়ুতন্ত্ৰ গঠন কৰে সেইবোৰক স্নায়ুকোষ আৰু গ্লিয়া বুলি কোৱা হয়। কেৱল স্নায়ুকোষ অথবা স্নায়ুৰ কোষবোৰে এটা অংশৰ বাতৰি আন এটা অংশলৈ বহন কৰে। সূৰ্যাস্তৰ প্ৰশংসা, এটা গানৰ আনন্দ, কিছু দূৰৈত থকা  আপোনজনক মনত কৰা বা কোনো সমস্যা সমাধান- এই সকলোবোৰ কাৰ্যই হাজাৰ অথবা নিযুত স্নায়ুকোষৰ সমন্বিত কাৰ্যৰ ফল। এই স্নায়ুকোষবোৰে পৰিৱেশৰ পৰা বাতৰি সংগ্ৰহ কৰে গ্ৰহণেন্দ্ৰিয়ৰ যোগেদি আৰু এই বাতৰিসমূহ সংযুক্ত কৰি কাৰ্য সম্ভৱ হয়। স্নায়ুকোষ বাতৰি সংৰক্ষণো কৰে আৰু আচৰণ প্ৰকাশত সহায় কৰে। মগজুৰ আধা অংশই স্নায়ুকোষৰ দ্বাৰা গঠিত। স্নায়ুতন্ত্ৰ বাকী অংশ গ্লিয়েন কোষৰ দ্বাৰা গঠিত। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ স্নায়ুকোষবোৰ বিভিন্ন আকাৰ আৰু আকৃতিৰ, কিন্তু সৰহভাগ স্নায়ুকোষৰে বৈশিষ্ট্য একে ধৰণৰ। এটা স্নায়ুকোষৰ তিনিটা ভাগ থাকে। সেইকেইটা হ’ল কায় বা শৰীৰ, পাৰ্শ্বতন্তু আৰু স্নায়ুসূত্ৰ।

(১) স্নায়ু শৰীৰ বা কায়: হৈছে স্নায়ুকোষৰ আটাইতকৈ বৃহৎ অংশ। ই ৰাসায়নিক ৰূপান্তৰক নিয়ন্ত্ৰিত কৰে আৰু সম্পূৰ্ণ কোষৰ চোৱাচিতা কৰে। স্নায়ু শৰীৰে অইন স্নায়ুকোষৰ পৰা আকস্মিক শক্তি লাভ কৰে। স্নায়ু শৰীৰত স্নায়ু কেন্দ্ৰ থাকে যিয়ে সংকেত পৰিবহন কৰিবলৈ ৰাসায়নিক দ্ৰব্য প্ৰস্তুত কৰে। 

(২) কোষৰ শৰীৰৰ পৰা বাহিৰ হৈছে পাৰ্শ্বতন্তু বা স্নায়ুকোষ আৰু জটিল গতিৰে বহল হৈছে। স্নায়ুশাখাৰ দ্বাৰা স্নায়ুকোকে যথেষ্টখিনি নিবেছ গ্ৰহণ কৰে, অইন স্নায়ুকোষৰ আভাষী সংযোগৰ জৰিয়তে। কোষে বতৰা পঠিওৱাৰ লগতে ৰাসায়নিক দ্ৰব্য নিৰ্গত কৰে যিয়ে গ্ৰহণ কোষৰ কৰ্মত প্ৰভাৱ বিস্তাৰ কৰে। 

(৩) স্নায়ুসূত্ৰ হৈছে দীঘল আঁহ যিটো স্নায়ু শৰীৰৰ পৰা আঁতৰি থাকে। স্নায়ুসূত্ৰই স্নায়ুকোষলৈ, পেশী আৰু গ্ৰন্থিলৈ সংকেত পঠিয়ায়। স্নায়ুসসূত্ৰ বা স্নায়ুশাখাই স্নায়ুপথ গঠন কৰে। স্নায়ুশাখা স্নায়ুমজ্জাৰ আৱৰণৰ দ্বাৰা বিচ্ছিন্ন কৰা হৈছে স্নায়ুমজ্জা আৱৰণ গ্লিয়াল কোষৰ দ্বাৰা গঠিত। 

২। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ ক্ৰিয়া ব্যাখ্যা কৰা।

উত্তৰঃ মস্তিস্ক আৰু মেৰুমজ্জাৰ দ্বাৰা স্নায়ুতন্ত্ৰ গঠিত। মেৰুমজ্জাৰে স্নায়ুকোষে প্ৰতিৱৰ্তী ক্ৰিয়া সৃষ্টি কৰে। তদুপৰি, ই এক যোগান কেন্দ্ৰ দৰে কাম কৰে। শৰীৰত থকা সংবেদন স্নায়ুকোষৰ দ্বাৰা মস্তিস্কলৈ বাতৰি প্ৰেৰণ কৰে আৰু চলিত নিৰ্দেশ পেশীলৈ লৈ যায়। মেৰুমজ্জাত বেছি জোৰে আঘাত পালে সাধাৰণতে সংবেদন হেৰুৱাবলগীয়া হয় আৰু আগাতৰ তলৰ অংশ পক্ষাঘাতগ্ৰস্ত হয়। ইয়াৰ দুটা উপাদান আছে, ধোঁৱাবৰণীয়া পদাৰ্থ আৰু বগা পদাৰ্থ।

ধোঁৱাবৰণীয়া পদাৰ্থ মেৰুমজ্জাৰ কেন্দ্ৰৰ ওচৰত আছে য’ত বাতৰি প্ৰক্ৰিয়া পোৱা যায় তাত আৰু বগা পদাৰ্থ বাহিৰৰ স্তৰ, য’ত স্নায়ুশাখা থাকে, য’ৰ পৰা মস্তিস্কৰ বাতৰিৰ অনা নিয়া হয়।

যদিহে তোমালৈ ষ্টিৰল গিলাচত চাহ অনা হয় আৰু তুমি হঠাতে তুলি ল’বলৈ বিচৰা তুমি জানানে বগা পদাৰ্থ বাহিৰৰ স্তৰ, য’ত স্নায়ুশাখা থাকে, য’ৰ পৰা বাহিৰৰ অনা নিয়া হয়।

তেনে ক্ষেত্ৰত, আমাৰ চলৰ গৰম গ্ৰহণেন্দ্ৰিয় সংবেদশীল হ’ব আৰু স্নায়ু উদ্দীপনা সৃষ্টি কৰিব। হাতৰ সহায়েৰে অহা বাতৰি আমাৰ মেৰুমজ্জাত থকা স্নায়ুকোষেৰে যাত্ৰা কৰি বান্ধৰ কেন্দ্ৰৰ ধোঁৱাবৰণীয়া পদাৰ্থত প্ৰৱেশ কৰিব। ই বগা পদাৰ্থৰ মাজেৰে মস্তিস্কলৈ প্ৰৱাহিত হয়। মস্তিস্কই সংবেদন বাতৰি বিশ্লেষণ কৰে আৰু স্বেচ্ছামূলক চলন সূচনা কৰে যিটোৱে এটা প্রতিক্ৰিয়াৰ সৃষ্টি কৰে, যেনে গিলাচটো পৰি যায়।

৩। অন্তঃস্ৰাবি গ্ৰন্থিৰ ক্ৰিয়া বৰ্ণনা কৰা।

উত্তৰঃ শৰীৰত হৰমনৰ উচ্চ অথবা নিমান স্তৰৰ বাবে কিছুমান বেমাৰ হয়। উদাহণস্বৰূপে, মধুমেহ ৰোগ ইনচুলিন নামৰ হৰমনৰ নিম্ন স্তৰৰ বাবে হয়। সেইদৰে, অইন এটা হৰম’নৰ স্তৰ, থাইৰ’ক্সিনে আমাৰ আচৰণ নিয়ন্ত্ৰণ কৰে। হৰমন হ’ল আমাৰ তেজত হোৱা এক প্ৰত্যক্ষ ৰাসায়নিক নিঃসৰণ। অন্তঃস্ৰাবি গ্ৰন্থিৰ দ্বাৰা হৰম’ন নিঃসৰিত হয়। এই পদ্ধতিটো হৈছে নলাহীন গ্ৰন্থিৰ সংগঠন যিয়ে বিভিন্ন শাৰীৰিক ক্ৰিয়া সম্পাদন কৰে। যেতিয়া অন্তঃস্ৰাবি গ্ৰন্থিযে ৰাসায়নিক দ্ৰব্য নিঃসৰণ কৰে তেতিয়া তেজৰ সোঁতত হৰম’ন এৰি দি সংকেত দিয়ে। অন্তঃস্ৰাবি গ্ৰন্থি তাৰ বিভিন্ন ক্ৰিয়া তলত দিয়া হ’ল। এই গ্ৰন্থিৰ স্থানসমূহ চিত্ৰত দেখুওৱা হৈছে। শোধক গ্ৰন্থি ৰঙা-ধোৱা বৰণীয়া, মটৰ মাহৰ সমান, মস্তিস্কৰ ভিতৰত অৱস্থিত। ইয়াক মাষ্টাৰ গ্ৰন্থি ৰূপে অভিহিত কৰা হয় কাৰণ কিছুসংখ্যক এৰি দিয়া হৰম’নে অন্তঃস্ৰাবি গ্ৰন্থিৰ হৰম’নৰ ক্ৰিয়া উদ্দীপিত আৰু নিয়ন্ত্ৰণ কৰে।

৪। কিদৰে আচৰণ ধৰণ পিতৃ-মাতৃৰ পৰা সন্তানলৈ প্ৰেৰণ কৰা হয়?

উত্তৰঃ আমি প্ৰায়ে মানুহৰ বংশত চৰিত্ৰ কিছুমানৰ কথা কওঁ। যেনে– নীনাই তাইৰ মাকৰ নীলাযুৰি পাইছে, বা অশোক দেউতাকৰ কেঁকোৰা চুলিকোছা পাইছে। আমি ওখ মাক-দেউতাকৰ পৰা ওখ সন্তান পাবলৈ বিচাৰো। এই ধৰণৰ বৈশিষ্ট্যসমূহ উত্তৰাধিকাৰী সূত্ৰে পোৱাকে বংশগতি বোলা হয়। 

সকলো জীৱিত প্ৰাণীয়েই অনন্য, কিয়নো প্ৰত্যেকেই অইন প্ৰজাতিৰ সদস্যতকৈ পৃথক (মেকুৰী কুকুৰতকৈ পৃথক আৰু মানুহ জন্তুতকৈ পৃথক)। এটা জীৱৰ শাৰীৰিক দৃশ্যমানতা আৰু আচৰণ প্ৰতিজন ব্যক্তি অনুসৰি ভিন্ন হয়। প্ৰথমটো জনা যায় প্ৰৰূপ প্ৰজাতি হিচাপে আৰু পাছৰটোক ফেনোটাইপ বুলি কোৱা হয়। প্ৰতিগৰাকী ব্যক্তিৰ ফেনোটাইপ হৈছে জেনেটাইপ আৰু পৰিৱেশৰ সৈতে হোৱা পাৰস্পৰিক ক্ৰিয়াৰ ফলাফল। আমাৰ শাৰীৰিক বিকাশ সৰহভাগেই আমি পিতৃ-মাতৃৰ পৰা উত্তৰাধিকাৰীসূত্ৰে লাভ কৰা জনৰ ওপৰত নিৰ্ভৰশীল অধিকভাৱে বিশ্বাস কৰা হয় যে বংশগতিৰ বৈশিষ্ট্যসমূহে বংশগতি উপাদানেৰে পৰিবাহিত কৰি জীৱৰ ক্ষমতাৰ সীমা নিৰ্ধাৰণ কৰে।

বৰ্তমানৰ বংশগতিৰ তত্ত্ব গ্ৰেগৰ মেণ্ডেলৰ কৰ্মৰ ওপৰত নিৰ্ভৰশীল। তেখেতে আঙুলিয়াই দিছিল যে পিতৃ-মাতৃৰ চৰিত্ৰ জীৱকোষৰ দ্বাৰা তেওঁলোকৰ সন্তানলৈ পৰিবাহিত হয়। এই জীৱকোষবোৰে সন্তানৰ মাজত দৃশ্যমান চৰিত্ৰ উৎপন্ন কৰে বা হয়তো সম্ভাৱনীয় পৰিবহনেৰে অইন প্ৰজন্মলৈ কঢ়িয়াই নিয়ে। একে পিতৃ-মাতৃৰ সন্তানে একে ধৰণৰ বৈশিষ্ট্যসমূহ বংশত হিচাপে নাপাবও পাৰো।

৫। মানুহৰ আচৰণ গঢ় দিয়াত সংস্কৃতিৰ ভূমিকা উদাহৰণসহ বৰ্ণনা কৰা।

উত্তৰঃ ব্যক্তিৰ আচৰণ তেওঁলোকৰ সাংস্কৃতিক পৰিস্থিতিৰ অৰ্থপূৰ্ণ হৈ উঠে। অৰ্থপূৰ্ণ সমভাৱে অংশগ্ৰহণ কৰা কাৰ্য আৰু অভ্যাসৰ জৰিয়তে সংস্কৃতিয়ে আণাৰ লক্ষ্য নিৰ্বাচনত পথপ্ৰদৰ্শন কৰে আৰু বিভিন্ন পৰিস্থিতিত আমাক আচৰণ প্ৰকাশ কৰিবলৈ শিকায়। বিভিন্ন ধৰণৰ আচৰণ বিভিন্ন সংস্কৃতিৰ সংস্পৰ্শত যেতিয়া বিভিন্ন ব্যক্তিৰ ক্ষেত্ৰত পাৰস্পৰিক যোগাযোগ বাস্তবায়িত হয় তেতিয়া উদ্ভৱ হয়। বিভিন্ন ঐতিহ্য, পৰম্পৰা আৰু সাংস্কৃতিক দক্ষতাই এই বিধিসমূহ পৰিবেশন কৰে। এইবোৰ ব্যক্তিৰ আচৰণৰ ব্যাখ্যা কৰে আৰু অৰ্থপূৰ্ণ কৰি তুলি কোনো এটা সংস্কৃতিৰ নাম দিয়ে। এইদৰে এটা সম্প্ৰদায়ে কিছুমান বিশ্বাস আৰু মূল্য প্ৰত্যায়িত কৰি তুলিব পাৰে। তেওঁলোকে সেই সম্প্ৰদায়ৰ লোকসকলৰ সামাজিক সচেতনতাৰ অংশ হৈ পৰিব পাৰে।

যেতিয়া পূৰ্বতে বিদ্যমান হৈ থকা প্ৰাকৃতিক বস্তু মানুহৰ প্ৰচেষ্টাত সলনি হয় তাকেই সাংস্কৃতিক পৰিৱৰ্তনৰূপে জনা যায়। মানুহৰ দ্বাৰা যিবোৰ বৰঙণি যোগোৱা হয় সেইবোৰেই সাংস্কৃতিক প্ৰতিনিধিত্ব কৰে। ইয়াৰ ভাৱমূলক আৰু বস্তুগত দিশ আছে। এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সংস্কৃতি পৰিবাহিত হয়। সংস্কৃতিৰ ভাৱমূলক অংশই মূল্য, মানদণ্ড, ভূমিকা ইত্যাদি সামৰি লয় আৰু সংস্কৃতিৰ বস্তুগত অংশই সঁজুলি, ভাস্কৰ্য কাৰ্য আৰু বিভিন্ন সঁজুলিসমূহ সামৰি লয়।

মানুহৰ বিভিন্ন সংস্কৃতিৰ জন্ম হয় যিয়ে উদ্দীপনা, ভাষা আৰু অভ্যাসসমূহৰ সমুচ্চয় প্ৰদান কৰে। আমি যি ধৰণে গঠিত হৈছে সেয়া সংস্কৃতিৰ এই অংশসমূহৰ মাজেৰে সম্ভৱ হৈছে। বিভিন্ন সমাজত প্ৰসিদ্ধ আচৰণৰ ভিন্নতা অধিক পৰিমাণে সাংস্কৃতিক ভিন্নতাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। এয়া সংগঠিত হয় কাৰণ সংস্কৃতিয়ে নিৰ্বাচিতভাৱে কিছুমান আচৰণ উৎসাহিত কৰে আৰু সদস্যসকলে সেইবোৰ পুনঃ পুনঃ কৈ শিকাটো বিচাৰে। সংস্কৃতিয়ে দুই ধৰণৰ কাম কৰে, যেনে ইয়ে সুবিধাসমূহ আগবঢ়ায় আৰু তাৰ লগে লগে আমাৰ ওপৰত নিষেধসমূহো প্ৰদান কৰে। বিশেষ অৰ্থনৈতিক-সাংস্কৃতিক প্ৰসঙ্গৰ ওপৰত নিৰ্ভৰশীল হৈ বিভিন্ন আচৰণৰ ধৰণ আৰু ক্ৰিয়া উৎসাহিত অথবা নিৰাশ কৰা হয়।

মানুহৰ আচৰণ জৈৱিক সম্ভাৱনা দ্বাৰা আৰু লগতে পৰিৱেশৰ বৰঙণিৰ দ্বাৰা গঠিত হয়। তথাপিও, দুয়োটাই পাৰস্পৰিকভাৱে ক্ৰিয়া কৰে আৰু এটা সংস্কৃতিত যিটোৱে আচৰণৰ বিশেষ গঠন বা দিশ নিৰ্দেশ কৰে সেয়া যোগমভাৱে নিৰ্ধাৰণ কৰে। উদাহণস্বৰূপে, এটি শিশু এটি পৰিয়ালত ডাঙৰ হয়, বিদ্যালয়ত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে আৰু পুতলাসমূহৰ লগত খেলা-দূলা কৰে। এটা মুহূৰ্তত প্ৰতিফলনে এইটো স্পষ্ট কৰি দিয়ে যে পৰিয়াল, বিদ্যালয়, খেলনা বিভিন্ন সংস্কৃতি অনুসৰি বিভিন্ন ধৰণৰ হয়। যুগ্ম আৰু একক পৰিয়ালৰ দাবীবোৰো বিভিন্ন হয়। সেইদৰে মহানগৰীৰ বিদ্যালয়ত আৰু সুদূৰ গাওঁবোৰত শ্ৰেণীকোঠাৰ পৰিৱেশ, পাৰস্পৰিক ক্ৰিয়াৰ ধৰণ আৰু অন্যান্যবোৰ বিভিন্ন হয়। মহানগৰীৰ খেলনা আৰু সুদূৰ গাঁৱৰ খেলনাৰ মাজতো পাৰ্থক্য আছে। অৱশ্যে এইটোও মনত ৰাখিব লাগিব যে সংস্কৃতি কেতিয়াও স্থগিত কেতিয়াও স্থবিৰ হৈ নেথাকে। যিক্ষেত্ৰত প্ৰত্যেক সংস্কৃতিয়ে নিজৰ পৰিচয় বজাই ৰাখিব বিচাৰে, অইন সংস্কৃতিৰ সৈতে পাৰস্পৰিক কাৰ্য কৰিব বিচাৰে আৰু অইন সস্কৃতিৰ দ্বাৰা প্ৰভাৱিতও হয়। এইদৰে সংস্কৃতিত ধাৰাবাহিকতা আৰু তাৰ লগে লগে পৰিৱৰ্তন প্ৰক্ৰিয়া চলি থাকে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top