ASOS Class 12 Psychology Chapter 28 বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজন

ASOS Class 12 Psychology Chapter 28 বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজন, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 28 বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজন and select needs one.

ASOS Class 12 Psychology Chapter 28 বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজন

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 28 বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজন These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

বৃত্তিগত পছন্দ আৰু বৃত্তিগত সমাযোজন

Chapter : 28

28.1 পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

শুদ্ধ উত্তৰ বিচাৰি উলিওৱাঃ

১। অষ্টম শ্ৰেণীলৈকে উত্তীৰ্ণ এজন ছাত্ৰই তলৰ কোনটো চাকৰিৰ বাবে‌ যোগ্য?

(ক) কেৰাণী।

(খ) অভিযন্তা।

(গ) পিয়ন।

(ঘ) টিভি মেকানিক।

উত্তৰঃ (গ) পিয়ন।

২। দ্বাদশ শ্রেণী উত্তীর্ণ এজন ব্যক্তিয়ে তলৰ কোনটো চাকৰিৰ বাবে যোগ্য?

(ক) কেৰাণী।

(খ) আৰক্ষী।

(গ) সেনাবাহিনী।

(ঘ) ওপৰৰ সকলো।

উত্তৰঃ (ঘ) ওপৰৰ সকলো।

৩। সাধাৰণ শিক্ষাত অন্তৰ্ভুক্ত নহয়।

(ক) প্রাথমিক শিক্ষা।

(খ) উচ্চ মাধ্যমিক বিদ্যালয়।

(গ) স্নাতক।

(ঘ) অভিযন্তা।

উত্তৰঃ (ঘ) অভিযন্তা।

৪। স্নাতক ডিগ্ৰীয়ে তলত উল্লেখিত কোনো চাকৰি পোৱাত সহায় নকৰে—

(ক) প্ৰতিযোগিতামূলক পৰীক্ষা। 

(খ) বেংকৰ চাকৰি।

(গ) চৰকাৰী অধীনস্থ চাকৰি।

(ঘ) উৰাজাহাজৰ পাইলট।

উত্তৰঃ (ঘ) উৰাজাহাজৰ পাইলট।

28.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

তলত দিয়াবোৰৰ পৰা শুদ্ধ উত্তৰ বিচাৰি উলিওৱা:

১। বাস্তৱধর্মী (Realistic) ব্যক্তিৰ বাবে তলৰ কোনটো চাকৰি উপযুক্ত নহয়–

(ক) অভিযন্তা। 

(খ) বিজ্ঞানী।

(গ) মেকানিক।

(ঘ) ক্রেনচালক/সঞ্চালক।

উত্তৰঃ (খ) বিজ্ঞানী।

২। তলৰ কোনটো চাকৰিৰ বাবে সামাজিক মানুহ উপযুক্ত?

(ক) শিক্ষক।

(খ) বিজ্ঞানী।

(গ) কেৰাণী।

(ঘ) বিদ্যুৎ কর্মী।

উত্তৰঃ (ক) শিক্ষক।

৩। তলৰ কোনটো কামৰ বাবে শিল্পসুলভ ব্যক্তি উপযুক্ত নহয়।

(ক) সংগীতজ্ঞ।

(খ) লিখক।

(গ) চালক।

(ঘ) কলাকাৰ।

উত্তৰঃ (গ) চালক।

৪। উদ্যোগী ব্যক্তিসকল ভাল হয়–

(ক) বিক্ৰী কৰা।

(খ) নেতৃত্ব দিয়া।

(গ) বিস্তাৰ কৰা।

(ঘ) ওপৰৰ সকলোবোৰতে।

উত্তৰঃ (ঘ) ওপৰৰ সকলোবোৰতে।

৫। অনুসন্ধিৎসু ব্যক্তিসকল—

(ক) ভাল নেতা।

(খ) সৰ্বসাধাৰণ মানুহৰ দৰে।

(গ) বিজ্ঞানসুলভ দৃষ্টি ভংগীৰ অধিকাৰী।

(ঘ) আনৰ ওপৰত নিৰ্ভৰশীল।

উত্তৰঃ (গ) বিজ্ঞানসুলভ দৃষ্টিভংগীৰ অধিকাৰী।

৬। পৰম্পৰাগত ৰিশ্বাসী লোকসকল তলৰ কোনটো ৰামৰ বাবে যোগ্য নহয়।

(ক) সামাজিক আচৰণ।

(খ) ব্যৱস্থাগত কান কাজ।

(গ) ক্ষমতাৰ স্থান।

(ঘ) দোকানত কাম কৰা।

উত্তৰঃ (ক) সামাজিক আচৰণ।

28.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ 

১। তলত উল্লেখ কৰা কোনবোৰ দিশ বৃত্তিৰ বাচনিৰ ক্ষেত্ৰত উল্লেখযোগ্য—

(ক) আগ্রহ।

(খ) সক্ষমতা।

(গ) শিক্ষাগত অৰ্হতা।

(ঘ) ওপৰৰা সকলো।

উত্তৰঃ (ঘ) ওপৰৰ সকলো। 

২। তলত দিয়া কোনবোৰ শুদ্ধ আৰু কোনবোৰ অশুদ্ধ:

(ক) আগ্ৰহ আৰু ব্যক্তিত্ব কেতিয়াও সলনি নহয়।

উত্তৰঃ অশুদ্ধ।

(খ) কেৱল মাত্র শিক্ষাগত অৰ্হতাই বৃত্তিগত বাচনিৰ মূল কথা। (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

(গ) মনোবিজ্ঞানীসকলে এজন ব্যক্তিৰ সক্ষমতা আৰু ব্যক্তিত্ব বঢ়াই তুলিব পাৰে। (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

(ঘ) যিকোনো মানুহে যিকোনো কাম কৰিব পাৰে। (শুদ্ধ/ অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

28.4 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ 

১। সংগঠন মানে কি?

উত্তৰঃ ই এটা সামাজিক গোট, যাক বিশেষ লক্ষ্য সাধনৰ বাবে তৈয়াৰ কৰা হৈছে। 

৩। সাংগঠনিক ভেটি/নীতি-নিয়ম মানে কি বুজা?

উত্তৰঃ সংগঠনত বিশ্বাস, আশা-আকাংক্ষা আৰু সংগঠনটোৰ দ্বাৰা গ্রহণ কৰা নিয়ম অতি প্রয়োজনীয়।

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰঃ

১। ব্যক্তিত্বৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ কি দৰে বিভিন্ন ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ প্ৰত্যেক কামৰ বাবে মানুহক কিছুমান ব্যক্তিত্বৰ সংলক্ষণ আৰু সঠিক আৰ্হিৰ সামৰ্থৰ প্ৰয়োজন হয়। এজন স্থপতিবিদ হ’বৰ বাবে কিছুমান গুণ যেনে – সৃষ্টিশীল মন, কল্পনাশক্তি, কার্যকাৰিতা, বদ্ধপৰিকৰ, সংবেদনশীলতা, ধৈর্য আদিৰ দৰকাৰ। মনোবিজ্ঞানীসকলে সেয়েহে বিভিন্ন কর্মৰ বাবে ভিন্ন ৰুচিৰ ব্যক্তিত্বৰ কথা দোহাৰিছে।

এইখিনিতে মন কৰিবলগীয়া যে, কোনটো কামৰ বাবে সঠিক ব্যক্তিত্বৰ প্রয়োজন সেয়া নিৰ্ধাৰণ কৰা অতিশয় কঠিন যদিও আমি সাধাৰণতে প্রয়োজন অনুসাৰে যিকোনো কামৰ বাবে থাকিবলগীয়া ব্যক্তিত্বৰ বিষয়ে এক বিশেষ ব্যক্তিত্বৰ কথা ঠাৱৰ কৰিব পাৰো। তলত আলোচনা কৰা নিৰ্দিষ্ট ব্যক্তিত্বৰ সংলক্ষণসমূহ কামৰ লগত সংগতি ৰখাৰ বাবে প্রয়োজনীয়।

বাস্তৱধর্মী: সাধাৰণতে এইধৰণৰ মানুহবোৰ উৎসাহী আৰু শাৰীৰিকভাৱে শক্তিশালী হয়। তেওঁলোকে শাৰীৰিক সক্ষমতা প্ৰদৰ্শন কৰিব পাৰে কিন্তু তেওঁলোকৰ ব্যক্তিৰ লগত সম্বন্ধ ৰক্ষা কৰাৰ যি কৌশলৰ দৰকাৰ সেইবোৰৰ অভাৱ দেখা যায়। সেইবাবে সামাজিক সমযোজনাত তেওঁ লোক অসুবিধাত পৰে। তেওঁলোকে নিজকে যান্ত্রিকভাৱে আৰু প্ৰত্যক্ষ স্থিৰ, প্ৰাকৃতিক আৰু অধ্যৱসায়ী হিচাপে অনুভূতিশীল। তেওঁলোকে মূৰ্তৰ পৰা বিমূৰ্তলৈ সমস্যাসমূহ পছন্দ কৰে। আৰু তেওঁলোকে নিজকে আক্ৰমণকাৰী হিচাপে প্ৰত্যক্ষ কৰে। এনেধৰণৰ ব্যক্তিয়ে তলত দিয়া ধৰণৰ কাম পছন্দ কৰে– যান্ত্রিক, অভিযান্ত্রিক। 

অনুসন্ধানী: এই শ্ৰেণীত অন্তৰ্ভুক্ত মানুহৰ বৈজ্ঞানিক মানসিকতা থাকে। তেওলোক সাধাৰণতে কৰ্ম অনুৰাগী, চিন্তা-প্ৰৱণ আৰু মানুহৰ লগত সহজ সম্পর্ক . স্থাপন কৰিব পৰা বিধৰ নহয়। তেওঁলোকে দৈহিক পৃথিৱীখনক বুজি উঠিবলৈ প্রয়োজনবোধ কৰে আৰু স্বাধীনভাবে কৰ্ম কৰিবলৈ পছন্দ কৰে। তেওঁলোকে দলীয়া নেতৃত্ব পছন্দ নকৰে কিন্তু তেওঁলোকৰ বুদ্ধিমত্তাৰ ওপৰত সম্পূর্ণ বিশ্বাস কৰে। এনেধৰণৰ ব্যক্তিয়ে বৈজ্ঞানিক, গবেষক, প্রাণীতত্ত্ববিদ আৰু মনোবিজ্ঞানী আদিক পছন্দ কৰে।

কলাসুলভ: এইসকল ব্যক্তিয়ে অসংগঠিত পৰিস্থিতি য’ত আত্ম-প্ৰকাশৰ অধিক সুবিধা থাকে সেয়া পছন্দ কৰে, তেওঁলোকে সংগঠিত সমস্যাসমূহ ত্যাগ কৰে আৰু জীয়াই থাকিবলৈ এনেকুৱা ধৰণৰ পৰিৱেশ পছন্দ কৰে, য’ত কলাৰ সহায়ত নিজকে প্ৰকাশ কৰিব পাৰে। এনে বাক্তিসমূহ হৈছে– শিল্পী, লিখক আৰু সংগীতজ্ঞ আদি।

সামাজিক: কিছুমান মানুহে মানুহৰ লগত থাকি মানুহৰ সৈতে কাম কৰি ভাল পায় আৰু মানুহৰ মাজত এক স্থান দখল কৰিবলৈ সক্ষম হয়। এনে ব্যক্তি সাধাৰণতে ধার্মিক, ভাষাবিদ আৰু এওঁলোক আন্তঃব্যক্তিক কৌশলৰ অধিকাৰী হয়। তেওঁলোকে, সাধাৰণতে মানুহৰ লগত যোগাযোগ কৰি, প্ৰশিক্ষণ দি, শুশ্রুষা কৰি বা স্হায় কৰি আনন্দ লাভ কৰে। তেওঁ লোকৰ বাবে, সমাজৰ ভালৰ বাবে কাম কৰা, শিক্ষকতা কৰা বা ধৰ্মীয় শিক্ষক হিচাপে কাম কৰা আদি মনঃপুত বৃত্তি।

উদ্যোগী: এইধৰণৰ লোকসকল সাধাৰণতে কথা-বতৰাত অতি পাকৈত,যাৰ বাবে তেওঁলোকে কোনা বয় বস্তু বিক্ৰী কৰা, কোনো লোকৰ ওপৰত প্রভাৱ বিস্তাৰ কৰা নাইবা কোনো ক্ষেত্ৰত নেতৃত্ব দিয়া আদি গুণৰ অধিকাৰী হয়। তেওঁলোকৰ নিজে কাম কৰা অনুষ্ঠানটোৰ প্ৰতি কিবা এটা কৰা বা লক্ষ্যত উপনীত হোৱাৰ প্ৰৱল ইচ্ছা শক্তি থাকে আৰু যিকোনো কাম অতি চতুৰালিৰে অতি কম সময়ৰ ভিতৰত শেষ কৰিব পৰা ক্ষমতা থাকে। 

পৰম্পৰাগত বা সাধাৰণ: কিছুমান মানুহে আকৌ সকলো ঠিকে-ঠাকে থকা এটা পৰিৱেশ বিচাৰ, য’ত মাত্ৰ যোগাযোগৰ দ্বাৰাই কাম কৰিব পাৰি তেওঁলোকে কোনো সামাজিক চৰ্ত বা শাৰীৰিক কৌশল প্রয়োগ কৰিবলগীয়া কাম ভাল নাপায়। সকলো ব্যক্তিত্বই যে নিজৰ পছন্দমতে বৃত্তি লাভ কৰিব তেনে কথা নাই। কেতিয়াবা ইয়াৰ বিপৰীতো হ’ব পাৰে। সি যি কি নহওঁক, ওপৰৰ আলোচনাৰ পিছত আমি এটা কথাই গম পালো যে, মানুহৰ কৰ্মদক্ষতা, ব্যক্তিত্ব আৰু বৃত্তিগত বাচনি, এটাৰ লগত আনটোৰ সম্পৰ্ক আছে। 

২। মনোবৈজ্ঞানীক পৰীক্ষা মানে কি? এই পৰীক্ষাবোৰে বৃত্তিৰ নিৰ্বাচনৰ ক্ষেত্ৰত কিদৰে সহায় কৰে?

উত্তৰঃ সাধাৰণতে যদি আমাৰ আগ্ৰহৰ বিষয়ে জানো তথাপি সকলো বিষয়তে সমানে আগ্রহ প্রকাশ কৰাটো সম্ভৱ নহয়। মনোবিজ্ঞানীসকলে আগ্ৰহ প্ৰকাশৰ কিছুমান মাপকাঠি তৈয়াৰ কৰিছে৷ এই মাপকাঠিৰ জৰিয়তে তুমি তোমাৰ বিভিন্ন আগ্ৰহৰ বিষয়ে জানিব পাৰিবা। তদুপৰি এজন মনোবিজ্ঞানী বা বৃত্তিমূলক শিক্ষাৰ পৰামৰ্শদাতাসকলে এই মাপকাঠিবোৰৰ জৰিয়তে তোমাৰ কোনটো বিষয়ত আগ্রহ আছে তাক সঠিকৰূপত নির্ণয় কৰি পৰামৰ্শ দিব পাৰে।

সেয়েহে এটা বৃত্তিমূলক কৰ্মৰ বাচনিৰ ক্ষেত্ৰত এজন ব্যক্তিক কিছুমান বিশেষ কথাৰ ওপৰত ধ্যান দিয়াৰ দৰকাৰ, যেনে— নিম্নতম শিক্ষাগত অৰ্হতা, সক্ষমতা আৰু ব্যক্তিত্ব আৰু কামটোৰ প্ৰতি থকা আগ্রহ। এই সকলোবোৰ দিশ চালি জাৰিচোৱাৰ পিছতহে ব্যক্তিজনে যিকোনো বৃত্তি বাচনি কৰিব লাগে।

তদুপৰি বৃত্তিৰ বাচনিৰ ক্ষেত্ৰত এই সঠিক পৰিকল্পনাৰ প্ৰয়োজন। প্ৰথমতে তুমি বিচৰা বৃত্তিটোৰ বাবে নিম্নতম শিক্ষা আয়ত্ব কৰিব লাগিব তাৰোপৰি এই বৃত্তিৰ বাবে লাগতিয়াল কৌশলসমূহ আয়ত্ব কৰিব লাগিব। অন্যহাতেদি তুমি কোনো মনোবিজ্ঞানী বা বৃত্তি শিক্ষাৰ পৰামৰ্শদাতাৰ কাষ চাপি তোমাৰ ব্যক্তিত্বক আৰু বেছি সজাই-পৰাই তুলিব লাগিব। এইসকলোবোৰ একেলগ কৰি তুমি বিচৰাধৰণে বৃত্তিৰ বাবে সিদ্ধান্ত ল’ব লাগিব।

তুমি অন্য এটা কথাও মনত ৰাখিব লাগিব যে তোমাৰ ব্যক্তিত্ব আৰু সক্ষমতা সময়ৰ স’তে খাপ খুৱাব পৰা বিধৰ হ’ব লাগিব। কাৰণ প্ৰশিক্ষণৰ সময়ত তোমাৰ আগ্রহ আৰু মনোযোগ সলনি হ’ব পাৰে। তদুপৰি কিছুমান কামত তোমাৰ আগ্ৰহ আৰু মনোযোগ কমি যাব পাৰে, যদিওবা প্রথমে এই কামবোৰ তোমাৰ বাবে আকর্ষণীয় আছিল। কিন্তু আকৌ পিছত একাণপতীয়াকৈ লাগি থাকিলে এই কামটোৱেই তোমাৰ ভাল লাগিব।

৩। কর্মসন্তুষ্টি মানে কি?

উত্তৰঃ কর্ম সন্তুষ্টি মানে যোগাত্মক আবেগ য’ত এজন মানুহে নিজৰ আশা আৰু প্ৰাপ্তি বিচাৰি পায় এই ক্ষেত্ৰত অকল টকা-পইচাৰ কথাই নাথাকে। কেতিয়াবা মানুহে আত্মসন্তুষ্টিৰ বাবেও কাম কৰে কৰ্মক্ষেত্ৰত অসন্তুষ্টি বহু প্ৰকাৰৰ হ’ব পাৰে।

কর্ম সন্তুষ্টিক প্রভাবান্বিত কৰা কিছুমান কাৰক:

১। সাংগঠনিক উপাদানসমূহ

২। ব্যক্তিগত উপাদানসমূহ

আনুষ্ঠানিক উপাদানসমূহ: দিনটোৰ অধিকাংশ সময় আমি কর্মক্ষেত্ৰত পাৰ কৰোঁ। য’ত আমি অধিকাংশ সময় পাৰ কৰো তাত আমাৰ নিম্নতম সা-সুবিধা থকাটো বাঞ্ছনীয়। ইয়াৰে কিছুমান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা হ’ল—

১। পুৰস্কাৰসমূহ: কৰ্মত পুৰস্কাৰ মানে হৈছে দৰমহা বৃদ্ধি, ভাট্টা, সা-সুবিধা আৰু পদোন্নতি ইত্যাদি। কৰ্ম সন্তুষ্টিৰ ক্ষেত্ৰত পদোন্নতি এক অপৰিহাৰ্য অংশ। সময়মতে দৰমহা, পদোন্নতি আদি থাকিলে এজন মানুহে কৰ্ম সন্তুষ্টি লাভ কৰে। 

২। শাৰীৰিক কৰ্মৰ পৰিৱেশ: কৰ্ম সন্তুষ্টিৰ অন্য এটা গুৰুত্বপূর্ণ দিশ হ’ল চকী-টেবুল, যে, নিৰ্দিষ্ট কৰ্মক্ষেত্ৰত কিছুমান আৱশ্যকীয় সা-সৰঞ্জাম যেনে– বিজুলী, কাম কৰাৰ পৰিৱেশ আদি থাকিব লাগিব।

৩। সহায়-সহযোগিতা: কর্ম সন্তুষ্টিৰ বাবে লগৰ সহ-কৰ্মচাৰীৰ আচাৰ- ব্যৱহাৰ আদি সহযোগিতামূলক হ’ব লাগিব। 

ব্যক্তিগত উপাদানসমূহ: কামটোৰ প্ৰকৃতি আৰু নিৰূপণ পদ্ধতিৰ ওপৰতে কর্ম সন্তুষ্টিৰ কথা থাকে গতিকে কাজেই এজন ব্যক্তিৰ আত্মসন্তুষ্টিৰ ওপৰতে কর্ম সন্তুষ্টি বর্তি থাকে। তলত ইয়াৰ কিছুমান দিশ আলোচনা কৰা হ’ল—

১। ব্যক্তিত্বৰ সংলক্ষণসমূহ: কিছুমান কাম কিছুমান বিশেষ চাৰিত্ৰিক বৈশিষ্ট্যৰ ব্যক্তিত্বৰ বাবেহে সুবিধাজনক। উদাহৰণ হিচাপে এজন চিকিৎসক বা এজন বিক্রেতাই সদায় সাধাৰণ মানুহৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিব লাগে। যদি এওঁলোক লাজকুৰীয়া স্বভাৱব বা অল্পভাষী হয় তেতিয়াহ’লে এওঁলোকে নিজৰ কর্মত সন্তুষ্টি নাপাব বা উন্নতি কৰিব নোৱাৰিব। সেয়েহে কোনো কাম নির্বাচন কৰোঁতে নিৰ্ধাৰিত কামটোৰ লগত ব্যক্তিজনৰ চাৰিত্ৰিক সংলক্ষণৰ মিল থকা উচিত।

২। পদমর্যাদা আৰু জ্যেষ্ঠতা: এই কথা উল্লেখ কৰিব পাৰি যে যিমানেই পদমর্যাদা আৰু জ্যেষ্ঠতা বাঢ়িব সিমানেই এটা অনুষ্ঠানত এজন মানুহৰ কৰ্ম সন্তুষ্টি বাঢ়িব।

৩। জীৱনৰ সন্তুষ্টি: অকল কোনো কামেই এজন মানুহক জীৱনৰ সন্তুষ্টি দিব পাৰেনে? এজন মানুহে নিজকে সংস্থাপিত কৰিব পাৰে বা জীৱনৰ লক্ষ্যত কোনো কামৰ দ্বাৰা উপনীত হ’ব পাৰে। ইয়াত টকা-পইচাৰ আয়ৰ কথা নাথাকে। উদাহৰণ হিচাপে– কিছুমান মানুহে লিখা প্ৰকাশ কৰি নাইবা গৱেষণা কৰি জীৱনৰ তৃপ্তি লাভ কৰিব পাৰে।

কৰ্ম সন্তুষ্টিৰ গুৰুত্ব: আমাৰ প্রাত্যহিক জীৱনত কৰ্ম সন্তুষ্টিয়ে এক বিশেষ ভূমিকা পালন কৰে। ই মানুহক, মানসিক, শাৰীৰিক সক্ষতা প্ৰদান কৰে। 

(ক) মানসিক স্বাস্থ্য: যদি এজন ব্যক্তি নিজৰ কৰি থকা চাকৰিটোক লৈ সন্তুষ্ট নহয়, তেন্তে নিশ্চয় তেওঁৰ মানসিক দ্বন্দ্ব আৰম্ভ হ’ব আৰু সেয়া তেওঁৰ ব্যৱহাৰত পৰিস্ফুত হৈ উঠিব।

(খ) শাৰীৰিক স্বাস্থ্য: কৰ্ম সন্তুষ্টিয়ে এজন মানুহৰ শাৰীৰিক অৱস্থাতো প্রভাব বিস্তাৰ কৰে। যদি এজন মানুহে একেৰাহে শাৰীৰিক চাপত থাকে তেন্তে নিশ্চয় তেওঁ মূৰৰ বিষ, হৃদযন্ত্ৰৰ অসুখ আদিত ভুগিব পাৰে।

(গ) উৎপাদন: কর্ম সন্তুষ্টিৰ লগে লগে এজন মানুহ কৰ্মটোৰ প্ৰতি বেছি আগ্রহী হয়, যাৰ বাবে কামৰ উৎপাদ বৃদ্ধি পায়।

কামৰ উদ্দেশ্য বা অভিপ্ৰায়: আন এটা উল্লেখযোগ্য উপাদান হৈছে বৃত্তিগত সহৱস্থান বা কামৰ অভিপ্রায়। যিকোনো অনুষ্ঠান বা প্ৰতিষ্ঠানৰ উন্নতি সাধাৰণতে নিৰ্ভৰ কৰে কৰ্মীসকলৰ কৰ্ম অভিপ্ৰায়ৰ ওপৰত। যেতিয়া কৰ্মীসকলৰ উচ্চ অভিপ্রায় থাকিব নিশ্চয়কৈ অনুষ্ঠানটোৰ উৎপাদিকা শক্তি বৃদ্ধি হ’ব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top