ASOS Class 12 Psychology Chapter 26 শিক্ষা আৰু কৰ্ম

ASOS Class 12 Psychology Chapter 26 শিক্ষা আৰু কৰ্ম, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 26 শিক্ষা আৰু কৰ্ম and select needs one.

ASOS Class 12 Psychology Chapter 26 শিক্ষা আৰু কৰ্ম

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 26 শিক্ষা আৰু কৰ্ম These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

শিক্ষা আৰু কৰ্ম

Chapter : 26

26.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

১। তলত দিয়া উক্তিসমূহ সঁচা নে মিছা কোৱা। 

(ক) শিক্ষা আৰু কৰ্মৰ সম্বন্ধ একে নহয়। (সঁচা/ মিছা)

উত্তৰঃ মিছা।

(খ) মানুহে একমাত্র নিযুক্তিৰ আশাত শিক্ষা গ্ৰহণ কৰে। (সঁচা/ মিছা)

উত্তৰঃ মিছা।

(গ) নিজকে শিক্ষিত কৰি তোলা মানে কোনো ক্ষেত্ৰত নিজৰ কৰ্ম নিপুণত বঢ়াই তোলা। (সঁচা/ মিছা)

উত্তৰঃ মিছা।

(ঘ) যিকোনো শিকি লোৱা কৌশল আৰু কাম। (সঁচা/ মিছা)

উত্তৰঃ মিছা।

(ঙ) শিক্ষাৰ পছন্দ হৈছে এটা প্ৰক্ৰিয়া (সঁচা/ মিছা)

উত্তৰঃ সঁচা।

২। সাধাৰণ শিক্ষা কি ব্যাখ্যা কৰা।

উত্তৰঃ ই আমাক কিছুমান প্রাথমিক কৌশল যেনে— পঢ়া, পৰিবেশৰ‌ বিষয়ে জ্ঞান, বিচৰা ধৰণৰ আচৰণ, মূল্যবোধ আৰু উদ্‌গনি যোগান ধৰে।

26.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

এশাৰী বাক্যত উত্তৰ লিখা।

১। কোনে জীৱিকাসমূহৰ ৰাষ্ট্ৰীয় শ্ৰেণীকৰণ (National Classification of Occupations) উলিয়াইছিল?

উত্তৰঃ ভাৰত চৰকাৰ।

২। সশস্ত্র সেনাবাহিনীত মকৰলৰ বাবে আৱশ্যকীয় দুটা উল্লেখযোগ্য অৰ্হতাৰ নাম লিখা।

উত্তৰঃ শাৰীৰিক, শিক্ষা।

৩। নাগৰিকত্বৰ আৱশ্যকতা মানে কি বুজা? 

উত্তৰঃ প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হ’ব লাগিব।

26.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ 

১। শিক্ষানবিচী (Apprenticeship) মানে কি বুজা?

উত্তৰঃ কোনো নিৰ্দিষ্ট বৃত্তিৰ বাবে কৰ্মৰত অৱস্থাত লোৱা প্রশিক্ষণ।

২। অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তা কিয়? 

উত্তৰঃ অনুজ্ঞাপত্ৰই কোনো কামক স্বীকৃতি প্রদান কৰে।

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰঃ

১। চমুটোকা লিখা:

(ক) কামৰ জগৎ।

(খ) অনলাইন (ইলেক্‌ট্রনিক মাধ্যম) অনুক্রমিক ধাৰা।

(গ) শিক্ষা আৰু প্ৰশিক্ষণৰ আৱশ্যকতা। 

(ঘ) ব্যক্তিত্বৰ আৱশ্যকতা।

(ঙ) অনুজ্ঞাপত্ৰ।

উত্তৰঃ (ক) কামৰ জগৎ: ‘কৰ্মৰ পৃথিৱীখন’ বুলি কোৱা অভিব্যক্তিয়ে নিজেই ইয়াৰ অৰ্থ বহন কৰে। এনে অভিব্যক্তিয়ে বিভিন্ন জীৱিকাসমূহ আৰু উদ্যোগসমূহৰ বিষয়ে ইংগিত দিয়ে। শিক্ষাৰ ক্ষেত্ৰখনত জড়িত যিকোনো এজন ব্যক্তিক আমি শিক্ষক বুলি কওঁ। শিক্ষাৰ ক্ষেত্ৰখন বহুত বহল। এইক্ষেত্ৰখনত বিভিন্ন ধৰণৰ শিক্ষাৰ স্তৰ আছে, য’ত জড়িত থকা শিক্ষকসকলক নাৰ্চাৰী শিক্ষক প্রাথমিক শিক্ষক, প্রশিক্ষণপ্রাপ্ত শিক্ষক, স্নাতকোত্তৰ শিক্ষক, প্রধ্যাপক, ৰীডাৰ, অধ্যাপক ইত্যাদি নামেৰে জনা যায়। বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত বিভিন্ন বিষয়ৰ বিভিন্ন শিক্ষক থাকে। কৰ্মক্ষেত্ৰৰ ভিন্নতা অনুসৰি ভাৰত চৰকাৰে নেচনেল ক্লাচিফিকেচন অব্ অকিউপেইশ্যান্ নামেৰে এটা সংস্থা গঠন কৰিছে। এই সংস্থাটোৱে কৰ্মৰমান আৰু দিশ অনুসৰি নটা প্রধান ভাগত কর্মসমূহ নিৰ্ধৰণ কৰিছে।

(১) আইন ব্যৱস্থাপক, জ্যেষ্ঠ বিষয়া আৰু ব্যৱস্থাপকসকল।

(২) ব্যৱসায়িক বা বৃত্তিমূলক। 

(৩) কাৰিকৰী জ্ঞানসম্পন্ন আৰু সহায়ক ব্যৱসায়ীসকল।

(৪) কেৰাণী।

(৫) কর্মসহায়কসকল আৰু দোকানী আৰু বজাৰৰ বিভিন্ন দ্রব্য বিক্রেতাসকল। 

(৬) কৃষি আৰু মৎস্য উৎপাদন আদিৰ ব্যৱহাৰিক ক্ৰিয়াৰ প্রশিক্ষিত ব্যক্তিসকল।

(৭) শিল্পৰ লগত জড়িত কৰ্মীসকলক।

(৮) উদ্যোগ আৰু বিভিন্ন যন্ত্ৰৰ পৰিচালনা আৰু অংশসমূহৰ জোৰা লগোৱা ব্যক্তিসকল।

(৯) প্রাথমিক ব্যৱসায়িক খণ্ডসমূহৰ লগত জড়িত ব্যক্তিসকল।

(খ) অনলাইন (ইলেক্‌ট্রনিক মাধ্যম) অনুক্রমিক ধাৰা:

উত্তৰঃ দূৰ দূৰণিৰ ঘৰত থাকি শিক্ষা গ্ৰহণ কৰিব পৰা ব্যৱস্থাটোক মুক্ত শিক্ষা বুলিও ক’ব পাৰি। এইক্ষেত্ৰত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ে চমুকৈ (ইগ্নু) মুক্ত আৰু দুৰ শিক্ষা ব্যৱস্থাৰ যোগেদি শিক্ষা প্ৰদান কৰি আহিছে।

এনেধৰণৰ কিছুমান অনুষ্ঠানে অনলাইন ব্যৱস্থাৰ যোগেদি কম্পিউটাৰৰ সহায়ত ঘৰতে নতুবা চাইবাৰ কাফেৰে শিক্ষা গ্ৰহণ কৰিব পৰাৰ সুবিধা প্রদান কৰিছে। এই ব্যৱস্থাটো আজি-কালি অতি জনপ্ৰিয় আৰু সুধিদাজনক। 

(গ) শিক্ষা আৰু প্ৰশিক্ষণৰ আৱশ্যকতা:

উত্তৰঃ বিভিন্ন কামৰ বাবে প্ৰশিক্ষণৰ দৰকাৰ। এজন ছাত্ৰই শ্ৰেণী কোঠাত শিকা বিষয়সমূহৰ জ্ঞান প্রায়োগিক দিশত কিদৰে প্ৰয়োগ কৰিব তাৰ ওপৰত ভিত্তি কৰি প্ৰশিক্ষণ দিয়া হয়। প্রশিক্ষণ বিভিন্ন বিষয়ৰ ওপৰত ভিন্ন হোৱা দেখা যায়। কিছুমান অনুষ্ঠানত শ্ৰেণী কোঠাৰ শিক্ষা সমাপ্ত হোৱাৰ পাছত “কামৰ সমানে প্রশিক্ষণ” সুবিধা থাকে। ইয়াক শিক্ষানবিচী বুলি কোৱা হয়। সকলো ধৰণৰ বৃত্তিগত বিষয়তে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগ্ৰহণৰ লগতে প্রায়োগিক দিশটোত অধিক মনোযোগ দিব লাগে। ইয়াক কোৱা হয় হাতে কামে শিক্ষা ল’বৰ বাবে লোৱা প্ৰশিক্ষণ বুলি। বহুতো কোম্পানীয়ে ছাত্র-ছাত্রীসকলক প্রথমে ‘প্রশিক্ষার্থী’ হিচাপে নিযুক্তি দি সময়ত নিৰ্দিষ্ট কামত মকৰল কৰে।

(ঘ) ব্যক্তিত্বৰ আৱশ্যকতা:

উত্তৰঃ আমি বিজ্ঞাপনবোৰত চকু ফুৰালে দেখিবলৈ পাও যে, “অভ্যর্থনা পদৰ বাবে অমায়িক তথা ভাল লগা ব্যক্তিত্বসম্পন্ন যুৱক-যুৱতীৰ প্ৰয়োজন”। এনে ধৰণৰ বিজ্ঞাপনবোৰ সাধাৰণতে বেচৰকাৰী অনুষ্ঠান-প্রতিষ্ঠানবোৰে দিয়ে, কাৰণ তেওঁলোকে এই আকর্ষণীয় ব্যক্তিত্বসম্পন্ন যুৱক-যুৱতীসকলৰ দ্বাৰাই নিজা উৎপাদিত বা বজাৰৰ সামগ্ৰী বিক্ৰীহৰ এটা ধাৰণা কৰি লয়। এই যুৱক- যুৱতীসকলে বজাৰত সেই প্ৰতিষ্ঠানৰ দ্বাৰা উৎপাদিত বস্তু সামগ্রী বিক্রী কৰি লাগে। কিছুমান বিজ্ঞাপনত যদিও কামৰ বৰ্ণনা নাথাকে তথাপি কামৰ তাগিদা অনুসৰি সকলো চৰ্ত পূৰণ কৰিব লাগে। উদাহৰণ হিচাপে, এজন জন সম্পৰ্কৰক্ষী বিষয়াই নিজৰ ব্যক্তিত্বৰ দ্বাৰা মানুহৰ লগত যোগাযোগ ৰক্ষা কৰাৰ উপৰিও নানা ধৰণৰ বিষয়বস্তুত নিজৰ পাৰদৰ্শিতা প্ৰমাণ কৰিব লাগেষ যিবোৰ বিজ্ঞাপনত উল্লেখ নাথাকে ৷

(ঙ) অনুজ্ঞাপত্ৰ:

উত্তৰঃ আমাৰ যদি এখন মটৰ চাইকেল বা বাহন আছে, বাহনখন চলাবলৈ আমাৰ এখন অনুমতি-পত্ৰৰ আৱশ্যক হ’ব। মটৰ চাইকেল চলাব নজনা মানুহ‌ এজনক যদি মটৰ চাইকেল চলাবলৈ দিয়া হয় মানুহজনে নিজে বিপদৰ সম্মুখীন হোৱাৰ উপৰিও জীৱনৰ বাবে ঘূণীয়া হ’ব বা আনকো বিপদত পেলাব পাৰে নাইবা বাহনখনৰ ক্ষতি কৰিব পৰে। এইক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ আৱশ্যকতা হয়। অনুজ্ঞাপত্ৰখনে আমাক কোনো কাম কৰিবৰ বাবে মান্যতা দিয়ে। যিবোৰ কামত জীৱনৰ নিৰাপত্তা অধিক তেনেক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ দৰকাৰ। উদাহৰণ হিচাপে এজন ফৰ্মাচিষ্টক অনুজ্ঞাপত্ৰৰ দৰকাৰ কাৰণ তেওঁ দৰৱ ব্যৱসায় কৰে। কিছুমান কামত যেনে, এজন চিকিৎসকে চিকিৎসা সেৱা আগবঢ়োৱাৰ আগতে ভাৰতীয় অন্তৰ্ভুক্ত হোৱাটো প্রয়োজনীয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top