ASOS Class 12 Psychology Chapter 2 মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?

ASOS Class 12 Psychology Chapter 2 মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 2 মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে? and select needs one.

ASOS Class 12 Psychology Chapter 2 মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

মনোবিজ্ঞানীসকলে কিদৰে অধ্যয়ন কৰে?

Chapter : 2

2.1. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

১। খালি ঠাই পূৰণ কৰাঃ

(ক) বিজ্ঞান হৈছে এক______ অনুসন্ধান পদ্ধতি যিটো_______ পৰ্যবেক্ষণৰ ওপৰত প্ৰতিস্থিত।

উত্তৰঃ বিজ্ঞান হৈছে এক প্ৰণালবদ্ধগত অনুসন্ধান পদ্ধতি যিটো পক্ষপাতিত্বহীন পৰ্যবেক্ষণৰ ওপৰত প্ৰতিস্থিত।

(খ) বিজ্ঞান হৈছে ৰাজহুৱা অথবা যিটো হ’ব পাৰে আন লোকৰ লগত_____ আৰু ই হ’ব পাৰে_______ ।

উত্তৰঃ বিজ্ঞান হৈছে ৰাজহুৱা অথবা যিটো হ’ব পাৰে আন লোকৰ লগত ভগাই লোৱা আৰু ই হ’ব পাৰে সদৃশ প্ৰতিৰূপ সৃষ্টি কৰি লোৱা।

(গ) বৈজ্ঞানিক অধ্যয়ন হৈছে_____।

উত্তৰঃ বৈজ্ঞানিক অধ্যয়ন হৈছে বিষয়নিষ্ঠ।

2.2. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

তলত দিয়া উদ্ধৃিতিবোৰ সত্য নে অসত্য উল্লেখ কৰাঃ

১। পৰীক্ষণ হৈছে নিয়ন্ত্ৰিত পৰিস্থিতিৰ অধীনত পৰ্যবেক্ষণ। (সত্য/অসত্য)

উত্তৰঃ সত্য।

২। স্বতন্ত্ৰ পৰিৱৰ্তীবোৰ হেৰ-ফেৰ কৰা নহয়। (সত্য/অসত্য)

উত্তৰঃ অসত্য।

৩। পৰীক্ষণীয় দলটোৱে আই ভিৰ অভিক্ৰিয় লাভ কৰে। (সত্য/অসত্য)

উত্তৰঃ সত্য।

৪। নিয়ন্ত্ৰিত দলটো পৰীক্ষণীয় দলৰ নিহিত গুণসমূহৰ দিশৰ পৰা পৃথক প্ৰকৃতিৰ হ’ব পাৰে। (সত্য/অসত্য)

উত্তৰঃ অসত্য।

2.3. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

১। স্বতন্ত্ৰ পৰিৱৰ্তী কি?

উত্তৰঃ এটা পৰিৱৰ্তী যিটো পৰীক্ষকৰ দ্বাৰা নিৰ্ভৰশীল পৰৱৰ্তীয় যিটোৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্বন্ধে জনাৰ বাবে হেৰফেৰ কৰি লোৱা হয়।

২। বিজ্ঞান হিচাপে মনোবিজ্ঞানৰ লক্ষ্যসমূহ তালিকাভুক্ত কৰা।

উত্তৰঃ বৰ্ণনা, ব্যাখ্যা, ভৱিষ্যতবাণী, নিয়ন্ত্ৰণ।

2.4. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

১। কেন্দ্ৰীয় প্ৰৱণতাৰ পৰিমাপবোৰ কি?

উত্তৰঃ গড়, মধ্যমা, বহুলক (mode)।

২। সহসম্বন্ধ কি?

উত্তৰঃ সহসম্বন্ধ হৈছে দুটা পৰিৱৰ্তীৰ মাজত গাণিদিকভাৱে সম্বন্ধ প্ৰদৰ্শনৰ এটা পদ্ধতি।

৩। পৰিসংখ্যা কিদৰে সহায়ক হয়?

উত্তৰঃ পৰিসংখ্যা হৈছে গণিতশাস্ত্ৰৰ এটা শাখা। ইয়ে পৰিমাণাত্মক তথ্য সংগ্ৰহ, শ্ৰেণীকৰণ, বৰ্ণনাকৰণ আৰু ব্যাখ্যা প্ৰদানৰ সৈতে মোকাবিলা কৰে। মনোবিজ্ঞানত পৰিসংখ্যা বিজ্ঞান ব্যৱহাৰ কৰা হয় তলত দিয়া কাৰণবোৰৰ বাবে- 

(ক) আচৰণৰ বৰ্ণনা প্ৰদান কৰাৰ বাবে। আৰু 

(খ) আচৰণৰ ভৱিষ্যত বাণী কৰাৰ বাবে 

যেতিয়া আচৰণৰ বৰ্ণনা প্ৰদান কৰাৰ বাবে পৰিসংখ্যা বিজ্ঞান ব্যৱহাৰ কৰা হয়। তেতিয়া বৰ্ণনামূলক পৰিসংখ্যা বিজ্ঞান ব্যৱহাৰ কৰা হয়। তেতিয়া অনুমানমূলক পৰিসংখ্যা বিজ্ঞান ব্যৱহাৰ কৰা হয়।

যেতিয়া বৃহৎ পৰিমাণৰ তথ্য সংগ্ৰহ কৰা হয়, ইয়াক সাধাৰণতে ঘণীভূত  আকৃতিত বাৰংবাৰতা বিতৰণ তালিকাত অধিক অৰ্থপূৰ্ণ  আৰু বোধগম্য কৰি উপস্থাপন কৰা হয়। বাৰংবাৰতা বিতৰণ তালিকা পৰিসংখ্যামূলক বিশ্লেষণৰ প্ৰাথমিক স্তৰ।

পাঠ্য সমাপ্তিৰ অনুশীলনৰ উত্তৰঃ

১। মনোবৈজ্ঞানিক অধ্যয়নৰ লক্ষ্যসমূহ কি?

উত্তৰঃ নৈদানিক মনোবিজ্ঞানী।

২। এটা পৰীক্ষণৰ বিভিন্ন স্তৰবোৰ কি কি?

উত্তৰঃ দ্বাৰা।

৩। মানুহৰ আচৰণ উপলব্ধি কৰিবলৈ মনোবিজ্ঞানীসকলে কিধৰণৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰে?

উত্তৰঃ মনোবিজ্ঞানৰ অধ্যয়নত সময়ত মনোবিজ্ঞানীয়ে প্ৰাসঙ্গিক তথ্য সংগ্ৰহৰ বাবে বিভিন্ন সঁজুলিসমূহক ব্যৱহাৰ কৰে। স্মৃতি ড্ৰাম আৰু থেচিত’স্কপ স্মৃতি আৰু সংবোধনৰ অধ্যয়নত প্ৰায়ে ব্যৱহাৰ হয়। সেইদৰে EEG, CCG, PET, GSR, MRI, FMRI ইত্যাদি স্নায়ু-মনোবিজ্ঞানৰ ক্ৰিয়াৰ অধ্যয়নত ব্যৱহাৰ হয়। ইলেকট্ৰিকেল সৰঞ্জামে উদ্দীপকৰ উহুাপনত আৰু প্ৰতিক্ৰিয়া ৰেকৰ্ড কৰাত সহায় কৰে। টেপ ৰেকৰ্ডাৰ আৰু ভিডিঅ’ ৰেকৰ্ডিং আদিত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও, বিভিন্ন মনোবৈজ্ঞানিক গুণসমূহৰ ক্ষেত্ৰলৈ প্ৰৱেশ কৰাৰ বাবে সেইবোৰ পৰিমাপৰ কাৰণে কাগজ-পেঞ্চিল পৰীক্ষা ব্যৱহাৰ কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top