ASOS Class 12 Psychology Chapter 19 ব্যক্তিত্বৰ মূল্যাঙ্কন

ASOS Class 12 Psychology Chapter 19 ব্যক্তিত্বৰ মূল্যাঙ্কন, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 19 ব্যক্তিত্বৰ মূল্যাঙ্কন and select needs one.

ASOS Class 12 Psychology Chapter 19 ব্যক্তিত্বৰ মূল্যাঙ্কন

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 19 ব্যক্তিত্বৰ মূল্যাঙ্কন These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

ব্যক্তিত্বৰ মূল্যাঙ্কন

Chapter : 19

19.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

উপযুক্ত শব্দেৰে খালী ঠাই পূৰণ কৰা:

১। _____ ত এগৰাকী ব্যক্তিয়ে বিভিন্ন পৰিস্থিতিত কিদৰে প্ৰতিক্ৰিয়া কৰে তাৰ ওপৰত প্ৰশ্নৰ উত্তৰ দিব লাগে।

উত্তৰঃ প্ৰশ্নসূচীত এগৰাকী ব্যক্তিয়ে বিভিন্ন পৰিস্থিতিত কিদৰে প্ৰতিক্ৰিয়া কৰে তাৰ ওপৰত প্ৰশ্নৰ উত্তৰ দিব লাগে।

২। এগৰাকী ব্যক্তিৰ চৰিত্ৰৰ বৰ্ণনা, পূৰ্বৰ জ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত, যাক কোৱা হয়__‌__ অভিগমন (approach) বুলি।

উত্তৰঃ এগৰাকী ব্যক্তিৰ চৰিত্ৰৰ বৰ্ণনা, পূৰ্বৰ জ্ঞানৰ ওপৰত প্রতিষ্ঠিত, যাক কোৱা হয় মানদণ্ডৰ মাপকাঠি অভিগমন (approach) বুলি। 

৩। ____ পৰোক্ষ সাংকেতিক অর্থ ব্যৱহাৰ কৰে যিবোৰ মনোবিশ্লেষকৰ দ্বাৰা ব্যাখ্যা কৰা হয় অচেতন সংঘাতবোৰ (conflict) মুক্ত কৰিবলৈ।

উত্তৰঃ অভিগমনত পৰোক্ষ সাংকেতিক অর্থ ব্যৱহাৰ কৰে যিবোৰ মনোবিশ্লেষকৰ দ্বাৰা ব্যাখ্যা কৰা হয় অচেতন সংঘাতবোৰ (conflict) মুক্ত কৰিবলৈ।

৪। ____ পৰীক্ষাত মানুহৰ ছবি থাকে য’ত ব্যক্তিয়ে সেইজনৰ বিষয়ে চমু গল্প এটা কব লাগে।

উত্তৰঃ সংবোধন পৰীক্ষাত মানুহৰ ছবি থাকে য’ত ব্যক্তিয়ে সেইজনৰ বিষয়ে চমু গল্প এটা ক’ব লাগে।

19.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

উপযুক্ত শব্দেৰে খালী ঠাই পূৰণ কৰা:

১। _____ অভিগমনে কি দৰে সি /তাই পৃথিৱীখনক সংবোধিত কৰে সেই কথা নিৰ্দ্ধাৰণত মনোযোগ কেন্দ্ৰীভূত কৰে। 

উত্তৰঃ মনোবিশ্লেষণৰ অভিগমনে কি দৰে সি /তাই পৃথিৱীখনক সংবোধিত কৰে সেই কথা নিৰ্দ্ধাৰণত মনোযোগ কেন্দ্ৰীভূত কৰে। 

২। এগৰাকী ব্যক্তিৰ সি /তাইৰ আভ্যন্তৰীণ প্রকৃতি বা আত্ম কথা আনৰ ওচৰত মুক্ত কৰাৰ আগ্ৰহক প্ৰৱণতা বুলি বুজোৱা হয়।

উত্তৰঃ এগৰাকী ব্যক্তিৰ সি /তাইৰ আভ্যন্তৰীণ প্রকৃতি বা আত্ম কথা আনৰ ওচৰত মুক্ত কৰাৰ আগ্ৰহক প্রক্ষিপ্ত প্ৰৱণতা বুলি বুজোৱা হয়।

৩। ভাৰতীয় নিৰ্দ্ধাৰণত গুণৰ অভিগমনে এইকথা বিচাৰি উলিয়াবলৈ প্ৰচেষ্টা কৰে, কোনটো গুণ এগৰাকী ব্যক্তিৰ মাজত ______ আছে।

উত্তৰঃ ভাৰতীয় নিৰ্দ্ধাৰণত গুণৰ অভিগমনে এইকথা বিচাৰি উলিয়াবলৈ প্ৰচেষ্টা কৰে, কোনটো গুণ এগৰাকী ব্যক্তিৰ মাজত ব্যক্তিত্বত আছে।

৪। _____ পদ্ধতি, যিটো চৰিত্ৰ অভিগমনত ব্যৱহাৰ হয় গুণৰ পটভূমিতো ব্যৱহাৰ হয়।

উত্তৰঃ প্ৰক্ষিপ্ত পদ্ধতি, যিটো চৰিত্ৰ অভিগমনত ব্যৱহাৰ হয় গুণৰ পটভূমিতো ব্যৱহাৰ হয়।

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰঃ 

ব্যক্তিত্বৰ নিৰ্দ্ধাৰণত তলত উল্লেখ কৰা অভিগমন কিদৰে সম্ভৱ, চমুকৈ লিখা।

1. চৰিত্ৰ।

উত্তৰঃ ব্যক্তিত্বৰ চৰিত্ৰ দুই ধৰণেৰে নিৰ্দ্ধাৰণ কৰিব পাৰি। এটা পদ্ধতিত এটা সমুচ্চয় প্রশ্ন আছে। য’ত ব্যক্তিগৰাকীয়ে নিজৰ মন্তব্যৰে উত্তৰ দিব লাগে, অনুভৱ আৰু ক্ৰিয়াৰে। এই কাৰণে, ব্যক্তিত্ব দোষ-গুণৰ তালিকা ব্যৱহাৰ কৰা হয়। দ্বিতীয় অভিগমনত, আন কিছুমান ব্যক্তিয়ে সেই ব্যক্তিগৰাকীৰ চৰিত্ৰ নিৰ্দ্ধাৰণ কৰে, সেই ব্যক্তিগৰাকী সম্বন্ধে থকা পূৰ্বৰ জ্ঞানেৰে, বা প্রত্যক্ষ পৰ্যবেক্ষণৰ দ্বাৰা, ইয়াক কোৱা হয় মানদণ্ডৰ মাপকাঠি অভিগমন বুলি।

ব্যক্তিত্ব দোষ-গুণৰ তালিকাবোৰ হ’ল প্ৰশ্নসূচী য’ত এগৰাকী ব্যক্তিয়ে বিভিন্ন প্রশ্নৰ বিভিন্ন ধৰণেৰে উত্তৰ দিব লাগে যি ধৰণে পৰিস্থিতিত প্ৰতিক্ৰিয়া অনুভৱ কৰে। ব্যক্তিত্ব দোষ গুণৰ তালিকা কেৱল এটা বিশেষ চৰিত্ৰ যেনে বহির্মুখী-অন্তর্মুখী বা ই হয়তো বহুকেইটা চৰিত্ৰ নিৰ্দ্ধাৰণ কৰিব পাৰে।

উদ্ভাৱকসমূহ বহুত ব্যৱহাৰিক, কিন্তু যেতিয়া কোনো এজনে সি /তাইৰ প্রতিক্রিয়া প্রকাশ কৰিব লাগে কেতিয়াবা আমি আমাৰ নিজৰ চৰিত্ৰ অনুযায়ী পক্ষপাতিত্ব কৰি পেলাও।

২।‌ মনোবিশ্লেষণাত্মক।

উত্তৰঃ মনোবিশ্লেষণৰ অভিগমনে ব্যক্তিৰ অচেতন সংঘাত আৰু অভিৰুচিক কেন্দ্ৰীভূত কৰে। কিন্তু ব্যক্তিৰ অচেতন অংশৰ ব্যক্তিত্ব, নিজৰ আত্ম সজাগতাৰ পৰাই লুকাই থকে৷ মনোবিশ্লেষকে সেয়েহে পরোক্ষ সাংকেতিক বাতৰি ব্যৱহাৰ কৰে আৰু অচেতন সংঘাত আৰু অভিৰুচি মুক্ত কৰি ব্যাখ্যা কৰে। এই অভিগমনক প্রক্ষিপ্ত পদ্ধতি বুলি কোৱা হয়।

এই অভিগমনত, মনোবিশ্লেষকে ব্যক্তি এগৰাকীৰ মনৰ অচেতন প্ৰক্ৰিয়াৰ জ্ঞান লাভ কৰিবলৈ বিচাৰে, সি তাইক কিছুমান অস্পষ্ট বস্তু উপস্থাপন কৰি তাই/তাক কি দেখিছে সেয়া ব্যাখ্যা কৰিবলৈ দিয়া হয়। এই অস্পষ্ট বস্তু হয়তো চিঞাঁহীৰ দাগ বা এখন ছবি যি ব্যক্তিক অধ্যয়ন বা প্রদর্শনৰ অর্থ নিজৰ দিবাস্বপ্ন বা অভিজ্ঞতাৰ পৰা কৰিবলৈ দিয়া হয়। এইদৰে, ব্যক্তিৰ অচেতন মন টেপ কৰা হয় আৰু কিছু সংখ্যক উন্মুক্ত কৰাও হয়।

৩। মানৱতাবাদী।

উত্তৰঃ ব্যক্তিত্বৰ মানৱতাবাদী অভিগমনে এজন ব্যক্তিয়ে সি /তাইৰ পৃথিৱীত কি অভিজ্ঞতা লাভ কৰে সেয়া কেন্দ্ৰীভূত কৰে। সেয়েহে, মূল্যাঙ্কণ প্ৰক্ৰিয়া এগৰাকী ব্যক্তিৰ নিজৰ জীৱনৰ পৰিস্থিতি আৰু অভিজ্ঞতাৰ সংবোধনৰ উপলব্ধির লগত জড়িত। ব্যক্তিত্বৰ আত্ম-ধাৰণা পৰিমাপ কৰিবলৈ কেবাটাও পদ্ধতির বিকাশ কৰা হৈছে ৷ তাৰে এটা অভিগমন হৈছে ব্যক্তিৰ নিৰ্বাচন, কিছু সংখ্যক নিৰ্বাচিত বাক্যৰ, যিবোৰে সি তাইক সঠিকভাৱে ব্যাখ্যা কৰিব পাৰে। যেনে– মই এজন আত্ম বিশ্বাসী ব্যক্তি। আন এটা অভিগমনে আনৰ ওচৰত ব্যক্তিৰ নিজৰ প্ৰকৃতি প্ৰকাশৰ আগ্ৰহক কেন্দ্ৰীভূত কৰে। এই অভিগমনতো অতি উচ্চ অথবা অতি নিম্ন স্তৰৰ আত্ম উন্মুক্ততাৰ প্ৰবণতা উপলব্ধিৰ ভিত্তিত বিকশিত যিবোৰ আৱেগিক অপৰিপক্কতাৰ সংকেত স্বৰূপ।

৪। গুণ।

উত্তৰঃ ভাৰতীয় ব্যক্তিত্বৰ অভিগমনে গুৰুত্ব দিয়া তিনিটা গুণ: সত্ত্ব, ৰজ:, তম:ৰ কথা পঢ়িছা। ব্যক্তিৰ প্ৰকৃতি নিৰ্দ্ধাৰণ কৰিবলৈ এই ধাৰণাৰ প্ৰয়োজন। আমাৰ জনাৰ প্ৰয়োজন ব্যক্তিৰ জীৱনত ইয়াৰ কোনটো গুণ প্ৰভাৱশালী, চিন্তা, কথা কোৱা আৰু কৰ্মক্ষেত্ৰত আৰু কোনটো কম প্ৰভাৱশালী আৰু কোনটো আটাইতকৈ কম প্ৰভাৱশালী। উদাহৰণ স্বৰূপে, এগৰাকী ব্যক্তি যিগৰাকী অতিশয় সত্যবাদী, বিচ্ছিন্ন আৰু সহায় কৰা বিধৰ তেখেতৰ সত্ত্ব গুণটো অধিক। কোনটো গুণ ব্যক্তিৰ মাজত অধিক সেয়া নিৰ্দ্ধাৰণ কৰিবলৈ হ’লে, আমি প্রশ্নসূচী, পর্যবেক্ষণ ইত্যাদিৰ সহযোগী প্ৰচেষ্টাত বা তৰি বা সম্ভেদ সংগ্ৰহ কৰিব লাগিব। কিছু সংখ্যক উদ্ভাৱকৰো বিকাশ কৰিব লাগিব যিয়ে কোনবোৰ গুণ ব্যক্তিৰ ব্যক্তিত্বত সক্ৰিয় সেই সম্পর্কে সম্ভেদ দিয়ে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top