ASOS Class 12 Psychology Chapter 18 ব্যক্তিত্বৰ তত্ত্বসমূহ

ASOS Class 12 Psychology Chapter 18 ব্যক্তিত্বৰ তত্ত্বসমূহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 18 ব্যক্তিত্বৰ তত্ত্বসমূহ and select needs one.

ASOS Class 12 Psychology Chapter 18 ব্যক্তিত্বৰ তত্ত্বসমূহ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 18 ব্যক্তিত্বৰ তত্ত্বসমূহ These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

ব্যক্তিত্বৰ তত্ত্বসমূহ

Chapter : 18

18.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

উপযুক্ত শব্দেৰে খালী ঠাই পুৰণ কৰা:

১। ফ্ৰয়েডে মনক____ ৰ সৈতে সংযোজিত কৰিছিল।

উত্তৰঃ বৰফৰ টুকুৰা।

২। মনোবিশ্লিষণৰ তত্ত্বত ব্যক্তিত্বৰ তিনিটা স্তৰ আছে, সেইবোৰ___,____ আৰু____।

উত্তৰঃ ইড, ইগ’, চুপাৰইগ’।

৩। শিশুৱে তেওঁলোকৰ যৌন প্রৱনতা দমন কৰে____ স্তৰত।

উত্তৰঃ সুপ্ত অৱস্থা (latency)

18.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

‘ক’ শাখাত দিয়া নামৰ সৈতে ‘খ’ শাখাত থকা ধাৰণা মিলোৱা।

শাখা- কশাখা- খ
(ক) ফ্ৰয়েড(i) অর্ন্তমুখী-স্থিৰ
(ক) য়ুং(ii) প্রয়োজনৰ শ্ৰেণীক্রম (Need hierarchy)
(গ) আইচেংক(iii) উন্নতিকৰণ (sublimation)
(ঘ) বানডুৰা(iv) সামগ্রিক সচেতনতা
(ঙ) মাচলো(v) আত্ম-কার্যকাৰিতা (self-efficacy)

উত্তৰঃ

শাখা- কশাখা- খ
(ক) ফ্ৰয়েড(iii) উন্নতিকৰণ (sublimation)
(ক) য়ুং(iv) সামগ্রিক সচেতনতা
(গ) আইচেংক(i) অর্ন্তমুখী-স্থিৰ
(ঘ) বানডুৰা(v) আত্ম-কার্যকাৰিতা (self-efficacy)
(ঙ) মাচলো(ii) প্রয়োজনৰ শ্ৰেণীক্রম (Need hierarchy)

18.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

তলত দিয়া উক্তিসমূহ শুদ্ধ নে অশুদ্ধ

(i) প্রক্ষেপীয় (Projective) পৰীক্ষাই নিৰানন্দমূলক ঘটনাৰ বাতৰিৰ জ্ঞান ল’বলৈ অক্ষম। সঁচা / মিছা

উত্তৰঃ মিছা।

(ii) উন্নীতকৰণ (sublimation) হৈছে যৌন আকাক্ষাৰ প্রকৃত পথত প্রবাহিত কৰণ (caralization) উৎপাদনমুখী, অযৌন ক্রিয়া। সঁচা / মিছা

উত্তৰঃ সঁচা।

(iii) কেটলে 16 বিধ ব্যক্তিত্বৰ চৰিত্ৰ আগবঢ়াইছে। সঁচা / মিছা 

উত্তৰঃ সঁচা।

(iv) ৰ’গাৰে আত্ম-কাৰ্যকাৰীতাৰ (self-effiacy) ধাৰণৰ বিকাশ সাধন কৰিছিল। সঁচা/মিছা

উত্তৰঃ মিছা।

(v) মানৱীয় দৃষ্টিভংগীক মনোবিজ্ঞানত তৃতীয় শক্তি বুলি অভিহিত কৰা হয়। সঁচা / মিছা

উত্তৰঃ সঁচা।

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰঃ

(১) ব্যক্তিত্বৰ ধাৰণা ব্যাখ্যা কৰা। 

উত্তৰঃ ব্যক্তিত্বৰ সংজ্ঞা বিভিন্ন অৰ্থত ব্যৱহাৰ কৰা হয় স্পষ্ট (apparent) বৈশিষ্ট্যক (feature) সামৰি। মনোবিজ্ঞানীসকলে চিন্তা, অনুভব আৰু আচৰণৰ চাৰিত্ৰিক ধৰণ (pattern) উল্লেখ কৰা। চাৰিত্ৰিক ধৰণৰ অৰ্থ হৈছে আমাৰ ধাৰণা, অনুভৱ আৰু ক্ৰিয়া গঠনৰ স্থিৰতা (consistent) আৰু বৈশিষ্ট্যপূর্ণ (disinctive) পথ। যেতিয়া আমি ব্যক্তিত্বৰ কথা কওঁ আমি সাধাৰণতে সামগ্রিক অথবা মানুহজনৰ সম্পূৰ্ণভাৱক বুজাও। সেয়ে স্থায়ী (enduring) ধাৰণা যিবোৰ ব্যক্তিয়ে বিভিন্ন পৰিস্থিতিত প্ৰকাশ কৰে সেইবোৰ ব্যক্তিত্বৰ উৎকৃষ্টতাৰ চিহ্ন (hall mark) বুলিব পৰা যায়। গুৰুত্বপূৰ্ভাৱ ব্যক্তিত্বৰ তত্ত্ব ব্যক্তিত্বৰ সাহিত্যিক সংজ্ঞাতকৈ বহু বহির্ভূত যিটোৱে প্ৰাচীন গ্ৰীচৰ নায়কে ব্যৱহাৰ কৰা বৃহৎ মুখাক বুজোৱা হয়। ব্যক্তিত্বৰ তত্ত্বই ইয়াৰ বিপৰীতে ব্যক্তিত্বক ব্যক্তিত্বৰ অস্তিত্ব হিচাপে গণ্য কৰে। ই হ’ল ব্যক্তিৰ আভ্যন্তৰীণ প্রকৃত প্রকৃতি। এগৰাকী ব্যক্তিৰ আনৰ ওপৰত একক চাপ ব্যক্তিত্বৰ বোধগম্যতাৰ বাবে সমানেই গুৰুত্বপূর্ণ। ব্যক্তিত্বৰ ধাৰণা মনোবিজ্ঞানীসকলে বিভিন্ন ধৰণেৰে ব্যাখ্যা কৰিছে যদিও এইটো এটা তত্বমলক দৃষ্টিভংগী বা স্থিতি যিয়ে আমাৰ মনোযোগ ব্যক্তিত্বৰ বিশেষ দিশৰ প্ৰতি নিৰ্দেশ কৰে।

ব্যক্তিত্বৰ বোধগম্যতাই প্রমাণ কৰে যে ই এক জটিল আৰ প্ৰত্যাহ্বানৰ ক্ৰিয়া। ই সমানেই জটিল যে কোনো একক তত্ত্বই সামগ্রিক ব্যক্তিত্বক আবৃত কৰিব নোৱাৰে। বিভিন্ন তত্ত্বই গঠনৰ অভিগমন নিৰূপণ কৰে আৰু ব্যক্তিত্বৰ ক্ৰিয়াৰ বিভিন্ন দিশ আঙুলিয়াই দিয়ে। ব্যক্তিত্বৰ বহুতো তত্ত্ব আছে, প্রত্যেকেই ব্যক্তিত্বৰ ক্ৰিয়াৰ নানা বিষয়ৰ বিভিন্ন উত্তৰ দিয়ে। বিশেষভাৱে, সেইবোৰ অচেতন উপাদানত চেতনতাৰ ভমিকাৰ নিমিত্তবাদৰ (determinism) স্বাধীনতাৰ বিষয়ে ব্যাখ্যা কৰে। প্ৰাক্ অভিজ্ঞতাৰ ভূমিকা, জৈৱিক উপাদানৰ ভূমিকা, এককত্ব/বিশ্বজনীন ইত্যাদি কথাবোৰ এনে ব্যাখ্যাৰ অন্তৰ্ভুক্ত। চাৰিটা মুখ্য ব্যক্তিত্বৰ তত্ত্বৰ দৃষ্টিভংগীকেইটা হ’ল– মনোবিশ্লেষণ, সংলক্ষণ (trait), মানবীয় আৰু সামাজিক-বৌদ্ধিক যথার্থ দৃষ্টি।

(২) ব্যক্তিত্বক বোধগম্য কৰিব পৰা চাৰিটা মুখ্য দৃষ্টিভংগী উল্লেখ কৰা। 

উত্তৰঃ (ক) সংলক্ষণৰ দৃষ্টিভংগী (The Trait Perspeive): সংলক্ষণহৈছে আচৰণৰ বৈশিষ্ট্য আৰু সচেতন অভিপ্রায়। এইবোৰে তুলনামূলকভাৱে স্থিৰ আৰু স্থায়ী পুনৰ সমৰ্পনক কোনো এক আচৰণ কৰিবলৈ প্ৰতিনিধিত্ব কৰে। মানুহক ব্যাখ্যা কৰিবলৈ সংলক্ষণক প্ৰায়ে ব্যৱহাৰ কৰা হয়। সংলক্ষণৰ অভিগমনৰ কেন্দ্ৰীকৰণ অতি সাধাৰণ আৰু ই মানুহৰ চৰিত্ৰেৰে গণনাৰ তালিকা সামৰি লয়। ব্যক্তিত্বৰ সংলক্ষণৰ তত্ত্বই ব্যক্তিত্বৰ প্রভেদ চিনাক্ত, ব্যাখ্যা আৰু পৰিমাপ কৰে। স্পষ্ট সংলক্ষণসমূহক উপৰিভাগৰ চৰিত্ৰ বুলি কোৱা হয়। (যেনে, আনন্দ, সৌদর্যপূর্ণ)। ইয়াৰ বিপৰীতে কিছুমান উৎস চৰিত্ৰ আছে। ৰেমণ্ড কেলে এটা চৰিত্ৰৰ তত্ত্বৰ বিকাশ কৰিছিলে য’ত 26 টা উৎস চৰিত্ৰ আছে। তেখেতে সেইবোৰক ব্যক্তিত্বৰ উপাদান আখ্যা দিছে। তাৰে কিছুমানঃ অর্ন্তমুখী, বর্হিমুখী, গহীন, আনন্দ-যোৱা-ভাগ্যবান, ব্যৱহাৰিক কাল্পনিক আৰু সুস্থিৰ-অস্থিৰ প্ৰকৃতিৰ।

(Eysenk) এটা তত্ত্ব উত্থাপন কৰিছিল যিটোৱে ব্যক্তিক চাৰিটা ভাগত ভাগ কৰিছে: অর্ন্তমুখী-স্নায়রিক, অর্ন্তমুখী-স্থিৰ, বৰ্হিমুখী-স্নায়বিক আৰু বৰ্হিমুখী-স্থিৰ। পৰৱৰ্তী ক্রিয়াত আইচেংকে মনো (psychoticism) ব্যক্তিত্বৰ আন এক দিশৰূপে উত্থাপন কৰিছিল।

বর্তমান কালত মেকক্ৰেই (McCrae) আৰু কচটাই (Costa) চাৰিটা উপাদানৰ আৰ্হি, স্নায়বিক, বর্হিমুখীতা, অভিজ্ঞতাৰ উন্মুক্ততা, সন্মতিসূচক আৰু বিবেক বুদ্ধিসম্পন্নৰ কথা উল্লেখ কৰিছে। চৰিত্ববোৰ আচৰণ ব্যাখ্যাৰ বাবে আৰু ভৱিষ্যতবাণীৰ বাবে ব্যৱহাৰ কৰা হয় মানুহৰ আচৰণ চৰিত্ৰ আৰু পৰিস্থিতিৰ পাৰস্পৰিক ক্ৰিয়াৰ ফল। সেয়ে, পৰিস্থিতিৰ নিৰ্বাচন আৰু পৰিস্থিতিৰ সঁহাৰিত স্থিৰতাই সংলক্ষণৰ মূল্যক সুচায়।

এইটো কোৱা হয় যে সংলক্ষৰ তত্ত্বই ব্যক্তিৰ ব্যক্তিত্বক কেতিয়াও ব্যাখ্যা নকৰে। সেইবোৰে ব্যক্তিত্বৰ প্ৰভেদসম্পৰ্কে অতি কমকৈ জনায় আৰু সক্ৰিয় প্ৰক্ৰিয়াক অৱহেলা কৰে।

(খ) সামাজিক বোধশক্তি সম্বন্ধীয় দৃষ্টিভংগী (The Social Cognitive Perspeive): এই দৃষ্টিভংগীৰ বিকাশ সাধন কৰিছিল এলাবাৰ্ট বানডুৰাই (Albert Bandura)। এনে দৃষ্টিভংগীয়ে আচৰণক ব্যক্তি আৰু সামাজিক স্থিতিৰ মাজত হোৱা পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা প্ৰভাৱিত হয় বুলি মত প্ৰকাশ কৰে। আমাৰ চিন্তা আৰু ক্ৰিয়া সামাজিক পৃথিৱীত সৃষ্টি হয় কিন্তু এইটো কথা উল্লেখ কৰা ভাল হ’ব যে মানুহৰ আত্ম-নিয়ন্ত্ৰণ আৰু সক্ৰিয় বৌদ্ধিক প্ৰক্ৰিয়াত নিয়োজনৰ ক্ষমতা আছে। সেইবোৰৰ মাজৰ সম্পৰ্ক তলৰ চিত্ৰত দেখুওৱা হ’ল।

বানডুৰাই আত্মকাৰ্যকাৰিতাৰ (self efficacy) ধাৰণাৰ বিকাশ কৰিছিল যিয়ে ব্যক্তিৰ বৌদ্ধিক ক্ষমতা, দক্ষতা (skill), মনোভাৱ আদিৰে (attitude) নিজৰ আত্মব্যৱস্থাক প্ৰতিনিধিত্ব কৰে। আত্মকার্যকাৰিতাই (self-efficacy) কিমান ডিগ্ৰীলৈ কোনো এজনৰ ক্ষমতা বিশ্বাসযোগ্য হয় তাকে সুচায় আৰু বিশেষ পৰিস্থিতিৰ দাবী পূৰ্ণ হোৱাৰ পাছৰ সাৰ্থকতাক সুচায়। এই তত্ত্ব প্রয়োগশালাত হোৱা গৱেষণাৰ ওপৰত প্রতিষ্ঠিত। এই তত্ত্বই অচেতন উপাদানক অৱহেলা কৰিছে যিবোৰৰ প্ৰভাৱ আচৰণত আছে। এই তত্ত্বই জীৱনৰ যুক্তিকৰ দিশতো গুৰুত্ব দিছে আনহাতে আবেগিত দিশক অৱহেলা কৰিছে।

বৌদ্ধিক-সামাজিক তত্ত্বই চিন্তাৰ ভূমিকা আৰু ব্যক্তিত্বত স্মৃতিক পোহৰলৈ আনিছে। আমি প্রায় দেখিবলৈ পাওঁ যে প্ৰত্যাশা আৰু দক্ষতা, যিবোৰ শিকে সেইবোৰৰ ব্যক্তিৰ আচৰণ নিৰ্ধাৰণত যথেষ্ট গুৰুত্ব আছে।

(গ) মানৱীয় দৃষ্টিভংগী (The Humanistic Perspective): এই তত্ত্ববোৰে উত্থাপন কৰে যে প্ৰত্যেক ব্যক্তিয়ে একোগৰাকী সৃষ্টিশীল শক্তি, যাক প্রায়ে কোৱা হয় ‘আত্ম’ (self) হিচাপে। এই শক্তিয়ে প্রকাশ বিচাৰে। ইয়াৰ বিকাশ বৃদ্ধি হয়। তাৰ শক্তিকণেৰেও জনা যায়, ব্যক্তি ক্ষমতা আৰু সংলক্ষণক গুৰুত্ব দিয়ে যেনে, আত্ম সজাগতা আৰু মুক্ত ইচ্ছা। ই ব্যক্তিক জন্মগতভাৱে ভাল হিচাপে গ্ৰহণ কৰে। আত্মসচেতন আৰু বিষয়কেন্দ্রিক দৃষ্টিভংগীৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। কাৰ্ল ব ‘গাবচ্‌ আৰু আব্রাহাম মাচলো (Abraham Masloue) মানৱীয় দৃষ্টিভংগীৰ মূল উপদেষ্টা।

আব্রাহাম মাচলোৱে আত্ম বাস্তৱত পৰিণতকৃত ব্যক্তিৰ ভাৱক উত্থাপন কৰিছিল। তেখেতে মত প্ৰকাশ কৰিছিল যে মানৱীয় অভিপ্ৰায়সমূহ প্ৰয়োজনৰশ্ৰেণীক্ৰমত সজোৱা হয়। তলৰ চিত্ৰত দেখুৱাৰ দৰে মানুহৰ প্ৰয়োজনসমূহ শাৰিৰীক প্ৰয়োজনৰ পৰা আত্ম উৎকৰ্ষলৈ গঠন কৰা হয়।

 মাচলোৱে উল্লেখ কৰিছে যে আত্ম বাস্তৱত পৰিণতকৃত ব্যক্তিসকলৰ বাস্তৱবাদী সংবোধন আছে, স্বয়ংক্রিয়, সহজেই গ্রহণযোগ্য আত্ম আৰু আনবোৰ, সৃষ্টিশীল আৰু জীৱনৰ ইতিবাচক দিশতো প্রশংসা আৰু উপভোগ কৰে, গোপনীয়তা আৰু স্বাধীনতা ভাল পায় ।

কালৰ ‘গাৰ্চে ভাৱে যে ব্যক্তিৰ প্ৰাথমিক মানৱীয় অভিপ্ৰায় হৈছে সঠিককৰণৰ প্রবণতা। ই হ’ল মানৱীয় জীৱক স্বপ্নালি আৰু উন্নত এক সহজাত তাড়ণা কৰি থকাৰ বাবে ৰ’গাৰ্চে লক্ষ্য কৰিছিল যে মানুহে নিজৰ আত্ম ধাৰণা অনুযায়ী ক্রিয়াত অভিৰোচিত হয়। তেওঁলোকে সেই অভিজ্ঞতাক অস্বীকাৰ অথবা বিকৃত কৰে, যিবোৰ তেওঁলোকৰ আত্মধাৰণাৰ পৰিপন্থী। বিকাশৰ সুস্থ পৰিস্থিতি হ’ল চর্তহীন ইতিবাচক শ্রদ্ধা। তেখেতৰ ধাৰণা আছিল এগৰাকী পূর্ণ সক্রিয় ব্যক্তিৰ আত্ম-ধাৰণা নমনীয় (flexible) আৰু উদ্ভৱ হয়। ই মানুহৰ আশাপূর্ণ দৃষ্টিভংগী দাঙি ধৰে।

আত্ম উৎকর্ষ

আত্ম সঠিককৰণ

সন্মানৰ প্ৰয়োজন

অংশস্বৰূপে হৈ উঠা (Belongingness) আৰু মৰমৰ প্ৰয়োজন 

সুৰক্ষাৰ প্ৰয়োজন

শাৰীৰিক প্ৰয়োজন

(৩) সচেতন আৰু প্ৰাক্‌-সচেতন মনৰ মাজত পার্থক্য কি?

উত্তৰঃ সচেতন বা চেতন স্তৰ: চিন্তা, অনুভৱ আৰু সংবেদন যিবোৰৰ প্ৰতি কোনো এজনৰ সেই মুহূৰ্তৰ সজাগতা।

পূৰ্বচেতন স্তৰ: ই সেইবোৰ বাতৰি ধৰি ৰাখে যিবোৰ সম্পৰ্কে কোনো এজন বৰ্তমান সময়ত সজাগ নহয়, যদিও সেইবোৰ সহজেই সচেতন মনৰ ভিতৰলৈ সোমাব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top