ASOS Class 12 Psychology Chapter 17 আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহ

ASOS Class 12 Psychology Chapter 17 আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 17 আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহ and select needs one.

ASOS Class 12 Psychology Chapter 17 আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 17 আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহ These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

আত্ম বা স্বয়ং আৰু মনোবৈজ্ঞানিক প্রক্রিয়াসমূহ

Chapter : 17

17.1 পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰঃ

1. আত্ম নিয়ন্ত্রণ বুলিলে কি বুজা? 

উত্তৰঃ এগৰাকী লোকক সন্তুষ্টিত কৰিব পৰা ধৰণে অথবা অধিকভাবে পুৰস্তুত কৰিব পৰা ধৰণে আত্মনিয়ন্ত্ৰণ শিক্ষণৰ এক প্রক্রিয়া কৰে।

2. দুটা এনে চৰ্ত উল্লেখ কৰা যিয়ে আত্ম নিয়ন্ত্রণ অধিক ফলপ্ৰসু কৰে।

উত্তৰঃ নৈতিক বিকাশৰ স্তৰ আলোচনা কৰা।

17.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. নৈতিক দিশস্থিতিৰ বিকাশৰ প্ৰকৃতি নিৰ্ণয় কৰা। 

উত্তৰঃ আভ্যন্তৰী মতবিৰোধ বা সংঘাতৰ প্ৰস্তাৱ।

2. কহলবাৰ্গৰ মতে নৈতিক যুক্তিয়ে কিমানটা স্তৰ পাৰ হ’ব লাগে?

উত্তৰঃ তিনিটা প্ৰধান কৰ।

17.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. সমাজমুখী আচৰণৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ সহযোগিতা।

2. দুটা পদ্ধতি উল্লেখ কৰা যাৰ সহায়ত সমাজমুখী আচৰণ শক্তিশালী কৰিব পাৰি।

উত্তৰঃ ভূমিকা পালন আৰু প্ৰতিকৃতিৰ বিদ্যা (modelling)।

3. তিনিটা সমাজবিৰোধী আচৰণৰ উদাহৰণ দিয়া।

উত্তৰঃ চোৰ কৰা, ব্যভিচাৰ (promisecuity), অপৰাধপ্ৰৱণতা।

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰঃ

1. তুমি কিদৰে আত্ম নিয়ন্ত্ৰণৰ প্ৰণালী যিকোনো সমস্যাৰ পৰিস্থিতিত ব্যৱহাৰ কৰিবা? উদাহৰণ সহ ব্যাখ্যা কৰা।

উত্তৰঃ আত্ম নিয়ন্ত্ৰণ হৈছে এক শিক্ষণ প্ৰক্ৰিয়া যিয়ে ব্যক্তিৰ নিজস্ব আচৰণ নিয়ন্ত্ৰণ কৰে যিটো সন্তুষ্টিকৰ বা পুৰষ্কাৰৰ যোগ্য। এতিয়ালৈকে, ব্যক্তিয়ে বহুসংখ্যক আত্ম নিয়ন্ত্ৰণৰ শ্ৰেণী ব্যৱহাৰ কৰি আহিছে। উদাহৰণস্বৰূপে, এগৰাকী শকত ব্যক্তিয়ে নিজৰ ওজন কমাবলৈ আত্মনিয়ন্ত্ৰণ কৰে, ধুম্রপায়ীয়ে ধুম্রপান কমাবলৈ আৰু অত্যন্ত উদ্বিগ্নতাত থকা ব্যক্তিয়ে উদ্বেগ কমাবলৈ আত্মনিয়ন্ত্রণ কৰে।

আত্মনিয়ন্ত্ৰণৰ স্তৰ (Steps in self control): তলত আত্ম নিয়ন্ত্ৰণৰ মুখ্য ভৰসমূহৰ বিষয়ে উল্লেখ কৰা হ’ল— 

(i) এটা কাৰ্য সম্পাদন (Performing a task): এটা বিশেষ সমস্যাৰ সমাধানত ব্যৱহাৰ হোৱা ক্ৰিয়াক বুজায়।

(ii) পৰিবেশন আৰু ফলাফল আত্ম নিৰীক্ষণ (Self-monitoring of performance and outcome): ইয়াৰ অৰ্থ হৈছে ক্ৰিয়াৰ প্ৰকৃত পর্যবেক্ষ আৰু লিপিবদ্ধকৰণ।

(iii) আত্ম মূল্য নিৰূপণ (Self evaluation): কোনো এজন ব্যক্তিব নিজস্ব ক্ষমতা সম্পর্কে থকা বিশ্বাসৰ সংস্কাৰ সাধন

(iv) আত্ম সবলিতকৰণ (Self reinforcement): ইয়াৰ অৰ্থ চিনাক্তকৰণ আৰু গুণবোৰৰ সিদ্ধিত অনুমোদন কৰা যিয়ে নির্দিষ্ট পুৰস্কাৰ বা ইতিবাচক আত্মা মন্তবলৈ লৈ যায়।

তলত কেইটামান উদাহৰণ দিয়া হ’ল যিবোৰে শিশুক শাস্ত আৰু জটিল পৰিস্থিতিত নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব পৰাৰ শিক্ষণ লাভত সহায় আগবঢ়ায় আৰু প্রতিক্রিয়া প্রকাশ কৰিবলৈ প্ৰৰোচিত নকৰে।

(i) প্ৰৰোচনাৰ বাবে প্ৰস্তুতি (Prepare for provocation): শিশুক কঠিন পৰিস্থিতি সম্পৰ্কে প্ৰত্যাশা কৰিবলৈ শিকোৱা আৰু প্ৰৰোচিত নহ’বলৈ কোৱা।

(ii) সমস্যাৰ মুখামুখি হোৱা (Confront the difficulty): কল্পনা বা অভিনয়ৰ খেলা বা অনুশীলনৰ দ্বাৰা, শিশুক প্ৰৰোচনাৰ মুখামুখি হ’বলৈ ব একে সময়তে নিয়ন্ত্রণ আশা কৰা এক প্ৰতিক্ৰিয়া পাব পাৰি সেই বিষয়ে শিকোৱা।

(iii) প্ৰৰোচনাৰ সৈতে মকামিলা কৰা (Cope with the provocation): মকামিলাৰ সময়ত শিশুৱে শাৰীৰিক প্ৰতিক্ৰিয়াৰ দ্বাৰা যেন পশীৰ টান আৰু থং বা ভয়ৰ সৃষ্টি আৰু এইবোৰ অনুসৰণৰ সাধাৰ মকামিলাৰ কৌশলসমূহৰ প্ৰতি সজাগ হয়।

(iv) ফলাফলত প্রতিফলন (Reflect on the connsequences): শিশুক ইতিবাচকেই হওঁক বা নেতিবাচকেই হওঁক প্ৰৰোচনাৰ ফলাফলসমূহ পৰিচালনা কৰিবলৈ শিকাব লাগে। শিশুৱে নিজৰ সম্বন্ধে প্রতিক্রিয়াশীল হ’বৰ বাবেও উদগনি পায়, বন্ধুৰ সৈতে কথাপাতি, মাক-দেউতাকৰ সৈতে কথা পাতি আনৰ প্ৰতিক্ৰিয়াসমূহৰ ফলাফলৰ প্ৰতি সজাগ হৈ উঠে।

আত্ম-নির্দেশনামূলক প্রশিক্ষণ (Self Instructional Training): এই ধৰণৰ নিৰ্দেশনাই মূখ্য কৌশলৰ এলেকাৰ বিকাশত “আত্ম কথন” প্ৰতিক্ৰিয়াসমূহ অন্তর্ভুক্ত কৰি সেইবোৰ কেন্দ্ৰীভূত কৰি লয়। আত্ম নিৰ্দেশনাৰ ধাপসমূহ হ’লঃ

(i) সমস্যা চিনাক্তকৰণৰ শিক্ষণ।

(ii) আত্ম প্রশ্ন কৰাব শিক্ষণ।

(iii) মনোযোগৰ শিক্ষণ– সঠিক প্রতিক্রিয়াৰ ক্ষমতাত কেন্দ্ৰীভূতকৰণ।

(iv) উঠি অহা শিশুৱে যাতে নিজৰ প্ৰতিক্ৰিয়াৰ মূল্যাংকন কৰিব পাৰে আৰু গ্ৰহণ কৰাবোৰক পুৰস্কৃত কৰিব পাৰে তাৰ বাবে আত্ম সবলিতকৰণ ক্ষমতাৰ শিক্ষণৰ দৰকাৰ।

(v) আত্ম সংশোধনৰ আৰু মকামিলাৰ নিৰ্বাচনে অবিৰতভাৱে শিশুৰ আচৰ অভিৰোচিত কৰে, বিকল্প মূল্যাংকন কৰাত সহায় করে সাজটি ঐজিক সমাধান স্তৰত উপস্থিত কৰায়।

2. নৈতিকতাৰ কিদৰে বিকাশ হয়? 

উত্তৰঃ সামাজিক বিকাশত শুদ্ধ আৰু অশুদ্ধৰ অনুমানৰ বিকাশ এক গুৰুত্বপূর্ণ দিশ। এই অনুমানে এগৰাকী ব্যক্তিৰ আত্ম আগ্রহ ভাৰসাম্য হৈ থকাত সহায় কৰে আৰু আনবো উপকাৰ কৰে। আনকথাত ক’বলৈ হ’লে, এনেধৰণৰ নীতিৰ জ্ঞান আহৰণ প্ৰক্ৰিয়াই নৈতিকতাক উৎসাহিত কৰে অথবা সামাজিক জীৱনৰ বিশেষত্বৰ ধাৰণা গঠনত প্ৰয়োজন হোৱা মানদণ্ডৰ বিষয়ে উপলব্ধিত সহায়ক হয়। স্তৰ অনুযায়ী নৈতিকতাৰ বিকাশ হয়। আনৰ সম্পৰ্কে ধাৰণাৰ বিকাশ আৰু পটভূমিয়ে নৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লয়। শৈশৱৰ সময়ছোৱাত শিশুৱে সামাজিক পাৰস্পৰিক ক্রিয়া চিনাক্ত কৰে ওলোটা প্ৰক্ৰিয়াৰে। ব্যক্তিৰ ক্ৰিয়া নিজৰ ওপৰত নিৰ্ভৰ কৰে আৰু এই উপলব্ধিতো এক বৃহৎ লাভ। সাধাৰণতে, আঠ বছৰ বয়সলৈ আনৰ সাধাৰণ আৰু নিৰ্দিষ্ট গুণাৱলীৰসমূহৰ ওপৰত শিশুসকলৰ মনোযোগ কেন্দ্ৰীভূত হয় আৰু তেওঁলোকে আনক প্ৰশংসা কৰিবলৈ অসুবিধা পায়। তেওঁলোকে ক্রমান্বয়ে আনব দৃষ্টিভংগী বুজিবলৈ শিকে। এই ক্ষমতাৰ আৰম্ভণি হয় শৈশৱত আৰু কৈশোৰ কাললৈ চলি থাকে।

গৱেষকসকলে বৌদ্ধিক বিকাশৰ ধৰণ বাখ্যা কৰাৰ বাবে চেষ্টা চলোৱাৰ লগতে কিদৰে নৈতিক যুক্তিৰো বিকাশ হয় সেই দিশলৈ লক্ষ্য কৰে। পিঁয়াজে ৯-১০ বছৰৰ শিশুৱে নৈতিকতাৰ বাধ্যবাধকতা প্ৰদৰ্শন কৰিব পাৰে বুলি দেখুৱাইছে।

এই সময়ছোৱাত শিশুৱে সামাজিক নীতিৰ সাদৃশ্যৰ পৰিভাষাৰ চিন্তা কৰে। এই নীতিবোৰে ঘটনাৰ এটা দিশ কেন্দ্ৰীভূত কৰে আৰু আনবোৰক অৱহেলা কৰে। উদাহৰণ স্বৰূপে, যদি কোনো শিশুক সোধা হয় কোনে শাস্তি পোৱাতো প্রয়োজন, যিজন শিশুৱে পাকঘৰলৈ প্রিয় খাদ্য চুৰ কৰি খাবলৈ গৈছিল আৰু জাৰতো (Jar) য’ত খাদ্য আছিল চুবলৈ গৈ কাপ ভাঙিছিল বা অইন এটা শিশু যিয়ে একো নাজানে আৰু দুৰ্ঘটনাবশতঃ দুৱাৰ খোলোতে দুৱাৰৰ কাষতে ৰখা পাঁচটা কাপ ভাঙিছে তেওঁক এটা কাপ ভঙা শিশুতকৈ অধিক শাস্তি দিবলৈ নির্দেশ দিব। বয়স্ক শিশুৱে আনধৰণৰ যুক্তি অনুসৰণ কৰিব। তেওঁলোকে উদ্দেশ্যতো লক্ষ্য কৰিব আৰু নীতিসমূহ পৰিৱৰ্তনশীল নহয় বুলি বিচাৰ নকৰিব। নৈতিক নীতিসমূহৰ প্ৰয়োজন সাপেক্ষে সলনি হয়। ইয়াক সহযোগিতাৰ নৈতিকতা বুলি জনা যায়। আমি ধনি শিশুৰ যুক্তিৰ তুলনা কৰো উপলব্ধি কৰিব পাৰিম যে শিশুসকলৰ নৈতিকতা স্বপ্নবৃত্ত (autonomous) প্ৰকৃতিৰ।

সমাজীকৰণ প্ৰক্ৰিয়াত, নৈতিক বিশ্বাসসমূহ অভ্যন্তরীণ কৰি তোলা হয় আৰু এইবোৰে প্ৰদান কৰে নৈতিক বিকাশৰ আধাৰ। বিকাশৰ প্ৰক্ৰিয়াত নৈতিক ধাৰণা শিশুসকলৰ মাজত অতি কম বয়সৰ পৰাই আৰম্ভ হয়। নৈতিকতাৰ প্ৰথম ভৰতো হ’ল ফলাফল অর্থাৎ ৭বৰৰ আগতে, শিশুৰ দৃষ্টি অথবা শ্রেণীমূলক কিয়াবোৰ হ’ল ইতিবাচক ‘ভাল’ৰ ফল নতুবা নেতিবাচক ‘বেয়া’ৰ ফল। এই ধৰটোক ‘বস্তুগত নৈতিক দিশ স্থিতি’ বুলি কোৱা হয়। সাত বছৰৰ পাছত, কোনো ক্ৰিয়াৰ পাছত থকা উদ্দেশ্যৰ প্ৰতি আমাৰ মনোযোগ কেন্দ্ৰীভূত হয়। এইবোৰক বিষয়বস্তুগত নৈতিক দিশস্থিতি বুলি কোৱা হয় আৰু ইয়াৰ বিকাশ সাধাৰণতে শিশুগৰাকী ১০ বছৰ বয়সত উপনীত হোৱাৰ সময়ত হয়।

নৈতিক যুক্তি বিভিন্ন স্তৰৰে পাৰ হয়, ক্রমান্বয়ে, প্ৰাক্‌-ৰীতিৰ বা লৌকিক ক্তৰ, ৰীতিৰ বা লৌকিক স্তৰ আৰু পাছৰ ৰীতি বা লৌকিক স্তৰ।

প্ৰাকৃতিৰ স্তৰত, যুক্তি কিছু ক্ষেত্ৰত আত্মকেন্দ্রিক আৰু ব্যক্তিগত আচৰণৰ ফলাফলত কেন্দ্ৰীভূত হয়। তাৰ পাছৰ লৌকিক স্তৰত, যুক্তি কেন্দ্রীভূত হয় নৈতিক নীতি বুলি বিচাৰ কৰা বিষয়বোৰৰ ওপৰত। কৈশোৰ অৱস্থাত ব্যক্তি পাছৰ লৌকিক স্তৰত প্ৰবেশ কৰে য’ত ব্যক্তিয়ে বিমূর্ত নীতিৰ ওপৰত নিৰ্ভৰশীল হয়। কহলবাৰাৰ দ্বাৰা কল্পনা কৰা নৈতিক বিকাশৰ ভৰৰ চমু বিৱৰণ তলত দিয়া হ’ল।

পূর্ব প্রচলিত স্তৰ (Proconventional Level):

স্তৰ এক: নৈতিক বিচাৰৰ আনুগত্য আৰু শাস্তিৰ ওপৰত প্ৰতিষ্ঠিত। কর্তৃত্বৰ প্ৰতি অনুগতাৰ ক্ৰিয়াই নির্দেশ কৰে আৰু ব্যক্তিয়ে শাস্তিৰ আওকাণ কৰাতো ভাল বুলি ধৰা হয়।

স্তৰ দুই: যিবোৰ ক্ৰিয়াই ব্যক্তিৰ প্ৰয়োজন পূৰণ কৰে সেইবোৰক ভাল হিচাপে লোৱা হয়। আনহাতে যিবোৰ নহয় সেইবোৰক বেয়া হিচাপে লোৱা হয়। 

প্রচলিত স্তৰ (Proconventional Level):

স্তৰ তিনি: যিবোৰ ক্ৰিয়া আনৰ দ্বাৰা অনুমোদিত সেইবোৰ ভাল আৰু যিবোৰ অনুমোদিত নহয় সেইবোৰ বেয়া বুলি নামকৰণ কৰা হয়। স্তৰ চাৰি ৪ ক্ৰিয়া যিবোৰৰ দ্বাৰা ব্যক্তিয়ে কর্তব্য কৰে বা যিবোৰে আইনৰ প্ৰতি আৰু কৰ্তৃত্বৰ প্ৰতি শ্ৰদ্ধা দেখুৱায় সেইবোৰক ভাল বুলি ধৰা হয়। ক্রিয়া যিবোৰে কৰ্তব্যত হিংস্রতা আনে সেইবোৰক বেয়া বুলি ধৰা হয়।

পৰৱৰ্তী প্ৰচলিত স্তৰ (Postconventional Level):

স্তৰ পাঁচ: ক্রিয়া, যিবোৰে সম্প্ৰদায়ৰ উন্নতিৰ বাবে স্থিৰতা প্ৰদান কৰে সেইবোৰক ভাল বুলি ধৰা হয়। ক্ৰিয়া যিবোৰ সম্প্ৰদায়ৰ আইনৰ দ্বাৰা পৰিচালিত নহয় সেইবোৰক বেয়া বুলি ধৰা হয়

স্তৰ ছয়: ক্রিয়া, যিবোৰ ব্যক্তিৰ নিজস্ব নিৰ্বাচিত বিচাৰৰ মাপ আৰু অপৰিৱৰ্তিত সেইবোৰক ভাল বুলি ধৰা হয়। ক্রিয়া, যিবোৰ সেই ধৰণৰ মাপৰ সৈতে অপৰিৱৰ্তিত নহয় সেইবোৰক বেয়া বুলি ধৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top