ASOS Class 12 Psychology Chapter 1 মনোবিজ্ঞানঃ আত্ম আৰু আনসকলৰ মনন

ASOS Class 12 Psychology Chapter 1 মনোবিজ্ঞানঃ আত্ম আৰু আনসকলৰ মনন, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 1 মনোবিজ্ঞানঃ আত্ম আৰু আনসকলৰ মনন and select needs one.

ASOS Class 12 Psychology Chapter 1 মনোবিজ্ঞানঃ আত্ম আৰু আনসকলৰ মনন

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Psychology Chapter 1 মনোবিজ্ঞানঃ আত্ম আৰু আনসকলৰ মনন Solutions for All Subject, You can practice these here.

মনোবিজ্ঞানঃ আত্ম আৰু আনসকলৰ মনন

Chapter : 1

1.1 পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

(ক) শুদ্ধ বিকল্পবোৰ বাছি উলিওৱাঃ

(১) মনোবিজ্ঞানক অধিক সঠিকভাৱে মূল্যায়ন কৰা হৈছে:

(ক) মনৰ অধ্যয়ন হিচাপে।

(খ) অবচেতন মানসিক প্ৰক্ৰিয়াসমূহৰ বৈজ্ঞানিক অধ্যয়ন হিচাপে।

(গ) মন, মগজু আৰু আচৰণৰ বিজ্ঞান হিচাপে। 

(ঘ) আচৰণ আৰু জ্ঞানৰ বিজ্ঞান হিচাপে।

উত্তৰঃ (গ) মন, মগজু আৰু আচৰণৰ বিজ্ঞান হিচাপে।

(২) তলৰ কোনটো মনোবিজ্ঞানীসকলৰ দ্বাৰা ব্যৱহাৰ কৰা নহয়?

(ক) সাক্ষাৎকাৰ।

(খ) এগৰাকী লোকৰ হাতৰ তলুৱাৰ ৰেখা অধ্যয়ন।

(গ) পৰীক্ষণ।

(ঘ) পৰ্যবেক্ষণ।

উত্তৰঃ (গ) পৰীক্ষণ।

1.2 পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

(ক) তলত দিয়া উক্তিবোৰ মিলোৱাঃ

(ক)(খ)
(১) জৈৱিক পৰিপ্ৰেক্ষিত।(ক) ইতিবাচক শক্তি হিচাপে মানৱ প্ৰাণীসমূহ।
(২) আচৰণমূলক পৰিপ্ৰেক্ষিত।(খ) আচৰণে মানসিক প্ৰক্ৰিয়া অন্তৰ্ভুক্ত কৰি লয়।
(৩) মনোগতিশীল পৰিপ্ৰেক্ষিত।(গ) জৈৱিক সত্তাৰ কাৰ্য।
(৪) প্ৰজ্ঞানাত্মক পৰিপ্ৰেক্ষিত।(ঘ) মন, দেহ আৰু আত্মাৰ সমন্বয়।
(৫) মানৱতাবাদী পৰিপ্ৰেক্ষিত।(ঙ) মনৰ সচেতন দিশ।
(৬) ভাৰতীয় পৰিপ্ৰেক্ষিত।(চ) পৰিবেশীয় বৈশিষ্ট্যসমূহৰ কাৰ্য।

উত্তৰঃ 

(ক)(খ)
(১) জৈৱিক পৰিপ্ৰেক্ষিত।(গ) জৈৱিক সত্তাৰ কাৰ্য।
(২) আচৰণমূলক পৰিপ্ৰেক্ষিত।(চ) পৰিবেশীয় বৈশিষ্ট্যসমূহৰ কাৰ্য।
(৩) মনোগতিশীল পৰিপ্ৰেক্ষিত।(ঙ) মনৰ সচেতন দিশ।
(৪) প্ৰজ্ঞানাত্মক পৰিপ্ৰেক্ষিত।(খ) আচৰণে মানসিক প্ৰক্ৰিয়া অন্তৰ্ভুক্ত কৰি লয়।
(৫) মানৱতাবাদী পৰিপ্ৰেক্ষিত।(ক) ইতিবাচক শক্তি হিচাপে মানৱ প্ৰাণীসমূহ।
(৬) ভাৰতীয় পৰিপ্ৰেক্ষিত।(ঘ) মন, দেহ আৰু আত্মাৰ সমন্বয়।

(খ) তলত দিয়া উক্তিবোৰ সঁচা অথবা মিছা উল্লেখ কৰাঃ

(১) সমাজবিজ্ঞান আৰু মনোবিজ্ঞানে মানৱ আচৰণৰ ওপৰত সামাজিক পৰিস্থিতিৰ প্ৰভাৱ উপলব্ধি সহায় কৰে। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(২) নৃতত্ব বিজ্ঞানে মানৱ জাতিৰ ক্ৰমবিকাশ আৰু সভ্যতাৰ বিকাশৰ বিষয়ে অধ্যয়ন কৰা। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(৩) শিক্ষা আৰু মনোবিজ্ঞান সম্বন্ধযুক্ত নহয়। (সঁচা/মিছা)

উত্তৰঃ মিছা।

(৪) মানৱ আচৰণৰ কোনো জৈৱিক ভেঁটি নাই। (সঁচা/মিছা)

উত্তৰঃ মিছা। 

1.3 পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

(ক) শুদ্ধ বিকল্পবোৰ বাছি উলিওৱাঃ

(১) তলৰ কোনগৰাকী মনোবিজ্ঞানী মনোবৈজ্ঞানিক সমস্যাসমূহৰ চিকিৎসাৰ লগত অধিকভাৱে জড়িত?

(ক) পৰামৰ্শ প্ৰদানকাৰী মনোবিজ্ঞানী।

(খ) সম্প্ৰদায় মনোবিজ্ঞানী।

(গ) নৈদানিক মনোবিজ্ঞানী।

(ঘ) সামাজিক মনোবিজ্ঞানী।

উত্তৰঃ (গ) নৈদানিক মনোবিজ্ঞানী।

(২) ধৰি লোৱা হল তুমি, মানুহে ইজনে সিজনক আকৰ্ষণ কৰা আৰু বন্ধুত্বৰ দিশলৈ আগবঢ়াই নিয়া উপাদানবোৰৰ ওপৰত এটা প্ৰৱন্ধ লিখি আছা। এয়া সম্ভাব্য যে তুমি এনে কিতাপবোৰ পঢ়িবলৈ প্ৰচেষ্টা চলাবা যিবোৰ লিখা হৈছেঃ

(ক) বিকাশমূলক মনোবিজ্ঞানীৰ দ্বাৰা।

(খ) শিক্ষামূলক মনোবিজ্ঞানীৰ দ্বাৰা।

(গ) সামাজিক মনোবিজ্ঞানীৰ দ্বাৰা।

(ঘ) সম্প্ৰদায় মনোবিজ্ঞানীৰ দ্বাৰা।

উত্তৰঃ (গ) সামাজিক মনোবিজ্ঞানীৰ দ্বাৰা।

(৩) তুমি মনোবিজ্ঞানীসকলৰ এখন সভা/আলোচনাচক্ৰত উপস্থিত আছা। তুমি উপলব্ধি কৰিছা যে এটা আলোচনা শিশুসকলৰ প্ৰত্যক্ষিক সামৰ্থস্যমূহৰ ওপৰত, দ্বিতীয়টো বয়সীয়া লোকসকলৰ সমাজিকৰণৰ ওপৰত আৰু তৃতীয়টোৱে ডাঙৰসকলৰ শাৰীৰিক পৰিৱৰ্তসমূহৰ সৈতে মোকাবিলা কৰিছে। এইক্ষেত্ৰত মনোবিজ্ঞনীসকলৰ বিশেষ বিদ্যা সম্পৰ্কে তোমাৰ অনুমান কি?

(ক) দেহতত্ত্বমূলক।

(খ) প্রজ্ঞানাত্মক।

(গ) সামাজিক।

(ঘ) বিকাশমূলক।

উত্তৰঃ (ঘ) বিকাশমূলক।

পাঠ্য সমাপ্তি অনুশীলনৰ উত্তৰঃ

1. মনোবিজ্ঞানৰ প্ৰকৃতি ব্যাখ্যা কৰা।

উত্তৰঃ মানৱ প্ৰাণীসমূহে কিভাৱে পৰিৱেশৰ পৰা খবৰ গ্ৰহণ কৰে আৰু বস্তুবোৰ উপলব্ধি কৰে?

মানুহে কিদৰে অভিজ্ঞতাসমূহ শিকি লয় আৰু মনত পেলায়?

মানুহে কিদৰে চিন্তা কৰে, যুক্তি প্ৰদান কৰে আৰু সমস্যাসমূহ সমাধান কৰে?

বিভিন্ন ধৰণৰ মনোবৈজ্ঞানিক বৈশিষ্ট্যসমূহ যেনে- বুদ্ধি, ব্যক্তিত্ব আৰু আগ্ৰহ আদি দিশৰ পৰা তেওঁলোক কিভাৱে পৃথক হৈ পৰে?

জীৱনৰ বিভিন্ন সমস্যাৰ সৈতে মানুহে কিধৰণে মোকাবিলা কৰে?

এই মূহূৰ্তৰ উপলব্ধিয়ে এই কথাটো সুস্পষ্ট কৰি তুলিব যে ওপৰৰ সকলোবোৰ প্ৰশ্নৰ মস্তিষ্ক, মন অথবা মানসিক কৰ্যসমূহ আৰু আচৰণ অন্তৰ্ভুক্ত হৈ আছে। যিকোনো নিৰীক্ষণসাধ্য কাম হৈছে মস্তিষ্ক, মন আৰু আচৰণৰ সমন্বয়ৰ পৰিণতি। মস্তিষ্কৰ এটা ভৌতিক গাঠনি আছে আনহাতে মনৰ মস্তিষ্কৰ কৰ্যমূলক যুগ্মবস্তুৰ এটা হিচাপে, বিবেচনা কৰা হয়। মনোবিজ্ঞানে এইবোৰৰ মাজৰ থকা সংযোজনসমূহ বৈশিষ্ট্যপূৰ্ণ কৰি তোলা নীতিসমূহ আৰু কৰ্জবিধিসমূহৰ এটা বিজ্ঞানসন্মতভাৱে উপলব্ধিত প্ৰচেষ্টা চলায়।

আমি আমাৰ দৈনন্দিন জীৱনত নানা ধৰণেৰে আচৰণ কৰো আৰু ‘আচৰণ’ শব্দটো মৌখিক তথা মনোবৈজ্ঞানিক প্ৰতিক্ৰিয়াসমূহ উল্লেখ কৰাৰ বাবে ব্যৱহাৰ কৰো।

মনোবৈজ্ঞানিক বিষয়সমূহৰ আগ্ৰহৰ দীঘলীয়া অতীত আছে। যি কি নহওক আধুনিৰ চেতনাৰ মনোবৈজ্ঞানিক পৰিঘটনাসমূহৰ উপলব্ধি ৰীতিসন্মত কৰি তোলাৰ প্ৰয়াসসমূহ ১৯ শতিকাৰ ভিতৰতহে আৰম্ভ হৈছিল। দৰ্শন আৰু প্ৰাকৃতিক বিজ্ঞাসমূহৰ দৰে অধ্যয়নৰ বিষয়সমূহত হোৱা বিকাশবোৰৰ দ্বাৰা এনে প্ৰক্ৰিয়া প্ৰভাৱান্বিত হৈছিল। সাম্প্ৰতিক কালত মনোবিজ্ঞানক এটা বিজ্ঞান আৰু একেদৰে জীৱনৰ গুণগত উন্নতি সাধনাৰ দিশলৈ অৱদান আগবঢ়াই থকা বৃত্তি হিচাপে বিবেচনা কৰা হৈছে। ইয়ে নানাধৰণৰ মানসিক দিশ আৰু আচৰণমূলক কাৰ্যৰ দিশসমূহৰ উপৰত প্ৰাথমিকভাৱে দৃষ্টি নিক্ষেপ কৰে। মনোবিজ্ঞানীসকলে আচৰণমূলক পৰিঘটনাসমূহৰ কাৰণবোৰ উপলব্ধি কৰিবলৈ আৰু সেইবোৰৰ বিষয়ে নীতিসমূহ আৰু তত্ত্বসমূহ বিকাশপ্ৰাপ্ত কৰি তোলাৰ বাবে বিজ্ঞানসন্মত পদ্ধতিবোৰ ব্যৱহাৰ কৰে। এওঁলোকে মানৱ আচৰণৰ লগত সম্বন্ধ থকা নানধৰণৰ প্ৰশ্নসমূহ উপলব্ধি কৰাৰ প্ৰচেষ্টা চলায়।

2. মনোবিজ্ঞানৰ মনোগতিশীল পৰিপ্ৰেক্ষিতৰ বৰ্ণনা প্ৰদান কৰা।

উত্তৰঃ আমি আমাৰ ক্ৰিয়াৰ প্ৰকৃত কাৰণ সম্পৰ্কে  প্ৰায়ে সচেতন নহওঁ। মনোবিশ্লেষণৰ আৱিষ্কাৰক চিগমাণ্ড  ফ্ৰয়েডৰ এই দৃষ্টিভঙ্গীৰ সৈতে ওচৰ সম্পৰ্ক আছিল। আচৰণৰ অভিৰোচনামূলক প্ৰশ্নৰ ওপৰত মনোযোগ নিবিষ্ট কৰি, এই পটভূমিয়ে আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ ভূমিকা পৰীক্ষা কৰে। ই বিশ্বাস কৰে যে প্ৰত্যেক আচৰণৰে একোটা কাৰণ থাকে আৰু এনে কাৰণ মনৰ মাজত বিচাৰি পোৱা যায়। ইয়াৰ দ্বাৰা জানিব পৰা যায় যে আমাৰ সহৰভাগ আচৰণ অৱচেতন মনৰ প্ৰক্ৰিয়াই শাসন কৰে যিটো আমাৰ সচেতনতাৰ সীমাৰ বহিভূৰ্ত। মানসিক বিশৃংখলতাত ভুগি থকা ব্যক্তিক পৰ্যবেক্ষণ কৰিবলে এনে দৃষ্টিভংগী ব্যৱহাৰ কৰা হয় আৰু এনে দৃষ্টিভংগীত প্ৰাক শৈশৱকালৰ অভিজ্ঞতাক বয়স্ক লোকৰ আচৰণৰূপে গণ্য কৰে। এনে দৃষ্টিভংগী অনুসৰি, প্ৰাথমিকভাৱে মানুহে যৌন আৰু কলহপ্ৰিয় প্ৰবৃত্তিৰ দ্বাৰা অনুপ্ৰাণিত। নব্য ফ্ৰয়ে পন্থী, যেনে- হৰ্নি,এৰিকচন আৰু এৰিক ফ্রমে মনোবিশ্লেষণ বিভিন্ন আকাৰত বিকাশপ্ৰাপ্ত কৰি তুলিছে। সেইদৰে য়ুঙ আৰু এডলাৰে বিভিন্ন পৰস্পৰাসমূহৰ বিকাশ ঘটাইছিল।

3. শিক্ষাৰ সৈতে মনোবিজ্ঞান কিদৰে জড়িত?

উত্তৰঃ শিক্ষা আৰু মনোবিজ্ঞানৰ দীৰ্ঘদিনীয়া সম্বন্ধৰ ইতিহাস আছে। শিক্ষাৰ তত্ত্ব আৰু অনুশীলনসমূহ বিভিন্ন ধৰণৰ মনোবৈজ্ঞানিক প্ৰক্ৰিয়া সম্বন্ধে যেনে– শিক্ষণ, স্মৃতি, অভিৰোচন, ব্যক্তিত্ব আৰু বুদ্ধি, নীতিসমূহ আৰু সিদ্ধান্তসমূহৰ ওপৰত নিৰ্ভৰ কৰিছে। ইয়াৰোপৰি ফলপ্ৰসূ শ্ৰেণীকক্ষৰ শিকোৱা কাৰ্য আৰু শিক্ষণ তেতিয়াহে সম্ভৱ যেতিয়া মানৱ বিকাশৰ নীতিসমূহক লৈ শিক্ষকসকলক প্ৰশিক্ষিত কৰি তোলা হয়। ল’ৰা-ছোৱালীসকল সক্ৰিয় শিকাৰু যিসকলে সংবাদসমূহ সংসাধন কৰে আৰু সেই অনুসৰি কাৰ্য সম্পাদন কৰে। গতিকে, এগৰাকী শিক্ষক অভিৰোচন আৰু যোগাযোগৰ কৌশলসমূহৰ ক্ষেত্ৰত সুকৌশলি হৈ উঠাটো প্ৰয়োজনীয় হৈ পৰে। শিক্ষকসকলে প্ৰায়েই ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলক নিৰ্দেশনা আৰু পৰামৰ্শ প্ৰদান কৰাটো প্ৰয়োজনীয় হৈ উঠে। একেধৰণে ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যায়নৰ বাবে মনোবৈজ্ঞানিক মূল্যাংকনৰ নীতি আৰু প্ৰক্ৰিয়াসমূহৰ মৌলিক উপলব্ধিৰো প্ৰয়োজন হয়। 

4. নৈদানিক মনোবিজ্ঞান আৰু ঔদ্যোগিক মনোবিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰসমূহ আলোচনা কৰা।

উত্তৰঃ নৈদানিক মনোবিজ্ঞান: এগৰাকী নৈদানিক মনোবিজ্ঞানী সম্পৰ্কে সাধাৰণ প্ৰতিৰূপটো হৈছে এগৰাকী চিকিৎসকৰ যিয়ে মনোবৈজ্ঞানিক বিশৃংখলতাবোৰৰ কাৰণসমূহ নিৰূপণ কৰে আৰু মনোথেৰাপি ব্যৱহাৰ কৰি সেইবোৰ চিকিৎসা কৰে। দৰাচলতে তেওঁ এগৰাকী চিকিৎসক নহয় আৰু তেওঁক চিকিৎসাৰ ডিগ্ৰীধাৰী এগৰাকী মনোৰোগ চিকিৎসক হিচাপে ভুল কৰিব নালাগে। তেওঁ লক্ষণসমূহৰ পৰা মুক্তি দিয়াৰ বাবে মানুহক তেওঁলোকৰ সমস্যাসমূহৰ কাৰণবোৰ উপলব্ধি কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ বাবে নানাধৰণৰ কৌশলসমূহ ব্যৱহাৰ কৰে। 

এগৰাকী নৈদানিক মনোবিজ্ঞানীয়ে ব্যক্তিত্বৰ পৰিৱৰ্তন ঘটোৱাৰ বাবে প্ৰচেষ্টা চলায় যাতে ব্যক্তিগৰাকীয়ে তেওঁৰ অৱস্থাৰ লগত সমাযোজিত ধৰণে মোকাবিলা কৰিব পাৰে। এগৰাকী নৈদানিক মনোবিজ্ঞানীয়ে মূলতঃ বিকাশত নেতিবাচক অথবা সমস্যামূলক দিশসমূহ চিনাক্তকৰণৰ আৰু সেইবোৰ উপশমৰ লক্ষ্য কৰি লয়। উদাহৰণ হিচাপে, এগৰাকী নৈদানিক মনোবিজ্ঞানীয়ে ভয়, একপ্রকাস যুক্তিসংগত ভয়ৰ আচৰণ চিকিৎসা কৰি সেই আচৰণ সজীৱ হৈ থকা প্ৰবলন আঁতৰ কৰাৰ প্ৰচেষ্টা চলায় আৰু একে সময়তে মানুহৰ মাজত অধিক যুক্তিসন্মত তথা ফলপ্ৰসূ মোকাবিলা শিকি লোৱা প্ৰক্ৰিয়াৰ উন্নতি ঘটোৱাৰ বাবে প্রবলন প্ৰদান কৰাৰ প্ৰচেষ্টা চলায়। 

ঔদ্যোগিক মনোবিজ্ঞানৰ: যিসকল মনোবিজ্ঞানীয়ে এইক্ষেত্ৰত কাম কৰি আছে, তেওঁলোকে উদ্যোগসমূহ আৰু অন্যান্য সংগঠনসমূহৰ সমাধান, উৎপাদনশীলতা আৰু আন্তঃব্যক্তিক তথা দলীয় সম্পৰ্কসমূহৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। সাংগঠনিক বিকাশৰ বাবে বিভিন্ন ধৰণৰ হস্তক্ষেপসমূহ (যেনে– দল, গঠন কৰি লোৱা, যোগাযোগৰ কৌশলসমূহৰ বিকাশ, লক্ষ্য স্থিৰ কৰি লোৱা, কামৰ আৰ্হি তৈয়াৰ কৰা) কামৰ পটভূমিসমূহৰ পৰিস্থিতিসমূহ উন্নত কৰাৰ বাবে আৰু উৎপাদনসমূহৰ গুণ বৃদ্ধি কৰাৰ বাবে বৰ্তমান প্ৰয়োগ কৰা হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top