ASOS Class 12 Political Science Chapter 6 মৌলিক অধিকাৰ সমূহ

ASOS Class 12 Political Science Chapter 6 মৌলিক অধিকাৰ সমূহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 6 মৌলিক অধিকাৰ সমূহ and select needs one.

ASOS Class 12 Political Science Chapter 6 মৌলিক অধিকাৰ সমূহ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 6 মৌলিক অধিকাৰ সমূহ Solutions for All Subject, You can practice these here.

মৌলিক অধিকাৰ সমূহ

Chapter : 6

6.1. পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

উপযুক্ত শব্দ/ সংখ্যা বহুৱাই খালি ঠাই পূৰ কৰা— 

১। সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰ তালিকাৰ পৰা বাতিল কৰা হৈছিল _______সংশোধনী মতে। (42 তম / 43 তম / 44 তম)

উত্তৰঃ 44 তম।

২। সংবিধানৰ তৃতীয় অংশত দিয়া অধিকাৰবোৰক কোৱা হয়_________। (বৈধ অধিকাৰ /অৰ্থনৈতিক অধিকাৰ/ মৌলিক অধিকাৰ) 

উত্তৰঃ মৌলিক অধিকাৰ।

6.2. পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পূৰ কৰাঃ

১। সমতাৰ অধিকাৰ______বৈষম্য আঁতৰাব বিচাৰে। (নৈতিক/সামাজিক/ৰাজনৈতিক)

উত্তৰঃ সামাজিক।

২। সমতাৰ অধিকাৰ______ধৰণৰ আছে। (৩/৪/৫)

উত্তৰঃ ৫।

৩।________ৰ অধিকাৰে অস্পৃশ্যতা দূৰ কৰিব বিচাৰে। (সমতা/স্বাধীনতা/ধর্ম)

উত্তৰঃ সমতা।

৪। ৰাষ্ট্ৰইশিশু আৰু মহিলাৰ শোষণৰ বিৰুদ্ধে ______ব্যৱস্থা কৰিব পাৰে। (প্ৰচলিত/বিশেষ/সাধাৰণ) 

উত্তৰঃ বিশেষ।

৫। সমতাৰ অধিকাৰ ________সমতা প্রতিষ্ঠা কৰিব বিচাৰে। (সামাজিক/ নৈতিক/ ৰাজনৈতিক) 

উত্তৰঃ সামাজিক।

6.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

প্ৰতিটো প্ৰশ্নৰ চাৰিটাকৈ পচন্দ দিয়া আছে। শুদ্ধ পচন্দটো নির্বাচন ক আৰু (✓) চিন দিয়া।

১। স্বাধীনতাৰ অধিকাৰত স্বাধীনতা দিয়া হৈছেঃ

(ক) ৫ টা।

(খ) ৬ টা।

(গ) ৭ টা।

(ঘ) ৮ টা।

উত্তৰঃ (খ) ৬ টা।

২। আৰক্ষীৰ দ্বাৰা আটক কৰা এজন ব্যক্তি নিকটবর্তী ন্যায়াধীশৰ ওচৰত হাজিৰ কৰাব লাগেঃ

(ক) 12 ঘণ্টাৰ ভিতৰত।

(খ) 24 ঘণ্টাৰ ভিতৰত।

(গ) 36 ঘণ্টাৰ ভিতৰত।

(ঘ) 48 ঘণ্টাৰ ভিতৰত।

উত্তৰঃ (খ) 24 ঘণ্টাৰ ভিতৰত।

৩। নিবাৰক নিৰোধক আইনৰ অধীনত আটক কৰা এজন ব্যক্তিক বিন বিচাৰে জেলত ৰাখিব পাৰিঃ

(ক) তিনি মাহ।

(খ) পাঁচ মাহ।

(গ) বাৰ মাহ।

(ঘ) ওঠৰ মাহ।

উত্তৰঃ (ক) তিনিমাহ।

৪। শিক্ষাৰ অধিকাৰক সংশোধনী অনুযায়ী মৌলিক অধিকাৰ হিচাে স্বীকৃতি দিয়া হয় । (৮৪ তম/ ৮৬ তম /৮৮ তম)

উত্তৰঃ ৮৬ তম।

6.4. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ 

উপযুক্ত সংখ্যা/ শব্দৰে খালি ঠাই পূৰণ কৰা—

১। আইনৰ দ্বাৰা________ বছৰ তলৰ শিশুক নিয়োগ কৰাটো নিষিদ্ধ। | (14/16/18)

উত্তৰঃ 14।

6.5. পাঠ্য অন্তর্গত প্রশ্নাবলীৰে উত্তৰঃ

উপযুক্ত শব্দ/ সংখ্যাৰে খালি ঠাই পূৰণ কৰা—

১। ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত ধৰ্ম________ৰ লগত জড়িত বিষয়বস্তু। (ব্যক্তি/সমাজ/ৰাষ্ট্ৰ)

উত্তৰঃ ব্যক্তি।

২। ৰাষ্ট্ৰৰ দ্বাৰা সম্পূৰ্ণ অনুদান প্রাপ্ত কোনো শিক্ষানুষ্ঠানত _________ শিক্ষা দিব নোৱাৰিব। (নৈতিক/ ধৰ্মীয়/ দুটাৰ এটাও নহয়) 

উত্তৰঃ ধৰ্মীয়।

6.6. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

বন্ধনীৰ ভিতৰত দিয়া উপযুক্ত শব্দ/ সংখ্যাৰে খালি ঠাই পূৰণ কৰা— 

১। ধর্মীয় বা ভাষিক _________তেওঁলোকৰ নিজা শিক্ষানুষ্ঠান স্থাপন কৰিব পাৰে। (সংখ্যালঘু /সংখ্যাগৰিষ্ঠই)

উত্তৰঃ সংখ্যালঘু।

২। ভাৰতত লেখবোৰ_________আদালতৰ দ্বাৰা জাৰি কৰা হয়। (নিম্ন/তলতীয়া/উচ্চ)

উত্তৰঃ উচ্চ ন্যায়ালয়।

৩। আদালতে কর্তৃপক্ষক এজন আটকাধীন ব্যক্তিক ইয়াৰ সন্মুখত হাজিৰ কৰাবলৈ দিয়া লেখ হ’ল________। (পৰমাদেশ/ নিষেধাজ্ঞা/ বন্দী প্রত্যক্ষীকৰণ)

উত্তৰঃ বন্দী প্রত্যক্ষীকৰণ।

৪। এজন ব্যক্তিক অকৃত্বশীলভাৱে চৰকাৰী পদবীত থকাৰ পৰা বাৰণ কৰা লেখটো হ’ল ______। (কৈফিয়ৎ তলবী/ উৎপ্রেষণ/ পৰমাদেশ) 

উত্তৰঃ কৈফিয়ৎ তলবী।

৫। এটা বিষয়ৰ উপযুক্ত বিবেচনাৰ বাবে হস্তান্তৰ কৰিবলৈ এখন নিম্ন আদালতক দিয়া আদেশটোক কোৱা হয়________। (বন্দী প্রত্যক্ষীকৰণ/ নিষেধাজ্ঞা/উৎপেষণ)

উত্তৰঃ উৎপ্রেষণ।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. সংবিধানত উল্লেখ কৰা মৌলিক অধিকাৰসমূহৰ গুৰুত্ব ব্যাখ্যা কৰা। 

উত্তৰঃ ১৯৭৬ চনৰ ৪২ তম সংবিধান সংশোধনীৰ জৰিয়তে সংবিধানৰ চাৰি (ক) নং অধ্যায়ত ইহঁতক সন্নিবিষ্ট কৰা হৈছিল। ১৯৭৬ চনৰ মে মাহত চৰণ সিং সমিতিৰ পৰামৰ্শত এই মৌলিক কৰ্তব্যসমূহক সংবিধানত সন্নিবিষ্ট কৰা হ’ল ৷ সেই পৰামৰ্শৰ ভিত্তিত সংবিধান প্রণেতাসকলে ৫১ (ক) অনুচ্ছেদত ১০টা মৌলিক কর্তব্য সংযোজন কৰিলে। ২০০২ চনৰ ৮৬ তম সংবিধান সংশোধনীৰ জৰিয়তে ইহঁতৰ সংখ্যা ১১ টালৈ বৃদ্ধি কৰা হ’ল।

ভাৰতীয় সংবিধানত সন্নিবিষ্ট হৈ থকা মৌলিক কৰ্তব্যসমূহ হ’লঃ 

(ক) সংবিধান মালি চলা আৰু ইয়াৰ আদৰ্শ, লক্ষ্য আৰু অনুষ্ঠানসমূহ জাতীয় পতাকা আৰু জাতীয় সংগীতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা।

(খ) ভাৰতবৰ্ষৰ জাতীয় আন্দোলনক প্ৰভাৱিত কৰা মহৎ আদৰ্শবোৰ পোষণ কৰা আৰু অনুসৰণ কৰা।

(গ) ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, একতা আৰু সংহতি সংৰক্ষণ কৰা।

(ঘ) ৰাষ্ট্ৰক নিৰাপত্তা দিয়া আৰু প্ৰয়োজন অনুসাৰে ৰাষ্ট্ৰীয় সেৱা আগবঢ়োৱা।

(ঙ) ধৰ্মীয়, ভাষিক আৰু আঞ্চলিক বৈষম্য নির্বিশেষে সকলো ভাৰতীয় লোকৰ মাজত ভ্রাতৃত্ববোধ আৰু একতাৰ আদৰ্শক বজাই ৰখা, মহিলাৰ সন্মান হানি কৰা প্ৰথাসমূহ অগ্রাহ্য কৰা।

(চ) ভাৰতবৰ্ষৰ সন্মিলিত সংস্কৃতিৰ শ্ৰেষ্ঠ পৰম্পৰাক সন্মান কৰা আৰু সংৰক্ষণ কৰা।

(ছ) প্রাকৃতিক পৰিৱেশ যেনে – অৰণ্য, হ্রদ, নদীবোৰ আৰু বন্য জীৱনক – নিৰাপত্তা দিয়া আৰু বিকাশৰ চেষ্টা কৰা আৰু জীৱিত সম্পদসমূহৰ প্ৰতি ভাল পোৱাৰ ভাৱ জাগ্ৰত কৰা।

(জ) বৈজ্ঞানিক দৃষ্টিভংগী আৰু অনুসন্ধিৎসু মনোভাৱৰ বিকাশ সাধন কৰা।

(ঝ) ৰাজহুৱা সম্পত্তিক সংৰক্ষণ কৰা আৰু সন্ত্ৰাসৰ সৃষ্টিৰ পৰা বিৰত থকা।

(ঞ) ব্যক্তিগত আৰু সামূহিক কাৰ্যসমূহৰ শ্ৰেষ্ঠতা অৰ্জন কৰা যাতে, ৰাষ্ট্ৰখনে উচ্চ স্তৰৰ প্ৰচেষ্টা আৰু সফলতা অৰ্জন কৰিব পাৰে।

(ট) অভিভাৱক বা পিতৃ-মাতৃয়ে ছয়ৰ পৰা চৈধ্য বছৰৰ ভিতৰৰ সন্তানসকলক শিক্ষাৰ সুবিধা দিয়া।

2. সমতাৰ অধিকাৰৰ যিকোনো তিনিটা দিশ উল্লেখ কৰা।

উত্তৰঃ সমতাৰ অধিকাৰৰ অৰ্থ হ’ল সকলো নাগৰিকে সমান সুযোগ সুবিধা ভোগ কৰিব। ই নাগৰিকসকলক জাতি, ধৰ্ম বৰ্ণ, লিংগ, জন্মস্থান আদিৰ ভিত্তিত কৰিব পৰা বৈষম্যমূলক আচৰণৰ পৰা সুৰক্ষা দিয়ে।

ভাৰতীয় সংবিধানেও সমগ্ৰ ভাৰতীয় জনগণৰ বাবে মৰ্যাদা আৰু সুযোগৰ ক্ষেত্ৰত সমতা প্ৰদান কৰিছে। সেয়া হ’ল—

(ক)আইনৰ শাসনৰ দ্বাৰা সমতা নিশ্চিত কৰা হৈছে,

(খ) সকলো ভাৰতীয় জনগণক আইনৰ চকুত সমান হিচাপে গণ্য কৰা হয় আৰু

(গ)সকলোৱে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সম পৰিমাণৰ সুযোগ লাভ কৰিব। 

3. স্বাধীনতাৰ অধিকাৰত উল্লেখ কৰা ৬ টা মৌলিক স্বাধীনতা ব্যাখ্যা কৰা।

উত্তৰঃ ধৰ্মনিৰপেক্ষতাৰ নীতিক কাৰ্যকৰী কৰিবলৈ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰক সন্নিবিষ্ট কৰা হৈছে। ২৫ ৰ পৰা ২৮ নং অনুচ্ছেদলৈকে নাগৰিকক ধৰ্মীয় স্বাধীনতা অধিকাৰ প্ৰদান কৰা হৈছে। এই অধিকাৰসমূহ হ’ল—

(ক) ধৰ্মৰ স্বতন্ত্ৰ চিন্তা, মুক্ত বৃত্তি, ধৰ্মৰ পালন আৰু বিকাশৰ অধিকাৰঃ ২৫ নং অনুচ্ছেদে ধৰ্মৰ ক্ষেত্ৰত স্বনন্ত্র বিবেচনা, ধৰ্মমুলক মুক্ত বৃত্তি পালন আৰু বিকাশৰ অধিকাৰ প্ৰদান কৰিছে। ইয়ে বুজায় যে ভাৰতবৰ্ষত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই আৰু সকলো ধৰ্মক সমান জ্ঞান কৰা হয়।

ধৰ্মীয় কাম-কাজ নিয়ন্ত্ৰণৰ স্বাধীনতাঃ ২৬নং অনুচ্ছেদে অধিকাৰ প্ৰদান কৰিছে যে-

(ক) যিকোনো ধৰ্মৰ লোক বা সম্প্রদায়ে ধৰ্মীয় আৰু সাহাৰ্যমূলক প্রতিষ্ঠান স্থাপন কৰি তাক পৰিচালনা কৰিব পাৰিব।

(খ) ধৰ্মৰ সংক্ৰান্তত নিজৰ কাম-কাজ নিজে নিয়ন্ত্ৰণ কৰিব পাৰিব।

(গ) এনে প্ৰতিষ্ঠানৰ কাৰণে স্থাৱৰ বা অস্থাৱৰ সম্পত্তি ক্রয় বা ৰাখিব পাৰিব।

(ঘ) সেইবোৰ সম্পত্তিৰ বিধিগত পৰিচালনা কৰিব পাৰিব।

যিকোনো ধৰ্মৰ উন্নতিৰ বাবে কৰ আদায়ৰ স্বাধীনতাঃ ২৭ নং অনুচ্ছেদৰ মতে, কোনো মানুহকে ধৰ্ম বা ধৰ্মীয় অনুষ্ঠানৰ পৰিচালনা বা উন্নতি সাধনৰ বাবে কৰ – কাটল দিবলৈ বলপূৰ্বকভাৱে বাধ্য কৰিব নোৱাৰিব।

ধর্মীয় কাম-কাজ অংশ গ্ৰহণৰ স্বতন্ত্রতাঃ ২৮ নং অনুচ্ছেদে তিনিটা গুৰুত্বপূৰ্ণ অধিকাৰ সন্নিবিষ্ট কৰিছে-

(ক) চৰকাৰী অৰ্থ বা সাহাৰ্যৰে পৰিচালিত শিক্ষানুষ্ঠানত কোনো ধর্মীয় শিক্ষা দিয়া নহ’ব,

(খ) অৱশ্যে কোনো ধর্মীয় অনুষ্ঠান বা ন্যাসৰ জৰিয়তে প্রতিষ্ঠিত শিক্ষানুষ্ঠান । চৰকাৰে চলালেও প্রয়োজন হ’লে তেনে অনুষ্ঠানত ধৰ্মীয় শিক্ষা দিব পৰা যাব,

(গ) শিক্ষানুষ্ঠানত অধ্যয়নত কোনো ব্যক্তিকে জোৰ কৰি অনুষ্ঠানটোত চলি থকা কোনো ধর্মীয় কাৰ্যসূচীত অংশ ল’বলৈ বাধ্য কৰাব নোৱাৰিব।

4. শোষণৰ বিৰুদ্ধে অধিকাৰ বাখ্যা কৰা৷

উত্তৰঃ ভাৰতীয় মানুহক মাত্র ব্ৰিটিছ সকলেই শোষণ কৰা নাছিল, বৰং টকা ঋণ দিওঁতা আৰু জমিদাৰসকলেও শোষণ কৰিছিল। ইয়াক ‘বেগাৰ’ খতোৱা বুলি কেৱা হয় । শোষণৰ বিৰুদ্ধে থকা অধিকাৰে সকলো ধৰণৰ ‘বেগাৰ’ খতোৱা আৰু মানুহক বেচা-কিনা কৰা নিষিদ্ধ কৰিছে। এই নিয়মসমূহ ভংগ কৰিলে আইনৰ দ্বাৰা শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰা হয়। ৰাষ্ট্ৰই প্রধান প্রাকৃতিক দুর্যোগ যেনে— বানপানী, বনজুইবা বিদেশীৰ আগ্ৰাসন আদিৰ সময়ত নাগৰিকৰ পৰা সেৱা বিচাৰিব পাৰে৷

5. ধৰ্মীয় স্বাধীনতাৰ অধিকাৰে ভাৰতত ধৰ্মনিৰপেক্ষনীতি প্রতিষ্ঠাত কেনেকৈ সহায় কৰিছে? ব্যাখ্যা কৰা।

উত্তৰঃ ধৰ্মনিৰপেক্ষতাৰ নীতিক কাৰ্যকৰী কৰিবলৈ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰক সন্নিবিষ্ট কৰা হৈছে। ২৫ ৰ পৰা ২৮ নং অনুচ্ছেদলৈকে নাগৰিকক ধৰ্মীয় স্বাধীনতা অধিকাৰ প্ৰদান কৰা হৈছে। এই অধিকাৰসমূহ হ’ল –

(ক) ধৰ্মৰ স্বতন্ত্ৰ চিন্তা, মুক্ত বৃত্তি, ধৰ্মৰ পালন আৰু বিকাশৰ অধিকাৰঃ ২৫ নং অনুচ্ছেদে ধৰ্মৰ ক্ষেত্ৰত স্বনন্ত্র বিবেচনা, ধর্মমুলক মুক্ত বৃত্তি পালন আৰু বিকাশৰ অধিকাৰ প্ৰদান কৰিছে। ইয়ে বুজায় যে ভাৰতবৰ্ষত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই আৰু সকলো ধৰ্মক সমান জ্ঞান কৰা হয়।

ধৰ্মীয় কাম-কাজ নিয়ন্ত্ৰণৰ স্বাধীনতাঃ ২৬নং অনুচ্ছেদে অধিকাৰ প্ৰদান কৰিছে যে-

(ক) যিকোনো ধৰ্মৰ লোক বা সম্প্ৰদায়ে ধৰ্মীয় আৰু সাহাৰ্যমূলক প্রতিষ্ঠান স্থাপন কৰি তাক পৰিচালনা কৰিব পাৰিব।

(খ) ধৰ্মৰ সংক্ৰান্তত নিজৰ কাম-কাজ নিজে নিয়ন্ত্ৰণ কৰিব পাৰিব।

(গ) এনে প্ৰতিষ্ঠানৰ কাৰণে স্থাৱৰ বা অস্থাৱৰ সম্পত্তি ক্রয় বা ৰাখিব পাৰিব। 

(ঘ) সেইবোৰ সম্পত্তিৰ বিধিগত পৰিচালনা কৰিব পাৰিব। যিকোনো ধৰ্মৰ উন্নতিৰ বাবে কৰ আদায়ৰ স্বাধীনতাঃ ২৭ নং অনুচ্ছেদৰ মতে, কোনো মানুহকে ধৰ্ম বা ধৰ্মীয় অনুষ্ঠানৰ পৰিচালনা বা উন্নতি সাধনৰ বাবে কৰ – কাটল দিবলৈ বলপূৰ্বকভাৱে বাধ্য কৰিব নোৱাৰিব।

ধর্মীয় কাম-কাজ অংশ গ্ৰহণৰ স্বতন্ত্রতাঃ ২৮ নং অনুচ্ছেদে তিনিটা গুৰুত্বপূৰ্ণ অধিকাৰ সন্নিবিষ্ট কৰিছে-

(ক) চৰকাৰী অৰ্থ বা সাহাৰ্যৰে পৰিচালিত শিক্ষানুষ্ঠানত কোনো ধর্মীয় শিক্ষা দিয়া নহ’ব।

(খ) অৱশ্যে কোনো ধৰ্মীয় অনুষ্ঠান বা ন্যাসৰ জৰিয়তে প্রতিষ্ঠিত শিক্ষানুষ্ঠান চৰকাৰে চলালেও প্রয়োজন হ’লে তেনে অনুষ্ঠানত ধর্মীয় শিক্ষা দিব পৰা যাব। 

(গ) শিক্ষানুষ্ঠানত অধ্যয়নত কোনো ব্যক্তিকে জোৰ কৰি অনুষ্ঠানটোত চলি থকা কোনো ধর্মীয় কাৰ্যসূচীত অংশ ল’বলৈ বাধ্য কৰাব নোৱাৰিব।

6. লেখ কি? লেখ কোনে জাৰি কৰিব পাৰে।

উত্তৰঃ লেখ হ’ল জনসাধাৰণৰ অধিকাৰ সুৰক্ষাৰ কাৰণে নিম্ন আদালতলৈ দিয়া আদেশ। মৌলিক আধিকাৰ প্ৰয়োগৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ উচ্চ ন্যায়ালয়ৰ সৈতে নিৰ্দেশ দান, আদেশ আৰু লেখ জাৰীৰ ক্ষমতা আছে। এই লেখসমূহ হৈছে বন্দী প্রত্যক্ষীকৰণ, পৰমাদেশ, নিষেধাজ্ঞা, উৎপ্ৰেৰণ আৰু অধিকাৰপ্‌চ্ছা। এই লেখসমূহে উচ্চতম ন্যালায়ক মৌলিক অধিকাৰক ৰক্ষক হিচাপে স্বীকৃতি দিছে। আইন বা অধিকাৰ ভংগৰ ক্ষেত্ৰত ন্যায়ালয়ে সংবিধান অনুসৰি ব্যৱস্থা গ্ৰহণ কৰে।

7. মৌলিক অধিকাৰবোৰৰ বাদযোগ্যতাৰ ধাৰণাটো ব্যাখ্যা কৰা ৷ 

উত্তৰঃ আমাৰ সংবিধানে বিধানমণ্ডল বা কাৰ্যপালিকাক আইন বা আদেশৰ মাধ্যমেৰে এই অধিকাৰ সমূহৰ ওপৰত বাধাদান কৰিবলৈ অনুমতি প্ৰদান কৰা নাই । উচ্চতম ন্যায়লয় আৰু উচ্চ ন্যায়ালয়সমূহে মৌলিক অধিকাৰ ভংগকাৰী বা ইয়াক চুটি কৰিব পৰা যিকোনো ধৰণৰ আইন ৰদ কৰিব পাৰে। কিছুমান মৌলিক অধিকাৰ বিদেশীসকলেও ভাগ কৰিব পাৰে। উদাহৰণস্বৰূপে, আইনৰ দৃষ্টিত সমতা আৰু ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ নাগৰিক আৰু বিদেশী সকলোৱে ভোগ কৰিব পাৰে। মৌলিক অধিকাৰবোৰ বাদযোগ্য হ’লেও চৰম নহয়। সংবিধানে জনস্বাৰ্থৰ খাতিৰত আমাৰ অধিকাৰ সমূহৰ ওপৰত কিছুমান সীমাবদ্ধতা আৰোপ কৰিবলৈ চৰকাৰৰ ক্ষমতা প্ৰদান কৰিছে।

8. স্বাধীনতাৰ অধিকাৰৰ সকলোবোৰ দিশ বৰ্ণনা কৰা।

উত্তৰঃ স্বাধীনতা এখন প্রকৃত গণতন্ত্ৰৰ মূল বৈশিষ্ট্য। আমাৰ সংবিধান নাগৰিক নাগৰিক সকলৰ বাবে ৬টা ‘স্বাধীনতাৰ অধিকাৰ’ বৰ্ণনা কৰা হৈছে। সংবিধানে তলত দিয়া ৬টা মৌলিক স্বাধীনতা প্ৰদান কৰিছে।

১। বাক্ আৰু মত প্ৰকাশৰ স্বাধীনতা।

২। বিনা অস্ত্রই শান্তিপূর্ণভাৱে সমবেত হোৱাৰ অধিকাৰ ৷ 

৩। সংস্থা বা সংঘ গঠনৰ অধিকাৰ।

৪। ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘূৰিফুৰাৰ অধিকাৰ ৷ 

৫। ভাৰতৰ যিকোনো অঞ্চলত বসবাস কৰাৰ অধিকাৰ। 

৬। যিকোনো বৃত্তি বা ব্যৱসায় গ্ৰহণ কৰাৰ অধিকাৰ। 

১। বাক্ আৰু মত প্ৰকাশৰ স্বাধীনতাঃ এইটো এটা গুৰুত্বপূৰ্ণ স্বাধীনতা। এই স্বাধীনতাই মুক্ত আৰু সৰল বক্তৃতা, আলোচনা আৰু মতামত বিনিময়ৰ স্বাধনিতা নিশ্চিত কৰে। ই প্ৰেছৰ স্বাধীনতাও অন্তৰ্ভুক্ত কৰে। অৱশ্যে বাক্ আৰুমত প্ৰকাশৰ স্বাধীনতা চৰম নহয়। ৰাষ্ট্ৰীয় নিৰাপত্তা, শান্তি শৃংখলা ৰক্ষা আৰু নৈতিকতা আদি ৰক্ষাৰ ক্ষেত্ৰত এই অধিকাৰসমূহৰ ওপৰত ৰাষ্ট্ৰই কিছুমান যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।

২। কোনো অপৰাধৰ বাবে অপৰাধীকৰণ কৰাৰ সুৰক্ষাঃ কোনো অপৰাধ অপৰাধ সংঘটিত কৰা বুলি দোষী সাব্যস্ত হোৱা ব্যক্তিৰ ক্ষেত্ৰত স্বেচ্ছাচাৰী বন্দীকৰণ তথা মাত্ৰাধিক শাস্তিৰ পৰা সুৰক্ষা দিব পৰা ব্যৱস্থাও সংবিধানত আছে। অপৰাধ সংঘটিত কৰা সময়ত বলবৎ হৈ থকা আইন বংগৰ বাহিৰে কোনো ব্যক্তিক শাস্তি দিব নোৱাৰিব। এজন অভিযুক্তক তেওঁৰ বিৰুদ্ধে সাক্ষী দিবলৈ বাধ্য কৰাব নোৱাৰিব। একেটা অপৰাধৰ বাবে কোনো ব্যক্তিক এবাৰতকৈ আধিকবাৰ শাস্তি দিব নোৱাৰিব।

৩। জীৱন আৰু ব্যক্তি স্বাধীনতাৰ সুৰক্ষাঃ সংবিধানত এইবুলি উল্লেখ আছে যে আইন সংগত পদ্ধতিৰ বাহেৰি কোনো ব্যক্তিকে তেওঁৰ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। ই এইবুলি উল্লেখ কৰিছে যে আইনৰ অনুমোদন অবিহনে জীৱন বা ব্যক্তিগত সম্পত্তি কাঢ়ি আনিব নোৱাৰিব। ই এইবুলিও উল্লেখ কৰিছে যে কোনো কর্তৃপৰ খেয়াল খকুচিমতে কোনো ব্যক্তিক শাস্তি দিব, কাৰাবাস দিব নোৱাৰিব। একমাত্র আইন ভংগৰ অপৰাধতহে তেওঁক শাস্তি দিব পাৰিব।

৪। বে-আইনী আটককৰণৰ বিৰুদ্ধে প্ৰতিৰোধঃ আমাৰ সংবিধানে আটকাধীন ব্যক্তিৰ কিছুমান অধিকাৰ সুৰক্ষাৰ ব্যৱস্থা কৰিছে। নিয়ম অনুযায়ী, কোনো ব্যক্তিকে তেওঁক আটকৰ কাৰণে নজনোৱাকৈ আটক কৰিব নোৱাৰিব নাইবা জিন্মাত ৰাখিব নোৱাৰিব। তেওঁ তেওঁৰ পচণ্ড অনুযায়ী এজন উকিলৰ সৈতে পৰামৰ্শ কৰিব পাৰে আত্মসমৰ্থন কৰিব পাৰে। এজন অভিযুক্তক আটক কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত নিকটতম দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাব লাগে।

৫। শিক্ষাৰ অধিকাৰঃ সংবিধানৰ ৮৬ তম সংশোধনী অনুযায়ী ২১ নং অনুচ্ছেদৰ পিছত ২১ (ক) নামেৰে এটা নতুন অনুচ্ছেদ সংযোজন কৰা হয় । এই সংশোধনী আইন অনুযায়ী শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হয় আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিৰ তালিকাৰ পৰা বাদ দিয়া হয়। এই সংশোধনী অনুযায়ী “ৰাষ্ট্ৰই আইনে নিৰ্ধাৰণ কৰা অনুযায়ী ৬ ৰ পৰা ১৪ বছৰৰ সকলো শিশুলৈ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰিব।” ই এইবুলিও উল্লেখ কৰে যে ৬ ৰ পৰা ১৪ বছৰৰ শিশু বা ৰক্ষণাধনি নাবালক সকলক মাক-দেউতাক বা অভিভাৱকসকলে শিক্ষা গ্ৰহণৰ সুবিধা দিয়াটো তেওঁলোকৰ দায়িত্ব

9.৮৬ তম সংশোধনী মতে সংবিধানত অন্তর্ভুক্ত কৰা শিক্ষাৰ অধিকাৰটো উল্লেখ কৰা।

উত্তৰঃ সংবিধানৰ ৮৬ তম সংশোধনী অনুযায়ী ২১ নং অনুচ্ছেদৰ পিছত ২১ (ক) নামেৰে এটা নতুন অনুচ্ছেদ সংযোজন কৰা হয়। এই সংশোধনী আইন অনুযায়ী শিক্ষাৰ অধিকাৰ্ক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হয় আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিৰ তালিকাৰ পৰা বাদ দিয়া হয়। এই সংশোধনী অনুযায়ী “ৰাষ্ট্ৰই আইনে নিৰ্ধাৰণ কৰা অনুযায়ী ৬ ৰ পৰা ১৪ বছৰৰ সকলো শিশুলৈ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰিব।” ই এইবুলিও উল্লেখ কৰে যে ৬ ৰ পৰা ১৪ বছৰৰ শিশু বা ৰক্ষণাধনি নাবালক সকলক মাকদেউতাক বা অভিভাৱকসকলে শিক্ষা গ্ৰহণৰ সুবিধা দিয়াটো তেওঁলোকৰ দায়িত্ব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top