ASOS Class 12 Political Science Chapter 35 ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্র

ASOS Class 12 Political Science Chapter 35 ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্র, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter ASOS Class 12 Political Science Chapter 35 ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্র and select needs one.

ASOS Class 12 Political Science Chapter 35 ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্র

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 35 ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্র Solutions for All Subject, You can practice these here.

ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্র

Chapter : 35

35.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

খালী ঠাই পূৰ কৰাঃ

(ক) সংসদীয় ব্যৱস্থা_____আৰু_____কাৰ্যপালিকাৰ খুটিৰ ওপৰত নিৰ্ভৰ কৰে। (সামাজিক/ ৰাজনৈতিক/ অর্থনৈতিক/ প্রশাসনীয়)

উত্তৰঃ সংসদীয় ব্যৱস্থা ৰাজনৈতিক আৰু প্ৰশাসনীয় কাৰ্যপালিকাৰ খুটিৰ ওপৰত নিৰ্ভৰ কৰে৷

(খ) প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদ_____বিভাগৰ অন্তৰ্গত। (সামাজিক/ ৰাজনৈতিক/ অর্থনৈতিক/ প্রশাসনীয়)

উত্তৰঃ প্রধানমন্ত্ৰী আৰু মন্ত্রীপৰিষদ ৰাজনৈতিক বিভাগৰ অন্তৰ্গত। 

(গ) ৰাজনৈতিক কাৰ্যপালিকাৰ মূল কাম হ’ল_____। (সিদ্ধান্ত গ্রহণ/ কথাছবি নির্মাণ/ নীতি নিৰ্ধাৰণ)

উত্তৰঃ ৰাজনৈতিক কাৰ্যপালিকাৰ মূল কাম হ’ল নীতি নিৰ্ধাৰণ৷

(ঘ) প্রশাসনীয় কার্যকলাপৰ মূল কাৰ্য হ’ল ___।(নীতি ৰূপায়ণ/ নিৰ্বাচনী প্ৰচাৰ কাৰ্য)। 

উত্তৰঃ প্ৰশাসনীয় কার্যকলাপৰ মূল কাৰ্য হ’ল নীতি ৰূপায়ণ। 

(ঙ) আমোলাতন্ত্রক____ৰ ভিত্তিত নিৰ্বাচিত কৰা হয়। (সম্পদ/ মেধা)

উত্তৰঃ আমোলাতন্ত্ৰক মেধাৰ ভিত্তিত নিৰ্বাচিত কৰা হয়।

(চ) আমোলাতন্ত্ৰৰ ধাৰণাটো প্ৰথমতে জার্মান দার্শনিক_____য়ে বিকাশ সাধন কৰিছিল। (সিদ্ধান্ত গ্রহণ/ মেক্স ৱেবাৰে) 

উত্তৰঃ আমোলাতন্ত্ৰৰ ধাৰণাটো প্ৰথমতে জার্মান দার্শনিক মেক্স ৱেবাৰে বিকাশ সাধন কৰিছিল।

(ছ) মেক্সৱেবাৰে আমোলাতন্ত্ৰক চৰকাৰৰ_____আৰু _____ৰূপ হিচাপে বৰ্ণনা কৰিছে। (কাৰ্যদক্ষ/ মন্থৰ/ যুক্তিগত) 

উত্তৰঃ মেক্সৱেবাৰে আমোলাতন্ত্ৰক চৰকাৰৰ যুক্তিগত আৰু দক্ষ ৰূপ হিচাপে বৰ্ণনা কৰিছে।

35.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

খালী ঠাই পূৰ কৰাঃ

(ক) ৰাষ্ট্ৰই ইয়াৰ উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰা____ হ’ল প্ৰধান ব্যৱস্থাপনা।

উত্তৰঃ ৰাষ্ট্ৰই ইয়াৰ উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰা আমোলাতন্ত্ৰ হ’ল প্রধান ব্যৱস্থাপনা।

(খ) আমোলাতন্ত্রই____কাৰ্যই নকৰে, ই_____কাৰ্যবোৰও কৰে।

উত্তৰঃ আমোলাতন্ত্ৰই পৰিচলনামূলক কাৰ্যইনকৰে, ইকল্যাণকামী কাৰ্যবোৰও কৰে।

35.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

খালী ঠাই পূৰ কৰাঃ

(ক) লোকপ্রশাসনৰ পৰম্পৰাগত মতবাদটো____ আৰু ____ৰ ওপৰত প্রতিষ্ঠিত। 

উত্তৰঃ লোকপ্রশাসনৰ পৰম্পৰাগত মতবাদটো প্ৰশাসন আৰু ৰাজনীতিৰ ওপৰত প্ৰতিষ্ঠিত।

(খ) ____নীতিয়ে অসামৰিক সেৱাক যিকেনো ৰ পৰা বৰ্ণনা কৰে।

উত্তৰঃ নিৰপেক্ষ নীতিয়ে অসামৰিক সেৱাক যিকেনো ৰাজনীতিকৰণৰ পৰা বৰ্ণনা কৰে৷

(গ) ভাৰতত, অসামৰিক সেৱাৰ চাকৰিৰ চৰ্তই চৰকাৰী কৰ্মচাৰীসকলক ৰাজনীতিত অংশগ্ৰহণ_____।

উত্তৰঃ ভাৰতত, অসামৰিক সেৱাৰ চাকৰিৰ চৰ্তই চৰকাৰী কৰ্মচাৰীসকলক ৰাজনীতিত অংশগ্রহণ নিষেধ।

(ঘ) এইটো বৰ্তমান গ্ৰহণ কৰা হৈছে যে আমোলাতন্ত্রই নীতি____আৰু নীতি ____উভয়তে অৰিহণা যোগায়।

উত্তৰঃ এইটো বৰ্তমান গ্ৰহণ কৰা হৈছে যে আমোলাতন্ত্রই নীতি প্ৰস্তুত আৰু নীতি ৰূপায়ণ উভয়তে অৰিহণা যোগায়।

(ঙ) মন্ত্রীসকল খুব কমসংখ্যকহে নিজ নিজ ক্ষেত্ৰৰ বিশেষজ্ঞ হয়; সেয়ে তেওঁ কাৰ্য আৰু পৰামৰ্শৰ বাবে ____ওপৰতনির্ভৰ কৰিবললৈ বাধ্য।

উত্তৰঃ মন্ত্ৰীসকল খুব কমসংখ্যকহে নিজ নিজ ক্ষেত্ৰৰ বিশেষজ্ঞ হয়; সেয়ে তেওঁ কাৰ্য আৰু পৰামৰ্শৰ বাবে আমোলাতন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰিবললৈ বাধ্য। 

(চ) ____ভাৰতীয় আমোলাতন্ত্ৰক প্ৰগতিৰ পথত হেঙাৰ হিচাপে অভিহিত কৰিছিল আৰু____আমোলাতন্ত্ৰ গঠনৰ পোষকতা কৰিছিল। 

উত্তৰঃ ইন্দিৰা গান্ধী ভাৰতীয় আমোলাতন্ত্ৰক প্ৰগতিৰ পথত হেঙাৰ হিচাপে অভিহিত কৰিছিল আৰু প্ৰতিশ্ৰুতিবদ্ধ আমোলাতন্ত্ৰ গঠনৰ পোষকতা কৰিছিল। 

(ছ) আমোলাতন্ত্রক উন্নয়নমূলক কাম-কাজ আৰু আঁচনিত____নোহোৱাৰ বাবে সমালোচনা কৰা হৈছিল।

উত্তৰঃ আমোলাতন্ত্ৰক উন্নয়নমূলক কাম-কাজ আৰু আঁচনিত প্রতিশ্রুতিবদ্ধতা নোহোৱাৰ বাবে সমালোচনা কৰা হৈছিল।

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰ

1. আমোলাতন্ত্ৰৰ সংজ্ঞা দিয়া। 

উত্তৰঃআমোলাতন্ত্ৰৰ সৰ্বজনগ্রাহ্য এটা সংজ্ঞা দিয়া টান। আমোলাতন্ত্রক বহুসময়ত তাচ্ছিল্য কৰি কল্পনাশক্তিহীন কঠোৰ আৰু অযোগ্য চৰকাৰী প্ৰশাসক হিচাপে অভিহিত কৰা হয় ৷ ইয়াৰ লগত ৰঙা ফিটাৰ মেৰপেছ, পলম হোৱা আৰু অপব্যয় জড়িত হৈ থাকে। বহুতো সমাজ বিজ্ঞানীয়ে আমোলাতন্ত্ৰক নিৰপেক্ষভাৱে প্ৰশাসনৰ লগতে জড়িত এটা বিশেষ প্ৰকাৰৰ সামাজিক সংগঠন হিচপে বর্ণনা কৰে। এইটো হ’ল চৰকাৰৰ দৈনন্দিন কার্যপৰিচালনা কৰা এটা যন্ত্র। প্রশাসন চলাবলৈ যিকেনো আধুনিক চৰকাৰৰ ইহ’ল একমাত্ৰ ব্যৱস্থা। কিছুমান,চিত্তবিদে আমোলাতন্ত্ৰক ‘চৰকাৰৰ চতুৰ্থ অংগ’ৰ মৰ্যাদা দিব বিচাৰে৷ সেয়ে আমোলাতন্ত্র এৰাই চলিব পৰা নাযায়।

জার্মান সাজবিজ্ঞানী মেক্স ৱেবাৰে, যিয়ে প্রথম আমোলাতন্ত্রক পদ্ধতিগতভাৱে অধ্যয়ন কৰিছিল ইয়াক সংগঠনৰ আটাইতকৈ যুক্তিসংগত আৰু নিপুণ ৰূপ হিচাপে বৰ্ণনা কৰিছে। তেওঁ এটা আদৰ্শৰূপী আমোলাতন্ত্ৰৰ বৈশিষ্ট্যবোৰ নিম্নলিখিত ধৰণে বৰ্ণনা কৰিছে।

1. বিষয়াসকলক নিৰ্দিষ্ট ক্ষেত্ৰাধিকাৰ ভিত্তিত সংগঠিত কৰা হয়।

2. কাৰ্যালয়ত এটা অধিক্রমিক ব্যৱস্থাপনা থাকে। নিম্ন বৰ্গৰ বিষয়াসকলক উচ্চতম কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণত ৰাখি এটা পিৰামিড আকৃতিৰ সংগঠন কৰা হয়। 

3. প্ৰতিটো ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰাকৈ থকা লিখিত দলিল (নথি) 

4. নীতি প্ৰয়োগৰ ক্ষেত্ৰত থকা নৈর্বক্তিকতা।

5. ৰাজনৈতিক নিৰপেক্ষতা।

এনেবোৰ আনুষ্ঠানিক বৈশিষ্টৰে আমোলাতন্ত্ৰক যিকোনো বৃহৎ আকৃতিৰ সংগঠন পৰিচালনাৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হয়। মেক্স ৱেবাৰৰ মতে— “আন যিকোনো সংগঠনৰ ওপৰত আমোলাতান্ত্রিক সংগঠন অগ্রগতি লাভ কৰাৰ মূল কাৰণ হ’ল ইয়াৰ কাৰিকৰি শ্ৰেষ্ঠত্ব, নিশ্চয়তা, গতিশীলতা, স্পষ্টতা, নিম্নতম, সংঘাটৰ অল্পতা আৰু বস্তুগত আৰু ব্যক্তিগত ব্যয়— এইবোৰ গাঠনিগত আমোলাতান্ত্রিক প্রশাসনত চকুত লগাকৈ বৃদ্ধি হয়।”

2. উন্নয়নত আমোলাতন্ত্ৰৰ ভূমিকা ব্যাখ্যা কৰা।

উত্তৰঃ আমোলাতন্ত্ৰ এটা সার্বজনীন বিষয় হৈ পৰিছে। প্রত্যেক সমাজৰ আধুনিকীকৰণৰ ইপ্রাথমিক চৰ্ত। প্ৰায়বোৰ উন্নয়নশীল দেশেই ৰাষ্ট্ৰ নিৰ্মাণ আৰু দ্রুত আর্থ-সামাজিক বিকাশৰ প্ৰক্ৰিয়াত জড়িত হৈ পৰিছে, অৰ্থাৎ, স্বাস্থ্য, শিক্ষা, পথ, বিজুলীযোগান, কৃষিক্ষেত্ৰত উৎপাদনমূলক কামকাজ উদ্যোগ আদি সামাজিক সেৱা তথা আন্তঃগাঁঠনি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে। উন্নয়নৰ লগত জড়িত তেনেধৰণৰ জটিল কাম-কাজবোৰ সমাধান কৰাটো চৰকাৰৰ দায়িত্ব। ইয়াতে বিকাশৰ বাবে লোকপ্রশাসনে মূল সংগঠন হিচাপে পৰিগণিত হয় । আমোলাতন্ত্রই পৰামৰ্শদাতা, উদ্ভাৱক আৰু নীতি নিৰ্ধাৰক হিচাপে উন্নয়নৰ ক্ষেত্ৰত অশেষ অৰিহণা যোগাব পাৰে। ই প্ৰশাসনিক দায়িত্বপূর্ণ সামাজিক পৰিবেশ সৃষ্টিত উৎসাহ যোগাই, স্বাস্থ্যকৰ প্ৰতিযোগিতা আৰু স্ব-উন্নয়নক উদ্‌গণি যোগাই, কৰ্তৃত্বসম্পন্ন আৰু প্রগতিশীল নেতৃত্বৰ মাধ্যমেৰে গাঠনিগত পৰিচালনাৰ সংগঠন কৰি আৰু উন্নয়নৰ বাবে তৃণমূল স্তৰত কৰ্তৃত্ব অৰ্পণেৰে কাৰ্যক্ষম কৰিব পাৰে।

আমোলাতন্ত্ৰই ৰাষ্ট্ৰই ইয়াৰ উদ্দেশ্য সাধন কৰা হাতিয়াৰ আৰু কৌশল তৈয়াৰ কৰে। এইটো সঠিকভাৱে কোৱা হয় যে এখন ৰাষ্ট্ৰৰ জীৱন বহু পৰিমাণে প্ৰশাসনৰ মানদণ্ডই গঢ় দিয়ে। এটা পৰিকল্পনা সফল হয় যদিহে ইয়াৰ প্ৰশাসনীয় ৰূপায়ণ সঠিক হয় ৷ এইকাৰণে ক্ষীপ্র উন্নয়নৰ বাবে এটা উচ্চ মানবিশিষ্ট আমোলাতন্ত্ৰৰ প্রয়োজন। বেছিভাগ উন্নয়নশীল ৰাষ্ট্ৰতেই যুক্তিসংগত উন্নয়নৰ আঁচনি প্রস্তুত কৰাটো চৰকাৰৰ সমস্যা নহয়; বৰং এইবোৰ ৰূপায়ণৰ ক্ষেত্ৰত থকা অসমর্থতাহে সমস্যা।

3. ৱেবেৰিয়ান আৰ্হিৰ আমোলাতন্ত্ৰৰ প্ৰধান বৈশিষ্ট্য কি কি?

উত্তৰঃ ৱেবেৰিয়ান আৰ্হিৰ আমোলাতন্ত্ৰৰ প্ৰধান বৈশিষ্ট্য হ’লঃ 

1. বিষয়াসকলক নির্দিষ্ট ক্ষেত্ৰাধিকাৰ ভিত্তিত সংগঠিত কৰা হয়।

2. কাৰ্যালয়ত এটা অধিক্রমিক ব্যৱস্থাপনা থাকে। নিম্ন বৰ্গৰ বিষয়াসকলক উচ্চতম কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণত ৰাখি এটা পিৰামিড আকৃতিৰ সংগঠন কৰা হয়।

3. প্ৰতিটো ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰাকৈ থকা লিখিত দলিল (নথি) 

4. নীতি প্ৰয়োগৰ ক্ষেত্ৰত থকা নৈর্ব্যক্তিকতা।

5. ৰাজনৈতিক নিৰপেক্ষতা।

4. ৰাজনীতি প্ৰশাসনৰ পৃথকীকৰণ নীতিটো ব্যাখ্যা কৰা।

উত্তৰঃ লোক প্রশাসনৰ পৰম্পৰাগত মতবাদটো ৰাজনীতি আৰু প্ৰশাসনৰ বৈপৰিত্যৰ ওপৰত প্ৰতিষ্ঠিত অৰ্থাৎ প্ৰশাসন আৰু ৰাজনীতি পৃথককৈ ৰাখিব লাগে ৷ ৰাজনীতি বা নীতি নিৰ্ধাৰণ হ’ল বিধানমণ্ডলৰ প্ৰকৃতি, কাৰ্য আৰু প্ৰশাসন হ’ল প্ৰশাসকৰ প্ৰকৃত কাৰ্য যিয়ে নীতি কাৰ্যকৰী কৰে। কোনো অসামৰিক বিষয়াই ৰাজনৈতিক ভূমিকা পালন নকৰাটো বাঞ্চনীয়। সুস্পষ্ট শ্রম বিভাজনেৰে ই প্ৰশাসক আৰু ৰাজনীতিকৰ মাজত সম্পৰ্ক প্ৰতিষ্ঠা কৰে— ৰাজনীতিকে নীতি প্রস্তুত কৰে আৰু প্ৰশাসকে ইয়াক কার্যকৰি কৰে। আমোলাসকলে ৰাজনৈতিক নেতাসকলৰ প্ৰকৃত পৰামৰ্শদাতা হিচাপে কাম কৰে, বিষয়বস্তুবোৰ উপস্থাপন কৰে, ব্যৱস্থাপনাৱলী পৰামৰ্শ আগবঢ়া আৰু বিকল্প নীতিৰ ফলাফলবোৰৰ পৰামৰ্শ আগবঢ়ায়। 

নীতি নিৰ্ধাৰণ কৰাটো ৰাজনৈতিক নেতাসকলৰ বিশেষ অধিকাৰ। সিদ্ধান্ত অনুসৰি, আমোলাসকলেনীতিবোৰ ফলপ্রসূভাৱে ৰূপায়ণ কৰিব লাগে। তেওঁ তেওঁৰ কৰ্তব্য পালনত বেনামী আৰু নিৰপেক্ষ হ’ব লাগে৷ তেওঁ শংকা বা পক্ষপাতিত্ব অবিহনে সঠিক পৰামৰ্শ আগবঢ়োৱাটো বাঞ্চনীয়। নিৰপেক্ষতা আৰু নামবিহীনতা হ’ল আমোলাতন্ত্ৰৰ ৱেবেৰিয়ান আৰ্হিৰ অন্যতম প্রধান ধাৰণা। ই আমোলাসকলক ৰাজনীতিকৰণৰ পৰা আঁতৰাইৰাখে আৰু তেওঁক তেওঁৰ বৃত্তিত সচেতন কৰি তোলে৷ ভাৰতবৰ্ষৰ পৰিকল্পনাকাৰীসকলেও ৱেবেৰিয়ান আৰ্হিৰ নিৰপেক্ষ অসামৰিক সেৱাৰ পোষকতা কৰিছিল। আমাৰ দেশত অসামৰিক সেৱাৰ আচৰণবিধিয়ে চৰকাৰী কৰ্মচাৰী সকলৰ সক্ৰিয় ৰাজনীতিত অংশগ্রহণ কৰাটো নিষিদ্ধ কৰিছে। 

গোপন ভোটদানৰ অধিকাৰৰ বাহিৰে, এজন চৰকাৰী কৰ্মচাৰীয়ে নির্বাচনী প্রচাৰ কাৰ্যকে ধৰি যিকোনো ধৰণৰ ৰাজনৈতিক আন্দোলনত অংশগ্ৰহণ কৰিব নোৱাৰে৷ তেওঁ আনকি কোনো ৰাজনৈতিক দলৰ পৰোক্ষভাৱেও যোগ দিব নোৱাৰে নাইবা ইয়াৰ পুঁজিলৈ অৰ্থ যোগান ধৰিব নোৱাৰে; তেওঁ ৰাজনৈতিক বিষয়সমূহত কোনো মতামত দাঙি ধৰিব নোৱাৰে আৰু তেওঁ বিধানমণ্ডলৰ কোনো নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰে।

5. নিৰপেক্ষতাৰ ধাৰণাটোৰ পতনৰ কাৰণবোৰ আলোচনা কৰা।

উত্তৰঃ পৰম্পৰাগত নিৰপেক্ষতাৰ ধাৰণাটো বিভিন্ন দিশৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখনি হৈছে। ৰাজনীতি আৰু প্ৰশাসনৰ মাজৰ পুৰণি পৃথকীকৰণ ধাৰণাটো এতিয়া বৈধ বুলি গণ্য কৰা নহয়। ৰাজনৈতিক কাৰ্যপালিকাৰ লগত জড়িত আৰু ইয়াৰ প্ৰতিনিধি হিচাপে অসামৰিক সেৱাৰ ভূমিকাৰ পৰিৱৰ্তন হৈছে।

আমোলাতন্ত্ৰই ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত হোৱাটো এতিয়া সকলোতে পৰিলক্ষিত হয়।

নিৰপেক্ষতা তত্ত্বটোৰ পতন ভালেমান কাৰণত হৈছে। প্ৰথমতেই, নীতি নিৰ্ধাৰণ পদ্ধতি এতিয়া মাত্ৰ ৰাজনৈতিক কাৰ্যপালিকাৰ ওপৰত ন্যস্ত হৈ থকা নাই। সত্যটো হ’ল আমোলাসকলে নীতি প্ৰস্তুতকৰণৰ গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে, নির্বাচিত ৰাজনীতিক সকলৰ একমাত্ৰ ভৰষাৰ থল হিচাপে কাম কৰে। এইটো হোৱাৰ মূলতেইহ’ল সংসদৰ দ্বাৰা প্ৰণয়ন কৰা আইন স্পষ্ট নহয়। বিধান মণ্ডলৰ আচৰণে কোনো স্থিৰ আৰ্হি অনুসৰণ নকৰে। 

কিছুমান ব্যৱস্থাপনাই বিস্তৃত ৰূপত থকাৰ পৰিৱৰ্তে, কিছুমানে একমাত্র সমস্যাবোৰেহে চিনাক্তকৰণ কৰিছে। মন্ত্ৰী এজন তেওঁৰ বিভাগীয় কাম-কাজত এজন বিশেষজ্ঞৰ দৰে বা লোক প্ৰশাসনৰ কৌশলবোৰৰ বিশেষজ্ঞৰ দৰেহে। তেওঁ তেওঁৰ দলীয় ৰাজনৈতিক আদৰ্শৰ লগত মিল থকা ধাৰণাবোৰৰ লগতহে পৰিচিত, কিন্তু বহুসময়ত কোনো এটা বিশেষ সমস্যাৰ উপযুক্ত সমাধান সম্পর্কে তেওঁ নিশ্চিত নহয়। এইকাৰণেই তেওঁ, পৰামৰ্শ আৰু কাৰ্যব্যৱস্থাৰ বাবে তেওঁৰ স্থায়ী কৰ্মচাৰী সকলৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য । ঘটনাক্রমে এইজন প্রশাসকজনেই, যি নীতি প্ৰস্তুতকৰণত প্রধান ভূমিকা পালন কৰে।

দ্বিতীয়তে, মৰ্চা ৰাজনীতিৰ দাবী আৰু হেচায়ো নিৰপেক্ষতা ভংগত অৰিহণা যোগাইছে বুলি ক’ব পাৰি। মৰ্চা চৰকাৰত মন্ত্ৰীসকলে ক্ষমতাৰ প্ৰতিযোগিতা আৰু তেওঁলোকৰ গাদী ৰক্ষা কৰা কামত ব্যস্ত থাকে আৰু তেওঁলোকৰ বিভাগ বা আমেলাসকলক নিয়ন্ত্রণ, নির্দেশ বা বাট দেখুৱাবলৈ সময় বা ধাউতি নাই। আনকি বহুসময়ত, আইন প্রণয়ন পদ্ধতি ইমানেই ক্ষীপ্ৰ আৰু মতবিৰোধপূৰ্ণ হয় যে প্ৰণয়ন কৰা আইনখন ভালেমান বিতর্কিত নীতি নিৰ্দেশনাৰে পৰিপূৰ্ণ হৈ থাকে৷ মৰ্চাক একত্রিত কৰি ৰখাৰ স্বাৰ্থত উপনীত হোৱা বুজাবুজিৰ সিদ্ধান্তই আইন প্রস্তুতকাৰকসকলক অস্পষ্ট পৰিভাষা ব্যৱহাৰ কৰিবলৈ বাধ্য কৰায় আৰু প্রশাসকসকলে নীতিবোৰ নিজস্ব বিচাৰ বিবেচনাৰে বুজি ল’ব লাগে। এইকাৰণেই আমোলাসকলে নীতি প্রস্তুতকৰণত স্পষ্টকৈ জড়িত হৈ পৰে আৰু অসামৰিক বিষয়া সকলক পৰিচালনা কাৰা নীতি-নিয়ম থকা স্বত্বেও তেওঁলোক তাৎপৰ্যপূৰ্ণভাৱে ৰাজনীতিকৰণ হৈছে।

তৃতীয়তে, কিছুমান ৰাজনৈতিক বিশ্লেষকৰ মতে, অসামৰিক বিষয়াসকলৰ নিৰপেক্ষতাৰ সনাতন তত্ত্বই গণতন্ত্ৰৰ মৌলিক ধাৰণাবোৰৰ বুজাবুজিৰ পুৰ্বানুমান কৰে। আন কথাত, নিৰপেক্ষ, মূল্যবোধ নিৰপেক্ষ আমোলাতন্ত্ৰ এনে এখন সমাজতেহে সম্ভৱ হয় য’ত মূল্যবোধৰ ওপৰত সহমত থাকে, কিন্তু ভাৰতৰদৰে এখন পৰম্পৰাগত সমাজত, য’ত মতভেদ আৰু সংঘাট থাকে, যিকোনো ক্ষেত্ৰত নিৰপেক্ষতা আশা কৰাটো প্ৰায় অবাস্তৱ যেন লাগে।

6. ‘প্রতিশ্রুতিবদ্ধ আমোলাতন্ত্র’ বুলিলে কি বুজ? ভাৰতবৰ্ষত ই প্রয়োজনীয়নে?

উত্তৰঃ ভালেমান উন্নয়নশীল দেশত সামাজিক পৰিৱৰ্তন সাধনত ৱেবেৰিয়ান আৰ্হিৰ আমোলাতন্ত্ৰ অসমর্থ হয়। সামাজিক ন্যায় প্রতিষ্ঠাৰ বৰ্ধিত দাবী পূৰণত ব্যৰ্থ হোৱা বাবে ভাৰতত ই প্ৰচুৰ পৰিমাণে সমালোচিত হয়। স্বাধীনতাৰ দুটা দশক পিছত তেতিয়াৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীয়ে প্ৰতিশ্রুতিবদ্ধ আমোলাতন্ত্ৰৰ পোষকতা কৰিছিল ৷ 

তেওঁ আমোলাতন্ত্ৰৰ পাৰদৰ্শিতা সম্পর্কতে অসন্তুষ্টি ব্যক্ত কৰা নাছিল, তেওঁ ভাৰতীয় আমেলাতন্ত্ৰৰ নিৰপেক্ষতা, পক্ষপাতিত্বহীনতা,নামবিহীনতা ইত্যাদি মৌলিক অৱধাৰণাবোৰৰ ওপৰতো সন্দেহ প্ৰকাশ কৰিছিল আৰু তেওঁ অভিযোগ কৰিছিল যে আমোলাসকলৰ অৱধাৰণাবোৰৰ ওপৰতো সন্দেহ প্ৰকাশ কৰিছিল আৰু তেওঁ অভিযোগ কৰিছিল যে আমোলাসকলৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অভাৱ৷ তেওঁ তাৎপৰ্যপূৰ্ণভাৱে প্ৰশাসনীয় ব্যৱস্থাক দেশৰ প্ৰগতিৰ পথত হেঙাৰ হিচাপে বৰ্ণনা কৰিছিল আৰু জাতীয় উদ্দেশ্য আৰু ভাৰতৰ সামাজিক প্ৰয়োজনীয়তাৰ প্ৰতি দায়বদ্ধতাৰ প্ৰতিশ্ৰুতিবদ্ধ এটা প্ৰশাসনীয় বাহিনী গঠনৰ পোষকতা কৰিছিল। তেওঁ ‘প্রতিশ্রুতিবদ্ধ আমোলাতন্ত্ৰৰ’ মাজত ভাৰতৰ উন্নয়নমূলক পদ্ধতিত আউল লগোৱা নিৰপেক্ষতাৰ অভাৱৰ সঠিক উত্তৰ বিচাৰি পাইছিল ৷ তেওঁৰ গভীৰ বিশ্বাস আছিল যে একমাত্র এটা প্রতিশ্রুতিবদ্ধ আমোলাতন্ত্ৰইহে পৰম আকাংক্ষিত পৰিৱৰ্তন আনিব পাৰিব।

প্রতিশ্রুতিবদ্ধ আমোলাতন্ত্ৰৰ ধাৰণাটোৱে ৰাজনৈতিক আৰু প্ৰশাসনীয় দিশৰ (চক্ৰৰ) পৰা যথেষ্ট প্ৰতিৰোধৰ সন্মুখীন হৈছিল। এইবুলি অভিযোগ কৰা হৈছিল যে ই স্থায়ীভাৱে চাকৰিৰৰ কাৰুকাৰ্য নষ্ট কৰিব। ই এচাম অহেতুক অসামৰিক সেৱাৰ চাকৰিয়াল সৃষ্টি কৰিব যি সদায় ক’ব “হয় মন্ত্ৰীমহাশয়” আৰু তেওঁলোকে ৰাজনৈতিক প্ৰভুসকলে কোৱাৰ দৰে সকলো সময়তে চুচৰি যাবলৈ সাজু থাকিব। এইবুলিও অভিযোগ কৰা হৈছিল যে প্রতিশ্রুতিবদ্ধতাৰ নামত শাসকীয় দলে সদায় ইয়াৰ শাসন দীর্ঘস্থায়ী কৰিবলৈ আমোলাসকলক দলৰ মতাদৰ্শ প্ৰচাৰ কাৰ্যত ব্যৱহাৰ কৰিব। 

অৱশ্যে চৰকাৰে পিছত এইবুলি স্পষ্টীকৰণ দিছিল যে প্রতিশ্রুতিবদ্ধতাই ক্ষমতাৰ ৰাজনীতিত দলীয় মতাদৰ্শৰ লগত সংযোগকৰণ নুবুজায়; বৰং দেশৰ প্ৰগতি আৰু উন্নয়নমূলক কামকাজত ব্যক্তিগতভাৱে জড়িত হোৱাৰ প্ৰতিশ্ৰুতিবদ্ধতা আৰু ৰাজনীতিৰ পৰা আঁতৰত থকা বুজায়।

7. মন্ত্ৰী-অসামৰিক বিষয়াৰ সম্পৰ্কৰ অৱনতিৰ কাৰণবোৰ ব্যাখ্যা কৰা ৷

উত্তৰঃ বাস্তৱ ক্ষেত্ৰত অৱশ্যে প্রতিশ্রুতিবদ্ধতাইৰাজনীতিকৰণ আৰু চাটুক্তিৰ বিপথগামী পথ লৈছে। সামাজিক উদ্দেশ্যবোৰৰ প্রতি দায়বদ্ধতা এটা বস্তু আৰু ৰাজনৈতিক দলৰ কথামতে চলাটো আন এটা কথা। প্ৰায়েই দেখা যায় যে আমোলাতন্ত্রই বিষয়বস্তুসমূহত নিজৰ বিচাৰ বিবেচনা নোহোৱাকৈ ৰাজনৈতিক কাৰ্যপালিকাৰ শ্ৰুতিলিপিমতে কাম কৰে। এই প্ৰৱণতা সৃষ্টি হৈছে প্ৰশাসনীয় বিষয়বোৰত ক্রমাগতভাৱে বৃদ্ধি পাই অহা ৰাজনৈতিক হস্তক্ষেপৰ বাবে। ৰাজনৈতিক হস্তক্ষেপ আৰু নিৰপেক্ষ প্রশাসন সহাৱস্থান কৰিব নোৱাৰে।

যিসময়ত প্ৰশাসকসকলে তেওঁলোকৰ জ্ঞান আৰু বুদ্ধিমত্তাৰে ৰাজনৈতিক নেতাসকলক নীতি নিৰ্ধাৰণত সহায়কাৰীৰ ভূমিকা পালন কৰে, তথাপিও তেওঁলোকে প্রতিনিধিত্বমূলক ৰাজনীতিৰ লগত জড়িত হ’ব লাগে। ৰাজনৈতিক নেতাসকলে জনগণৰ প্ৰকৃত প্রতিনিধি বুলি দাবী কৰে আৰু তেওঁলোকৰ বাবে ভাল কি সেয়া জানে আৰু তেওঁলোকৰ শ্ৰেষ্ঠ স্থানৰ কাৰণে বিষয়বস্তুবোৰ আমোলাসকলক শুনোৱাত সফল হয়। যিসকল আমোলা একান্ত বাধ্য নহয়, শীঘ্ৰে সমস্যাৰ সন্মুখীন হয়। ৰাজনৈতিক নেতা সকলৰ মুক্ত আৰু গুপ্ত—দুয়ো ধৰণে হেচা প্ৰয়োগৰ ভালেমান পথ আছে। অসামৰিক বিষয়াসকলৰ স্ববিচাৰ ক্ষমতা সহিতে সকলোবোৰ বিষয়ত ৰাজনৈতিক হস্তক্ষেপ এটা চিৰপৰিচিত বিষয়। ৰাজনৈতিক নেতাসকলৰ দ্বাৰা ভিন্নমতাৱলম্বী আৰু পৃথক মতামত প্ৰকাশ কৰা কণ্ঠৰোধ কৰাৰ ভালেমান উপায় যেনে— বদলিকৰণ, পদোন্নতি, সেৱাৰ পৰা বাধ্যতামূলক অৱসৰ দিয়া আদি ভালেমান উদাহৰণ আছে।

ৰাজনীতিকৰণে অন্যভাৱেও কাম কৰে। বহুতো প্ৰশাসকে ৰাজনৈতিক প্ৰভাৱ বা ৰাজনীতিৰ সৈতে ভেৰোণীয়া বাহিনী, তেওঁলোকৰ নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে ব্যৱহাৰ কৰে। তেওঁলোকে উদাৰ ৰাজনীতিৰ পৰা সুবিধা লয়, তেওঁৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰে, বিশেষকৈ প্ৰতিকূল ৰাজনৈতিক পৰিস্থিতিত স্বাধীন আৰু অবাধ্য হৈপৰে। এইটো সমানে এটা ভয়ংকৰ দৃশ্যও।

৪. আমোলাতন্ত্ৰৰ ৰাজনীতিকৰণে ৰাজনৈতিক পদ্ধতিক কেনেকৈ প্ৰভাৱিত কৰে?

উত্তৰঃ বাস্তৱ ক্ষেত্ৰত অৱশ্যে প্রতিশ্রুতিবদ্ধতাই ৰাজনীতিকৰণ আৰু চাটুক্তিৰ বিপথগামী পথ লৈছে। সামাজিক উদ্দেশ্যবোৰৰ প্ৰতি দায়বদ্ধতা এটা বস্তু আৰু ৰাজনৈতিক দলৰ কথামতে চলাটো আন এটা কথা৷ প্ৰায়েই দেখা যায় যে আমোলাতন্ত্রই বিষয়বস্তুসমূহত নিজৰ বিচাৰ বিবেচনা নোহোৱাকৈ ৰাজনৈতিক কাৰ্যপালিকাৰ শ্ৰুতিলিপিমতে কাম কৰে। এই প্ৰৱণতা সৃষ্টি হৈছেপ্ৰশাসনীয় বিষয়বোৰত ক্রমাগতভাৱে বৃদ্ধি পাই অহা ৰাজনৈতিক হস্তক্ষেপৰ বাবে। ৰাজনৈতিক হস্তক্ষেপ আৰু নিৰপেক্ষ প্রশাসন সহাৱস্থান কৰিব নোৱাৰে।

যিসময়ত প্ৰশাসকসকলে তেওঁলোকৰ জ্ঞান আৰু বুদ্ধিমত্তাৰে ৰাজনৈতিক নেতাসকলক নীতি নিৰ্ধাৰণত সহায়কাৰীৰ ভূমিকা পালন কৰে, তথাপিও তেওঁলোকে প্রতিনিধিত্বমূলক ৰাজনীতিৰ লগত জড়িত হ’ব লাগে। ৰাজনৈতিক নেতাসকলে জনগণৰ প্ৰকৃত প্রতিনিধি বুলি দাবী কৰে আৰু তেওঁলোকৰ বাবে ভাল কি সেয়া জানে আৰু তেওঁলোকৰ শ্ৰেষ্ঠ স্থানৰ কাৰণে বিষয়বস্তুবোৰ আমোলাসকলক শুনোৱাত সফল হয়। যিসকল আমোলা একান্ত বাধ্য নহয়, শীঘ্ৰে সমস্যাৰ সন্মুখীন হয়। ৰাজনৈতিক নেতা সকলৰ মুক্ত আৰু গুপ্ত—দুয়ো ধৰণে হেচা প্ৰয়োগৰ ভালেমান পথ আছে। অসামৰিক বিষয়াসকলৰ স্ববিচাৰ ক্ষমতা সহিতে সকলোবোৰ বিষয়ত ৰাজনৈতিক হস্তক্ষেপ এটা চিৰপৰিচিত বিষয়। ৰাজনৈতিক নেতাসকলৰ দ্বাৰা ভিন্নমতাৱলম্বী আৰু পৃথক মতামত প্ৰকাশ কৰা কণ্ঠৰোধ কৰাৰ ভালেমান উপায় যেনে— বদলিকৰণ, পদোন্নতি, সেৱাৰ পৰা বাধ্যতামূলক অৱসৰ দিয়া আদি ভালেমান উদাহৰণ আছে।

ৰাজনীতিকৰণে অন্যভাৱেও কাম কৰে। বহুতো প্রশাসকে ৰাজনৈতিক প্ৰভাৱ বা ৰাজনীতিৰ সৈতে ভেৰোণীয়া বাহিনী, তেওঁলোকৰ নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে ব্যৱহাৰ কৰে। তেওঁলোকে উদাৰ ৰাজনীতিৰ পৰা সুবিধা লয়, তেওঁৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰে, বিশেষকৈ প্ৰতিকূল ৰাজনৈতিক পৰিস্থিতিত স্বাধীন আৰু অবাধ্য হৈপৰে। এইটো সমানে এটা ভয়ংকৰ দৃশ্যও।

9. মন্ত্ৰী-অসামৰিক বিষয়াৰ সম্পৰ্ক উন্নত কৰিবলৈ প্ৰশাসনীয় সংস্কাৰ আয়োগৰ বিভিন্ন পৰামৰ্শৱলী উল্লেখ কৰা ৷

উত্তৰঃ প্ৰশাসনীয় মানদণ্ড ক্রমান্বয়ে নিকৃষ্ট হ’ব ধৰা বিষয়টোত উদ্বেগ প্ৰকাশ কৰি, প্ৰশাসনীয় পদ্ধতিটোৰ বিস্তাৰিত অধ্যয়ন আৰু সংস্কাৰৰ পৰামৰ্শ দিবলৈ 1966 চনত চৰকাৰে প্ৰশাসনীয় সংস্কাৰ আয়োগ নিয়োগ কৰে। ইয়াৰ প্রতিবেদনত আয়োগে যে দুটা মূল গুৰুত্বপূৰ্ণ বিষয় আঙুলিয়াই দিছিল: 

(ক) মন্ত্ৰী-অসামৰিক বিষয়াৰ সম্পৰ্ক, য’ত আয়োগে বিষয়াসকলক ৰাজনীতিৰ পৰা আঁতৰ ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আৰু 

(খ) প্ৰশাসনত এটা পৰিবেশ আৰু সংস্কৃতি সৃষ্টি কৰা যিয়ে অসামৰিক বিষয়া আৰু মন্ত্ৰীৰ মাজৰ অস্বাস্থ্যকৰ সম্পৰ্কৰ চিহ্নিত কৰিব।

প্ৰশাসনীয় সংস্কাৰ আয়োগে এই বিষয়টো চিনাক্ত কৰিছিল যে চৰকাৰৰ প্ৰশাসনীয় পাৰদৰ্শিতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল ৰাজনৈতিক কাৰ্যপালিকা আৰু আমোলাতন্ত্ৰৰ মাজৰ প্ৰকৃত সম্পৰ্ক। ই মত প্ৰকাশ কৰিছিল যে প্রচলিত সম্পৰ্কৰ ধাৰণাটো নিৰ্ধাৰিত ধাৰণাতকৈ পৃথক। অবৈধ কৰ্মৰ প্ৰমাণ ক্রমান্বয়ে অধিক হৈ পোহৰলৈ আহিছিল। উদাহৰণস্বৰূপে য’ত আমোলাতন্ত্র চকুত লগাকৈ ৰাজনীতিত জড়িত আছিল, তাত দুৰ্নীতিগ্ৰস্ত আমোলাসকলৰ প্ৰায়ে বদলিকৰণ আৰু নিযুক্তিকৰণ হৈছিল, তাত ৰাজনীতিক আৰু আমোলাসকলৰ অবৈধ সম্পৰ্কৰ গঢ় লৈ উঠিছিল যিয়ে প্রশাসনীয় কাম কাজত সুৰুঙাৰ সৃষ্টি কৰিছিল৷ সেইকাৰণে পদ্ধতিটোৰ অৱস্থা সুস্থিৰ কৰিবলৈ শুধৰণিমূলক ব্যৱস্থা গ্ৰহণৰ আৱশ্যক হৈছিল।

আয়োগে আমোলাসকলক ৰাজনীতিত সক্রিয় ভূমিকা পালনৰ পৰা বাৰণ কৰাৰ ওপৰত জোৰ দিছিল আৰু ৰাজনীতিক সকলে প্রশাসনীয় বিষয়বোৰত অহেতুক হস্তক্ষেপ কৰাটো বন্ধ কৰাৰ প্ৰয়োজনীয়তা সম্পর্কেও হেচা দিছিল।ই বিশ্বাস কৰিছিল যে মন্ত্ৰী আৰু অসামৰিক বিষয়া উভয়ে পৰস্পৰৰ কাম-কাজক উপলুঙা কৰাৰ পৰিৱৰ্তে সন্মান প্ৰদৰ্শন কৰিব লাগিব আৰু পৰস্পৰৰ মতবাদক সৰ্বাধিক গুৰুত্ব প্ৰদানৰ চেষ্টা কৰিব লাগিব। আয়োগৰ মতে, ৰাজনৈতিক কার্যকলাপৰ ফালৰ পৰা—

(ক) প্ৰশাসনীয় কাৰ্যাৱলী বুজিব লাগিব আৰু ইয়াৰ বৃত্তিগত চৰিত্ৰ স্বীকৃতি দিব লাগিব।

(খ) চাকৰিৰ বিষয়বোৰত অৰ্থাৎ, বদলিকৰণ, পদোন্নতিত যিমান সম্ভৱ নিম্নতম হস্তক্ষেপ কৰিব লাগিব।

(গ) ব্যক্তিগত লাভালাভ হোৱাকৈ, ঘোষিত আৰু অনুমোদিত নীতিৰ পৰা আঁতৰি আহিব নোৱাৰিব।

একেধৰণে, অসামৰিক বিষয়াসকলৰ ফালৰ পৰা—

(ক) ৰাজনৈতিক মূৰব্বীয়ে কি বিচাৰে সেয়া নিষ্ঠা আৰু সততাৰে বিচাৰি উলিয়াব লাগিব আৰু তেওঁৰ ইচ্ছা অনুযায়ী নীতি আৰু পদ্ধতিবোৰৰ প্ৰয়োজনীয় সমন্বয় সাধন কৰিব লাগিব।

(খ) ৰাজনৈতিক প্ৰধানৰ লগত সকলো সময়তে থিয় দিব লাগিব, যদিহে বিৰোধৰ শক্তিশালী কাৰণ নাথাকে ৷

অন্য অৰ্থত, চৰকাৰী নীতিবোৰ ইয়াৰ দ্বাৰা কাৰ্যকৰি কৰিব লাগিব, সেয়া আমোলাসকলে আৱেগিত আৰু মানসিকভাৱে গ্ৰহণ কৰিব লাগিব।

10. মেক্স ওৱেবাৰৰ আমোলাতন্ত্ৰৰ বৈশিষ্ট বিতংভাৱে আলোচনা কৰা। 

উত্তৰঃ মেক্স ওৱেবাৰেই প্ৰথমে শৃংখলাবদ্ধভাৱে আমোলান্ত্ৰৰ সূত্ৰটো আলোচনা কৰিছিল। তেওঁৰ মতে প্ৰতিটো সংগঠনৰ কাৰ্যদক্ষতা বৃদ্ধি কৰিবৰ কাৰণে কামৰ বিশিষীকৰণৰ প্ৰয়োজন আছে। তেওঁৰ মতে আমোলাতন্ত্রই কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ লগতে মানুহক নিয়তন্ত্ৰণ কৰিব পৰা যুক্তিবাদী আৰু মানৱীয় উপায় । সুস্থিৰতা, শৃংখলাবদ্ধতা আৰু আস্থাশীলতাৰ ক্ষেত্ৰত ই অন্যান্য সংগঠনতকৈ শ্রেষ্ঠ। সংগঠনৰ মূৰব্বী আৰু সাংগঠনিক কাম কৰা ব্যক্তিসকলৰ বাবে ই পৰিমাণভিত্তিক ফলাফল নিৰ্দ্ধাৰণভিত্তিক ফলাফল নিৰ্দ্ধাৰণত সহায় কৰে।

আমোলাতন্ত্ৰৰ বৈশিষ্ট্যঃ

মেক্স ওৱেবাৰৰ আমোলতন্ত্ৰ তত্বৰ বৈশিষ্ট্যসমুহ তলত উল্লেখ কৰা হ’লঃ 

(ক) এই পদ্ধতিত কোনো এজন বিষয়া-কৰ্মচাৰীয়ে সকলো দায়িত্ব বহন কৰিব নালাগে৷ বিভিন্ন প্রশাসনীয় কার্য বিভিন্ন কৰ্মচাৰীক ভগাই দিয়া হয়।

(খ) আমোলাসকলে নিৰপেক্ষ আচৰণ কৰিব লাগিব। কোনো কথা বা কামৰ ক্ষেত্ৰত আমোলাতন্ত্রই পক্ষপাতিত্ব অৱলম্বন কৰিব নালাগিব। জনসাধাৰণৰ প্রতিনিধিসকলৰ বা কাৰ্যপালিকাৰ নীতিসমূহ আমোলাসকলে নিৰপেক্ষভাৱে পালন কৰিব লাগে।

(গ) ৰাষ্ট্ৰৰ শাসন কাৰ্য চলাবলৈ বিভিন্ন কৰ্তৃপক্ষৰ মাজত ক্ষমতা স্পষ্টভাৱে বিভাজন হ’ব লাগে।

(ঘ) প্রশাসনীয় কার্য পালন কৰিবলৈ বিভিন্ন নীতি, পদ্ধতি আৰু ব্যৱস্থা দৃঢ়তাৰে মানি চলিব লাগে। বিষয়াসকলে যাতে স্বেচ্ছাচাৰিতা আৰু স্বজন প্ৰীতিৰ আশ্ৰয় ল’ব নোৱাৰে আৰু কাৰ্যদক্ষভাৱে কাম কৰিব পাৰে তাৰ বাবেই নীতিৰ প্রয়োজন আছে।

(ঙ) ওৱেবাৰৰ মতে সংগঠন জখলা পদ্ধতিত হ’ব লাগে। প্রত্যেক জ্যেষ্ঠ বিষয়াৰ নিৰ্দেশ কনিষ্ঠ বিষয়াই মানি চলিব লাগে। নিম্ন পৰ্যায়ৰ বিষয়াই যথাবিহিত প্ৰক্ৰিয়াৰ যোগেদি উচ্চস্তৰলৈ আবেদন কৰিব লাগে।

(চ) ওৱেবাৰৰ মতে ব্যক্তিয়ে নিজৰ ধ্যান-ধাৰণা, আবেগ-অনুভূতিৰ দ্বাৰা কাম কৰিব নোৱাৰে ৷ নিঃস্বার্থভাৱে নিজৰ দায়িত্ব পালন কৰিব লাগিব।

(ছ) আমোলা বিষয়াসকলৰ বাছনি আৰু নিযুক্তি গুণ পদ্ধতি বা প্রতিভাৰ ভিত্তিত হ’ব লাগে।

(জ) নির্দিষ্ট নীতি অনুসৰি আমোলাসকলৰ বেতন, পেঞ্চন, ভাট্টা আদি নিৰ্দ্ধাৰণ কৰিব লাগে।

11. আমোলাতন্ত্র কাক বোলে? ইয়াৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা ৷ 

উত্তৰঃ সাধাৰণতে আমোলাতন্ত্র প্রশাসন এদল অৰ্হতাসম্পন্ন অসামৰিক বৃত্তিগত শ্ৰেণীৰ দ্বাৰা অধিক্ৰমভাৱে গঠিত হৈ চলোৱা প্ৰশাসন কার্য। Bureaucracy শব্দটো ফৰাচী শব্দ Bureau ৰ পৰা আহিছে। ইয়াৰ অৰ্থ Desk Government. কাৰ্যালয়ৰ লগত জড়িত চাকৰিয়ালৰ কথাকে ইয়াত বুজোৱা হয়। প্রশাসনীয় ক্ষমতা দপ্তৰৰ হাতত কেন্দ্ৰীভূত হৈ থকা আৰু ৰাষ্ট্ৰৰ হস্তক্ষেপৰ বাহিৰেও চৰকাৰী বিষয়াসকলে অযথা হস্তক্ষেপ কৰাটোক আমোলাতন্ত্ৰ বুলিব পাৰি।

ই হ’ল এক প্ৰকাৰৰ সংগঠন যাৰ যোগেদি প্রশাসন পৰিচালনা কৰা হয়।ই ভাল পৰিচালনাত বাধা প্ৰদান কৰা ৰীতিনিষ্ঠ সংগঠন। ই হৈছে বৃহৎ চৰকাৰৰ অৰ্থত বর্তমান যুগত বৃহত্তৰ অনুষ্ঠান, চৰকাৰ, নিগম, শ্রমিক সংগঠন আদিৰ কামৰ ব্যাপকতা বৃদ্ধি পাইছে। বৃহৎ প্ৰশাসন যন্ত্ৰৰ যোগেদি অজস্ৰ আৰু ভিন্নমুখী কাম সমাধান কৰিব লাগে। সেইবাবেই বৃহৎ উদ্যোগসমূহত আমোলাতন্ত্র আছে। আমোলাতন্ত্ৰৰ আন এটা অৰ্থ হ’ল বেচৰকাৰী আমোলাসকলে নিজৰ সুবিধাৰ বাবে আৰু জনসাধাৰণৰ স্বাধীনতাৰ বিৰুদ্ধে কৰা সংগঠন। আমোলাতন্ত্রই নীতিনিয়ম মানি দেশৰ শাসনকার্য চলোৱা অসামৰিক বৃত্তিগত শ্ৰেণীটোক বুজায়। 

আমোলাতন্ত্ৰৰ বৈশিষ্ট্যঃ

আমোলাতন্ত্ৰৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’লঃ

(ক) আমোলাতন্ত্রত আমোলাসকলে অৱসৰ গ্ৰহণ নকৰালৈকে আমোলাসকলে দায়িত্ব পালন কৰিব লাগে ৷

(খ) আমোলাতন্ত্রত আমোলাসকলে নিজ নিজ ধ্যান-ধাৰণা আৰু আৱেগঅনুভূতিৰ দ্বাৰা পৰিচালিত হ’ব নোৱাৰে।

(গ) আমোলাতন্ত্রত আমোলাসকলে দলীয় ৰাজনীতিৰ পৰা মুক্ত হৈ তেওঁলোকে জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়াব লাগে।

(ঘ) আমোলাতন্ত্রত নীতি নিৰ্দ্ধাৰণত আমোলাসকলে সহায় কৰে। 

(ঙ) আমোলাতন্ত্ৰৰ আমোলাসকলে পক্ষপাতিত্ব অৱলম্বন কৰিব নালাগিব। জনসাধাৰণৰ কল্যাণৰ হকে তেওঁলোকে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিব লাগে। 

(চ) আমোলাতন্ত্রত প্রতিযোগিতামূলক পৰীক্ষাৰ যোগেদিহে আমোলাসকলক নিযুক্তি দিয়া হয়।

(ছ) আমোলাতন্ত্রত এজন বিষয়াই সকলো দায়িত্ব পালন কৰিব নালাগে। প্রশাসনীয় কার্যসমূহ বিভিন্ন কৰ্মচাৰীৰ মাজত ভগাই দিয়া হয়।

(জ) সংগঠনসমূহ জখলা পদ্ধতিত হ’লে কনিষ্ঠ বিষয়াই জ্যেষ্ঠ বিষয়াৰ আদেশ মানি চলিব পাৰে ৷ নিম্ন পৰ্যায়ৰ বিষয়াই যথাবিহিত প্ৰক্ৰিয়াৰ যোগেদি উচ্চস্তৰলৈ আবেদন কৰিব পাৰে৷

(ঝ) আমোলাতন্ত্ৰত চৰকাৰৰ নীতিসমূহ আমোলাসকলে কাৰ্যকৰী কৰে। অভিজ্ঞ হোৱাৰ বাবে আমোলাসকলে দক্ষতাৰে নীতিসমূহ কাৰ্যকৰী কৰিব পাৰে। 

(ঞ) আমোলাতন্ত্রই প্রশাসনৰ ধাৰাবাহিকতা ৰক্ষা কৰে। মন্ত্ৰীসকল সঘন পৰিৱৰ্তন হয়। আমোলাসকলে পূৰ্বৰ চৰকাৰৰ কাৰ্যকলাপ আৰু নীতিসমূহৰ লগত নতুন চৰকাৰৰ নীতিৰ যোগসূত্ৰ ৰক্ষা কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top