ASOS Class 12 Political Science Chapter 31 ৰাষ্ট্ৰসংঘৰ শান্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী

ASOS Class 12 Political Science Chapter 31 ৰাষ্ট্ৰসংঘৰ শান্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter ASOS Class 12 Political Science Chapter 31 ৰাষ্ট্ৰসংঘৰ শান্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী and select needs one.

ASOS Class 12 Political Science Chapter 31 ৰাষ্ট্ৰসংঘৰ শান্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 31 ৰাষ্ট্ৰসংঘৰ শান্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী Solutions for All Subject, You can practice these here.

ৰাষ্ট্ৰসংঘৰ শান্তি প্ৰতিষ্ঠাৰ কাৰ্যাৱলী

Chapter : 31

31.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

শুদ্ধ/অশুদ্ধ বাছি উলিওৱাঃ

1. বিশ্বশান্তি প্ৰতিষ্ঠাৰ বাবে ৰাষ্ট্ৰসংঘ হৈছে বৰ্ত্তমান আটাইতকৈ গুৰুত্বপূৰ্ণ সংগঠন। (শুদ্ধ/ অশুদ্ধ ) 

উত্তৰঃ শুদ্ধ।

2. বিবাদসমূহ শান্তিপূর্ণভাৱে সমাধানাৰ্থে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা ঘোষণাপত্র আৰু প্ৰস্তাৱসমূহ সদস্যৰাষ্ট্ৰবোৰৰ বাবে বাধ্যতামূলক। (শুদ্ধ/ অশুদ্ধ )

উত্তৰঃ অশুদ্ধ।

3. সকলোদিশৰ পৰা আশ্বাস নাপালে ৰাষ্ট্ৰসংঘৰ মধ্যস্থতাকাৰীয়ে সফলতা পোৱাৰ আশাক্ষীণ। (শুদ্ধ/ অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

4. ২০০৩ চনত আন্তর্জাতিক ন্যায়ালয়ে পেলেষ্টাইনৰ কিছুমান অঞ্চলত ইজৰালে দেৱাল নিৰ্মাণ কৰা কাৰ্য্যক অবৈধ আৰু উত্তেজক বুলি ৰায় দিছিল। (শুদ্ধ/ অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

5. নিৰাপত্তা পৰিষদে জাৰি কৰা ‘অসামৰিক প্রতিবন্ধকতা’ বোৰ ৰাষ্ট্ৰসংঘৰ সকলো দেশে বাধ্যতামূলকভাৱে প্ৰয়োগ কৰা নাই। (শুদ্ধ/ অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

31.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পূৰ কৰাঃ

1. শান্তিআৰু নিৰাপত্তা ৰক্ষাৰ বাবে, ৰাষ্ট্ৰসংঘ সদস্য ৰাষ্ট্ৰবোৰৰ অৰিহণাৰে______সুখজ্জিত হ’ব লাগিব।

উত্তৰঃ স্থায়ী সামৰিক বাহিনী।

2. ৰাষ্ট্ৰসংঘই_____ক উত্তৰ কোৰিয়াৰ বিৰুদ্ধে সামৰিক শক্তি প্ৰয়োগৰ কৰ্তৃত্ব প্রদান কৰিছিল।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।

3. ৰাষ্ট্ৰসংঘই 2003 চনত ইৰাকৰ বিৰুদ্ধে কৰিব খোজা আন এখন যুদ্ধৰ বাবে আমেৰিকাই অনুমোদন বিচাৰি কৰা অনুৰোধ_______কৰিছিল। 

উত্তৰঃ ইৰাক।

4. বিশ্বৰ বিভিন্ন দেশত শান্তি পুনৰ প্ৰতিষ্ঠা বা বাহাল ৰাখিবলৈ ৰাষ্ট্ৰসংঘই প্রায়______টা শান্তিমূলক অভিযান চলাইছে। 

উত্তৰঃ ৬০।

5. 1993চনত____ৰ প্ৰশাসন সম্পৰ্কে এটা বৃহৎ অভিযান চলোৱা হৈছিল।

উত্তৰঃ কম্বোডিয়া।

31.3.পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পূৰ কৰাঃ

1. _____অস্ত্ৰশস্ত্ৰই পৃথিৱীখনক জীয়াই থাকিবলৈ বিপদজনক কৰি তুলিছে।

উত্তৰঃ পাৰমাণৱিক৷

2. অস্ত্ৰপ্ৰতিযোগিতা ৰোধ কৰাৰ প্ৰথম আৰু প্ৰধান কাৰণ হ’ল পৃথিৱীত জীৱকুলৰ সংৰক্ষণ কৰা; যাৰ অৰ্থ হ’ল______ৰ বিকল্প প্ৰয়োগেৰে অৰ্থনৈতিক উন্নয়ন সাধন কৰা।

উত্তৰঃ সম্পদসমূহ।

3. ____ এ পাৰমাণৱিক অস্ত্ৰধাৰী আৰু পাৰমাণকি অস্ত্ৰহীন দেশৰ মাজত বৈষম্যৰ সৃষ্টি কৰিছে। 

উত্তৰঃ পৰিক্ষণ নিষিদ্ধকৰণ চুক্তি৷

4. সাধাৰণ সভাই নিৰস্ত্ৰীকৰণৰ ওপৰত____অধিবেশন অনুষ্ঠিত কৰিছে।

উত্তৰঃ তিনি।

5. ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সর্বাত্মক পৰমাণু নিষিদ্ধকৰণ চুক্তি (CTBT)_____চনত অনুমোদন জনাই।

উত্তৰঃ ১৯৯৬।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. আমাৰ পৃথিৱীখনক শান্তিপূৰ্ণ কৰি ৰাখিবলৈ ৰাষ্ট্ৰসঘই গ্ৰহণ কৰা কাৰ্যাৱলীৰ মূল চাৰিটা দিশ কি কি ?

উত্তৰঃ আমাৰ পৃথিৱীখনক কিছু পৰিমাণে হ’লেও শান্তিপূৰ্ণ কৰি ৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ চাৰিটা মূল দিশ আছে। সেইকেইটা হ’ল— 

১৷ সামৰিক শক্তিৰ প্ৰয়োগকাৰী ভূমিকা পালন৷

২৷ এটা গুলি নুফুটোৱাকৈ ৰাষ্ট্ৰসমূহক শান্তি বাহাল ৰাখিবলৈ দিয়া সতৰ্কীকৰণৰ মাধ্যমেৰে শান্তি প্রতিষ্ঠাকাৰীৰ ভূমিকা পালন৷

৩৷ কিছুমান সদস্য ৰাষ্ট্ৰক অশান্ত অঞ্চলত বলপূর্বক হস্তক্ষেপ কৰি তেনে অঞ্চলত শান্তিবাহাল ৰাখিবলৈ অনুমতি দিয়া।

৪৷ ৰাসায়নিক অস্ত্র, লেণ্ডমাইন আদিৰ দৰে যুদ্ধৰ সামগ্ৰীসমূহ হ্রাসকৰণ বা সম্পূৰ্ণৰূপেনিষেধ কৰিবলৈ কৰা নিৰস্ত্ৰীকৰণৰ ব্যৱস্থাৱলী ইত্যাদি।

2. ৰাষ্ট্ৰসংঘৰ মধ্যস্থতাকাৰীৰ ভূমিকাৰ কেইটামান উদাহৰণ আলোচনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে 1950 চনত কাশ্মীৰ সমস্যাটো বন্ধুত্বপূৰ্ণভাৱে সমাধান কৰিবলৈ মধ্যস্থতাকাৰী পঠিয়াই যদিও এই চেষ্টা বিফল হয়। 1962 চনৰ কিউবান মিছাইল সংকটটো হ’ল এটা উজ্বল উদাহৰণ য’ত সচিবপ্ৰধান হউ থান্টৰ মধ্যস্থতাই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত প্ৰত্যক্ষ সামৰিক সংঘাট এৰাই চলিবলৈ সহায় কৰিছিল। 1987 চনত আফগানিস্তাৰ পৰা ছোভিয়েট সেনা অপসাৰণ কৰিবলৈ এখন চুক্তি স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই সফলতাৰে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল। 1991 চনত কম্বোডিয়াৰ সমস্যাটোৰ ক্ষেত্ৰতো একে ধৰণে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰা হৈছিল। বর্তমানেও ছোমালিয়া, চাইপ্ৰাছ, পশ্চিম ছাহাৰা আদিৰ সমস্যা সমাধানৰ বাবে ৰাষ্ট্ৰসংঘৰ প্ৰায় দুই ডজন মধ্যস্থতাকাৰীয়ে কাম কৰি আছে।

সীমান্ত উলংঘন, নিষিদ্ধ অস্ত্ৰ ব্যৱহাৰ আৰু আন আন অভিযোগবোৰৰ সত্য উদঘাটন বা নিৰপেক্ষ অনুসন্ধানৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই সহায় কৰি আহিছে। আৰৱ, ইজৰাল সংঘাটৰ ক্ষেত্ৰত 1967 চনত ৰাষ্ট্ৰসংঘই এটা নির্দেশনা দিছিল যিয়ে ইজৰাইল আৰু পেলেষ্টাইন উভয়কে নিৰাপদ সীমাৰেখাৰ ভিতৰত বাস কৰাৰ অধিকাৰক স্বীকৃতি প্রদান কৰিছিল। মাজে সময়ে ন্যায়িক সংগঠন, বিশ্ব আদালতেও দেশসমূহে উত্থাপন কৰা অভিযোগবোৰৰ ৰায় প্ৰদানৰ মাধ্যমেৰে শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। উদাহৰণস্বৰূপে 2003 চনত এই আদালতে অধীকৃত পেলেষ্টাইনৰ অঞ্চলসমূহত ইজৰাইলৰ এখন দেৱাল নিৰ্মাণক অবৈধ আৰু উত্তেজনা বুলি ৰায় দিছিল। সাধাৰণ সভাই পিছলৈ ইজৰাইলক আদালৰ মতামতক মানি চলিবলৈ আহ্বান জনাইছিল।

3. ৰাষ্ট্ৰসংঘই কি কি বিভিন্ন ধৰণৰ অসামৰিক প্রতিবন্ধকতা আৰোপ কৰিছে?

উত্তৰঃ ৰাষ্ট্ৰসংঘই সাধাৰণতে ৰাষ্ট্ৰসমূহৰ মাজত শান্তি বাহাল ৰাখিবলৈ সাধাৰণ পৰামৰ্শমূলক পদ্ধতি অৱলম্বন কৰে। ইয়াৰ অৰ্থ এইটো নহয় যে ৰাষ্ট্ৰসংঘই ই ইয়াৰ পৰামৰ্শ অমান্য কৰি বিশ্ব শান্তিৰ বাবে ভাবুকিস্বৰূপ হৈপৰা দেশৰ বিৰুদ্ধে একো কৰিব নোৱাৰে বা একো ব্যৱস্থা গ্ৰহণ কৰা নাই। অস্ত্ৰৰ প্ৰয়োগ বা সামৰিক শক্তিৰ প্ৰয়োগ অবিহনে, শান্তিৰ প্ৰতি ভাবুকিস্বৰূপ হৈপৰা দেশ বা চৰকাৰৰ বিৰুদ্ধে বাধা নিষেধ আৰোপ কৰি শান্তিবাহাল ৰখাৰ ক্ষমতা আছে। এইবোৰ ‘অসামৰিক বাধা-নিষেধ’ৰ নিৰাপত্তা পৰিষদে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত ৰাষ্ট্ৰসংঘৰ সকলোবোৰ সদস্য দেশে বাধ্যতামূলকভাৱে প্ৰয়োগ কৰিব লাগে।

‘বাধানিষেদবোৰ’ শান্তিৰ প্ৰতি ভাবুকি হৈ পৰা দেশক এলাগী বা শাস্তি বিহিবলৈ শক্তিশালী পদক্ষেপ। বাধানিষেধ সামৰিক শক্তি প্রয়োগক নুবুজায়। বাধানিষেদৰ অৰ্থ হ’ল— নিৰ্ধাৰিত দেশ আৰু বিশ্বৰ আন আন অংশৰ লগত কূটনৈতিক সম্পর্ক ছেদ কৰা, অস্ত্র-শস্ত্ৰ আৰু খাৰ বাৰুদৰ বিক্ৰীত বাধা দিয়া, তেল তথা ঔষধ জাতীয় কোনো সামগ্রী বা আটাইবোৰ সামগ্ৰী আমদানি আৰু ৰপ্তানিৰ ওপৰত বাধা-নিষেধ আৰোপ কৰা, বিদেশী বেংকত থকা পুঁজি বন্ধকৰি দিয়া ইত্যাদি।এই পদক্ষেপবোৰৰ লক্ষ্য হ’ল নিৰ্দিষ্ট দেশৰ আপত্তিজনক কাৰুকাৰ্যবোৰ বন্ধ কৰাটো নিশ্চিত কৰা।

4. সামৰিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ কিয় নিজাববীয়া সামৰিক শক্তি নাই।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ বাবে বিশ্ব শান্তি ইমানেই গুৰুত্বপূৰ্ণ যে এখন দেশে আন এখন দেশক কৰা আক্রমণ বন্ধ বা প্রতি আক্রমণ কৰিবলৈ এই সংগঠনটোক সামৰিক শক্তি ব্যৱহাৰৰ ক্ষেত্ৰত ক্ষমতাশীল কৰিবলৈ প্ৰতিষ্ঠাপকসকলে দ্বিধাবোধ কৰা নাছিল ৷ এই উদ্দেশ্যে সদস্য ৰাষ্ট্ৰবোৰৰ অৰিহণাৰে ৰাষ্ট্ৰসংঘক শক্তিশালী সামৰিক সৈন্যবাহিনীৰে সুসজ্জিত কৰি তুলিব বিচৰা হৈছিল। ৰাষ্ট্ৰসংঘ আৰু সচিব প্ৰধানৰ নেতৃত্বত আক্ৰমণকাৰী দেশৰ বিৰুদ্ধে যুজ দিব বিচৰা এই সামৰিক কৌশল বাস্তৱৰ পৰিণত নহ’ল ৷ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ দৰে শক্তিশালী দেশবোৰৰ এই বিষয়ত তীব্র মতানৈক্য আছিল। এই কাৰণেই প্ৰতিষ্ঠাৰ পাঁচ দশকৰ পিছতো আক্ৰমণকাৰী দেশৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ নিজাববীয়াকৈ সামৰিক শক্তিনাই। ৰাষ্ট্ৰসংঘৰ এই সীমাবদ্ধতাৰ বাবে আক্ৰমণকাৰী দেশৰ বিৰুদ্ধে ই স্বাধীন বা স্বাভাৱিকভাৱে কোনো সামৰিক কাৰ্যব্যৱস্থা ল’ব নোৱাৰে।

তাৰোপৰি, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ মাজত হোৱা শীতল যুদ্ধৰ বাবে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰবোৰে আক্ৰমণ দেশৰ চিনাক্তকৰণৰ ক্ষেত্ৰত ঐক্যমতত উপনিত হ’ব পৰা নাই। শীতলযুদ্ধৰ এই দুটা প্রতিদ্বন্দ্বী তথা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যই প্ৰায়ে বিবাদত লিপ্ত দেশক সমর্থন কৰে আৰু ‘ভেটো’ ক্ষমতাৰ সহায়ত তেওঁলোকৰ মিত্রশক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত বাধা দিয়ে৷ এইদৰে শীতল যুদ্ধৰ সময়ত বেছিভাগ সময়তেই নিৰাপত্তা পৰিষদ আচল হৈ পৰিছিল।

5. শান্তি ৰক্ষা কি? কিহৰ কাৰণে এই অভিযান চলোৱা হয় ? 

উত্তৰঃ সামৰিক কাৰ্যব্যৱস্থাৰ তুলনাত বিশ্বশান্তি প্ৰতিষ্ঠাৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা ব্যৱস্থাৱলী অধিক গুৰুত্বপূৰ্ণ। এই গুৰুত্বপূৰ্ণ ব্যৱস্থাৱলী অৱশ্যে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ভবা হোৱা নাছিল। অৱশ্যে ৰাষ্ট্ৰসংঘই ইয়াৰ প্ৰথম বছৰৰ পৰাই এই কৌশলবোৰ প্ৰয়োগৰ চেষ্টা চলাইছিল ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষামূলক ব্যৱস্থালীৰ প্ৰথম আৰম্ভণি 1948 চনত হয় যেতিয়া প্রথম আৱৰ-ইজৰাইলৰ যুদ্ধৰ পিছত শান্তি প্ৰতিষ্ঠাৰ বাবে ৰাষ্ট্ৰসংঘই ইয়াৰ সামৰিক পৰ্যবেক্ষকৰ দল এটা পঠিয়ায়। তেতিয়াৰ পৰা আফ্রিকা, এছিয়া, ইউৰোপ আৰু দক্ষিণ আমেৰিকা এই চাৰিখন মহাদেশৰ দেশসমূহৰ বিভিন্ন অঞ্চলত শান্তি পুনৰ প্ৰতিষ্ঠা বা বাহাল ৰাখিবলৈ ৰাষ্ট্ৰসংঘই 60 ৰ অধিকবাৰ শান্তিৰক্ষী বাহিনী পঠিয়াইছে। তেনে দুটা অভিযানে ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি পুনৰ প্ৰতিষ্ঠা কৰিছিল।

6. ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণ প্ৰচেষ্টাৰ কিছুমান দিশ আলোচনা কৰা।

উত্তৰঃ আৰম্ভণিৰেপৰা ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰিকৰণত সক্রিয় ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাষ্ট্ৰসংঘইৰ প্ৰচেষ্টাত ভালেমান নিৰস্ত্ৰীকৰণ চুক্তি সম্পাদিত হৈছে। ইয়াৰে কিছুমান নিঃসন্দেহে বিতর্কিত। উদাহৰণস্বৰূপে, 1968 চনৰ ‘পাৰমাণৱিক অস্ত্ৰ নিষিদ্ধকৰণ’ চুক্তিৰ কথা ক’ব পাৰি। এই চুক্তি অনুযায়ী পাৰমাণৱিক অস্ত্ৰ নথকা দেশসমূহক এই অস্ত্ৰ আহৰণৰ পৰা বিৰত ৰাখিব বিচৰা হৈছিল, আন্তহাতে একেসময়তে, পাৰমাণৱিক অস্ত্ৰধাৰী দেশসমূহক তেওঁলোকৰ অস্ত্রভাণ্ডাৰ বৃদ্ধি কৰিব পৰা ব্যৱস্থা কৰা হৈছিল। ভাৰতৰ দৰে বহুতো দেশে এই বৈষম্যৰ বিৰোধিতা কৰি ইয়াত চহী কৰিবলৈ অস্বীকাৰকৰিছিল৷

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে নিৰস্ত্ৰীকৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কত বিশ্বৰ দৃষ্টি আকৰ্ষণৰ বাবে তিনিখন বিশেষ অধিবেশন আহ্বান কৰিছিল। সেই অধিবেশন কেইখনে পাৰমাণৱিক আৰু পৰম্পৰাগত অস্ত্ৰ-শস্ত্ৰৰ হ্ৰাসকৰণত বিশ্বৰ জনমতক সৈমান কৰিব পাৰিছিল। কিন্তু শীতল যুদ্ধৰ উত্তেজনাময় পৰিস্থিতিৰ বাবে কোনো নিশ্চিত ফলাফল লাভ কৰিব পৰা নগ’ল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top