ASOS Class 12 Political Science Chapter 29 সমসাময়িক বিশ্ব শৃংখলা

ASOS Class 12 Political Science Chapter 29 সমসাময়িক বিশ্ব শৃংখলা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter ASOS Class 12 Political Science Chapter 29 সমসাময়িক বিশ্ব শৃংখলা and select needs one.

ASOS Class 12 Political Science Chapter 29 সমসাময়িক বিশ্ব শৃংখলা

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 29 সমসাময়িক বিশ্ব শৃংখলা Solutions for All Subject, You can practice these here.

সমসাময়িক বিশ্ব শৃংখলা

Chapter : 29

29.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

1. বিশ্বৰ ঘটনা প্রবাহৰ প্ৰধান কাৰকসমূহ কি কি? 

উত্তৰঃ ৰাষ্ট্ৰবোৰ, দেশ হিচাপে সৰ্বজন পৰিচিত। 

2. আকাৰ আৰু শক্তিত দেশবোৰ সমাননে? 

উত্তৰঃ নহয়৷

29.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. দ্বিতীয় বিশ্বযুদ্ধৰ বিজয়ী দেশসমূহৰ নাম লিখা। 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়ন। 

2. দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ গুৰুত্ব হ্রাস পোৱাটো সত্যনে? 

উত্তৰঃ হয়।

3. কোন দুখন দেশক ‘চুপাৰ পাৱাৰ’ (Super Power) হিচাপে জনা যায়।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়ন।

4. শীতল যুদ্ধৰ সময়ত গঠন হোৱা দুটা সামৰিক মিত্ৰজোঁটৰ নাম লিখা।

উত্তৰঃ NATO আৰু ৱাৰশ্ব’ চুক্তি সংগঠন।

5. চুপাৰ পাৱাৰ (Super Power) বোৰে সমিলমিললৈ আহিবলৈ যত্ন কৰিছিলনে? এই পদ্ধতিটোক কি বুলি কোৱা হয়? 

উত্তৰঃ হয়, ইয়াক উত্তেজনা উপশম হিচাপে জনা যায় ।

29.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. শীতল যুদ্ধত কোনখন দেশ পৰাজিত হৈছিল?

উত্তৰঃ ছোভিয়েট ইউনিয়ন।

2. শীতল যুদ্ধ সমাপ্তি ঘোষণা কৰা ছোভিয়েট ইউনিয়নৰ নেতাজনৰ নাম লিখা।

উত্তৰঃ মিথাইল গর্বাছেভ।

3. শীতল যুদ্ধৰ সমাপ্তিৰ পিছত কোনখন দেশ আটাইতকৈ শক্তিশালী হৈ উঠিছে?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।

4. একমেৰুকেন্দ্ৰীক বিশ্বৰ উৎপত্তিয়ে ৰাষ্ট্ৰসংঘৰ কাম-কাজত সহায় কৰিছেনে?

উত্তৰঃ নহয়।

29.4. পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. বিশ্ব শৃংখলাত একমেৰুকেন্দ্ৰীকতাই সুস্থিৰতা আনিব পাৰিছেনে? 

উত্তৰঃ হয়।

2. অঞ্চলভিত্তিত বিভাজিত কেইখনমান দেশৰ নাম লিখা। 

উত্তৰঃ যুগোশ্লোভিয়া, চেকোশ্লোভিকিয়া ইত্যাদি।

3. গৃহযুদ্ধ সৃষ্টি হোৱা কেইখনমান দেশৰ উদাহৰণ দিয়া। 

উত্তৰঃ আফগানিস্থান, চোমালিয়া, চিয়েৰা লিয়ন, যুগোশ্লোভিয়া ইত্যাদি। 

4. নিৰপৰাধী জনসাধাৰণ যুদ্ধ আৰু হিংসাৰ দ্বাৰা প্ৰভাৱিত নহয়। শুদ্ধ/ অশুদ্ধ?

উত্তৰঃ অশুদ্ধ।

29.5.পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. বিশ্বায়ন একমাত্ৰ অৰ্থনৈতিক ক্ষেত্ৰৰ লগত জড়িত। (শুদ্ধ/ অশুদ্ধ) 

উত্তৰঃ অশুদ্ধ।

2. বিশ্বায়নৰ পৰা পশ্চিমীয়া ব্যক্তিগত উদ্যোগবোৰ অধিক লাভবান হৈছে (শুদ্ধ/ অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

3. বিশ্বায়ন হ’ল তথ্য আৰু যোগাযোগ প্রযুক্তিবিদ্যাৰ বিপ্লৱ। (শুদ্ধ/ অশুদ্ধ) 

উত্তৰঃ শুদ্ধ৷ 

4. ধনী দেশবোৰত আয়ৰ ব্যৱধান বাঢ়িছে। (হয়/ নহয়) 

উত্তৰঃ হয়।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. বিশ্ব শৃংখলাৰ অৰ্থ আৰু বৈশিষ্ট্যবোৰ লিখা। 

উত্তৰঃ শৃংখলা বুলিলে এনে এটা অর্থ বুজায় য’ত প্ৰতিটো বস্তুৱে ইয়াৰ উপযুক্ত স্থানত থাকে।ইনীতি-নিয়মৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু ইয়াৰ বলবৎকৰণো বুজায় ৷ শৃংখলাবদ্ধভাৱে কৰিলে দৈনন্দিন কাৰ্যাৱলী সূচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে হয়৷ বিশ্বৰ ঘটনাপ্ৰৱাহত শৃংখলাই এখন দেশৰ কাম-কজক আন দেশৰ লগত এটা নিৰ্দিষ্ট পদ্ধতিত সামৰি লয়। এই পদ্ধতিটো কিছুমান নীতি-নিৰ্দেশনাৰ ৰূপত পৰিলক্ষিত হয়; যিবোৰ দেশসমূহে সৰ্বসন্মতভাৱে গ্ৰহণ ততা সন্মান প্রদর্শন কৰে। এই নীতি-নিৰ্দেশনাবোৰৰ ভিতৰত হ’ল— সকলো দেশৰমাজত সমতা, য’ত এখন দেশে আন এখন দেশৰ আভ্যন্তৰিণ বিষয়ত হস্তক্ষেপ কৰিব নোৱাৰিব; য’ত শক্তি প্ৰয়োগ কৰিব নোৱাৰিব আনকি উমৈহতীয়া সম্পর্কৰ্ক ভাবুকি প্রদান কৰিব নোৱাৰিব; য’ত যুদ্ধবন্দী আৰু শৰণাৰ্থীসকলক মানৱীয় আচৰণ কৰা হ’ব ইত্যাদি। এই নীতিসমূহৰ পালনৰ ক্ষেত্ৰত দেশসমূহক সহায় কৰিবলৈ তেওঁলোকে প্ৰায়েই ৰাষ্ট্ৰসংঘৰ দৰে উমৈহতীয়া অনুষ্টান আদি প্ৰতিষ্ঠা কৰে। এইবোৰে ৰাষ্ট্ৰসমূহৰ মাজত কূটনৈতিক আৰু আলাপ-আলোচনাৰ মাধ্যমেৰে ইয়াৰ মাজত থকা পাৰ্থক্য আৰু সমস্যাবোৰ লাঘব কৰাত সহায় কৰে।

বিৰীত বাস্তৱ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ‘বিশ্ব শৃংখলা’ বাক্যাংশ এটা আচার্য যেন লাগে। আনুষ্ঠানিক দিশত যদিও ৰাষ্ট্ৰসমূহ সমান যেন লাগে, তথাপি এইসমূহৰ মাজত দেখদেখকৈ অসমতা আছে। আৰু ইয়াৰ কিছুমান বৈশিষ্ট্য ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্যৰাষ্ট্ৰ পাঁচখনক ভেটো ক্ষমতা প্ৰদান কৰি স্বীকৃতি দিয়া হৈছে। ৰাষ্ট্ৰসমূহে প্ৰায়েই সম্পদ আৰু প্ৰভাৱৰ বাবে প্ৰতিযোগিতাত নামে, পৰস্পৰে পৰস্পৰৰ উদ্দেশ্য আৰু আশাক সন্দেহ কৰে, সীমাক লৈ বিবাদত লিপ্ত হয়, তথা বাণিজ্য আৰু ভালেমান আন আন বিষয় লৈ প্ৰতিযোগিতাত নামে। আনহাতে, এতিয়াও এচিয়া, আফ্রিকা আৰু ইউৰোপৰ ভালেমান ৰাষ্ট্ৰত ডজনতকৈও অধিক যুদ্ধ চলি আছে, য’ত কোটি কোটি মানুহৰ মৃত্যু তথা মূল্যবান সম্পদ ধ্বংস হৈছে। তাৰোপৰি, ৰাষ্ট্ৰসংঘৰ মাজতেই যে সমস্যাৰ উদ্ভৱ হৈছে এনে নহয়, বহু সময়ত ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ সমস্যাৰো সৃষ্টি হৈছে। বহুতো ৰাষ্ট্ৰত গৃহযুদ্ধ চলি আছে। গৃহযুদ্ধ হ’ল কোনো চৰকাৰক ক্ষমতাৰ পৰা আঁতৰাবৰ বাবে বা এখন সুকীয়া ৰাজ্য প্ৰতিষ্ঠাৰ বাবে অপেক্ষা কৰি থকা কিছুমান মানুহৰ গোটৰ আৰু ৰাষ্ট্ৰীয় সামৰিক বাহিনীৰ মাজত চলি থকা এখন নিষ্ঠুৰ তথা দীঘলীয়া যুদ্ধ। তাৰোপৰি ৰাষ্ট্ৰীয় ৰাজনীতিত তীব্ৰ দাবী উত্থাপন কৰিবলৈ অতিৰিক্ত বাণিজ্যিক আৰু সামাজিক প্ৰভাৱগোষ্ঠীৰো উদ্ভৱ হয়। বহুতো দুখীয়া ৰাষ্ট্ৰক ইয়াৰ আৰ্থিক নীতিৰ ক্ষেত্ৰত শ্ৰুতলিপি শুনাবলৈ আমেৰিকা আৰু ইউৰোপত বহুজাতিক কোম্পানীসমূহ যথেষ্ট শক্তিশালী হৈ উঠিছে আৰু অন্যহাতে ৰাষ্ট্ৰীয় ৰাজনীতিত বেচৰকাৰী সংস্থাসমূহৰ প্ৰভাৱ দ্ৰুতগতিত বৃদ্ধি পাই আহিছে।

বাস্তৱ ক্ষেত্ৰৰ পৰিপ্ৰেক্ষিতত, বিশ্ব শৃংখলাটো বহু দিশত ই আশাব্যঞ্জক নহয়, তথাপি এইটোও সত্য যে বিশ্ব পৰিক্ৰমাৰ ভালেমান দিশত শৃংখলাবদ্ধতা আছে যিবোৰ স্পষ্টৰূপত পৰিলক্ষিত নহয়৷ উদাহৰণস্বৰূপে,কূটনৈতিক বিষয়াৰ আদানপ্ৰদান, যুদ্ধৰ নীতি-নিয়ম,. ডাক যোগাযোগ, বায়ু আৰু সাগৰীয়া বাণিজ্য, বিদেশীবোৰৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ, মুদ্ৰাৰ বিনিময় আদিবোৰ আন্তর্জাতিক শৃংখলাৰ অংশ। এইবোৰ তথা আন্তর্জাতিক বিষয়ৰ আন আন দিসবোৰ দেশাচাৰ আৰু প্ৰবাদমতে পৰিচালিত হয় তথা ভালেমান আন্তর্জাতিক সন্ধি আৰু চুক্তি অনুযায়ী পৰিচালিত হয় ৷ এইটোত দেখা যায় যে ৰাষ্ট্ৰসমূহৰ মাজত থকা মতভেদ আঁতৰ কৰি এক বুজাবুজিত উপনীত হ’বলৈ অন্য দেশ বা অন্য আন্তর্জাতিক সংস্থাৰ সহায় বিচৰা হয়৷

2. শীতল যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নে কেনেকৈ যুদ্ধ কৰিছিল?

উত্তৰঃ পূৱ আৰু পশ্চিমৰ সম্পৰ্ক কেতিয়াও আন্তৰিকতাপূৰ্ণ হোৱা নাই। প্রত্যক্ষ যুদ্ধত অৱতীৰ্ণ নোহোৱাকৈও, দুয়োটা গোষ্ঠীয়ে ৰাজনৈতিক আৰু সামৰিক প্ৰতিযোগিতাত নিৰবচ্ছিন্নভাৱে জড়িত হৈ আহিছে। এনে পৰিবেশটোকে বহুচর্চিত ‘শীতল যুদ্ধ’ বুলি কোৱা হয়। শীতল যুদ্ধ, উত্তৰ আটলান্টিক চুক্তি সংগঠন (NATO) আৰুৱাৰশ্ব’ চুক্তি সংগঠন (WAR SAW Treaty Organisation) তথা অত্যাধুনিক অস্ত্র-শস্ত্ৰৰে বহুতো দেশৰ মাজত দ্ৰুতগতি সামৰিক জোটবন্ধন গঠনৰ দৰে বৈশিষ্ট্যৰে পৰিপূৰ্ণ।

3. দ্বি-মেৰুযুক্ত পৃথিৱীয়ে কিদৰে ক্ৰমান্বয়ে বহু মেৰুযুক্ত পৃথিৱীলৈ ৰূপান্তৰ হ’ল বৰ্ণনা কৰা ৷

উত্তৰঃ দ্বি-মেৰুকেন্দ্ৰীক শৃংখলাৰ কিছুমান যোগাত্মক দিশো আছে। প্রথমতেই, যিহেতুকে শীতল যুদ্ধৰ উভয় গোষ্ঠীয়েই ইয়াৰ চুবুৰীয়া জনগণৰ সহানুভূতি আদায় কৰিবলৈ চেষ্টা কৰিছিল, সেয়ে ইউৰোপিয়ান ঔপনিবেশিক শাসনৰ বিৰুদ্ধে আফ্ৰিকা আৰু এচিয়াত চলা স্বাধীনতা আন্দোলনে এটা নতুন মাত্ৰা লাভ কৰিছিল। 1960 চনৰ পৰা আৰম্ভ হৈ প্ৰায় 100 খন নতুন ৰাষ্ট্ৰৰ জন্ম হৈছে। অৱশ্যে এই দেশাবোৰে তেওঁলোকৰ সদ্যপ্রাপ্ত ৰাজনৈতিক স্বাধীনতাক লৈ কোনো এটা সামৰিক জোটবন্ধনতে যোগ দি বুজাবুজি কৰিব বিচৰা নাছিল। সেয়েহে তেওঁলোকে ‘গোষ্ঠী নিৰপেক্ষ আন্দোলন’ৰ আৰম্ভ কৰিছিল যিয়ে নিৰৱচ্ছিন্নভাৱে বিশ্বশান্তি পাৰমাণৱিক নিৰস্ত্ৰীকৰণ আৰু কম উন্নত দেশসমূহৰ অৰ্থনৈতিক উন্নতিৰ হকে মাত মাতি আহিছে। (ভাৰতে এই প্ৰচেষ্টাত নেতৃত্ব ভূমিকা পালন কৰিছিল)। তেওঁলোকৰ সমূহীয়া দাবীক ৰাষ্ট্ৰসংঘৰ দৰে বিশ্ব সংগঠনৰ কাম-কাজৰ ক্ষেত্ৰত অস্বীকাৰ কৰিব নোৱাৰি। চুপাৰ পাৱাৰসকলক নিৰস্ত্ৰীকৰণৰ বাবে যুক্তিপূর্ণ এক বিশ্ব শৃংখলা গঠনৰ বাবে আহ্বান জনায় ভালেমান বৃহৎ প্রচেষ্টা হাতত লোৱা হৈছে। ক্রমান্বয়ে তৈল সম্পদত চহকী দেশসমূহে (পশ্চিম এচিয়া আৰু আন অংশৰ) উৎপাদন তথা মূল্যস্তৰৰ সালসনি কৰি চল চাতুৰিৰে তেওঁলোকৰ গুৰুত্ব প্ৰতিষ্ঠা কৰি আহিছে।

1970 চনৰ পৰা গুৰুত্বপূৰ্ণভাৱে দ্বি-মেৰুকেন্দ্ৰিক পৃথিৱীখনে বহুমেৰুযুক্ত পৃথিৱীলৈ ৰূপান্তৰ হৈছে। বিশেষজ্ঞসকলৰ মতে বর্তমান দুটা নহয়, বিশ্ব পৰিক্ৰমাত শক্তি আৰু প্ৰভাৱৰ কেন্দ্ৰ বহুত। তৃতীয় বিশ্বৰ সমূহীয়া শক্তিৰ উপৰিও আন বহুতো গুৰুত্বপূৰ্ণ পৰিঘটনাৰ সৃষ্টি হৈছে। পশ্চিম ইউৰোপৰ ৰাষ্ট্ৰসমূহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অৰ্থনৈতিক আৰু সামৰিক সুৰক্ষা লাভ কৰাৰ পিছত ইউৰোপীয় সংঘ হিচাপে পৰিচিত, এটা আঞ্চলিক সংহতি হিচাপে প্রতিষ্ঠা লাভ কৰিছে। এই ৰাষ্ট্ৰসমূহে বিশ্ব বজাৰ ব্যৱস্থাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান প্রতিদ্বন্দ্বী হিচাপেথিয় দিছে। পূব এচিয়াতো, প্রথমে জাপান আৰু তাৰ পিছত ক্ৰমে চীন আৰু এছিয়াৰ বাঘ হিচাপে পৰিচিত কিছুমান ৰাষ্ট্ৰৰ (যেনে উত্তৰ কোৰিয়া, ছিংগাপুৰ ইত্যাদি) উত্থানে দ্বি-মেৰযুক্ত বিশ্ব শৃংখলাৰ ভেটি দুৰ্বল কৰি তুলিছে। লক্ষণীয়ভাৱে, এই নতুন ‘মেৰু’সমূহৰ উত্থানত শংকিত হৈ দ্বি-মেৰুৰ শক্তিসমূহে 1970 চনত ততাতৈয়াকৈ ‘সংঘর্ষ উপষম’ বা Detente হিচাপে পৰিচিত সমিল মিললৈ আহিব বিচাৰে যদিও বিফল হয়। পূব ইউৰোপ আৰু ছোভিয়েট ইউনিয়ন সম্পূৰ্ণ অনাকাংক্ষিতভাৱে পতন হোৱালৈকে দ্বি-মেৰুযুক্ত বিশ্ব শৃংখলা বর্তি থাকে, যিয়ে 1990 চনৰ আৰম্ভণিতে শীতল যুদ্ধৰ যুগৰ আনুষ্ঠানিক পৰিসমাপ্তি সূচিত কৰে।

4. একমেৰুকেন্দ্ৰীক পৃথিৱীৰ বৈশিষ্ট্য হিচাপে গৃহযুদ্ধ আৰু সন্ত্ৰাসবাদৰ বৰ্ণনা কৰা।

উত্তৰঃ গৃহযুদ্ধবোৰ হ’ল আটাইতকৈ বৰ্বৰ আৰু অমানৱীয় পদ্ধতিৰে কৰা যুদ্ধ। অজস্ৰ সৰু-সুৰা অস্ত্ৰৰ যেনে AK-47, ৰাইফল, হেণ্ড গ্রেনেড আৰু লেণ্ড মাইনৰ ব্যৱহাৰ কৰা হৈ আহিছে যিটে কোটি কোটি নির্দোষী পুৰুষ-মহিলা আৰু শিশুৰ কাৰণে বিভিষীকাৰ সৃষ্টি কৰিছে, যাৰ এই সমূহৰ লগত সম্পর্ক নাই। বিগত 15 বছৰত হিংসাত্মক সংঘৰ্ষত প্রায় 20 মিলিয়ন লোকে মৃত্যুবৰণ কৰিছে। তথ্য অনুযায়ী এই যুদ্ধত নিহত শতকৰা 95 জনেই সাধাৰণ নিৰপৰাধী লোক। গণহত্যাৰে গোষ্ঠীগত সংখ্যালঘু অধ্যুষিত এখন নগৰ বা চহৰ মুক্তকৰণ, শিশুসকলক বলপূর্বক সৈনিক হিচাপে ব্যৱহাৰ, মহিলাক দলবদ্ধ ধৰ্ষণ আদিবোৰ গৃহযুদ্ধৰ মূল আৰু অমানৱীয় বৈশিষ্ট্য। শীতল যুদ্ধোত্তৰ গোলকীয় শৃংখলাৰ উপাদান হিচাপে নিৰাপত্তা আৰু সুস্থিৰতাৰ প্ৰতি সচেতনজনৰ কাৰণে চৰকাৰী সেনাবাহিনী বা বিদ্ৰোহীৰ দ্বাৰা হোৱা মানৱ অধিকাৰ ভংগ এটা উদ্বেগৰ বিষয় হৈ পৰিছে। শীতল যুদ্ধৰ সময়ত এই দিশটোৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ পৰা মানৱীয় নিৰাপত্তালৈ সম্পূৰ্ণৰূপে পৰিৱৰ্তন হয়।

সংক্ষেপ্ত, অস্থিৰতাৰ এই দিশবোৰে, নিৰাপত্তাৰ দিশটোক নতুন দৃষ্টিভংগীৰে চোৱাৰ প্ৰয়োজনীয়তাকে সূচিত কৰে। নিৰাপত্তাৰ পৰিসৰ বৃদ্ধি পাইছে; ই একমাত্র বিদেশী আগ্ৰাসানৰ অনুপস্থিতিকে সামৰি নলয়, বৰং আভ্যন্তৰীণ সুস্থিৰতাকে ই সামৰি লয় ৷ নিৰাপত্তাই ৰাষ্ট্ৰক সুৰক্ষা দিবলৈ শক্তিশালী সামৰিক শক্তি গঠনকে একমাত্র নুবুজায়, ই অর্থনৈতি নিশ্চয়তা, সামাজিক নিশ্চয়তা আৰু জনসাধৰণৰ বাবে পৰিবেশৰ কল্যাণ সাধনকো বুজায় ৷ তাৰোপৰি সন্ত্ৰাসবাদকে আৰম্ভ কৰি এই সকলোবোৰ সমস্যাৰ সমাধান এখন ৰাষ্ট্ৰই অকলে কৰিব নোৱাৰে, সকলোবোৰ ৰাষ্ট্ৰৰ সমূহিয়া প্ৰচেষ্টাতে ই সম্ভৱ হ’ব পাৰে।

5. বিশ্বায়নৰ নকাৰাত্মক ফলাফলবোৰ আলোচনা কৰা ৷

উত্তৰঃ বিশ্ব সম্প্ৰদায়ৰ বেছিভাগ উন্নয়নশীল ৰাষ্ট্ৰসমূহ গভীৰ আশালৈ বিশ্বায়ন অংশীদাৰ হৈ পৰিছিল। আমি ভাৰতৰ অভিজ্ঞতাৰ কথাকে চাওহক। পূৰ্ণ বিকাশত আৰু উচ্চ প্রতিযোগীতামূলক কম্পিউটাৰ চফ্টৱেৰ উদ্যোগ, কাৰিকৰী আৰু অৰ্হতাসম্পন্ন শ্রমশক্তিৰ প্ৰাচুৰ্যতা আৰু ইয়াৰ সুবিশাল মধ্যবিত্ত শ্ৰেণীৰ বজাৰৰ সম্ভাৱনীয়তাৰে, গোলকীকৰণৰ যুগত ভাৰতবৰ্ষই লাভৰ আশা কৰিছিল। 1991 চনৰ পৰা ৰাজহুৱা খণ্ডৰ উদ্যোগৰবোৰত বিদেশী বিনিয়োগনিৰ্বিনিয়োগৰ বাবে; ভাৰতবৰ্ষই ইয়াৰ অৰ্থনৈতিক নীতি, ব্যক্তিকৰণৰ আৰু উদাৰীকৰণ ব্যৱস্থাৰে সলনি কৰে। মটৰ গাড়ীৰ পৰা খাদ্য সামগ্ৰীলৈ বজাৰত গ্ৰাহকসকলৰ বাবে বিভিন্ন পচন্দৰ সামগ্ৰী উভৈনদী হৈ পৰিছে। ভাৰতবৰ্ষৰ ৰপ্তানী, বিশেষকৈ সেৱাখণ্ডত বৃদ্ধি পাইছে, দেশখনলৈ বিনিয়োগৰ আগমন ঘটিছে আৰু আমাৰ বৈদেশীক বিনিময় ভড়ালো খুবেই সন্তোষজনক। মুঠৰ ওপৰত, বিশ্বায়নৰ সময়ত ভাৰতবৰ্ষই বিশ্বৰ অন্যতম দ্রুতবিকশিত অর্থনৈতিক সক্তি হিচাবে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top