ASOS Class 12 Political Science Chapter 27 আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক

ASOS Class 12 Political Science Chapter 27 আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter ASOS Class 12 Political Science Chapter 27 আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক and select needs one.

ASOS Class 12 Political Science Chapter 27 আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 27 আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক Solutions for All Subject, You can practice these here.

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক

Chapter : 27

27.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

খালী ঠাই পূৰণ কৰাঃ

1. ভাৰত আৰু আমেৰিকাৰ কূটনৈতিক সম্পর্ক_____ চনত আৰম্ভ হৈছিল। (1941/ 1947) 

উত্তৰঃ ভাৰত আৰু আমেৰিকাৰ কূটনৈতিক সম্পৰ্ক 1941 চনত আৰম্ভ হৈছিল।

2. আমেৰিকাই কোনটো সামৰিক জোঁট এছিয়াত গঠন কৰিছিল? (SEATO/ CENTO)

উত্তৰঃ SEATO আৰু CENTO।

3. 1977 চনত ভাৰত ভ্ৰমণ কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম লিখা। (জিমি কাৰ্টাৰ/ ৰিচাৰ্ডনিস্কন)

উত্তৰঃ জিমি কাৰ্টাৰ৷

27.2 পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰ

শুদ্ধ নে অশুদ্ধ লিখাঃ

1. ভাৰতলৈ আমেৰিকাৰ অস্ত্ৰ কোনো ৰাজনৈতিক চৰ্ত নোহোৱাকৈয়ে আহিছিল। (শুদ্ধ/ অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

2. 1971 চনৰ বাংলাদেশ যুদ্ধই ভাৰত-আমেৰিকা সম্পৰ্কৰ অৱনতি ঘটাইছিল। (শুদ্ধ/ অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

3. ক্লিন্টন প্ৰশাসনৰ সময়ত ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক উন্নত হৈছিল৷ (শুদ্ধ/ অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

4. আমেৰিকা পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰণৰ বিৰোধী। (শুদ্ধ/ অশুদ্ধ)

উত্তৰঃশুদ্ধ।

5. 1998 চনৰ ভাৰতৰ পাৰমাণৱিক পৰীক্ষাত আমেৰিকাই প্রতিক্রিয়া প্ৰকাশ কৰিছিল। (শুদ্ধ/ অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

খালী ঠাই পূৰণ কৰাঃ

1. ভাৰতৰ ঘেঁহু বিক্ৰী কৰিবলৈ আমেৰিকাৰ কংগ্ৰেছে_____আইন প্রণয়ন কৰিছিল। (PL 480/ PL408)

উত্তৰঃ ভাৰতৰ ঘেঁহু বিক্ৰী কৰিবলৈ আমেৰিকাৰ কংগ্ৰেছে PL480 আইন প্রণয়ন কৰিছিল।

2. ভাৰতলৈ আমেৰিকাৰ বিকাশমূলক সহায় ______শীর্ষবিন্দু পাইছিল। (1962/ 1965)

উত্তৰঃ ভাৰতলৈ আমেৰিকাৰ বিকাশমূলক সহায় 1962 শীর্ষবিন্দু পাইছিল।

27.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

খালী ঠাই পূৰণ কৰাঃ 

1. ভাৰতৰ কোনটো তীখা উদ্যোগ ছোভিয়েট সংঘৰ বিত্তীয় সাহায্যৰে স্থাপন হৈছিল _______। (দুর্গাপুৰ/ ভিলাই/ ৰুৰবোলা) 

উত্তৰঃ ভিলাই।

2. কোন চনত ছোভিয়েট নেতাই প্রথমবাৰৰ কাৰণে ভাৰত ভ্রমণ কৰিছিল_____? (1955/ 1965/ 1971)

উত্তৰঃ 1955।

3. টাছখণ্ড ঘোষণা কেতিয়া চহী কৰা হৈছিল_____? (1966/ 1971/ 1974)

উত্তৰঃ 1966।

4. ছোভিয়েট সংঘৰ লগত শান্তি, মৈত্ৰী আৰু সহযোগিতাৰ চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিল ________? (1971/ 1979)

উত্তৰঃ 1971।

5. ছোভিয়েটৰ সন্ত্রাসবাদ নীতি_______ৰ নেতৃত্বত সলনি হৈছিল। (মিখাইল গর্বাচেভ/ মিঃ পুটিন) 

উত্তৰঃ মিখাইল গর্বাচেভ।

পাঠ্য শেহান্ত অনুশীলনীৰ উত্তৰ

1. পাৰমাণৱিক যুদ্ধৰ সময়ছোৱাত ভাৰত আৰু আমেৰিকাৰ ৰাজনৈতিক সম্পর্কবিষয়ে এটি টোকা লিখা।

উত্তৰঃ ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কই সম্পূৰ্ণৰূপে সফল হ’বলৈ সক্ষম হোৱা নাই। এনে সম্পৰ্কৰ প্ৰকৃত পথ নিৰ্ধাৰণ কৰাত বিভিন্ন উপাদানে প্ৰভাৱ পেলায়। এয়া বিশেষকৈ আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ মাজত শীতল যুদ্ধ আৰম্ভ হোৱাৰ পিছত আমেৰিকাই ‘সাম্যবাদ ৰোধ’ কৰাৰ বাবে যি দৃষ্টিভংগী গ্ৰহণ কৰিছিলৰ তাৰবাবেই হৈছিল। প্রথম প্রধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নেতৃত্বত নতুনকৈ স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষই, বৃহৎ শক্তি দুটাই গঢ়ি তোলা প্রতিযোগিতামূলক সামৰিক গোষ্ঠীৰ শীতল যুদ্ধৰ ৰাজনীতিত সোমাবলৈ অস্বীকাৰ কৰিছিল। নেহৰুৱে গোষ্ঠী নিৰপেক্ষতাৰ নীতি বাছি লৈছিল আৰু ই ভাৰতক অতি প্রয়োজনীয়, বৈদেশিক নীতি আৰু সম্পৰ্ক নিৰ্ধাৰণৰ স্বাধীনতা প্ৰদান কৰিছিল । ভাৰতে সহযোগিতা কৰিবলৈ আপত্তি জনোৱা কাৰ্যক আমেৰিকাই অ-মিত্ৰতাসুলভ কাৰ্য বুলি বিবেচনা কৰিছিল। ভাৰত-আমেৰিকাৰ সু-সম্পৰ্কৰ ক্ষেত্ৰত 1954 চনত আঘাত পৰিছিল। শীতল যুদ্ধৰ সময়ছোৱাত SEATO আৰু CENTO দুটা সামৰিক শ্রেণী পাকিস্তানৰ সহযোগত গঠন কৰি আমেৰিকাই ভাৰতৰ প্ৰতি শত্ৰুতা আচৰণ কৰিছিল। পাকিস্তানে প্রধান সদস্য হিচাপে এই সামৰিক জোঁটত অংশগ্ৰহণ কৰিছিল। পাকিস্তানে সাম্যবাদৰ প্ৰসাৰত বাধাৰ সৃষ্টি কৰিবলৈ আমেৰিকাৰ পৰা লাভ কৰা সাহায্য, আৰম্ভণিৰ আশ্বস্তকৰণৰ পিছতো ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল৷

2. পাৰমাণৱিক বিষয়ত ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ 1990 চনত শীতল যুদ্ধৰ অৱসানে আমেৰিকাক একমাত্র বৃহৎ শক্তি হিচাপে পৰিগণিত কৰিলে৷ এনে নতুন পৰিস্থিতিত ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ককো পুনৰ বিবেচনা কৰিবলগীয়া হ’ল। ভাৰত আৰু আমেৰিকাক ওচৰ চপাবলৈ নতুন সুযোগ আহি পৰিল।সামৰিক-সামৰিক সম্পৰ্ক আৰম্ভ হৈছিল। আমেৰিকাই বিনিয়োগ আৰম্ভ কৰিছিল। যোগাযোগ আৰু তথ্য প্রযুক্তিত ভাৰতৰ সুদক্ষ বৃত্তিধাৰী লোকসকলে ভাৰতক আমেৰিকাৰ সন্মুখত গুৰুত্বপূৰ্ণ দেশ হিচাপে দাঙি ধৰিছিল । 2000 চনত ৰাষ্ট্ৰপতি ক্লিণ্টনে ভাৰতলৈ এটা অতি সফল ভ্রমণ কৰিছিল। সন্ত্রাসবাদ আৰু অস্ত্ৰৰ বৃদ্ধিৰোধকৰণ ৰাজনৈতিক ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ বিষয় আছিল। 1999 চনৰ কাৰ্গিল সমস্যাৰ সময়ত ৰাষ্ট্ৰপতি বিল. জে ক্লিণ্টনে কাশ্মীৰত ভাৰতৰ ফালে থকা লাইন অৱ কণ্ট্ৰ’লৰ পৰা সৈন্যবাহিনী আঁতৰাই আইনবলৈ পাকিস্তানক সৈমান কৰিব বিচৰা কাৰ্যক ভাৰতে গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰিছিল।

জন্ম আৰু কাশ্মীৰত পাকিস্তানৰ ভূমিকাক আঙুলিয়াই দি ভাৰতে সন্ত্ৰাসবাদৰ বিভীষিকা দমনৰ প্ৰয়োজনীয়তা বুজাব বিচাৰিছিল যদিও 2001 চনৰ 11 ছেপ্টেম্বৰত আমেৰিকাৰ নিউইয়র্ক আৰু ৱাশ্বিংটন চহৰ দুখনত সন্ত্রাসবাদীয়ে গুৰুত্বভাৱে আক্ৰমণ নচলোৱালৈকে আমেৰিকাই এই বিষয়ত গুৰুত্ব আৰোপ কৰা নাছিল৷ আমেৰিকাৰ সন্ত্রাসবাদ বিৰোধী প্ৰচাৰত ভাৰতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিল। কিন্তু আফগানিস্তানৰ তালিবান আৰু কাশ্মীৰৰ জেহাদিসকলক সমর্থন দি পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ কেন্দ্ৰবিন্দু হৈপৰা বুলি ভাৰতে আগবঢ়োৱা যুক্তিৰ প্ৰতি আমেৰিকাই কাণসাৰ কৰা নাছিল। আল আইদা সন্ত্ৰাসবাদীসকলৰ লগত যোগাযোগ কৰিবলৈ আমেৰিকাক ভাৰততকৈ পাকিস্তানৰ সহায়ৰ বেছি আৱশ্যক আছিল। সেইবাবে আমেৰিকাই সন্ত্রাসবাদীসকলক ভাল আৰু বেয়া এই দুভাগত ভগাইছিল। 2001 চনৰ অক্টোবৰ মাহত কাশ্মীৰ বিধান সভা আক্ৰমণ কৰোতে আৰু ডিচেম্বৰ মাহত ভাৰতৰ সংসদ আক্ৰমণ কৰোতে তেওঁলোকে সন্ত্রাসবাদীলৈ সহানুভূতি প্ৰদৰ্শন কৰিছিল। সন্ত্ৰাসাবদৰ বিৰুদ্ধে যুদ্ধৰ বাবে মিত্ৰ-শক্তিৰ তালিকাভুক্ত কৰিবলৈ আমেৰিকাই পাকিস্তানৰ লগত শীতল যুদ্ধৰ মিত্ৰতালৈ উভতি গৈছিল। এসময়ত পাকিস্তানৰ জেনেৰেল পাৰভেজ মুছাৰফৰ নেতৃত্বত চলা সামৰিক শাসনক কঠোৰ সমালোচনা কৰিছিল যদিও পিছলৈ মুছাৰফক সন্ত্ৰাসবাদৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় জোঁটৰ পূৰ্ণকালীন সঙ্গী হিচাপে আদৰণি জনাইছিল। বুশ্বৰ প্ৰশাসনে পাকিস্তানৰ বিৰুদ্ধে থকা বাধা-নিষেদসমূহ উঠাই লৈছিল প্ৰচুৰ সহায়ৰ চুক্তি কৰিছিল আৰু মুছাৰফ চৰকাৰক বৈধ হিচাপে স্বীকৃতি দিছিল। ৱাশ্বিংটন আকৌ এবাৰ ইছলামাবদৰ ফালে ঢাল খাব বুলি ভাৰতে যুক্তিসংগত ভয় খাইছিল।

কানাডাৰ দৰে দেশৰ উপৰিও আমেৰিকাই 1963 চনত পাৰমাণৱিক শক্তিৰ ঘাটি স্থাপনত সহায় কৰিছিল। অৱশ্যে 1970-ৰ দশকত এই সহযোগিতাত কিছু ফাঁট মেলিছিল, কিয়নো 1974 চনত শান্তিপূৰ্ণ পাৰমাণৱিক বিস্ফোৰণ ঘটাইছিল আৰু ভাৰতে পাৰমাণৱিক প্ৰসাৰ বিৰোধী চুক্তিখনত চহী কৰিবলৈ সন্মত হোৱা নাছিল৷

1978 চনত আমেৰিকাৰ কংগ্ৰেছে পাৰমাণৱিক প্ৰসাৰ বিৰোধী আইন এখন প্রণয়ন কৰে। এই আইন অনুসৰি, যিবোৰ দেশে তেওঁলোকৰ পাৰমাণৱিক ঘাটিবোৰইণ্টাৰনেশ্যনেল এটমিক এনার্জী এজেন্সীক পৰিদৰ্শন কৰিবলৈ আৰু সুৰক্ষা দিবলৈ অনুমতি দিব, সেইবোৰ দেশলৈ ইউৰেনিয়াম ৰপ্তানি কৰিব পৰা যাব। আমেৰিকাৰ প্ৰধান লক্ষ্য আছিল পাৰমাণৱিক প্ৰসাৰ ৰোধ কৰা । সেইবাবে দুয়োখন দেশৰ মাজত পাৰমাণৱিক অস্ত্ৰৰ বিষয়ত মত পার্থক্য থাকি গ’ল। আমেৰিকাই আশা কৰিছিল যে ভাৰতে 1996 চনৰ কম্পিহেনছিভ টেষ্ট বেন ট্ৰিটিখনত চহী কৰিব, কিন্তু ভাৰতে নকৰিলে। 1978 চনৰ মে’ মাহত পোখৰানত ই যেতিয়া পুনৰ পাঁচটা পাৰমাণৱিক বোমাৰ বিস্ফোৰণ ঘটাইনিজকে পাৰমাণৱিক বোমা সম্পন্ন দেশ হিচাপে ঘোষণা কৰিলে, তেতিয়া আমেৰিকাই ভাৰতৰ ওপৰত সামৰিক আৰু অৰ্থনৈতিক নিষেধাজ্ঞা জাৰি কৰিলে। দ্বি-পাক্ষিক সম্পৰ্কৰ অৱনতি ঘটাৰ উপক্ৰম হ’ল যদিও ভাৰতে নিজৰ স্থিতিত অটল হৈ থাকিল। ভাৰতৰ সেই সময়ৰ বৈদেশিক যশৱন্ত সিং আৰু আমেৰিকাৰ ডেপুটি চেক্রেটাৰী আৱ ষ্টেট ষ্টু’ব টেলবট্ৰৰমাজত দুবছৰ ধৰি আলোচনা চলিছিল। 1960 চৰ পৰাই দুয়োখন দেশে ইমান গুৰুত্ব দি আৰু ধাৰাবাহিকভাৱে আলোচনাত মিলি হোৱা নাছিল ৷ এই আলোচনাসমূহে দ্বিপাক্ষিক সম্পৰ্কৰ যথেষ্ট ৰূপান্তৰ সাধন কৰিলে ৷ 1999 চনত কংগ্ৰেছে ভাৰতৰ ওপৰত থকা নিষেধাজ্ঞা কিছু পৰিমাণে উঠাই লৈছিল। নিষেধাক্ষাসমূহ উঠাই লোৱাৰ এইটোৱে প্ৰথম উদাহৰণ আছিল। কিছুদিনৰ পৰা আমেৰিকাৰ ভাৰতক পাৰমাণৱিক অস্ত্ৰ থকা দায়িত্বশীল দেশ হিচাপে স্বীকৃতি দিয়াৰ প্ৰৱণতা দেখা গৈছে।

3. সন্ত্রাসবাদৰ বিষয়ত ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক বিশ্লেষণ কৰা। 

উত্তৰঃ 1990 চনত শীতল যুদ্ধৰ অৱসানে আমেৰিকাক একমাত্র বৃহৎ শক্তি হিচাপে পৰিগণিত কৰিলে। এনে নতুন পৰিস্থিতিত ভাৰত আৰু আমেৰিকাৰ সম্পর্ককো পুনৰ বিবেচনা কৰিবলগীয়া হ’ল। ভাৰত আৰু আমেৰিকাক ওচৰ চপাবলৈ নতুন সুযোগ আহি পৰিল। সামৰিক-সামৰিক সম্পৰ্ক আৰম্ভ হৈছিল। আমেৰিকাই বিনিয়োগ আৰম্ভ কৰিছিল। যোগাযোগ আৰু তথ্য প্রযুক্তিত ভাৰতৰ সুদক্ষবৃত্তিধাৰী লোকসকলে ভাৰতক আমেৰিকাৰ সন্মুখত গুৰুত্বপূৰ্ণ দেশ হিচাপে দাঙি ধৰিছিল। 2000 চনত ৰাষ্ট্ৰপতি ক্লিণ্টনে ভাৰতলৈ এটা অতি সফল ভ্রমণ কৰিছিল। সন্ত্রাসবাদ আৰু অস্ত্ৰৰ বৃদ্ধিৰোধকৰণ ৰাজনৈতিক ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ বিষয় আছিল। 1999 চনৰ কাৰ্গিল সমস্যাৰ সময়ত ৰাষ্ট্ৰপতি বিল. জে ক্লিণ্টনে কাশ্মীৰত ভাৰতৰ ফালে থকা লাইন অৱ কণ্ট্ৰ’লৰ পৰা সৈন্যবাহিনী আঁতৰাই আইনবলৈ পাকিস্তানক সৈমান কৰিব বিচৰা কাৰ্যক ভাৰতে গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰিছিল।

জন্ম আৰু কাশ্মীৰত ‘পাকিস্তানৰ ভূমিকাক আঙুলিয়াই দি ভাৰতে সন্ত্রাসবাদৰ বিভীষিকা দমনৰ প্ৰয়োজনীয়তা বুজাব বিচাৰিছিল যদিও 2001 চনৰ 11 ছেপ্টেম্বৰত আমেৰিকাৰ নিউইয়র্ক আৰু ৱাশ্বিংটন চহৰ দুখনত সন্ত্রাসবাদীয়ে গুৰুত্বভাৱে আক্ৰমণ নচলোৱালৈকে আমেৰিকাই এই বিষয়ত গুৰুত্ব আৰোপ কৰা নাছিল ৷ আমেৰিকাৰ সন্ত্রাসবাদ বিৰোধী প্ৰচাৰত ভাৰতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিল। কিন্তু আফগানিস্তানৰ তালিবান আৰু কাশ্মীৰৰ জেহাদিসকলক সমর্থন দি পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদৰ কেন্দ্ৰবিন্দু হৈপৰা বুলি ভাৰতে আগবঢ়োৱা যুক্তিৰ প্ৰতি আমেৰিকআ কাণসাৰ কৰা নাছিল। আল আইদা সন্ত্ৰাসবাদীসকলৰ লগত যোগাযোগ কৰিবলৈ আমেৰিকাক ভাৰততকৈ পাকিস্তানৰ সহায়ৰ বেছি আৱশ্যক আছিল। সেইবাবে আমেৰিকাই সন্ত্রাসবাদীসকলক ভাল আৰু বেয়া এই দুভাগত ভগাইছিল। 2001 চনৰ অক্টোবৰ মাহত কাশ্মীৰ বিধান সভা আক্ৰমণ কৰোতে আৰু ডিচেম্বৰ মাহত ভাৰতৰ সংসদ আক্ৰমণ কৰোতে তেওঁলোকে সন্ত্রাসবাদীলৈ সহানুভূতি প্ৰদৰ্শন কৰিছিল। সন্ত্ৰাসাবদৰ বিৰুদ্ধে যুদ্ধৰ বাবে মিত্রশক্তিৰ তালিকাভুক্ত কৰিবলৈ আমেৰিকাই পাকিস্তানৰ লগত শীতল যুদ্ধৰ মিত্ৰতালৈ উভতি গৈছিল। এসময়ত পাকিস্তানৰ জেনেৰেল পাৰভেজ মুছাৰফৰ নেতৃত্বত চলা সামৰিক শাসনক কঠোৰ সমালোচনা কৰিছিল যদিও পিছলৈ মুছাৰফক সন্ত্ৰাসবাদৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় জোঁটৰ পূৰ্ণকালীন সঙ্গী হিচাপে আদৰণি জনাইছিল। বুশ্বৰ প্ৰশাসনে পাকিস্তানৰ বিৰুদ্ধে থকা বাধা-নিষেধসমূহ উঠাই লৈছিল প্ৰচুৰ সহায়ৰ চুক্তি কৰিছিল আৰু মুছাৰফ চৰকাৰক বৈধ হিচাপে স্বীকৃতি দিছিল ৷ ৱাশ্বিংটন আকৌ এবাৰ ইছলামাবদৰ ফালে ঢাল খাব বুলি ভাৰতে যুক্তিসংগত ভয় খাইছিল।

4. ভাৰত আৰু আমেৰিকাৰ অৰ্থনৈতিক সম্পৰ্কৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ ভাৰতে আমেৰিকাৰ পৰা লাভ কৰা অৰ্থনৈতিক সাহাৰ্য অতি মন্থৰ গতিত আৰম্ভ হৈছিল । স্বাধীনতাৰ সময়ত ভাৰতৰ খাদ্য-শস্যৰ উৎপাদন ইয়াৰ কোটি কোটি অধিবাসীৰ বাবে পর্যাপ্ত নাছিল। ইয়াৰ ঔদ্যোগিক আৰু সেৱা খণ্ডসমূহো পিছ পৰা আছিল। সেইবাবে দ্বিপাক্ষিক সাহায্যৰ বাবে ভাৰত আৰু আন দেশৰ ওপৰত নিৰ্ভৰশীল আছিল। আমেৰিকাই জাহাজেৰে ভাৰতলৈ বিভিন্ন সময়ত খাদ্য দ্ৰব্য আৰু অন্যান্য সামগ্ৰী পঠিওৱা কাৰ্য 1951 চনত আৰম্ভ হৈছিল। 

1954 চনত আমেৰিকাৰ কংগ্ৰেছ Public Law 480 নামৰ এখন আইন প্রণয়ন কৰি আমেৰিকাৰ অতিৰিক্ত ঘেঁহু ভাৰতক বিক্ৰী কৰিবলৈ অনুমতি দিছিল। Public Law 480 অনুসৰি 1970-ৰ দশকৰ আৰম্ভণিলৈকে ভাৰতে আমেৰিকাৰ পৰা খাদ্য শস্য লাভ কৰি আছিল ।

ৰাজনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত সন্দেহৰ কাহিনীটো মুদ্ৰাৰ এটা পিঠিহে মাথোন । শীতল যুদ্ধৰ সময়ত ৰাজনৈতিক বিভিন্নতা সত্বেও ভাৰতে 1950 ৰ দশকৰ পৰাই আমেৰিকাৰ পৰা উল্লেখযোগ্যভাৱে অৰ্থনৈতিক আৰু খাদ্যদ্ৰব্যৰ সাহায্য লাভ কৰি আছিল৷

খাদ্য সামগ্ৰীৰ সহায়ৰ উপৰিও আমেৰিকাই ভাৰতলৈ বহুতো দ্বিপাক্ষিক বিকাশমূলক সাহায্য আগবঢ়াইছে। অৱশ্যে বৃহৎ উৎপাদনৰ বিকাশৰ বাবেনহয়, এয়া কৃষি, কেঁচা সামগ্ৰীৰ বিকাশ আৰু খনিজ ক্ষেত্ৰৰ বাবেহে আছিল। বৃহৎ উদ্যোগৰ ভিত্তি গঠনৰ বাবে ভাৰতে ছোভিয়েটৰ সহায় ল’বলগীয়া হৈছিল। আমেৰিকাই আগবঢ়োৱা বিকাশমূলক সাহায্যই শীর্ষ বিন্দু পাইছিল 1962 চনত আগবঢ়োৱা 500 নিযুত ডলাৰৰ সময়ত। বাংলাদেশৰ যুদ্ধৰ সময়ত আমেৰিকাই ভাৰতলৈ অৰ্থনৈতিক সাহায্য বন্ধ কৰি দিছিল। অৱশ্যে দীঘলীয়া বিৰতিৰ পিছত 1978 চনত দ্বিপাক্ষিক সাহায্য আৰম্ভ হৈছিল। কিন্তু 1970 ৰ দশকৰ শেষৰ ফালৰ পৰা ইন্টাৰনেশ্যনেল ডেভেলপমেন্ট অর্থৰিটি আৰু ৱৰ্ল্ড বেংকে বহুপাক্ষিক সাহাৰ্য দিবলৈ আৰম্ভ কৰাত দ্বিপাক্ষিক সাহায্যৰ গুৰুত্ব কমি গৈছিল। অৱশ্যে ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট অতৰিটিৰ বেছিভাগ পুঁজি পৰোক্ষভাৱে আমেৰিকায়ে যোগান ধৰিছিল। 1980 ৰ দশকৰ ৱৰ্ল্ড বেংকে ই দুই বিলিয়ন ডলাৰ ঋণ আগবঢ়াইছিল৷ দ্বিপাক্ষিক সাহায্যতকৈ বহুপাক্ষিক বিত্তীয় অনুষ্ঠানসমূহত আমেৰিকাৰ ভূমিকা ভাৰতৰ বাবে অধিক গুৰুত্বপূৰ্ণ আছিল। 1981 চনত ইণ্টাৰনেশ্যনেল মণিটাৰি ফাণ্ডৰ পৰা বাৰতে 5.8 বিলিয়ন ডলাৰ ঋণ বিচাৰত আমেৰিকাই কোনো আপত্তি নকৰাকৈ মোকোলাই দিছিল। কোনো সদস্য ৰাষ্ট্ৰই বিচৰা এয়া বৃহৎ ঋণ আছিল।

5. শীতল যুদ্ধৰ সময়ছোৱাত ভাৰত আৰু ছোভিয়েট ৰাছিয়াৰ সম্পৰ্কই লাভ কৰা সফলতাসমূহৰ আলোকপাত কৰা।

উত্তৰঃ উমৈহতীয়া ভাৰত আৰু ছোভিয়েট প্রজাতন্ত্ৰৰ মাজৰ সম্পৰ্ক কেইবাটাও উপাদানৰ ভিত্তিত গঢ়ি উঠিচিল। ভাৰতে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰিছিল আৰু ছোভিয়েট সংঘ সাম্রাজ্যবাদ বিৰোধী আছিল, ফলত দুয়োপক্ষ ওচৰ চপাত সহায়ক হৈছিল। সেইবাবে ছোভিয়েট আঁচনি আৰু উদ্দেশ্যসমূহ সম্পৰ্কে পাশ্চাত্যৰ দেশসমূহে কৰা বিৰোধমূলক মন্তব্য ভাৰতে প্ৰায়ে নাকচ কৰিছিল।

1955 চনত ছোভিয়েট সাম্যবাদী দলৰ নেতাগৰকাৰ ভাৰত ভ্ৰমণৰ পিছত দুয়োখন দেশৰ ৰাজনৈতিক সম্পর্ক উন্নত হ’বলৈ ধৰে৷ নিৰাপত্তা পৰিষদত কাশ্মীৰৰ বিষয়টোত ছোভিয়েটে ভাৰতক সমৰ্থন কৰিছিল আৰু পাশ্চাত্যৰ দেশসমূহে উত্থাপন কৰা প্ৰস্তাৱ এটাত ভেটা প্ৰদান কৰিছিল। ছোভিয়েটৰ সাহায্যত ভাৰত গুৰু উদ্যোগৰ চৌহদ এটা গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ। ভাৰতৰ তীখা, কয়লা, মেচিৰ যন্ত্ৰ-পাতি উৎপাদন আদি মৌলিক উদ্যোগৰ আৰু আন ৰাজহুৱা খণ্ডৰ উদ্যোগৰ বিকাশৰ বাবে 1950 ৰ দশকৰ শেষৰ ফালে ছোভিয়েট সংঘই বৰ্দ্ধিত হাৰত ভাৰতলৈ বিত্তীয় আৰু প্ৰযুক্তিগত সাহায্য আগবঢ়াইছিল। 1955 চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতে ভিলাই তীখা উদ্যোগ স্থাপনৰ বাবে ছোভিয়েট সংঘৰ লগত এখন গুৰুত্বপূৰ্ণ চুক্তিত চহী কৰিছিল। ছোভিয়েটৰ চৰ্তসমূহ ভাৰতৰ অনুকূলে আছিল; যি সময়ত পাশ্চাত্যৰ দেশসমূহেশতকৰা 6 ভাগ সূত বিচাৰিছিল ছোভিয়েট সংঘই শতকৰা 2.5 ভাগ সুতহে বিচাৰিছিল। 1953 চনৰ ডিচেম্বৰ মাহত ভাৰত আৰু ছোভিয়েট সংঘই এখন দীর্ঘম্যাদী বাণিজ্য চুক্তিত চহী কৰিছিল। এই চুক্তিখনৰ এটা আকর্ষণীয় বৈশিষ্ট্য আছিল এই যে ভাৰতে কৰা আমদানিৰ বাবে ডলাৰ আদিৰ দৰে কঠিন মুদ্ৰাৰ পৰিৱৰ্তে টকাৰেই পৰিশোধ কৰিব পাৰিব। এনে উদ্দেশ্যেৰে বিভিন্ন ভাৰতীয় বেংকত ছোভিয়েটৰ একাউণ্ট খোলা হৈছিল।

ভাৰতলৈ সামৰিক যোগান, ভাৰত-ছোভিয়েট মৈত্ৰীৰ উল্লেখযোগ্য প্রতীক আছিল। 1962 চনত ভাৰত-চীনৰ যুদ্ধৰ ঠিক আগে আগে, চীনৰ বিৰোধিতা স্বত্ত্বেও মিগ (যুঁজাৰু বিমান) চুক্তি স্বাক্ষৰিত হৈছিল। আটাইতকৈ বেছি যুঁজাৰু বিমান যোগান ধৰোতা ব্ৰিটিছৰ স্থান ছোভিয়েটে দখল কৰিছিল।

1965 চনৰ যুদ্ধৰ পিছত 1966 চনৰ জানুৱাৰী মাহত ছোভিয়েট সংঘই তাছখণ্ডত ভাৰত আৰু পাকিস্তানৰ নেতাসকলৰ মাজত শান্তি, মৈত্ৰী আৰু সহযোগিতাৰ ঐতিহাসিক চুক্তি এখন স্বাক্ষৰিত হৈছিল। এনেধৰণৰ এইখনেই প্রথম চুক্তি আছিল ৷ এই চুক্তি অনুসৰি দুয়োখন দেশৰ কোনো এখনক যদি আন দেশে আক্রমণ কৰে তেনেক্ষেত্ৰত তৎকালীনভাৱে আলোচনাৰ জৰিয়তে সিদ্ধান্ত লোৱা হ’ব। সেইবাবে বাংলাদেশৰ বিষয়ত মস্কোৱে ভাৰতৰ সহায়ক হ’বলৈ দায়বদ্ধ হৈছিল৷

ইয়াৰ বিনিময়ত ভাৰতেও 1979 চনৰ ডিচেম্বৰ মাহত ছোভিয়েট সংঘই আফকানিস্তন আক্রমণ কৰোতে ইয়াৰ প্ৰতি সমর্থন আগবঢ়াইছিল। ভাৰতে কোনো ৰাজহুৱা বিবৃতি দিয়াৰ পৰা বিৰত আছিল। ভাৰতৰ কাৰণে আফগানিস্তানৰ বিষয়টো, পাকিস্তান আৰু আমেৰিকাৰ বাস্তৱ সামৰিক মিত্ৰতাই ছায়াচ্ছন্ন কৰি পেলাইছিল।

1985 চনত মিখাইল গর্বাচেভ ক্ষমতালৈ অহাত ছোভিয়েট বৈদেশিক সম্পৰ্কত প্ৰভূত পৰিৱৰ্তন হ’ল ৷ আমেৰিকা আৰু পাশ্চাত্যৰ লগত পাৰস্পৰিক সুবিধাজনক সম্পর্ক স্থাপনত গুৰুত্ব দিয়া হ’ল। তেওঁৰ ‘উমৈহতীয়া ইউৰোপীয় গৃহ’ নিৰ্মাণৰ প্ৰচেষ্টাই ভাৰতৰ দলে উন্নয়নশীল দেশৰ গুৰুত্ব কমাই দিলে। ইয়াৰ উপৰিও ছোভিয়েট ৰাছিয়াই চীনৰ লগত সৌহার্দমূলক সম্পর্ক স্থাপন কৰাত সাময়িকভাৱে ভাৰত-ছোভিয়েট সম্পৰ্কৰ অৱনতি ঘটিল।

6. শীতল যুদ্ধৰ পিছৰ সময়ছোৱাত ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কৰ বিষয়ে বিশ্লেষণ কৰা।

উত্তৰঃ 1991 চনৰ ডিচেম্বৰ মাহত ছোভিয়েট সংঘৰ ভাঙোনৰ পিছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব’ৰিছ য়েল্টচিনেও আমেৰিকা আৰু পাশ্চাত্যৰ লগত ওচৰ সম্পৰ্কৰ নীতি ৰক্ষা কৰি চলিল। পৰিস্থিতি অনুসৰি ভাৰতৰ লগত নতুন সম্পর্ক স্থাপনৰ প্রচেষ্টা চলোৱা হ’ল। 1993 চনত য়েল্টচিন ভাৰত ভ্ৰমণলৈ আহোতে ভাৰত আৰু ৰাছিয়াৰ মাজত মৈত্রী সহযোগিতাৰ চুক্তি স্বাক্ষৰ কৰা হয়। ফলত 1971 চনৰ শান্তি, মৈত্ৰী আৰু সহযোগিতাৰ চুক্তিখন বাতিল হয়। আগৰ চুক্তিৰ নিৰাপত্তাৰ অংশটো পৰিহাৰ কৰা হয় যদিও দুয়োখন দেশে শান্তিপূৰ্ণ আৰু বন্ধুত্বপূৰ্ণ সম্পর্ক বজাই ৰখাৰ সিদ্ধান্ত লয়। আন এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে ঋণ আৰু ৰুবল টকা বিনিময়মূল্য সম্পৰ্কীয় চুক্তি। সামৰিক ক্ষেত্ৰত সহযোগিতা বিষয়ৰ চুক্তি এখনো স্বাক্ষৰ কৰা হৈছিল আৰু আমেৰিকাৰ বিৰোধিতা স্বত্ত্বেও ভাৰতলৈ ক্ৰায় জৈনিক ৰবোট ইঞ্জিন পঠিওৱা হ’ব বুলি য়েল্টচিনে নিশ্চিত কৰি দিছিল ৷

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভাডিমিৰ পুটিনৰ ভ্ৰমণ কালত স্বাক্ষৰিত হোৱা দিক্লেয়াৰেচন অন ষ্ট্রেটেজিক পার্টনাৰচিপে ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক আৰু অধিক উন্নত কৰিলে। 2001 চনত ভাৰতৰ প্ৰধানমন্ত্রী বাজপেয়ীৰ ৰাছিয়া ভ্ৰমণ কালত দিক্লেয়াৰেচন অন ইন্টাৰনেচনেল টে’’ৰিজম স্বাক্ষৰিত হৈছিল। এই ঘোষণাপত্ৰখনে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত পাশ্চাত্যই গ্ৰহণ কৰা দুমুখীয়া নীতিক গৰিহণা দিয়া হৈছে।

ৰাছিয়া যদিও আগৰ দৰে বৃহৎ শক্তি হৈ থকা নাই তথাপি ভাৰতৰ বাবে ইয়াৰ গুৰুত্ব আওকান কৰিব পৰা নাযায়৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ইয়াৰ ভেটো ক্ষমতা আছে। তদুপৰি, ৰাছিয়াই হৈছে একামত্ৰ বিশ্ব শক্তি যিয়ে কাশ্মীৰ আৰু সীমা অতিক্ৰমি সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাক একেৰাহে সমৰ্থন জনাই আহিছে ৷ পৃথিৱীৰ এই অংশত ধৰ্মীয় চৰম পন্থা আৰু সন্ত্ৰাসবাদৰ বিস্তাৰ সাধন কৰা বাবে ৰাছিয়াই পাকিস্তানকে জগৰীয়া কৰিছে। শেহতীয়াভাৱে, 2003 চনৰ নৱেম্বৰ মাহত প্রধানমন্ত্রী বাজপেয়ীৰ তিনিদিনীয়া মস্কো ভ্ৰমণৰ শেষত প্ৰকাশ কৰা যুটীয়া বিবৃতিত কাশ্মীৰৰ বিষয়ত ৰাছিয়াই ভাৰতক জনোৱা সমৰ্থন পুনৰ প্ৰকাশ পাইছে। ই নিয়ন্ত্ৰণ সীমাৰেখা আৰু জন্মু কাশ্মীৰৰ আন সীমান্ত অঞ্চলেৰে সন্ত্রাসবাদীৰ অনুপ্ৰবেশত বাধা দিবলৈ পাকিস্তানক আহ্বান জনাইছে৷ দুয়োখন দেশৰ মাজত সফল আলোচনাৰ পৰিৱেশ সৃষ্টি কৰিবহলৈ ই পাকিস্তান আৰু পাকিস্তান দখলিকৃত অঞ্চলসমূহত সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত কৰিবলৈও আহ্বান জনাইছে। বিস্তৃত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ বাবে ভাৰতৰ প্ৰাৰ্থীত্বক দ্বৰ্থহীনভাৱে সমৰ্থন কৰা ইয়ে হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সদস্য।

ভাৰত আৰু ৰাছিয়াই এৰাব নোৱাৰা ঐতিহাসিক বান্ধোনেৰে জড়িত হৈ আছে। বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দুয়োখন দেশৰ মতামতৰ বহু সাদৃশ্য আছে।দুয়োখন দেশৰ পাৰস্পৰিক নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাৰ্থই এয়া অধিক সুদৃঢ় কৰিথে। ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক আন ক্ষেত্ৰত মধুৰ হ’লেও বাণিজ্যৰ ক্ষেত্ৰত সম্পৰ্ক অতি দুর্বল। অৱশ্যে শক্তি আৰু নিৰাপত্তাৰ দৰে নতুন ক্ষেত্ৰত সহযোগিতাই দুয়োখন দেশৰ অৰ্থনৈতিক যোগাযোগো উন্নত কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top