ASOS Class 12 Political Science Chapter 23 পাৰিপাৰ্শ্বিক সচেতনতা

ASOS Class 12 Political Science Chapter 23 পাৰিপাৰ্শ্বিক সচেতনতা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 23 পাৰিপাৰ্শ্বিক সচেতনতা and select needs one.

ASOS Class 12 Political Science Chapter 23 পাৰিপাৰ্শ্বিক সচেতনতা

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 23 পাৰিপাৰ্শ্বিক সচেতনতা Solutions for All Subject, You can practice these here.

পাৰিপাৰ্শ্বিক সচেতনতা

Chapter : 23

23.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

সত্য-অসত্য নিৰূপণ কৰা—

1. কমলা হ’ল এক নবীকৰণযোগ্য সম্পদ। 

উত্তৰঃ অসত্য।

2. বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষীপ্ৰ বিকাশ হ’ল পৰিবেশৰ ক্ষয়ীভৱনত অৰ্হিণা যোগোৱা এটা প্ৰধান কাৰক৷

উত্তৰঃ সত্য।

3. ভাৰতৰ বৰ্ধিত জনসংখ্যাই ক্ষয়ীভৱনত অৰিহণা আগবঢ়োৱা নাই। 

উত্তৰঃ অসত্য।

4. নবীকৰণ কৰিব নোৱাৰা সম্পদৰ গছ-গছনি হ’ল এক ভাল উদাহৰণ। 

উত্তৰঃ অসত্য।

23.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

1. পৰিবেশ সম্পৰ্কীয় দুখন অতি গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সন্মিলন চিনাক্ত কৰা —

উত্তৰঃ (i) ১৯৭২ চনৰ ষ্টকহ’ম পৰিবেশ সংক্রান্তীয় সন্মিলন।

(ii) ১৯৮৭ চনৰ ব্ৰাটলেণ্ড কমিছন।

2. ভাৰতৰ ৰাষ্ট্ৰীয় পৰিবেশ নীতিৰ/ আঁচনিৰ যিকোনো তিনিটা উদ্দেশ্য লিখা—

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় পৰিৱেশ নীতিৰ তিনিটা উদ্দেশ্য সমূহ হ’ল—

(i) এক সুস্থ, সুৰক্ষিত, উৎপাদনক্ষম আৰু নৈসর্গিক সন্তুষ্টিপূৰ্ণ পৰিৱেশৰ বিকাশ তথা তত্ত্বাৱধান কৰা।

(ii) জীৱনৰ মানদণ্ড উন্নতিৰ বাবে গ্ৰাম্য আৰু চহৰাঞ্চলৰ আবাসিক ব্যৱস্থাৰ পৰিতিপালন, বিকাশ তথা উৰ্দ্ধগামী কৰাৰ ব্যৱস্থা কৰা ৷

(iii) জীৱনৰ মানদণ্ডৰ উন্নতিৰ বাবে গ্ৰাম্য আৰু চহৰাঞ্চলৰ আবাসিক ব্যৱস্থাৰ বিকাশ তথা তত্ত্বাৱধান কৰা।

3. ভাৰত চৰকাৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত হাতত লোৱা যিকোনো তিনিটা ব্যৱস্থাৰ চিনাক্তকৰণ কৰা।

উত্তৰঃ ভাৰত চৰকাৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত হাতত লোৱা তিনিটাব্যৱস্থা হ’ল—

(i) পৰিৱেশজনিত পাৰিপাৰ্শ্বিক আদালতঃ বিশেষ আদালত স্থাপনৰ যোগিদে দুখীয়াৰ বাবে খৰতকীয়া ন্যায়ৰ নিশ্চয়তা প্ৰদান কৰা। এইক্ষেত্ৰত পৰিৱেশ প্ৰদূষণ কৰা ফেক্টৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হয়।

(ii) পৰিৱেশৰ প্ৰতি সৌহার্দ্যপূর্ণ উৎপাদনঃ চৰকাৰে বজাৰৰ সকলো উৎপাদনৰ ক্ষেত্ৰত এক কটকটীয়া মান নিৰ্ধাৰণ কৰিছে। যিসকলে উৎপাদনৰ ক্ষেত্ৰত এই মানদণ্ড আহৰণ কৰিব পাৰিব আৰু তেওঁলোকক কাৰ্য সম্পাদনৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ নিদৰ্শন স্বৰূপ (ISI) চিহ্ন প্ৰদান কৰা হ’ব।

(iii) সীহ মুক্ত পেট্র’লঃ শোধনাগাৰসমূহক তাৰ পেট্ৰ’ল সীহমুক্ত কৰিবলৈ সৈমান কৰা হৈছে। ভাৰতৰ পেট্র’লত সর্বোচ্চ পৰিমাণে হীমযুক্ত হৈ থাকে, যিয়ে যান-বাহনৰ যোগেদি ব্যাপক প্ৰদূষণৰ সৃষ্টি কৰে।

পাঠ্য শেহান্ত অনুশীলনীৰ উত্তৰ

1. পৰিৱেশ আৰু পৰিৱেশৰ ক্ষয়ীভৱনৰ অৰ্থ ব্যাখ্যা কৰা। 

উত্তৰঃ পৰিৱেশে আমাৰ জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ অংশ সামৰি আছে। জীৱনক বুজি উঠিবলৈ তাৰ ওপৰত পৰিৱেশৰ প্ৰভাৱৰ অধ্যয়ন অপৰিহাৰ্য।

পৰিৱেশৰ প্ৰভাৱৰ অধ্যয়নৰ অবিহনে জীৱনৰ অৰ্থ উপলব্ধি কৰাটো অসম্ভৱ। পৰিৱেশ সুৰক্ষাৰ প্ৰয়োজনীয়তাক অস্বীকাৰ কৰিলে, আমাৰ জীৱন বিপদসংকুল হৈ পৰাটো ধুৰূপ । আমি আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনৰ বাবে প্ৰাকৃতিক সম্পদসমূহৰ প্ৰয়োগ কৰো। তাৰ কিছুমান নবীকৰণযোগ্য আৰু কিছুমান নবীকৰণযোগ্য নহয়। নবীকৰণ কৰিব নোৱাৰা প্ৰাকৃতিক সম্পদ যেনে— কয়লা, ট্‌লিয়াম ইত্যাদিৰ খৰছ কৰাৰ ক্ষেত্ৰত সেয়েহে আমি অধিক সচেতন হ’ব লাগে। সকলো মানৱ কাৰ্যৰে পৰিৱেশৰ ওপৰত এক প্ৰভাৱ পৰে। কিন্তু, যোৱা দুটা শতিকাত জনসংখ্যাৰ ব্যাপক বৃদ্ধিৰ বাবে পাৰিপাৰ্শ্বিকতাৰ ওপৰত ব্যক্তিৰ প্ৰভাৱ দিনক-দিনে বৃদ্ধি পাই আহিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বৃদ্ধি তথা ক্ষীপ্ৰ বিকাশ হ’ল পাৰিপাৰ্শ্বিক অৱস্থাৰ গুণগত মানদণ্ড নিম্নগামী হোৱাৰ তথা ক্ষয়ীভৱনৰ দুটা প্ৰধান কাৰণ ৷

পৰিৱেশৰ ক্ষয়ীভৱনে ব্যক্তিৰ অৱস্থিতি সংকটাপন্ন কৰি তুলিছে। আজি নহ’লেও কাইলৈ, এইটো অনুধাৱন কৰাটো প্ৰয়োজনীয় যে, ব্যক্তিৰ অৱস্থিতি তথা মানৱ জাতিৰ উন্নয়নৰ স্বাৰ্থত পৰিৱেশৰ সংৰক্ষণ তথা উন্নতি কৰাটো আৱশ্যকীয়। প্রাকৃতিক সম্পদ যেনে— মাটি, পানী, বায়ু ইত্যাদি সেয়েহে এনে বুদ্ধিমত্তাৰে প্ৰয়োগ কৰিব লাগে যাতে আমি বর্তমান তথা ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক সুস্থ পৰিবেশ নিশ্চয়তা প্রদান কৰিব পাৰো। 

2. যিকোনো দুটা পাৰিপাৰ্শ্বিক সমস্যাৰ বৰ্ণনা কৰা।

উত্তৰঃ (i) মাটি, বায়ু পানীঃ মাটি আৰু পানীৰ প্ৰদূষণে গছ-গছনি, জীৱজন্তু আৰু মানুহকো আক্রান্ত কৰে। মাটিৰ গুণগত মানদণ্ড নিম্নগামী হোৱাৰ ফলশ্ৰুতিত খেতি-মাটিৰ ক্ষয়/হানি হয়। প্রাপ্ত তথ্য অনুসৰি প্ৰতিবছৰে এই অপচয় হোৱা মাটিৰ পৰিমাণ প্রায় 5-ৰ পৰা 7 মিলিয়ন হেক্টৰ হিচাপে গণনা নিৰূপণ কৰা হৈছে। বতাহ আৰু পানীৰ বাবে হোৱা মাটিৰ ক্ষয়ীভবনে গোটেই পৃথিৱীৰ ক্ষতি সাধন কৰিছে। প্ৰায়ে প্ৰতিবছৰে হৈ থকা বানপানীয়েও তাৰ বিশেষ ক্ষয়ক্ষতি যেনে— বনাঞ্চল ধ্বংস, নদীৰ গৰ্ভত বালি জমা কৰি, নদীৰ তলি বাম কৰা, অনুপযুক্ত আৰু অসংগত নলা-নর্দমাৰ ব্যৱস্থা, মানুহ আৰু সা-সম্পত্তিৰ হানি, ইত্যাদিৰ ৰূপত প্ৰকাশ্যমান হৈ পৰিছে। মহাসমুদ্র আজি সকলো আণৱিক অপচয়ৰ (আৱৰ্জনাৰ) নিক্ষেপস্থল হৈ পৰিছে, যিয়ে সমস্ত পাৰিপাৰ্শ্বিকতা প্ৰদূষিত বা বিষাক্ত কৰি তুলিছে।

(ii) জনসংখ্যা বৃদ্ধিঃ জনসংখ্যা বৃদ্ধিয়ে বুজায়, সৰহসংখ্যক মানুহ যিয়ে খোৱা-লোৱা তথা শ্বাস-প্রশ্বাসতেই নহয়, মাটি তথা বনাঞ্চলতো অতিৰিক্ত হেচা প্ৰয়োগ কৰে, চাপ পেলাই আৰু পৰিৱেশৰ ভাৰসাম্যতা বিভ্ৰাট বিনষ্ট কৰে। আমাৰ বৰ্ধিত জনসংখ্যাই ভূমিৰ ওপৰত হেচা বৃদ্ধি কৰে, যিয়ে উৎপাদনৰ গুণগত মানদণ্ড নিম্নগামী কৰে, বনাঞ্চল ধ্বংসই বন্যভূমিৰ অপচয় কৰে৷ (পৰিবেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে বনাঞ্চল অতি প্রয়োজনীয়) আৰু বন্যজীৱন সংকুচিত কৰে, যিয়ে পৰিৱেশৰ গাঁঠনি অস্থিৰ কৰে, বন্যজীৱনৰ অস্তিত্ব হানি কৰে আৰু বিভিন্ন প্ৰজাতিৰ সংখ্যা ক্রমে হ্রাসমান কৰে। কেৱল জনসংখ্যা বৃদ্ধি প্রাকৃতিক পৰিৱেশৰ বাবেই এক সমস্যা নহয়, ই পৰিৱেশৰ অন্যান্য দিশবোৰৰ বাবেও সমস্যা যেনে—সামাজিক, অর্থনৈতিক, ৰাজনৈতিক দিশ ইত্যাতি। 

3. ধাৰণক্ষম উন্নয়ন কি? বর্ণনা কৰা।

উত্তৰঃ আমাৰ উমৈহতীয়া ভৱিষ্যৎ শীৰ্ষক (Our Common Future), World Commission on Environment and Development (WCED) [Brundtland Commission] (ব্রান্টলেণ্ড আয়োগ) বিশ্ব পৰিবেশ তথা উন্নয়ন আয়োগে, 1987 চনত ইয়াৰ প্ৰতিবেদন দাখিল কৰে। এই প্রতিবেদনে ‘ধাৰণক্ষম উন্নয়ন’ ধাৰণাটো জনপ্ৰিয় কৰি তুলিছিল। ধাৰণক্ষম উন্নয়নে এনে এক অৱস্থাক বুজায় য’ত ভৱিষ্যৎ প্রজন্মৰ প্ৰয়োজন পূৰণৰ ক্ষমতা আপোচ নকৰাকৈ বৰ্তমানৰ প্রয়োজন পূৰণৰ নিৰ্দেশ কৰে। সকলো উন্নয়নমূলক কাৰ্যই কিছুক্ষেত্ৰত হ’লে পৰিৱেশৰ হানি কৰে। সেয়েহে, পৰিৱেশৰ ক্ষতিৰ পৰিমাণক উন্নয়নৰ পৰিণামস্বৰূপে লক্ষ্য ৰাখিব লাগে আৰু উন্নয়ন তথা পৰিৱেশৰ সুৰক্ষাৰ মাজত এক ভাৰসাম্য প্রতিষ্ঠা কৰিব লাগে ৷ ধাৰণক্ষম পর্যায়লৈ জনকল্যাণ তথা উন্নয়ন সাধন আমাৰ উদ্দেশ্য হ’ব লাগে। এইক্ষেত্ৰত প্ৰাথমিক বিচাৰ্য দিশটো হ’ল— কেনেকৈ পৰিৱেশে মানুহক পোহপাল দি আছে? আৰু জীৱনৰ গুণগত মানদণ্ড স্তৰ কি?

মূলসূতিৰ সেউজীয়া বিদ্বানমণ্ডলী যেনে— কাৰ, ব্রাউন, স্কমাছাৰ, আটায়ে পৰিৱেশৰ ধাৰণক্ষমতা আৰু উন্নয়নৰ সংগঠিত ৰূপত গুৰুত্ব প্ৰদান কৰিছে। মূলসূতিৰ সেউজীয়া (পৰিৱেশবাদী) সকলৰ গুৰুত্ব প্ৰদূষণৰ ওপৰত নহয়, কিন্তু (১) শক্তি আৰু ইয়াৰ সম্পদ, যিবোৰ নবীকৰণ কৰিব পাৰি আৰু ক্ৰমে ক্রমে নবীকৃত কৰি থকা হয় (২) অপচয়/আৱৰ্জনা আৰু অদৰকাৰী সামগ্ৰীসমূহ কেঁচা মাললৈ পৰিৱৰ্তন কৰা (৩) সৰ্বমুঠ ৰাষ্ট্ৰীয় উৎপাদন আৰু ইয়াৰ বৃদ্ধিৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়োজন নাই বৰং অধিক প্রয়োজনীয় দিশটো হ’ল ‘মানৱ জীৱনৰ প্ৰকৃত প্ৰয়োজনসমূহক পূৰণ কৰা।’ সেউজীয়াসকলে কয় যে, বৃদ্ধি এক কৰ্কট ৰোগৰ লেখিয়া, যিয়ে গোটেই বিশ্বখন ছানি ধৰাৰ আশংকা কৰা হৈছে, যাৰ ফলত সমগ্ৰ জীৱন বিধ্বংস হ’ব। তেওঁলোকে উদ্যোগক সন্মতি প্ৰদান কৰে, যদিহে সেইবোৰ ক্ষুদ্ৰ পৰিমাপৰ আৰু স্ব-পৰিপূৰ্ণ হয় ৷ তেওঁলোকে ব্যাপক বিকেন্দ্ৰীকৰণৰও পোষকতা কৰে।

ধাৰণক্ষম উন্নয়নৰ ধাৰণাটো বিশেষতঃ পৰিৱেশৰ লগত আৰু সংক্ষেপতে উন্নয়নৰ লগত জড়িত অধিকভাৱে স্থিৰতা আৰু কিছু পৰিমাণে পৰিৱৰ্তন, অধিকভাৱে ব্যক্তিৰ আৱশ্যকতাত বাদা প্রদান আৰু কম পৰিমাণে বস্তুগত উন্নয়ন কাৰ্যকৰীকৰণ আৰু অধিক পৰিমাণে পৰিৱেশৰ প্ৰতি অনা-শোষণকাৰী ভাৱমূৰ্তি আৰু কম পৰিমাণে পাৰিপাৰ্শ্বিক নিয়ন্ত্ৰণ, অধিকভাৱে ক্ষুদ্ৰ সম্প্ৰদায়ৰ আৰু কম পৰিমাণে বৃহৎ গোটৰ ওপৰত গুৰুত্ব দিয়ে ৷ এইটো এটা পৰিৱেশৰ লগত সামঞ্জস্য থকা উন্নয়নৰ ধাৰণা নহয়, কিন্তু ইহ’ল এক বৃদ্ধি-ৰহিত পৰিৱেশৰ ধাৰণা।

4. ভাৰত চৰকাৰে এক উৎকৃষ্ট প্রাকৃতিক পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত হাতত লোৱা বিভিন্ন পদক্ষেপৰ ৰেখাংকন কৰা।

উত্তৰঃ ভাৰত চৰকাৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত হাতত লোৱা কিছুমানব্যৱস্থা হ’ল—

(i) পৰিৱেশজনিত পাৰিপাৰ্শ্বিক আদালতঃ বিশেষ আদালত স্থাপনৰ যোগিদে দুখীয়াৰ বাবে খৰতকীয়া ন্যায়ৰ নিশ্চয়তা প্ৰদান কৰা। এইক্ষেত্ৰত পৰিৱেশ প্ৰদূষণ কৰা ফেক্টৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হয়।

(ii) পৰিৱেশৰ প্ৰতি সৌহার্দপূর্ণ উৎপাদনঃ চৰকাৰে বজাৰৰ সকলো উৎপাদনৰ ক্ষেত্ৰত এক কটকটীয়া মান নিৰ্ধাৰণ কৰিছে। যিসকলে উৎপাদনৰ ক্ষেত্ৰত এই মানদণ্ড আহৰণ কৰিব পাৰিব আৰু তেওঁলোকক কাৰ্য সম্পাদনৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ নিদৰ্শন স্বৰূপ (ISI) চিহ্ন প্ৰদান কৰা হ’ব।

(iii) সীহ মুক্ত পেট্ৰ’লঃ শোধনাগাৰসমূহক তাৰ পেট্ৰ’ল সীহমুক্ত কৰিবলৈ সৈমান কৰা হৈছে। ভাৰতৰ পেট্ৰ’লত সর্বোচ্চ পৰিমাণে হীমযুক্ত হৈ থাকে, যিয়ে যান-বাহনৰ যোগেদি ব্যাপক প্ৰদূষণৰ সৃষ্টি কৰে৷

(iv) হানিকাৰক কীটনাশকৰ ওপৰত নিষেধাজ্ঞাঃ আঠ প্ৰকাৰৰ ৰাসায়নিক কীটনাশক যাৰ ভিতৰত ডি.ডি.টি., পি.এইচ.চি. এলড্রিন আৰু মেলঠিয়’ন হ’ল প্রধান হানিকাৰক, যাক বাৰণ কৰিব লাগে। সেয়েহে এতিয়া নিৰাপদ জৈৱ কীটনাশকৰ দ্বাৰা সেইসমূহক স্থানান্তৰ কৰাৰ নীতি হাতত লোৱা হৈছে।

(v) ৰাষ্ট্ৰীয় আৱৰ্জনা ব্যৱস্থাপনা পৰিষদঃ প্রধান কার্য হ’ল তাপবিদ্যুৎ কেন্দ্ৰসমূহৰ ওচৰত ধোৱাৰ সৈতে চিটিকি আহি জমা হোৱা 40 মিলিয়ন টন পাহাৰসদৃশ পদার্থবিলাক ইটালৈ, চহৰৰ আৱৰ্জনাক শক্তিলৈ আৰু মল-জাৱৰ আদিক সাৰলৈ ৰূপান্তৰ কৰা।

(vi) ৰাজহুৱা দায়বদ্ধতা নিশ্চিতকৰণ (ইঞ্চুৰেন্স): ই কোম্পানীসমূহক 48 ঘণ্টাৰ ভিতৰত ৰাজহুৱা দায়বদ্ধতা ইঞ্চুৰেন্স প্ৰদান কৰাটো বাধ্যতামূলক কৰিছে।

(vii) ইঞ্জিনযুক্ত যান-বাহনৰ পৰা হোৱা প্ৰদূষণঃ ইঞ্জিনযুক্ত যান-বাহনৰ বিৰুদ্ধে প্ৰদূষণ বিৰোধী ব্যৱস্থা কঠোৰভাৱে বলবৎ কৰা হৈছে। নিৰূপিত মানদণ্ড উলংঘা কৰা যান-বাহনৰ ক্ষেত্ৰত অধিক জৰিমণা আৰু প্ৰয়োজন সাপেক্ষে পথত চলাচল বন্ধৰ নিৰ্দেশো দিব লাগে।

(viii) সাগৰ তীৰত হোটেলঃ স্পষ্টকৈ আইন বংগ কৰি সাগৰ তীৰত অনাধিকাৰত প্ৰতিষ্ঠা কৰা বৃহৎসংখ্যক হোটেল বিৰুদ্ধেও কাৰ্যপন্থা হাতত লোৱা

(ix) ৰাষ্ট্ৰীয় নদী কাৰ্যপন্থা নীতিঃ এক ৰাষ্ট্ৰীয় নদী প্রাধীকৰণ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ দিয়া হৈছে, যিয়ে পানীৰ ব্যৱহাৰ তথা আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত আঁচনি যুণ্ডত কৰিব। 

(x) সৌৰ শক্তি আয়োগঃ যিহেতু শক্তিক্ষেত্র হ’ল প্রধান প্ৰদূষক, সেয়েহে মূল উৎপাদকৰ সংখ্যা বৃদ্ধিৰ বিপৰীতে গ্ৰাম স্তৰত শক্তিৰ বিকেন্দ্ৰীকৰণৰ ধাৰণা আগবঢ়োৱা হৈছে।

(xi) ৰাজহুৱা স্থানত ধূমপান নিষেধঃ ৰাজহুৱা স্থানত ধূমপান সেৱনত এক নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই দিশত দিল্লী চৰকাৰে পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top