ASOS Class 12 Political Science Chapter 19 ৰাষ্ট্ৰীয় ৰাজনৈতিক দল

ASOS Class 12 Political Science Chapter 19 ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 19 ৰাষ্ট্ৰীয় ৰাজনৈতিক দল and select needs one.

ASOS Class 12 Political Science Chapter 19 ৰাষ্ট্ৰীয় ৰাজনৈতিক দল

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 19 ৰাষ্ট্ৰীয় ৰাজনৈতিক দল Solutions for All Subject, You can practice these here.

ৰাষ্ট্ৰীয় ৰাজনৈতিক দল

Chapter : 19

19.1 পাঠ্য অন্তর্গত অনুশীলনীৰ উত্তৰ

খালী ঠাই পূৰ কৰাঃ

(ক) এটা ৰাজনৈতিক দল হ’ল জনসাধাৰণৰ এটা সংগঠন যাৰ মূল লক্ষ্য‌হ’ল______। (ক্ষমতা লাভ কৰা/ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰা) 

উত্তৰঃ এটা ৰাজনৈতিক দল হ’ল জনসাধাৰণৰ এটা সংগঠন যাৰ মূল লক্ষ্য হ’ল ক্ষমতা লাভ কৰা।

(খ) এটা ৰাজনৈতিক দলৰ সদস্যসমূহে উমৈহতীয়া নীতি, লক্ষ্য আৰু দৰ্শন____। (অনুসৰণ কৰে/ অনুসৰণ নকৰে)

উত্তৰঃ এটা ৰাজনৈতিক দলৰ সদস্যসমূহে উমৈহতীয়া নীতি, লক্ষ্য আৰু দৰ্শন অনুসৰণ কৰে।

19.2 পাঠ্য অন্তর্গত অনুশীলনীৰ উত্তৰ

খালী ঠাই পূৰ কৰাঃ

(ক) পুৰণি ছোভিয়েট ইউনিয়নত____আছিল। (এক দলীয় ব্যৱস্থা/ বহুদলীয় ব্যৱস্থা)

উত্তৰঃ পুৰণি ছোভিয়েট ইউনিয়নত এক দলীয় ব্যৱস্থা আছিল।

(খ) জার্মানীত_____আছে। (দ্বিদলীয় ব্যৱস্থা/ বহুদলীয় ব্যৱস্থা)

উত্তৰঃ জার্মানীত বহুদলীয় ব্যৱস্থা আছে।

(খ) ইংলেণ্ডৰ প্ৰধান দুটা দল হ’ল_____। (ৰক্ষণশীল আৰু বনুৱা দল/ গণতান্ত্ৰিক আৰু উদাৰবাদী দল)

উত্তৰঃ ইংলেণ্ডৰ প্ৰধান দুটা দল হ’ল ৰক্ষণশীল আৰু বনুৱা দল।

19.3 পাঠ্য অন্তর্গত অনুশীলনীৰ উত্তৰ

খালী ঠাই পূৰ কৰাঃ

(ক) ভাৰতীয় দলীয় ব্যৱস্থাৰ 1952-1967 চনৰ পৰ্যায়টোক_____হিচাপে জনা যায়।

উত্তৰঃ ভাৰতীয় দলীয় ব্যৱস্থাৰ 1952-1967 চনৰ পৰ্যায়টোক এক দলীয় আধিপত্য পর্যায় হিচাপে জনা যায়।

(খ) 1975 চনৰ পৰা 1977 চনৰ পৰ্যায়টোক_____হিচাপে জনা যায়।

উত্তৰঃ 1975 চনৰ পৰা 1977 চনৰ পৰ্যায়টোক সর্বাত্মকবাদ হিচাপে জনা যায়।

(গ) 1977 চনৰ পৰা 1988 চনৰ সময়ছোৱাক জনতা দলৰ ৰাজনীতিৰ______পর্যায় হিচাপে জনা যায় ।

উত্তৰঃ 1977 চনৰ পৰা 1988 চনৰ সময়ছোৱাক জনতা দলৰ ৰাজনীতিৰ মিত্ৰযোট বা মধা চৰকাৰ পৰ্যায় হিচাপে জনা যায়। 

(ঘ) সংযুক্ত মৰ্চা চৰকাৰ_____দলৰ মিত্ৰগোট।

উত্তৰঃ সংযুক্ত মৰ্চা চৰকাৰ 13 দলৰ মিত্ৰগোট।

19.4 পাঠ্য অন্তর্গত অনশীলনীৰ উত্তৰ

খালী ঠাই পূৰ কৰাঃ

(ক) ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দল হ’ব লাগিলে সেই দলে কমেও_____ৰাজ্যত চাৰি শতাংশ বৈধ ভোট পাব লাগিব। (চাৰি/পাঁচ) 

উত্তৰঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দল হ’ব লাগিলে সেই দলে কমেও চাৰি ৰাজ্যত চাৰি শতাংশ বৈধ ভোট পাব লাগিব।

(খ) ভাৰতীয় সাম্যবাদী দল (CPI) এটা____দল। (ৰাষ্ট্ৰীয়/ আঞ্চলিক) 

উত্তৰঃ ভাৰতীয় সাম্যবাদী দল (CPI) এটা ৰাষ্ট্ৰীয় দল। 

(গ) ড্রাবিড় মুনেত্রা কাজগম (DMK) এটা_____দল। (ৰাষ্ট্ৰীয়/ আঞ্চলিক) 

উত্তৰঃ ড্ৰাবিড় মুনেত্রা কাজগম (DMK) এটা আঞ্চলিক দল। 

(ঘ) নেশ্বনেল কনফাৰেন্স এটি______দল। (ৰাষ্ট্ৰীয়/ আঞ্চলিক)

উত্তৰঃ নেশ্বনেল কনফাৰেন্স এটি আঞ্চলিক দল।

19.5 পাঠ্য অন্তর্গত অনুশীলনীৰ উত্তৰ

খালী ঠাই পূৰ কৰাঃ

(ক) ভাৰতীয় জাতীয় কংগ্ৰেছ _____চনত গঠন হৈছিল। (1885/ 1895/ 1975)

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত গঠন হৈছিল।

(খ) মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ এক____ৰ দল হিচাপে পৰিগণিত হয়। (সাধাৰণ মানুহ/ মধ্যবিত্ত/ ধনী মানুহৰ)

উত্তৰঃ মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ এক সাধাৰণ মানুহৰ দল হিচাপে পৰিগণিত হয়।

(গ) ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা____চনত ঘোষণা কৰা হয়। (1975/ 1976/ 1977

উত্তৰঃ ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা 1975 চনত ঘোষণা কৰা হয়৷

19.6 পাঠ্য অন্তর্গত অনুশীলনীৰ উত্তৰ

খালী ঠাই পূৰ কৰাঃ

(ক) 1984 চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পার্টিয়ে_____ খন আসন লভ কৰিছিল। (2/ 3/ 4 )

উত্তৰঃ 1984 চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পার্টিয়ে 2 খন আসন লভ কৰিছিল।

(খ) ভাৰতীয় সাম্যবাদী দলে প্রথম______অত ৰাজ্যিক চৰকাৰ গঠন কৰে। (কেৰেলা/ পশ্চিমবংগ/ অন্ধ্ৰপ্ৰদেশ)

উত্তৰঃ ভাৰতীয় সাম্যবাদী দলে প্রথম কেৰেলাত ৰাজ্যিক চৰকাৰ গঠন কৰে।

(গ) ভাৰতীয় জনতা পাৰ্টিৰ প্ৰভাৱ থকা ৰাজ্য হৈছে _____উত্তৰ প্রদেশ/ অন্ধ্রপ্রদেশ/ পশ্চিমবংগ) 

উত্তৰঃ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰভাৱ থকা ৰাজ্য হৈছে উত্তৰ প্ৰদেশ।

পাঠ্য শেহান্ত অনুশীলনীৰ উত্তৰ

1. ৰাজনৈতিক দল এটা প্রয়োজনীয় বৈশিষ্ট্যসমূহ বর্ণনা কৰা।

উত্তৰঃ 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰা ভাৰতবৰ্ষত দলীয় ব্যৱস্থাৰ আৰম্ভ হোৱা বুলিব পাৰি। আন আন দলসমূহ তাৰ পিছত প্ৰতিষ্ঠা হৈছিল৷ ভাৰতবৰ্ষত ঔপনিবেশিক শাসনক প্রত্যাহ্বান জনোৱা আৰু এই ঔপনিবেশিক শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ উদ্দেশ্যেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৃষ্টি হয়।

স্বাধীনতাৰ পিছত গণতান্ত্রিক সংবিধান গ্ৰহণ কৰাৰ লগে লগে, 1952 চনত প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ সময়ত এক নতুন দলীয় ব্যৱস্থাৰ উদ্ভৱ হয়; যাৰ ভেটি আছিল সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ।

প্রথম পর্যায় এক দলীয় আধিপত্যৰ পৰ্যায় হিচাপে জনা যায়। কাৰণ এই পৰ্যায়ত 1953-59 সময়চোৱাত কেৰেলাৰ বাহিৰে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে কংগ্ৰেছ দল শাসনাধিষ্ঠ দল হিচাপে আছিল। দ্বিতীয় পর্যায় (1967-1975) সময়ছোৱাত ভাৰতবৰ্ষত বহুদলীয় ব্যৱস্থাৰ উদ্ভৱ হয়। 1967 চনত বিধানসভা নিৰ্বাচনত আঠখন ৰাজ্যত কংগ্ৰেছ দলক উৎখাত কৰা হয় ৷ প্ৰথমবাৰৰ বাবে এইকেইখন ৰাজ্যত অনা কংগ্ৰেছী দলে চৰকাৰ গঠন কৰিব সক্ষম হয়। এই দলসমূহে মৰ্চা চৰকাৰ (Coalition Govt.) গঠন কৰে। কংগ্ৰেছ আন এক সমস্যাৰ সন্মুখীন হয় যেতিয়া দলটো কংগ্ৰেছ (O) আৰু কংগ্ৰেছ (N) নামেৰে দুটা দলত বিভাজিত হয়। অৱশ্যে 1971 চনৰ মধ্যৱৰ্তীকালীন নিৰ্বাচনত পুনৰ জয়লাভৰ জৰিয়তে কংগ্ৰেছ কেন্দ্ৰত পুনৰ আধিপত্যকাৰী শক্তিৰূপে পৰিগণিত হয়। তাৰ পিছত দেশত জৰুৰী অৱস্থা ঘোষণা কৰা হয় (1975-77)। এই সময়ছোৱাক দেশৰ সৰ্বাত্মকবাদী পৰ্যায় হিচাপে জনা যায়।

জৰুৰী অৱস্থাৰ প্ৰত্যাহাৰৰ লগে লগে কংগ্ৰেছ দলৰ আধিপত্যৰ অন্ত পৰে। 1977 চনৰ সাধাৰণ নিৰ্বাচনত জনতা দলে কংগ্ৰেছ দলক পৰাস্ত কৰে। বহুকেইটা অনা কংগ্ৰেছী দলক সংলগ্ন কৰি জনতা দল গঠন কৰা হৈছিল। কিন্তু 1980 চনৰ সাধাৰণ নিৰ্বাচনত পুনৰ কংগ্ৰেছ ক্ষমতালৈ আহে আৰু 1989 চনলৈ ক্ষমতাত থাকে।

জনতা দল বহুকেইটা অনা কংগ্ৰেছী দল যেনে— মোৰাৰজী দেশাই নেতৃত্বাধীন কংগ্ৰেছ (O),চৌধুৰী চৰণ সিঙৰ ভাৰতীয় লোক দল, জনজীৱন ৰাম আৰু এইচ, এন, বহুগুণাৰ কংগ্ৰেছ ফৰ ডেম’ক্ৰেচী দল (CFD),জর্জ ফাৰ্ণাণ্ডেজৰ নেতৃত্বাধীন সমাজবাদী দল আৰু এল, কে, আদাৱানীৰ জনসংঘৰ সংলগ্নকৰণৰ দ্বাৰা হৈছিল।

1989 চনৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় মৰ্চাই বিজেপি আৰু বাওঁপন্থী দলসমূহৰ সহযোগত চৰকাৰ গঠন কৰে। কিন্তু মৰ্চা চৰকাৰ বেছি দিন টিকিব নোৱাৰিলে আৰু দশম লোকসভা নির্বাচন 1991 ৰ মে-জুন মাহত অনুষ্ঠিত হয়। কংগ্ৰেছ তলে পুনৰ কেন্দ্ৰত চৰকাৰ গঠন কৰিব সক্ষম হয়। 1996 চনত ভাৰতীয় জনতা দল (BJP) শক্তিশালী দলৰূপে পৰিগণিত হয় আৰু চৰকাৰ গঠন কৰে কেন্দ্ৰত। যিহেতু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই দলে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰিলে সেইবাবে পদত্যাগ কৰিব বাধ্য হ’ল। সংযুক্ত মৰ্চা তিনিটা দলক লৈ গঠন কৰা হয় আৰু কংগ্ৰেছ আৰু বাওঁপন্থী দল, CPI(M) ৰ বাহিৰৰ পৰা সমৰ্থন লাভ কৰি কেন্দ্ৰ গঠন কৰে। কিন্তু এই চৰকাৰেও পূৰ্ণ কাৰ্যকাল সম্পূর্ণ কৰিব নোৱাৰিলে। যদিও 1998 চনৰ বিজেপি নেতৃত্বাধীন চৰকাৰক লোকসভাৰ নিৰ্বাচনত পৰাস্ত হৈছিল। 1999 চনৰ নিৰ্বাচনে বিজেপিক বহু দলৰ সমৰ্থনেৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (NDA) হিচাপে চৰকাৰ গঠন কৰাৰ এক সুবিধা প্রদান কৰে আৰু পূৰ্ণ কাৰ্যকাল সম্পূৰ্ণ কৰাৰো সুবিধা লাভ কৰে এই মৰ্চা চৰকাৰে।

2004 চনত চতুৰ্দশ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰে৷ এই দলে সমভাবাপন্ন আন আন দলৰ সৈতে মিত্ৰতা কৰি চৰকাৰ গঠন কৰে। 1989 চনৰ পাছত উদ্ভৱ হোৱা ভাৰতীয় দলীয় ব্যৱস্থাৰ যিটো পৰ্যায় সেইটো হৈছে মিত্ৰযোটৰ পৰ্যায়। তাৰ পিছৰ পৰা কেন্দ্ৰত কোনো এটা ৰাজনৈতিক দলে অকলে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰি চৰকাৰ গঠন কৰিব সক্ষম হোৱা নাই।

2. ভাৰতৰ মুখ্য ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ 1. ভাৰতীয় জাতীয় কংগ্ৰেছঃ ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত বম্বেত গঠন হৈছিল। ডব্লিউ, চি, বেনাৰ্জী ইয়াৰ প্ৰথমজন সভাপতি আছিল। প্রথমে কংগ্ৰেছ দলটো কিছুসংখ্যক মধ্যবিত্ত বুদ্ধিজীৱি যিসকল ব্ৰিটিছঔপনিবেশিক শাসনৰ কালছোৱাত ৰাজনৈতিক সংস্কাৰৰ সৈতে জড়িত আছিল, তেওঁলোকৰ সংগঠন আছিল। বিংশ শতিকাত মহাত্মা গান্ধীৰ নেতৃত্বত ই এটা সৰ্বসাধাৰণ ৰাইজৰ সমর্থিত সংগঠন হৈ পৰিছিল। স্বাধীনতা সংগ্ৰামৰ সময়ত এই দলটোৱে

সাধাৰণ ৰাইজৰ সমৰ্থন লাভ কৰিছিল আৰু এক তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। স্বাধীনতাৰপিছত জৱাহৰলাল নেহৰু যেতিয়া ভাৰতবৰ্ষৰ প্ৰথম প্রধানমন্ত্রী নির্বাচিত হয়, তেওঁ এই দলটোৰ নেতৃত্ব দিছিল৷ এই কালছোৱা ‘নেহৰু কাল’ বুলি কোৱা হয়। কংগ্ৰেছ দলটোৱে প্ৰথম পাঁচটা সাধাৰণ নিৰ্বাচনত জয় লাভ কৰিছিল ক্ৰমে 1952, 1957, 1962, 1967 আৰু 1971 চন। 1975 চনত ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘোষণা কৰা হয়। 1977 চনলৈ ই বাহাল আছিল। 1977 চনৰ নিৰ্বাচনত কংগ্ৰেছে পৰাজয় বৰণ কৰিব লগা হৈছিল। অৱশ্যে 1980 চনত কংগ্ৰেছ দল ইন্দিৰা গান্ধীৰ নেতৃত্বত পুনৰ ক্ষমতালৈ আহে। 1984 চনত ইন্দিৰা গান্ধীক গুলিয়াই হত্যা কৰা হয়। 1985 চনত কংগ্ৰেছ দল ইন্দিৰা গান্ধীৰ নেতৃত্বত ৰাজীৱ গান্ধী দলটোৰ নেতা আছিল। কংগ্ৰেছ তলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি নিৰ্বাচনত জয় লাভ কৰে। 1989 চনত যদিও কংগ্ৰেছ দলে একক সংখ্যাগৰিষ্ঠতা পাবলৈ সক্ষম নহ’ল কিন্তু এই দলেই শক্তিশালী বৃহৎ দল হিচাপে পৰিগণিত হৈছিল। 1991 চনত পুনৰ কংগ্ৰেছ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি ক্ষমতালৈ আহে। 1996 চনত কংগ্ৰেছ চৰকাৰ গঠন কৰিব নোৱাৰিলে। দ্বাদশ লোকসভাত 1998 চনত কংগ্ৰেছে কেবল 140 খন আসন পাবলৈ সক্ষম হৈছিল। 1999 চনৰ লোকভা নিৰ্বাচনত আসনৰ সংখ্যা 112 খনলৈ হ্ৰাস পায়। কিন্তু চতুৰ্দশ লোকসভা নির্বাচনত কংগ্ৰেছে বাকী ধৰ্মনিৰপেক্ষ দলসমূহৰ সৈতে মিত্রা কৰি চৰকাৰ গঠন কৰে।

2. ভাৰতীয় জনতা পার্টি (BJP): ভাৰতীয় জনতা পাৰ্টি 1980 চনত গঠন হৈছিল। এই সময়ৰ পৰাই এদিলে হিন্দী ভাষী ৰাজ্যসমূহ, গুজৰাট আৰু মহাৰাষ্ট্ৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। দক্ষিণ ভাৰততো এই দলে প্রাধান্য বঢ়াবলৈ চেষ্টা কৰি আহিছে।

ভাৰতীয় জনতা পাৰ্টি 1980 চনত গঠন হোৱাৰ সময়ৰে পৰা ক্ৰমান্বয়ে লোকসভাত আসন বৃদ্ধি কৰি আহিবলৈ সক্ষম হৈছে। 1984 চনৰ সাধাৰণ নিৰ্বাচনত এই দলে কেৱল 2 খন আসন লাভ কৰিছিল। 1989 চনত ই 88 খনলৈ বৃদ্ধি পায়। 1991 চনৰ লোকসভা নিৰ্বাচনত আসনৰ সংখ্যা 122 খনলৈ `বৃদ্ধি পায় ই 1991 চনত 161 খন হয়গৈ। 1998 চনত বিজেপি দলে 180 খন আসন লাভ কৰে আৰু 1999 চনত ভাৰতীয় জনতা দলে নেশ্বনেল ডেমক্রেটিক এলায়েন্স (NDA) হিচাপে আন দল কিছুমানৰ সৈতে নিৰ্বাচন যুঁজত নামিছিল। 2004 চনত এই দল আৰু মিত্ৰ শক্তি মিলি সংখ্যা গৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে ৷ এই দলে বিৰোধী দলৰ ভূমিকা পালন কৰি আহিছে। ভাৰতীয় জনতা দলে বিৰোধী হিচাপে তাৎপর্যপূর্ণ ভূমিকা পাল কৰি আহিছে, কিন্তু ইয়াৰ জনভিত্তি এতিয়াও কিছুমান বিশেষ এলেকাতে সীমিত হৈ আছে, সমগ্ৰ দেশতে ইবিস্তাৰিত হ’ব পৰা নাই ।

3. সাম্যবাদী দল (The Communist Parties): ভাৰতত দুটা । প্রধান সামব্যদী দল আছে। এই দল দুটা হ’ল ভাৰতীয় সাম্যবাদী দল (Communist Party of India) আৰু ভাৰতীয় সাম্যবাদী দল মার্ক্সবাদী (Communist Party of India; Marxist, CPI-M)। কংগ্ৰেছ দলৰ পিছত এই দলেই ভাৰতত পুৰণি ৰাজনৈতিক দল। সামব্যবাদী আন্দোলন ভাৰতবৰ্ষত, বিংশ শতিকাৰ আৰম্ভণিতে আৰম্ভ হয় আৰু 1925 চনত ভাৰতীয় সামব্যবাদী। দল গঠন হৈছিল। সাম্যবাদী সকলে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগদান কৰিছিল যদিও কংগ্ৰেছৰ সৈতে আদৰ্শৰ মিল নাছিল। সাম্যবাদী সকলে বিচাৰিছিল যে জনসাধাৰণ অৰ্থনৈতিক ভাৱে সমান হ’ব লাগে আৰু ধনী, দুখীয়া আদি শ্ৰেণীত সমাজখন বিভক্ত কৰিব নালাগে। বনুৱা শ্ৰেণী, কৃষক আৰু শোষিতসকল যিয়ে সমাজত উৎপাদন ব্যৱস্থাৰ সৈতে জড়িত তেওঁলোকক তেওঁলোকৰ প্ৰাপ্য স্বীকৃতি আৰু ক্ষমতা দিব লাগে।

নেহৰুৰ সময়ছোৱাত সাম্যবাদী দলেই সভাত প্ৰধান বিৰোধী আছিল। প্রথম লোকসভাত সাম্যবাদীসকলৰ 26 জন সদস্য আছিল। দ্বিতীয় লোকসভাত আৰু তৃতীয় লোকসভাত ক্ৰমে 27 আৰু 29 জন সদস্য আছিল। 1957 চনত কেৰেলাত এই দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি প্ৰথমখন অনা কংগ্ৰেছ চৰকাৰ গঠন কৰে। ষাঠিদশকত প্ৰধানকৈ 1962 চনৰ চীনৰ আক্ৰমণৰ সময়ত সাম্যবাদী দলৰ সদস্যসকলৰ মাজত তীব্র মতানৈক্যৰ সৃষ্টি হয়। তাৰ ফলস্বৰূপে এই দল দুটা ভাগত খণ্ডিত হয়। 1964 চনত যিসকলে ভাৰতীয় সাম্যবাদী দলৰ পৰা । আঁতৰি আহে তেওঁলোকে ভাৰতীয় সাম্যবাদী দল, মার্ক্সবাদী গঠন কৰে। চিপি আই এম (CPI-M) দলে যদিও ইয়াৰ প্ৰভাৱ অন্ধ্ৰপ্ৰদেশ, অসম, বিহাৰ, মহাৰাষ্ট্ৰ, উৰিষ্যা, পঞ্জাৱ আদিত থকা বুলি পঞ্জীভূত কৰিছে। ইয়াৰ কিন্তু মূল ভেঁটি পশ্চিমবংগ, কেৰেলা আৰু ত্ৰিপুৰাতহে দেখা যায়। ভাৰতীয় সাম্যবাদী দলৰ কিছু প্ৰভাৱ থকা এলেকাসমূহ হৈছে অন্ধ্ৰপ্ৰদেশত, অসমত, বিহাৰত, মণিপুৰত, উৰিষ্যাত, পণ্ডিচেৰীত, পঞ্জাৱ আদি। 2004 চনত লোকসভা নিৰ্বাচনত ভাৰতীয় সাম্যবাদী আৰু মাৰ্ক্সবাদী সাম্যবাদী দল দুয়োটাই কংগ্ৰেছ দলৰ মিত্ৰ দল হিচাপে আছে। এই দুয়োটা দলে কেন্দ্র থকা কংগ্ৰেছ নেতৃত্বাধীন UPA চৰকাৰক বাহিৰৰ পৰা সমৰ্থন জনাইছে।

4. বহুজন সমাজ পার্টি (BSP): বহুজন সমাজ পার্টিয়ে 1996 চনত ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা লাভ কৰে। এই দলে সমাজৰ অৱহেলিত, নিষ্পেষিত আৰু নিম্ন বৰ্গৰ লোকসকলক প্রতিনিধিত্ব কৰে। প্ৰকৃততে ভাৰতবৰ্ষত এই শ্ৰেণীৰ লোক সংখ্যাগৰিষ্ঠ। এই দলে বিশ্বাস কৰে যে ‘বহুজন সমাজ’ এখন গঠন কৰি সমাজখন উচ্চবৰ্গৰ লোকৰ শোষণৰ পৰা মুক্ত কৰিব লাগে। এই দলৰ প্ৰভাৱ থকা ৰাজ্যসমূহ হৈছে— মধ্যপ্রদেশ, উত্তৰপ্ৰদেশ আৰু পঞ্জাৱ। 1995 আৰু 1997 চনৰ উত্তৰ প্ৰদেশৰ চৰকাৰৰ এই দল মিত্র শক্তিত আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top