ASOS Class 12 Political Science Chapter 18 ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যৱস্থা

ASOS Class 12 Political Science Chapter 18 ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যৱস্থা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 18 ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যৱস্থা and select needs one.

ASOS Class 12 Political Science Chapter 18 ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যৱস্থা

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 18 ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যৱস্থা Solutions for All Subject, You can practice these here.

ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যৱস্থা

Chapter : 18

18.1 পাঠ্য অন্তর্গত অনুশীলনী

চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটোত চিন (✓) দিয়া। 

1. মুক্ত আৰু নিকা নির্বাচন কৰাৰ দায়িত্বভাৰ ন্যস্ত থাকে

(a) ভাৰতৰ মুখ্য ন্যায়াধীশৰ ওপৰত। 

(b) মুখ্য নির্বাচনী আয়ুক্তৰ ওপৰত। 

(c) ৰাষ্ট্ৰপতিৰ ওপৰত।

(d) মহানিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ ওপৰত। 

উত্তৰঃ (b) মুখ্য নির্বাচনী আয়ুক্তৰ ওপৰত ৷

2. মুখ্য নির্বাচনী আয়ুক্তজনৰ নিযুক্তি দিয়ে

(a) মুখ্য ন্যায়াধীশে।

(b) ৰাষ্ট্ৰপতিয়ে।

(c) আইন মন্ত্ৰীয়ে।

(d) প্রধানমন্ত্রীয়ে।

উত্তৰঃ (b) ৰাষ্ট্ৰপতিয়ে। 

খালী ঠাই পূৰ কৰাঃ 

3. মুখ্য নির্বাচনী আয়ুক্তক_____বছৰৰ বাবে নিযুক্তি দিয়া হয়। (চাৰি/ পাঁচ/ ছয়)

উত্তৰঃ মুখ্য নির্বাচনী আয়ুক্তক ছয় বছৰৰ বাবে নিযুক্তি দিয়া হয়।

4. মুখ্য নির্বাচনী আয়ুক্তক অপসাৰণ কৰা পদ্ধতি আৰু ________ক অপসাৰণ কৰা পদ্ধতি একে। (লোকসভাৰ অধ্যক্ষ/ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ/ ভাৰতৰ প্ৰধানমন্ত্ৰী)

উত্তৰঃ মুখ্য নির্বাচনী আয়ুক্তক অপসাৰণ কৰা পদ্ধতি আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক অপসাৰণ কৰা পদ্ধতি একে।

5. তলত দিয়া চিহ্নবোৰৰ লগত ৰাজনৈতিক দলসমূহক মিলোৱাঃ

(a) বিজেপি (BJP)চাইকেল।
(b) ভাৰতীয় কংগ্ৰেছপদুমফুল।
(c) তেলেগু দেশমহাত।

উত্তৰঃ 

(a) বিজেপি (BJP)পদুমফুল।
(b) ভাৰতীয় কংগ্ৰেছহাত। 
(c) তেলেগু দেশমচাইকেল।

6. তলত উল্লেখিত কাক মধ্যৱৰ্তী নির্বাচন বোলা হয়? 

(a) বছৰৰ মাজভাগত হোৱা নিৰ্বাচন। 

(b) সময়সূচীৰ বাহিৰত নিৰ্বাচন অনুষ্ঠিত হ’লে। 

(c) যিকোনো সময়তে হোৱা নিৰ্বাচন, যেতিয়া শাসকীয় দলৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গৃহীত হয়।

উত্তৰঃ (c) যিকোনো সময়তে হোৱা নিৰ্বাচন, যেতিয়া শাসকীয় দলৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গৃহীত হয়।

7. তলত উল্লেখিত কোনটো এজন ভোটদাতাৰ বাবে আৱশ্যকীয়?

(a) ব্যক্তিজনৰ 21 বছৰ বয়স সম্পূৰ্ণ হ’ব লাগিব। 

(b) ব্যক্তিজন ভাৰতীয় নাগৰিক হ’ব লাগিব। 

(c) ব্যক্তিজন উচ্চতৰ মাধ্যমিক উত্তীর্ণ হ’ব লাগিব৷ 

উত্তৰঃ (b) ব্যক্তিজন ভাৰতীয় নাগৰিক হ’ব লাগিব ।

18.2 পাঠ্য অন্তর্গত অনুশীলনীৰ উত্তৰ

1. নিৰ্বাচনৰ বাবে জাননী কোনে জাৰি কৰে?

(a) নির্বাচন আয়ুক্ত।

(b) নির্বাচন প্ৰাধিকাৰী।

(c) ৰাষ্ট্ৰপতি।

উত্তৰঃ (c) ৰাষ্ট্ৰপতি।

2. কোনটো দিন মনোনয়ন পত্র জমা দিয়াৰ শেষ দিন?

(a) চতুর্থ দিন।

(b) পঞ্চম দিন।

(c) সপ্তম দিন।

উত্তৰঃ (c) সপ্তম দিন।

3. নির্বাচন অনুসূচী বিস্তাৰিত হয়

(a) 7 দিনলৈ।

(b) 20 দিনলৈ।

(c) 1 মাহলৈ।

উত্তৰঃ (c) 1 মাহলৈ। 

4. মনোনয়ন পত্ৰ এখন প্ৰস্তাৱ আৰু সমর্থন কৰিব লাগে 

(a) নিৰ্দিষ্ট সমষ্টিৰ 2 জন ভোটদাতাই।

(b) যিকোনো সমষ্টিৰ 3 জন ভোটদাতাই।

(c) নির্দিষ্ট সমষ্টিৰ 4 জন ভোটদাতাই।

(d) নিৰ্দিষ্ট সমষ্টিৰ 6 জন ভোটদাতাই।

উত্তৰঃ (a) নির্দিষ্ট সমষ্টিৰ 2 জন ভোটদাতাই। 

5. নিৰ্বাচনী প্ৰচাৰ বন্ধ হয় 

(a) ভোটদানৰ 12 ঘণ্টা পূর্বে।

(b) ভোটদানৰ 24 ঘণ্টা পূর্বে।

(c) ভোটদানৰ 48 ঘণ্টা পূর্বে।

উত্তৰঃ (c) ভোটদানৰ 48 ঘণ্টা পূর্বে।

6. ভোটদান কেন্দ্র এটিত তদাৰক কৰিবলৈ

(a) ভোটগ্রহণ বিষয়াসকল থাকে।

(b) নির্বাচন প্ৰাধিকাৰী থাকে। 

(c) অধিস্থাতা বিষয়া থাকে। 

উত্তৰঃ (a) ভোটগ্রহণ বিষয়াসকল থাকে।

7. এটা বৈদ্যুতিক ভোটগ্রহণ যন্ত্ৰত সর্বোচ্চ 

(a) 10 জন প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট থাকিব পাৰে।

(b) 16 জন প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট থাকিব পাৰে। 

(c) 20 জন প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট থাকিব পাৰে। 

উত্তৰঃ (b) 16 জন প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট থাকিব পাৰে।

18.3 পাঠ্য অন্তর্গত অনুশীলনীৰ উত্তৰ

1. ভাৰতীয় নির্বাচনী ব্যৱস্থাৰ কেইটামান গুৰুত্বপূৰ্ণ আসোঁৱাহ হৈছে—

(a)___ 

(b)___

(c)___ 

(d)___

উত্তৰঃ (a) ধনবল।

(b) বাহুবল।

(c) জাতি আৰু ধৰ্মৰ ভূমিকা।

(d) চৰকাৰী যন্ত্ৰৰ অপব্যৱহাৰ।

2. তাৎপর্যপূর্ণ নির্বাচনী সংস্কাৰসমূহ হৈছে—

(i)____

(iii)____

(iii)____

(iv)___

উত্তৰঃ (i) ভোটদানৰ বয়স হ্ৰাস।

(ii) জামিন জমাৰ পৰিমাণ বৃদ্ধি।

(iii) ফটো পৰিচয় পত্ৰৰ সূচনা।

(iv) বৈদ্যুতিক ভোটদান যন্ত্ৰৰ সূচনা।

পাঠ্য শেহান্ত অনুশীলনীৰ উত্তৰ

1. ভাৰতৰ নিৰ্বাচনী আয়োগৰ কাৰ্যসমূহ কি? 

উত্তৰঃ নির্বাচনী আয়োগৰ প্ৰাথমিক কাৰ্য হৈছে দেশত মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰা। এই উদ্দেশ্যে নির্বাচন আয়োগে তলত উল্লেখিত কার্যসমূহ সম্পাদন কৰে।

(i) সমষ্টি পূর্ণনিৰ্দ্ধাৰণঃ নিৰ্বাচন প্রক্রিয়া অনুষ্ঠিত কৰাৰ উদ্দেশ্যে দেশখনক বিভিন্ন সমষ্টিত ভাগ কৰা হয়।

সমষ্টি পূৰ্ণনিৰ্ধাৰণৰ কাম সাধাৰণতে পূৰ্ণনিৰ্ধাৰণ আয়োগে কৰে। এই পূৰ্ণনিৰ্ধাৰণ আয়োগ পাঁচজন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, কাৰ্যৰত অথবা অৱসৰপ্ৰাপ্ত আৰু মুখ্য নির্বাচন আয়ুক্ত ইয়াৰ পদেন সদস্য। সকলো সচিবালয় সহকাৰীক (প্রত্যেক স্তৰতে, ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰগু জিলা) সমষ্টি পূৰ্ণনিৰ্ধাৰণ আয়োগলৈ মুখ্য নির্বাচন আয়ুক্তই যোগান ধৰে। চৰকাৰে সময়ে সময়ে চৰকাৰ গঠন কৰে।

(ii) নির্বাচনী বিধি প্রস্তুতকৰণঃ প্রত্যেক সমষ্টিৰে এক ব্যাপক ভোটাৰ তালিকা আছে। ইয়াক নিৰ্বাচনী অথবা ভোটাৰ তালিকা বোলা হয়। নির্বাচনী আয়োগে এতিালিকা সংসদ আৰু বিধানসভা নিৰ্বাচনত প্ৰস্তুত কৰে। এই নির্বাচনী তালিকাখনত, এটা সমষ্টিত যিমানবোৰ ভোটাধিকাৰ লাভ কৰা নাগৰিক আছে তেওঁলোকৰ নাম তাত সন্নিৱিষ্ট থাকে। এই নির্বাচনী তালিকাখন সময়ে সময়ে পূৰ্ণ বিবেচনা কৰা হয়। সাধাৰণতে সাধাৰণ নিৰ্বাচনৰ আগত মধ্যৱৰ্তী নিৰ্বাচনৰ আগত আৰু পুনৰ নিৰ্বাচনৰ আগত।

নির্বাচনী তালিকা পুনর্বিবেচনা কৰাৰ বাবে ঘৰে ঘৰে নিৰ্বাচনী আয়োগে দায়িত্ব অর্পন কৰা বিষয়াই গৈ ভোট দান কৰিব পৰা লোকক নাম পঞ্জীয়ন কৰে৷ এজন ভোটদাতা হিচাপে পঞ্জীভূক্ত কৰা হয় যদিহে তেওঁ নিম্ন উল্লেখিত অৰ্হতাসমূহ থাকে।

(ক) তেওঁ ভাৰতীয় নাগৰিক হ’ব লাগিব।

(খ) তেওঁৰ 18 বছৰ ওপৰ হ’ব লাগিব।

(গ) তেওঁ সেই সমষ্টিৰ বাসিন্দা হ’ব লাগিব।

(iii) ৰাজনৈতিক দলৰ স্বীকৃতিঃ নির্বাচন আয়োগৰ মুখ্য কামবোৰৰ ভিতৰত অন্যতম হৈছে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহক স্বীকৃতি প্রদান কৰা। যদি সাধাৰণ নিৰ্বাচনত, টো ৰাজনৈতিক দলে যি কোনো চাৰিখন ৰাজ্যত মুঠ বৈধ ভোটৰ চাৰি শতাংশ ভোট লাভ কৰিব সক্ষম হয় তেন্তে সেইৰাজনৈতিক দলক ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। যদি কোনো ৰাজনৈতিক দলে এখন ৰাজ্যত মুঠ বৈধ ভোটৰ চাৰি শতাংশ ভোট পাবলৈ সক্ষম হয় তেনেহ’লে সেই দলটোক ৰাজ্যিক বা আঞ্চলিক ৰাজনৈতিক দল বুলি স্বীকৃতি প্ৰদান কৰা হয়। ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতীয় জনতা দল (BJP), ভাৰতীয় সাম্যবাদী দল (CPI), ভাৰতীয় সাম্যবাদী দল (মার্ক্সবাদী) (CPI, Marxist), বহুজন সমাজবাদী দল (BSP), ৰাষ্ট্ৰীয় কংগ্ৰেছ দল (NCP) আদি বর্তমান সময়লৈ (2005) স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দল।

(iv) চিহ্ন প্ৰদানঃ ৰাজনৈতিক দলসমূহৰ একো একোটা চিহ্ন আছে; যিবোৰ নির্বাচন আয়োগে প্রদান কৰে। উদাহৰণস্বৰূপে হাত হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ চিহ্ন, পদুম ফুল হৈছে ভাৰতীয় জনতা দল (BJP)ৰ চিহ্ন, হাতী হৈছে বহুজন সমাজ পার্টি (BSP)ৰ চিহ্ন। এই চিহ্নবোৰৰ তাৎপৰ্য তলত উল্লেখ কৰা হ’ল—

(a) এই চিহ্নবোৰে লিখা-পঢ়া নজনা লোকসকলক সহায় কৰে কাৰণ তেওঁলোকে প্ৰাৰ্থীৰ নাম পঢ়িব নাজানে ৷

(b) দুজন প্ৰাৰ্থীৰ যদি একে নাম হয়, এই চিহ্নবোৰে তেওঁলোকৰ মাজৰ পার্থক্য জনাতসহায়ক হয়।

2. লোকসভা আৰু বিধানসভা নির্বাচন প্রক্রিয়া চমুকৈ ব্যাখ্যা কৰা ৷ 

উত্তৰঃ ভাৰতবৰ্ষত আইনে ৰচনা কৰা প্ৰক্ৰিয়া অনুসৰি নিৰ্বাচন অনুষ্ঠিত হয় ৷ তলত উল্লেখিত প্রক্রিয়াসমূহ পালন কৰা হয়।

(i) নির্বাচনী জাননীঃ যেতিয়া নির্বাচন আয়োগৰ পৰামৰ্শ অনুসৰি লোকসভা, নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰপতিয়ে আৰু বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যপালে জাননী জাৰি কৰে তাৰ লগে লগে দেশত নির্বাচন প্রক্রিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়। প্রার্থী সকলক মনোনয়ন পত্র দাখিল কৰাৰ বাবে সাতদিন সময় দিয়া হয়। নিৰ্বাচনৰ জাননী জাৰি কৰাৰ দিনাৰ পৰা সপ্তমদিনটো মনোনয়ন পত্র দাখিলৰ অন্তিম দিন হিচাপে ধৰা হয়। (ৰবিবাৰ বাদ দি) অন্তিম দিনৰ পিছদিনা মনোনয়ম পত্ৰ পৰীক্ষা কৰা হয়। মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ দ্বিতীয় দিনা, প্রত্যাহাৰ কৰা দিন। এই প্রত্যাহাৰ কৰাৰ দিনৰ পৰা কমেও বিশদিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ’ব নোৱাৰে, কমেও বিশদিনৰ পাছতহে নির্বাচন অনুষ্ঠিত হ’ব।

(ii) মনোনয়ন পত্র দাখিলঃ এজন ব্যক্তিয়ে যদি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে, তেনেহ’লে তেওঁ মনোনয়ন পত্ৰ য’ত নাম, বয়স, ঠিকনা আৰু নির্বাচনী বহীত থকা ক্রমিক নং আদি ছপা কৰা থাকে, সেইখন দাখিল কৰিব লাগিব৷ প্ৰাৰ্থীজনৰ নামটো এজন প্ৰস্তাৱকে প্ৰস্তাৱ কৰিব লাগিব আৰু দুজন (কমেও) সমর্থকে সমর্থন কৰিব লাগিব, যিসকলৰ নাম বিশেষ সমষ্টিৰ ভোটদাতাৰ নামপঞ্জীত থাকিব লাগিব। প্রত্যেক প্রার্থীয়ে শপত ল’ব লাগিব । তাৰ পিছত এই পত্রসমূহ নির্বাচন আয়োগে নিয়োগ কৰা নিৰ্বাচনী প্ৰাধিকাৰীৰ হাতত জমা দিব লাগিব।

(iii) জামিন জমাঃ মনোয়ন পত্র দাখিল কৰাৰ সময়ত প্ৰত্যেকজন প্রার্থীয়ে জামিন জমা দিব লাগিব৷ লোকসভা নিৰ্বাচনৰ বাবে প্ৰত্যেক প্ৰাৰ্থীয়ে 10,000/- টকা জামিন জমা দিব লাগে আৰু বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীয়ে 5,000/- টকা জামিন জমা দিব লাগে। কিন্তু অনুসূচিত/জনজাতি প্ৰাৰ্থীৰ বাবে লোকসভাৰ নিৰ্বাচনৰ জামিন 5,000/- টকা আৰু বিধানসভা নিৰ্বাচনৰ বাবে 2,500/- টকা। কোনো প্রার্থীয়ে যদি মুঠ ভোটৰ একৃ-তৃতীয়াংশ ভোট পাবলৈও সক্ষম নহয় তেন্তে তেওঁৰ জামিন জমা ঘূৰাই দিয়া নহয়।

(iv) নিৰীক্ষণ আৰু প্ৰত্যাহাৰঃ নির্বাচন প্ৰাধিকাৰীয়ে সকলোবোৰ মনোনয়ন পত্ৰ গ্ৰহণ কৰাৰ পাছত নির্বাচন আয়োগে ধৰি দিয়া দিনটোত এই পত্ৰসমূহ নিৰীক্ষণ কৰে। এই নিৰীক্ষণ কৰোতে চোৱা হয় সকলোবোৰ মনোনয়ন পত্র নির্বাচনী বিধি অনুসৰি দিয়া হৈছে নে নাই আৰু জামিনৰ ধন ৰাশি লগত দিয়া হৈছে নে নাই। নির্বাচন প্ৰাধিকাৰীজনে তলত উল্লেখিত যিকোনো এটা কাৰণতে মনোনয়ন পত্র প্রত্যাহাৰ কৰিব পাৰে।

(ক) যদি প্রার্থীজন 21 বছৰ বয়সৰ তলত হয়।

(খ) যদি জামিন জমাৰ ধন জমা দিয়া নাই। 

(গ) যদি প্রার্থীজন কোনো লাভজনক পদত অধিষ্ঠিত হৈ থাকে। 

(ঘ) যতি প্ৰাৰ্থীজন দেশৰ কোনো ভোটৰ তালিকাত অন্তৰ্ভুক্ত নাই। মনোনয়ন পত্ৰ নিৰীক্ষণৰ পিছত মনোনয়ন পত্র প্রত্যাহাৰৰ চূড়ান্ত দিন ধৰি দিয়া হয়। যদি সেইদিনটো বন্ধৰ দিন বা ৰবিবাৰ হয়, তেন্তে তাৰ পিছৰ দিনটোৱেই মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন ধার্য কৰা হয়।

(v) নিৰ্বাচনী প্রচাৰঃ নির্বাচনী প্ৰচাৰ এক প্ৰক্ৰিয়া যাৰ জৰিয়তে প্ৰাৰ্থীয়ে ভোটদাতাসকলক বেলেগ প্ৰাৰ্থীৰ সলনি তেওঁক ভোট দান কৰি জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়। এই সময়চোৱাত প্ৰাৰ্থীয়ে তেওঁৰ সমষ্টিত ভ্ৰমণ কৰি ভোটদাদাসকলক প্ৰভাৱান্বিত কৰাৰ চেষ্টা কৰে। বৰ্তমান সময়ত নির্বাচন আয়োগে প্ৰাৰ্থীসকল (ৰাষ্ট্ৰীয় দল অথবা আঞ্চলিক দল) চৰকাৰী ইলেকট্রনিক মাধ্যমৰ জৰিয়তে, অনাতাঁৰ কেন্দ্ৰ যোগে, দূৰদৰ্শনৰ যোগে নির্বাচনী প্রচাৰ চলোৱাৰ অনুমতি প্ৰদান কৰিছে। সকলো ৰাজনৈতিক দলকে, মুক্ত সময়খিনি সমানে ভগাই দিয়াৰ ব্যৱস্থা নিৰ্বাচন আয়োগে কৰিছে। নিৰ্বাচনৰ দিনৰ 48 ঘণ্টা পূর্বে নির্বাচনী প্রচাৰ বন্ধ কৰিব লাগে। বিভিন্ন ধৰণৰে নিৰ্বাচনী প্রচাৰ চলোৱা হয়। তাৰে ভিতৰতঃ

(ক) ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।

(খ) নিৰ্বাচনী ইস্তাহাৰ, নিজৰ নাম আদি হাতেৰে বিতৰণ কৰা হয়। (নিৰ্বাচনী ইস্তাহাৰ ৰাজনৈতিক দলসমূহে প্ৰস্তুত কৰা এক তথ্য। ইএক ধৰণৰ ঘোষণা পত্র য’ত ৰাজনৈতিক দলৰ আদৰ্শ, কাৰ্যৱলী, পন্থা আদি লিখিত থাকে ৷

(গ) ঘৰে ঘৰে গৈ জনসাধাৰণক ৰাজনৈতিক দলটোৰ প্ৰতি আকৰ্ষিত কৰা। 

(ঘ) ৰাজনৈতিক দলৰ নেতাসমূহৰ ভাষণবোৰৰ সম্প্ৰসাৰণ কৰা।

(vi) ব্যৱহাৰৰ বিধিৰ আৰ্হিঃ নিৰ্বাচনী প্রচাৰৰ সময়ত ৰাজনৈতিক দলসমূহে আৰু প্ৰাৰ্থীসকলে, নির্বাচন আয়োগ ৰাজনৈতিক দলসমূহৰ সৈতে হোৱা সাধাৰণ বুজাবুজিৰ আদাৰত জাৰি কৰা বিধি অনুসৰণ কৰি চলিব বুলি আশা কৰা যায়৷ এই বিধি নির্বাচন তাৰিখ আৰু সময়সূচী ঘোষণা কৰাৰ লগে লগে কাৰ্যকৰী হয়। এই কাৰ্যবিধিসমূহ এনে ধৰণৰ

(ক) ৰাজনৈতিক দল আৰু প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে ধৰ্মীয় স্থানক ব্যৱহাৰ কৰিব নোৱাৰিব।

(খ) কোনো ধৰণৰ এনে ভাষণ প্রদান কৰিব নোৱাৰিব যিয়ে বিভিন্ন জাতি, ধর্ম, ভাষা বা সাম্প্রদায়িক গোষ্ঠীৰ মাজত বিদ্বেষৰ ভাব সৃষ্টি কৰে।

(গ) নির্বাচনী কামকাজত কোনো চৰকাৰী বিভাগক খটুৱাব নোৱাৰিব। 

(ঘ) নতুন কোনো ধৰণৰ অনুদান, নীতি বা প্ৰকল্প আদিৰ ধাৰ্য/ ঘোষণা কৰিব নোৱাৰিব।

(ঙ) গণ-মাধ্যমক কোনেও নিজৰ একপক্ষীয় প্ৰচাৰ কাৰ্যৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব।

(vii) ব্যয়ৰ নিৰীক্ষণঃ যদিও নির্বাচন আয়োগে সকলো স্বীকৃত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দলসমূহক নির্বাচনী প্রচাৰৰ বাবে এক নিৰ্দিষ্ট সময়লৈকে মুক্ত কৰি দিছে কিন্তু ই ৰাজনৈতিক দলসমূহে কোনো ব্যয় কৰিব নোৱাৰিব বুলি নুসূচায়। ৰাজনৈতিক দল আৰু প্ৰাৰ্থীবোৰে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰা দেখা যায় নির্বাচন প্ৰচাৰৰ বাবে। অৱশ্যে নির্বাচন আয়োগে এই ধন ব্যয়ৰ নিৰীক্ষণ কৰাৰ ক্ষমতা আছে। সংসদ আৰু বিধান সভা নিৰ্বাচনী ব্যয়ৰ ক্ষেত্ৰত ব্যয়ৰ এটা সীমা নিৰ্ধাৰণ কৰা হৈছে। প্ৰতিজন প্রার্থীয়ে নির্বাচন ফলাফল ঘোষণা কৰাৰ 45 দিনৰ ভিতৰত নিৰ্বাচনত হোৱা ব্যয়ৰ এক হিচাব দাখিল কৰিব লাগিব ৷

যদি কোনো প্রার্থীয়ে কিবা ত্রুটি কৰে অথবা নির্বাচনী আয়োগে বান্ধি দিয়া উচ্চসীমাৰ বাহিৰত ব্যয় কৰে তেনেহ’লে নির্বাচনী আয়োগে বিহিত ব্যৱস্থা হাতত ল’ব পাৰে ৷ নিৰ্বাচিত প্রার্থীজনক অযোগ্য বুলি ঘোষণা কৰিব পাৰে আৰু তেওঁৰ নির্বাচন খাৰিজ কৰিব পাৰে ৷

(viii) নিৰ্বাচন, গণনা আৰু ফলাফলঃ নির্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্য প্ৰতিটো সমষ্টিতে বৃহৎ সংখ্যক ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰে। প্ৰতিটো ভোটগ্রহণ কেন্দ্র একো একোজন অধিস্থাতা বিষয়াৰ নিয়ন্ত্ৰণত থাকে লগত ভোটগ্রহণ বিষয়া সকল নির্বাচন প্রক্রিয়া সহায়ৰ বাবে থাকে।

প্রতিজন ভোটদাদাই গোপন বাবে বেলেগ মানুহে নেদেখাকৈ ভোটদান কৰে। ইয়াক গোপন বেলট বোলা হয়।

ভোটপ্ৰদান কার্য সমাপ্ত হোৱাৰ পাছত, বেলট বাকচসমূহ মোহৰ মাৰি দিয়া হয়, সকলো নির্বাচনী প্ৰাৰ্থীৰ এজেণ্টসমূহৰ উপস্থিতিত। প্ৰাৰ্থীসকলৰ এজেণ্ট বা প্রতিনিধি সকলে লক্ষ্য ৰাখে যাতে সকলো ভোটদাতাই মুক্ত ভাৱে ভোটদান কৰিব পাৰে কোনো বাদ পৰি নাযায় আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতে যাতে ভোট দা কার্য সমাপ্ত হয়।

(ix) বৈদ্যুতিক ভোটদান যন্ত্রঃ নির্বাচন আয়োগে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে বৈদ্যুতিক ভোটদান যন্ত্ৰৰ আৰম্ভণি কৰিছে। প্ৰত্যেক যন্ত্ৰতে সমষ্টি অনুসৰি ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ নাম আৰু চিহ্ন অংকিত থাকে। এটা ভোটদান যন্ত্ৰত সৰ্বোচ্চ 16 জন প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট হ’ব পাৰে। 16 জন প্রার্থীতকৈ বেছি প্ৰাৰ্থী এটা সমষ্টিত থাকিলে এটাতকৈ বেছি বৈদ্যুতিক ভোটদান যন্ত্ৰ ব্যৱহাৰ কৰিব লগা হ’ব পাৰে। যদি প্ৰাৰ্থীৰ সংখ্যা অতি বৃহৎ হয় তেতিয়া ‘বেলট কাগজ’ ব্যৱহাৰ কৰিব পাৰি। এইধৰণৰ বৈদ্যুতিক ভোটদান যন্ত্ৰত প্ৰাৰ্থীৰ নামৰ বিপৰীতে এটা এটা বুটাম থাকে, ভোটদাতাই সেই নির্দিষ্ট বুটাম নিজৰ পচন্দৰ প্ৰাৰ্থীৰ বাবে টিপি দি ভোটদান কৰে। বুটামটোৰ টিপি দিয়াৰ লগে লগে ভোট গ্রহণ কার্য সম্পন্ন হৈ নিজে নিজে যন্ত্ৰটো বন্ধ হৈ যায় আৰু পিছৰজন ভোটদাতাৰ ব্যৱহাৰৰ বাবে ই সাজু হৈ যায়। এই যন্ত্ৰটো ব্যৱহাৰৰ বাবে অতি উপযোগী। ইয়াৰ আৰম্ভণি বা সূচনা হোৱাৰে পৰা বেলট কাগজ, বেলট বাকচ আদি প্ৰায় বন্ধ হৈ পৰাৰ দৰে হৈছে। যন্ত্ৰ ব্যৱহাৰৰ লগে লগে ভোট গণনা কার্য সহজ আৰু খটকীয়া হৈছে। এই বৈদ্যুতিক যন্ত্ৰ 1999 চনত দিল্লীৰ গোটেই সাতখন লোকসভা সমষ্টিতে ব্যৱহাৰ হৈছিল। তাৰ পাছত দেশত সকলো বিধানসভাৰ নিৰ্বাচনতে ইয়াৰ ব্যৱহাৰ হয়। 2004 চনত লোকসভাৰ সাধাৰণ নিৰ্বাচনত সমগ্ৰ দেশতে ইয়াৰ ব্যৱহাৰ হয়।

মোহৰ মহা বৈদ্যুতিক ভোটদান যন্ত্র অথবা বেলট বাকচসমূহ সম্পূৰ্ণ নিৰাপত্তা বেষ্টনীৰে গণনা কেন্দ্ৰত নিয়া হয়। ভোট গণনা কৰা হয় নির্বাচন প্ৰাধিকাৰী, প্ৰাৰ্থী আৰু প্ৰাৰ্থীসকলৰ এজেণ্টৰ সন্মুখত। যদি কোনো ক্ষেত্ৰত ভোটৰ বৈধতা আদিক লৈ কিবা সন্দেহ উপজে নির্বাচন প্ৰাধিকাৰীৰ সিদ্ধান্তক চূড়ান্ত বুলি গণ্য কৰা হয়। ভোট গণনা সম্পূৰ্ণ হোৱাৰ পিছত সর্বোচ্চ ভোট লাভ কৰা প্রার্থীজনকে নির্বাচন প্ৰাধিকাৰীয়ে বিজয়ী ঘোষণা কৰে।

(x) পুনৰ ভোট গ্রহণঃ যদি ভোটগ্রহণ চলি থকা অৱস্থাত ভোটগ্রহণ কেন্দ্ৰ অসামাজিক লোকে বলপূর্বক কাঢ়ি লয় তেন্তে নির্বাচন আয়ুক্তই গোটেই সমষ্টিতে অথবা সেই নির্দিষ্ট ভোটগ্রহণ কেন্দ্ৰটোত পুনৰ ভোটগ্রহণৰ জাননী জাৰি কৰিব পাৰে।

(xi) নির্বাচন নাকচঃ যদি কোনো স্বীকৃতপ্ৰাপ্ত ৰাজনৈতিক দলৰ মনোনয়ন লাভ কৰা প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দিয়াৰ শেষ তাৰিখৰ পাছত আৰু নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগত মৃত্যু হয় তেতিয়া নির্বাচন সেই সমষ্টিত বাতিল কৰা হয় ৷ বাতিলকৰণ কৰা মানে নির্বাচন পিছউৱা নহয়, পুনৰ মনোনয়ন পত্ৰ দিয়াৰ পৰা প্ৰক্ৰিয়াটো নতুনকৈ আৰম্ভ কৰা হয় সেই নির্দিষ্ট সমষ্টিটোত।

3. ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যৱস্থাৰ আসোঁৱাহসমূহ চমুকৈ আলোচনা কৰা। ব্যৱস্থাটোৰ উন্নয়নৰ বাবে সংস্কাৰৰ পৰামৰ্শ আগবঢ়োৱা।

উত্তৰঃ ভাৰতবৰ্ষৰ নিৰ্বাচন ব্যৱস্থাক সাৰ্বজনীন ভাৱে শলাগলোৱা দেখা গৈছে। জনসাধাৰণে ভাৰতবৰ্ষত অনুষ্ঠিত হোৱা নিৰ্বাচন ব্যৱস্থাক প্ৰশংসা কৰা দেখা যায়। কিন্তু এই প্ৰক্ৰিয়াৰ কিছু দুর্বলতা দেখা যায়৷ এইটো মন কৰা গৈছে যে নির্বাচন আয়োগে মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাৰ বাবে নানান ব্যৱস্থা হাতত লেৱাৰ পাছতো এই ব্যৱস্থাত কিছু আসোঁৱাহ আছে। কিন্তু মন কৰিবলগীয়া দুর্বলতা তলত আলোচনা কৰা হ’লঃ

(i) ধন বলঃ নির্বানচন গণনা কৰিব নোৱাৰা ধনৰ ভূমিকা এটি বৃহৎ সমস্যা ৰূপে পৰিগণিত হৈছে। ৰাজনৈতিক দলসমূহে ব্যৱসায়িক প্রতিষ্ঠান, উদ্যোগ আদিৰপৰা ধন সংগ্ৰহ কৰি সেই ধন নিৰ্বাচিত ভোটাৰ সকলক প্ৰভাৱান্বিত কৰিবলৈ ব্যৱহাৰ কৰে। ব্যৱসায়িক অৱদানসমূহ প্ৰায়ভাগ নগদ ৰূপে আহে আৰু ই হিচাবৰ বাহিৰৰ নহয়। আন আন অবৈধ আৰু ভ্ৰষ্টাচাৰী পদক্ষেপো নিৰ্বাচনৰ সময়ত লোৱা দেখা যায়। উদাহৰণস্বৰূপে প্ৰলোভন, হস্তচালনৰ নীতি প্ৰয়োগ, ভোটদাতা সকলক যাতায়াত ব্যৱস্থা আগবঢ়ই ভোটদান কেন্দ্ৰলৈ অনা নিয়া কৰা, ভোটগ্রহণ কেন্দ্ৰ কব্জা কৰা আদি। নিৰ্বাচনৰ দিনা সুৰা বিতৰণ কৰা কাৰ্যত বৰ্তমান সহজলভ্য।

(ii) বাহুবলঃ আগত অপৰাধী এজনে ভোটদাতাক বন্দুকৰ ভয় দেখুৱাই তেওঁলোকৰ ইচ্ছা অনুসৰি ভোটদান কৰিবলৈ বাধ্য কৰাইছিল। বর্তমান এনে অপৰাধীসকল মুকলিকৈ ওলাই আহিছে নির্বাচন খেলিবলৈ যাৰ দ্বাৰা ৰাজনীতি অপৰাধীকৰণ কৰা হৈছে। ইয়াৰ ফলস্বৰূপে নিৰ্বাচনৰ সময়ত হিংসাত্মক কার্যকলাপ বৃদ্ধি পাব ধৰিছে।

(iii) জাতি আৰু ধৰ্মঃ  সাধাৰণতে একোটা ৰাজনৈতিক দলে এনেকুৱা প্রার্থীক দলীয় টিকট দিয়ে যাৰ একোট সমষ্টিত সকলেও জাতি আৰু ধৰ্মৰ ভিত্তিটো ভোটদান কৰা দেখা যায়। সাম্প্রদায়িক নির্বাচনী প্রচাৰৰ সময়ত ভোটদাতা সকলৰ পৰা আদায় কৰাৰ প্ৰয়াস কৰাও দেখা যায়।

(iv) চৰকাৰী যন্ত্ৰৰ অপব্যৱহাৰঃ সকলো ৰাজনৈতিক দলৰেসম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত সমান সুবিধা পোৱাৰ অৱস্থা নাথাকে। যিটো ৰাজনৈতিক ক্ষমতাত থাকে সেইটো দল বিৰোধী দলটোতকৈ সদায় সুবিধাজনক স্থিতিত থাকে। এনেধৰণৰ বহল প্ৰচাৰ এটা সদায়েই দেখা যায় ক্ষমতাত থকা দলটোৱে চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ কৰিছে।

এই আটাইবোৰ বৈশিষ্ট্যই হিংসা, ভোটগ্রহণ কেন্দ্র দখল, বলপূর্বক বেলট কাগজ কাঢ়ি নিয়া, বেলট বাকচ জ্বলোৱা, গাড়ী জ্বলোৱা, অবৈধ ভোটদান ইত্যাদি বৃদ্ধি কৰিছে। যাৰ বাবে জনসাধাৰণৰ নিৰ্বাচনৰ ওপৰত আস্থা দিনে দিনে কমি গৈছে।

(v) নিৰ্বাচনী সংস্কাৰঃ গণতান্ত্রিক নির্বাচন ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থা অটুট ৰখাৰ উদ্দেশ্যে বহুকেইটা নির্বাচনী সংস্কাৰ বিভিন্ন সময়ত টাৰকুণ্ডে আয়োগ, 1974 (Tarcunde Committee, 1974) আৰু গোস্বামী আয়োগ, 1990 (Goswami Committee, 1990) নির্বাচনী সংস্কাৰ অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰি অনুমোদন আগবঢ়াই গৈছে। এই অনুমোদন সমূহৰ ভিতৰত কেইটিমান বলবৎ কৰা হৈছে। প্ৰকৃততে এইবোৰ সেই সময়ৰ নিৰ্বাচনী আয়ুক্ত টি. এন চেচানৰ সভাপতিত্বৰ অধীনত আছিল যাতে দেশত মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰিব পৰা যায়। যিকেইটা সংস্কাৰ বৰ্তমানলৈ কাৰ্যকৰী কৰা হৈছে সেইকেইটা হ’লঃ

(ক) ভোট দানৰ উৰ্দ্ধসীমা 21 ৰ পৰা 18 বছৰ বয়সলৈ হ্ৰাস।ই ভোটদাতাৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে যুৱ প্ৰজন্মক আস্থাত লোৱাতো সহায়ক হ’ব।

(খ) আন এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে জামি জমাৰ (Security Deposit) পৰিমাণ বৃদ্ধি কৰাটো। ইয়াৰ দ্বাৰা যিবোৰ প্ৰাৰ্থী অনাহকত নির্বাচন খেলিব আহে যাৰ কোনো ধৰণৰ উদ্দেশ্য নাথাকে তেনে প্রার্থীক প্রতিদ্বন্দ্বিতা কৰাত বাধা দিব পাৰিব।

(গ) ফটো পৰিচয় পত্ৰৰ সূচনা; যাৰ জৰিয়তে ফাঁকি বা মিছা ভাটদানক বাধা দিব পৰা যায় ৷

(ঘ) বৈদ্যুতিক ভোটদানৰ যন্ত্ৰ ব্যৱহাৰৰ লগে লগে ভোটদানৰ প্ৰক্ৰিয়াত দেখা দিয়া বিভিন্ন সমস্যা যেনে ৰিগিং, ফাঁকি ভোটদান, জব্দকৰণ আদি ৰোধ কৰিব পৰা যায়। ভবিষ্যতে এনে যন্ত্ৰৰ ব্যৱহাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যয় হ্রাস কৰি বিভিন্ন নির্বাচন সংক্রান্তীয় সমস্যাৰ সমাধান কৰিব ৷

(ঙ) যদি মুঠ ভোট গণনা কৰা আৰু মুঠ ভোটদান কৰা সংখ্যাৰ মাজত বৈষম্য থাকে তেন্তেনির্বাচন প্ৰাধিকাৰীয়ে বিষয়টো নিৰ্বাচন আয়ুক্তৰ ওচৰলৈ নিব। এনে প্ৰতিবেদনৰ আধাৰত নিৰ্বাচন আয়ুক্তই সেই নির্দিষ্ট ভোটদান কেন্দ্ৰত পুনৰ ভোট গণনা কৰাৰ নিৰ্দেশ দিব পাৰে, ভোটদান অবৈধ ঘোষণা কৰিব পাৰে বা বাতিল কৰিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top