ASOS Class 12 Political Science Chapter 16 স্থানীয় চৰকাৰঃ নগৰ আৰু গ্ৰাম্য

ASOS Class 12 Political Science Chapter 16 স্থানীয় চৰকাৰঃ নগৰ আৰু গ্ৰাম্য, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 16 স্থানীয় চৰকাৰঃ নগৰ আৰু গ্ৰাম্য and select needs one.

ASOS Class 12 Political Science Chapter 16 স্থানীয় চৰকাৰঃ নগৰ আৰু গ্ৰাম্য

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 16 স্থানীয় চৰকাৰঃ নগৰ আৰু গ্ৰাম্য Solutions for All Subject, You can practice these here.

স্থানীয় চৰকাৰঃ নগৰ আৰু গ্ৰাম্য

Chapter : 16

16.1.পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পূৰণ কৰাঃ

1. মেট্রপলিটান (ডাঙৰ) চহৰ যেনে দিল্লী আৰু মুম্বাইত নগৰীয়া স্থানীয় সংস্থা হিচাপে ______আছে। (পৌৰ নিগম, পৌৰ কমিটি, নগৰ পঞ্চায়ত 

উত্তৰঃ পৌৰ নিগম।

2. _____আসন স্থানীয় সংস্থাত মহিলাৰ বাবে সংৰক্ষিত থাকে।(1/2, 1/3, 1/4 অংশ)

উত্তৰঃ 1/3 অংশ।

3. ৰাজ্যিক নির্বাচন আয়োগে______নির্বাচন পৰিচালনা কৰে। (ৰাজ্যৰ ৰাজ্যপাল/ বিধান সভা / পৌৰ সংস্থা আৰু নিগম)

উত্তৰঃ পৌৰ নিগম আৰু কমিটিবোৰ।

4. নগৰীয়া স্থানীয় সংস্থাৰ কাৰ্যকাল হ’ল_____। (তিনি/ চাৰি/ পাঁচবছৰ)

উত্তৰঃ পাঁচ। 

5. পৌৰ নিগমৰ প্ৰশাসনীয় মুৰব্বীজনক______হিচাপে জনা যায়। (সভাপতি/ মেয়ৰ/ পৌৰ সচিব) 

উত্তৰঃ পৌৰ আয়ুক্ত।

6. নগৰীয়া স্থানীয় সংস্থাৰ বাধ্যতামূলক কার্য হ’ল_____। (অনাথালয় চোৱাচিতা কৰা/ নিম্ন আয়গোটৰ বাবে গৃহ নির্মাণ/ খোৱা পানীৰ যোগান) 

উত্তৰঃ খোৱাপানী যোগান।

7. নগৰীয়া স্থানীয় সংস্থাৰ আয়ৰ প্ৰধান উৎস হ’ল____। (সম্পত্তি কৰ/ অগ্নিৰ ওপৰত কৰ/ শিক্ষামূলক কৰকাটাল) 

উত্তৰঃ সম্পত্তি কৰ।

16.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পূৰণ কৰাঃ

1. পঞ্চায়তৰাজৰ ধাৰণাটো _____প্রণয়ন কৰিছিল। (মহাত্মা গান্ধী/ জৱাহৰলাল নেহৰু /চৰ্দাৰ পেটেল) 

উত্তৰঃ মহাত্মা গান্ধী।

2. তিনি খলপীয়া ব্যৱস্থা _____নেতৃত্বত কমিটিৰ দ্বাৰা প্ৰথম প্ৰণয়ন কৰা হৈছিল। (অশোক মেহতা /বল্‌ল্বন্ত ৰায় মেহতা /সুৰেশ মেহতা) 

উত্তৰঃ বল্‌ল্বন্ত ৰায় মেহতা।

3. পঞ্চায়তৰাজৰ মধ্য খলপীয়া ব্যৱস্থাটো হ’ল__। (জিলা পৰিষদ /পঞ্চায়ত সমিতি /গাঁওপঞ্চায়ত)

উত্তৰঃ পঞ্চায়ত সমিতি।

4. 73 তম সংশোধনীয়ে এটা স্থানীয় সংস্থাৰ বিত্তীয় দিশ নিয়ন্ত্ৰণৰ বাবে _____কথা উল্লেখ কৰিছে। (ৰাজ্যিক পৰিকল্পনা বোর্ড/ ৰাজ্যিক নির্বাচন আয়োগ/ ৰাজ্যিক বিত্তীয় আয়োগ)

উত্তৰঃ ৰাজ্যিক বিত্তীয় আয়োগ।

5. পঞ্চায়ত সমিতি এলেকাৰ উন্নয়নমূলক কাৰ্যবোৰ লগ লগাবৰ বাবে_____দায়িত্বশীল হয়। (জিলা দণ্ডাধীশ উপ-জিলা দণ্ডাধীশ /খণ্ড উন্নয়ন বিষয়া) 

উত্তৰঃ খণ্ড উন্নয়ন বিষয়া।

6. ক্ষুদ্র কাজিয়াবোৰ গাঁও অঞ্চলত সাধাৰণতে_____ সমাধান কৰা হয়। (গাওঁ পঞ্চায়ত/ ন্যায় পঞ্চায়ত/ পঞ্চায়ত সমিতি) 

উত্তৰঃ ন্যায় পঞ্চায়ত।

7. ____প্রত্যক্ষ গণতন্ত্ৰৰ চিহ্ন। (গাঁও সভা/ গাঁও পঞ্চায়ত/ জিলা পৰিষদ)

উত্তৰঃ গাঁও সভা।

8. পঞ্চায়ত সমিতিৰ সভাপতি হ’ল_____পদেন সদস্য। (ন্যায় পঞ্চায়ত/ গাঁও সভা/ জিলা পৰিষদ) 

উত্তৰঃ জিলা পৰিষদ।

16.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

বন্ধনীৰ ভিতৰত থকা (প্রত্যেক প্ৰশ্নৰ বিপৰীতে) সঠিক উত্তৰটো বাচি লোৱাঃ

1. কোনে গোৱৰ, জাবৰ-জোথৰ বিক্ৰীৰ পৰা আয় লাভ কৰে। (জিলা পৰিষদ /পঞ্চায়ত সমিতি /গ্রাম পঞ্চায়ত) 

উত্তৰঃ গাঁও পঞ্চায়ত।

2. পথকৰ (Toll Tax) কি? (ৰাজহুৱা সম্পত্তি বিক্ৰীৰ ওপৰত থকা কৰ/ দলং বা ৰাস্তা ব্যৱহাৰৰ বাবে লোৱা কৰ/ বিদ্যুতৰ বাবে কৰ)

উত্তৰঃ দলং বা ৰাস্তা ব্যৱহাৰৰ বাবে লোৱা কৰ।

3. আয়োগ প্রতিনিধিৰ ওপৰত কাৰ দ্বাৰা কৰ ধার্য কৰা হয়। (জিলা পৰিষদ /পঞ্চায়ত সমিতি/ ন্যায় পঞ্চায়ত) 

উত্তৰঃ জিলা পৰিষদ।

4. মহিলা, অনুসূচিত জাতি/ জনজাতি আৰু আন পিছপৰা জাতিৰ বাবে আসন সংৰক্ষণৰ লক্ষ্য কি? (অর্থনৈতিক উন্নয়ন/ গাঁওৰ সামাজিক গাঁঠনি সলনি কৰিবলৈ লোৱা/ সহযোগীত উন্নীত কৰা)

উত্তৰঃ গাঁওৰ সামাজিক গাঁঠনি সলনি কৰিবলৈ লোৱা।

5. পঞ্চায়তে কিহৰ বাবে আত্ম-শাসিত সংস্থা হিচাপে ভূমিকা পালন কৰিবলৈ সক্ষম হোৱা নাই? (সম্পদৰ নাটনি/ যুৱশক্তিৰ অংশগ্ৰহণত অভাৱ/ ৰাজনৈতিক শ্ৰেণীৰ হস্তক্ষেপ)

উত্তৰঃ সম্পদৰ নাটনি।

6. কোনটো সংস্থাই গণতান্ত্রিক নির্বাচিত প্রতিনিধিত্বৰ অংশ গ্রহণ নিশ্চিত কৰে? (ৰাজ্যিক বিধান মণ্ডল/ জিলা পৰিষদ/ গাঁও সভা) 

উত্তৰঃ গাঁও সভা।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. নগৰীয়া স্থানীয় চৰকাৰ কি? 

উত্তৰঃ নগৰ আৰু চহৰত স্থানীয় চৰকাৰী অনুষ্ঠান যেনে পৌৰসভাবোৰ আৰু পৌৰ নিগম থাকে। নগৰীয়া অঞ্চল সাধাৰণতে ঠাহখোৱা আৰু বেছিকৈ জনবসতিপূর্ণ অঞ্চল হয়। পৌৰ প্ৰশাসন বিভিন্ন সুবিধা যেনে পানী যোগান, নলা, জাবৰ নিষ্কাষণ, জনস্বাস্থ্য, প্রাথমিক শিক্ষা, নিৰ্মাণ আৰু ৰাস্তাঘাতৰ চোৱা চিটা কৰা, স্বাস্থ্যপ্ৰণালীৰ বাবে প্ৰয়োজনীয় হয়। স্থানীয় ক্ষেত্ৰত গণতান্ত্ৰিক চৰকাৰ, পৌৰ সংস্থাবোৰ স্থানীয় জনসাধাৰণৰ পৰা নিৰ্বাচিত হয়, কৰ বঢ়াব পাৰে, মাচুল সংগ্ৰহ কৰিব পাৰে আৰু জনসাধাৰণৰ পৰা জৰিমনাল’ব পাৰে। তেওঁলোকে চহৰীয়া জীৱনত কিছুমান নীতি প্রণয়ন কৰিব পাৰে। তেওঁলোকৰ দ্বাৰা বহু উন্নয়নমূলক কার্য যেনে মহিলা আৰু শিশু উন্নয়ন, বস্তি উন্নয়ন আদি কাম কৰা হয়। পৌৰ চৰকাৰৰ বাবে নগৰ উন্নয়ন অংশগ্রহণমূলক হৈছে আৰু মৌলিক সুবিধাবোৰ স্থানীয়ভাৱে চম্ভালিব পৰা গৈছে।

2. 74 তম সংবিধান সংশোধনীয়ে কি মূল সংস্কাৰৰ কথা উনুকিয়াছিল। 

উত্তৰঃ 74তম সংশোধনী অনুসৰি, পৌৰ গিমবোৰ আৰু পৌৰ সভাসমূহৰ সকলো ৰাজ্যতে সমভাৱে নিয়ন্ত্রিত। স্থানীয় আত্ম-সহায়ক চৰকাৰ এটা ৰাজ্যিক সূচীৰ বিষয়৷ এনেদৰে 73তম আৰু 74তম সংশোধনীয়ে স্থানীয় চৰকাৰৰ ক্ষেত্ৰত ৰাজ্যৰ বাবে আঁচনি প্ৰস্তুত কৰিছে। প্ৰত্যেক ৰাজ্যতে নিজা নিৰ্বাচনী আয়োগ থাকে যি সকলো স্থানীয় সংস্থাৰ নিৰ্বাচন পৰিচালনা কৰে। সাধাৰণতে প্রতি পাঁচ বছৰৰ মূৰে মূৰে ই নির্বাচন পৰিচালনা কৰা দেখা যায়। প্রত্যেক ৰাজ্যৰ স্থানীয় গোটবোৰৰ বিত্তীয় ক্ষেত্ৰত নিয়ন্ত্ৰিত কৰিবলৈ বিত্তীয় আয়োগ থাকে। অনুসূচীত জাতি আৰু জনজাতিৰ বাবে নিগম আৰু পৌৰসভাবোৰত আসন সংৰক্ষণৰ ব্যৱস্থা আছে। এক-তৃতীয়াংশ আসন সংৰক্ষণ মহিলাৰ বাবে সকলো ধৰণৰ স্থানীয় সংস্থা যেনে নগৰ আৰু গ্ৰাম্য সকলোতে থাকে।

3. নগৰীয়া স্থানীয় সংস্থাৰ আয়ৰ প্ৰধান কাৰ্য চিনাক্ত কৰা ৷ 

উত্তৰঃ এইটো সাধাৰণ যে এটা নিগম বা পৌৰ সংগঠনক দুটা ভাগত ভাগ কৰিব পাৰি (ক) বিবেচনাপূর্বক আৰু (খ) কাৰ্যনিৰ্বাহক অংশ। নিগম, পৰিষদ অথবা পৌৰ পৰিষদ নিৰ্বাচিত প্রতিনিধিৰে গঠিত হৈছে যিটোক বিবেচনাপূর্বক অংশ বুলি বিবেচনা কৰা হৈছে। ই বিধানমণ্ডলৰ দৰে কাৰ্য কৰে। ই সাধাৰণ পৌৰ নীতি আৰু ইয়াৰ দক্ষতাৰ ওপৰত আলোচনা আৰু বিতৰ্ক কৰে, নগৰীয়া স্থানীয় সংস্থাৰ বাজেট পাছ কৰে, কৰৰ লগত সম্পর্কিত বহল নীতিসমূহ তৈয়াৰ কৰে, ৰাজহ বঢ়ায়, সেৱাসমূহৰ মূল্য নিৰ্ধাৰণ কৰে আৰু লোক প্ৰশাসনৰ আন ধাৰণাসমূহৰো মূল্য নিৰ্ধাৰণ কৰে। ই পৌৰ প্ৰসাসনৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখে আৰু কাৰ্যপালিকা কিহৰ বাবে দায়িত্বশীল বা দায়িত্বশীল নহয় তাৰ ওপৰত চকু ৰাখে।

পৌৰ কাৰ্যসমূহক দুটা ভাগত ভাগ কৰিব পাৰি। (ক) বাধ্যতামূলক আৰু (খ) ইচ্ছাকৃত। বাধ্যতামূলক কাৰ্যসমূহ এনেধৰণৰ যিবিলাক পৌৰ সংস্থাসমূহে কৰা উচিত। এইক্ষেত্ৰত বিভিন্ন কার্য যেনে পানী যোগান, নির্মাণ কার্য, পথবিলাকৰ মেৰামতি, দলং, ৰাস্তা, উপৰাস্তা আদিৰ মেৰামতি কৰণ, জনকাৰ্য, ৰাস্তাত বিজুলী যোগান ব্যৱস্থা, নলা-নর্দমাৰ ব্যৱস্থা, জাবৰ সংগ্ৰহ কৰি পেলোৱাৰ ব্যৱস্থা কৰা, মহামাৰীক বাধা দিয়া আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা, আন বাধ্যতামূলক কাৰ্যসমূহ হ’ল প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰা, চিকিৎসালয়, বীমা চিকিৎসালয় তথা মাতৃমংগল আৰু শিশু কল্যাণ কেন্দ্ৰসমূহক চলাই নিয়া, খাদ্য বিষক্রিয়াত বাধা দিয়া, বস্তি নাইকিয়া কৰা, বিজুলী যোগান, শ্মশান আৰু পোতা ঠাইৰ ভেজালকৰণত ব্যৱস্থা কৰা, নগৰ পৰিকল্পনা কৰা।

4. নগৰীয়া স্থানীয় সংস্থাৰ আয়ৰ প্ৰধান উৎসসমূহ উল্লেখ কৰা।

উত্তৰঃ পৌৰ নিগম আৰু পৌৰ সভাবোৰে নিজৰ সম্পদসমূহ বিভিন্ন উৎস যিবোৰ পৌৰ আইনে যোগান ধৰে। সেইবোৰৰ পৰা ল’ব পাৰে। সেইবোৰ ৰাজহ উৎসৰ বিভিন্ন আয় যেনে (ক) কৰ (খ) জৰিমনা আৰু (গ) পৌৰ উদ্যোগ যেনে মাটি, পুখুৰী, বজাৰ দোকান আদিৰ পৰা অহা উপাৰ্জনৰ পৰা আহে। ইয়াৰোপৰি এইবোৰ সংস্থাই ৰাজ্যৰ পৰা মঞ্জুৰী পায়।

বেছিভাগ নগৰীয়া স্থানীয় সংস্থাৰ আয়ৰ দৰকাৰী উৎস হ’ল মাটিৰ ওপৰত থকা সমপ্তি কৰ আৰু অট্টালিকাৰ ওপৰত থকা সম্পত্তি কৰ। তেওঁলোকৰ ওপৰত আৰোপিত আন কৰ হ’ল বিজ্ঞাপনমূলক কৰ, বৃত্তিগত কৰ আদি। পৌৰ দোকানসমূহ আৰু বজাৰ, পৰিদৰ্শন বা জিৰণী ঘৰসমূহৰ পৰা পৌৰসংস্থাবোৰে এক নিৰ্দিষ্ট পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰে। ৰাজ্যসমূহে সাধাৰণতে পৌৰ সংস্থাবোৰলৈ তেওঁলোকৰ ৰাজহৰ উন্নতিৰ বাবে মঞ্জৰী দিয়ে। ৰাজ্যৰ মঞ্জৰী তদর্থ ভিত্তিত হয় অথবা ই কিছুমান নীতিৰ ভিত্তিত হয় যেনে জনসংখ্যাৰ আকাৰ, বস্তি আৱদ্ধকৰণ, নগৰৰ স্থান আদি।

কিছুমান কৰ নগৰীয়া সংস্থাবোৰে সংগ্ৰহ কৰে।

সম্পত্তি কৰঃ পানী যোগান ধৰাৰ বাবে পানীৰ কৰ, জাৱৰৰ ওপৰত কৰ, অগ্নি কৰ, জন্তু আৰু যানবাহনৰ ওপৰত কৰ, নাট্য কৰ, সম্পত্তি বদলিকৰণৰ দায়িত্ব, চহৰলৈ অনা কিছুমান বিষয়ৰ ওপৰত কৰ বা মাচুল, শিক্ষাৰ ওপৰত কৰ; বৃত্তিগত কৰ আদি।

আন কিছুমান আয়ৰ উৎস হ’ল জৰিমনা, Tehbazrion takhats and chatretras ওপৰত মাচুল, অনুজ্ঞাপত্ৰ মাচুল, যেনে— চাইকেল, ৰিক্সা আদি, পৌৰ দোকানৰ পৰা ভাড়া আৰু আইনৰ দ্বাৰা পৌৰ ভংগৰ ওপৰত আৰোপিত জৰিমনী সমূহ।

5. পঞ্চায়ত্ৰাজৰ তিনিটা গাঁঠনি আলোচনা কৰা। 

উত্তৰঃ এইটো পঞ্চায়ত ৰাজৰ তৃণমূল পৰ্যায়ৰ ভিত্তি। এখন গাঁও কেইবাখনো গাঁৱে (ক) প্ৰত্যক্ষ গণতন্ত্ৰৰ চিহ্ন হিচাপে গাঁও সভা, (খ) গ্রাম্য পঞ্চায়ত, (গ) ন্যায় পঞ্চায়তক অন্তৰ্ভুক্ত কৰে।

(ক) গ্রাম্য সভাঃ প্রত্যক্ষ গণতন্ত্ৰৰ সংস্থা হিচাপে গাঁও সভা হ’ল 73তম সংশোধনীৰ এক দৰকাৰী বৈশিষ্ট্য। এখন গাঁও বা কেইবাখনো গাঁওৰ ভিতৰত সকলো প্রাপ্ত বয়স্ক ব্যক্তিসকলক লৈ গ্রাম সভা গঠিত হয়। ই দেশৰ প্ৰত্যক্ষ গণতন্ত্ৰৰ একমাত্ৰ অনুষ্ঠান।

সাধাৰণতে, গ্ৰাম সভাৰ দুখন মিটিং প্ৰতিবছৰে অনুষ্ঠিত হয়। এই মিটিংবোৰত, জনসাধাৰণৰ সাধাৰণ সভা হিচাপে গ্ৰাম সবাই জনসাধাৰণৰ সাধাৰণ সভাই হিচাবৰ বছৰেকীয়া খটিয়ান শুনে, হিচাব পৰীক্ষা কৰে অথবা পঞ্চায়তৰ প্ৰশাসনীয় প্রতিবেদন শুনে। পঞ্চায়তৰ দ্বাৰা হাতত লোৱা নতুন উন্নয়ন প্রকল্পক ই অনুমোদন জনায় ৷ই গাঁওৰ দুখীয়া জনসাধাৰণক চিনাক্ত কৰাত সহায় কৰে যাতে তেওঁলোকক অর্থনৈতিক সহায় দিব পাৰে৷

(খ) গাঁও পঞ্চায়তঃ দেশৰ পঞ্চায়ত ৰাজৰ নিম্ন খলপত গাঁও পঞ্চায়ত থাকে। বেছিভাগ ৰাজ্যত গাঁও পঞ্চায়ত বুলি ইয়াক জনা যায়। গ্রাম পঞ্চায়তৰ সদস্য সকলক জনসাধাৰণে প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰে৷ গ্রাম পঞ্চায়তৰ সদস্য গাঁওৰ জনসাধাৰণৰ ওপৰত ভিত্তি কৰি স্থিৰ কৰা হৈছে। তথাপি ই পঞ্চায়তৰ পৰা পঞ্চায়েতলৈ পৃথক হৈ থাকে। নির্বাচন একক সদস্য ভূ-খণ্ডৰ ভিত্তিত অনুষ্ঠিত হয়। ইতিমধ্যে উল্লেখ কৰা ধৰণে একৃ-তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষিত হৈ থাকে। কিছুসংখ্যক অনুসূচীত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষিত হৈ তাকে যিটো এক-তৃতীয়াংশ আসন অনুসূচীত জাতি, জনজাতিৰ বাবে সংৰক্ষিত হয়।

(গ) ন্যায় পঞ্চায়তঃ এইবিলাক হ’ল ন্যায়ক পঞ্চায়ত আৰু পুৰণি গাঁও পঞ্চায়তৰ অৱশিষ্টসকলে স্থানীয় কন্দল আদি সমাধান কৰে। এইবোৰক ন্যায়ক ক্ষেত্ৰত খৰতকীয়া আৰু কম খৰচী ন্যায় দিবৰ বাবে স্থাপন কৰা হয়। এই পঞ্চায়তৰ ক্ষেত্ৰ ৰাজ্য ভেদে বেলেগ বেলেগ হয়— এখন এনে ধৰণৰ পঞ্চায়ত পাঁচ বা ততোধিক গ্রাম পঞ্চায়তৰ বাবে স্থাপন কৰা হয়। সিহঁতৰ কাৰ্যকাল ৰাজ্যিক আইনে নিৰ্ধাৰণ কৰাৰ দৰে 3 ৰ পৰা 5 বছৰৰ ভিতৰত হয়। ন্যায় পঞ্চায়ত প্রধানত সৰু দেৱানী আৰু ফৌজাদাৰী গোচৰৰ সৈতে সম্পর্কিত আৰু 100 টকালৈ জৰিমনা ভৰিব পাৰে। ন্যায় পঞ্চায়তত বিচাৰ কৰিবৰ বাবে কোনো উকিল নাথাকে। সংঘৰ্ষৰ গোটবোৰে নিজৰ গোচৰবোৰ নিজে যুক্তি দৰ্শায়।

6. ভাৰতীয় সংবিধানৰ 73তম সংশোধনীৰ মূল বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ 1992 চনত প্ৰণয়ন কৰা 73 তম সংশোধনীয়ে পঞ্চায়তৰাজ অনুষ্ঠান স্থাপন, ক্ষাতা আৰু কাৰ্যৰ বাবে কিছুমান বিধিগত সুবিধা ৰাখিছিল। এই সংশোধনীৰ কিছুমান সুবিধা ৰাজ্যবোৰক বান্ধি ৰাখিছিল, আন কিছুমান ৰাজ্যিক বিধানমণ্ডলৰ সিদ্ধান্তৰ বাবে দিয়া হৈছিল। এই সংশোধনীৰ কিছুমান প্রধান বৈশিষ্ট্য হ’লঃ 

কিছুমান (নতুন আইনৰ) বাধ্যতামূলক প্ৰয়োজনীয় হ’ল-

১। গাঁও সভা সংগঠন।

২। জিলা, খণ্ড আৰু গাঁও স্তৰত পঞ্চায়তৰাজ গাঁথনিৰ তিনিখলপীয়া সৃষ্টি।

৩। প্ৰায় সকলোবোৰ পদবী (সকলো সতৰত থকা) প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা পূৰণ।

৪। পঞ্চায়তত থকা অনুসূচীত জাতি/অনুসূচীত জনজাতিৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা থকা উচিত। এই ব্যৱস্থা জনসংখ্যা অনুপাতে থকা উচিত আৰু মহিলাৰ বাবে এক-তৃতীয়াংশ আসন থকা উচিত।

৫। ৰাজ্যিক নির্বাচনী আয়োগ প্রত্যেক ৰাজ্যতে পঞ্চায়ত ৰাজ সংস্থাৰ নিৰ্বাচন পৰিচালনাৰ বাবে থাকিব লাগে ৷

৬। পঞ্চায়ত ৰাজ সংস্থাৰ কাৰ্যকাল হ’ল পাঁচবছৰ। যদি ই আগতে ভংগ হয়,পুনৰ নিৰ্বাচন ছয়মাহৰ ভিতৰত অনুষ্ঠিত কৰা হ’ব। 

৭। প্রতি পাঁচ বছৰৰ মূৰে মূৰে এাট ৰাজ্যিক বিত্তীয় আয়োগে স্থাপন কৰা হ’ব।

৮। মাধ্যমিক অথবা খণ্ড পৰ্যায়ত পঞ্চায়ত সমিটি। 

কিছুমান ব্যৱস্থা যিবোৰ ৰাজ্যক বান্ধি ৰাখিব নোৱাৰে, কিন্তু মাত্ৰ কিছুমান নিৰ্দেশাৱলীহে। সেইবোৰ হ’ল—

১। এই সংস্থাবোৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক বিধান মণ্ডলৰ সদস্যবোৰক ভোট দিয়াৰ অধিকাৰ দিব লাগে।

২। পিছপৰা শ্ৰেণীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা। 

৩। পঞ্চায়তৰাজ সংস্থাবোৰক কৰ, জৰিমনা জাৰি কৰা আদি কামত বিত্তীয় ক্ষমতা দিয়া উচিত। পঞ্চায়ত স্বায়ত্ব শাসিত সংস্থা বনাবলৈ চেষ্টা কৰা উচিত।

7. বন্ধন ৰায় মেহতা কমিটিৰ পৰামৰ্শৱলী আলোচনা কৰা। 

উত্তৰঃ বলৱন্তৰায় মেহতা কমিটি (1957 চন) পঞ্চায়তৰাজৰ তিনিখলপীয়া গাঁথনিত গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ পৰামৰ্শ দিছিল। ইয়াৰ অৰ্থ হ’ল এই যে পঞ্চায়ত ব্যৱস্থাত তিনিটা স্তৰ থাকিব৷ সিহঁতক যথেষ্ট সম্পদেৰে দিয়া উচিত ৷ এই তিনিখলপীয়া পঞ্চায়তৰাজ হ’ল—

১। জিলা পর্যায়ত জিলা পৰিষদ।

২। মাধ্যমিক অথবা খণ্ড পৰ্যায়ত পঞ্চায়ত সমিটি। 

৩। গাঁও স্তৰত গাঁও বা গ্রাম্য পঞ্চায়ত। এই আঁচনিত পঞ্চায়ত সমিটি হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ। এই তিনিধৰণৰ সংস্থাবোৰ ইটো সিটোৰ লগত সম্পর্কিত যেনেদৰে নিম্ন সংস্থাই উচ্চ সংস্থাক সভাপতিৰ মাধ্যমেৰে প্ৰতিনিধিত্ব কৰে। বলবন্ত মেহতা কমিটিৰ (পঞ্চায়ত ৰাজৰ) আঁচনি 1959 চনত পোনপ্ৰথমে ৰাজস্থানত আৰম্ভ কৰা হৈছিল ৷ পিছত, আন ৰাজ্যবোৰে ইয়াক মানি লৈছিল। আৰম্ভণিতে, মানুহ আৰু ৰাজ্য দুয়ো পঞ্চায়তৰাজ সম্পর্কে আগ্রহী আছিল। তথাপি পঞ্চায়তৰাজ সংস্থাবোৰৰ গুৰুত্বতা অতি সোনকালে চৰকাৰৰ ভিন্নতা আৰু ৰাজনৈতিক ভিন্নতাৰ বাবে কমি আহিছিল ৷

৪. গণতন্ত্ৰৰ তৃণমূল পর্যায়ৰ অনুষ্ঠান হিচাপে পঞ্চায়তৰ কাৰ্যৰ মূল্যায়ণ কৰা।

উত্তৰঃ তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰৰ ধাৰণআ দেশৰ গাঁও আৰু চহৰ দুয়ো ক্ষেত্ৰতে ভালদৰে উদ্‌গতি কৰা নাই। এই অকৃতকার্যতাৰ প্ৰধান কাৰণ হ’ল প্ৰশাসনৰ ৰাজনৈতিককৰণ, নিৰ্বাচিত সংস্থাত দাগী বৈশিষ্টৰ অন্তৰ্ভুক্তি, উগ্ৰ দুৰ্নীতি, জাতি আৰু গোট বিভাজন, আত্ম-সহায়ক প্রাধান্য (বিশেষকৈ জনকল্যাণৰ ক্ষেত্ৰত) আৰু নিৰ্বাচনী কু-কৰ্ম। 73 তম সংশোধনীয়ে গাঁওত থকা ক্ষমতাৰ সম্পৰ্কক অনুসূচীত জাতি, জনজাতি, পিছপৰা শ্ৰেণী আৰু মহিলাৰ বাবে আসন সংৰক্ষণৰ মাধ্যমেদি সলনি কৰিব বিচাৰিছে। তথাপি, সঠিক শিক্ষা, প্রশিক্ষণ, অর্থনৈতিক স্বাধীনতাৰ অনুপস্থিতিৰ বাবে এই শ্রেণীবোৰে নিজকে নিশ্চিত কৰাৰ ক্ষেত্ৰত বিফল হৈছে। নিৰক্ষৰতা, দৰিদ্ৰতা আৰু নিবনুৱা অৱস্থা হ’ল প্ৰধান অন্তৰায়। অংশগ্ৰহণপূৰ্ণ উন্নয়নৰ বাবে এই সমস্যৰাসমূহৰ সৈতে সক্রিয়ভাৱে সম্পৰ্ক ৰাখি জৰুৰী পদক্ষেপ লোৱা প্ৰয়োজনীয় যদিও মহিলাৰ বাবে আসন সংৰক্ষণৰ সুবিধা আছে। ইয়াক পুৰুষ সহযোগীসকলে বিশেষকৈ তেওঁলোকৰ স্বামীসকলে কাচাজি কৰা দেখা যায়। তেওঁলোক তেওঁলোকৰ অধিকাৰ আৰু দায়িত্ব লৈ বেছিকৈ সচেতন হৈ পৰা দেখা গৈছে আৰু কিছুমান গোচৰত আত্মপ্ৰতিষ্ঠা কৰিবলৈ চেটা কৰিছে ৷ এইটো এটা সকাৰত্মক উন্নতি বুলি ক’ব পাৰি ৷

সংবিধান সংশোধনৰ শেহতীয়া সংযোজনে স্থানীয় স্বায়ত্তশাসিত সংস্থাৰ বিত্তীয় সম্পদ বঢ়াইছে। তথাপি তেওঁলোকে এতিয়াও পুঁজিৰ বাবে হাবাথুৰি খাব লগা হয়। যদিও কৰ আৰোপ ক্ষমতা তেওঁলোকক দিয়া হৈছে, তেওঁলোকে যথেষ্ট কৰ সংগ্ৰহ কৰিব নোৱাৰে। সম্পদৰ টনাটনিৰ বাবে পঞ্চায়তে আত্মশাসিত সংস্থা হিচাপে ভূমিকা পালন কৰিব নোৱাৰে অথবা দেশত অর্থনৈতিক উন্নয়ন অনাৰ ক্ষেত্ৰত সফল হোনা নাই। ৰাজ্য চৰকাৰৰ দ্বাৰা হোৱা বিভিন্ন নিয়ন্ত্ৰণত পঞ্চায়ত বিষণ্ণ হৈ আছে। ৰাজ্য চৰকাৰক তেওঁলোকক নিৰ্ধাৰণ কৰা বিষয় ৰদ কৰাৰ ক্ষেত্ৰত ক্ষমতা দিয়া হৈছে আৰু ই সিহঁতক আনকি ভংগও কৰিব পাৰে। তথাপি 73 সংবিধান সংশোধনীয়ে ৰাজ্যবোৰৰ বাবে পঞ্চায়তৰাজ সংস্থাবোৰ ভংগ হোৱাৰ নিৰ্ধাৰিত ছয় মাহৰ ভিতৰত ইয়াৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো বাধ্যতামূলক কৰিছে।

গাঁওৰ সামাজিক-অর্থনৈতিক আৰু সাংস্কৃতিক উন্নয়ন শক্তিশালী পঞ্চায়তৰ ওপৰত নিৰ্ভৰশীল। তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰ হিচাপে পঞ্চায়তৰ ক্ষমতা ইয়াৰ ওপৰত থকা বিশ্বাস, ইয়াৰ ওপৰত আৰোপিত সঠিক প্ৰশাসনীয় আৰু বিত্তীয় ক্ষমতা আৰু সতৰ্কৰ্তাৰ ক্ষেত্ৰত উৎসাহ প্রদান আৰু জনসাধাৰণৰ সক্ৰিয় সহযোগিতাৰ মাধ্যমেদি বঢ়াব পাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top