ASOS Class 12 Political Science Chapter 13 ৰাজ্যিক কাৰ্যপালিকা

ASOS Class 12 Political Science Chapter 13 ৰাজ্যিক কাৰ্যপালিকা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 13 ৰাজ্যিক কাৰ্যপালিকা and select needs one.

ASOS Class 12 Political Science Chapter 13 ৰাজ্যিক কাৰ্যপালিকা

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 13 ৰাজ্যিক কাৰ্যপালিকা Solutions for All Subject, You can practice these here.

ৰাজ্যিক কাৰ্যপালিকা

Chapter : 13

13.1.পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

তলত দিয়াবোৰৰ শুদ্ধ উত্তৰবোৰ বাছি উলিওৱাঃ 

1. ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে?

(a) ৰাষ্ট্ৰপতি। 

(b) উপ ৰাষ্ট্ৰপতি। 

(c) প্রধানমন্ত্রী। 

(d) ভাৰতৰ মুখ্য ন্যয়াধীশ।

উত্তৰঃ ৰাষ্ট্ৰপতি।

2. ৰাজ্যপাল_____বছৰৰ বাবে নিয়োগ কৰা হয়ঃ

(a) 4 বছৰ। 

(b) 5 বছৰ।

(c) 6 বছৰ। 

(d) 7 বছৰ।

উত্তৰঃ 5 বছৰ।

3. মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্রীপৰিষদ সামূহিকভাৱে_____ ওচৰত দায়বদ্ধ।

(a) বিধান সভা। 

(b) বিধান পৰিষদ।

(c) ৰাজ্যৰ ৰাজ্যপাল। 

(d) ভাৰতৰ ৰাষ্ট্ৰপতি।

উত্তৰঃ বিধান মণ্ডল।

4. ৰাজ্যপালে______পৰামৰ্শ অনুসৰি ৰাজ্যিক বিধান সভা ভংগ কৰি দিব পাৰে।

(a) ৰাষ্ট্ৰৰ গৃহমন্ত্ৰী।

(b) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ।

(c) মুখ্যমন্ত্ৰীৰ নেতৃত্বত থকা মন্ত্রীপৰিষদ।

(d) ৰাজ্যৰ মহাধিবক্তা।

উত্তৰঃ মুখ্যমন্ত্ৰীৰ নেতৃত্বত থকা মন্ত্রীপৰিষদ।

13.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. প্রশ্নবোৰৰ উত্তৰ দিয়াঃ

(a) মুখ্যমন্ত্ৰীক কেনেদৰে নিয়োগ কৰা হয়?

উত্তৰঃ ৰাজ্যপালৰ জৰিয়তে সংখ্যাগৰিষ্ঠ দলৰ নেতাক নিয়োগ কৰে বা বিধানমণ্ডলত দলসমূহৰ সহযোগিতা।

(b) ৰাজ্যত মন্ত্ৰীসকলক কোনে নিয়োগ কৰে?

উত্তৰঃ মুখ্যমন্ত্ৰী।

2। শুদ্ধ উত্তৰ বাছিউলিওৱা। (বন্ধনীৰ ভিতৰত থকা শব্দৰ পৰা)

(a) ৰাজ্যপালে______ৰ পৰামৰ্শমতে মন্ত্ৰীসকলক নিয়োগ কৰে। (প্রধানমন্ত্রী, মুখ্যমন্ত্ৰী, উপৰাষ্ট্ৰপতি)

উত্তৰঃ মুখ্যমন্ত্ৰী।

(b) ৰাজ্যিক মন্ত্ৰীসভাৰ সভাসমূহত সভাপতিত্ব কৰে_____য়ে। (ৰাজ্যপাল, অধ্যক্ষ, মুখ্যমন্ত্রী)  

উত্তৰঃ মুখ্যমন্ত্ৰী।

(c) মন্ত্ৰী পৰিষদ____ৰ ওচৰত দায়িত্বশীল। (গৱৰ্ণৰ, মুখ্যমন্ত্ৰী,বিধানমণ্ডল)

উত্তৰঃ বিধানমণ্ডল।

(d) মুখ্যমন্ত্ৰী হৈছে___

(i) ৰাজ্যৰ নামমাত্র প্রধান। 

(ii) ৰাজ্যৰ প্ৰধান মুৰব্বী।

(iii) চৰকাৰৰ নামমাত্ৰ গৰাকী। 

(iv) চৰকাৰৰ প্ৰধান মুৰব্বী।

উত্তৰঃ চৰকাৰৰ প্ৰধান মুৰব্বী।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. ৰাজ্যপালক কেনেদৰে নিয়োগ কৰা হয়? 

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি দিয়ে। ৰাজ্যপাল সংশ্লিষ্ট ৰাজ্যৰ পৰা পুনৰ নিযুক্তিৰ ক্ষেত্ৰত কোনো বাধা নাই। এইটোৱে প্ৰমাণ কৰে যে ৰাজ্যপালক নিৰ্বাচিত কৰা নহয়, নিযুক্তি কৰা হয়। ৰাজ্যপাল হ’ব বাবে তেওঁৰ তলত দিয়া অৰ্হতাসমূহ থাকিব লাগে

(ক) তেওঁ/তেখেত এজন ভাৰতীয় নাগৰিক হ’ব লাগে ৷ 

(খ) তেওঁ/ তেখেত অতি কমেও 35 বছৰ হ’ব লাগিব ৷

(গ) কার্যকালৰ ভিতৰত তেওঁ কোনো লাভজনক পদত জড়িত থাকিব নালাগিব৷

যি নহওক, যদি কেনো এজন ব্যক্তি সংসদৰ যিকোনো সদন বা ৰাজ্যিক বিধানমণ্ডলৰ সদস্য হয় বা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ বা ৰাজ্যিক মন্ত্ৰী পৰিষদৰ সদস্য হয় আৰু ৰাজ্যপাল হিচাপে নিযুক্তি হয়, তেওঁৰ বিধানমণ্ডল বা মন্ত্রীপৰিষদৰ সদস্যপদ নোহোৱা হয়। ৰাজ্যপালক পাঁচ বছৰৰ কাৰণে নিয়োগ কৰা হয় কিন্তু সাধাৰণতে ৰাজ্যপালৰ সন্তুষ্টিৰ ওপৰতহে তেওঁৰ কাৰ্যকালৰ নিৰ্ভৰ কৰে৷৷ তেওঁ/তেখেত কার্যকাল শেষ হোৱাৰ আগতে পদত্যাগ কৰিব পাৰে বা পদৰ পৰা অপসাৰণ কৰিব পাৰি। প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিয়োগ বা অপসাৰণ কৰে। তেওঁ ৰাজভৱন নামৰ বিনামূলীয়া আৱাসৰ সুবিধা প্ৰদান কৰা হয়। আইন অনুসৰি তেওঁক সকলো সা-সুবিধা প্ৰদান কৰা হয়।। তেনেদৰে, ৰাজ্যপালৰ কাৰ্যকালৰসময়ত সা-সুবিধাসমূহ কমাব নোৱাৰি।

2. ৰাজ্যপালে কি ক্ষমতা প্রয়োগ কৰে?

উত্তৰঃ ৰাজ্যৰ ৰাজ্যপালক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে ৫ বছৰ কালৰ বাবে? নিযুক্তি দিয়ে ৰাজ্যপালজন ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ যোগসূত্র হিচাপে কাম কৰে।

ৰাজ্যিক কাৰ্যবাহী ক্ষমতাসমূহ ৰাজ্যপালৰ ওপৰত ন্যস্ত কৰা হৈছে। কিন্তু। সাধাৰণ পৰিস্থিতিত ৰাজ্যপালজনে তেওঁৰ ক্ষমতাসমূহ ব্যৱহাৰ /প্ৰয়োগ নকৰে। ৰাজ্যপালে এই ক্ষমতাসমূহ মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক পৰিষদৰ উপদেশ অনুসৰি ব্যৱহাৰ কৰে ৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাজ্যিক মন্ত্ৰী পৰিষদৰ সদস্যসকলক নিয়োগ কৰে। সাধাৰণ পৰিস্থিতিত বিধানসভাৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লআভ কৰা ৰাজনৈতিক দল বা মিত্ৰজোটৰ নেতৃত্ব বহন কৰা সদস্যজনক মুখ্যমন্ত্ৰীৰূপে নিযুক্তি দিয়া হয়। কিন্তু বর্তমান সময়ত আমি দেখিবলৈ পাওঁ যে বহুতো ৰাজ্যত কোনো এটা নিদিষ্ট ৰাজনৈতিক দল বা মিত্রজোটে সংখ্যাগৰিষ্টতা লাভ কৰিব নোৱাৰে। তেনেকুৱা পৰিস্থিতিত ৰাজ্যপালজনে নিজৰ ক্ষমতা প্ৰয়োগ কৰি মুখ্যমন্ত্ৰী নিযুক্তিৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে ৷ বৰ্তমান সময়ত ৰাজ্যপালজনে এনেকুৱা পৰিস্থিতিত ৰাজনৈতিক স্বার্থসিদ্ধিৰ বাবে এই ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ শুনা দেখা যায়।

ৰাজ্যপালে ৰাজ্যখনৰ মহাধিবক্তা (এডভোকেট জেনেৰেল), ৰাজ্যিক। লোকসেৱা আয়োগৰ সদস্যসমূহ, ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ উপাচার্য ইত্যাদিক নিযুক্তি দিয়ে ৷ ৰাজ্যপালজনে ৰাজ্যিক বিশ্ববিদ্যালয়, যেনে – কৃষ্ণকান্ত সন্দিকৈ | ৰাজ্যিকমুক্ত বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আদিৰ || আচার্য হিচাপে কাৰ্য;নিবাহ কৰে। বিধানমণ্ডলত গৃহীত হোৱা যিকোনো বিধেয়ক বিল ৰাজ্যপালৰ সন্মতি অবিহনে আইনত পৰিণত নহয়।

ৰাজ্যপালৰ নিজাববীয়াকৈ কিছুমান স্ববিচাৰাধিকাৰ আছে। ৰাজ্যপালে সময়ে সময়ে ৰাষ্ট্ৰপতিক ৰাজ্যখনৰ প্ৰশাসনৰ বিষয়ে প্রতিবেদন দাখিল কৰে। সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ জৰুৰীকালীন অৱস্থাৰ ঘোষণা ৰাজ্যপালৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি দাখিল কৰে । সাধাৰণতে । তেনে প্রতিবেদন নিম্ন উল্লিখিত পৰিস্থিতিসমূহত দাখিল কৰা হয়—

(ক) কোনো বিধায়কে দল ত্যাগ কৰাৰ বাবে বা আন কোনো কাৰণত যদি ৰাজ্য চৰকাৰে বিধান সভাৰ সংখ্যাগৰিষ্ঠতা হেৰুৱায় আৰু আন কোনো দলে সংখ্যাগৰিষ্টতা দাবী নকৰে, তেনে পৰিস্থিতিত ৰাজ্যপালে ৰাজ্যত জৰুৰীকালীন অৱস্থা ঘোষণাৰ বাবে পৰামৰ্শ দিব পাৰে।

(খ) যেতিয়া ৰাজ্য চৰকাৰখনে সংবিধান অনুসৰি ৰাজ্যখনত আইন শৃংখ বজাই ৰখাত ব্যর্থ হয় তেতিয়াও ৰাষ্ট্ৰপতিয়ে ৰাজ্যত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে। জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে মুখ্যমন্ত্রীৰ নেতৃত্বাধীন চৰকাৰখন বৰ্খাস্ত হয় আৰু ৰাষ্ট্ৰপতিৰ হৈ ৰাজ্যপালজনে সেই ৰাজ্যখনৰ শাসন ব্যৱস্থা পৰিচালনা কৰে ।

ৰাজ্যপালৰ মুখ্যমন্ত্ৰীৰ নিযুক্তিৰ ক্ষেত্ৰত স্ববিচাৰাধিকাৰ আছে যদিহে কোনো ৰাজনৈতিক দলে গৰিষ্ঠসংখ্যক আসন নাপায়। তেওঁ এই ক্ষেত্ৰত যিকোনো এজন বিধায়কক মুখ্যমন্ত্ৰীৰ পদৰ বাবে বিবেচনা কৰিব পাৰে। ৰাজ্যপালে বিধানমণ্ডলীৰ গৃহীত হোৱা কোনো কোনো বিল ৰাষ্ট্ৰপতিলৈ বিবেচনাৰ বাবে পঠিয়াব পাৰে। এইক্ষেত্ৰত তেওঁৰ স্ববিচাৰাধিকাৰ আছে।

3. ৰাজ্যপালৰ স্বেচ্ছাধীন ক্ষমতা আছেনে? তেওৰ স্বেচ্ছাধীন ক্ষমতাসমূহ উল্লেখ কৰা।

উত্তৰঃ ৰাজ্যপালে কাৰ্যপালিকা, বিত্তীয় আৰু ন্যায়িক ক্ষমতাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ নেতৃত্বত গঠিত মন্ত্রীপৰিষদৰ পৰামৰ্শ অনুসৰি কাৰ্যপালন কৰে। ৰাজ্যৰ মূৰব্বী হিচাপে তেওঁ এই ক্ষমতাসমূহ উপভোগ কৰে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপেও ৰাজ্যপালে মন্ত্রীপৰিষদৰ প্ৰয়োগ কৰে। এই ক্ষমতাসমূহক স্বেচ্ছাধনি ক্ষমতা বোলে। এনেক্ষেত্ৰত ৰাজ্যপালে মন্ত্রীপৰিষদৰ পৰামৰ্শ অনুসৰি কাম নকৰে। অৰ্থাৎ ৰাজ্যপাল এই ক্ষমতা প্রয়োগত নিজা ইচ্ছা প্রয়োগ কৰে। এনে ক্ষমতাসমূহ হ’ল—

(ক) ৰাজ্যত যেতিয়া সাংবিধানিক নীতি অনুসৰি শাসন কার্য পৰিচালনাত ব্যাহত হয়, এএন পৰিস্থিতিত ৰাজ্যপালে ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰিবলৈ ৰাষ্ট্ৰপতিক অনুৰোধ কৰিব পাৰে। ৰাজ্যপালে এই ক্ষমতা নিজাকৈ কৰিব পাৰে। এই ক্ষমতাকে স্বেচ্ছাধীন ক্ষমতা বোলে৷ ৰাজ্যপালৰ অনুৰোধৰ বিৱৰণী অনুসৰি সংবিধানৰ 356 অনুচ্ছেদ অনুসৰি জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে আৰু ৰাজ্যিক মন্ত্ৰীসভা ভংগ কৰি দিয়া হয়। জৰুৰী অৱস্থাৰ সময়ত ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ হৈ ৰাজ্যৰ শাসন কার্য পৰিচালনা কৰে।

(খ) এখন বিল ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ কাৰণে ৰাজ্যপালে সংৰক্ষণ কৰিব পাৰে ৷ এইক্ষেত্ৰত ৰাজ্যপালে নিজে সিদ্ধান্ত ল’ব পাৰে।

4. ৰাষ্ট্ৰপতিৰ পদমর্যদা আৰু ভূমিকা কি?

উত্তৰঃ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি চৰকাৰৰ সাংবিধানিক ব্যৱস্থাৰ মুৰব্বী অথবা নামমাত্ৰ কাৰ্যপালিকা চৰকাৰৰ প্ৰকৃত মুৰব্বী হ’ল প্রধানমন্ত্রী। দেশৰ চৰকাৰ ৰাষ্ট্ৰপতিৰ নামত পৰিচালিত হয়। কিন্তু তেওঁ প্ৰধানমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্রীপৰিষদৰ পৰামৰ্শ অনুসাৰেহে শাসন কাৰ্য পৰিচালনা কৰে৷

ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক পাঁচ বছৰীয়া এটি কার্যকালৰ বাবে পৰোক্ষভাৱে নির্বাচন কৰা হয়। সাধাৰণ নাগৰিকে ৰাষ্ট্রপতি নির্বাচনত অংশ গ্ৰহণ নকৰে। তেওঁ আচলতে নিৰ্বাচিত বিধায়ক আৰু সংসদৰ দ্বাৰা নিৰ্বাচিত হয়। সংসদৰ মনোনীত সদস্যসকলে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অংশ গ্ৰহণ নকৰে। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এক বিশেষ পদ্ধতি আছে। ইয়াক সমানুপাতিক প্রতিনিধিত্বমূলক আৰু একক হস্তান্তৰযোগ্য ভোটৰ পদ্ধতি বুলি জনা যায়।

১। ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলীঃ উল্লেখ্য যে সংসদীয় পদ্ধতিৰ চৰকাৰত ৰাষ্ট্ৰপতি চৰকাৰৰ নামমাত্ৰ মুৰব্বীহে। সংসদীয় পদ্ধতিৰ শাসনত ব্যৱস্থা কৰা ভাৰতীয় সংবিধান অনুসাৰে ৰাষ্ট্ৰপতিৰ ক্ষমতাও সীমিত। এই সম্পর্কত আগত উল্লেখ কৰা কথা কেইটা গুৰুত্বপূৰ্ণঃ

(ক) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি চৰকাৰৰ সাংবিধানিক আৰু নামমাত্ৰ মুৰব্বী। 

(খ) ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্ৰী পৰিষদৰ পৰামৰ্শ অনুসাৰে কার্য সম্পাদন কৰে।

(গ) ৰাষ্ট্ৰপতিয়ে তেওঁক দিয়া পৰামৰ্শৰ দুবাৰ বিবেচনাৰ বাবে মন্ত্ৰী পৰিষদক আহ্বান জনাব পাৰে। কিন্তু মন্ত্ৰী পৰিষদে পূৰ্বৰ সিদ্ধান্ত বাহাল ৰাখি ৰাষ্ট্ৰপতিলৈ সেইটো ঘূৰাই পঠালে ৰাষ্ট্ৰপতিয়ে মন্ত্ৰী পৰিষদৰ সিদ্ধান্ত মানি ল’বলৈ বাধ্য।

সংবিধানে ৰাষ্ট্ৰপতিৰ হাতত বিধায়িনী, কাৰ্যকৰী, ন্যায়িক তথা জৰুৰীকালীন ক্ষমতা অৰ্পণ কৰিছে। ৰাষ্ট্ৰপতিয়ে অৱশ্যে এই সকলোবোৰ ক্ষমতা প্ৰধানমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্ৰী পৰিষদৰ সদস্য, সদস্যাসকল, ৰাজ্যসমূহৰ ৰাজ্যপালসকল, বিভিন্ন দেশত নিযুক্ত ৰাষ্ট্ৰদূত আৰু উচ্চাযুক্তসকল, সৈন্য বাহিনীৰ মুৰব্বীসকল, উচ্চতম ন্যায়ালয়ৰ মূল ন্যায়াধীশ, ন্যায়াধীশসকল ইত্যাদি। সংসদে গৃহীত কৰা যিকোনো বিল আইনত পৰিণত কৰাৰ বাবে ৰাষ্ট্ৰপতিৰ অনুমোদন অপৰিহাৰ্য। সংসদত উত্থাপন কৰাবিত্তীয় বিলসমূহৰ বাবে ৰাষ্ট্ৰপতিৰ আগতীয়া অনুমতি পাব লাগে।

২। ৰাষ্ট্ৰপতিৰ স্বেচ্চামূলক ক্ষমতাঃ সাধাৰণভাৱে চালে দেখা যায় যে ৰাষ্ট্ৰপতিয়ে কোনো প্রকৃত ক্ষমতা প্রয়োগ কৰিব নোৱাৰে। কিন্তু কিছুমান এনে। ক্ষেত্ৰ আৰু মুহূৰ্ত আছে য’ত ৰাষ্ট্ৰপতিয়ে প্ৰকৃত ক্ষমতা প্রয়োগ কৰিব পাৰে।

মন্ত্ৰীপৰিষদে আলোচনা কৰা বা বিবেচনা কৰা সকলোবোৰ বিষয় ৰাষ্ট্ৰপতিয়ে জনাৰ অধিকৰা আছে। ৰাষ্ট্ৰপতিয়ে বিচাৰিলে এই বিষয়সমূহ অৱগত কৰিবলৈ সাংবিধানিকভাৱে প্ৰধানমন্ত্রী বাধ্য।

ৰাষ্ট্ৰপতিৰ সীমিত ভেটো ক্ষমতা আছে। এই ক্ষমতা প্ৰদান কৰি ৰাষ্ট্ৰপতিয়ে সংসদে গৃহীত কৰা কোনো বিলত কৰিবলগীয়া স্বাক্ষৰ কিছুদিনলৈ পিছুৱাই ৰাখিব পাৰে। বিলকন পুনৰ বিবেচনাৰ বাবে সংসদলৈ ঘূৰালৈ পঠাব পাৰে৷ অৱশ্যে সংসদে যদি বিলখন পুনৰ গৃহীত কৰি ৰাষ্ট্ৰপতিৰ অনুমোদন বা স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰে ৰাষ্ট্ৰপতিয়ে এনে বিলত স্বাক্ষৰ কৰিবলৈ বাধ্য।

এক অস্বাভাৱিক পৰিস্থিতিত ৰাষ্ট্ৰপতিয়ে নিজৰ স্বেচ্ছামূলক ক্ষমতা প্রয়োগ কৰিব পাৰে। আপোনালোক সকলোৱে বুজি উঠিছে যে ভাৰতীয় সংসদৰ নিম্নসদন অর্থাৎ লোকসভাত সংখ্যা গৰিষ্ঠতা লাভ কৰা ৰাজনৈতিক দল বা মিত্রগোষ্ঠীয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰে ৷ যেতিয়া কোনো এটা ৰাজনৈতিক দল বা মিত্রগোষ্ঠীয়ে এনে সংখ্যা গৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হয় তেতিয়া প্রধানমন্ত্রী তথা মন্ত্ৰী পৰিষদত নিযুক্তি দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে নিজৰ স্বেচ্ছামূলক ক্ষমতা প্রয়োগ কৰিব পাৰে।

5. ৰাজ্যত মন্ত্রীপৰিষদ কেনেকৈ গঠন হয়?

উত্তৰঃ মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিয়োগ কৰে। ৰাজ্যিক বিধানমণ্ডলত যিজন ব্যক্তিয়ে সংখ্যাগৰিষ্ঠৰ সমৰ্থন পায়, তেওঁক ৰাজ্যপালে মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে ৰাজ্যপালে আন মন্ত্ৰীসকলক নিয়োগ কৰে। মন্ত্ৰীসকল আৰু মন্ত্রীপৰিষদৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য হ’ব লাগে। ৰাজ্যিক বিধানমণ্ডলৰ সদস্য নহ’লেও এজন ব্যক্তি মন্ত্ৰী হিচাপে নিয়োগ হ’ব পাৰে, কিন্তু নিযুক্তিৰ ছয় মাহৰ ভিতৰত তেওঁ ৰাজ্যিক বিধানমণ্ডলৰ সদস্য হ’ব নোৱাৰিলে তেওঁৰ মন্ত্ৰীত্ব বাতিল হ’ব । মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে ৰাজ্যপালে মন্ত্ৰীসকলৰ মাজত দপ্তৰসমূহ বিতৰণ কৰে।

6. মুখ্যমন্ত্ৰীৰ কাৰ্যাৱলীসমূহ আলোচনা কৰা।

উত্তৰঃ ৰাজ্য চৰকাৰত মুখ্যমন্ত্ৰীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। যদি মুখ্যমন্ত্ৰীজনৰ এটা নিকা ভাৱমুৰ্ত্তি থাকে আৰু লগতে নিজৰ দল, বিৰোধী দল তথা কেন্দ্রীয় চৰকাৰৰ লগত সু-সম্পর্ক বজাই ৰাখিব পাৰে তেতিয়াহ’লে তেওঁ এখন সুস্থ চৰকাৰৰ নেতৃত্ব দিব পাৰে।

ৰাজ্যপালে মন্ত্ৰী পৰিষদক নিযুক্তি দিয়ে। তেওঁ গৰিষ্ঠ দলটোৰ দলপতি হিচাপে মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে। তেওঁ মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে মন্ত্ৰী সভাখন গঠন কৰে। মন্ত্ৰীসকলৰ কাৰ্যনিৰ্বাহ নিৰ্ভৰ কৰে গৰিষ্ঠসংখ্যক বিধানসভাৰ সদস্যৰ সমৰ্থনৰ ওপৰত।

কাৰ্যাৱলীঃ মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰী পৰিষদে চৰকাৰখনৰ প্ৰকৃত ক্ষমতা প্রয়োগ কৰে। ৰাজ্যপালজনে ৰাজ্যিক মন্ত্ৰী পৰিষদৰ উপদেশমৰ্মে কাৰ্যনিৰ্বাহ কৰে।ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে ৰাজ্যপালক মন্ত্ৰী পৰিষদৰ আটাইবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাতত ৰাজ্য চৰকাৰসমূহক কিছুমান ক্ষমতা প্ৰদান কৰা হৈছে। ৰাজ্যিক মন্ত্ৰী পৰিষদে এই ক্ষমতাসমূহ প্ৰয়োগ কৰে। ৰাজ্যিক মন্ত্ৰী পৰিষদে চৰকাৰী বিধেয়কসমূহ বিধানসভাত উত্থাপন কৰে আৰু চৰকাৰৰ আইনসমূহ প্ৰণয়ন কৰে। ৰাজনৈতিক কার্যপালিকা অর্থাৎ আমোলাতন্ত্ৰই মন্ত্রীপৰিষদক শাসন কার্য পৰিচালনা কৰাত সহায় কৰে।

7. মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা।

উত্তৰঃ ৰাজ্যপাল হৈছে প্ৰধান। তেওঁৰ নামতেই ৰাজ্যৰ সকলো শাসন বিভাগীয়/কাৰ্যপালিকাৰ কাৰ্যসমূহ সম্পাদন কৰা হয়। ৰাজ্যপালে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে আন মন্ত্ৰীসকলক নিয়োগ কৰে। ৰাজ্যিক প্রশাসন সূচাৰুৰূপে পৰিচালনা কৰিবলৈ তেওঁ দায়িত্বশীল। সংবিধান অনুসৰি ৰাজ্যিক প্রশাসন চলিছেনে নাই সেইটো চোৱাটো তেওঁৰ কৰ্তব্য। যদি তেওঁ ভাবে যে সংবিধান অনুসৰি ৰাজ্যত শাসনকার্য পৰিচালনা হোৱাত ব্যাহত হৈছে তেতিয়া তেওঁ ৰাজ্যত জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিব পাৰে। ৰাজ্যপালৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে ৰাজ্যত ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰিব পাৰে। ৰাষ্ট্ৰপতিয়ে যথোপযুক্ত বুলি ভাবিলে 365 অনুচ্ছেদ অনুসৰি জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে৷ ইয়াকে ‘ৰাষ্ট্ৰপতি শাসন’ বোলা হয় ।

সংবিধানে ৰাজ্যপালক সহয়াক কৰিবলৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বত মন্ত্রীপৰিষদৰ ব্যৱস্তা কৰিছে। স্বেচ্ছাধীন ক্ষমতাৰ বাহিৰে ৰাজ্যপালে মন্ত্রীপৰিষদৰ পৰামৰ্শ ল’ব পাগে। মুখ্যমন্ত্ৰীয়ে বিধানমণ্ডলত সংখ্যাগৰিষ্ঠতাৰ আস্থাভাজন হৈ থকালৈকে ৰাজ্যপালে স্বেচ্ছাধীন ক্ষমতা প্রয়োগ কৰিব নোৱাৰে৷ এনে পৰিস্থিতিত মুখ্যমন্ত্রী ৰাজ্যৰ শাসক প্রধান আৰু ৰাজ্যপাল সাংবিধানিক প্রধান হৈ থাকে৷ ৰাজ্যপালে মন্ত্ৰীপৰিষদৰ পৰামৰ্শ অনুসৰি কাৰ্য পৰিচালনা কৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে। ৰাজ্যৰ ৰাজনৈতিক আৰু অৱস্থাৰ লগত মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ সম্পৰ্ক নিৰ্ভৰ কৰে৷ সাধাৰণ পৰিস্থিতিত, ৰাজ্যপাল ৰাজ্যৰ সমাৰোহিক প্রধান হিচাপে কাৰ্যনিৰ্বাহ কৰে, কিন্তু ৰাজ্যত ৰাষ্ট্ৰপতি শাসন প্রয়োগ হ’লে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে। সাংবিধানিক ক্ষমতা অনুসৰি এনে পৰিস্থিতিত ৰাজ্যপালে কেন্দ্ৰীয় চৰকাৰৰ ‘চকু আৰু কান’ হিচাপে কাৰ্যনিৰ্বাহ কৰে। কেন্দ্ৰই নিয়োজিত কৰা হিচাপে ৰাজ্যপালে কেন্দ্ৰৰ সপক্ষে কাৰ্যনিৰ্বাহ কৰিব লাগে ৷ এজন সুদক্ষ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰাই নহয় সাংবিধানিক ব্যৱস্থাসমূহৰ উচিত প্ৰয়োগ হৈছে নে নাই সেইটো ৰাজ্যপালে নিৰীক্ষণ কৰিব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top