ASOS Class 12 Political Science Chapter 11 ভাৰতৰ সংসদ

ASOS Class 12 Political Science Chapter 11 ভাৰতৰ সংসদ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 11 ভাৰতৰ সংসদ and select needs one.

ASOS Class 12 Political Science Chapter 11 ভাৰতৰ সংসদ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 11 ভাৰতৰ সংসদ Solutions for All Subject, You can practice these here.

ভাৰতৰ সংসদ

Chapter : 11

10.1. পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. ৰাজ্যসভাৰ সৰ্বাধিক সদস্যসংখ্যা কিমান হ’ব পাৰে? 

উত্তৰঃ 250

2. সভালৈ কেইজন সদস্য ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে? 

উত্তৰঃ 12

3. ৰাজ্যসভাৰ সদস্যৰ নিৰ্বাচনত কোনে ভোট প্রদান কৰিব পাৰে? 

উত্তৰঃ ৰাজ্যিক বিধানসভাসমূহৰ সদস্যসমূহ।

4. ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল কিমান? 

উত্তৰঃ 6 বছৰ— 1/3প্রতি দুই বছৰৰ মুৰে মুৰে।

5. ৰাজ্যসভাৰ সদস্য হ’বৰ কাৰণে এজন সদস্যৰ নূন্যতম বয়স কিমান হ’ব লাগে?

উত্তৰঃ 30 বছৰ।

6. ৰাজ্যসভাৰ পদেন সভাপতি কোন? 

উত্তৰঃ উপৰাষ্ট্ৰপতি।

11.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. লোকসভাৰ সর্বোচ্চ সদস্যসংখ্যা কিমান? 

উত্তৰঃ 250

2. কোনখন ৰাজ্যই লোকসভালৈ সৰ্বাধিক সদস্য পঠায়? 

উত্তৰঃ উত্তৰ প্ৰদেশ।

3. ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কেইজন ইংগ-ভাৰতীয় সদস্য মনোনীত কৰে?

উত্তৰঃ দুটা।

4. সমাজৰ কোনটো শ্ৰেণীৰ কাৰণে লোকসভাত আসন সংৰক্ষণৰ ব্যৱস্থা আছে?

উত্তৰঃ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি।

5. লোকসভা নির্বাচনত কোনে ভোট প্রদান কৰিব পাৰে? 

উত্তৰঃ 18 বছৰৰ বয়স বা তাৰ ওপৰৰ।

6. লোকসভা কোনে ভঙ্গ কৰিব পাৰে? 

উত্তৰঃ ৰাষ্ট্ৰপতি।

7. লোকসভাৰ অধ্যক্ষক কোনে নির্বাচন কৰে? 

উত্তৰঃ লোকসভাৰ সদস্যই।

11.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. সংসদে কি কি সূচীৰ ওপৰত আইন বনাব পাৰে?

উত্তৰঃ কেন্দ্ৰীয় সূচী।

2. ৰাজ্যিক সূচীৰ ওপৰত কোনে আইন প্রণয়ন কৰিব পাৰে? 

উত্তৰঃ ৰাজ্যিক বিধানমণ্ডলসমূহ।

3. ৰাজ্যিক সূচীৰ ওপৰত আইন প্রণয়ন কৰিবলৈ কেইখন ৰাজ্যই সংসদক অনুৰোধক কৰিব পাৰে?

উত্তৰঃ দুই বা ততোধিক বিধানমণ্ডলসমূহ।

4. ভাৰত ইউনিয়নত কোনে নতুন ৰাজ্যৰ স্বীকৃতি দিব পাৰে?

উত্তৰঃ সংসদে।

11.4. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. চৰকাৰী বিল কি?

উত্তৰঃ চৰকাৰৰ এজন মন্ত্ৰীয়ে উত্থাপন কৰা বিল চৰকাৰী বিল। 

2. ব্যক্তিগত সদস্যৰ বিল কি?

উত্তৰঃ সংসদৰ সদস্য এজন কিন্তু এজন মন্ত্রী নহয় তেওঁ উত্থাপন কৰা বিল বেচৰকাৰী বিল।

3. ব্যক্তিগত/ বেচৰকাৰী সদস্যৰ বিল কেতিয়া আলোচনা কৰা হয়? 

উত্তৰঃ বেচৰকাৰী বিল সমূহ শুক্ৰবাৰে আলোচনা কৰা হয়। 

4. ৰাজ্যসভাত কোনখন বিল উত্থাপন কৰিব নোৱাৰি? 

উত্তৰঃ অৰ্থবিল ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰি। 

5. সংসদৰ যৌথ অধিৱেশন কেতিয়া বহে? 

উত্তৰঃ অৰ্থবিলৰ বাহিৰে আন বিলৰ ক্ষত্ৰত দুই সদনৰ মাজত সংঘাত হলে যৌথ অধিৱেশন পতা হয়।

6. সদনৰ যিকোনো সদনৰ কোৰাম/ থূল (Quorum) কেনেকৈ গঠিত হয়?

উত্তৰঃ সদনৰ এক-দশমাংশ সদস্য।

11.5. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰঃ

খালী ঠাই পুৰ কৰাঃ

1. বাজেট কেবল_____উত্থাপন কৰিব পাৰি।

উত্তৰঃ লোকসভাত।

2. একমাত্র_____নতুন সৰ্বভাৰতীয় সেৱাৰ সৃষ্টি কৰিব পাৰে। 

উত্তৰঃ ৰাজ্যসভাত।

3. সংসদৰ প্ৰত্যেক সদস্যই স্থায়ী বিকাশ নিধিৰ পৰা_____বছৰি টকা পায়।

উত্তৰঃ 2কোটি।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. ৰাজ্যসভাৰ গঠন বর্ণনা কৰা আৰু ইয়াৰ সদস্যৰ নিৰ্বাচন পদ্ধতি বর্ণনা কৰা।

উত্তৰঃ সংসদৰ দুটা সদন আছে— ৰাজ্যসভা আৰু লোকসভা। ৰাজ্যসভা হৈছে উচ্চসদন আৰু ই ভাৰতৰ ৰাজ্যসমূহক প্রতিনিধিত্ব কৰে লোকসভা হৈছে নিম্ন সদন। এই সনদক জনপ্রিয় সদনো বোলা হয় কাৰণ ই ভাৰতৰ জনসাধাৰণৰ প্ৰতিনিধিত্বকৰে। ৰাষ্ট্রপতি সংসদৰ অবিচ্ছেদ্য অংগ যদিও তেওঁ কোনোটো সদনৰে সদস্য নহয়। সংসদৰ অবিচ্ছেদ্য অংগ হিচাপে ৰাষ্ট্ৰপতিৰ বিশেষ ক্ষমতা আৰু কাৰ্যাৱলী আছে, ৰাজ্যসভা বা সংসদৰ উচ্চসদন হৈছে স্থায়ী সদন আৰু যি ভংগ নহয়। ৰাজ্যসভাৰ সদস্য 245 জনতকৈ অধিক হ’ব নোৱাৰে। এওঁলোকৰ ভিতৰত 12 জন সদস্যক ৰাষ্ট্ৰপতিয়ে সাহিত্য, বিজ্ঞা, কলা আৰু সামাজিক সেৱা আদি দিশত পাৰদৰ্শিতা দেখুওৱাসকলৰ মাজৰ পৰা মনোনীত কৰি বাকী সদস্যসকলক নিৰ্বাচিত কৰা হয়। বর্তমান মুঠ সদস্য 245 জন।

ৰাজ্যসভা হ’ল ভাৰতৰ ৰাজ্যসমূহক প্রতিনিধিত্ব কৰা এটি সদন। ৰাজ্যৰ বিধানসভাৰ সদস্যসকলে একক সংখ্যাগৰিষ্ঠ ভোটৰ দ্বাৰা সমানুপাতিক প্রতিনিধিত্বৰ ভিত্তিত ৰাজ্যসভাৰ সদস্যসকলক নির্বাচিত কৰে। কিন্তু প্রত্যেক ৰাজ্যই ৰাজ্যসভালৈ সমানসংখক প্রতিনিধি নপঠায়৷ তেওঁলোকৰ প্ৰতিনিধিৰ সংখ্যা ৰাজ্যখনৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰিত কৰা হয়। গতিকে ডাঙৰ ৰাজ্য এখনে বেছি আৰু সৰু ৰাজ্য এখনে কম প্রতিনিধিত্বৰ সুবিধা পায় । ডাঙৰ ৰাজ্য যেনে উত্তৰ প্ৰদেশৰ 31 আসন, ছিকিম আৰু ত্ৰিপুৰাৰ নিচিনা ৰাজ্যই তিনিজনকৈ প্রতিনিধি পঠাব পাৰে। দিল্লীয়ে ৰাজ্যসভালৈ 3 জন সদস্য আৰু পণ্ডীচেৰীয়ে এজনকৈ সদস্য পঠায়। আন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যসভাত প্রতিনিধিত্ব নাই।

2. লোকসভাৰ অধ্যক্ষৰ ক্ষমতাসমূহ আলোচনা কৰা। 

উত্তৰঃ লোকসভাৰ অধ্যক্ষৰ ক্ষমতাসমূহ হলঃ

১। অধ্যক্ষৰ প্ৰধান কাম হ’ল সদনৰ সভাসমূহ সূচাৰুৰূপে পৰিচালনা কৰে। তেওঁৰ সন্মতি অবিহনে কোনো সদস্যই সদনত মাত মাতিব নোৱাৰে। তেওঁ কোনো সদস্যৰ ভাষণ শেষ কৰিবলৈ আদেশ দিব পাৰে আৰু যদি কোনো সদস্যই আদেশ অমান্য কৰে তেতিয়া সেই ব্যক্তিৰ ভাষণ ৰেকৰ্ড নকৰবিলৈ আদেশ দিব পাৰে।

২। সকলোবোৰ বিধেয়ক, প্ৰস্তাৱ, ৰিপ’ৰ্ট অধ্যক্ষৰ অনুমতি অনুসৰি উত্থাপন কৰা হয়। তেওঁ বিধেয়কত ভোট প্রদান কৰে। তেওঁ ভোটদানত অংশগ্ৰহণ নকৰে কিন্তু যেতিয়া দুয়োপক্ষত টাই অর্থাৎ সমানসংখ্যক ভোট পায় তেতিয়াহে অধ্যক্ষই নিৰ্ণায়ক ভোট প্রদান কৰে। কিন্তু অধ্যক্ষই নিৰপেক্ষতা বজাই ৰাখিহে ভোটদান কৰিব লাগে।

৩। অধ্যক্ষৰ সংসদীয় বিষয়ত দিয়া সিদ্ধান্ত চূড়ান্ত। সদস্যসকলে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিয়ে আৰু তেওঁৰ সিদ্ধান্তই চূড়ান্ত।

৪। অধ্যক্ষই সদস্যসকলৰ অধিকাৰসমূহ প্ৰদান আৰু সুৰক্ষা দিয়ে ৷ 

৫। তেওঁ কোনো সদস্যক সভাৰ পৰা বহিষ্কাৰ কৰিব পৰে। সদস্যই দিয়া পদত্যাগ পত্ৰ গ্ৰহণ আৰু পদত্যাগৰ প্ৰকৃত কাৰণ বিচাৰে৷

৬। লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিবেশনত অধ্যক্ষই সভাপতিত্ব কৰে।

3. সংসদৰ কাৰ্যৱলীসমূহ আলোচনা কৰা৷ 

উত্তৰঃ প্ৰধানকৈ সংসদ হৈছে এটি আইন প্রণয়নকাৰী অংগ। এই ক্ষেত্ৰত তিনিখন সূচী আছে— কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী । কেন্দ্ৰীয় চৰকাৰে কেৱল কেন্দ্ৰীয় সূচীৰ বিষয়সমূহৰ ওপৰতহে আইন প্রণয়ন কৰিব পাৰে। কেন্দ্রীয় সূচীত ৯৭টা বিষয় আছে। ৰাজ্য বিধানমণ্ডলসমূহৰ লগতে সংসদেও সমৱৰ্তী সূচীৰ বিষয়সমূহৰ ওপৰত আইন বনাব পাৰে৷ সমৱৰ্তী সূচীৰ ক্ষেত্ৰত আইন প্রণয়নৰ ক্ষেত্ৰত সংঘাটৰ সৃষ্টি হ’লে কেন্দ্ৰীয় চৰকাৰৰ আইন কাৰ্যকৰী হয়। এই তিনিখন সূচীত উল্লেখ নথকা বিষয়সমূহৰ অৰ্থাৎ অৱশিষ্ট অর্থাৎ অৱশিষ্ট ক্ষমতাসমূহ সংসদৰ ওপৰত ন্যস্ত কৰা হৈছে। 

এনেদৰে সংসদৰ আইন প্রণয়নকাৰী ক্ষমতা বহুত বিস্তৃত। কেন্দ্ৰীয় আৰু সমৱৰ্তী সূচী আৰু বিশেষ অৱস্থাত ৰাজ্যিক সূচীৰ বিষয়সমূহৰ ওপৰতো ইআনি প্রণয়ন কৰিব পাৰে৷

4. ভাৰতৰ আইন প্রণয়নকাৰী পদ্ধতিসমূহ আলোচনা কৰা। 

উত্তৰঃ সংসদ হৈছে এটি আইন প্রণয়নকাৰী সংস্থা। যিকোনো প্রস্তাৱিত আইন সংসদত বিধয়েক হিচাপে উত্থাপন কৰা হয়। সংসদে অনুমোদন জনোৱাৰ পিছত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ প্ৰদান কৰাৰ পিছত আইনৰূপে স্বীকৃতি লাভ কৰে। সংসদত দুই ধৰণৰ বিধেয়ক উত্থাপন কৰা হয় – (১) সাধাৰণ বিল আৰু (২) অর্থবিল।

১। সাধাৰণ বিলঃ সংসদৰ যিকোনো সদস্যই নিজৰ দৃষ্টিভংগীৰ পৰা সংসদত সাধাৰণ বিল এখন উত্থাপন কৰিব পাৰে। বিল দুই ধৰণৰ— চৰকাৰী বিল আৰু বেচৰকাৰী সদস্যৰ বিলসমূহ। এজন মন্ত্রীয়ে উত্থাপন কৰা বিল হ’ল চৰকাৰী বিল আৰু যিকোনো বিল আন ব্যক্তিয়ে উত্তাপন কৰে তাক বেচৰকাৰী বিল বোলে। অর্থাৎ সেই বিলখন সংসদ সদস্যৰ দ্বাৰা উত্থাপন কৰা হয় কিন্তু চৰকাৰৰ এজন মন্ত্ৰীৰ দ্বাৰা নহয়। চৰকাৰী বিলে সংসদৰ যথেষ্ট সময় নষ্ট কৰে। এই বিল বিভিন্ন পৰ্যায়ৰ মাধ্যমেৰে গৃহীত হয়— 

(ক) প্রথম পাঠঃ বিল উত্থাপনৰ লগে লগে, বিলৰ প্ৰথম পাঠ আৰম্ভ হয়। এই পৰ্যায়টো সৰল ৷ বিল উত্থাপন কৰিব খোজা মন্ত্রীয়ে অধ্যক্ষক জনায়৷ তেওঁ সদনত উত্থাপনৰ প্ৰশ্ন উত্থাপন কৰে৷ যেতিয়া গৃহীত হয়, সাধাৰণতে আলোচনাৰ দ্বাৰা, তেতিয়া বিল উত্থাপন কৰিবলৈ কোৱা হয়।

(খ) দ্বিতীয় পাঠঃ এই পর্যায়টো মুখ্য পর্যায়। বিলখনৰ সাধাৰণ আলোচনা হোৱাৰ পিছত 4টা বিকল্প থাকে—

(ক) বিলখন পোনপটীয়াকৈ বিবেচনাৰ কাৰণে ল’ব পাৰে। আৰু 

(খ) বাচনি কমিটিলৈ পঠাব পাৰে। আৰু

(গ) দুই সদনৰ যুটীয়া কমিটিলৈ পঠাব পাৰে বা।

(ঘ) জনসাধাৰণৰ মাজলৈ ভোটৰ বাবে পঠাব পাৰে। যদি বিল এখন বাচনি কমিটিলৈ পঠোৱা হয় বা দুই সদনত যুটীয়া কমিটিলৈ পঠোৱা হয়, উত্ত কমিটিয়ে সূক্ষ্মভাৱে বিলখন পৰীক্ষা কৰে। প্ৰতিটো অনুচ্ছেদ পৰীক্ষা কৰা হয়। কমিটিয়ে আইনবিদসকলৰ মতামতো ল’ব পাৰে। ইয়াৰ পিছত কমিটিয়ে সদনত ৰিপ’ৰ্ট জমা দিয়ে।

(গ) তৃতীয় পাঠঃ দ্বিতীয় পাঠৰ পিছত, মন্ত্ৰীজনে বিলখন পাছ কৰিবলৈ প্ৰস্তাৱ কৰে। এই প্ৰস্তাৱত কোনো আলোচনা নহয়। সদস্যসকলে উপস্থিত আৰু ভোটদানকাৰী সাধাৰণ সংখ্যা গৰিষ্ঠতা ভিত্তিত বিল গ্ৰহণ বা বিৰোধিতা কৰিব পাৰে।

আনটো সদনত বিলঃ এটি সদনে বিলখন পাছ কৰাৰ পিছত আনটো সদনলৈ পঠোৱা হয় ৷ ইয়াতো তিনিটা পৰ্যায় অনুসৰণ কৰা হয়। তলত দিয়া ফলাফসসমূহ হ’ব পাৰে—

(ক) আনটো সদনে বিলখন পাছ কৰিব পাৰে। তেতিয়া বিলখন ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ কাৰণে পঠোৱা হয়।

(খ) বিলখন সংশোধন কৰি পঠাব পাৰে। বিলখন প্ৰথম সদনলৈ পুনৰ ঘূৰাই পঠাব পাৰে৷ এই ক্ষেত্ৰত, প্রথম সদনে সংশোধনী বিবেচনা কৰিব পাৰে বা গ্ৰহণ কৰি ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ কাৰণে পঠাব পাৰে। যদি সদনে সংশোধনী গ্ৰহণ কৰিবলৈ অমান্তি হয়, তেতিয়া ই বিলখন পাছ হোৱাত বাধাৰ সৃষ্টি হোৱাক বুজায়।

(গ) বিলখন নাকচ কৰিব পাৰে৷ অৰ্থাঋ তাত কিছুমান আঁসোৱাহ থাকিব পাৰে। সেই আঁসোৱাহসমূহ দূৰ কৰিবৰ কাৰণে ৰাষ্ট্ৰপতিয়ে যুটীয়া অধিবেশন আহ্বান কৰিব পাৰে। বৰ্তমানলৈ ভাৰতত তিনিবাৰ এনে যুটীয়া অধিৱেশন অনুষ্ঠিত হৈছে। যৌতুক বিৰোধী আইন 1959, বেংকিং চাৰ্ভিছ কমিছন বিল 1978, আৰু সন্ত্রাসবাদ নির্মূল বিল, 2002

(ঘ) ৰাষ্ট্ৰপতি বিলৰ ওপৰত স্বাক্ষৰদানঃ দুয়ো সদনৰ পৰা পাছ হোৱাৰ পিছত বা যুটীয়া অধিবেশনৰ পিছত বিলখন ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ কাৰণে পঠোৱা হয়। এইক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ ৰকিছুমান বিকল্প আছে – (i) তেওঁ‚ত তেওঁৰ স্বাক্ষৰ দানেৰে বিলখন আইনকত পৰিণত কৰিব পৰে (ii) তেওঁ স্বাক্ষৰ দান নকৰিবও পাৰে, কিন্তু কিছুমান সংশোধনৰ পৰামৰ্শ দিব পাৰে। এনেক্ষেত্ৰত বিলখন যি সদনৰ পৰা উত্থাপিত হৈছিল সেই সদনলৈ ঘূৰাই পঠোৱা হয়। যদি দুয়োখন সদনে ৰাষ্ট্ৰপতিৰ পৰামৰ্শ মানি বা গ্ৰহণ নকৰাকৈ বিলখন পুনৰবাৰ পাছ কৰে তেতিয়াহ’লে ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ দিবলৈ বাধ্য (iii) 1986 চনত ৰাষ্ট্ৰপতি গিয়ানী জেইল সিঙে নতুন বিগল্প উদ্ভাৱন কৰে। তেওঁ স্বাক্ষৰ দান কৰা নাছিল আৰু পোষ্টেল বিলখন সংসদলৈ ঘূৰাই পঠোওৱা নাছিল। তেওঁ কিছুমান স্পষ্টতা বিচাৰিছিল, যিবোৰ দিয়া হোৱা নাছিল। এনেকৈ বিলখন নাকচ হৈছিল।

২। অর্থবিলঃ অর্থবিলবোৰ হ’ল সেই বিল য’ত অর্থ জড়িত বিষয় যেনে— কৰ আৰোপ, চৰকাৰী ব্যয় আৰু ঋণ আদিক সামৰি লয় ৷ কোনো বিল অর্থবিল হয়নে নহয় এইক্ষেত্ৰত বিৰোধে দেখা দিলে অধ্যক্ষইচূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে। অৰ্থবিল এখন সাধাৰণ বিলৰ নিচিনাকৈ তিনিটা পাঠৰ মাজেৰে গৃহীত হয় কিন্তু কিছুমান বিবেচনা ইয়াত যোগ কৰা হয়। সেইবোৰ হ’ল—(i) অৰ্থবিল কেৱল লোকসভাতহে উত্থাপন কৰিব পাৰি ৰাজ্যসভাত নহয়৷ এইক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ আগতীয়া অনুমতিৰ প্ৰয়োজন। (ii) লোকসভাত বিলখন পাছ হোৱাৰ পাছত ৰাজ্যসভালৈ পঠোৱা হয় । ৰাজ্যসভাই বিলখন বিবেচনাৰ বাবে 14 দিন ৰাখিব পাৰে। (iii) ৰাজ্যসভাই অৰ্থবিল নাকচ কৰিব নোৱাৰে। ই একমাত্র গ্রহণ বা পৰামৰ্শ দিব পাৰে। (iv) ৰাজ্যসভাই পৰামর্শ পঠালে বিলখন লোকসভালৈ ঘূৰি যায়৷ লোকসভাই ৰাজ্যসভাৰ পৰামৰ্শসমূহ গ্ৰহণ বা নাকচ কৰিব কাৰিব পাৰে। যিকোনো ক্ষেত্ৰতে বিলখন ৰাজ্যসভালৈ ঘূৰি নাযায়। ইয়াৰ পৰিৱৰ্তে ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ কাৰণে পোনপটীয়াকৈ পঠোৱা হয়। (v) ৰাজ্যসভাই বিলখন যদি 14 দিনৰ ভিতৰত ঘূৰাইনপঠায়, বিলখন দুয়োসদনে গ্ৰহণ কা বুলি ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ কাৰণে পঠোৱা হয়।

5. সংসদৰ দুই সদনৰ সম্পৰ্ক বিশ্লেষণ কৰা ৷

উত্তৰঃ যুক্তৰাষ্ট্ৰীয় গাঁঠনিৰ ফালৰ পৰা ৰাজ্যসভাই ৰাজ্যসভাসমূহক প্রতিনিধিত্ব কৰে আৰু লোকসভাই জনসাধাৰণক প্রতিনিধিত্ব কৰে ৷ নিৰ্বাচনৰ প্রভেদ থকাৰো কাৰণ আছে। ৰাজ্যৰ বিধনমসমূহৰ সদস্যসকলে ৰাজ্যসভাৰ সদস্যসকলক নির্বাচন কৰে য’ত লোকসভাৰ নিৰ্বাচনত জনসাধাৰণে পোনপটীয়াকৈ অংশগ্ৰহণ কৰিব পাৰে। ৰাজ্যসভা হৈছে স্থায়ী সদন য’ত লোকসভা পাঁচ বছৰৰ কাৰণে গঠিত হয়। সাংবিধানিক দিশৰপৰা, দুয়ো সদনৰ সম্পৰ্ক তিনি ফালৰ পৰা অধ্যয়ন কৰিব পাৰিঃ

১। লোকসভাৰ ৰাজ্যসভাতকৈ কিছুমান বিশেষ ক্ষমতা আৰু কাৰ্যাৱলী আছে। অর্থবিল উত্থাপন আৰু গ্ৰহণ আৰু অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি মন্ত্ৰীসভা ভংগ কৰি দিয়া ক্ষমতা ইয়াত উল্লেখ কৰিব পাৰি।

২। কিছুমান বিশেষ ক্ষেত্ৰত ৰাজ্যসভাক প্ৰচুৰ ক্ষমতা প্ৰদান কৰা হৈছে। উদাহৰণস্বৰূপে, ৰাজ্যৰ কোনো বিষয় জাতীয় স্বাৰ্থৰ বাবে আইনৰ প্ৰণয়নৰ বাবে ঘোষণা কৰিব পাৰে।

৩। কিছুমান বিষয়ত দুয়ো সদনে সমান ক্ষমতা ভোগ কৰে। উদাহৰণস্বৰূপে অৰ্থবিলৰ বাহিৰে আন্তু বিলসমূহত, জৰুৰী অৱস্থা ঘোষণা, স্থগিতকৰণৰ আদেশ আদি।

6. চমুটোকা লিখাঃ

(a) ৰাজ্যসভাৰ সদস্যৰ অৰ্হতা।

উত্তৰঃ ৰাজ্যসভাৰ সদস্য হ’বৰ বাবে থাকিবলগীয়া যোগ্যতাসমূহ এনে ধৰণৰ—

১। তেওঁ ভাৰতীয় নাগৰিক হ’ব লাগিব আৰু অন্ততঃ 30 বছৰ বয়স লাগিব।

২। তেওঁ সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি কাম সম্পাদন কৰিব বুলি প্রতিজ্ঞাবদ্ধ হ’ব লাগিব।

৩। জনসাধাৰণৰ প্ৰতিনিধিত্বমূলক আইন 1951 অনুসৰি তেওঁ যি ৰাজ্যৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াব সেই ৰাজ্যৰ ভোটাৰ হিচাপে পঞ্জীভুত হ’ব লাগিব। কিন্তু 2003 চনত, ৰাজ্যসভাৰ নিৰ্বাচন সম্পৰ্কে দুটা নতুন ব্যৱস্থা প্রণয়ন কৰিছে (ক) যিকোনো ভাৰতীয় নাগৰিকে ৰাজ্যভেদে ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, (খ) মুক্ত ভোটদান ব্যৱস্থাৰে নিৰ্বাচন অনুষ্ঠিত কৰা হয়।

(b) দ্বিতীয় পাঠ।

উত্তৰঃ সংসদৰ যিকোনো সদস্যই নিজৰ দৃষ্টিভংগীৰ পৰা সংসদত সাধাৰণ বিল এখন উত্থাপন কৰিব পাৰে। বিল দুই ধৰণৰ— চৰকাৰী বিল আৰু বেচৰকাৰী সদস্যৰ বিলসমূহ। এজন মন্ত্ৰীয়ে উত্থাপন কৰা বিল হ’ল চৰকাৰী বিল আৰু যিকোনো বিল আন ব্যক্তিয়ে উত্তাপন কৰে তাক বেচৰকাৰী-বিল বোলে। অর্থাৎ সেই বিলখন সংসদ সদস্যৰ দ্বাৰা উত্থাপন কৰা হয় কিন্তু চৰকাৰৰ এজন মন্ত্ৰীৰ দ্বাৰা নহয়। চৰকাৰী বিলে সংসদৰ যথেষ্ট সময় নষ্ট কৰে। এই বিল বিভিন্ন পৰ্যায়ৰ মাধ্যমেৰে গৃহীত হয়—

দ্বিতীয় পাঠঃ এই পর্যায়টো মুখ্য পৰ্যায়। বিলখনৰ সাধাৰণ আলোচনা হোৱাৰ পিছত 4টা বিকল্প থাকে—

(ক) বিলখন পোনপটীয়াকৈ বিবেচনাৰ কাৰণে ল’ব পাৰে। আৰু 

(খ) বাচনি কমিটিলৈ পঠাব পাৰে। আৰু

(গ) দুই সদনৰ যুটীয়া কমিটিলৈ পঠাব পাৰে বা।

(ঘ) জনসাধাৰণৰ মাজলৈ ভোটৰ বাবে পঠাব পাৰে । যদি বিল এখন বাচনি কমিটিলৈ পঠোৱা হয় বা দুই সদনত যুটীয়া কমিটিলৈ পঠোৱা হয়, উত্ত কমিটিয়ে সূক্ষ্মভাৱে বিলখন পৰীক্ষা কৰে। প্ৰতিটো অনুচ্ছেদ পৰীক্ষা কৰা হয়। কমিটিয়ে আইনবিদসকলৰ মতামতো ল’ব পাৰে। ইয়াৰ পিছত কমিটিয়ে সদনত ৰিপ’ৰ্ট জমা দিয়ে। 

(c) বাজেট।

উত্তৰঃ বাজেট হ’ল এক বার্ষিক আর্থিক খতিয়ান য’ত ৰাজহুৱা অৰ্থৰ আসাজনক ৰাজহ আৰু ব্যয় দেখুওৱা হয়। ই এখন বিল নহয়। প্রত্যেক বছৰে লোকসভাত বিত্তমন্ত্রীয়ে বাজেট উত্থাপন কৰে। বাজেট হৈছে এক ডাঙৰ অনুশীলন। বিত্তমন্ত্রীয়ে বাজেট ৰচনা কৰে কিন্তু ই গোটেই চৰকাৰখনৰ লগত জড়িত৷ ভাৰতত বাজেট দুই ধৰণৰ— ৰে’ল বাজেট আৰু সাধাৰণ বাজেট।

বাজেট উত্থাপনঃ ফেব্ৰুৱাৰী মাহৰ তৃতীয় সপ্তাহত ৰে’লমন্ত্ৰীয়ে ৰে’ল বাজেট উত্থাপন কৰে। সাধাৰণ বাজেট সাধাৰণতে ফেব্ৰুৱাৰী মাহৰ শেষৰ দিনটোত উত্থাপন কৰা হয়। সাধাৰণ বাজেট বিত্তমন্ত্ৰীৰ ভাষণেৰে উত্থাপন কৰা হয়। বাজেটখন উত্থাপন কৰাৰ আগতে গোপনে ৰখা হয়। ভাষণৰ পিছত বিত্তমন্ত্ৰীয়ে বিত্ত বিল উত্থাপন কৰে য’ত চৰকাৰে কৰ সম্পৰ্কীয় প্ৰস্তাৱসমূহ সামৰি লয়। বাজেট উত্থাপনৰ দিনা ইয়াৰ ওপৰত কোনো আলোচনা কৰা নহয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top