ASOS Class 12 Political Science Chapter 8 ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি আৰু মৌলিক কর্তব্য

ASOS Class 12 Political Science Chapter 8 ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি আৰু মৌলিক কর্তব্য, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 8 ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি আৰু মৌলিক কর্তব্য and select needs one.

ASOS Class 12 Political Science Chapter 8 ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি আৰু মৌলিক কর্তব্য

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 8 ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি আৰু মৌলিক কর্তব্য Solutions for All Subject, You can practice these here.

ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা 

Chapter : 8

8.1.পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পুৰণ কৰাঃ

১। যুক্তৰাষ্ট্ৰ এখনত ক্ষমতাবোৰ _________ ৰ লগত থাকে ৷  (কেন্দ্ৰ / ৰাজ্য / কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ভাগ কৰা থাকে) 

উত্তৰঃ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ভাগ কৰা থাকে।

২। যুক্তৰাষ্ট্ৰৰ _______ সংবিধান থাকে। (লিখিত/ অলিখিত/ বিবৰ্তনৰ ফলত হোৱা)

উত্তৰঃ লিখিত।

৩। ভাৰতীয় সংবিধানত _____খন তালিকা আছে। (২/৩/৪)

উত্তৰঃ ৩।

৪। ৬৬ টা বিষয়______তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। (কেন্দ্ৰীয়/ৰাজ্যিক/সমৱৰ্তী)

উত্তৰঃ ৰাজ্য।

৫। সমৱৰ্তী সূচীত______টা বিষয় আছে। (97/47/66)

উত্তৰঃ 47।

8.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পুৰণ কৰাঃ

১। ______এ আইনৰ দ্বাৰা ৰাজ্যৰ কালিৰ পৰিবৰ্তন কৰিব পাৰে। (ৰাজ্যিক বিধানমণ্ডল /সংসদ/পৌৰসভাই)

উত্তৰঃ সংসদ।

২। সৰ্বভাৰতীয় সেৱাবোৰ ______ৰ নিয়ন্ত্ৰণত। (কেন্দ্ৰীয় চৰকাৰ /ৰাজ্য চৰকাৰ /জিলা প্ৰশাসন) 

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰ।

৩। যুক্তৰাষ্ট্ৰীয় সংসদৰ উচ্চ সদনত______প্রতিনিধিত্ব থাকে৷ (অসমান/ সমান /সমানুপাতিক)

উত্তৰঃ অসমান।

8.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পুৰণ কৰাঃ

১। কেন্দ্রীয় তালিকাত_____টা বিষয় আছে। (৯৭/ ৬৬/ ৪৭)

উত্তৰঃ ৯৭।

২। ডাক আৰু টেলিগ্রাফ_______তালিকাৰ বিষয়বস্তু। (কেন্দ্ৰীয়/ ৰাজ্যিক/ সমবর্তী)

উত্তৰঃ কেন্দ্ৰ।

৩। যুক্তৰাষ্ট্ৰীয় সংসদৰ উচ্চ সদনত _____প্রতিনিধিত্ব থাকে। (ৰাজ্যিক বিধানমণ্ডল/সংসদ /উভয়ে)

উত্তৰঃ সংসদ।

৪। ব্যৱসায় বাণিজ্য_____সূচীৰ বিষয় বস্তু। (কেন্দ্ৰীয়/ ৰাজ্যিক/ সমৱৰ্তী)

উত্তৰঃ ৰাজ্য।

8.4. পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পুৰণ কৰাঃ 

১। সংবিধান সংশোধনী প্ৰস্তাৱ_____চৰকাৰেহে উত্থাপন কৰিব পাৰে।

উত্তৰঃ কেন্দ্ৰীয়।

২। ভাৰতীয় সংবিধানখন______যুক্তৰাষ্ট্ৰীয়।

উত্তৰঃ অৰ্ধ।

৩। ৰাজ্যসমূহে ____স্বায়ত্ত্ব শাসন দাবী কৰি আহিছে। 

উত্তৰঃ অধিক।

৪। _____আয়োগে কেন্দ্ৰ ৰাজ্য সম্পৰ্ক প্ৰতিষ্ঠাৰ বাবে ইয়াৰ প্ৰতিবেদন দাখিল কৰিছে।

উত্তৰঃ চাৰকাৰিয়া। (Sarkaria)

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. ভাৰতীয় সংবিধানৰ এককেন্দ্ৰীক বৈশিষ্ট্য বর্ণনা কৰা। 

উত্তৰঃ ভাৰতীয় সংবিধান প্রণয়ন কৰিছিল সংবিধান সভাই। ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰা ডঃ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতীয় সংবিধান সভাৰ সভাপতি আছিল। সংবিধান সভাৰ আকৌ কেতবোৰ গুৰুত্বপূর্ণ কমিটি আছিল। সেইবোৰৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য আছিল খচৰা কমিটি। ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সভাপতি আছিল ড° বি আৰ আম্বেদকাৰ। 

প্ৰতিখন সংবিধানৰে কেতবোৰ উল্লেখনীয় তথা নিজা বৈশিষ্ট্য থাকে। এইবোৰক আকৌ মৌলিক বৈশিষ্ট্য বুলিও জনা যায়৷ এইবোৰ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি —

(ক) লিখিত সংবিধানঃ ভাৰতীয় সংবিধানখন এখন লিখিত সংবিধান। কোনো দেশৰ সংবিধান অলিখিতও হ’ব পাৰে। উদাহৰণস্বৰূপে বৃটেইনৰ সংবিধানৰ কথা কোৱা হৈছিল৷ ভাৰতীয় সংবিধানখনক সংবিধান সভাই প্রস্তুত কৰি উলিয়াইছিল ৷

(খ) দৃঢ় সংবিধানঃ ভাৰতীয় সংবিধানৰ ইও এক গুৰুত্বপূৰ্ণ বৈশিষ্ট। কঠিন বুলি কওঁতে সংবিধানখন সংশোধন কৰোঁতে গ্ৰহণ কৰিবলগীয়াত পোৱা জটিল প্ৰক্ৰিয়াটোৰ কথা কোৱা হৈছে। ভাৰতীয় সংবিধানত এনে কিছুমান কথা আছে,ব্যৱস্থা আছে-যিবিলাক সঘনে সংশোধন কৰিব নোৱাৰি। ইয়াৰ বাবে সংসদ তথা বিধানসভাসমূহে অনুমোদন জনাব লাগে। আকৌ শিঠিল বুলি কওঁতে সংবিধান সংশোধনৰ তেনে সহজ পদ্ধতিৰ কথা সূচাইছে। আমাৰ সংবিধানত এনে কেতবোৰ কথা বা ব্যৱস্থা আছে যিবোৰক আকৌ ভাৰতীয় সংসদে সাধাৰণ সংখ্যা গৰিষ্ঠতাৰে সংশোধন কৰিব পাৰে।

(গ) গণৰাজ্য বা গণতান্ত্রিক চৰকাৰৰ ব্যৱস্থাঃ গণৰাজ্য বুলি কওঁতে এনেকুৱা এক ব্যৱস্থাক সূচায় য’ত ৰাষ্ট্ৰৰ মুৰব্বী গৰাকীক জনসাধাৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নির্বাচন কৰে। বংশসূত্রে কোনেও এনে পদবী দখল কৰিব নোৱাৰে। ভাৰতবৰ্ষত ৰাষ্ট্ৰৰ মুৰব্বী হ’ল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি । আৰু আমাৰ দেশৰ ৰাষ্ট্ৰপতি গৰাকীক ভাৰতীয় সংসদ আৰু বিধানসভাসমূহৰ নিৰ্বাচিত সদস্যসকলে নির্বাচন কৰে। আৰু সেইকাৰণে ভাৰতবৰ্ষক ‘গণৰাজ্য’ বুলি কোৱা হয়। বৃটেইন এখন গণৰাজ্য নহয় কাৰণ ইয়াত ৰাষ্ট্ৰৰ মূৰব্বী হ’ল ৰজা বা ৰাণী। তেওঁলোকক জনসাধাৰণে নির্বাচন কৰাৰ পৰিৱৰ্তে তেওঁলোকে উত্তৰাধিকাৰী সূত্ৰে ৰাষ্ট্ৰৰ মূৰব্বীৰ আসন দখল কৰে। আমাৰ সংবিধানে দেশখনত এখন গণতান্ত্রিক চৰকাৰ প্ৰৱৰ্তন কৰিছে। আমি ভাৰতীয় জনসাধাৰণে নিদিষ্ট সময়ৰ মূৰে মূৰে আমাৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰক নির্বাচন কৰোঁ। দুয়োখন চৰকাৰেই জনসাধাৰণৰ ওচৰত দায়বদ্ধ। জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত লোকসভা আৰু বিধানসভাৰ ওচৰত চৰকাৰ সদায় দায়বদ্ধ বা জবাবদিহি।

(ঘ) সংসদীয় আৰু যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰঃ ভাৰতীয় সংবিধানে আমাক সংসদীয় আৰু যুক্তৰাষ্ট্ৰীয় – এই দুয়োটাৰে সংমিশ্ৰণ থকা চৰকাৰ এখন প্ৰদান কৰিছে। সংসদীয় পদ্ধতিৰ চৰকাৰত চৰকাৰখনক জনসাধাৰণে পোনপটীয়াকৈ নির্বাচন নকৰে। জনসাধাৰণে আচলতে তেওঁলোকৰ প্ৰতিনিধিক সংসদ বা বিধানসভালৈ নির্বাচন কৰে। জনসাধাৰণে ভোট দি নির্বাচন কৰা যিটো ৰাজনৈতিকক দল বা কেইবাটাও ৰাজনৈতিক দল লগলাগি গঠন কৰা মিত্ৰগোটে লোকসভা বা বিধানসভাত সংখ্যা গৰিষ্ঠতা লাভ কৰে তেওঁলোকেই ক্ৰমে কেন্দ্রী আৰু ৰাজ্যিক চৰকাৰ গঠন কৰে।

ভাৰতীয় সংবিধানে আমাক এখন যুক্তৰাষ্ট্ৰীয় চৰকাৰো প্ৰদান কৰিছে। যুক্তৰাষ্ট্ৰীয় চৰকাৰ দুখলপীয়া সমগ্ৰ দেশখনৰ বাবে কেন্দ্ৰীয় চৰকাৰ থকাৰ উপৰিও প্ৰতিখন ৰাজ্যৰ একোখন নিজা ৰাজ্যিক চৰকাৰ আছে। সংবিধানে দুয়োখন চৰকাৰৰ মাজত ক্ষমতা বিতৰণ কৰি দিছে। ভাৰতীয় সংবিধানে প্ৰদান কৰা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ হাতত অধিক ক্ষমতা অৰ্পণ কৰা হৈছে।

(ঙ) সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ ব্যৱস্থাঃ সংবিধানৰ প্ৰস্তাৱনালৈ যদি ঘূৰি চাই তেতিয়া যে ইয়াত ভাৰতবৰ্ষক এখন সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি উল্লেখ কৰা হৈছে। সমাজবাদী বুলিকওঁতে ইয়াকে বুজোৱা হৈছে যে দেশৰ চৰকাৰে জনসাধাৰণৰ কল্যাণ বা উন্নতিৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰে আৰু সামূহিক কল্যাণৰ ওফৰত প্ৰাধান্য দিছে। অৰ্থাৎ জনসাধাৰণে নিজৰ কল্যাণ বা উন্নতিৰ দায়িত্ব নিজে মূৰ পাতি লওক বুলি এৰি নিদিয়ে। স্বাধীনতাৰ পাছৰে পৰা জনসাধাৰণৰ সামূহিক কল্যাণৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে। ভাৰত চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইন বা ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ মূল লক্ষ্য হ’ব দৰিদ্ৰ জনসাধণৰ সহায় কৰা।

(চ) তৃণমূলৰ চৰকাৰঃ পঞ্চায়ত হ’ল তৃণমূলৰ চৰকাৰ। আজিকালি স্থানীয় শাসন চলোৱাৰ বেলিকা পঞ্চায়তসমূহে যথেষ্ট ক্ষমতা ভোগ কৰে। গাঁৱৰ পৰা আৰম্ভ কৰি জিলা পঞ্চায়তলৈকে পঞ্চায়ত অনুষ্ঠানসমূহে উন্নয়নমূলক কামকাজৰ পৰিকল্পনা কৰিব পাৰে তথা তাক পৰিত্যাগ কৰিব পাৰে। চহৰাঞ্চলৰ বাবে নগৰ পালিকাসমূহৰ ব্যৱস্থা কৰা হৈছে। তৃণমূল চৰকাৰৰ ব্যৱস্থা কৰি ভাৰতীয় সংবিধানে ক্ষমতাৰ বিৰেন্দ্ৰীকৰণৰ ব্যৱস্থা কৰাৰ বাবে সাধাৰণ জনসাধাৰণে যাতে শাসন পৰিচালনাত অংশ গ্ৰহণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে।

2. কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত আইনগত সম্পৰ্কৰ ওপৰত এটা চমুটোকা লিখা।

উত্তৰঃ আইনগত সম্পর্ক বিষয়ক, সংবিধানত তিনি তৰপীয়া ক্ষমতাৰ বিভাজন কৰা আছে। আমি এনে এটা পদ্ধতি অনুসৰণ কৰো য’ত আইনগত ক্ষমতাবোৰ কেন্দ্ৰ আৰু ৰাজ্যৰ বাবে দুখন সূচীত যেনে কেন্দ্রীয় সূচী আৰু ৰাজ্যিক সূচীত ভাগ কৰা আছে। সমৱৰ্তী সূচী নামেৰে আন এখন অতিৰিক্ত সূচীও অন্তৰ্ভুক্ত কৰা হৈছে।

ৰাষ্ট্ৰীয় স্বাৰ্থজড়িত 97টা বিষয়ৰে কেন্দ্ৰীয় সূচী এই তিনিওখন তালিকাৰ ভিতৰত ডাঙৰ তালিকা। এই সূচীত অন্তৰ্ভুক্ত কৰা কিছুমান গুৰুত্বপূৰ্ণ বিষয় হ’ল— প্ৰতিৰক্ষা, ৰেলৱে, ডাক আৰু টেলিগ্রাফ, আয়কৰ, বাণিজ্য শুল্ক ইত্যাদি। কেন্দ্রীয় সূচীত অন্তর্ভুক্ত বিষয়সমূহৰ ওপৰত সমগ্ৰ দেশৰ বাবে আইন প্রণয়ন কৰিবলৈ সংসদক কাৰ্যবাহী ক্ষমতা দিয়া হৈছে।

স্থানীয় স্বার্থজড়িত 66টা বিষয়ৰে ৰাজ্যিক সূচীখন গঠিত। এই সূচীত অন্তৰ্ভুক্ত কৰা কিছুমান গুৰুত্বপূৰ্ণ বিষয় হ’ল— ৰাজ্যৰ ভিতৰতে ব্যৱসায় বাণিজ্য, আৰক্ষী, মীনপালন,বন, কাৰখানা ইত্যাদি। ৰাজ্যিক সূচীখন বিষয়সমূহত আনি প্রণয়ন কৰিবলৈ ৰাজ্যিক বিধানমণ্ডলসমূহক ক্ষমতা প্রদান কৰা হৈছে।

কেন্দ্ৰ আৰু ৰাজ্যৰ উমৈহতীয়া স্বাৰ্থজড়িত 47 টা বিষয়ৰে সমৱৰ্তী সূচীখন গঠিত। ই সূচীত থকা কিছুমান বিষয় হ’ল— ঔষধ আৰু কীটনাশক, বিজুলী, বাতৰি কাকত ইত্যাদি। এই তালিকাত অন্তৰ্ভুক্ত বিষয়ৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ে আইন প্রণয়ন কৰিব পাৰি। কিন্তু একেটা বিষয়ত কেন্দ্ৰীয় আৰু ৰাজ্যিক আইনৰ মাজত মতবিৰোধ হ’লে কেন্দ্ৰীয় আইনে প্রাধান্য লাভ কৰে। এই তিনিখন সূচীত অন্তৰ্ভুক্ত নকৰা কোনো বিষয়ত আইন প্রণয়নৰ দায়িত্ব সংসদক দিয়া হৈছে । কিছুমান বিশেষ পৰিস্থিতিত ৰাজ্যিকসূচীৰ বিষয়তো সংসদে আইন প্রণয়ন কৰিব পাৰে।

3. কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিত্তীয় সম্পর্ক বর্ণনা কৰা।

উত্তৰঃ কেন্দ্ৰৰ সৈতে ৰাজ্যসমূহৰ সম্পৰ্কৰ চৰিত্ৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰ্থিক সম্পদসমূহৰ বিতৰণ বিশেষভাৱে তাৎপর্যপূর্ণ। কেন্দ্ৰ আৰু ৰাজ্য উভয়কে সংবিধানে নিজস্ব কৰৰ উৎসৰ ব্যৱস্থা কৰি দিছে। সংসদে কেন্দ্ৰীয় সূচীৰ অন্তৰ্ভুক্ত বিষয়ৰ ওপৰত কৰ আৰোপ তথা সংগ্ৰহ কৰিব পাৰে। ৰাজ্যসমূহে ৰাজ্যিক সূচীভুক্ত বিষয়ৰ ওপৰত কৰ আৰোপ সংগ্ৰহ কৰিব পাৰে। আন্তঃৰাজ্যিক বিষয়সমূহত সাধাৰণতে কেন্দ্ৰ আৰু সংশ্লিষ্ট ৰাজ্যসমূহে কৰ আৰোপ তথা সংগ্রহ কৰে। কেন্দ্ৰীয় সূচীত তলতা দিয়া বিষয়সমূহৰ ক্ষেত্ৰত কৰ আৰোপ আৰু সংগ্ৰহৰ ব্যৱস্থা আছেঃ

১। কেন্দ্ৰ দ্বাৰা কৰ ধার্য কৰা কিন্তু সংগ্ৰহ আৰু ভোগৰ বাবে ৰাজ্যসমূহে যেনে ষ্টাম্প কৰ, ঔষধি পত্ৰ প্ৰস্তুত কৰ আৰু প্ৰশাধন সামগ্ৰীৰ ওপৰত আৰোপিত কৰ ইত্যাদি।

২। কেন্দ্ৰ দ্বাৰা আৰোপিত আৰু সংগ্ৰহ কৰা কৰ যিবোৰ ৰাজ্যসমূহৰ মাজত ভাগ কৰি দিয়া হয়, যেনে— ৰেলৱে, সাগৰ বা আকাশ ইত্যাদি।

৩। কেন্দ্ৰৰ দ্বাৰা আৰোপিত আৰু সংগ্ৰহিত কৰসমূহ যিবোৰ সংসদৰ দ্বাৰা প্ৰাণিত আইনৰ মাধ্যমত কেন্দ্ৰ আৰু ৰাজ্যৰমাজত বিতৰণ কৰা হয়, যেনে— কেন্দ্ৰীয় অৱকাৰ কৰ, প্ৰশাধন সামগ্ৰীৰ ওপৰত আৱকাৰী কৰ ইত্যাদি।

৪। কেন্দ্ৰ দ্বাৰা আৰোপিত, সংগ্ৰহিত আৰু ভোগ কৰা কৰসমূহ, যেনে— বাণিজ্য বা আয়কৰৰ ওপৰত আৰোপিত কৰ ইত্যাদি।

৫। কেন্দ্ৰক দ্বাৰা আৰোপিত আৰু সংগ্ৰহিত কৰ যিবোৰ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিতৰণ কৰা হয়, যেনে— কৃষিৰ ওপৰত লগোৱা কৰ ৷ 

এইটো স্পষ্ট হৈ পৰিলে যে বিত্তীয় দিশটো কেন্দ্ৰ অধিক শক্তিশালী। বিকাশমূলক আঁচনিসমূহৰ বাবদ সাধাৰণ আৰু বিশেষ সহায়ক অনুদান আৰু আৰ্থিক সাহায্য প্রদানেৰে কেন্দ্ৰইৰাজ্যসমূহৰ ওপৰত নিয়ন্ত্ৰণ চলাব পাৰে। আৰ্থিক জৰুৰী অৱস্থাৰ সময়ত, ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত থকা কৰ বিভাজন ব্যৱস্থাসমূহ স্থগিত ৰাখিব পাৰে। তেওঁ ৰাজ্যৰ আন আন খৰচৰ ক্ষেত্ৰতো বাধানিষেধ আৰোপ কৰিব পাৰে।

ৰাজ্যিক পৰিকল্পনাবোৰ কেন্দ্ৰীয় পৰিকল্পনাৰ প্ৰাথমিকতাৰ ভিত্তি তৈয়াৰ কৰা হয় আৰু সেইবোৰ পৰিকল্পনা আয়োগৰ অনুমোদনৰ বিত্তি কার্যকৰি কৰা হয়। তাৰোপৰি ৰাজ্যসমূহে কেন্দ্ৰীয় সাহায্যপ্রাপ্ত আৰু চৰ্তভিত্তিত কেন্দ্ৰৰ আঁচনিসমূহৰ ৰূপায়ণ কৰিব লাগে। পৰিকল্পনা আয়োগে এটা অতিকেন্দ্ৰীয় পৰিকল্পনা ব্যৱস্থা কৰিছে। ৰাজ্যসমূহৰ বাবে কোনো পথ এৰা নাই আৰু কেন্দ্ৰীয়ভাৱে তৈয়াৰী আঁচনিসমূহ সঠিক তথা কল্পনাতিতভাৱে ইয়াৰ ওপৰত জাপি দিয়া হৈছে।

4. ভাৰতীয় সংবিধানখন আকাৰত যুক্তৰাষ্ট্ৰীয় কিন্তু প্রকৃতিত এককেন্দ্ৰীক ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানে যুক্তৰাষ্ট্ৰীয় গাঁঠনি প্ৰৱৰ্তন কৰা স্বত্তেও ভাৰতীয় সংবিধানখনক প্ৰকৃত যুক্তৰাষ্ট্ৰ কোৱাটো যথেষ্ট কঠিনষ সংবিধান প্রণেতাসকলে কিছুমান অ-যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যৰ অন্তৰ্ভুক্তিৰে ভাৰতবৰ্ষত প্ৰকৃত যুক্তৰাষ্ট্ৰীয় চৰিত্ৰৰ পৰিৱৰ্তন কৰিছে। এইবোৰ হ’লঃ

সংবিদানৰ ১ম অনুচ্ছেদত ভাৰতক এখন “ৰাজ্যসমূহৰ সংঘ” হিচাপে উল্লেখ কৰা হৈছে, যিয়ে দুটা কথা সূচিত কৰেঃ প্ৰথমতে ই ৰাজ্যসমূহৰ মাজত হোৱা চুক্তিৰ ফল নহয় আৰু দ্বিতীয়তে, ৰাজ্যসমূহে এই সংঘৰ পৰা বিচ্ছিন্ন বা আঁতৰি যোৱাৰ স্বাধীনতা নাই। ইয়াৰোপৰি কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ একেটাই সাংবিধানিক গাঁঠনি য’ৰ পৰা ই ওলাই যাব নোৱাৰে আৰু ইয়াৰ ভিতৰতে থাকি কার্যনির্বাহ কৰিবলৈ বাধ্য। যুক্তৰাষ্ট্ৰখন হৈছে এটা সংঘ, কাৰণ ই অবিভাজ্য আৰু দেশৰ একতা ৰক্ষা কৰাত ই সহায় কৰে।

ৰাজ্যসমূহৰ ৰাজ্যপালসকলক কেন্দ্ৰই নিয়োগ কৰে আৰু ৰাজ্যপালসমূহৰ পৰামৰ্শৰ ভিত্তিত ৰাজ্যসমূহৰ প্ৰশাসন নিজৰ হাতলৈ নিব পাৰে। অন্য অৰ্থত, ৰাজ্যপাল হ’ল ৰাজ্যসমূহত কেন্দ্ৰৰ প্ৰতিনিধি। ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কাম-কাজৰ পৰা এইটো স্পষ্ট হৈ পৰে যে ৰাজ্যপালে ৰাজ্য প্ৰধানৰ পৰিৱৰ্তে কেন্দ্ৰৰ প্ৰতিনিধি হিচাপেহে কাম কৰে। এইটোৱে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক প্ৰশাসনৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ সুবিধা দিয়ে। ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘোষণা কৰাৰ পিছত ৰাজ্যসমূহৰ কেন্দ্ৰৰ নিয়ন্ত্ৰণলৈ যায়।

যুক্তৰাষ্ট্ৰীয় বিধানমণ্ডল (সংসদ)ৰ উচ্চসদনত যুক্তৰাষ্ট্ৰৰ প্ৰতিটো গোটক সমান প্রতিনিধিত্বৰ সুবিধা দিয়া হয়। কিন্তু ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত এইটো প্ৰয়োগ কৰা দেখা নাযায়। ৰাজ্যসভাত ইয়াত অসমান প্রতিনিধিত্ব দিয়া হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ আদিৰ দৰে প্ৰকৃত যুক্তৰাষ্ট্ৰ সমূহত ৰাজ্যসমূহৰ আকাৰ বা জনসংখ্যা নির্বিশেষে ইয়াৰ উচ্চ সদন চিনেটলৈ দুজনকৈ প্রতিনিধি পঠিয়াব পাৰে।

এই সমূহৰ উপৰিও সকলোবোৰ গুৰুত্বপূৰ্ণ নিযুক্তি যেনে মুখ্য নির্বাচন আয়ুক্ত, নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক আদিবোৰৰ নিযুক্তি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কৰা হয় ৷ ইয়াৰোপৰি ভাৰতত একক নাগৰিকত্বৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যসমূহৰ বাবে ইয়াত পৃথক সংবিধানৰ ব্যৱস্থা নাই। ৰাজ্যসমূহে সংবিধান সংশোধনীৰ প্ৰস্তাৱনা উত্থাপকিৰিব নোৱাৰে। সংবিধান সংশোধনী একমাত্র কেন্দ্রীয় সংসদেহে কৰিব পাৰে।

যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো ক্ষতিগ্ৰস্ত নকৰাকৈ প্ৰশাসনীয় পদ্ধতিৰ ঐক্যতা আৰু ন্যূনতম উমৈহতীয়া প্ৰশাসনীয় মানদণ্ড বৰ্তাই ৰাখিবলৈ কেন্দ্ৰৰ নিয়ন্ত্ৰণত আই.এ.এচ আৰু আই.পি.এচ আদি সৰ্বভাৰতীয় সেৱাসমূহৰ ব্যৱস্থা কৰা হৈছে। অৰ্থনৈতিক দিশতো ৰাজ্যসমূহে বহুপৰিমাণে কেন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। ৰাজ্যসমূহৰ ইয়াৰ বাবে প্রয়োজনীয় অর্থনৈতিক সম্পদ লগত নাথাকে। অর্থনৈতিক জৰুৰী অৱস্থাৰ সময়ত, সাজ্যসমূহ অৰ্থনীতিৰ ওপৰতে কেন্দ্ৰই সম্পূর্ণ নিয়ন্ত্রণ সাব্যস্ত কৰে।

কোনো ৰাজ্যত বা ইয়াৰ যিকোনো অংশত অশান্তিয়ে দেখা দিলে, সেইৰাজ্য বা অশান্তিপূর্ণ অঞ্চলত কেন্দ্ৰীয় বাহিনী নিয়োগৰ ক্ষমতা কেন্দ্ৰীয় চৰকাৰক দিয়া হৈছে। কোনো ৰাজ্যৰ সীমাৰ সালসলনি, মাটিকালি হ্রাস-বৃদ্ধিকৰণ বা নামৰ পৰিৱৰ্তনৰ ক্ষেত্ৰতো সংসদে আইনৰ মাধ্যমেৰে এইবোৰ কৰিব পাৰে। যুক্তৰাষ্ট্ৰীয় নীতি অনুযায়ী দুই ধৰণৰ আদালতৰ ব্যৱস্থা কৰা হয়। কিন্তু ভাৰতবৰ্ষত শীৰ্ষত উচ্চতম ন্যায়ালয়ৰ অৱস্থানেৰে একত্ৰীভূত ন্যায়পালিকাহে আছে।

ভাৰতবৰ্ষৰ সংবিধানে কেন্দ্ৰীয় সূচীৰ মাধ্যমেৰে সকলোবাৰ গুৰুত্বপূৰ্ণ বিষয় কেন্দ্ৰৰ ওপৰত এখন শক্তিশালী কেন্দ্র প্রতিষ্ঠা কৰিছে। ৰাজ্য চৰকাৰসমূহৰ সীমিত ক্ষমতাহে আছে। অর্থনৈতিক দিশত ৰাজ্যসমূহ কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top