ASOS Class 12 Environmental Science Chapter 5 পৰিৱেশ প্ৰদূষণ

ASOS Class 12 Environmental Science Chapter 5 পৰিৱেশ প্ৰদূষণ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Environmental Science Chapter 5 পৰিৱেশ প্ৰদূষণ and select needs one.

ASOS Class 12 Environmental Science Chapter 5 পৰিৱেশ প্ৰদূষণ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Environmental Science Chapter 5 পৰিৱেশ প্ৰদূষণ Solutions for All Subject, You can practice these here.

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

প্রশ্ন ১ঃ পানী প্ৰদূষণৰ কাৰণ আৰু পানী প্ৰদূষণ ৰোধ কৰিবলৈ ল’বলগীয়া ব্যৱস্থাবোৰ লিখা।

উত্তৰঃ পানী প্ৰদূষিত কৰা বিভিন্ন কাৰকবোৰ হ’ল—

নগৰ অঞ্চলত খোৱা পানীৰ যোগান ধৰা হয় যদিও সেই পানী পৰিবাহী যিবিলাক নলা সেইসমূহত মামৰ ধৰা বাবেও খোৱা পানী প্ৰদূষিত হয়। জনসংখ্যা বৃদ্ধিৰ ফলত য’তে ত’তে পস্ৰাৱ,পায়খানা কৰা, গা ধোৱা আদিৰ ফলতো পানী প্ৰদূষণ হয়। পানীৰ বিভিন্ন কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক দ্ৰব্য নঘৰ অঞ্চলত বেছি মিহলি হয়। ফলত পানী প্ৰদূষিত হয়। নগৰ অঞ্চলত ব্যাপক হাৰত হোৱা বায়ু প্ৰদূষণৰ বাবেও খোৱাপানী প্ৰদূষিত হোৱা দেখা যায়। কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা উচ্ছিষ্টই পানী প্ৰদূষিত কৰে।

কৃষি পথাৰৰ পৰা নিগৰি যোৱা পানীত কাটনাশক দৰব সাৰ আৰু পশুপক্ষীৰ ময়লা মিহলি হৈ থাকে। এইবিশাক্ত বস্তুবোৰ বৰষুণৰ পানীৰ লগত মাটিত প্ৰৱেশ কৰে আৰু নৈ বিল আদি জলাশয়ত প্ৰৱেশ কৰে। সাৰবোৰে পানীত হোৱা ঘাঁহ-বন আৰু শেলুৱৈ আদি বৃদ্ধিত সহায় কৰে ফলত সেইবোৰে গোটেই জলভাগ বেৰি ধৰে। জলজ প্রাণীৰ জীৱন ধাৰণ অসম্ভৱ হয়। কীটনাশক দ্ৰব্যবোৰ পানী প্ৰদূষিত কৰি মানুহ আৰু জীৱৰ ব্যৱহাৰৰ অনুপযুক্ত কৰি তোলে। পশুৰ মনমূত্ৰই পানীত দুৰ্গন্ধ কৰি প্ৰদূষিত কৰে।

কল-কাৰখনাৰ যন্ত্ৰপাটিৰ অংশ বিশেষ ঠাণ্ডা কৰাৰ পাছত তলত পানী পুনৰাই জলাশয়ত এৰি দিলে জলাশয়ৰ পানী প্ৰদূষিত হয়। পানীৰ সামান্যতম উষ্ণতা বৃদ্ধিয়ে মাছ আৰু আন জলজ প্রাণীৰ ক্ষতি কৰিব পাৰে। বেছি গৰম পানীয়ে মাছ পুথিৰ সংখ্যা হ্ৰাস কৰি আনিছে। গৰম পানীয়ে শেলুৱৈ আৰু আন জলজ উদ্ভিদৰ বংশ বৃদ্ধিত সহায় কৰে। খাৰুৱা তেলৰ বেহাবেপাৰ কৰিবলৈ সাগৰীয় জাহাজেৰে তেল অনা নিয়া কৰিবলগীয়া হয়। 

তেল বাগীৰ পৰি নাইবা দুৰ্ঘটনাৰ ফলত খাৰুৱা তেল সাগৰৰ পানীৰ ওপৰত পৰি সাগৰৰ পানী প্ৰদূষিত কৰে। ১৯৬৮ আৰু ১৯৮৩ চনৰ ভিতৰত ৫০০তকৈ অধিক টেঙ্কাৰ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত বহুত নিযুত টন খাৰুৱা তেল সাগৰৰ পানীত মিহলি হয়। এইবোৰে সমুদ্র পৃষ্ঠৰ আৰু জলজ প্রাণীৰ বিপদ মাতি আনে। পাখীত তেল লাগি ধৰা বাবে উৰিব নোৱাৰি বহুত সাগৰীয় চৰাইৰ মৃত্যু হয়।

আনবিক পৰীক্ষা কৰা সময়ত বায়ুমণ্ডলত স-ষ্টি হোৱা ৰেডিও একটিভ ধূলিকণাবোৰ বৰষুণৰ পানীৰ লগত মাটিত সৰি পৰে। ইয়াৰ কিছুমান বৰষুণৰ পানীত ভুগৰ্ভত প্ৰৱেশ কৰি ভূগর্ভস্থ পানী প্ৰদূষিত কৰে। কিছুমান এনে পানী নৈ, বিল পুখুৰী আদিত পৰি সেইবোৰ প্ৰদূষিত কৰে লগতে মানুহ আৰু প্রাণীজগতৰ যিসকলে তেনে প্ৰদূষিত পানী পান কৰে তেওঁলোকৰো ক্ষতি হয় লগত ই জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে।

পানী প্ৰদূষণ ৰোধ কৰিবলৈ ল’বলগীয়া ব্যৱস্থাবোৰঃ

(ক) কল-কাৰখানাৰ প্ৰদূষিত ময়ালা আদি পৰিশোধন নকৰাকৈ নদী, নলা নাইবা আন কোনো জলাশয়ত পেলাব দিব নালাগে। চৰকাৰে কঠোৰ আইন কৰি, ময়লা পিৰশোধন কৰাৰ ব্যৱস্থা নথকা কাৰখানাক বস্তু উৎপাদনৰ অনুমতি দিব নালাগে।

(খ) গৃহস্থৰ ঘৰৰ বজ্য জাবৰ ময়লা আদি পৰিশোধন কৰাৰ পাচতহে পানীত পেলোৱাৰ ব্যৱস্থা কৰিব লাগে।

(গ) ৰাসায়নিক কীটনাশক দৰব আৰু সাৰৰ প্ৰয়োগ সীমিত কৰিব লাগে আৰু গছ-গছনিৰ পৰা তৈয়াৰী কীটনাশক দৰব উৎপাদন কৰি সেইবোৰ ব্যৱহাৰ কৰিব লাগে।

(ঘ) কঢ়া আইন কৰি মানুহ আৰু জীৱৰ মৰাশ নদীত পেলোৱা বন্ধ কৰিব লাগে। নদীৰ পাৰ পৰিস্কাৰ কৰি ৰাখিব লাগে।

(ঙ) পানীত হোৱা ঘাঁহবোৰ সঘনাই উভালি পেলাবৰ ব্যৱস্থা কৰিব লাগে।

(চ) পটাচিয়াম পাৰমাঙ্গানেট ব্যৱহাৰ কৰি পানী অনুজীৱমুক্ত কৰি ৰাখিব লাগে।

(ছ) দেহত পানীয়ে কৰা অপকাৰৰ বিষয়ে ৰাইজক সজাগ কৰিব লাগে। চৰকাৰী আৰু বেচৰকাৰী সন্থাসমূহে প্ৰদূষিত পানীয়ে কৰা অপকাৰৰ বিষয়ে ৰাইজক সচেতন কৰিব লাগে।

প্রশ্ন ২ঃ বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ লোৱা ব্যৱস্থাবোৰ লিখা।

উত্তৰঃ বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ গোটেই বিশ্বতে প্ৰচেষ্টা চলাই থকা হৈছে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ সন্তোষজনক উন্নতি লভিব পৰা নাই।

এই ক্ষেত্ৰত ল’বলগীয়া কেইটামান ব্যৱস্থা হ’ল–

(i) নির্গমনমৰ মাত্ৰা কমাই ৰাখিবলৈ মটৰগাড়ীৰ উঞ্জিনবোৰ নতুন আৰ্হিত সাজিব লাগে।

(ii) কাৰিকৰী দিশৰ উপৰিও ব্যক্তিগত দিশতো তলত উল্লেখ কৰা ব্যৱস্থাবোৰ লোৱা উচিত।

(ক) যান-বাহনবোৰৰ নিয়মীয়া পৰীক্ষণ আৰু চাফ চিকুণকৰণ।

(খ) ফিল্টাৰৰ ব্যৱহাৰ।

(গ) পুৰণি ইঞ্জিন আৰু ইঞ্জিনৰ অংশবোৰ সলাই নতুন লগোৱা।

(ঘ) ইঞ্জিনবোৰ ভালদৰে টিউনিং কৰা।

(iii) শিল্পবোৰ মানুহৰ বসতিস্থলৰ পৰা নিৰাপদ দূৰত্বত স্থাপন কৰা।

(iv) খৰি, কয়লা আদি পৰম্পৰাগত ইন্ধনৰ সলনি কম ধোঁৱা ওলোৱা ইন্ধন ব্যৱহাৰ আৰু বনজুই নিয়ন্ত্ৰণ কৰা।

(v) প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থা নকৰালৈকে শিল্প, কল-কাৰখানাক উৎপাদনৰ অনুমতি দিব নালাগে।

(vi) ধোঁৱা যোৱা চিমনিবোৰ ওখ কৰা আৰু ধূলিকণা আদি সৰকি যাব নোৱাৰাকৈ চেকনি লগাই দিয়া।

(vii) হাবিৰ আবৰণ মাটিৰ মুঠ ৩৩ শতাংশ সংৰক্ষণ ৷ ইয়াৰ উদ্দেশ্য হ’ল যে হাবিৰ আবৰণে প্ৰদূষণ ৰুধিব পাৰে। বৃক্ষৰোপন আৰু বনানীকৰণ সামাজিক আৰু চৰকাৰী ভাবে লব লাগে। এনে কৰিলে পৰিৱেশৰ লসমতা ৰক্ষাতো সহায়ক হ’ব।

(viii) চহৰ আৰু গাঁওবোৰৰ চাৰিওফালে সেউজীয়া অঞ্চলৰ সংৰক্ষণ। শিল্পবোৰৰ চাৰিওফালেও একেধৰণৰ সেউজীয়া অঞ্চলৰ সৃষ্টি কৰা।

(ix) কয়লা আৰু বাষ্পচালিত ইঞ্জিনৰ সলনি ৰেলগাড়ীৰ বিজুলী শক্তি চালিত ইঞ্জিনৰ প্ৰয়োগ।

(x) মটৰ গাড়ী আৰু শিল্পৰ প্ৰদূষম নিয়ন্ত্ৰণ কৰিবলৈ কঢ়া আইনৰ প্ৰচলন আৰু প্ৰয়োগ।

(xi) ৰাইজ আৰু চৰকাৰৰ যৌথ প্রচেষ্টা অবিহনে বায়ু প্ৰদূষণ নিয়ন্ত্রণ কৰা। সম্ভৱ নহয় ৷

প্রশ্ন ৩ঃ পৰিৱেশ প্ৰদূষণ মানে কি বুজা? বিভিন্ন প্ৰকাৰৰ প্ৰদূষণৰ বিষয়ে লিখা।

উত্তৰঃ পৰিৱেশ প্ৰদূষণঃ পৰিৱেশৰ মূল উপাদানসমূহ দূষিত হোৱাকে পৰিৱেশ প্ৰদূষণ বুলি কোৱা হয়। পৰিৱেশ প্ৰদূষণ আধুনিক যুগৰ এক ভয়াবহ সমস্যা। পৰিৱেশ প্ৰদূষণে পৰিৱেশৰ মূল উপাদান বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ ঘটাইছে। ফলস্বৰূপে জীৱ বৈচিত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে। স্বাৰ্থপৰ মানুহে নিজৰ অভাৱ পূৰণৰ বাবে পৰিৱেশৰ মূল উপাদান বায়ু, পানী, মাটি, প্ৰাকৃতিক সম্পদ আৰু জীৱ বৈচিত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। উন্নয়নশীল দেশসমূহে উন্নতিৰ শিখৰত উঠাৰ তীব্ৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ প্ৰাকৃতিক সম্পদ লুণ্ঠনত নামি পৰিছে ফলস্বৰূপে সমগ্র পৃথিৱীকে পৰিবেশ প্ৰদূষণৰ সমস্যাই আগুৰি ধৰিছে।

বিভিন্ন প্ৰকাৰৰ প্ৰদূষণসমূহ হ’ল–

(১) পৰিৱেশ অনুসৰি— যেতিয়া পৰিৱেশৰ বিভিন্ন অংশ প্ৰদূষণত আক্রান্ত হয় তেতিয়া সেইবোৰক এইদৰে ভাগ কৰিব পাৰি–

(ক) বায়ু প্ৰদূষণ।

(খ) জল প্ৰদূষণ।

(গ) ভূমি প্ৰদূষণ।

(২) প্ৰদূষক অনুসৰি— প্ৰদূষক অনুসৰি প্ৰদূষণ নিন্মোক্ত প্ৰকাৰৰ হ’ব পাৰে—

(ক) তাপ প্ৰদূষণ।

(খ) শব্দ প্ৰদূষণ।

(গ) তেজস্ক্রিয় প্ৰদূষণ।

(ঘ) গোটা আবৰ্জনাৰ প্ৰদূষণ।

(ঙ) তৈল প্ৰদূষণ।

(চ) ঔদ্যোগিক প্ৰদূষণ।

(ছ) সাগৰীয় প্ৰদূষণ।

প্রশ্ন ৪ঃ গোটা আৱৰ্জনা কি? সেইবোৰক কিদৰে ভাগ কৰা হয়? উদাহৰণ দিয়া।

উত্তৰঃ গোটা আৱৰ্জনাঃ ঘৰুৱা, ব্যৱসায়িক, প্রতিষ্ঠানিক, কৃষি, খনন আৰু ঔদ্যোগিক কাম-কাজৰ ফলত গোটা আৱৰ্জনা সৃষ্টি হয়। ব্যৱহাৰৰ অনুপযোগী আৰু অনাৱশ্যকীয় বুলি পেলাই দিয়া এনে আৱৰ্জনাক গোটা আৱৰ্জনা বোলা হয়। 

পেলনীয়া পদাৰ্থৰ বৈশিষ্ট্য আৰু পৰিমানৰ ওপৰত ভিত্তি কৰি তলত দিয়া শ্ৰেণীত ভাক কৰা হৈছে।

(১) নগৰ বা পৌৰ এলেকাৰ পেলনীয়া পদার্থ।

(২) শিল্প উদ্যোগৰ পেলনীয়া পদার্থ।

(৩) কৃষি কাৰ্যৰ পেলনীয়া পদার্থ।

(৪) জৈৱ (অণুজীৱ), সম্বন্ধীয় প্ৰদূষণ।

(৫) তেজস্ক্রিয় পদাৰ্থৰ পেলনীয়া অংশ।

(১) নিগৰ বা পৌৰ এলেকাৰ পেলনীয়া পদাৰ্থঃ নগৰ অঞ্চলত জসংখ্যা দিনকদিনে বাঢ়ি গৈছে আৰু মানুহবিলাকে অপৰিকল্পিতভাৱে ঘৰ সাজি লৈছে। বৰষুণৰ পানী যোৱাৰ বাবে নলা-নর্দমা নাই, নাই মুকলি ঠাই যাৰ ফলত মানুহবিলাকে নিত্য ব্যৱহৃত সামগ্ৰী য’তে-ত’তে পেলাই দিয়ে যাৰ ফলত বৰষুণ এজাক দিলে সেইবিলাক য’তে-ত’তে সিচৰিত হৈ মুখ কৰিব নোৱাৰা অৱস্থা হয়। পৌৰ নিগমৰ, জাবৰ পেলোৱা ডাষ্টবিনৰ সুব্যৱস্থা নাই। বর্তমান আটাইতকৈ ডাঙৰ সমস্যা হৈছে পলিথিনৰ কেৰী বেগ। এই পলিথিনৰ পচনক্ৰিয়া নাই। নলা, নর্দমা আদিত এইবোৰ পেলাই দিয়াৰ ফলত নালা নর্দমা বন্ধ হৈ যায় আৰু বানপানীৰ সৃষ্টি কৰে।

(২) শিল্প উদ্যোগৰ পেলনীয়া পদার্থঃ শিল্প উদ্যোগৰ পৰা নিৰ্গত হোৱা পেলনীয়া পানী আৰু অন্য পদাৰ্থবোৰেই মাটি প্ৰদূষিত কৰে। এই কল কাৰখানা সমূহৰ পৰা নিৰ্গত হোৱা ধেঁআৱা আৰু অন্যান্য পেলনীয়া পানী আৰু অন্য পদাৰ্থবিলাকে মাটি আৰু পানী প্ৰদূষণ ঘটাই জনজীৱন দুৰ্বহ কৰি তুলিছে।

(৩) কৃষি কাৰ্যৰ পেলনীয়া পদাৰ্থঃ ভাৰতবৰ্ষৰ জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাইছে। ফলত অধিক খাদ্য শস্য উৎপাদন কৰিবৰ কাৰণে কৃষি কাৰ্যত বিভিন্ন পৰিষ্কাকাৰৰ ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰিব লাগে। এই ৰাসায়নিক দ্ৰব্যৰ ভিতৰত ৰাসায়নিক সাৰ, কীট পতঙ্গ নিয়ন্ত্ৰণৰ কাৰণে কীটনাশক ৰোগ নিবাৰণৰ বাবে ৰোগনাশিক আদি প্ৰধান। এই ৰাসায়নিক দ্রব্যবিলাকে মাটিৰ প্ৰাকৃতিক গুণাগুণ নষ্ট কৰে।  

জধেমধে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে সাৰৰ লগতে থকা মৌল আৰু মাটিত মৌলৰ লগত বিক্রিয়া ঘটি লৱণযুক্ত হয় আৰু অম্লতা বাঢ়ে। নাইট্ৰ’জেন যুক্ত সাৰৰ পৰা নাইট্রেট ৰূপত নাইট্ৰ’জেন মাটিৰ তলেদি নিৰ্ধাৰণ পক্ৰিয়াৰে বৰষুণে উটুৱাই নি বিল, পুখুৰী আদিত পেলায়। ফলত ই পানীৰ লগত মিহলি হৈ মাত্মক বোমাৰৰ সৃষ্টি কৰে।

(৪) জৈৱ সম্বন্ধীয় প্ৰদূষণঃ বিভিন্ন ৰোগৰ বীজাণু মাটিৰ যোগেদি শৰীৰত প্রবেশ কৰি বিভিন্ন ৰোগৰ সৃষ্টি কৰে। পেলু আদি পৰজীৱীবোৰে মানুহ, অন্যান্য পোহনীয়া বা বনৰীয়া পশু-পক্ষীৰ মাটিৰ যোগেদি শৰীৰত প্ৰবেশ কৰে।ৰোগাক্ৰান্তই ত্যাগ মল-মূত্ৰত এই বীজাণুবিলাক মাটিত বহুদিনলৈকে জীৱিত হোৱা শস্য বা ঘাঁহ, বন আদিত সংক্রমিত হয়। শৌচাগাৰ থকা সত্ত্বেও বহুতো মানুহে পৰম্পৰাগত অভ্যাসৰ কাৰণে বাহনি, পথাৰ আদিত মল-মূত্র ত্যাগ কৰে। বৰষুণৰ পানীয়ে সেই মল উটুৱাই লৈ গৈ শস্যৰ পথাৰ আদিত বিয়পাই দিয়ে। পানী শুকাই যোৱাৰ পাছত সেই মলত থকা পেলুৰ কণী, অন্য বীজাণু আদি মাটি ৰৈ যায়।

প্রশ্ন ৫ঃ পানী বা বায়ু প্ৰদূষণৰ বাবে প্ৰাকৃতিক আৰু মানুহে সৃষ্টি কৰা কাৰণসমূহ।

উত্তৰঃ গুণগত মানদণ্ড বিনষ্টহে খোৱাৰ অনুপযুক্ত হ’লৈ পানী প্ৰদূষিত হোৱা বুলি কোৱা হয়৷ পানী প্ৰদূষিত কৰা বস্তুবোৰ হ’ল কল কাৰখানাৰ আবর্জনা, গৃহস্থৰ পেলনীয়া বস্তুবোৰ, খনি নাইবা খেতি পথাৰৰ আবৰ্জনাবোৰ, বিজুলী উৎপাদন কেন্দ্ৰ গৰমপানী, তেল আদি। এই প্ৰদূষণকাৰী পদাৰ্থবোৰ পানীৰ মৌলিক, ৰাসায়নিক আৰু জৈৱিক মৌলিবোৰৰ পৰিৱৰ্তন ঘটায়। Suspended, Colloidal আৰু Dissolved অৱস্থাত পানী প্ৰদূষণ হ’ব পাৰে।

Suspended অর্থাৎ ওপঙি থকা দ্ৰব্যবোৰ এইবোৰৰ উপৰিও মানুহৰ বাবে ক্ষতিকাৰক আন ভালেমান পদার্থ আছে। এইবোৰৰ ভিতৰত সীহ, এচবেচট্চ, বেৰিলিয়াম, ক্যাজিমান, পাৰজ আৰু কীটপতঙ্গনাশক দৰববোৰ প্ৰধান। যেনে ধূলিকণা, ধাতৱ কণিকাবোৰ, ফেন, কাপোৰ, কাগজ, গছৰ পাত আদি বস্তুবোৰে পানী প্ৰদূষিত কৰে ৷

Colloidal বিধৰ প্ৰদূষকবোৰ পানীত মিহলি হৈ থাকে আৰু সেইবোৰ সহজে পৃথক কৰিব নোৱাৰি। বিভিন্ন ধাতুৰ অক্সাইডবোৰ আৰু ক্ষুদ্রতম বেক্টেৰীয়াবোৰ এই শ্ৰেণীৰ প্ৰদূষক।

তৃতীয় বিধৰ প্ৰদূষকবোৰ পানীত দ্রবীভূত হৈ মিহলি হৈ যায়। চালফাৰ ডাই অক্সাইড, কার্বন ডাই অক্সাইড, মিছেন আদি গেছবোৰ আৰু চডিয়াম, পটাচিয়াম, লৌহ আদি ধাতুবোৰ এই শ্ৰেণীৰ পানী প্ৰদূষক। পানীৰ প্ৰদূষণ প্রাকৃতিক উৎস নাইবা মানুহে কৰা কামৰ ফলত হ’ব পাৰে।

প্রাকৃতিক উৎসবোৰঃ পানী দূষিত কৰা প্ৰাকৃতিক উৎসবোৰ হ’ল মাটি, ধাতৱ পদাৰ্থবোৰ, হিউমাচ, প্ৰাণীবোৰৰ মলমূত্ৰ আৰু পানীত থকা অনুজীৱীবোৰ। বৰষুণৰ সময়ত মুগা ৰঙৰ লেতেৰা পানী নদী আৰু আন জলাশয়বোৰত দেখা যায়। এইবোৰ হ’ল পানীৰ লগত বোকাৰ মিশ্ৰণ। একেদৰে ওপঙি থকা আৰু দ্রবীভূত হোৱা নানান বিধৰ প্ৰদূষক আছে। মানুহে সহিব পৰাতকৈ বেছি পৰিমাণৰ খনিজ পদার্থ মিহলিহৈ থকা পানী স্বাস্থ্যৰ বাবে ক্ষতিকৰ। কিছুমান পশু পক্ষাৰ ময়লাও বিষাক্ত হ’ব পাৰে লগতে পানীত থকা কিছুমান জলজ উদ্ভিদেও পানী প্ৰদূষিত কৰে। 

মানুহৰ দ্বাৰা সৃষ্টি উৎসবোৰঃ মানুহে কৰা পানীৰ প্ৰদূষকবোৰ হ’ল–

(ক) কল-কাৰখানাৰ আৱৰ্জনাবোৰ।

(খ) গৃহস্থৰ ঘৰৰ আৱৰ্জনাবোৰ।

(গ) খনিজ আৰু পথাৰৰ পৰা বৈ যোৱা আৱৰ্জনাবোৰ।

(ঘ) বিজুলী শক্তি উৎপাদন কেন্দ্ৰৰ পৰা এৰি দিয়া তপত পানী।

(ঙ) খনিজ তেল।

(চ) খনিজ একটিভ আৱৰ্জনাবোৰ।

কল-কাৰখানাৰ পৰা অৰি দিয়া নানান ধৰণৰ বিষাক্ত পেলনীয়া বস্তুৱে খোৱা পানীৰ অভাৱ সৃষ্টি কৰাৰ লগতে জলজ প্রাণীবোৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত প্রধান প্ৰদূষকবোৰ হ’ল তেল শোধনাগাৰবোৰ, প্রেট্রকেমিকেল গোটবোৰ, কাগজ কল, কাপোৰ কল, খাদ্য উৎপাদন কাৰী শিল্পবোৰ, চাবন আদি বস্তুবোৰ আৰু ধাতু গঢ়া কাৰখানাবোৰ।

ভাৰতবৰ্ষৰ প্ৰায়বোৰ নদীৰ পানী এইদৰে প্ৰদূষিত কৰা হৈছে। পবিত্র গঙ্গা, যমুনা, দামোদৰ আদি নদী ইয়াৰ উদাহৰণ। গঙ্গাৰ পাৰত হৃষিকেশ, হৰিদ্বাৰ, এলাহাবাদ, বাৰানসী আদি পবিত্ৰ চহৰ নগৰবোৰ অৱস্থিত। এই চাৰিখন চহৰ আৰু বিহাৰ আৰু কলকাতাই গঙ্গাৰ পানী ইমান প্ৰদূষিত কৰিছে যে “The Ganga Action Plan’ এ গঙ্গাৰ পানীৰ প্ৰদূষণ ৰুধিব পৰা নাই। যমুনা নদীৰ ক্ষেত্ৰতো কথা একেটাই। একমাত্ৰ দিল্লীৰ শিল্প উদ্যোগ থকা অঞ্চলেই বহু লক্ষ টন আবর্জনা যমুনা নদীত পেলায়।

দামোদৰ নদীয়ে বোকাৰো তীখা কাৰখানা, ভাৰতীয় লোহা আৰু তীখা কোম্পানী, বেঙ্গল পেপাৰমিল, সিন্দ্ৰি সাৰ কাৰখানাৰ আবৰ্জনা বহন কৰি প্ৰদূষিত হৈ পৰিছে। এইবোৰ বৰ ডাঙৰ কল-কাৰখানা আৰু এইবোৰে দেশৰ অৰ্থনীতিত প্রভূত বৰঙণি যোগাইছে যদিও এইবাৰে পৰিৱেশ পদূষণ কৰাতো অৰিহণা যোগাইছে আৰু নদীৰ জলধাৰা প্ৰদূষিত কৰিছে। 

আমাৰ দেশৰ প্ৰদূষিত পানীৰ সৰবৰ নদীৰ উদাহৰণ বিশেষ কৰিব নোৱাৰি। গৃহস্তৰ পেলনীয়া আৱৰ্জনাবোৰ পানী আৰু লগতে প্লাষ্টিকৰ মোনা, চাবন, চৌদা, কাপোৰ, কাগজ আদি সমুদায় বস্তু মিলি গৃহস্থৰ বহ্য ময়লাৰ সৃষ্টি হয় আৰু ই পানী প্ৰদূষণৰ এক প্ৰধান কাৰক।

প্রাকৃতিকভাৱে পানী প্ৰদূষিত হোৱাৰ কাৰণবোৰ হ’ল—

(ক) আগ্নেয়গিৰিৰ উদ্‌গীৰণৰ জৰিয়তে ভূ-গৰ্ভৰ ৰাসায়নিক দ্রব্যই পানী প্ৰদূষিত কৰে।

(খ) সূৰ্যৰ পোহৰ যথেষ্ট নাহোৱা অঞ্চলত শেলাইজাতীয় উদ্ভিদৰ সংখ্যা বৃদ্ধি হৈ কালক্ৰমত সূচনা কৰা ৰাসায়নিক বিক্রিয়ায়ো পানী প্ৰদূষিত কৰে।

(গ) জলজ উদ্ভিদৰ সংখ্যাধিক বিস্তাৰণে নিম্নভাগলৈ পোহৰ প্ৰৱেশ কৰাত বাধা জন্মায় আৰু ইয়াৰ পৰিণামস্বৰূপে ব্যাপক হাৰত জলজ উদ্ভিদ গেলি-পচি পানী প্ৰদূষিত কৰি তোলে।

প্রশ্ন ৭ঃ পানী বা বায়ু প্ৰদূষণৰ বাবে প্রাকৃতিক আৰু মানুহে সৃষ্টি কৰা কাৰণসমূহ।

উত্তৰঃ গুণগত মানদণ্ড বিনষ্টহে খোৱাৰ অনুপযুক্ত হ’লে পানী প্ৰদূষিত হোৱা বুলি কোৱা হয়। পানী প্ৰদূষিত কৰা বস্তুবোৰ হ’ল কল কাৰখানাৰ আৱৰ্জনা, গৃহস্থৰ পেলনীয়া বস্তুবোৰ, খনি নাইবা খেতি পথাৰৰ আবৰ্জনাবোৰ, বিজুলী উৎপাদন কেন্দ্ৰ গৰমপানী, তেল আদি। এই প্রদূষণকাৰী পদাৰ্থবোৰ পানীৰ মৌলিক, ৰাসায়নিক আৰু জৈৱিক মৌলিবোৰৰ পৰিৱৰ্তন ঘটায়। Suspended, Colloidal আৰু Dissolved অৱস্থাত পানী প্ৰদূষণ হ’ব পাৰে।

Suspended অর্থাৎ ওপঙি থকা দ্রব্যবোৰ এইবোৰৰ উপৰিও মানুহৰ বাবে ক্ষতিকাৰক আন ভালেমান পদার্থ আছে। এইবোৰৰ ভিতৰত সীহ, এচবেচটচ, বেৰিলিয়াম, ক্যাজিমান, পাৰজ আৰু কীটপতঙ্গনাশক দৰববোৰ প্ৰধান। যেনে— ধূলিকণা, ধাতৱ কণিকাবোৰ, ফেন, কাপোৰ, কাগজ, গচৰ পাত আদি বস্তুবোৰে পানী প্ৰদূষিত কৰে।

Colloidal বিধৰ প্ৰদূষকবোৰ পানীত মিহলি হৈ থাকে আৰু সেইবোৰ সহজে পৃথক কৰিব নোৱাৰি। বিভিন্ন ধাতুৰ অক্সাইডবোৰ আৰু ক্ষুদ্রতম বেক্টেৰীয়াবোৰ এই শ্ৰেণীৰ প্ৰদূষক।

তৃতীয় বিধৰ প্ৰদূষকবোৰ পানীত দ্রবীভূত হৈ মিহলি হৈ যায়। চালফাৰ ডাই অক্সাইড, কার্বন ডাই অক্সাইড, মিছেন আদি গেছবোৰ আৰু চদিয়াম, পটাচিয়াম, লৌহ আদি ধাতুবোৰ এই শ্ৰেণীৰ পানী প্ৰদূষক। পানীৰ প্ৰদূষণ প্রাকৃতিক উৎস নাইবা মানুহে কৰা কামৰ ফলত হ’ব পাৰে।

প্রাকৃতিক উৎসবোৰঃ পানী দূষিত কৰা প্ৰাকৃতিক উৎসবোৰ হ’ল মাটি, ধাতৱ পদাৰ্থবোৰ, হিউমাচ, প্ৰাণীবোৰৰ মলমূত্ৰ আৰু পানীত থকা অনুজীৱীবোৰ। বৰষুণৰ সময়ত মুগা ৰঙৰ লেতেৰা পানী নদী আৰু আন জলাশয়বোৰত দেখা যায়। এইবোৰ হ’ল পানীৰ লগত বোকাৰ মিশ্ৰণ। একেদৰে ওপঙি থকা আৰু দ্রবীভূত হোৱা নানান বিধৰ প্ৰদূষক আছে। মানুহে সহিব পৰাতকৈ বেছি পৰিমাণৰ খনিজ পদার্থ মিহলিহৈ থকা পানী স্বাস্থ্যৰ বাবে ক্ষতিকৰ। কিছুমান পশু পক্ষাৰ ময়লাও বিষাক্ত হ’ব পাৰে লগতে পানীত থকা কিছুমান জলজ উদ্ভিদেও পানী প্ৰদূষিত কৰে।

মানুহৰ দ্বাৰা সৃষ্টি উৎসবোৰঃ মানুহে কৰা পানীৰ প্ৰদূষকবোৰ হ’ল—

(ক) কল-কাৰখানাৰ আৱৰ্জনাবোৰ।

(খ) গৃহস্থৰ ঘৰৰ আৱৰ্জনাবোৰ।

(গ) খনিজ আৰু পথাৰৰ পৰা বৈ যোৱা আবর্জনাবোৰ।

(ঘ) বিজুলী শক্তি উৎপাদন কেন্দ্ৰৰ পৰা এৰি দিয়া তপত পানী।

(ঙ) খনিজ তেল।

(চ) খনিজ একটিভ আৱৰ্জনাবোৰ।

কল-কাৰখানাৰ পৰা অৰি দিয়া নানান ধৰণৰ বিষাক্ত পেলনীয়া বস্তুৱে খোৱা পানীৰ অভাৱ সৃষ্টি কৰাৰ লগতে জলজ প্রাণীবোৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত প্রধান প্ৰদূষকবোৰ হ’ল তেল শোধনাগাৰবোৰ, প্রেট্ৰকেমিকেল গোটবোৰ, কাগজ কল, কাপোৰ কল, খাদ্য উৎপাদন কাৰী শিল্পবোৰ, চাবন আদি বস্তুবোৰ আৰু ধাতু গঢ়া কাৰখানাবোৰ।

ভাৰতবৰ্ষৰ প্ৰায়বোৰ নদীৰ পানী এইদৰে প্ৰদূষিত কৰা হৈছে। পবিত্র গঙ্গা, যমুনা, দামোদৰ আদি নদী ইয়াৰ উদাহৰণ। গঙ্গাৰ পাৰত হৃষিকেশ, হৰিদ্বাৰ, এলাহাবাদ, বাৰানসী আদি পবিত্ৰ চহৰ নগৰবোৰ অৱস্থিত। এই চাৰিখন চহৰ আৰু বিহাৰ আৰু কলকাতাই গঙ্গাৰ পানী ইমান প্ৰদূষিত কৰিছে যে ‘The Ganga Action Plan’ এ গঙ্গাৰ পানীৰ প্ৰদূষণ ৰুধিব পৰা নাই। যমুনা নদীৰ ক্ষেত্ৰতো কথা একেটাই। একমাত্ৰ দিল্লীৰ শিল্প উদ্যোগ থকা অঞ্চলেই বহু লক্ষ টন আবর্জনা যমুনা নদীত পেলায়।

দামোদৰ নদীয়ে বোকাৰো তীখা কাৰখানা, ভাৰতীয় লোহা আৰু তীখা কোম্পানী, বেঙ্গল পেপাৰমিল, সিন্দ্ৰি সাৰ কাৰখানাৰ আৱৰ্জনা বহন কৰি প্ৰদূষিত হৈ পৰিছে। এইবোৰ বৰ ডাঙৰ কল-কাৰখানা আৰু এইবোৰে দেশৰ অৰ্থনীতিত প্ৰভূত বৰঙণি যোগাইছে যদিও এইবাৰে পৰিৱেশ পদূষণ কৰাতো অৰিহণা যোগাইছে আৰু নদীৰ জলধাৰা প্ৰদূষিত কৰিছে।

আমাৰ দেশৰ প্ৰদূষিত পানীৰ সৰু বৰ নদীৰ উদাহৰণ বিশেষ কৰিব নোৱাৰি। গৃহস্তৰ পেলনীয়া আৱৰ্জনাবোৰ পানী আৰু লগতে প্লাষ্টিকৰ মোনা, চাবন, চৌদা, কাপোৰ, কাগজ আদি সমুদায় বস্তু মিলি গৃহস্থৰ বহা ময়লাৰ সৃষ্টি হয় আৰু ই পানী প্ৰদূষণৰ এক প্ৰধান কাৰক।

প্রাকৃতিকভাৱে পানী প্ৰদূষিত হোৱাৰ কাৰণবোৰ হ’ল—

(ক) আগ্নেয়গিৰিৰ উদ্‌গীৰণৰ জৰিয়তে ভূ-গৰ্ভৰ ৰাসায়নিক দ্রব্যই পানী প্ৰদূষিত কৰে।

(খ) সূৰ্যৰ পোহৰ যথেষ্ট নাহোৱা অঞ্চলত শেলাইজাতীয় উদ্ভিদ সংখ্যা বৃদ্ধি হৈ কালক্ৰমত সূচনা কৰা ৰাসায়নিক বিক্রিয়ায়ো পানী প্ৰদূষিত কৰে।

(গ) জলজ উদ্ভিদৰ সংখ্যাধিক বিস্তাৰণে নিম্নভাগলৈ পোহৰ প্ৰৱেশ কৰাত বাধা জন্মায় আৰু ইয়াৰ পৰিণামস্বৰূপে ব্যাপক হাৰত জলজ উদ্ভিদ গেলি-পচি পানী প্ৰদূষিত কৰি তোলে।

প্রশ্ন ৮ঃ স্থল প্রদূষণ কিয় হয়? কাৰণসমূহ লিখা।

উত্তৰঃ প্রাকৃতিক কাৰক, মানুহৰ কু-কাৰ্য অর্থাৎ বনাঞ্চল ধ্বংস বিভিন্ন ৰাসায়নিক দ্রব্য ব্যৱহাৰ আদিৰ ফলত মাটিৰ স্বাভাৱিক গুণ নষ্ট হয়, তাকে স্থল প্ৰদূষণ বুলি কোৱা হয়। স্থল প্ৰদূষণৰ কাৰণবোৰ এনেধৰণৰ–

প্রাকৃতিক কাৰণঃ আগ্নেয়গিৰি, ভূমিস্খলন, বানপানী, ধুমুহা, শিলাবৃষ্টি আদি প্রাকৃতিক দুর্ঘটনাই মাটি প্ৰদূষণত ইন্ধন যোগায়। বিভিন্ন জাবৰ জোঁথৰ, আৱৰ্জনা আদি জমা কৰি থোৱা ঠাইবোৰ প্ৰদূষিত হয়। সেই ঠাইত অসংখ্য ৰোগৰ বীজাণুৱে মাটি বিষাক্ত কৰি তোলে আৰু শাক-পাচলিৰ খেতি নষ্ট কৰে।

প্রাকৃতিক কাৰণতকৈ মাটি প্ৰদূষণৰ বাবে মানুহেই মূলত দায়ী। সভ্যতাৰ ৰণুৱা ঘোঁৰাই বায়ু, পানীকেই যে অকল প্ৰদূষিত কৰিছে সেইটো নহয়, জীৱন্ত সম্পদ মাটিকো প্ৰদূষিত কৰিছে।

এডোখৰ মাটিত বছৰ বছৰ ধৰি কৃষিকাৰ্য চলাই অহাৰ ফলত অথবা শস্যাৱৰ্তন ব্যৱস্থাৰ অভাৱত মাটিৰ উৰ্বৰা শক্তি কমি যায়। অধিক উৎপাদনক্ষম উৰ্বৰ মাটিৰ সৃষ্টিৰ বাবে বিজ্ঞানৰ আৱিষ্কৃত নানাবিধ ৰাসায়নিক সাৰ মাটিত সিঁচি দিয়া হয়। কৃত্ৰিমভাৱে মাটি কিছু উৰ্বৰ হয় যদিও এই সাৰসমূহে মাটিৰ প্ৰাকৃতিক গুণ ব্যাহত কৰে। কাৰণ, সেইবোৰ ৰাসায়নিক সাৰে মাটিত থকা অণুজীৱবোৰ ধ্বংস কৰে। অণুজীৱ হ’ল, মাটিৰ জীৱন্তৰূপৰ স্ৰষ্টা। অণুজীৱৰ ধ্বংসই মাটিৰ উৰ্বৰতা ব্যাহত কৰি প্ৰদূষক পদার্থসমূহৰ গুণ অব্যাহত ৰাখে।

বিচাৰ বিবেচনাহীনভাৱে-নিৰ্বননিকৰণ, জনসংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা অপ্ৰাকৃতিক অৱস্থা, বতৰৰ পৰিৱৰ্তন আদি মাটি প্ৰদূষণৰ কাৰণ। 

মাটিৰ লগত মানুহৰ সম্পর্ক অকল কৃষিকাৰ্য, গছ-গছনিতে সীমাৱদ্ধ নহয়; বন্যপ্রাণী, বাসস্থান, স্থাপত্য, নগৰ-গাঁও উন্নয়নৰ লগতো মাটি প্ৰদূষিত হোৱা নোহোৱাৰ বহু সম্পর্কে জড়িত হৈ আছে। স্থলপ্ৰদূষণৰ ফলত মানুহ আৰু উদ্ভিদ সকলোৰে সমস্যা হয়। উদ্ভিদৰ প্ৰজাতি বিনষ্ট হয়, মানুহৰ বসতি স্থানৰ সমস্যা হয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে গাঁও অঞ্চল দ্ৰুত গতিত নগৰলৈ ৰূপান্তৰিত হৈ আহিব ধৰিছে।

শিল্পোদ্যোগ, কল-কাৰখানা আদি বৃদ্ধি হৈ আহিছে, কৃষিৰ বাবে পতিত মাটি আৰু পাতল বননি ভাঙি খেতিৰ উপযোগী মাটি উলিওৱা হৈছে, লগতে বিনষ্ট হৈছে স্থলভাগৰ প্ৰাকৃতিক পৰিবেশ। চহৰ আৰু শিল্পোদ্যোগৰ বাবে বৰ্জিত পদাৰ্থৰ পৰিমাণ বাঢ়ি গৈছে, ফলত পার্শ্বৱৰ্তী মাটি প্ৰদূষিত হৈছে। কলকাৰাখানাৰ বিষাক্ত বৰ্জিত পদাৰ্থইও মাটিৰ উপৰিভাগ বিষাক্ত কৰিছে। গছ-গছনিৰ বিলুপ্তিত প্ৰাকৃতিক ভাৰাসাম্য বিনষ্ট হৈছে।

কীটনাশক, অপতৃণনাশক আদিৰ বহুল প্রয়োগে মাটি মাৰাত্মকভাৱে প্ৰদূষিত কৰিছে।

পাৰমাণৱিক আৰু আণৱিক বিস্ফোৰণৰ ফলত মাটিৰ তেজষ্ক্ৰিয় প্ৰদূষণ হয়। তেজষ্ক্রিয় আইছ’টপসমূহ বছৰৰ পিছত বছৰ ধৰি ধ্বংস নোহোৱাকৈ মাটিত থাকি যায় আৰু তাৰপৰা হোৱা বিকিৰণে মানুহ আৰু জীৱজন্তুৰ বিপদ ঘটায়।

ৰাছিয়াৰ ইউক্ৰেনত থকা চেন”বিল পাৰমাণৱিক ৰিয়েক্টৰত দুর্ঘটনাবশতঃ ঘটা এটা বিস্ফোৰণত ৩১ জন লোকৰ মৃত্যু হৈছিল আৰু বহুতো ক্ষতি হৈছিল। ধাতৱ প্ৰদূষকবোৰ মাটিৰ লগত মিহলি হৈ থাকে আৰু এইবোৰে উদ্ভিদ আৰু প্ৰাণীৰ বিপদ ঘটায়।

প্রশ্ন ৯ঃ পেলনীয়া পদাৰ্থসমূহ কেনেদৰে শ্ৰেণীবিভাগ কৰা হৈছে লিখা।

উত্তৰঃ পেলনীয়া পদাৰ্থৰ বৈশিষ্ট্য আৰু পৰিমানৰ ওপৰত ভিত্তি কৰি তলত দিয়া শ্ৰেণীত ভাগ কৰা হৈছে।

(ক) নগৰ বা পৌৰ এলেকাৰ পেলনীয়া পদার্থ।

(খ) শিল্প উদ্যোগৰ পেলনীয়া পদার্থ।

(গ) কৃষি কাৰ্যৰ পেলনীয়া পদার্থ।

(ঘ) জৈৱ (অণুজীৱ), সম্বন্ধীয় প্ৰদূষণ।

(ঙ) তেজষ্ক্রিয় পদাৰ্থৰ পেলনীয়া অংশ।

(ক) নিগৰ বা পৌৰ এলেকাৰ পেলনীয়া পদার্থঃ নগৰ অঞ্চলত জসংখ্যা দিনকদিনে বাঢ়ি গৈছে আৰু মানুহবিলাকে অপৰিকল্পিতভাৱে ঘৰ সাজি লৈছে। বৰষুণৰ পানী যোৱাৰ বাবে নলা-নর্দমা নাই, নাই মুকলি ঠাই যাৰ ফলত মানুহবিলাকে নিত্য ব্যৱহৃত সামগ্ৰী য’তে-ত’তে পেলাই দিয়ে যাৰ ফলত বৰষুণ এজাক দিলে সেইবিলাক য’তে-ত’তে সিচৰিত হৈ মুখ কৰিব নোৱাৰা অৱস্থা হয়। পৌৰ নিগমৰ, জাবৰ পেলোৱা ডাষ্টবিনৰ সুব্যৱস্থা নাই। বর্তমান আটাইতকৈ ডাঙৰ সমস্যা হৈছে পলিথিনৰ কেৰী বেগ। এই পলিথিনৰ পচনক্ৰিয়া নাই। নলা, নর্দমা আদিত এইবোৰ পেলাই দিয়াৰ ফলত নালা নর্দমা বন্ধ হৈ যায় আৰু বানপানীৰ সৃষ্টি কৰে।

(খ) শিল্প উদ্যোগৰ পেলনীয়া পদাৰ্থঃ শিল্প উদ্যোগৰ পৰা নিৰ্গত হোৱা পেলনীয়া পানী আৰু অন্য পদাৰ্থবোৰেই মাটি প্ৰদূষিত কৰে। এই কল কাৰখানা সমূহৰ পৰা নিৰ্গত হোৱা ধেঁআৱা আৰু অন্যান্য পেলনীয়া পানী আৰু অন্য পদাৰ্থবিলাকে মাটি আৰু পানী প্ৰদূষণ ঘটাই জনজীৱন দুৰ্বহ কৰি তুলিছে।

(গ) কৃষি কাৰ্যৰ পেলনীয়া পদাৰ্থঃ ভাৰতবৰ্ষৰ জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে। ফলত অধিক খাদ্য শস্য উৎপাদন কৰিবৰ কাৰণে কৃষি কাৰ্যত বিভিন্ন পৰিষ্কাৰৰ ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰিব লাগে। এই ৰাসায়নিক দ্ৰব্যৰ ভিতৰত ৰাসায়নিক সাৰ, কীট পতঙ্গ নিয়ন্ত্ৰণৰ কাৰণে কীটনাশক ৰোগ নিবাৰণৰ বাবে ৰোগনাশিক আদি প্ৰধান। এই ৰাসায়নিক দ্রব্যবিলাকে মাটিৰ প্ৰাকৃতিক গুণাগুণ নষ্ট কৰে। 

জধে মধে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে সাৰৰ লগতে থকা মৌল আৰু মাটিত মৌলৰ লগত বিক্রিয়া ঘটি লৱণযুক্ত হয় আৰু অম্লতা বাঢ়ে। নাইট্ৰ’জেনযুক্ত সাৰৰ পৰা নাইট্রেট ৰূপত নাইট্ৰ’জেন মাটিৰ তলেদি নিৰ্ধাৰণ প্ৰক্ৰিয়াৰে বৰষুণে উটুৱাই নি বিল, পুখুৰী আদিত পেলায়। ফলত ই পানীৰ লগত মিহলি হৈ মাত্মক ৰোমাৰৰ সৃষ্টি কৰে।

(ঘ) জৈৱ সম্বন্ধীয় প্ৰদূষণঃ বিভিন্ন ৰোগৰ বীজাণু মাটিৰ যোগেদি শৰীৰত প্ৰৱেশ কৰি বিভিন্ন ৰোগৰ সৃষ্টি কৰে। পেলু আদি পৰজীৱীবোৰে মানুহ, অন্যান্য পোহনীয়া বা বনৰীয়া পশু-পক্ষীৰ মাটিৰ যোগেদি শৰীৰত প্ৰৱেশ কৰে। ৰোগাক্ৰান্তই ত্যাগ মল-মূত্ৰত এই বীজাণুবিলাক মাটিত বহুদিনলৈকে জীৱিত হোৱা শস্য বা ঘাঁহ, বন আদিত সংক্রমিত হয়।  শৌচাগাৰ থকা সত্ত্বেও বহুতো মানুহে পৰম্পৰাগত অভ্যাসৰ কাৰণে বাহনি, পথাৰ আদিত মল-মূত্র ত্যাগ কৰে। বৰষুণৰ পানীয়ে সেই মল উটুৱাই লৈ গৈ শস্যৰ পথাৰ আদিত বিয়পাই দিয়ে। পানী শুকাই যোৱাৰ পাছত সেই মলত থকা পেলুৰ কণী, অন্য বীজাণু আদি মাটি ৰৈ যায়।

প্রশ্ন ১০ঃ ভূমিকম্প কি? ইয়াৰ কাৰণসমূহ চমুকৈ লিখা। ভূমিকম্পৰ ফলাফলসমূহ চমুকৈ লিখা।

উত্তৰঃ ভূমিকম্প হ’ল পৃথিৱীৰ ভিতৰত এবিধ ডাঙৰ প্ৰাকৃতিক দুর্যোগ। পৃথিৱীৰ কোনো অংশ কোনো কাৰণত কপি উঠাকে ভূমিকম্প বুলি কোৱা হয়। ভূমিকম্পৰ প্রাবল্য ৰিখটাৰ (Richter) নামৰ স্কেলৰ সহায়ত জোখা হয়।

ভূমিকম্পৰ সময়ত বৃহৎ পৰিমাণৰ শক্তি ঢৌৰ আকাৰত পৃথিৱীপৃষ্ঠত মুক্ত হয় বাবেই কম্পনৰ সৃষ্টি হয়।

ভূমিকম্প হোৱাৰ কাৰণ বহুতো আছে। আধুনিক ভূবিজ্ঞানে ভূ-পৃষ্ঠৰ ‘ফলক বিৱৰ্তন’ পৰিঘটনাকে ভূমিকম্পৰ মুখ্য কাৰণ হিচাপে চিনাক্ত কৰিছে। পৃথিৱীৰ বিভিন্ন ভূখণ্ড আৰু জলখণ্ড কিছুমান বৃহৎ ফলকৰ (Plate) ওপৰত অৱস্থিত এই ফলকসমূহ ইয়াৰ তলতে থকা গলিত আৰু উচ্চ স্থিতিস্থাপকতা বিশিষ্ট স্তৰটোৰ ওপৰত (asthenosphere) ওপঙি থাকে আৰু গতিশীল অৱস্থাত থাকে। দুখন ফলকৰ মাজত হোৱা ঘৰ্ষণ আৰু সংঘৰ্ষৰ ফলত ভূমিকম্পৰ সৃষ্টি হয়। ভূমিকম্পৰ অন্যান্য কিছুমান কাৰণো আছে। সেইবিলাক হ’ল– আগ্নেয়গিৰি উদ্‌গীৰণ, সাগৰীয়া ঢৌৱে উপকূল অঞ্চলত খুনিদওৱাৰ ফলত, ভূ-খণ্ড তললৈ খহি পৰাৰ ফলত, দুর্বল ভূ-তাত্ত্বিক অঞ্চলত বৃহৎ নির্মাণ কায্য কৰাৰ কাৰণে।

ভূমিকম্পৰ ফলাফলসমূহঃ ভূমিকম্পৰ ফলত পৃথিৱীত বহুতো অনিষ্ট হয়। সহস্ৰজনৰ মৃত্যু হোৱাৰ লগতে বহুতো সা-সম্পত্তি ধ্বংস হয়। একোটা ভূমিকম্পই এটা অঞ্চলত অর্থনৈতিক আন্তঃগাঠনি ধ্বংস কৰি অর্থনৈতিক অস্থিৰতাৰ সৃষ্টি হয়।

প্রশ্ন ১১ঃ শব্দ প্ৰদূষণৰ বিষয়ে লিখা। কেইবিধমান শব্দ প্ৰদূষণৰ নাম লিখা।

উত্তৰঃ বিভিন্ন মাধ্যমৰ পৰা উদ্ভৱ হোৱা শব্দ তৰঙ্গৰ প্ৰাৱল্য অধিক হলে মানুহৰ শ্ৰৱণেন্দ্ৰিয়ত আঘাত কৰে, তেতিয়াই শব্দ প্ৰদূষণ হোৱা বুলি কোৱা হয়। শব্দ প্ৰদূষণ সৃষ্টি কৰা বিভিন্ন উৎসক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে।

(i) কল-কাৰখানাৰ যন্ত্ৰ-পাতি।

(ii) বিভিন্ন মাধ্যমত চলা যান-বাহনৰ ইঞ্জিন।

(iii) কৃত্রিম কোলাহল।

কল-কাৰখানাসমূহত ব্যৱহৃত যন্ত্রপাতিবোৰৰপৰা উচ্চ স্তৰৰ শব্দ কোলাহল উৎপন্ন হয়। সেয়েহে যন্ত্রপাতিৰ শব্দ প্ৰাৱল্য কম কৰাৰ বাবে চাইলেন্সাৰ জাতীয় সঁজুলি লগাব লাগে। মানুহৰ কাণে ১৮০ ডেচিবেললৈকে সহ্য কৰিব পাৰে। 

শব্দ প্ৰদূষণে মানুহৰ শ্ৰৱন শক্তি নষ্ট কৰাৰ উপৰিও উচ্চ ৰক্তচাপ, স্নায়বিক, দুর্বলতা, নিদ্রাহীনতা, হৃদৰোগ, মূৰ-ঘূৰণি আদি ৰোগৰ সৃষ্টি কৰে।

মেল-মিটিং, সভা আদিত লাউডস্পীকাৰ, টেপৰেকৰ্ডাৰ আদি বজাই মানুহে কোলাহল সৃষ্টি কৰে। হিলৈ, ফটকা আদি ফুটাই মানুহে উৎসৱ-পাৰ্বন আদিত শব্দ প্ৰদূষণ ঘটায়।

তদুপৰি বিভিন্ন যান-বাহন, পাৰমাণৱিক অস্ত্র-শস্ত্ৰৰ ব্যৱহাৰে পৰিৱেশৰ মূল উপাদান বায়ু, মাটি, পানী সমানে প্ৰদূষিত কৰিছে।

কেইবিধমান শব্দ প্ৰদূষকৰ নাম তলত দিয়া হ’ল—

(i) ছাইৰেন।

(ii) উৰাজাহাজ, ৰকেট, জেটবিমান।

(iii) বিজুলী ঢেৰেকণি।

(iv) কল কাৰখানা।

(v) গাড়ীৰ হৰ্ণ।

(vi) মটৰগাড়ী, ৰে’লগাড়ী আদি।

আধুনিক অস্ত্র-শস্ত্র, বোমা-বাৰুদ আৰু পাৰমাণৱিক বিস্ফোৰক সম্পৰ্ণৰূপে বন্ধ কৰিব নোৱাৰিলে পৃথিৱীৰ পৰিৱেশ, প্রাণী আৰু উদ্ভিদৰ বাবে বাসোপযোগী কৰি ৰখাটো অত্যন্ত কঠিন হ’ব।

চিত্ৰঃ গ্ৰীণ হাউচ এফেক্ট

গ্রীণ হাউছ এফেক্টত CO₂ গেছে উষ্ণতাৰ তাৰতম্যৰ ক্ষেত্ৰত শতকৰা ৫৫ ভাগ, ক্ল’ৰফ্ল’ৰ’ কার্বনে শতকৰা ২৫ ভাগ, মিথেনে শতকৰা ১৫ ভাগ আৰু নাইট্ৰাছ অক্সাইডে শতকৰা ৫ ভাগ প্ৰভাৱ পেলায়। অ’জন গেছৰ প্ৰভাৱ কিমান এতিয়ালৈকে ঠাৱৰ কৰিব পৰা নাই। সূৰ্যৰ পৰা বিকিৰিত হোৱা সৌৰশক্তি বায়ুমণ্ডলত প্ৰৱেশ কৰোতে শতকৰা ২৬ ভাগ মেঘ আৰু অন্যান্য পদাৰ্থ কণিকাৰ পৰা প্ৰতিফলিত হৈ সৌৰজগতলৈ ঘূৰি যায়। 

বায়ুমণ্ডলত থকা মেঘ, জলীয়ভাপ আৰু ক্ষুদ্ৰ পদাৰ্থ কণিকাই শতকৰা ১৯ ভাগ শক্তি শুহি লয়, শতকৰা চাৰি ভাগ ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত হৈ সৌৰজগতলৈ ঘূৰি যায়। বাকী প্রায় শতকৰা ৫১ ভাগ পৃথিৱী উষ্ম কৰাত, কুমেৰু মহাদেশৰ বৰফ গলোৱাত, সাগৰ-মহাসাগৰৰ পানী বাষ্পীভৱনত আৰু উদ্ভিদ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত খৰচ হয়। সূৰ্যৰ পৰা বিকিৰিত হোৱা অতি বেঙুনী ৰশ্মি সেউজগৃহত থকা গেছসমূহে শুহিলৈ পৃথিৱীৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি আছে। 

কিন্তু বর্তমান যুগত ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য আৰু কৃষিক্ষেত্ৰত প্ৰয়োগ কৰা ৰাসায়নিক সাৰ আদিৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ প্রায় শতকৰা ২৫ ভাগ বৃদ্ধি হৈছে। তেনেদৰে ক্ল’ৰ’ফ্ল’ৰ’ কাৰ্বন, মিথেন, নাইট্রাছ অক্সাইড আদি গেছৰ পৰিমাণো বৃদ্ধি হৈছে। ফলস্বৰূপে সেউজ গৃহ প্ৰভাৱত বিসঙ্গতিয়ে দেখা দিছে। সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। 

ইতিমধ্যে বায়ুমণ্ডলৰ গড় উষ্ণতা বৃদ্ধি হৈছে আৰু এনেদৰে উষ্ণতা বৃদ্ধি হৈ থাকিলে অহা পঞ্চাশ বছৰৰ ভিতৰত বায়ুমণ্ডলৰ গড় উষ্ণতা একৰ পৰা চাৰি ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বায়ুমণ্ডলৰ এনে উষ্ণতা বৃদ্ধিক ভূ-উষ্মীকৰণ (Global Warming) বা গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয়৷ গোলকীয় উষ্ণতাই পৰিস্থিতি তন্ত্ৰ অসন্তুলিত কৰি তুলিব। সেউজগৃহ প্ৰক্ৰিয়াৰ পৰিৱৰ্তনৰ ফলত কুমেৰু মহাদেশৰ বৰফ গলি পৃথিৱীত বতৰৰ আমূল পৰিৱৰ্তন ঘটাব। কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত পৰিস্থিতিতন্দ্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব।

প্রশ্ন ১২ঃ বায়ু প্ৰদূষণৰ প্ৰভাৱৰ বিষয়ে লিখা।

উত্তৰঃ (i) বায়ু প্ৰদূষণৰ প্ৰভাৱঃ গেছীয় প্ৰদূষণবোৰৰ ভিতৰত কার্বন-মন’ক্সাইডে মানুহৰ স্নায়ুতন্ত্র, হৃদপিণ্ড আৰু হাঁওফাওঁৰ জটিলতাৰ সৃষ্টি কৰে। তেজৰ হিম’গ্লবিনৰ সৈতে CO যুক্ত হৈ কার্বক্সি-হিম’গ্লবিন উৎপন্ন কৰে। এই পদার্থবিধে লোহিত ৰক্তকণিকাৰ (RBC) অক্সিজেন বহন কৰা ক্ষমতা কমাই দিয়ে। SO2 গেছ পানীত দ্ৰৱীভূত হয় আৰু ই কোমল পেশীত সোমাই পৰি মুখ শুকাই তোলে; ডিঙিত খচ্খচনি তোলে আৰু চকু জলজলীয়া কৰে। নাইট্ৰ’জেনৰ অক্সাইডে চকু আৰু নাকৰ খচ্খচনি তোলে। কণিকা জাতীয় প্ৰদূষক কিছুমানে নাকৰ ভিতৰৰ নোমত আৱদ্ধ হৈ পৰি কাহ সৃষ্টি কৰে।

(ii) জীৱ-জন্তুৰ ওপৰত প্ৰভাৱঃ ঔদ্যোগিক অঞ্চলৰ কাষৰীয়া ঠাইবোৰত থকা ঘৰচীয়া জন্তু, হাঁহ, কুকুৰা আদি প্ৰদূষকৰ দ্বাৰা ক্ষতিগ্রস্ত হয়। বিশেষকৈ ফ্ল’ৰাইড যৌগৰ দ্বাৰা সৃষ্টি হোৱা প্ৰদূষকে হাঁহ, কুকুৰাৰ হাড়বোৰ নষ্ট কৰি সিহঁতৰ ক্ষতিসাধন কৰে।

(iii) পদার্থ বস্তুৰ ওপৰত প্ৰভাৱঃ ছালফাৰ আৰু নাইট্ৰ’জেনৰ অক্সাইডৰ পৰা সৃষ্টি হোৱা এছিড বৰষুণে ধাতু আৰু অট্টালিকাসমূহৰ ক্ষতিসাধন কৰে। H₂S গেছে ছিলভাৰ আৰু লেডৰ দ্বাৰা সৃষ্টি কৰা পেইণ্ট নষ্ট কৰে। অ’জনে ৰবৰৰ দ্বাৰা প্ৰস্তুত কৰা পদাৰ্থবোৰ জাৰিত কৰি নষ্ট কৰে।

(iv) খাদ্য শস্যৰ ওপৰত প্ৰভাৱঃ বায়ু প্ৰদূষকবোৰে খাদ্য শস্যও নষ্ট কৰে। নাইট্ৰ’জেনৰ অক্সাইড আৰু ফ্ল’ৰাইড যৌগসমূহে শস্যৰ উৎপাদন হ্রাস কৰে। ফ্ল’ৰাইডে পাতৰ ক্ষতিসাধন কৰে; মিথেনৰ দৰে হাইড্ৰ’কার্বনে পাতবোৰ অকালতে সৰাই দিয়ে। ফুল আৰু কলিবোৰৰ ক্ষতি সাধন কৰে।

প্রশ্ন ১৩ঃ বায়ুপ্ৰদূষণৰ মূল উৎসসমূহ আৰু ইয়াৰ নিয়ন্ত্ৰণৰ উপায়।

উত্তৰঃ বায়ুত প্ৰদূষকদ্রব্য এৰি দিলে বায়ুপ্ৰদূষিত হৈ পৰে। বায়ু প্ৰদূষণে অকল হুহকে নহয়, গছ-বিৰিখ, শস্যৰ পথাৰ, ঘৰবাৰী আৰু মানুহে সজা আন বস্তুকো প্ৰভাৱান্বিত কৰে। বায়ু প্ৰদূষণৰ মূল উৎসবোৰ হ’ল-মটৰ গাড়ী আদিৰ পৰা ওলোৱা ধোঁৱা, শিল্পৰ নিৰ্গত ধোঁৱা, ময়লা, চলভেণ্ট নামৰ পদাৰ্থ আৰু ৰেডিওএক্টিভ বিকিৰণ। মটৰগাড়ী আৰু শিল্পবোৰে এৰি দিয়া প্রধান বায়ু প্ৰদূষকবোৰ হ’ল।

(ক) কয়লা আৰু খনিজ তেল আদি চালফাৰ যুক্ত বস্তুবোৰ পোৰাৰ ফলত চালফাৰ ডাই অক্সাইড্ উৎপন্ন হয়। চালফাৰ-ডাই-অক্সাইড উৎপন্ন কৰা প্ৰধান উৎসবোৰ হ’ল, বিজুলি শক্তি উৎপাদন কেন্দ্ৰবোৰ, তাপৰ সৃষ্টি কৰা চুলাবোৰ আৰু গোবৰ গেছ আদি তৈয়াৰ কৰা কেন্দ্ৰবোৰ। চালফাৰ-ডাই-অক্সাইডে প্ৰস্ৰাৱ প্ৰণালী আক্ৰমণ কৰি হাওঁ ফাওঁ ক্ষতিগ্ৰহস্ত কৰে। ই গছ গছনিৰো প্ৰভূত ক্ষতি কৰে। পকীঘৰ আৰু আন বস্তুকো ই আক্রমণ কৰি প্ৰদূষিত কৰে।

(খ) যানবাহন চলোৱা ইঞ্জিনৰ ভিতৰত, কল কাৰখানাত ব্যৱহাৰ কৰা বইলাৰ আৰু বিজুলী উৎপাদন কেন্দ্ৰবোৰত বৰ বেছি উত্তাপত ইন্ধন জ্বলালে নাইট্রজেন অক্সাইড সৃষ্টি হয়।

(গ) মটৰগাড়ী আদি বিজুলি উৎপাদন কেন্দ্ৰ আৰু কল কাৰখানাত পোৰা ইন্ধন আৰু কৃষিকমৰ্ম্মৰ উত্যক্ত আৱৰ্জনা আদি জ্বলোৱাৰ ফলত হাইড্রোকার্বনৰ সৃষ্টি হয়। হাইড্রোকার্বন আৰু নাইট্ৰজেন অক্সাইড লগ হৈ স্মগৰ সৃষ্টি হয়। ১৯৫২ চনত লণ্ডণ মহানগৰত হোৱা স্মগ দুৰ্ঘটনাত ৩৫০০ ৰ পৰা ৪০০০ লোকৰ মৃত্যু হৈছিল।

 ১৯০৯, ১৯৬৩ চনত স্মগৰ বাবে গ্লাচগো চহৰত বহুত মানুহ মৰিছিল। ১৯৩০ চনত বেলজিয়ামত আৰু ১৯৪৫-৪৬ চনত জাপানত আৰু আন ভালেমান চহৰত একেধৰণৰ মৃত্যু হৈছিল। স্মগত থকা বস্তুবোৰ শ্বাস-প্রশ্বাস আৰু কলিজাৰ বেমাৰৰ সৃষ্টি কৰে। স্বাসনলী সম্পৰ্কীয় বেমাৰো স্মগৰ বাবে হয়। ই প্রাণী আৰু গছ উভয়কে আক্রমণ কৰে। স্মগৰ এক প্ৰকাৰৰ মৃত্যুদূত বুলিব পাৰি।

(ঘ) কার্বন মনোক্সাইডঃ ইন্ধনত থকা কার্বন সম্পূর্ণ ৰূপে দহন নোহোৱাৰ ফলত মটৰ ইঞ্জিন আদিয়ে কার্বন মনোঅক্সাইড গেছ নির্গত কৰে। এই গেছ শ্বাস প্ৰশ্বাসত ভিতৰলৈ নিলে, তেজৰ অক্সিজেন আহৰণ কৰা ক্ষমতাত বাধাপ্রাপ্ত হয়। ই টোপনি ভাবৰ উদ্রেক কৰে। বেছি পৰিমাণত কাৰ্ব মনো অক্সাইড গ্রহণ কৰিলে মৃত্যু হ’ব পাৰে আৰু কম পৰিমাণত গ্ৰহণ কৰিলে ই শ্বাস-প্রশ্বাসৰ সমস্যাৰ সৃষ্টি কৰে। সুসম পৰিমাণত থাকিলে ই উপকাৰী গেছ।

(ঙ) পার্টি কুলেত বা বায়ুত ওপঙি থকা কনিকাবোৰ গোট নাইবা পনীয়া উভয় বিধ বস্তুৰে হ’ব পাৰে। সেইবোৰৰ ভিতৰত ধূলিকণাবোৰ, কুৱলি, ধোঁৱা চাই আদি থাকে আৰু কল কাৰখানাৰ নলীৰে সেইবোৰ নিৰ্গতহৈ থকা দেখ যায়। এই ধূলিকণাবোৰে সূৰ্যৰ ৰশ্মি মাটিত পৰাত বাধা দিয়ে আৰু গছ-গছনিৰ ক্ষতি কৰে। উসাহ-নিসাহৰ লগত দেহৰ প্ৰৱেশ কৰি ই শ্বাস প্রশ্বাসৰ সমস্যাৰ সৃষ্টি কৰে।

দ্রুত শিল্পায়নে বায়ু অধিক পৰিমাণে প্ৰদূষিত কৰিছে। চিমেণ্ট, লো আৰু তীখা, ফাৰটিলাইজাৰ, পেট্রক্যাসিকেল আদি কাৰখানাবোৰৰ বাবে প্ৰদূষক নির্গত নোহোৱাৰকৈ ৰখাটো তেনেই কঠিন কাম। চিমেণ্ট কাৰখানাৰ ওচৰত বসবাস, কৰা লোকসকল শ্বাস প্রশ্বাসৰ ৰোগত ভূগিবলৈ বাধ্য। ইয়াৰ কাৰণ প্ৰদূষিত হয়। বায়ু প্ৰদূষণৰ আন দুটা উৎস হ’ল চলভেল্ট আৰু ৰেডিও এ কটিভিটি। তলভেণ্টৰ ব্যৱহাৰে দিনক দিনে ক্রমশঃ বাঢ়ি আহিছে। ৰং, স্প্রে, পলিচ কৰা আদিৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। এই বস্তুবোৰ বতাহত বহুকাললৈ ও পঙি থাকে আৰু এইবোৰ মানুহৰ বাবে ক্ষতিকৰ। কীটনাশক দ্ৰব্যবোৰে গ্ৰামাঞ্চলত বায়ু প্ৰদূষিত কৰে।

বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ গোটেই বিশ্বতে প্ৰচেষ্টা চলাই থকা হৈছে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ সন্তোষজনক উন্নতি লভিব পৰা নাই।

এই ক্ষেত্ৰত ল’বলগীয়া কেইটামান ব্যৱস্থা হ’ল—

(ক) নির্গমনমৰ মাত্ৰা কমাই ৰাখিবলৈ মটৰগাড়ীৰ ইঞ্জিনবোৰ নতুন আৰ্হিত সাজিব লাগে।

(খ) কাৰিকৰী দিশৰ উপৰিও ব্যক্তিগত দিশতো তলত উল্লেখ কৰা ব্যৱস্থাবোৰ লোৱা উচিত।

(i) যান-বাহনবোৰৰ নিয়মীয়া পৰীক্ষণ আৰু চাফ চিকুণকৰণ।

(ii) ফিল্টাৰৰ ব্যৱহাৰ।

(iii) পুৰণি ইঞ্জিন আৰু ইঞ্জিনৰ অংশবোৰ সলাই নতুন লগোৱা।

(iv) ইঞ্জিনবোৰ ভালদৰে টিউনিং কৰা।

(গ) শিল্পবোৰ মানুহৰ বসতিস্থলৰ পৰা নিৰাপদ দূৰত্বত স্থাপন কৰা।

(ঘ) খৰি, কয়লা আদি পৰম্পৰাগত ইন্ধনৰ সলনি কম ধোঁৱা ওলোৱা ইন্ধন ব্যৱহাৰ আৰু বনজুই নিয়ন্ত্ৰণ কৰা।

(ঙ) প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থা নকৰালৈকে শিল্প, কল-কাৰখানাক উৎপাদনৰ অনুমতি দিব নালাগে।

(চ) ধোঁৱা যোৱা চিমনিবোৰ ওখ কৰা আৰু ধূলিকণা আদি সৰকি যাব নোৱাৰাকৈ চেকনি লগাই দিয়া।

(ছ) হাবিৰ আবৰণ মাটিৰ মুঠ ৩৩ শতাংশ সংৰক্ষণ। ইয়াৰ উদ্দেশ্য হ’ল যে হাবিৰ আবৰণে প্ৰদূষণ ৰুধিব পাৰে। বৃক্ষৰোপন আৰু বনানীকৰণ সামাজিক আৰু চৰকাৰী ভাবে ল’ব লাগে। এনে কৰিলে পৰিৱেশৰ লসমতা ৰক্ষাতো সহায়ক হ’ব।

(জ) চহৰ আৰু গাঁওবোৰৰ চাৰিওফালে সেউজীয়া অঞ্চলৰ সংৰক্ষণ। শিল্পবোৰৰ চাৰিওফালেও একেধৰণৰ সেউজীয়া অঞ্চলৰ সৃষ্টি কৰা।

(ঝ) কয়লা আৰু বাস্পচালিত ইঞ্জিনৰ সলনি ৰেলগাড়ীৰ বিজুলী শক্তি চালিত ইঞ্জিনৰ প্ৰয়োগ।

(ঞ) মটৰ গাড়ী আৰু শিল্পৰ প্ৰদূষম নিয়ন্ত্ৰণ কৰিবলৈ কঢ়া আইনৰ প্ৰচলন আৰু প্ৰয়োগ।

প্রশ্ন ১৪ঃ পানীৰ উপকাৰিতাসমূহ লিখা।

উত্তৰঃ পানীৰ উপকাৰিতাসমূহ হ’ল—

(i) জীৱন-ধাৰণৰ বাবে পানীৰ আৱশ্যক।

(ii) পানীয়ে গছ-গছনিৰ বিকাশ সাধ কৰি প্ৰাণীৰ আহাৰৰ যোগান ধৰে।

(iii) পানীয়ে গোটা, জুলীয়া আৰু গেচীয় অৱস্থা ধাৰণ কৰাৰ বাবে পৰিৱেশীয় ভাৰসাম্য আৰু জলচক্ৰ বা বতৰচক্ৰ ৰক্ষা কৰে।

(iv) পানীৰ কাৰণে মীম পালন বা আন জলজ সম্পদ পৰিচালনা সম্ভৱ হৈছে।

(v) বোৱতী পানীয়ে পৰিঃশ পৰিষ্কাৰ কৰাত সহায় কৰে। ইয়াৰ উপৰিও জল পৰিবহন আৰু পৰ্যটন উদ্যোগৰ বিকাশ।

(vi) বোৱতী পানীত বান্ধ দি জলসিঞ্চন আৰু বিদ্যুৎ শক্তিৰ উৎপাদন কভি পাৰি।

পানী এটা মূল্যবান প্রাকৃতিক সম্পদ। প্রত্যেকটো জীৱৰ দেহত 65-76% পানীয়েই থাকে ৷ পৃথিৱীৰ পানী অনায়াহে পোৱা যায় যদিও ইয়াৰ 97% অংশ সাগৰত লুণীয়া পানী হিচাপে থকাৰ বাবে ব্যৱহাৰৰ অনুপযোগী। বাকী 3% অংশক সতেজ পানী হিচাপে পোৱা যায়। এই কম পৰিমাণৰ পানীৰ এটা বুজন পৰিমাণ পৃথিৱীৰ মেৰু অঞ্চলত বৰফ হিচাপে থাকে। কেৱল 0.003% পানীহে ভূমিজল আৰু পৃষ্ঠজল হিচাপে ব্যৱহাৰ কৰিব পৰা পানী থাকে। 

সাধাৰণতে’নদীৰ পাৰতেই প্রাচীন সভ্যতাৰ বিকাশ হোৱা দেখা যায়। কিন্তু এনে নদীতেই অৱশেষ বিলাক পেলাবলৈ লোৱাত এই পানী কলুসিত (Polluted) হৈছে।

জনসংখ্যা বৃদ্ধিৰ লগে লগে সতেজ পানীৰ ওপৰত সাংঘাতিক চাপ পৰিছে। 2004 চনত পৃথিৱীৰ দুই-তৃতীয়াংশ জনসংখ্যাৰ খোৱা পানীৰ অভাৱত ভূগিব লাগিব। উন্নত দেশবিলাকৰ প্ৰতিটো পৰিয়ালে উন্নয়নশীল দেশতকৈ বহুগুণে বেছি সতেজ পানী ব্যৱহাৰ কৰে।

প্রশ্ন ১৫ঃ গোলকীয় উষ্ণায়ন (গ্ল’বেল ৱামিং) বুলিলে কি বুজা? গোলকীয় উষ্ণায়নৰ কেইটামান পৰিণতিৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ গোলকীয় উষ্ণায়ন বা উষ্ণতা বৃদ্ধিঃ সেউজ গৃহ প্ৰভাৱৰ বাবে, ভূ-পৃষ্ঠৰ গড় উষ্ণতা প্রায় ১৫° ছেণ্টিগ্ৰেড হৈ আছে আৰু এই উষ্ণতাত পৃথিৱীখন বিভিন্ন ধৰণৰ জীৱৰ বাবে অনুকূল। কিন্তু যদিহে সেউজ গৃহ গেছসমূহে এই কাম নকৰে তেন্তে পৃথিৱীৰ অধিক পৰিমাণৰ তাপ পুনৰ আঁতৰি যাব। ইয়াৰ ফলত পৃথিৱীখন শীতল হৈ পৰিব আৰু ইয়াৰ পৰিৱেশ হৈ পৰিব জীৱ জীয়াই থাকিব নোৱাৰা। বায়ুমণ্ডলত থকা সেউজ গৃহ গেছসমূহে আমাৰ গ্ৰহটোক উষ্ণ কৰি ৰখা বাবে ইয়াত মানুহ আৰু অন্যান্য জীৱসমূহে বৰ্ত্তি থাকিব পাৰিছে। 

কিন্তু মানুহৰ কাৰ্যকলাপৰ লগতে বিভিন্ন প্রাকৃতিক কাৰণত যোৱা দশককেইটাত সেউজ গৃহ গেছৰ গাঢ়তা বৃদ্ধি পাইছে। বিজ্ঞানীসকলে নির্ণয় কৰিছে যে যোৱা শতিকাৰ প্ৰথম ভাগৰ পৰা এতিয়ালৈকে পৃথিৱীৰ গঢ় উষ্ণতা ০.৩ – ০.৬২ ছেণ্টিগ্রেড বৃদ্ধি পাইছে। ১৫০ বছৰ পূৰ্বে আৰম্ভ হোৱা ঔদ্যোগিক বিপ্লৱৰ পৰা মানুহৰ বিভিন্ন কার্যকলাপে বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে। ১৭৫০ আৰু ২০০০ চনৰ ভিতৰত কাৰ্বন ডাই-অক্সাইড, মিথেন আৰু নাইট্ৰাছ অক্সাইডৰ বায়ুমণ্ডলীয় গাঢ়তা যথাক্রমে ৩১%, ১৭১% আৰু ১৭% বৃদ্ধি পাইছে (আই পি চি চি, ২০০১)। সেউজ গৃহ গেছসমূহে এখন আৱৰণীৰ সৃষ্টি কৰি উষ্ণতা বৃদ্ধি কৰা এই পৰিঘটনাটোকেই বোলা হৈছে গোলকীয় উষ্ণায়ন বা উষ্ণতা বৃদ্ধি।

ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধি বৰ্তমান সমগ্ৰ মানৱজাতিৰ বাবেই প্ৰত্যাহ্বান হিচাপে পৰিগণতি হৈছে। ইয়াৰ প্ৰধান ফলাফলসমূহ—

(i) ভূ-পৃষ্ঠৰ গড় উষ্ণতা 15 ডিগ্ৰী ছেণ্টিগ্রেড উষ্ণ হৈ থাকে। এই উষ্ণতা জীৱজগতৰ বাবে অনকূল।

(ii) জলবায়ুৰ পৰিৱৰ্তন হ’ব। ইয়াৰ ফলত ঠায়ে ঠায়ে বৃষ্টিপাত আৰু তুষাৰপাত অনিয়মীয়া হ’ব। ইয়াৰ উপৰিও বানপানী হৈ কৃষিবিত্তিৰ অৰ্থনীতিৰ দুৰ্বল হ’ব।

(iii) গৱেষণাৰ পৰা দেখা গৈছে যে মেৰু অঞ্চলত প্ৰভাৱ বেছিকৈ পৰি ইয়াৰ বৰফবোৰ গলিব (অহা ৩০ ৰ পৰা ৪০ বছৰৰ ভিতৰত)। ইয়াৰ ফলত নিম্নভূমি দেশবোৰ জলমগ্ন হ’ব। সাগৰীয় পানী বিয়পি পৰি আন পানীৰ উৎসবোৰ নিমখীয়া হ’ব।

(iv) সাগৰীয়া উপকূলীয় অঞ্চলৰ প্ৰকৃতিৰ পৰিৱৰ্তন হ’ব।

(v) উষ্ণতা আৰু জলবায়ুৰ পৰিৱৰ্তনে পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বিনষ্ট হ’ব। লগে লগে জৈৱ-বৈচিত্ৰতাৰ ভাবুকি হ’ব।

(vi) সাগৰপৃষ্ঠৰ উষ্ণতা বৃদ্ধিৰ বাবে বা-মাৰলি, ঘূর্ণিবতাহ আদি সঘনাই হ’ব।

(vii) মানৱ স্বাস্থ্যৰ অৱনতি ঘটিব। উষ্ণ পৰিৱেশত বহুতো বীজাণুৱে বংশবৃদ্ধি খৰতকীয়া হ’ব আৰু নতুন নতুন ৰোগৰ বৃদ্ধি হ’ব।

প্রশ্ন ১৬ঃ গোট আৱৰ্জনা পৰিবেশগত প্ৰভাৱ সম্পর্কে আলোচনা কৰা।

উত্তৰঃ গোটা আৱৰ্জনা পৰিৱেশগত প্রভাৱসমূহ হ’ল–

(i) জাৱৰ পেলোৱা ঠাইখিনি দূষিত হৈ পৰে, যি ঠাইত বেমাৰৰ বীজাণু কঢ়িওৱা এন্দুৰ-নিগনি আৰু মাখিয়ে বংশবৃদ্ধি কৰে।

(ii) অনুজীৱৰ জৰিয়তে গোটা আৱৰ্জনাৰ পচন হোৱা বাবে চাৰিওফালৰ ঠাইখিনিত মিথেন গেছ নির্গত হয়।

(iii) গোটা জাৱৰৰ পৰা ওলোৱা বা তাৰ মাজেৰে বৈ অহা গেলা পানীখিনি মূৰকত মাটি, মুকলি উৎসৰ পানী আৰু ভূ-গৰ্ভৰ পানীত মিহলি হয়।

(iv) গোটা আৱৰ্জনাত বিভিন্ন ধৰণৰ সামগ্ৰী মিহলি হৈ থাকে আৰু এইবোৰক কোনো পৰ্যায়ত পৃথক কৰা নহয়। এই আৱৰ্জনাৰ মাজত উদ্যোগ, চিকিৎসালয়, নাছিং হোম, ঘৰুৱা কাম-কাজ আদিৰ পৰা সৃষ্টি হোৱা বিভিন্ন ধৰণৰ বৰ্জিত পদার্থ থাকে।

(v) আৱৰ্জনাৰ দ’মৰ পৰা বৈ অহা লেতেৰা পানীত বিভিন্ন ধৰণৰ ৰাসায়নিক দ্রব্য মিহলি হৈ থাকে আৰু এইসমূহে ভূ-গৰ্ভৰ পানী প্ৰদূষিত কৰে।

(vi) জাৱৰ পেলোৱা ঠাইখিনিৰ মাটিৰ ওপৰিভাগত পকী নোহোৱা বাবে বা আন কোনো আৱৰণী নথকা বাবে লেতেৰা পানী মাটিৰ তললৈ প্ৰৱেশ কৰি সমস্যা বৃদ্ধি কৰে।

(vii) আৱৰ্জনা জমা কৰা ঠাইখনৰ ওপচৰ বসবাস কৰা লোকসকলৰ স্বাস্থ্যৰ ক্ষতি হোৱাটো অৱধাৰিত, ইয়াক এৰাই চলিব নোৱাৰে।

(viii) বৰ্ত্তমান প্ৰত্যেকৰে ঘৰে ঘৰে গৈ আৱৰ্জনা সংগ্ৰহ কৰি অনাটো সময়ৰ অপচয় আৰু ইয়াৰ বাবে আৱৰ্জনা সংগ্ৰহৰ খৰচ বাঢ়ে।

(ix) ট্ৰেক্টৰ বা ট্ৰাকতদ মুকলিকৈ আৱৰ্জনা কঢ়িয়াই নিয়াটো অস্বাস্থ্যকৰ আৰু ই চহৰৰ নান্দনিক সৌন্দর্যও নষ্ট কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top